সমললৈ যাওক

ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ পৰা পুনঃনিৰ্দেশিত)

২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল ২৯ টা।[1] ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান।[2] ১৯৭২ চনৰ ১৭ অক্টোবৰ পৰা ২২ নবেম্বৰ পৰ্যন্ত ইউনেস্কোৰ এটি সাধাৰণ সম্মিলনৰ পাছত ১৯৯৭ চনৰ ১৭ নবেম্বৰত বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী স্থানসমূহ সংৰক্ষণাৰ্থে উক্ত চনদটো গৃহীত হৈছিল। চনদত মুঠ ২৮টা অনুচ্ছেদ আছে। সাধাৰণভাবে স্মাৰক, স্মাৰকস্থল আৰু স্মাৰক স্তম্ভ বা কেন্দ্ৰসমূহ সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে প্ৰথম অনুচ্ছেদত বৰ্ণিত হৈছে। দ্বিতীয় অনুচ্ছেদত প্ৰাকৃতিক বিশেষত্ব, ভূতাত্বিক আৰু প্ৰাকৃতিক ভূগোল সংক্ৰান্ত স্থান আৰু প্ৰাকৃতিক স্থলসমূহক প্ৰাকৃতিক ঐতিহ্যবাহী স্থান আখ্যা দিয়া হৈছে। এই পৰ্যন্ত বিশ্ব ঐতিহ্য তালিকাত মুঠ ৯১১টা সম্পত্তি আছে। তৰে ৭১১টা সাংস্কৃতিক স্থান, ১৮০টা প্ৰাকৃতিক স্থান আৰু ২৭টা মিশ্ৰ সম্পত্তি। ভাৰত সহ ১৫২খন দেশ লৈ আছে এই স্থান সমূহ আছে।[3] ভাৰত সহ ১৮৭খন দেশে এই চনদত সাক্ষৰ কৰিছে। ভাৰতে এই চনদত সাক্ষৰ কৰে ১৯৭৭ চনৰ ১৪ নবেম্বৰত।[4]

লালকিল্লা

আগ্ৰা কিল্লা আৰু অজন্তা গুহা সৰ্বপ্ৰথম ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পায়। ১৯৮৩ চনত সপ্তম বিশ্ব ঐতিহ্য অধিবেশনত উক্ত স্থানদুটা বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছিল। পৰৱৰ্তী বছৰসমূহত আৰু ২৬টা কেন্দ্ৰৰ নাম এই তালিকাত যুক্ত হয়। ২০১০ চনত বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত জয়পুৰৰ যন্তৰ মন্তৰ দেশৰ সাম্প্ৰতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ভাৰতৰ ২৯টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মাজত ২৩টা সাংস্কৃতিক কেন্দ্ৰ আৰু অৱশিষ্ট ৬টা প্ৰাকৃতিক কেন্দ্ৰ। ইয়াৰোপৰি ৩৩টা কেন্দ্ৰ বা সম্পত্তিৰ নাম ভাৰতৰ সম্ভাব্য বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিছে।[1]

ভাৰতৰ মানচিত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ

[সম্পাদনা কৰক]
ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ is located in India
ভাৰতবৰ্ষত বিশ্ব ঐতিহ্যবাহী স্থানসমূহৰ অৱস্থিতি ( প্ৰ     )

ঐতিহ্যবাহী স্থানসমূহৰ তালিকা

[সম্পাদনা কৰক]

নিম্নলিখিত সাৰণিত প্ৰতিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া হল:

নাম: অসমীয়া নাম আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কমিটিৰ তালিকাভুক্ত ইংৰাজী নাম (বন্ধনীত)
অঞ্চল: সংশ্লিষ্ট ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চল। ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলৰ নাম
সময়: প্ৰাচীনতম, সাধাৰণ নিৰ্মাণকাল
ইউনেস্কো তথ্য: স্থানৰ ৰেফাৰেন্স সংখ্যা; বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিলাভৰ বছৰ; যিটো বিভাগত স্বীকৃতিলাভ: (i) পৰা (vi) বিভাগৰ মাজত হ'লে সাংস্কৃতিক আৰু (vii) পৰা (x) বিভাগৰ মাজত হ'লে প্ৰাকৃতিক
বৰ্ণনা: অঞ্চলটোৰ সাধাৰণ বৰ্ণনা
  † চিহ্নিত কেন্দ্ৰসমূহ "বিপন্ন"

