কালকা-চিমলা ৰেলৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ভাৰতৰ পাৰ্বত্য ৰেল
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

তাৰাদেৱী ষ্টেচনত শিৱালিক ডিলাক্স এক্সপ্ৰেছ

দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iv
উদ্ধৃতি ৯৪৪
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৯৯ (২৩তম অধিবেশন)
বিস্তাৰসমূহ ২০০৫; ২০০৮

কালকা-চিমলা ৰেলৱে উত্তৰ-পশ্চিম ভাৰতৰ কালকা আৰু চিমলাৰ মাজত পৰ্বতীয়া পথেৰে চলাচল কৰা এটা নেৰগজ ৰেলসেৱা। পাহাৰ আৰু চৌপাশৰ মনোমোহা সৌন্দৰ্যৰ এই ৰেলসেৱা বিশেষভাৱে জনাজাত। ব্ৰিটিছ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী চিমলাক ভাৰতীয় ৰেল প্ৰণালীটোৰ সৈতে সংযোগ কৰিবলৈ কালকা-চিমলা ৰেলপথ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান চিমলা হিমাচল প্ৰদেশৰ ৰাজধানী আৰু কালকা হাৰিয়ানা ৰাজ্যৰ পঞ্চকুলা জিলাৰ এখন নগৰ। সমগ্ৰ পথচোৱাৰ চকু জুৰোৱা সৌন্দৰ্য আৰু আশ্চৰ্যজনক নিৰ্মাণ-কাৰ্যই ভ্ৰমণকাৰীক নিৰ্বাক কৰি ৰাখে।

ইতিহাস[সম্পাদনা কৰক]

ইংগ-গোৰ্খা যুদ্ধৰ পিছতে ১৮১৯ চনত ব্ৰিটিছে চিমলাক চামিল কৰিছিল। সেই সময়ত এই ঠাইখন শ্যামলা দেৱীৰ মন্দিৰৰ বাবে জনা গৈছিল। চেমলাত স্কটলেণ্ডদেশীয় অসামৰিক সেৱাৰ বিষয়া চাৰ্লচ্ প্ৰেট কেনেডীয়ে (Charles Pratt Kennedy ) ১৮২২ চনত প্ৰথম ব্ৰিটিছ গ্ৰীষ্ম নিবাস নিৰ্মাণ কৰে। ১৮২৩ ৰ পৰা ১৮২৮ লৈ বংগৰ গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লৰ্ড আৰ্মহাৰ্ষ্টে ১৮২৭ত ইয়াতে এটা গ্ৰীষ্ম শিৱিৰ স্থাপন কৰে।[1] ১৮৬৪ত ই ব্ৰিটিছ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী হয়। তদুপৰি ই ব্ৰিটিছ সেনাৰ মু্খ্য কাৰ্যালয়ো আছিল।[2]

১৮৯৮ত দেলহী-আম্বালা ৰেলৱে কোম্পানীয়ে কালকা-চিমলা সংযোগী এটা দুই ফুট (৬১০ মিঃমিঃ) বহল নেৰ'গজ ৰেলপথৰ নিৰ্মাণ-কাৰ্য আৰম্ভ কৰে আৰু ১৯০৩ চনৰ ৯ নবেম্বৰৰ দিনা পথচোৱা ৰেল চলাচলৰ বাবে মুকলি কৰে। [2] অধিক পৰিমাণৰ মূলধন বিনিয়োগ আৰু তদাৰকী খৰচৰ বাবে অন্য ৰেলসেৱাবোৰতকৈ কালকা-চিমলা ৰেলৱেক উচ্চ নিৰিখৰ ভাৰা আদায় কৰিবলৈ অনুমোদন জনোৱা হৈছিল। স্বাভাৱিকতে কোম্পানীটো বৰ্তি থকাৰ বাবে এই ব্যৱস্থা অনুকূল নাছিল আৰু ১৯০৬ চনৰ ১ জানুৱাৰীত কালকা-চিমলা ৰেলৱেক চৰকাৰে ১,৭১,০৭,৭৪৮ টকাৰ বিনিময়ত কিনি লৈছিল। ১৯০৫ চনত ভাৰতীয় সমৰ বিভাগৰ গাইড-লাইন অনুসৰি সমগ্ৰ ৰাজকীয় নেৰ'গজ ৰেল পদ্ধতিটোৰ সমতা আনিবলৈ ৰেলপথটো ২ ফুট ৬ ইঞ্চিৰ নেৰ'গজলৈ ৰূপান্তৰিত কৰে। ২০০৭ৰ মাজভাগত হিমাচল প্ৰদেশ চৰকাৰে কালকা-চিমলা ৰেলৱেই যাতে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পোৱাৰ সুযোগ লাভ কৰে, তাৰ প্ৰতি দৃষ্টি ৰাখি ইয়াক ঐতিহ্যবাহী সম্পদ ৰূপে ঘোষণা কৰে।[3] বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাছনিৰ বাবে ২০০৭ চনৰ ১১ চেপ্তেম্বৰত ইউনেস্কোৰ এটা বিশেষজ্ঞ দলে এই ৰেলৱে পৰিদৰ্শন আৰু পুনৰীক্ষণ কৰে। ২০০৮ চনৰ ৭ জুলাইৰ দিনা ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ভাৰতীয় পাৰ্বত্য ৰেলৰ এটা অংশ ৰূপে অন্তৰ্ভুক্ত হয়।[4][5]

