সমললৈ যাওক

কোণাৰ্ক সূৰ্য মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
কোণাৰ্ক সূৰ্য মন্দিৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
Konark Sun Temple
দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি i, iii, vi
উদ্ধৃতি 246
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৪ (অষ্টম অধিবেশন)
Lua error in Module:Location_map at line 391: Minutes can only be provided with DMS degrees for longitude.
কোণাৰ্ক সূৰ্য মন্দিৰ

কোণাৰ্ক সূৰ্য মন্দিৰ (ইংৰাজী: Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ[1]। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত।[2] মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত। পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে প্ৰায় ১২৫০ খ্ৰীষ্টাব্দত পাথৰেৰে নিৰ্মিত এই মন্দিৰটো নিৰ্মাণ কৰে।[3] ই সূৰ্য (দেৱতা)ৰ চব্বিশ চক্ৰবিশিষ্ট ৰথৰ আকাৰত নিৰ্মিত। অত্যধিক কাৰুকাৰ্যখচিত এই প্ৰস্তৰখোদিত স্থাপত্যটোৰ বিশেষ প্ৰতীকী ব্যঞ্জনা আছে। আধুনিক কালত মন্দিৰটিৰ পুনৰ সংস্কাৰ কৰা হয়। ১৯৮৪ চনত (i), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক সম্পত্তি হিচাবে এই মন্দিৰ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়[4]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

কোনাৰ্ক নামটো দুটা সংস্কৃত শব্দৰ সমষ্টি -কোণা (চুক) আৰু আৰ্ক (সূৰ্য)। এই মন্দিৰটো সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰা হৈছে।[5] ইউৰোপীয় নাৱিকসকলে এই মন্দিৰটোক ব্লেক পেগ'ডা (Black Pagoda) বুলিছিল। আনহাতে পুৰীৰ জগন্নাথ মন্দিৰশুভ্ৰ পেগ'ডা (White Pagoda) তেওঁলোকে বুলিছিল।[2][6]

কোণাৰ্ক সূৰ্য মন্দিৰৰ পেনোৰামিক দৃশ্য

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]

পৌৰাণিক চিত্ৰ আৰু আলোকচিত্ৰ

[সম্পাদনা কৰক]

বৰ্তমানৰ আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sun Temple, Konârak". World Heritage: Unesco.org. http://whc.unesco.org/en/list/246 আহৰণ কৰা হৈছে: 2010-11-06.
  2. 1 2 "Official website". Tourism Department, Government of Orissa. http://konark.nic.in/intro.htm আহৰণ কৰা হৈছে: 3 May 2013.
  3. Indian History. Tata McGraw-Hill Education. পৃষ্ঠা. 2. ISBN 978-0-07-132923-1. http://books.google.com/books?id=X4j7Nf_MU24C&pg=SL2-PA3 আহৰণ কৰা হৈছে: 3 May 2013.
  4. "Sun Temple, Konârak" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/246.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  5. "Sun Temple, Konârak". UNESCO. http://whc.unesco.org/en/list/246/ আহৰণ কৰা হৈছে: 3 May 2013.
  6. Lewis Sydney Steward O'Malley (1 January 2007). Bengal District Gazetteer : Puri. Concept Publishing Company. পৃষ্ঠা. 283. ISBN 978-81-7268-138-8. http://books.google.com/books?id=pwD0-YV2LCYC&pg=PA283 আহৰণ কৰা হৈছে: 3 May 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]