ইউনেস্কোৱে ভাৰতৰ কোনো বিশ্ব ঐতিহ্য ক্ষেত্ৰকে "বিপন্ন" ঘোষণা কৰা নাই।

নাম চিত্ৰ অঞ্চল সময় ইউনেস্কোৰ তথ্য বৰ্ণনা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসম
(Kaziranga Wild Life Sanctuary, Assam)
এশিঙীয়া গড় অসম, ভাৰত বিংশ শতাব্দী ৩৩৭; ১৯৮৫; ix, x কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ ব্ৰহ্মপুত্ৰ নদী/ব্ৰহ্মপুত্ৰ নদৰ তীৰৰ প্লাবন সমভূমিত অৱস্থিত। ১৯৮৫ চনত ইয়াৰ অদ্বিতীয় প্ৰাকৃতিক পৰিবেশৰ বাবে এই বনাঞ্চল ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। ১৯০৮ চনত গঁড়ৰ বিপন্ন প্ৰজাতিটোক ৰক্ষা কৰাৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে এই উদ্যান প্ৰতিষ্ঠিত হয়। পৰবৰ্তী বছৰসমূহত এই বনাঞ্চল বিভিন্ন পৰিবৰ্তনৰ মাজেৰে অগ্ৰসৰ হয়। ১৯১৬ চনত এই অভয়াৰণ্যৰ নাম হয় "কাজিৰঙা গেম চেংচুৱেৰী। " ১৯৫০ চনত এই অভয়াৰণ্যৰ নাম পৰিবৰ্তন কৰি কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য ৰখা হয়। ১৯৭৪ চনত অভয়াৰণ্যখনে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন ৪২৯৯৬ হেক্টৰ। এই উদ্যান ভাৰতীয় এশিঙীয়া গঁড়ৰ বৃহত্তম আবাসস্থল। গঁড়ৰ উপৰিও একাধিক প্ৰজাতিৰ স্তন্যপায়ী আৰু পক্ষীয়ে এই উদ্যানত বাস কৰে।[5][6][7]
মানস ৰাষ্ট্ৰীয় উদ্যান, অসম
(Manas Wild Life Sanctuary, Assam)
টুপামূৰীয়া বান্দৰ, মানস বন্যপ্ৰাণী অভয়াৰণ্য অসম

