আহোম জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাই-আহোম
𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤
আহোমসকলৰ জাতীয় চিহ্ন ক' চাং চেং মি প্যেত
মুঠ জনসংখ্যা
২০ লাখ (১৯৯০ আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
        অসম ১৯  লাখ
        অৰুণাচল প্ৰদেশ ৫০,০০০
প্ৰধান জিলা: লোহিত জিলা (অৰুণাচল প্ৰদেশ), লখিমপুৰ জিলা, ধেমাজি জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলা, কাৰ্বি আংলং জিলা,
অন্য জিলা: নগাঁও জিলা, কাছাৰ জিলা, কৰিমগঞ্জ জিলা, মৰিগাঁও জিলা, কামৰূপ জিলা, দৰং জিলা
ভাষাসমূহ

আহোম ভাষা (𑜁𑜪𑜨 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤)

ধৰ্ম

আহোম ধৰ্ম(পূৱ এছীয় ধৰ্ম)।

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

দাই জনগোষ্ঠী, ঝুৱাং জনগোষ্ঠী,টাই জাতি

যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰ

টাই আহোম বা হা-চাম সকল (আহোম ভাষা:𑜇𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤;/ফান টাই আহোম/,ইংৰাজী: Tai-Ahom) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। এওঁলোক বিভিন্ন সময়ত চীনয়ুন্নান প্ৰদেশৰ পৰা অহা টাই মানুহৰ বংশধৰ। ঐতিহাসিকভাৱে চীনদেশদেহং দাই (德宏州) স্বায়ত্ব শাসিত প্ৰান্তৰ (পূৰ্বৰ পূব মু'ঙ মাও 𑜉𑜢𑜤𑜂𑜫 𑜉𑜰𑜫 অঞ্চলৰ) দাইকোঁৱৰ চাওলুং চ্যু-কা-ফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱেই সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত মু'ঙ দন চ'ণ খাম(𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) স্থাপন কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৬১০ বছৰ শাসন কৰে। অসমগোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশলোহিত জিলাত টাই আহোম সম্প্ৰদায়ৰ লোক দেখা যায়। এই ঠালটোক অন্য জনগোষঠীসমূহে ‘আহোম’ নামেৰে মাতিছিল যদিও আহোমসকলে নিজকে কিন্তু ‘টাই’ নামেৰেহে চিনাকি দিছিল।

নামসমুহ[সম্পাদনা কৰক]

আহোমসকলক বহুতে বহুত ধৰণে মাতিছিল। যেনে:- টাই, চাম, অসম আৰু আহোম আদি।

টাই (𑜄𑜩): প্ৰথম অৱস্থাত আহোমসকলে নিজকে টাই বুলিয়ে পৰিচয় দিছিল। আৰু এতিয়াও একাংশ আহোমে নিজক টাই বুলিয়ে নিজকে পৰিচয় দিয়ে সেয়েহে আহোমসকল আৰু আহোম সংগঠনসমূহে টাই আহোম (𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤) শব্দটো অধিক প্ৰয়োগ কৰা দেখা যায়।

চাম বা চিয়াম: চাম বা চিয়াম শব্দটো চীনা-তিব্বতীয় মান ডিমাছা আৰু বড়োসকলে আহোমসকলক বুজাবলৈ ব্যবহাৰ কৰিছিল।[1] [2]থাই সকলেও নিজকে চাম (Siam) আৰু মান দেশৰ টাই সকলক চান বুলি কয়।[3]

অসম বা আচাম (পুৰনি অসমীয়াত) :নৱ-বৈষ্ণৱ সাহিত্যত আহোমসকলক "অসম মুলুক" বুলি আৰু মোগলসকলেও আচাম (آشام) বুলি কৈছিল।[4] [5]ইয়াৰ উপৰি কোচসকলেও নিজৰ লিখিত ইতিহাসত আহোম সকলক বুজাবলৈ আচাম শব্দটো ব্যবহাৰ কৰিছিল।[6]

আহোম (𑜒𑜡 𑜑𑜪𑜤) (আধুনিক অসমীয়াত): কালক্ৰমত আধুনিক যুগত অসমৰ টাই সকলক আহোম নামেৰে মতা হৈছিল।[7] সত্যেন্দ্ৰনাথ শৰ্মাই নিজৰ ব্যাখ্যা আগ বঢ়াইছিল এনেদৰে-

যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উৎপত্তি হোৱা। কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয় গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল" ― পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মা

[8]

সংস্কৃতি[সম্পাদনা কৰক]

টাই আহোম সংস্কৃতি পূৱ এছীয় সংস্কৃতিৰ সৈতে যথেষ্ট খাপ খায়। আহোম সংস্কৃতিত ঙি ঙাও খাম (চীনা ড্ৰেগনৰ এটা প্ৰজাতি), তাও ধৰ্মৰ আঠকোণীয়া প্ৰতীক আৰু লাকনি (কেলেণ্ডাৰ) আদি দেখা যায়।

ঙি ঙাও খাম[সম্পাদনা কৰক]

ঙি ঙাও খাম (𑜂𑜣 𑜂𑜈𑜫 𑜁𑜪) হ'ল এছিয় ড্ৰেগ'নৰ এটা প্ৰজাতি যি টাই আহোমসকলৰ মাজত প্ৰচলিত এক কিংবদন্তিমূলক জীৱ।

ঘৰ[সম্পাদনা কৰক]

আহোমসকলে কাঠ, বাঁহ আদিৰে অইন টাই বা গাঁৱলীয়া থাইসকলৰ দৰে ঘৰ সাজিছিল।[9] সকলোৰে বাৰী আৰু খেতি ঘৰৰ ওচৰতে থাকে। বাঁহেৰে নিৰ্মিত বিশেষ প্ৰকাৰৰ ঘৰ ব্যৱহাৰ কৰে।[9] এই ঘৰসমূহক ৰু'এন-হোৱাণ বুলি কোৱা হয় আৰু ইয়াক মাটিৰ পৰা অলপ ওপৰত সজা হয় কিন্তু অন্য জনগোষ্ঠীৰ চাং-ঘৰতকৈ অলপ চাপৰ হয়।[9]

খাদ্য[সম্পাদনা কৰক]

মুখ্য আহাৰ : প্ৰায়বিলাক আহোম (বিশেষকৈ গাঁৱলীয়া)সকলে আমিষভোজী, পতংগভোজী আৰু আজিও টাইসকলৰ খাদ্যাভ্যাসকে চলাই আছে।[10] গাহৰি, কুকুৰা, গৰু, মহ, হাঁহ আদিৰ মাংসৰ উপৰিও আহোমসকলে ভেকুলীৰ মাংস, মুগালেটা, শুকুতী মাছ আৰু আমৰলি টোপ খোৱা দেখা যায়।[11] তেওঁলোকৰ মুখ্য আহাৰ ভাত। আহোমসকলে কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা খাৰ ব্যৱহাৰ কৰে আৰু বহু ঔষধি গুণযুক্ত শাক-পাচলি আৰু বেত-গাঁজ খায়। আহোমসকলৰ খাদ্যাভাষে অইন টাইসকলৰ লগত সাদৃশ্য প্ৰদৰ্শন কৰে। তেওঁলোকৰে খাদ্যাভাষত- থেও-দাম (মাটি মাহ), খাও-মুন (ভাত আৰু দালচেনি), সান্দহ গুৰী, চেও-খাও (ভাপত দিয়া ভাত), খাও-মাই (চুঙা-চাউল), তিলেৰে প্ৰস্তুত কৰা তিল পিঠা, খাও-ত্য়েক (আখৈ)।[9] নুতলোৱাকৈ কোমল চাউলৰ প্ৰস্তুতকৰণ বা তৰা পাতত বান্ধি বনোৱা খাও-মাই (চুঙা চাউল)[9]। আহোমসকলে কম মছলাযুক্ত খাদ্য আৰু মাছ, বেঙেনা, বিলাহী আদি পুৰি বা তৰা পাতত দি খাই বেছি ভাল পায়।[9] লাও হ'ল এওঁলোকৰ পৰম্পৰাগত পানীয় যি চাউল ভীমকল বা কঠালৰ পৰা প্ৰস্তুত কৰে। ইয়াৰে পানী দিয়া বিধক নাম-লাও আৰু পানী নিদিয়া বিধক লৌক-লাও বোলা হয়। ইয়াৰ উপৰি আহোমসকলে পৰম্পৰাগত এবিধ চাহ ব্যৱহাৰ কৰে যাক নানিঙিঙ বুলি কোৱা হয়। এই পৰম্পৰা চীনৰ পৰাই আহোমসকলে লৈ আনিছিল।

