গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হিমালয় পৰ্বতৰ দৃশ্য
ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হিমালয় পৰ্বতৰ দৃশ্য
মানচিত্ৰত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
অৱস্থান হিমাচল প্ৰদেশ, ভাৰত
মাটিকালি 1,171 বৰ্গ কি.মি. (452 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৮৪
ধৰণ প্ৰাকৃতিক
চৰ্ত x
নিৰ্ধাৰিত ২০১৪ (৩৮তম অধিবেশন)
প্ৰসংগ  সংখ্যা ১৪০৬
দেশ ভাৰত
অঞ্চল এছিয়া-পেচিফিক

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলত অৱস্থিত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত এই ৰাষ্ট্ৰীয় ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ১,১৭১ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬০০ মিটাৰৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩৭৫ টা ভিন্ন প্ৰজাতিৰ উদ্ভিদ, ৩১ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ১৮১ টা চৰাইৰ প্ৰজাতি, ৩ টা প্ৰজাতিৰ সৰীসৃপ, ৯ টা উভচৰ প্ৰাণীৰ প্ৰজাতি, ১১ টা বলয়ীপ্ৰাণীৰ প্ৰজাতি, ১৭ টা কোমলদেহী প্ৰাণীৰ প্ৰজাতি আৰু ১২৭ টা সন্ধিপদী প্ৰাণীৰ বাসস্থান। এই সকলো প্ৰাণী আৰু উদ্ভিদ বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ অধীনত সংৰক্ষিত।

২০১৪ চনত কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত হোৱা ইউনেস্কোৰ ৩৮তম অধিবেশনত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[1] ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান কমিটিয়ে এই ৰাষ্ট্ৰীয় উদ্যানক "উৎকৃষ্টতম জৈৱ-বৈচিত্ৰৰ সংৰক্ষণৰ গুৰুত্ব"ৰ বাবে বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰে।[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Six new sites inscribed on World Heritage List". UNESCO. Archived from the original on 25 June 2014. http://whc.unesco.org/en/news/1160। আহৰণ কৰা হৈছে: 23 June 2014. 
  2. Centre, UNESCO World Heritage. "Six new sites inscribed on World Heritage List". whc.unesco.org. Archived from the original on 16 October 2017. http://whc.unesco.org/en/news/1160। আহৰণ কৰা হৈছে: 24 April 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা