সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
বঙালী: সুন্দৰবন জাতীয় উদ্যান
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ মেনগ্ৰভ উদ্ভিদ
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ মেনগ্ৰভ উদ্ভিদ
অৱস্থান দক্ষিণ ২৪ পৰগনা, পশ্চিম বংগ, ভাৰত
নিকটতম চহৰ কলকাতা
মাটিকালি ১,৩৩০.১২ বৰ্গ কিমি (৩২৮,৬৮০ একৰ)
প্ৰতিস্থা ১৯৮৪
কৰ্তৃপক্ষ ভাৰত চৰকাৰ
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
দেশ ভাৰত
ধৰণ প্ৰাকৃতিক
মাপকাঠি ix, x
উদ্ধৃতি ৪৫২
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৭ (১১শ অধিবেশন)

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Sundarbans National Park) পশ্চিমবঙ্গৰ সুন্দৰবন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান[1] আৰু এখন "বায়োস্ফিয়াৰ ৰিজাৰ্ভ"। এইখন বঙ্গোপসাগৰৰ পাৰৰ গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সুন্দৰবনৰ মুঠ আয়তনৰ জল আৰু স্থলভাগ মিলি ১০,০০০ বৰ্গ কি.মি. (৩ বৰ্গ মিটাৰ)। ইয়াৰ মাজত ৫,৯৮০ বৰ্গ কি.মি. (২ বৰ্গ মিটাৰ) ভাৰতত আৰু অৱশিষ্ট অংশ বাংলাদেশত অৱস্থিত। এইখন গঙ্গা-ব্ৰহ্মপুত্ৰ-মেঘনা বদ্বীপ সমভূমিৰ এটা অবিচ্ছেদ্য অংশ। সমগ্ৰ অঞ্চলটো জালৰ আকাৰৰ নদ-নদীৰ দ্বাৰা পৰিবেষ্টিত। বঙ্গোপসাগৰৰ ৭৫ মিটাৰ উচ্চতা পৰ্যন্ত জোৱাৰ ইয়াত সদায়ে দেখা পোৱা যায়। ১৮৭৮ চনত সুন্দৰবনৰ বৰ্তমানৰ ভাৰতীয় অংশটোৰ সংৰক্ষণৰ কাম আৰম্ভ হয়। ১৯৭৩ চনত মূল এলেকাটো সুন্দৰবন ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষিত হয়। ১৯৭৭ চনত ২,৫৮,৫০০ হেক্টৰ আয়তন বিশিষ্ট সুন্দৰবন ব্যাঘ্ৰ প্ৰকল্পৰ ১৩৩,০০০ হেক্টৰ মূল এলেকা বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা পায়। ১৯৮৪ চনৰ ৪ মে’ত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯৮৭ চনত (ix) আৰু (x) শ্ৰেণীত প্ৰাকৃতিক সম্পত্তি হিচাপে এইখন ইউনেস্কো বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হয়। অঞ্চলটি গভীৰ "মেনগ্ৰভ"(ইংৰাজী: Mangrove) উদ্ভিদেৰে আবৃত। সুন্দৰবন বৃহত্তম "বেঙ্গল টাইগাৰ" সংৰক্ষণাগাৰসমূহৰ অন্যতম। ইয়াৰ বাহিৰেও নোনা নদীৰ "কুমিৰ"সহ অনেক প্ৰজাতিৰ পাখি, সৰীসৃপ আৰু মেৰুদণ্ডবিহীন প্ৰাণীৰ বাসস্থান[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sundarbans National Park" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/452.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Sundarbans National Park". World Heritage: Unesco.org. http://whc.unesco.org/en/list/452। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]