অসমীয়া সাহিত্য
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| অসমীয়া সাহিত্য | |
|---|---|
চৰ্যাপদ পুথি শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা | |
| অসমীয়া সাহিত্য (শ্ৰেণী: সাহিত্য) অসমীয়া ভাষা | |
| সাহিত্যৰ ইতিহাস | |
| অসমীয়া সাহিত্যৰ ইতিহাস | |
| অসমীয়া সাহিত্যিকসকলৰ তালিকা | |
| কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা | |
| অসমীয়া সাহিত্যিক | |
| ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ | |
| সাহিত্যধাৰা | |
| প্ৰাচীন আৰু মধ্যযুগীয় চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য আধুনিক যুগৰ সাহিত্য উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান | |
| প্ৰতিষ্ঠান আৰু পুৰস্কাৰ | |
| ভাষা শিক্ষায়ন সাহিত্য পুৰস্কাৰ | |
| সম্পৰ্কীয় প্ৰবেশদ্বাৰ সাহিত্য প্ৰবেশদ্বাৰ অসম প্ৰবেশদ্বাৰ | |
অসমীয়া সাহিত্য বুলি ক’লে অসমীয়া ভাষাত ৰচনা কৰা সাহিত্যৰাজিখিনিক বুজা যায়। প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাবিশেষে ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। সেয়েহে অসমীয়া ভাষা আৰ্যভাষা সম্ভূত বুলি অধ্যাপক সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে।[1] অৱশ্যে শৰ্মাই অসমীয়া ভাষাত তিৰ্বতবৰ্মী আৰু অষ্ট্ৰিক ভাষাৰ কিছু প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰিছে।
অসমীয়া ভাষা প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰপৰাই ক্ৰমবিৱৰ্তনৰ মাজেৰে আহি খ্ৰীষ্টিয় দশম-একাদশ শতিকামানতহে স্বকীয় ৰূপ ল'বলৈ আৰম্ভ কৰে। অসমীয়া ভাষা মূলতঃ আৰ্য ভাষাৰপৰা উদ্ভৱ হ'লেও, অসমীয়া ভাষাৰ গঠনকালত বিভিন্ন থলুৱা (আৰ্যভিন্ন) ভাষাৰ প্ৰভাৱ পৰিছে। আৰ্যভিন্ন ভাষাৰ প্ৰভাৱে অসমীয়া ভাষাক সুকীয়া গঢ় দিয়াত সহায় কৰিছে। সেয়েহে চীনা পৰিব্ৰাজক হিউয়েন চাঙে প্ৰাচীন কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ বুলি মন্তব্য কৰিছিল। হিউয়েন চাং ৬৪৩ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰবৰ্মাৰ ৰাজত্ব কালত কামৰূপলৈ আহিছিল। গতিকে সপ্তম শতিকাতেই অসমীয়া ভাষাই এটা সুকীয়া তথা নিজা গঢ় লৈছিল বুলি ধাৰণা কৰিব পাৰি।[2]
সেইদৰে প্ৰাচীন কামৰূপত কথিত ‘কামৰূপী প্ৰাকৃত’ আৰু অপভ্ৰংশৰ মাজেৰেও অসমীয়া ভাষাৰ বিকাশ হৈছে বুলি আন এটি মতবাদ আছে। (পৃ.-৩)[1] মাগধী প্ৰাকৃতৰ প্ৰাচ্য অপভ্ৰংশৰপৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলিও আন এটি মতবাদ আছে। (পৃ.-৭)[1]
এই সন্দৰ্ভত ভাষাতত্ত্ববিদ ৰমেশ পাঠকে লিখিছে এনেদৰে- পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ হিন্দু ৰজাসকলে লিখা তামৰ ফলি কিছুমানত অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শনস্বৰূপ শব্দ কিছুমান পোৱা যায় যদিও দশম-একাদশ শতিকামানৰপৰাহে মূলতঃ অসমীয়া ভাষাত সৃষ্ট সাহিত্যৰাজিৰ প্ৰমাণ পোৱা যায়।[3] তাৰ পূৰ্বে অসমত যিবোৰ সাহিত্য পোৱা যায়, তাৰ ভাষা আছিল সংস্কৃত। (পৃ.-২)[1] খ্ৰীষ্টীয় সপ্তম শতিকামানৰপৰাই অসমীয়া ভাষাই স্বকীয়তা লাভ কৰাৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰাৰ সন্দৰ্ভত প্ৰসিদ্ধ পৰিব্ৰাজক হিউৱেন চাঙৰ এটি মন্তব্য উল্লেখযোগ্য। ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত প্ৰসিদ্ধ চীন পৰিব্ৰাজক হিউৱেন ছাঙে কামৰূপ অঞ্চল ভ্ৰমণ কৰি এই অঞ্চলৰ ভাষা বিষয়ত এটি টোকা লিখিছে এনেদৰে— ‘কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাতকৈ কিছু পৃথক আছিল। ’(পৃ.৮)[1]