মানস বন্যপ্ৰাণী অভয়াৰণ্য

অসম, ভাৰত বিংশ শতাব্দী 338; 1985; vii, ix, x মানস ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য অসমত অৱস্থিত। এই অভয়াৰণ্যৰ আয়তন ৫০০০০ হেক্টৰ। ই হিমালয়ৰ পাদদেশ ভুটান সীমান্তৰ মানস নদী ৰ সমভূমিৰ ভুটানৰ মানস বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষত অৱস্থিত। ১৯৮৫ চনত ইয়াৰ অদ্বিতীয় প্ৰাকৃতিক পৰিবেশৰ বাবে এই বনাঞ্চল ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। এই অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ বৃক্ষ, ২১টা বিপন্ন প্ৰজাতি সহ মুঠ ৫৫টা স্তন্যপায়ী প্ৰজাতি, ৩৬টা সৰীসৃপ প্ৰজাতি, ৩টা উভচৰ প্ৰজাতি আৰু ৩৫০টা পক্ষী প্ৰজাতি আছে। বিপন্ন প্ৰজাতিসমূহৰ মাজত বাঘ, নল গাহৰি, পখৰা বাঘ/ক্লাউডেড লেপাৰ্ড (Clouded Leopard), ভালুক, ভাৰতীয় গঁড়, বনৰীয়া ম'হ, ভাৰতীয় হাতী, সোণালী বান্দৰ আৰু বেঙ্গল ফ্লোৰিকান (Bengal florican) আদি। ১৯০৭ চনত ই সংৰক্ষিত অৰণ্য হিচাপে ঘোষিত হয়। ১৯২৮ চনত ই অভয়াৰণ্য হিচাপে ঘোষিত হয়। ১৯৭৩ চনত "বাঘ প্ৰকল্প"-ৰ অংশ ৰূপে ইয়াক "বাঘ সংৰক্ষণ কেন্দ্ৰ" (Tiger Reserve) ঘোষণা কৰা হয়। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পায়। বাৰ্মা বৰ্ষাৰণ্যৰ ২৮৫টা প্ৰজাতিৰ দ্বিবীজপত্ৰী ( Dicotyledon)আৰু ৯৮টা প্ৰজাতিৰ একবীজপত্ৰী (Monocotyledon) উদ্ভিদ ইয়াত দেখা যায়। ১৯৯২ চনত মানস ৰাষ্ট্ৰীয় উদ্যান "বিপন্ন বিশ্ব ঐতিহ্য" তালিকাভুক্ত হৈছিল।[8][9][10]
বুদ্ধগয়াৰ মহাবোধি মন্দিৰ প্ৰাংগন
(Mahabodhi Temple Complex at Bodh Gaya, Bihar)
মহাবোধি মন্দিৰ আৰু তাৰ ধামত বোধিবৃক্ষ, বিহাৰ বিহাৰ, ভাৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দী, খ্ৰীষ্টীয় পঞ্চম তথা ষষ্ঠ শতাব্দী 1056 rev; 2002; i,ii, iii, iv, vi বুদ্ধগয়াৰ মহাবোধি মন্দিৰ চৌহদ ৪.৮৬ হেক্টৰ অঞ্চল জুৰি প্ৰসাৰিত হৈ আছে। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাৰ (i) বিভাগত বিশেষ সাংস্কৃতিক আৰু পুৰাতাত্বিক গুৰুত্বসম্পন্ন স্থান। মহামতি অশোকে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত মন্দিৰৰ পশ্চিমত অৱস্থিত বোধিবৃক্ষক (Ficus religiosa) কেন্দ্ৰ কৰি এই মন্দিৰ নিৰ্মাণ কৰিছিল যদিও বৰ্তমানৰ মন্দিৰটো খ্ৰীষ্টীয় পঞ্চম আৰু ষষ্ঠ শতাব্দীৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। কথিত আছে, ৫৩১ খ্ৰীষ্টাব্দত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে ইয়াতেই বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰপাছত তেখেতে বৌদ্ধধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল। সেই বাবে বৌদ্ধধৰ্মৰ এই অঞ্চলটো অত্যন্ত পবিত্ৰ জ্ঞান কৰা হয়। পাছৰ বহু শতাব্দীকাল ধৰি এই মন্দিৰটো বুদ্ধ ধৰ্মৰ সৰ্বোচ্চ মৰ্যাদাসম্পন্ন উপাসনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰৰ পৰা বৌদ্ধধৰ্মৰ লোকসকল ইয়ালৈ তীৰ্থ কৰিবলৈ আহে। ভাৰতীয় স্থাপত্যশৈলীৰে নিৰ্মিত এই মন্দিৰটো ৫০ মিটাৰ ওখ। ই "ভাৰতৰ স্বৰ্ণ যুগ" নামেৰে পৰিচিত গুপ্ত যুগত নিৰ্মিত ভাৰত উপমহাদেশৰ প্ৰাচীনতম মন্দিৰ। সম্ৰাট অশোকৰ সময়ৰ (খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দী) মন্দিৰৰ সূক্ষাগ্ৰ, ক্ষুদ্ৰ স্তম্ভশ্ৰেণী মন্দিৰ চৌহদৰ ভিতৰত থকা পুৰাতত্ত্ব সংগ্ৰহালয়ত সুৰক্ষিত আছে।[11][12]
হুমায়ুনৰ সমাধিক্ষেত্ৰ, দিল্লী
(Humayun’s Tomb, Delhi)
Front view with reflections, central water channel in the 'Chahr Bagh' Garden Delhi

