নীলগিৰি পাৰ্বত্য ৰেলৱে
ভাৰতৰ পাৰ্বত্য ৰেল | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
![]() | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | ii, iv |
উদ্ধৃতি | ৯৪৪ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া-পেচিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৯৯ (২৩তম অধিবেশন) |
বিস্তাৰসমূহ | ২০০৫; ২০০৮ |
নীলগিৰি পাৰ্বত্য ৰেলৱে ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা।[1] আৰম্ভণিতে মাদ্ৰাজ ৰেলৱেই এই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে।[2] নীলগিৰি পাৰ্বত্য ৰেলৱে বৰ্তমান দক্ষিণ ৰেলৱে জ'নৰ নব-গঠিত চালেম ডিভিজনৰ অন্তৰ্গত। ২০০৫ চনত ইউনেস্কোই এই ৰেলৱেক বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্য্যদা দিয়ে আৰু ১৯৯৯ চনত বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্য্যদা পোৱা দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ সৈতে একেলগে ভাৰতৰ পাৰ্বত্য ৰেল নামৰ এটা নতুন শ্ৰেণীত অন্তৰ্ভুক্ত কৰে। "[3] 'দিল চে' নামৰ হিন্দী ছবিৰ চাহৰুখ খানে অভিনয় কৰা বিখ্যাত 'চেইয়া চেইয়া' গীতটো নীলগিৰি পাৰ্বত্য ৰেলত চিত্ৰায়ন কৰিছিল।
ইতিহাস[সম্পাদনা কৰক]
১৮৫৪ চনতে মেট্টুপালায়ামৰ পৰা নীলগিৰি পৰ্বতলৈ ৰেলপথ সজাৰ পৰিকল্পনা কৰা হৈছিল যদিও ৪৫ বছৰ পিছতহে ইয়াৰ নিৰ্মাণ সমাপ্ত হয়। ১৮৯৯ চনৰ জুন মাহত ৰেল চলাচলৰ বাবে ৰেলপথটো মুকলি কৰি দিয়া হয়। চৰকাৰৰ সৈতে হোৱা এখন চুক্তিৰ যোগে মাদ্ৰাছ ৰেলৱেই প্ৰথমে এই নীলগিৰি পাৰ্বত্য ৰেল পৰিচালনা কৰাৰ দায়িত্ব লয়। চাউথ ইণ্ডিয়ান ৰেলেৱে কোম্পানীয়ে ইয়াক কিনি লোৱালৈকে দীৰ্ঘদিন ধৰি মাদ্ৰাছ ৰেলৱে কোম্পানীয়ে চৰকাৰৰ হৈ পৰিচালনাৰ কাম কৰি গৈছিল। প্ৰথমাৱস্থাত কুনুৰেই আছিল শেষ ষ্টেচন। ২৪,৪০,০০০.০০ টকা খৰচ কৰি ১৯০৮ৰ চেপ্তেম্বৰত ইয়াক ফাৰ্ণহিললৈ সম্প্ৰসাৰণ কৰা হয়।
ক্ৰিয়া-প্ৰণালী[সম্পাদনা কৰক]
নীলগিৰি পাৰ্বত্য ৰেলৱে ১ মিটাৰ বহল এটা মিটাৰগজ ৰেলপথ। মেট্টুপালায়াম আৰু কুনুৰ ষ্টেচনৰ মাজৰ পথচোৱাত ওপৰলৈ বগাবলৈ Abt ৰেক আৰু পিনিয়ন পদ্ধতি ব্যৱহাৰ কৰা হৈছে। নীলগিৰি পাৰ্বত্য ৰেলৰ এই ৰেক আৰু পিনিয়ন অংশত 'এক্স' শ্ৰেণীৰ ভাপ ৰেক ইঞ্জিন ব্যৱহাৰ কৰা হয়।
ৰেলপথ[সম্পাদনা কৰক]
নীলগিৰি পৰ্বতীয়া ৰেলৰ ষ্টেচন | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
|
নীলগিৰি পাৰ্বত্য ৰেলে ২৬ মাইলৰ (৪১.৮ কিঃমিঃ) যাত্ৰাত ২০৮টা ভাঁজ, ১৬টা সুৰঙ্গ, ২৫০খন দলং পায়। ২৯০ মিনিট পাহাৰ বগায়, ২১৫ মিনিট নামনিলৈ গতি কৰে। এই ৰেলপথৰ আটাইতকৈ ওখ ঢালটো ৮.৩৩%ৰ আৰু ই এচিয়াৰ ভিতৰতে সৰ্বোচ্চ।[2]
ষ্টেচন[সম্পাদনা কৰক]
- মেট্টুপালায়াম ষ্টেচন: সমুদ্ৰপৃষ্টৰ পৰা ১০৬৯ ফুট উচ্চতাত। তামিলনাডুৰ এক প্ৰধান ষ্টেচন কইম্বাটুৰৰ পৰা ইয়ালৈ ব্ৰডগেজ ৰেলৰ সংযোদ আছে। দূৰচ্ব ৩৬ কিঃমিঃ। নীলগিৰি পাৰ্বত্য মিটাৰগেজ ৰেলৰ পহিলা ষ্টেচন।
- কাল্লাৰ ষ্টেচন: যাত্ৰীৰ বাবে এই ষ্টেচন বন্ধ কৰি দিয়া হৈছে। ইয়াৰে পৰা ৰেকযুক্ত ৰেলপথ আৰম্ভ হৈছে। ষ্টেচন এৰাৰ পিছতে ৰেলে ৮.৩৩%ৰ উচ্চঢাল বগাবলৈ আৰম্ভ কৰে।