বিবাহ[সম্পাদনা কৰক]

চ-ক্লং

আহোমসকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতি আছে। তাৰ মুখ্য পৰম্পৰাৰ নাম “চ-ক্লং” বুলি জনা যায়।[12]টাই-আহোম ভাষাৰ শব্দ ( অৰ্থাৎ যোৰা লগুৱা আৰু ক্লং অৰ্থাৎ পূজা)। ৰাতি বিবাহৰ মুখ্য পৰম্পৰাত ম'-ৰুলৰ সন্মুখত সোণ, ৰূপ, পিতল বা কাঠৰ গছাত ১০১ গছ বান-ফাইং চোমচাও প্ৰমুখ্যে ১০১জনা ফুৰাৰ উদ্দেশ্যি প্ৰজ্জ্বলিত কৰা হয়।[12]চ-ক্লং” বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ ফুৰা লেংডনে অক-কাই ম'-হুং ৰজাৰ জ্যেষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোঁতেই আৰম্ভ হ'ল আৰু তাৰ পিছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। টাই আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অ'ক-কাই ম'-হুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “সোধনি ভাৰ” আগবঢ়ায়। কোনো কোনো ঠাইত চকলঙৰ দিনা ম-লুঙক ভোজ-ভাত খুৱাই দৰা-কইনাই ম-লুঙক সন্মান কৰে।[13] মুঠ ২০টা নিয়মেৰে আহোম বিবাহ পদ্ধতি সম্পন্ন হয়। তাৰে কিছু হ'ল:

১. জু-ৰণ (আহোম ভাষাত জু অৰ্থাৎ জীয়াই থকা, ৰণ অৰ্থাৎ চিৰ জীৱনলৈ)

২. ৰিক খ্বন

৩. আপ-তাং (আপ অৰ্থাৎ গা ধুওৱা, তাং অৰ্থাৎ পৱিত্ৰ)

৪.চাও-বান (বান বা সূৰ্যক আৰাধনা)

৫.জণ-মিং (আশিৰ্বাদ)

ভাষা আৰু সাহিত্য[সম্পাদনা কৰক]

টাই আহোম ভাষা হ'ল এটা ঝুৱাং-টাই ভাষা। ই টাই ভাষাবোৰৰ দক্ষিণতম ভাষা। এই ভাষাটোৰ পুনৰ্ব্যৱহাৰ উজনি অসমৰ টাই-আহোম গৱেষকৰ তত্ত্বাৱধানত আৰম্ভ হৈছে। বিভিন্ন প্ৰতিষ্ঠান যেনে- টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, পি.কে. বুঢ়াগোহাঁই দক্ষিণ-পূব এছিয়া আৰু টাই অধ্যয়নৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় টাই একাডেমী গঢ় লৈ উঠিছে। ইয়াৰ উপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰচেষ্টাত বিভিন্ন পাঠ্যক্ৰম সমূহ প্ৰকাশ কৰা হৈছে যিয়ে ন-শিকাৰুসকলক সহায় কৰিছে।[14] অনাগত সময়ত এনেধৰণৰ আৰু প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ সম্ভাৱনা গঢ়ি উঠিছে।[15] অসম চৰকাৰ দ্বাৰা হাবুঙটাই বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ অসম চৰকাৰে দিছে ।

আহোম লিপি[সম্পাদনা কৰক]

আহোমসকলৰ নিজৰ লিখা পদ্ধতি আছে যি টাই-নুৱা[16] লিপিৰ পৰা ক্ৰমবিকাশ হোৱা এক লিপি। ই দেখাত টাই-নুৱা লিপিৰ সৈতে একে আছিল চীনৰ চৰকাৰে যাক বৰ্তমান উন্নীতকৰণ কৰিছে[17]। আহোমসকলে নিজা ইতিহাস লিপিবদ্ধ কৰিছিল যাক বুৰঞ্জী বুলি হোৱা হয়[18]। আহোমসকলৰ পূৰ্বে বুৰঞ্জী লিখা প্ৰথা অসমত নাছিল। তেওঁলোকৰ বিভিন্নপ্ৰকাৰৰ ইতিহাস, সমাজ, জ্যোতিষ, আৰু পূজা-পাতল কৰা পুথি আছে। বিশেষকৈ ম'-লুঙ শ্ৰেণী ম'হুং,ম'প্লং,ম'চামে এই পুথি সমূহ অধিক ব্যৱহাৰ কৰিছিল।

