টেঙাই মহন
টেঙ-ঙাই ম'হুং টেঙাই মহন | |
---|---|
![]() টেঙাই মহনৰ আৱক্ষ মূৰ্তি | |
জন্ম | টেঙ-ঙাই ১৭১৫ খ্ৰীষ্টাব্দ ছে-ৰাই-দয় |
মৃত্যু | ১৮২৩ খোৱাং,ডিব্ৰুগড় , অসম |
সমাধিস্থল | টেঙ-ঙাই মৈদাম, খোৱাং, ডিব্ৰুগড় |
পেচা | অভিধান প্ৰণেতা,লেখক,বুদ্ধিজীৱী |
ভাষা | আহোম ভাষা |
বংশদ্ভূত | আহোম জনগোষ্ঠী |
সাহিত্যিক বিপ্লৱ | তাঈ আহোম পুনৰ উদ্ধাৰ অভিযান |
উল্লেখনীয় কৰ্মৰাজি | হ '-মু'ঙ (অসমৰ প্ৰথম অভিধান) প্ৰণেতা |
টেঙাই মহন (Tenggai Mohan, টেঙ-ঙাই ম'হুং, জন্ম:১৭১৫ খ্ৰীষ্টাব্দ) অসমৰ প্ৰথম অভিধান প্ৰণেতা, তাঈ আহোম লেখক, সাহিত্যিক,বুদ্ধিজীৱী আছিল।[1][2]তেওঁ ১৭৯৫ চনত লিখা হ '-মু'ঙ নামৰ টাই আহোম—অসমীয়া দ্বিভাষিক অভিধানখন অসমৰ প্ৰথম অভিধান আছিল।[3] তেখেতে প্ৰায় ৫০ খন পুথি ৰচনা কৰিছিল।[4] তেওঁৰ জনপ্ৰিয় নাম টেঙাই মহন।
জন্ম
[সম্পাদনা কৰক]তেখেতৰ জন্ম টাই-আহোম জনগোষ্ঠীৰ দিহিঙীয়া মহন ফৈদত হৈছিল।[3] তেখেতৰ বংশধৰ সকল চে-মুন (বৰ্তমান শিৱসাগৰৰ) পাটসাঁকো অঞ্চলত বাস কৰে।[4]
কৰ্মৰাজি
[সম্পাদনা কৰক]
হ'-মুং
[সম্পাদনা কৰক]১৭৯৫ চনত চাওফা চুহিতপংফাৰ শাসনকালত তেঁও লিখা টাই আহোম—অসমীয়া দ্বিভাষিক অভিধানত টাই-আহোম ভাষাত ২৫০০ টা শব্দ আৰু ইয়াৰ অসমীয়া ভাষাত অৰ্থ সমুহ টাই-আহোম লিপিত লিখা আছিল। সাঁচিপাতত লিখা হ'-মুং পুথিত তেঁও প্ৰতিটো পৃষ্ঠাত লাক-নি আৰু অসমীয়া বৰ্ষ গণনাত তাৰিখসমূহ লিখি গৈছিল আৰু অভিধানখন শেষ হোৱাৰ তাৰিখো লিখা হৈছিল।[4] পাছলৈ তেঁওৰ ছাত্ৰ সকলে তেঁওৰ অভিধানখনৰ বহুতো প্ৰতিলিপি প্ৰস্তুত কৰে। বৰ্তমানলৈকে প্ৰায় ৫১খন অভিধান উদ্ধাৰ কৰা হৈছে।[3] প্ৰায় একে সময়তে ৰমাকান্ত মলাইঘৰীয়া বৰুৱাই সংকলন কৰা আন এখন টাই-অসমীয়া অভিধানত শব্দসমুহ বিষয়বস্তুৰ বিন্যাসৰ বিপৰীতে শব্দৰ বৰ্ণানুক্ৰমিকভাৱে সজ্জিত কৰা হৈছিল। অসমীয়া অভিধান হেমকোষৰ এক শতিকাৰ আগতেই এই অভিধানসমূহ লিখা হৈছিল।[1] তেঁও সাঁচিপাতৰ ওপৰত লিখা অভিধানখনত প্ৰতিটো পৃষ্ঠাত টাই-আহোম কেলেণ্ডাৰ আৰু অসমীয়া কেলেণ্ডাৰত তাৰিখ আৰু অভিধানখন সম্পূৰ্ণ হোৱাৰ তাৰিখ পৰ্যন্ত লিখা আছিল।[1] অসম চৰকাৰে ১৯৬৪ চনত তেওঁৰ অভিধানৰ প্ৰথম সংস্কৰণ ছপা কৰি উলিয়াইছিল আৰু ২০১০ চনৰ জানুৱাৰী মাহত টাই-আহোম গৱেষকসকলে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল।[1]
সোঁৱৰণি
[সম্পাদনা কৰক]মূৰ্তি স্থাপন
[সম্পাদনা কৰক]অসম জাতীয় প্ৰকাশৰ দ্বাৰা তেখেতৰ সোঁৱৰণিত ডিব্ৰগড়ৰৰ খুৱাংত তেখেতৰ মৈদামত প্ৰতিমূৰ্তি স্থাপন কৰা হয়।[5]
টেঙাই মহন বঁটা
