কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানাংক: 28°31′28″N 77°11′08″E / 28.524382°N 77.185430°E / 28.524382; 77.185430

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ, দিল্লী
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি iv
উদ্ধৃতি 233
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-প্ৰশান্ত
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৯৩ (১৭ তম অধিবেশন)

কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ দিল্লীৰ দক্ষিণাঞ্চলত অবস্থিত। লাল বেলেপাথৰেৰে নিৰ্মিত এই মিনাৰটোৰ উচ্চতা ৭২.৫ মিটাৰ (২৩৮ ফুট)। মিনাৰটোৰ পাদদেশৰ ব্যাস ১৪.৩২ মিটাৰ (৪৭ ফুট) আৰু শীৰ্ষঅংশৰ ব্যাস ২.৭৫ মিটাৰ (৯ ফুট)। ত্ৰয়োদশ শতাব্দীৰ প্ৰথম ভাগত এই মিনাৰৰ নিৰ্মাণকাৰ্য সমাপ্ত হয়। মিনাৰ প্ৰাংগনৰ কেইবাটাও পথ, আলাই দৰৱাজা (১৩১১), আলাই মিনাৰ (এটি অসমাপ্ত মিনাৰৰ স্তূপ, ইয়াৰ নিৰ্মাণৰ কথা থাকিলেও, নিৰ্মাণকাৰ্য সমাপ্ত নহয়গৈ), কুব্বত-উল-ইসলাম মসজিদ (ভাৰতৰ প্ৰাচীনতম মছজিদসমূহৰ অন্যতম, যিসমূহ বৰ্তমান অৰ্ধস্থিত), ইলটোতমিচৰ সমাধি আৰু এটি লৌহস্তম্ভ আছে। একাধিক হিন্দু আৰু জৈন মন্দিৰৰ ধ্বংসাৱশেষেৰে এই মিনাৰ নিৰ্মিত হয় বুলি কথিত আছে। অনুমানকৰা হৈছে যে ভাৰতত ইচলাম শাসনৰ প্ৰথম ভাগত বহিৰাগত আক্ৰমণত এই মন্দিৰসমূহ ধ্বংসপ্ৰাপ্ত হৈছিল। প্ৰাংগনৰ কেন্দ্ৰস্থলত ৭.০২ মিটাৰ (২৩ ফুট) উচ্চতাবিশিষ্ট যিটো চকচকীয়া লৌহস্তম্ভ আছে, তাত আজিপৰ্যন্ত অলপো মামৰে ধৰা নাই। এই লৌহস্তম্ভত সংস্কৃত ভাষাত দ্বিতীয় চন্দ্ৰগুপ্তৰ এটা লেখা আছে। ১১৯২ চনত কুতুবউদ্দিন আইবকে এই মিনাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ইলটোতমিচৰ ৰাজত্বকালত (১২১১-৩৮) মিনাৰৰ কাম শেষ হয়। আলাউদ্দিন খিলজীৰ ৰাজত্বকালত (১২৯৬-১৩১৬) এই প্ৰাংগনত আৰু বহুতো নিৰ্মাণকাৰ্য হয়। পৰবৰ্তীকালত বজ্ৰপাতত মিনাৰটো ক্ষতিগ্ৰস্থ হৈছিল যদিও তাৰ সংস্কাৰ কৰা হৈছিল। ইছলামিক স্থাপত্য আৰু শিল্পকৌশলৰ এক অনবদ্য প্ৰতিফলন হিচাবে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ (iv) বিভাগৰ অধীনত এই প্ৰাংগন বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰিছে।[1][2]





তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Qutb Minar and its Monuments, Delhi". UNESCO. http://whc.unesco.org/en/list/233। আহৰণ কৰা হৈছে: 2010-10-03. 
  2. "World Heritage List: Qutb Minar and its Monuments, Delh, No. 233" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/233.pdf। আহৰণ কৰা হৈছে: 2010-10-03. 

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]