আন্তঃ-গাঁথনি[সম্পাদনা কৰক]

ষ্টেচন[সম্পাদনা কৰক]

চোলান ষ্টেচনত এখন যাত্ৰীবাহী ৰেল
কালকা-চিমলা ৰেলপথৰ অন্যতম ডাঙৰ দলং এখনৰ ওপৰেৰে এখন যাত্ৰীবাহী ৰেল অতিক্ৰম কৰিছে
কালকা-চিমলা ৰেলৱে
সাঁচ:BS-alt
০ কিঃমিঃ কালকা
সাঁচ:BS-alt
৬ কিঃমিঃ টাকশাল
সাঁচ:BS-alt
১১ কিঃমিঃ গুম্মান
সাঁচ:BS-alt
১৭ কিঃমিঃ কোটী
সাঁচ:BS-alt
২৭ কিঃমিঃ সোণৱাৰা
সাঁচ:BS-alt
৩৩ কিঃমিঃ ধৰমপুৰ
সাঁচ:BS-alt
৩৯ কিঃমিঃ কুমাৰহাট্টি
সাঁচ:BS-alt
৪৩ কিঃমিঃ বাৰোগ
সাঁচ:BS-alt
৪৭ কিঃমিঃ চোলান
সাঁচ:BS-alt
৫৩ কিঃমিঃ সালোগ্ৰা
সাঁচ:BS-alt
৫৯ কিঃমিঃ কান্দাঘাট
সাঁচ:BS-alt
৬৫ কিঃমিঃ কনোহ
সাঁচ:BS-alt
৭৩ কিঃমিঃ কাঠলিঘাট
সাঁচ:BS-alt
৭৮ কিঃমিঃ সোঘী
সাঁচ:BS-alt
৮৫ কিঃমিঃ তাৰাদেৱী
সাঁচ:BS-alt
৯০ কিঃমিঃ টোটু (জুটোঘ)
সাঁচ:BS-alt
৯৩ কিঃমিঃ চামাৰ হিল
সাঁচ:BS-alt
৯৬ কিঃমিঃ চিমলা

কালকা-চিমলা ৰেলপথৰ সকলো মধ্যৱৰ্তী ষ্টেচন একোখন দলঙৰ ওচৰত অৱস্থিত। দলঙৰ নিৰ্মাণ-কাৰ্য চলি থকা সময়ত এই ষ্টেচনবোৰ আছিল শ্ৰমিকসকলৰ জিৰণি লোৱা স্থান। পিছলৈ শ্ৰমিকৰ জিৰণি লোৱা স্থানকে ষ্টেচনলৈ পৰিবৰ্তন কৰা হৈছিল। কেইটামান মধ্যৱৰ্তী ষ্টেচন আৰ্থিকভাবে লাভজনক নোহোৱা বাবে বন্ধ কৰি দিয়া হৈছে। বহুকেইটা সৰু ষ্টেচনৰ মাহেকীয়া টিকেট বিক্ৰিৰ পৰিমাণ মাহে ৫০০ টকাতকৈয়ো কম যদিও 'জালবি' ষ্টেচনৰ লেখিয়া দুই-এটা ষ্টেচনহে বন্ধ কৰি দিয়া হৈছে। কোটি ষ্টেচনৰ মাহেকীয়া বিক্ৰীৰ পৰিমাণ অতি সামান্য যদিও ৰেল চালনাৰ প্ৰয়োজনতহে এই ষ্টেচনটো বন্ধ কৰা হোৱা নাই। বৰ্তমান কালকা-চিমলা ৰেলপথৰ মুঠ ষ্টেচনৰ সংখ্যা ১৮ টা।[6]