অসমীয়া সাহিত্যৰ পটভূমি সাহিত্যক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰপৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে-
- চৰ্যাপদ
- প্ৰাক্ বৈষ্ণৱ সাহিত্য
- বৈষ্ণৱ সাহিত্য
- পাঁচালী সাহিত্য
- চৰিত পুথি আৰু বংশাৱলী
- বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য
- আধুনিক অসমীয়া সাহিত্য
অসমীয়া সাহিত্যৰ পটভূমি
[সম্পাদনা কৰক]অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দশন চৰ্যাপদবোৰত পোৱা যায়। চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে। চৰ্যাপদবোৰ অষ্টম শতিকাৰপৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে।[4]
প্ৰাক শঙ্কৰী যুগ
[সম্পাদনা কৰক]প্ৰাক শংকৰী যুগ বুলিলে শঙ্কৰদেৱৰ জন্মৰ আগৰ সময়ছোৱাক বুজা যায়। সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজন অনুসৰি এই যুগৰ সময়সীমা হৈছে-১৩০০-১৪৯০। এই সময়ছোৱাত সাহিত্য ৰচনা কৰা লেখকসকলৰ ভিতৰত হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলী
অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ১৪শ শতিকাত ৰচিত হেম সৰস্বতী 'প্ৰহ্লাদ চৰিত' পুথিৰ জৰিয়তে। তেওঁ ‘হৰ-গৌৰী সংবাদ’ নামৰ এখন পুথিও ৰচনা কৰে। তেওঁৰ পিতৃৰ নাম ৰুদ্ৰসৰস্বতী। তেওঁ দুৰ্লভানাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
কবিৰত্ন সৰস্বতীয়ে ৰচনা কৰে মহাভাৰতৰ দ্ৰোণপৰ্বৰ জয়দ্ৰথ বধৰ কাহিনীটো কাব্য আকাৰে বৰ্ণনা কৰিছে। তেওঁ দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
ৰুদ্ৰ কন্দলীয়ে মহাভাৰতৰ 'দ্ৰোণ পৰ্ব'ৰ অন্তৰ্গত জয়দ্ৰথ বধ নামৰ উপপৰ্বৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধযাত্ৰা আৰু বীৰত্বব্যঞ্জক বৰ্ণনাখিনি অনুবাদ কৰে। তেওঁ তাম্ৰধ্বজৰ ৰাজপৃষ্ঠপোষকতা লাভ কৰিছিল।
হৰিবৰ বিপ্ৰই দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছে। তেওঁৰ নামত দুখন পুথি পোৱা গৈছে। দুয়োখন কাব্য জৈমিনিয় অশ্বমেধিক পৰ্বত থকা আখ্যান অনুবাদ। এখনৰ নাম হ’ল ‘ব্ৰবুবাহনৰ যুদ্ধ’ আৰু আনখনৰ নাম ‘লৱ-কুশৰ যুদ্ধ’।
১৪শ শতিকাৰ শ্ৰেষ্ঠ কবি বুলি খ্যাত মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ণ। মাধৱ কন্দলী মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। 'উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাত ৰচিত ৰামায়ণৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণেই প্ৰাচীনতম। মাধৱ কন্দলীৰ ৰামায়ণ ৰচনাৰ প্ৰায় এশ ডেৰশ বছৰৰ পাছতহে হিন্দী, বঙালী, উৰীয়া আদি ভাষালৈ ৰামায়ণ অনূদিত হয়। [5]
১৫শ শতিকাত সৃষ্টি হয় দুৰ্গাবৰৰ 'গীতি ৰামায়ণ', একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰপৰা যথেষ্টসংখ্যক গীত অনুবাদ কৰে। এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে।
শংকৰী যুগ বা বৈষ্ণৱ যুগ
[সম্পাদনা কৰক]১৫শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰপৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল। কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য। ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰপৰা সংগ্ৰহিত 'বধ কাব্যসমূহ'। মাধৱদেৱৰ 'ৰাজসুই যজ্ঞ' আদি এই সময়ৰ অন্যান্য লেখত ল'ব লগিয়া গ্ৰন্থ। এই সময়তে ভট্টদেৱে প্ৰথমবাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে। তেওঁৰ 'কথা-গীতা', 'কথা-ভাগৱত' অন্যতম।
শঙ্কৰোত্তৰ যুগ