[সম্পাদনা কৰক]টাই আহোম যুৱ পৰিষদ, অসমৰ দ্বাৰা টেঙাই মহনৰ স্মৃতিত টেঙাই মহন বঁটা প্ৰদান কৰা হয়।[6] ২০২২ চনত মৰানত গৱেষক জ্ঞানানন্দ ফুকনক এই বঁটা প্ৰদান কৰা হৈছিল।[7] ২০২৩ চনত শিক্ষাবিদ ড৹ দেবব্ৰত শৰ্মাক টেঙাই মহন বঁটা প্ৰদান কৰা হয়।[8]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Phukan & Nath 2019.
- ↑ বৈচিত্ৰময় অসম,অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড,পৃষ্ঠা ৮-৯
- ↑ 3.0 3.1 3.2 Phukon 2012, পৃষ্ঠা. 07.
- ↑ 4.0 4.1 4.2 Rahman 2015.
- ↑ "Assam’s first lexicographer Tengai Mohon’s statue installed". NorthEast Now. February 13, 2018. https://www.nenow.in/north-east-news/assams-first-lexicographer-tengai-mohons-statue-installed.html। আহৰণ কৰা হৈছে: March 9, 2025.
- ↑ Bharat, ETV (February 12, 2022). "মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান" (as ভাষাত). ETV Bharat News. https://www.etvbharat.com/assamese/assam/state/dibrugarh/tengai-mohan-award-ceremony-at-moran/assam20220212130230541। আহৰণ কৰা হৈছে: March 9, 2025.
- ↑ Bharat, ETV (February 12, 2022). "মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান" (as ভাষাত). ETV Bharat News. https://www.etvbharat.com/assamese/assam/state/dibrugarh/tengai-mohan-award-ceremony-at-moran/assam20220212130230541। আহৰণ কৰা হৈছে: March 9, 2025.
- ↑ Bharat, ETV (February 12, 2023). "Tengai Mahan Award: দেৱব্ৰত শৰ্মাক টেঙাই মহন বঁটা প্ৰদান" (as ভাষাত). ETV Bharat News. https://www.etvbharat.com/assamese/assam/state/dibrugarh/tengai-mahan-award-presentation-ceremony-in-dibrugarh/assam20230212140909662662165। আহৰণ কৰা হৈছে: March 9, 2025.
উৎস প্ৰসংগ
[সম্পাদনা কৰক]- Phukon, Girin (2012), "Tai Manuscripts: An Overview", Kriti Rakshana, pp. 6-7, ISSN 2319–5304, https://www.namami.gov.in/sites/default/files/Kriti%20Rakshana-April12-July12.pdf
- Phukan, Khammoun; Nath, Arup (July 1, 2019), Dictionary Writing in Assam: A Study Through Select Classical Texts, https://papers.ssrn.com/sol3/papers.cfm?abstract_id=3683125, আহৰণ কৰা হৈছে: March 9, 2025
- Rahman, Wasim (July 9, 2015), Call to recognise Assam lexicographer, https://www.telegraphindia.com/north-east/call-to-recognise-assam-lexicographer/cid/1390851, আহৰণ কৰা হৈছে: March 9, 2025