সুৰঙ্গ[সম্পাদনা কৰক]

আৰম্ভণিতে কালকা-চিমলা ৰেলপথচোৱাত ১০৭টা সুৰঙ্গ নিৰ্মাণ কৰা হৈছিল। ১৯৩০ চনত ইয়াৰে ৪টা পৰিত্যাগ কৰাত ১০৩টা সুৰঙ্গ থাকিল। ২০০৬ চনত ৪৬ নং সুৰঙ্গটো ভাঙি পেলোৱা হয়। সেয়েহে বৰ্তমান ১০২টা সুৰঙ্গহে ব্যৱহাৰ হৈ আছে।

আটাইতকৈ দীঘল সুৰঙ্গটো বাৰোগত আছে। এই সুৰঙ্গটোৰ সৈতে এটা দুখজনক কাহিনী জড়িত হৈ আছে। দক্ষ অভিযন্তা কৰ্ণেল বাৰোগ ইয়াৰ নিৰ্মাণৰ দায়িত্বত আছে। তেখেতে পাহাৰৰ দুই মূৰৰ পৰা সুৰঙ্গটো খান্দি আহিছিল। কিন্তু এলাইনমেণ্টৰ ভুলৰ বাবে মূৰ দুটা লগ নালাগিল। ব্ৰিটিছ কৰ্তৃপক্ষই এই ভুলৰ বাবে অভিযন্তাগৰাকীক ১ টকা জৰিমনা বিহিলে। যদিও জৰিমনাৰ ধন নিচেই সামান্য আছিল, তথাপি আত্মাভিমানী অভিযন্তাগৰাকীয়ে এই ঘটনাৰ বাবে প্ৰচণ্ড দুখ পাই আত্মহত্যা কৰিলে। পিছলৈ ব্ৰিটিছ কৰ্তৃপক্ষই তেখেতৰ স্মৃতিত এই সুৰঙ্গটোৰ ওচৰৰ ষ্টেচনটোৰ নাম বাৰোগ ৰাখিলে।[7] বাৰোগৰ মৃত্যুৰ পিছত মুখ্য অভিযন্তা এইচ এচ হাৰ্লিংটনে ভালকু নামৰ এজন স্থানীয় সাধুৰ নিৰ্দেশনা মৰ্মে আগৰটোৰ এক কিলোমিটাৰমান আঁতৰত এটা নতুন সুৰঙ্গৰ খনন-কাৰ্য চলাই সফলতা লাভ কৰে। এই সুৰঙ্গটোৰ খনন-কাৰ্যত ভালকুৱে প্ৰাকৃতিক অভিযান্ত্ৰিক জ্ঞানৰ প্ৰয়োগ কৰিছিল। কোৱা হয় যে সাধুজনাই এই পথচোৱাৰ অন্যান্য সুৰঙ্গসমূহৰ খনন-কাৰ্যতো ব্ৰিটিছ চৰকাৰক সহায় কৰিছিল। 'চিমলা গেজেট'ৰ মতে ভাৰতৰ ভাইচৰয়ে এটা মেডেল আৰু এটা পাগুৰিৰে ভালকুক সন্মান যাঁচিছিল।[6][8]

ৰেলপথ আৰু দলং[সম্পাদনা কৰক]