লাক-নি[সম্পাদনা কৰক]

আহোমসকলৰ নিজা লুনাৰ কেলেণ্ডাৰ আছে যাক লাক-নি-তাও-চি-ঙা[19]বুলি জনা যায়, যি বছৰ গণনাৰ এক প্ৰাচীন নিয়ম। এই প্ৰথা মধ্য টাই ৰাজ্য (চৌং-কৌ) ত প্ৰচলন হৈছিল আৰু ইয়াক আজিও দক্ষিণ পূব এছিয়াৰ টাইসকলে আৰু চীনা সকলে ব্যৱহাৰ কৰে। এই সকলোবোৰ দিন,মাহ আৰু বছৰ গণনা কৰা পুঠিত লিখা হৈছিল[20]

ইতিহাস[সম্পাদনা কৰক]

আদি বসতি[সম্পাদনা কৰক]

টাই আহোমসকলৰ প্ৰথম প্ৰজন্ম মৌঙ ফি (𑜉𑜢𑜤𑜂𑜫 𑜇𑜣) ৰ পৰা আহিছিল যি বৰ্তমান চীনগুৱাংচি(壮族自治区) অঞ্চল। তাৰ পাছত তেওঁলোক মৌঙ ৰি মু'ঙ ৰাম (𑜉𑜢𑜤𑜂𑜫 𑜍𑜣) লৈ প্ৰবজন কৰিছিল যি বৰ্তমান চীনদেশচিচুৱাংবান্না(西双版纳) (𑜏𑜢𑜆𑜫 𑜏𑜨𑜂𑜫 𑜈𑜃𑜫 𑜃𑜡/西双版纳) শেষত তেওঁলোক পূৱ মু'ঙ মাও (𑜉𑜢𑜤𑜂𑜫 𑜉𑜰𑜫) ৰ দিশলৈ প্ৰব্ৰজন কৰিছিল যি বৰ্তমান চীনদেহং(德宏州)[21] ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে।[22] তেওঁলোকে লগত শালি খেতি আৰু বুৰঞ্জী লিখাৰ পৰম্পৰাও লৈ আহিছিল। তেওঁলোকে নিগাজীকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিখৌ নৈৰ পূব অংশত বসবাস কৰিব লয়। বৰ্তমান এই ঠাইসমূহত যথেষ্ট আহোম জনগোষ্ঠীৰ লোক দেখিবলৈ পোৱা যায়।[23]

অসমৰ আন্তঃগাঁথনি[সম্পাদনা কৰক]

চাওলুংজনাই সমগ্ৰ অসমৰ বিভিন্ন ঠাই ঘূৰি উচিত ঠাইৰ সন্ধান আৰম্ভ কৰে। তেওঁলোকে বৰাহী আৰু মৰাণসকলৰ সৈতে মিলি সম্পৰ্ক গঢ়াই তোলে। ইয়াৰে মান-তিব্বতীয় বৰাহী আহোমৰ হৈতে বৈবাহিক সম্পৰ্ক গঢ়ে, মৰাণসকলে নিজৰ স্বকীয়তা বজাই ৰাখে। চুকাফাই ১২৫৩ চনত চে-ৰাই-দয় নামৰ এখন চহৰ নিৰ্মাণ কৰি নিজৰ ৰাজধানীৰূপে মৰ্যাদা দিয়ে যাক বৰ্তমান চৰাইদেউ বুলিও কোৱা হয়।[24]

পুনৰ উদ্ধাৰ[সম্পাদনা কৰক]

১৮৯৩ চনত সদৌ অসম আহোম সভা গঢ়ি উঠে যি অইন ঠাইৰ টাইসকলৰ সৈতে যোগাযোগ আৰম্ভ কৰে।[25]

সমাজ[সম্পাদনা কৰক]

বান-মৌং (𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫)[সম্পাদনা কৰক]

(𑜉𑜢𑜤𑜂𑜫)

টাই আহোমৰ প্ৰাচীন সমাজিক প্ৰথা হ'ল বান-মৌং (𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫)। এখন নদীৰ পাৰত কেইবাঘৰ মানুহ লগ খাই এখন বান (𑜈𑜃𑜫,গাঁও) সৃষ্টি হৈছিল। কেইবাখনো বান লগ হৈ মৌং সৃষ্টি হৈছিল[26]। অইন টাইসকলৰ মাজতো এই প্ৰথা দেখিবলৈ পোৱা যায়। বান-মৌং(𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫) কৃষি ভিক্তিক আৰু এখন নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। থাই,শান(𑜏𑜃𑜫) আৰু অইন টাই ভাষাত ইয়াক বান-মৌং(𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫) বুলিয়ে কোৱা হয়।[27]

ফৈদ[সম্পাদনা কৰক]

আহোমসকলৰ ফৈদ সামাজিক প্ৰথাৰ এক উৎকৃষ্ট উদাহৰণ[28]। তেওঁলোকে প্ৰথমে নিজকে ৭ ভাগ কৰি সাতঘৰীয়া আহোম ফৈদ গঠন কৰে। চ্য়ু (বাঘ) ফৈদত স্ৱয়ম চাওলুংজনা আছে, য'ত অইন চাও-ফা সকলো অন্তৰ্ভুক্ত। দুজন প্ৰধানমন্ত্ৰী চাও-ফ্ৰুং-মৌং (বুঢ়াগোহাঞি) আৰু চাও থাও মৌং (বৰগোহাঞি) ফৈদ[29]। তিনি পুৰোহিত ফৈদ ম'হুং,ম'প্লং,ম'চাম। আৰু চিৰিং ফৈদ, মুঠ সাতটা ফৈদ গঠন হৈছিল। পিছলৈ এই ফৈদসমূহত সন্দিকৈ যুগ হয়। পিছলৈ চাও-ফা সকলৰ ফৈদ চাৰিঙীয়া, দিহিঙীয়া, টিপমীয়া, শামুগুৰিয়া, তুংক্খুঙীয়া, পৰ্বতীয়া, নামৰূপীয়ালৈ বিভক্ত হয়[30]। থিক সেইদৰে,চাও-ফ্ৰুং-মৌং ফৈদ আঠটা, চাও থাও মৌং ষোল্লটা,ম'-চাম বাৰটা, ম'-হুং সাতটা লগতে ম'-প্লং আৰু চি-ৰিং আঠটাকৈ ফৈদত ভাগ হয়। বাকী আহোমসকল কৰ্মসূত্ৰে চাওদাং, ঘৰফলিয়া, লিকচৌ আদিলৈ ভ‍াগ হয়। জয়ধ্বজ সিংহৰ দিনত হিন্দু ধৰ্মৰ প্ৰভাবত পৰি বাইলুং, দেওধাই আৰু মোহন ফৈদক গুচাই পুনৰ নতুনকৈ "সাতঘৰীয়া আহোম" গঠন কৰা হৈছিল য'ত চেতিয়া, লাহন, দুৱৰা, লুখুৰাখন, পাতৰ, ইত্যাদি ফৈদ সমূহক প্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল।

ধৰ্ম[সম্পাদনা কৰক]

আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে। তাই আহোমৰ পণ্ডিতৰ ( ম' বা মলুঙ্ ) তিনি ফৈদ লোক হল ম-হুং,ম-প্লং,চাংবুন।

আহোম ধৰ্ম[সম্পাদনা কৰক]

