আহোম লিপি
আহোম লিপি 𑜒𑜑𑜪𑜨 | |
---|---|
![]() | |
ভাষা | আহোম ভাষা, অসমীয়া ভাষা [1] |
সময় | 13th century–19th century |
মাতৃ লিপি |
Proto-Sinaitic alphabet
|
ইউনিক'ড ৰে'ঞ্জ | U+11700–U+1173F |
আহোম লিপি বা টাই আহোম লিপি (চীনা ভাষা:傣 阿洪 脚本 ,থাই ভাষা:ต้นฉบับ ไทอาหม ,ইংৰাজী ভাষা:Tai Ahom Script) হল এক প্ৰকাৰৰ লিপি যাক তাই আহোম ভাষাত ব্যাবহাৰ কৰা হয়।[2] এই লিপি আহোম জনগোষ্ঠী ব্যবহাৰ কৰে টাই আহোম সকলে ব্ৰহ্মপুত্ৰ উপত্যকা ৬০০ বছৰ ৰাজত্ব কৰে।
আহোম লিপিৰ ইতিহাস[সম্পাদনা কৰক]
আহোম লিপি চীনদেশৰ টাই নোৱা সকলৰ লিপিৰ পৰা উৎপত্তি হোৱা বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে। নোৱা লিপিৰ সৈতে আহোম লিপিৰ যথেষ্ট সাদৃশ্যত আছে পাছত চীনৰ চৰকাৰে ইয়াক উন্নত কৰাত ই দেখাত আহোম লিপিতকৈ অলপ বেলেগ হয় পৰে যদিও প্ৰাচীন পুথি বোৰত ব্যৱহাৰ হোৱা লিপি সমূহ প্ৰায় একে হয়।[2][3] এই ভাষাৰ পৌৰাণিক পুথি সমূহ টাই আহোম ভাষাত লিখা সাঁচিপাতৰ পুথি আহোম ভাষা উৎপত্তি মূল কাৰণ আচিল আহোমসকলে চীনৰ দেহং দাই অঞ্চল (পূৰ্বৰ পূব মৌঙ মাওলুং) এৰি ব্ৰহ্মপুত্ৰ উপত্যকাত অহা।[4] [5] এই ভাষাৰ ব্যৱহাৰৰ বাবে প্ৰিন্ট ফন্ট নিৰ্মাণ কৰা হল। এই ফন্টক আহোম-অসমীয়া-ইংৰাজী শব্দকোষত ব্যৱহাৰ কৰা হয়।[6]
অনুবাদৰ প্ৰচেষ্টা[সম্পাদনা কৰক]
আহোম লিপিৰ অনুবাদ অলপ দেৰিকৈ হয় ফলত বহুতো প্ৰকাশনে ভুলকৈ ইয়াক চপা কৰি উলিয়াইচিল। গোলাপ চন্দ্ৰ বৰুৱাই আহোম বুৰঞ্জীক আৰু আহোম লিপিক অনুবাদ কৰি প্ৰাথমিক নমুনা গঢ় দিয়াইচিল। পৰৱৰ্তী সময়ত প্ৰফেছৰ নাগৰৰ দ্বাৰা তেওঁৰ ভুল সমূহ শুধৰাই দিয়া হয়। আধুনিক যুগত প্ৰযুক্তি বিদ্যাৰ সহায়ত আহোম লিপিৰ ব্যৱহাৰ যঠেষ্ট হৈছে। আহোম সংস্কৃতি ভাষা ধৰ্ম পুনৰুদ্ধাৰ অভিযানৰ ফলত আহোম লিপিৰ প্ৰতি মানুহৰ আকৰ্ষণ পুনৰ বৃদ্ধি পাবলৈ ধৰে।[6] Tai Ahoms and the Stars-ৰ লিখকৰ অনুসৰি নব-আহোম লিপিৰ অন্য টাই লিপিৰ সহায়ত স্বৰসমূহ লগাব লাগে।[6]
লিপিৰ বিশেষত্ব[সম্পাদনা কৰক]
অধিকাংশ অবুগীদাচীয় (abugidasic) লিপিৰ দৰে আহোম লিপিৰ প্ৰতিটো আখৰত /a/ নিহিত স্বৰ থাকে।[7] অন্য স্বৰ সমূহক বিশেষণৰ প্ৰয়োগ কৰি সূচায় বিশেষণৰ সো বাওঁ উপৰ তলত দেখা যায় যদিও ৰাগৰ তথ্য লিপিত দেখা নাযায়।
অন্য টাই সকলৰ লিপিৰ দৰে আহোম লিপিৰ দুটামান টাই বিশেষত্ব হল:
যেতিয়া আমি আহোম ভাষা কও বা লিখা তেতিয়া কিছুমান কথা ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। বাক্যৰ এই অংশটো এৰিব পৰা যাব ক্ৰিয়াৰ কাল নাথাকে আৰু সংজ্ঞাত বহুবচন নাথাকে। সময়ৰ বিষয়ে ক্ৰিয়া,ক্ৰিয়াৰ আগত থকা সহায়ক বা ক্ৰিয়াৰ শৃঙ্খলাৰ দ্বাৰা জানিব পৰা যায়। আহোম লিপি যথেষ্ট জটিল হয় কাৰণ লিপিত স্বৰ ৰাগৰ বিষয়ে উল্লেখ নাথাকে আৰু এটা ব্যঞ্জন বৰ্ণ এটা শব্দত কেবল এবাৰে লিখিব পৰা যায়।[9] সামান্য শব্দ সমূহ ছুটি কৰিব পৰা যায় আৰু এটা প্ৰাৰম্ভিক ব্যঞ্জনৰ সৈতে কেবাটাও শব্দ একেলেথাৰিয়ে সংকুচিত কৰিব পৰা যায়।[6]