হিমালয়ান কুইনে এটা সুৰঙ্গত প্ৰবেশ কৰিছে

কালকা-চিমলা ৰেলপথটোত ৮৬৪খন দলং আছে। ইয়াৰে মাত্ৰ এখন প্লেট গাৰ্ডাৰ দলং, যাৰ দৈৰ্ঘ্য ১৮.২৯ মিটাৰ (৬০ ফুট। আনবোৰ প্ৰাচীন ৰোমৰ একুৱাডাক্টৰ দৰে বহু স্তম্ভযুক্ত ঘূৰণীয়া গাঁথনিৰ দলং। ঐতিহাসিকভাবে "আৰ্ছ্ গেলাৰী" (arch gallery ) বুলি জনাজাত কান্দাঘাট আৰু কানোহ ষ্টেচনৰ মাজত থকা ৮৬৪ নম্বৰৰ দলংখন এখন শিলেৰে নিৰ্মিত, তিনিখলপীয়া ঘূৰণীয়া গাঁথনিৰ দলং। সোণাৱাৰা আৰু ধৰ্মপুৰ ষ্টেচনৰ মাজত থকা ২২৬ নম্বৰ দলংখন এটা গভীৰ উপত্যাকাৰ ওপৰেৰে শিলেৰে নিৰ্মাণ কৰা বহু স্তম্ভযুক্ত পাঁচ খলপীয়া এখন ঘূৰণীয়া গাঁথনিৰ দলং।

এই পথটোৰ ruling gradient ৩৩ ৰ ভিতৰত ১ বা ৩%। মুঠ ভাঁজ (curve) আছে ৯১৯টা। আটাইতকৈ চোকা ভাঁজটো ৪৮ ডিগ্ৰীৰ, যাৰ ব্যাসাৰ্দ্ধ ৩৭.৪৭ মিটাৰ বা ১২২.৯৩ ফুট। পথটো ৬৫৬ মিটাৰ উচ্চতাৰ পৰা আৰোহণ কৰি চিমলাত ২০৭৬ মিটাৰ উচ্চতা পায়গৈ। আৰম্ভণিতে ইয়াত ২১কিঃগ্ৰা/মিঃ চিৰি (Rail track) ব্যৱহাৰ কৰা হৈছিল যদিও পিছলৈ ৩০কিঃগ্ৰা/মিঃৰ চিৰি বহুওৱা হয়। [2]

চলন্ত সম্পদ[সম্পাদনা কৰক]

ইঞ্জিন[সম্পাদনা কৰক]

কালকা-চিমলা ৰেলৰ প্ৰথম ইঞ্জিন আছিল দুটা "B" শ্ৰেণীৰ 0-4-0ST ইঞ্জিন, যি দুটা দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ পৰা অনা হৈছিল। ইঞ্জিন দুটা ২ ফুট (৬১০ মিঃমিঃ) গজৰ বাবে নিৰ্মাণ কৰা হৈছিল, কিন্তু ১৯০১ চনত এইকেইটাক ২ ফুট ৬ ইঞ্চিৰ (৭৬২ মিঃমিঃ) গজলৈ পৰিবৰ্তন কৰা হয়। পিছে ইঞ্জিন দুটা সিমান উপযুক্ত নাছিল বাবে ১৯০৮ চনত এইকেইটা বিক্ৰী কৰি দিয়া হয়। ১৯০২ চনত সামান্য ডাঙৰ জোখৰ চকাৰ ১০টা 0-4-2T ইঞ্জিন অনা হয়। ৩০" ৰ (৭৬২ মিঃমিঃ) ড্ৰাইভিং হুইল আৰু ১২"x১৬" ৰ (৩০৪.৮ মিঃমিঃ x ৪০৬.৪ মিঃমিঃ) চিলিণ্ডাৰযুক্ত এই ইঞ্জিনকেইটাৰ প্ৰতিটোৰ ওজন আছিল ২১.৫ টন। নিৰ্মাণ কৰিছিল এটা ব্ৰিটিছ কোম্পানী ছাৰ্প, ষ্টিৱাৰ্ট এণ্ড কোম্পানীয়ে। পিছলৈ নৰ্থ ৱেষ্টাৰ্ণ ষ্টেট ৰেলৱেই এইকেইটাক "বি" শ্ৰেণীভূক্ত কৰিছিল।[9]