- আডেৰ্লি ষ্টেচন: যাত্ৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে যদিও ভাপ ইঞ্জিনত পানী ভৰাবলৈ ৰেল ইয়াত ৰয়।
- হিলগ্ৰোভ ষ্টেচন: পানী ভৰোৱা হয়; লগতে যাত্ৰীসকলে জা-জলপান গ্ৰহণ কৰে।
- ৰুণিমেডে ষ্টেচন: ইঞ্জিনত পানী ভৰোৱা হয়; কিন্তু যাত্ৰীৰ বাবে ষ্টেচন বন্ধ কৰি দিয়া হৈছে।
- কাটেৰি ৰ'ড ষ্টেচন: বন্ধ কৰি দিয়া হৈছে।
- কুনুৰ ষ্টেচন: ৰেলপথচোৱাৰ মুখ্য মধ্যৱৰ্তী ষ্টেচন। ইঞ্জিন মেৰামতি কাৰখানা আছে। ইয়াতে ৰেক-ৰেলৰ সমাপ্তি হয় আৰু ভাপ ইঞ্জিন আঁতৰাই উটিলৈ ডি়জেল ইঞ্জিন সংযোগ কৰা হয়।
- ৱেলিংটনছ:
- আৰুৱানকাডু ষ্টেচন
- কেট্টি ষ্টেচন
- লভডেল ষ্টেচন:
- উধাগামণ্ডলম (উটি) ষ্টেচন
ভাৰতৰ অন্য পৰ্যটন ৰেল[সম্পাদনা কৰক]
- পেলেচ অন হুইল
- ৰয়েল ৰাজস্থান অন হুইলচ্
- দ্য গোল্ডেন চেৰিয়ট
- ডেক্কান অ'ডিচি
- দাৰ্জিলিং হিমালয়ান ৰেলৱে
- কালকা-চিমলা ৰেলৱে
- কাংগ্ৰা ভেলী ৰেলৱে
- মাথেৰান পাৰ্বত্য ৰেলৱে
- ফেইৰী কুইন
- ইণ্ডিয়া অন হুইলচ্
- দ্য ইণ্ডিয়ান মহাৰাজ
চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ[সম্পাদনা কৰক]
ভাৰতৰ পাৰ্বত্য ৰেলক বিষয়-বস্তু কৰি বিবিচিয়ে ২০১০ চনত তিনিটা খণ্ডৰ এখন তথ্যচিত্ৰ চিৰি়জ নিৰ্মাণ কৰিছিল।[4] ইয়াৰে দ্বিতীয় খণ্ডত নীলগিৰি পাৰ্বত্য ৰেলক সামৰি লোৱা হৈছিল। প্ৰথম খণ্ডটো দাৰ্জিলিং হিমালয়ান ৰেলৱেক লৈ আৰু শেহৰ খণ্ডটো আছিল কালকা-চিমলা ৰেলৱেক লৈ। তৰুণ ভাৰ্টিয়া, হিউগো স্মিথ আৰু নিক মেটিংলি ছবিখনৰ পৰিচালক আছিল। প্ৰযোজনা কৰিছিল গেৰী ট্ৰ'য়নাই। তথ্যচিত্ৰৰ চিৰিজটোৱে ১০১০ চনৰ ইউ.কে. ৰয়েল টেলিভিচন ছোচাইটি বঁটা লাভ কৰিছিল।[5]
ডেভিদ লীনৰ এ পেচেজ টু ইণ্ডিয়া ছবিত কুনুৰ ষ্টেচনক এটা লোকেচন হিচাপে ব্যৱহাৰ কৰিছিল। [1] মালায়ালাম ছবি "চামাৰ ইন বেথেলহাম"ত কেটি ষ্টেচনত দৃশ্যগ্ৰহণ কৰা হৈছিল।
লগতে চাওক[সম্পাদনা কৰক]
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ "Mountain Railways of India". UNESCO. http://whc.unesco.org/en/list/944/। আহৰণ কৰা হৈছে: 1 March 2010.
- ↑ 2.0 2.1 Indian Hill Railways: The Nilgiri Mountain Railway (TV) (in English). BBC. 21 February 2010. Retrieved 1 March 2010.
- ↑ NMR added as a World Heritage Site
- ↑ "Indian Hill Railways". BBC. http://www.bbc.co.uk/programmes/b00qzzlm#synopsis। আহৰণ কৰা হৈছে: 28 February 2010.
- ↑ "Documentary on Hill railways of India bags UK award". Express India. http://www.expressindia.com/latest-news/documentary-on-hill-railways-of-india-bags-uk-award/636391/। আহৰণ কৰা হৈছে: 19 September 2010.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত নীলগিৰি পাৰ্বত্য ৰেলৱে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- 'নীলগিৰি পাৰ্বত্য ৰেল' বিষয়ক বিবিচি নিৰ্মিত তথ্যচিত্ৰ
- Nilgiri Mountain Railway Tour Guide and Photos
- Indian railways site on the NMR
- Images and info
- Toy train chugs on
- Ooty train Photographs
- 20 photos between Ooty and Coonoor
- The toy train chugs on
- International Working Steam [2]