আহোম ধৰ্ম হ'ল এটা পৰম্পৰাগত টাইধৰ্ম, ইয়াত মূলতঃ পূৰ্বপুৰুষ উপাসনা (ফি-দাম) কৰা হয় লগতে ইয়াত বৌদ্ধ আৰু তাও ধৰ্মৰো প্ৰভাব আছে। টাই-আহোমৰ পৰম্পৰাগত বিশ্বাস মতে আহোমসকলে এজন পূৰ্বপুৰুষ দেৱতাক ফা-তু-চিং (ফা:স্বৰ্গ, তু:এজন,চিং:উচ্চ; এজন সৰ্বোত্তম পূৰ্বপুৰুষ; ফা লাই বেত বুলিও কোৱা হয় ) যাৰ দ্বাৰা সমগ্ৰ পৃথিৱী সৃষ্টি হৈছে[31]। তেও অইন দেৱতা; খুন-থেও-খামৰ লগতে চাৰিটা সোণৰ কণী পাৰিছিল বুলি জনবিশ্বাস আছে। চতুৰ্থ জনে অৰ্থাৎ ড্ৰেগন ৰূপী ঙি-ঙাও খামে পৃথিৱীখন সজাই তোলাত সহায় কৰিছিল বুলি বিশ্বাস কৰা হয়। ঙি-ঙাও-খাম বা ড্ৰেগনৰ চিত্ৰ অংকিত চোলা আহোম চাও-ফা সকলে পিন্ধিছিল। লেংদনক মৌং-ফিৰ (বৰ্তমান চীনাৰ টিয়েন) ৰজা হৈছিল আৰু তেওঁৰ নাতি খুনলৌং আৰু খুনলাইক এখন ঠাই মৌংৰি-মৌংৰামলৈ (বৰ্তমান চীনৰ Xishunagbanna) শাসন কৰিবলৈ পঠিয়ায়। এওলোকৰে বংশধৰ আহোম ৰজা সকল। খুনলুং আৰু খুনলাইয়ে চুমফা (সম্পূৰ্ণ নাম:চুমফাৰৌংছেংমৌং; অসমীয়া : চুমদেও )ক লৈ আনিছিল আৰু বংশানুক্ৰমে চাওলুং চুকাফাই পাই তেওঁক তেওঁৰ য়ে-নাইয়েকে দি পঠিয়াইছিল। এই সম্পদবিধ আহোমৰ বিশেষ দেওঘৰ যাৰ নাম হ'-ফি তাত ৰখা হয় আৰু আহোমৰজাৰ ৰাজ-অভিষেক খেওন-ৰৌণ-মাই-ক্ৱ' অনুষ্ঠানত অৰ্চনা কৰা হয়।

ধৰ্মীয় পৰম্পৰা[সম্পাদনা কৰক]

উম-ফা: এই অনুষ্ঠান ভাগ পূৰ্বপুৰুষ শাসক দেৱতা লেং-দনক স্মৰণ কৰি অতি ভব্য আৰু উলহ মালহেৰে পালন কৰা হয়। ইয়াত লেংদনৰ প্ৰিয় খাদ্য মাংসও দিয়া হয় আৰু গৰু আদি কৰি বিভিন্ন জীৱ জন্তু প্য়াত-চি কৰি উৎসৰ্গা কৰা হয়। এই অনুষ্ঠানটো ৫ বছৰৰ মূৰত এবাৰ উদযাপন কৰা হয় আৰু ইয়াক আহোম শাসনৰ অন্ত হোৱাৰ পিছতো পালন কৰি অহা হৈছে।

চাই-ফা: এই অনুষ্ঠানত সকলো প্ৰজাইয়ো যোগদান কৰিছিল।

য়ে-চেং-ফা: বিদ্যা আৰু কলাৰ প্ৰতীক পূৰ্বপুৰুষ দেৱী য়ে-চেং-ফাৰ স্মৃতিত এই পৰম্পৰা পালন কৰা হয়।

ফুৰা-লুং বা ফ্ৰা-লুং(𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫): এই অনুষ্ঠানত ফুৰা-তেৰা বা ফুৰা-লুংক স্মৰণ কৰা হয়। ইয়াত টাই সকলৰ জনজাতীয় ধৰ্ম আৰু বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ আছে। আহোমৰ ম'-লৌং সকলে এই অনুষ্ঠানত আই-চিং-লাও (টাই-আহোমৰ প্ৰাৰ্থনা) গায়। এই অনুষ্ঠানত কোনো জীৱ উৎসৰ্গা কৰা নহয়।