2-6-2T ইঞ্জিনৰ ৰূপত ডাঙৰ ইঞ্জিনৰ আগমন হৈছিল। ইয়াৰে ৩০টা সামান্য পৃথক গঢ়ত নিৰ্মাণ কৰা হৈছিল। নিৰ্মাণকৰ্তা আছিল হানচলেট ইঞ্জিন কোম্পানী আৰু নৰ্থ ব্ৰিটিছ লোকোমোটিভচ্ কোম্পানী। ৩০" ৰ (৭৬২ মিঃমিঃ) ড্ৰাইভিং হুইল আৰু ১৪"x১৬" ৰ (৩৫৫.৬ মিঃমিঃ x ৪০৬.৪ মিঃমিঃ) চিলিণ্ডাৰযুক্ত এই ইঞ্জিনকেইটাৰ প্ৰতিটোৰ ওজন আছিল প্ৰায় ৩৫ টন। পিছলৈ নৰ্থ ৱেষ্টাৰ্ণ ষ্টেট ৰেলৱেই ইয়াক "কে" আৰু "কে ২" শ্ৰেণীভূক্ত কৰিছিল। এই ইঞ্জিনবোৰেই ভাপযুগত ৰেল পৰিবহণ সুচাৰুৰূপে চলাই ৰাখিছিল। ১৯২৮ চনত দুটা "টি ডি" শ্ৰেণীৰ ৬৮ টন ওজনৰ কিটছন-মেয়েৰ ২-৬-২+২-৬-২ আৰ্টিকুলেটেড ৰেল ইঞ্জিন অনা হৈছিল। কিন্তু এই ইঞ্জিন বেছি দিন নচলিল আৰু কম দিনৰ ভিতৰতে এই দুটাক কাংগ্ৰা ভেলী ৰেলৱেলৈ যোৱা হ'ল। ভাপ ইঞ্জিনৰ নিয়মীয়া সেৱা ১৯৭১ চনত অন্ত পৰিল।[9]

আৰ্ণল্ড জাং লোকোমোটিভ ৱৰ্কচে নিৰ্মাণ কৰা ZDM-1 শ্ৰেণীৰ ইঞ্জিনেৰে কালকা-চিমলা ৰেলৱেত ১৯৫৫ চনত প্ৰথম ডিজেল ইঞ্জিনৰ প্ৰচলন হয়। ১৯৭০ চনত এই ইঞ্জিনবোৰৰ ২ ফুট নেৰ'গজলৈ পৰিবৰ্তন কৰি নতুনকৈ NDM-1 শ্ৰেণীভূক্ত কৰা হয় আৰু মাথেৰান পৰ্বতীয়া ৰেলত ব্যৱহাৰৰ বাবে প্ৰেৰণ কৰা হয়। ১৯৬০ চনত Maschinenbau Kiel (MaK) নিৰ্মিত ZDM-2 ইঞ্জিনৰ প্ৰচলন হয়। পিছলৈ অন্যান্য ৰেলসেৱালৈ এই ইঞ্জিনবোৰ বদলি কৰা হয়। বৰ্তমান এই ৰেলপথত চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কচ্ত ১৯৭০ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত নিৰ্মিত ZDM-3 শ্ৰেণীৰ ডিজেল-হাইড্ৰ'লিক ইঞ্জিন (৫২২ kW, ৫০ কিঃমিঃ /ঘণ্টা) চলি আছে।[10] একে শ্ৰেণীৰ ডুৱেল কাৱ ব'ডীৰ, সন্মুখৰ ৰেলপথ বেছি ভালকৈ দেখা পোৱাৰ সুবিধা থকা ৬টা ইঞ্জিন ২০০৮/২০০৯ চনত শেহতীয়া যন্ত্ৰাংশ ব্যৱহাৰ কৰি মুম্বাইৰ পেৰলত অৱস্থিত মধ্য ৰেলৱে ইঞ্জিন কাৰখানাত নিৰ্মাণ কৰা হয়।[11]

ডবা[সম্পাদনা কৰক]

প্ৰথমে কালকা-চিমলা ৰেলত ৪টা পৰম্পৰাগত যাত্ৰীবাহী ডবা ব্যৱহাৰ কৰা হৈছিল। এটা 2-6-2T ইঞ্জিনে ৪টা ডবাৰ ভাৰহে কঢ়িয়াবলৈ সক্ষম হৈছিল। ১৯০৮ চনত ডবাৰ ওজন হ্ৰাস কৰি ৰেলৰ ভাৰবহন ক্ষমতা বঢ়াবলৈ ডবাবোৰ ৩৩ ফুট দীঘল আৰু ৭ ফুট বহলকৈ ষ্টীলেৰে পুনৰ্নিমাণ কৰা হৈছিল। ডবাৰ ওজন আৰু হ্ৰাস কৰিবলৈ ডবাৰ চালত এলুমিনিয়াম ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ফলত এটা ইঞ্জিনে ৬ টাকৈ আহল-বহল ডবা কঢ়িয়াবলৈ সক্ষম হৈছিল। ডবাৰ ওজন হ্ৰাস কৰিবলৈ ষ্টীল ব্যৱহাৰ কৰা পদ্ধতিৰ তেতিয়া আৰম্ভণি হৈছিলহে মাথো।[2]