[সম্পাদনা কৰক]অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্টসংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল। আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ। ১৭৯৫ চনত পণ্ডিত টেঙ-ঙাই ম'হুঙে লিখা হ '-মু'ঙ নামৰ বৰ কাকতখন অসমৰ প্ৰথম অভিধান আছিল। এই টাইআহোম-অসমীয়া অভিধানত টাই-আহোম ভাষাত ২৫০০টা শব্দ আৰু ইয়াৰ অসমীয়া অৰ্থ সমূহ লিখা হৈছিল।[6] ইয়াৰ উপৰি আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যাৱহাৰিক সাহিত্যসমূহ। জ্যোতিষ, চিকিৎসা, গণিত, সঙ্গীত আদি বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল। শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল। কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি। ইয়াৰ উপৰি দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়।
আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি
[সম্পাদনা কৰক]আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, ইলাইজা হুইট্নি ব্ৰাউন, উইলিয়াম ৰবিনছন, এ কে গাৰ্নি, হেৰিয়েট বি.এল. কট্টাৰ আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় (১৮৪৬) আলোচনীৰ সময়ৰপৰাই আৰম্ভ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে। এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি। সেইসময়তে নাথান ব্ৰাউনে ৰচনা কৰে 'গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ' (১৮৪৮), মাইলছ ব্ৰনচনে ৰচনা কৰে 'অসমীয়া-ইংৰাজী অভিধান' (১৮৬৭) আৰু ১৮৩৯ চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ 'এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ'।[7] এই সময়ছোৱাতে হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-৯৭) ইংৰাজী অসমীয়া সাদিনীয়া ‘আসাম নিউচ’ আলোচনীখন প্ৰকাশ কৰে৷[7] এই সময়ছোৱাতে ১৮৫৭ চনত গুণাভিৰাম বৰুৱাই ‘ৰামনৱমী’ (প্ৰথম অসমীয়া আধুনিক আৰু সামাজিক নাটক) ৰচনা কৰে৷[7]
১৯শ শতিকাত অসমীয়া সাহিত্যই এক নতুন ধাৰাৰে আগবাঢ়ে। এই সময়তে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ 'অসমীয়া ব্যাকৰণ' (১৮৯৫) ৰচনা কৰে। আৰু অসমীয়া ভাষাৰ প্ৰথম অভিধান 'হেমকোষ' (১৯০০) ৰচনা কৰে।[7] এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ 'আসাম বন্ধু' (১৮৮৫)। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা এই সময়ৰ উল্লেখযোগ্য ব্যক্তি। গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী' (১৮৫৭) আৰু হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ-কীৰ্তন' (১৮৬১) উল্লেখ্যযোগ্য গ্ৰন্থ।
কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮), লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৭-১৯৩৮) আৰু হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮)ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা 'জোনাকী' (১৮৮৯) আলোচনীৰ সময়ৰপৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনী, জীৱনী আদিৰ সৃষ্টি হয়। এই সময়তে চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'প্ৰতিমা' (১৯১৩)আৰু 'বীণ-বৰাগী' (১৯২৩) নামৰ দুখন কবিতা পুথি প্ৰকাশ পায়। বেজবৰুৱাই প্ৰকাশ কৰে 'কদমকলি' (১৯১৩) আৰু 'পদুমকলি'। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন 'ফুলৰ চাকি' (১৯০৭)। ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্টসংখ্যক অৱদান আগবঢ়ায়।