ৰিক-খ্ৱন : এই অনুষ্ঠান ভাগি কোনো যুদ্ধৰ সময়ত উচ্চ শক্তিক স্মৰণ কৰি পালন কৰা হয়। আহোম ভাষাত ৰিক শব্দৰ অৰ্থ মতা / আহ্ৱান কৰা খ্ৱনৰ অৰ্থ দীৰ্ঘায়ু। এই অনুষ্ঠানত জল দেৱতা খাও-খামক স্মৰণ কৰা হয়।

মে-দাম-মে-ফি : এই অনুষ্ঠানটো পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে পালন কৰা হয়। আহোম দম্পতীয়ে চেং-কা-ফাক (খুন-থেও-খামৰ পুত্ৰ) পাকঘৰৰ দক্ষিণ খুটাত স্মৰণ কৰা হয়।

বানফি-ফুৰালুংৰ পূৰ্বপুৰুষ উপাসনা[সম্পাদনা কৰক]

টাই-আহোমসকলে নিজৰ প'-লিন প'-থাও সকলক স্মৰণ কৰে। তেওঁলোকে বিশ্বাস কৰে যে পূৰ্বপুৰুষক পূজা নকৰিলে ঘৰখনত অপায় অমঙ্গল হয় আৰু পূৰ্বপুৰুষক পূজা কৰিলে তেওঁলোকে ঘৰখন বিপদ আপদৰ পৰা বচাই ৰাখে। টাই-আহোমসকলে নিজৰ উৎসৱ পাৰ্বন বিবাহ আদিত প'-লিন প'-থাও সকলক স্মৰণ কৰে। এজন ব্যক্তি মৰাৰ পিছত ফি-দাম হৈ যায় বুলি বিশ্বাস কৰা হয়। তেওঁলোকক পবিত্ৰ বুলি গ গণ্য কৰি স্মৰণ কৰা হয় অইন সমাজৰ দৰে ভুত বা মৃত অপশক্তি বুলি ধৰা নহয়। টাই-আহোম সকলে বতৰৰ ফল,শাক-পাচলি আদি ফি-দামক তৰ্পন কৰে। বিশেষকৈ তিনি পুৰোহিত ফৈদ ম'হুং, ম'প্লং, ম'চাম সকলে অধিক স্পষ্ট ভাবে ফি-দাম কৰে। দাম সকলক বিভিন্ন ভাগত ভগোৱা হয় সেয়া হল- ঘাই দাম, চি-ৰৌণ-দাম,ন'-দাম আৰু জকৰুৱা দাম।

ঘাই দাম: 'ঘাই' মানে মূল আৰু দাম মানে মৃতক, ঘাই দাম মানে ঘৰৰ জ্যেষ্ঠ মৃত বুঢ়া দম্পতী।

ছি-ৰৌণ-দাম: চি মানে চাৰি, ৰৌণ মানে ঘৰ। ছি-ৰৌণ-দাম মানে ঘৰখনৰ দম্পতীৰ চাৰি পৃতি পুৰুষ।

জকৰোৱা দাম: জকৰোৱা শব্দটোৰ অৰ্থ হল যি কোনো সন্তান নিদিয়াকৈ মৰিল বা সৰুতে ঢুকাল বা কোনো মানসিক বা শাৰীৰিক ব্যাঘাত জন্মি মৰিল।

ন'-দাম: ন' মানে নতুন, ঘৰৰ গৃহস্থৰ কোনো সম্পৰ্কীয় কোনো লোকৰ মৃত্যু হলে তেওক ন দাম বোলা হয়।

জকৰোৱা দামক বাদ দি বাকী সকলো দামক মিলাই গৃহদাম বোলে আৰু এওলোকক বছৰেকত এবাৰ স্মৰণ কৰা হয়।

বৌদ্ধ প্ৰভাৱ[সম্পাদনা কৰক]

আহোমসকলৰ বৌদ্ধ সংস্কৃতিতকৈ তাওবাদী (Taoic) সংস্কৃতি বেছি দেখা যায়। আহোমসকলে বুদ্ধক মেমিমাং ফুৰা বুলি কৈছিল যাৰ অৰ্থ নতুন ভগৱান (New God)।[32] [33] বৌদ্ধ জাতক পুথি সমূহক লিক মিং-মাং-ফুৰা-লৌং বুলি কোৱা হয় যি শান্তি আৰু সভ্য হোৱাৰ কথা শিকায়[34]