মালবাহী ডবাবোৰ সাধাৰণ প্ৰেছড্ ষ্টীলেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ জোখ আছিল ৩০ ফুট দীঘল আৰু ৭ ফুট বহল। মুকলি আৰু বন্ধ দুয়োধৰণৰ ডবাই নিৰ্মাণ কৰা হৈছিল। মুকলি ডবাৰ ভাৰবহন ক্ষমতা আছিল ১৯ টন আৰু বন্ধ ডবাৰ ভাৰবহন ক্ষমতা আছিল ১৭.৫ টন।[2]

ৰেলসেৱা[সম্পাদনা কৰক]

The toy train at Barog Station.

কালকা আৰু চিমলা ষ্টেচনৰ মাজত ৫খন ৰেলে চলাচল কৰে।[12]

  1. ৫২৪৫১/৫২৪৫২ শিৱালিক ডিলাক্স এক্সপ্ৰেছ :- 'হাওৰা-কালকা এক্সপ্ৰেছ' সংযোগী, নেৰ'গজ ৰেলৰ প্ৰথম চুপাৰ-ফাষ্ট বিলাসবহুল ৰেল। যাত্ৰীলৈ আহাৰ যোগান ধৰা হয়। মাত্ৰ বাৰোগ ষ্টেচনতহে ৰয়।
  2. ৫২৪৫৩/৫২৪৫৪ কালকা চিমলা এক্সপ্ৰেছ :- প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী বৈঠক আৰু অসংৰক্ষিত দ্বিতীয় শ্ৰেণীৰ আসনযুক্ত এখন এক্সপ্ৰেছ ৰেল।
  3. ৫২৪৫৫/৫২৪৫৬ হিমালয়ান কুইন :- চকীযান শ্ৰেণীৰ আসনযুক্ত দিল্লী-কালকাৰ মাজত চলাচল কৰা 'হিমালয়ান কুইন' সংযোগী ৰেল।
  4. ৫২৪৫৭/৫২৪৫৮ কালকা চিমলা যাত্ৰীবাহী :- প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী বৈঠক আৰু অসংৰক্ষিত দ্বিতীয় শ্ৰেণীৰ আসনযুক্ত এখন যাত্ৰীবাহী ৰেল। # ৭২৪৫১/৭২৪৫২ ৰেল মটৰ :- উচ্চ শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে প্ৰচলন কৰা একমাত্ৰ প্ৰথম শ্ৰেণীৰ আসনযুক্ত ৰেলবাচ।

আই.আৰ.চি.টি.চিয়ে কালকা-চিমলা পথত পৰ্যটকৰ বাবে ৩খন পৰ্যটন ৰেল চলায়। সেইকেইখন হ'ল-[13]

  1. শিৱালিক পেলেচ টুৰিষ্ট কোচ(RA-4)
  2. শিৱালিক কুইন (RA-67)
  3. টুইন হেৰিটেজ কোচ

দৃশ্য-শ্ৰাব্য মাধ্যমত কালকা-চিমলা ৰেল[সম্পাদনা কৰক]

তথ্যচিত্ৰ[সম্পাদনা কৰক]

ব্ৰিটিছ ব্ৰডকাষ্টং কৰ্পোৰেচনে ভাৰতৰ পাৰ্বত্য ৰেলক বিষয়-বস্তু হিচাপে লৈ ৩টা খণ্ডৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। ইয়াৰে প্ৰথম খণ্ডৰ বিষয়-বস্তু আছিল দাৰ্জিলিং হিমালয়ান ৰেলেৱে। আনহাতে তৃতীয় খণ্ডৰ বিষয়-বস্তু আছিল কালকা-চিমলা ৰেলৱে, যিটো খণ্ড বিবিচি ফ'ৰ চেনেলত ২০১০ৰ ফ্ৰেব্ৰুৱাৰীত আৰু বিবিচি টু চেনেলত ২০১০ৰ এপ্ৰিলত প্ৰদৰ্শিত হৈছিল। ইয়াৰ পৰিচালক আৰু প্ৰযোজক আছিল ক্ৰমে হিউগো স্মিথ আৰু গেৰী ট্ৰ'য়না।[14]