ইয়াৰ পিছতে যথেষ্টসংখ্যক কবি নাট্যকাৰৰ জন্ম হয়। ভোলানাথ দাস (১৮৫৮-১৯২৮), কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯২৭), হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯), বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৩৫), ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৬) আদিয়ে যথেষ্টসংখ্যক কবিতা পুথি ৰচনা কৰে। আধুনিক অসমীয়া উপন্যাসৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে (১৮৬৭-১৯৩৯)। তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হ'ল 'মিৰিজীয়ৰী'(১৮৯৫), 'মনোমতী' (১৯০০), 'দন্দুৱা দ্ৰোহ' (১৯০৯) আৰু 'ৰহদৈ লিগিৰী' (১৯৩০)। পদ্মনাথ গোহাঞি বৰুৱাৰ (১৮৭১-১৯৪৬) কবিতা পুথি 'ফুলৰ চানেকি', 'জুৰণি' (১৯০০) আৰু 'লীলা' (১৯০১) উল্লেখযোগ্য।
এই সময়তে অসমীয়া অতিন্দ্ৰীয়বাদী কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দুৰ্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১) আৰু নলিনীবালা দেৱীয়ে (১৮৯৮-১৯৭৮)। ওমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতীন্দ্ৰনাথ দুৱৰাই (১৮৯২-১৯৭৮)। অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩), পাৰ্বতী প্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪), পদ্মধৰ চলিহা (১৮৯৫-১৯৬৮),জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১), প্ৰসন্নলাল চৌধুৰী(১৯০২), বিনন্দ চন্দ্ৰ বৰুৱা (১৯০৩) আৰু দেৱকান্ত বৰুৱা (১৯১৪) অন্যতম। দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি। [উদ্ধৃতিৰ প্ৰয়োজন]
আধুনিক যুগৰ সাহিত্য
[সম্পাদনা কৰক]"ব্যাকৰণ, অভিধান নাথাকিলে ভাষা আৰু সাহিত্য হেদাঙি মেলা গৰুৰ দৰে হ'ব আৰু সেই সাহিত্যৰ, সেই ভাষাৰ উপদ্ৰৱত টাটী-চকোৱা এখনো নাথাকিব। "
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলোফালে নানা পৰিৱৰ্তনে দেখা দিলে। এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্ব দেখা দিলে। চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ভবেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামী আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকী কৰে। কবিতাৰ ক্ষেত্ৰত হীৰেন ভট্টাচাৰ্য, অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন (কনিষ্ঠ), নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য, ধীৰেন্দ্ৰ নাথ দত্ত, ৰাম গগৈ আদি উল্লেখ্যযোগ্য। ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱান সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে। তলত এই বিষয়ে সবিস্তাৰে উল্লেখ কৰা হৈছে-
আধুনিক অসমীয়া কবিতা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 সত্যেন্দ্ৰনাথ শৰ্মা (দশম সংস্কৰণ, ২০১৩ জুন). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ.
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (আদিৰপৰা মধ্যযুগলৈ) KKHSOU. KKHSOU. পৃষ্ঠা. 8.
- ↑ ৰমেশ পাঠক (২০০৭). ঐতিহ্যঃ অসমীয়া সাহিত্য. হেৰিটেজ আছাম. পৃষ্ঠা. ২১.
- ↑ সত্যন্দ্ৰনাথ শৰ্মা. অসমীয়া সাহিতৰ সমীক্ষাত্মক ইতিবৃত্ত. পৃষ্ঠা. ০৯.
- ↑ সত্যেন্দ্ৰনাথ শৰ্মা. "অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত". সৌমাৰ প্ৰকাশ. পৃষ্ঠাসমূহ: ৬৭.
- ↑ Phukan,Nath 2019 Dictionary Writing in Assam: A Study Through Select Classical Texts
- 1 2 3 4 লীলা গগৈ (২০১৩, তৃতীয় সংস্কৰণ). আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়. বনলতা. পৃষ্ঠা. ৭.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত অসমৰ আলোচনীসমূহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- অসমীয়া সাহিত্যৰ ইতিহাস সম্পৰ্কীয় এটা টোকা।
- অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ[সংযোগবিহীন উৎস], আমি অসমীয়া ৱেবছাইট।
| ||||||||||||||||||||||||||||||||||||||||