মৃতকৰ সৎকাৰ[সম্পাদনা কৰক]

মৈ-দাম

আহোমসকলৰ মাজত থকা পৰম্পৰা অনুসৰি তেওঁলোকে মৃতদেহ নজ্বলাই বৰং একপ্ৰকাৰৰ বিশেষ বাকচত ভৰাই মৈ-দাম দিয়ে[35]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. দেওধাই ফুকন,বৰুৱা, বি,এন এন (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ. 
  2. "The Ahom domain of Upper Assam came to be known to the Dimasa and other Bodo people as Ha-Sam (the land of the Shams or Shans) in their language. From this the terms 'Asam' and 'Ahom' were derived in due course, and the first term came to stand for the expanded Ahom kingdom. Under the impact of the Indo-Aryan heritage of the region, the concept of 'Asam' was further extended to cover the entire area defined as 'Kamarupa' in the Kalika-Purana (c 9th-10th centuries). The Ahom statesmen and chroniclers wishfully looked forward to the Karatoya as their natural western frontier. They also looked upon themselves as the heirs of that glory that was ancient Kamarupa by right of conquest, and they long cherished infructuously their unfulfilled hopes of expanding up to that frontier." (Guha 1983)
  3. Ahoms also gave Assam and its language their name (Ahom and the modern ɒχɒm 'Assam' come from an attested earlier form asam, acam, probably from a Burmese corruption of the word Shan/Shyam, cf. Siam: Kakati 1962; 1-4)." (Masica 1993, p. 50)
  4. In Sankar Carit, by Daityari Thakur of the seventeenth century, the Shans have been variously designated as Āsām, Āsam, Asam. (Kakati 1941:2)
  5. Sankardeva, in one of his verses, composed in the early sixteenth century, while referring to the castes and communities of the then Assam used the term Axom to mean the Ahom." (Taher 2001, p. 2)
  6. "In Darrang Rāj Vaṃśabali, a chronicle of the Koch kings by Sũryya Khari Daibajña composed in the sixteenth century, the word Āsām has all through been employed as a term of reference to the conquering Shans." (Kakati 1941:1–2)
  7. "It has been suggested that this may be derived from Shan, or as the Assamese say Syam. This word is however not used by the Assamese when speaking of the Ahoms, but only with reference to people of Siam" (Gait 1906, p. 241)
  8. Kakati,Banikanta,Assamese, Its Formation and Development: A Scientific Treatise on the History and Philology of the Assamese Language, Being a Thesis Approved for the Ph.D. Degree of the Calcutta University in 1935, 1995, LBS Publication,https://books.google.co.in/books?id=OTSrmQEACAAJ&dq,https://archive.org/details/AssameseitsFormationAndDevelopment/page/n3}}
  9. 9.0 9.1 9.2 9.3 9.4 9.5 (Phukan 2017:II)
  10. (Gogoi 2011)
  11. (Gogoi 2011)
  12. 12.0 12.1 তাই আহোমৰ বিবাহ পদ্ধতি আৰু চকলঙ...নাঙ দীপালী গগৈ
  13. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ১১৭)
  14. Dipima Buragohain. Issues of Language Contact and Shift in Tai Ahom
  15. "Ahom". Ethnologue. https://www.ethnologue.com/language/aho. 
  16. (Gogoi 2011)
  17. (Gogoi 2011)
  18. (Gogoi 2011)
  19. pp.271-278 in ABOURANJIK
  20. Phukan, J.N.2006 pp.1
  21. (Gogoi 2011:V)
  22. Gait, Edward. A History of Assam. Thacker, Spink and Co. Calcutta, 1906. pg 96
  23. (Terwiel 1996:276)
  24. (Morey 2014:51-52)
  25. (Terweil 1996:278)
  26. (Gogoi 1995:30)
  27. (Gogoi 1995:30)
  28. (Gogoi 1976:15)
  29. (Gogoi 1976:15)
  30. (Gogoi 1976:15)
  31. (Gogoi 1976:1)
  32. (Gogoi 1976:16)
  33. (Gogoi 1976:16–17)
  34. (Gogoi 1976:17)
  35. Proceedings of North East India History Association page 128,129 and 130

উৎস প্ৰসংগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]