বোলছবিৰ গীতৰ চিত্ৰায়ন[সম্পাদনা কৰক]

দোস্ত (১৯৭৪) ছবিৰ 'গাড়ী বুলা ৰহী হ্যায়'[15] লাভ ইন চিমলা (১৯৬০) ছবিৰ 'দিল থাম চলে হাম আজ কিধৰ'[16] আৰু বয় ফ্ৰেণ্ড (১৯৬১) ছবিৰ মুঝে 'অপনা য়াৰ বনা লো' শীৰ্ষক গীতকেইটা কালকা-চিমলা ৰেলত চিত্ৰায়ন কৰা হৈছিল[17]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উত্স[সম্পাদনা কৰক]

  1. "কালকা-চিমলা ৰেলৱেৰ ইতিহাস". ভাৰতীয় ৰেল. http://www.indianrail.gov.in/hill_Trains.html। আহৰণ কৰা হৈছে: January 14, 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 "Engineer" journal article, circa 1915, reprinted in Narrow Gauge & Industrial Railway Modelling Review, no. 75, July 2008
  3. "HP declares Kalka–Shimla Railway as 'heritage' property". The Hindu. 2007-08-13. Archived from the original on 2008-09-27. https://web.archive.org/web/20080927210127/http://www.hindu.com/thehindu/holnus/004200708130322.htm। আহৰণ কৰা হৈছে: 2007-08-13. 
  4. "Kalka–Shimla Railway makes it to Unesco’s World Heritage list". The Hindu Business Line. 2008-07-09. http://www.thehindubusinessline.com/2008/07/09/stories/2008070951530700.htm। আহৰণ কৰা হৈছে: 2008-07-10. 
  5. http://www.outlookindia.com/pti_print.asp?id=494079
  6. 6.0 6.1 Khanna, Ruchika M. (June 5, 2003). "Whistling through woods, the romance continues". The Tribune, Chandigarh. http://www.tribuneindia.com/2003/20030605/edit.htm। আহৰণ কৰা হৈছে: 2012-08-15. 
  7. Singh, Jagmeet. "Man behind Barog tunnel lies forgotten". The Tribune, Chandigarh. http://www.tribuneindia.com/2002/20020615/windows/main4.htm। আহৰণ কৰা হৈছে: 2008-09-01. 
  8. Chauhan, Pratibha (Oct 9, 2011). "A leaf from history: ...Shimla’s Baba Bhalku Rail Museum". The Sunday Tribune, Chandigarh. http://www.tribuneindia.com/2011/20111009/spectrum/main5.htm। আহৰণ কৰা হৈছে: 2012-08-15. 
  9. 9.0 9.1 Hughes, Hugh 1994 Indian Locomotives Pt. 3, Narrow Gauge 1863-1940. Continental Railway Circle.
  10. Description of narrow gauge diesel locomotives by IRFCA
  11. Central Railway: NG Loco for Kalka Simla, NR
  12. "TRAINS BETWEEN KLK & SML". IR. http://indiarailinfo.com/search/kalka-klk-to-shimla-sml/1982/0/2862। আহৰণ কৰা হৈছে: February 05, 2013. 
  13. "TOURIST TRAINS". IRCTC. Archived from the original on December 27, 2012. https://web.archive.org/web/20121227090235/http://www.railtourismindia.com/cgi-bin/dev1.dll/irctc/booking/charter.jsp। আহৰণ কৰা হৈছে: February 05, 2013. 
  14. "Indian Hill Railways". BBC. http://www.bbc.co.uk/programmes/b00qzzlm#synopsis। আহৰণ কৰা হৈছে: 28 February 2010. 
  15. "Kishore Kumar - Gaadi Bula Rahi Hai - Dost (1974)". http://www.youtube.com/watch?v=i46jlVrrwdQ। আহৰণ কৰা হৈছে: 2012-08-15. 
  16. "Love In Simla (1960) - Dil Tham Chale Hum Aaj Kidhar - Mohammed Rafi". http://www.youtube.com/watch?v=wrUE_13aVvQ। আহৰণ কৰা হৈছে: 2012-08-15. 
  17. "Boyfriend (1961) - Mujhe Apna Yaar Bana Lo - Mohammed Rafi". http://www.youtube.com/watch?v=DhQEOuyWEG4। আহৰণ কৰা হৈছে: 2012-08-15. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]