চুন্যৎফাই প্ৰচলন কৰা আহোম লিপি অংকিত মোহৰ
ইউনিক’ড[সম্পাদনা কৰক]
২০১৫ চনৰ জুন মাহত আহোম লিপিক ইউনিক’ডৰ ৮.০ সংস্কৰণৰ যোগেদি অন্তৰ্ভূক্ত কৰা হয়।
আহোম লিপিৰ ইউনিক’ড ব্লক হৈছে U+11700–U+1173F:
আহোম[1][2] আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+1170x | 𑜀 | 𑜁 | 𑜂 | 𑜃 | 𑜄 | 𑜅 | 𑜆 | 𑜇 | 𑜈 | 𑜉 | 𑜊 | 𑜋 | 𑜌 | 𑜍 | 𑜎 | 𑜏 |
U+1171x | 𑜐 | 𑜑 | 𑜒 | 𑜓 | 𑜔 | 𑜕 | 𑜖 | 𑜗 | 𑜘 | 𑜙 | 𑜝 | 𑜞 | 𑜟 | |||
U+1172x | 𑜠 | 𑜡 | 𑜢 | 𑜣 | 𑜤 | 𑜥 | 𑜦 | 𑜧 | 𑜨 | 𑜩 | 𑜪 | 𑜫 | ||||
U+1173x | 𑜰 | 𑜱 | 𑜲 | 𑜳 | 𑜴 | 𑜵 | 𑜶 | 𑜷 | 𑜸 | 𑜹 | 𑜺 | 𑜻 | 𑜼 | 𑜽 | 𑜾 | 𑜿 |
বি. দ্ৰ. |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ http://sealang.net/ahom/
- ↑ 2.0 2.1 2.2 2.3 Diller, A. (1993). Tai Languages. In International Encyclopedia of Linguistics (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.
- ↑ 3.0 3.1 French, M. A. (1994). Tai Languages. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press.
- ↑ Court, C. (1996). Introduction. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 443). Oxford: Oxford University Press.
- ↑ Court, C. (1996). The spread of Brahmi Script into Southeast Asia. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 445-449). Oxford: Oxford University Press.
- ↑ 6.0 6.1 6.2 6.3 Terwiel, B. J., & Wichasin, R. (eds.), (1992). Tai Ahoms and the stars: three ritual texts to ward off danger. Ithaca, NY: Southeast Asia Program.
- ↑ Hosken, Martin; Morey, Stephen (2012-10-23). "N4321R: Revised Proposal to add the Ahom Script in the SMP of the UCS". ISO/IEC JTC1/SC2/WG2. https://www.unicode.org/L2/L2012/12309r-n4321r.pdf.
- ↑ 8.0 8.1 8.2 Blake, B. J. (1994). Language Classification. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press.
- ↑ 9.0 9.1 Hongladarom, K. (2005). Thai and Tai Languages. In Encyclopedia of linguistics (Vol. 2, pp. 1098-1101). New York, NY: Fitzroy Dearborn.
উৎস প্ৰসংগ[সম্পাদনা কৰক]
- Terwiel, B J; Wichasin, R (1992). Tai Ahoms and the stars: three ritual texts to ward off danger. প্ৰকাশক Ithaca, NY: SEAP Publications. https://books.google.com/books?id=as1TI8XEbrUC.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- অন্তৰ্ভুক্ত হল Ahom at Omniglot.com -- A guide to writing systems