মৈদাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চৰাইদেউৰ মৈদাম

মৈদাম হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। মৈদাম প্ৰথাৰে সৎকাৰ কৰা মৃতকৰ সমাধিকো মৈদাম বোলে। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত লাহে লাহে মৃতদেহ সংস্কাৰৰ এই প্ৰথা লাহে লাহে লোপ পায়।

শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে।

মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আৰু ইংৰাজ শাসনকালত মোগল আৰু ইংৰাজে বহু মৈদামৰ ধন-সোণ লুটি নিয়ে।

মৈদাম দিয়া প্ৰক্ৰিয়া[সম্পাদনা কৰক]

যোৰহাটত থকা শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ মৈদাম। ৰজাৰ মৈদাম থকাৰ বাবে ঠাইডোখৰ ৰজামৈদাম হিচাপে জনাজাত।


মৈদাম প্ৰথাত মৃতদেহক স্নান কৰাই ৰুংডাং, অৰ্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়। ৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়। ইয়াক ৰুংডাং কাৰেং বোলে।[1] ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ, যেনে চালপীৰা, হেংদাং, শৰাই, কটাৰী, চূণৰ টেমী আদি, ৰখা হয়। শেষত ইয়াক আগুৰি মাটিৰ এক অনুচ্চ দৌল সজা হয়। এই দৌলটোৰ ওপৰভাগক চাও চালি বোলা হয়। মৈদামৰ ভিতৰছোৱা এটা বা ততোধিক ভাগত ভগোৱা হ’ব পাৰে।[2] চাং ৰুং ফুকনৰ বুৰঞ্জীত মৈদামৰ গঠন প্ৰণালীৰ বিৱৰণ আছে।[3]

ভাৰতীয় পুৰাতত্ব অনুসন্ধানে চলোৱা খননকাৰ্যত মৈদামৰ ভিতৰভাগত হাতীদাঁত আৰু কাঠৰ সামগ্ৰীৰ অৱশিষ্ট উদ্ধাৰ হৈছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "বৰ্ণময় আহোম যুগৰ মৈদাম প্ৰথাৰ কিছু আলোকপাত আৰু আহোমসকলৰ বৰ্তমান অৱস্থা". খ্বন মৌঙ. http://www.taiahom.in/2015/08/blog-post_24.html। আহৰণ কৰা হৈছে: 19 December 2015. 
  2. 2.0 2.1 "Group of Maidams, Chararideo". Archaeological Survey of India. http://asi.nic.in/asi_monu_tktd_assam_maidams.asp। আহৰণ কৰা হৈছে: 19 December 2015. 
  3. লীলা গগৈ (1994). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. 143-146. ISBN 81-7339-079-7.