Humayun's Tomb

দিল্লী, ভাৰত ১৫৭০ 232, (ii), (iv) দিল্লীত অৱস্থিত হুমায়ুনৰ সমাধিস্থল প্ৰথম সমাধিক্ষেত্ৰ যিটো কৃত্ৰিম জলধাৰা সম্বলিত বিলাসবহুল উদ্যানৰ মধ্যস্থলত নিৰ্মিত কৰা হৈছে। এই সমাধিস্থল ১৫৭০ চনত নিৰ্মিত হয়। ১৯৯৩ চনত ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বাবে ই ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্মাৰক তালিকাত অন্তৰ্ভুক্ত হয়। ১৫৬৯-৭০ চনত মোগল সম্ৰাট হুমায়ুনৰ বিধবা পত্নী বিগা বেগম (হাজি বেগম) ইয়াক নিৰ্মাণ কৰে। কথিত আছে যে মিৰ্জা গিয়াথে ইয়াক নিৰ্মাণ কৰিছিল। ছত্ৰ সহ এই সমাধিৰ দুই-গম্বুজবিশিষ্ট স্থাপত্যশৈলী মোগল স্থাপত্যৰ এক অনন্য নিদৰ্শন। এই সমাধিস্থল "মোগল ৰাজবংশৰ সমাধিক্ষেত্ৰ" নামেও পৰিচিত। কাৰণ হুমায়ুনৰ সমাধিৰ উপৰিও এই সমাধি ক্ষেত্ৰত ৰাজপৰিয়ালৰ প্ৰায় ১৫০ সদস্যৰ সমাধি অৱস্থিত। এই সমাধিক্ষেত্ৰটো চাৰিকোণীয়া। ইয়াত দুখন সিংহদ্বাৰ আছে, এখন দক্ষিণে আৰু আনখন পশ্চিমে। সমাধিক্ষেত্ৰৰ মাজত বহুতো কৃত্ৰিম জলধাৰা, এটা পেভিলিয়ন আৰু এটি স্নানাগাৰ আছে। সমাধিটো এক অষ্টভূজ ক্ষেত্ৰৰ ওপৰত অৱস্থিত। ইয়াৰ উচ্চতা ৪২.৫ মিটাৰ। গোটেই সমাধিটো বগা পাথৰেৰে আবৃত আৰু ছত্ৰ শোভিত।[13][14]
কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ, দিল্লী
(Qutb Minar and its Monuments, Delhi)
Front view with reflections, central water channel in the 'Chahr Bagh' Garden, Delhi

Alai Darwaza

দিল্লী, ভাৰত দ্বাদশ শতাব্দীৰ শেষভাগ 233, (iv) কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ দিল্লীৰ দক্ষিণাঞ্চলত অৱস্থিত। ৰঙা বালিয়া শিলেৰে নিৰ্মিত এই মিনাৰটোৰ উচ্চতা ৭২.৫ মিটাৰ (২৩৮ ফুট)। মিনাৰটোৰ পাদদেশৰ ব্যাস ১৪.৩২ মিটাৰ (৪৭ ফুট) আৰু শীৰ্ষাংশৰ ব্যাস ২.৭৫ মিটাৰ (৯ ফুট)॥ ত্ৰয়োদশ শতাব্দীৰ প্ৰথম ভাগত এই মিনাৰৰ নিৰ্মাণকাৰ্য সমাপ্ত হয়। মিনাৰ চৌহদত কেইবাটাও পথ, আলাই দৰৱাজা (১৩১১), আলাই মিনাৰ (এটি অসমাপ্ত মিনাৰৰ স্তূপ, ইয়াৰ নিৰ্মাণৰ কথা থাকিলেও, নিৰ্মাণকাৰ্য সমাপ্ত নহয়গৈ), কুব্বত-উল-ইছলাম মচজিদ (ভাৰতৰ প্ৰাচীনতম মচজিদসমূহৰ অন্যতম, যিসমূহ বৰ্তমান অৰ্ধস্থিত), ইলতুৎমিচৰ সমাধি আৰু এটি লৌহস্তম্ভ আছে। একাধিক হিন্দু আৰু জৈন মন্দিৰৰ ধ্বংসাৱশেষেৰে এই মিনাৰ নিৰ্মিত হয় বুলি কথিত আছে। অনুমান কৰা হৈছে যে ভাৰতত ইচলাম শাসনৰ প্ৰথম ভাগত বহিৰাগত আক্ৰমণত এই মন্দিৰসমূহ ধ্বংসপ্ৰাপ্ত হৈছিল। চৌহদৰ কেন্দ্ৰস্থলত ৭.০২ মিটাৰ (২৩ ফুট) উচ্চতাবিশিষ্ট যিটো চকচকীয়া লৌহস্তম্ভ আছে, তাত আজি পৰ্যন্ত অলপো মামৰে ধৰা নাই। এই লৌহস্তম্ভত সংস্কৃত ভাষাত দ্বিতীয় চন্দ্ৰগুপ্তৰ এটা লেখা আছে। ১১৯২ চনত কুতুবউদ্দিন আইবকে এই মিনাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ইলতুৎমিচৰ ৰাজত্বকালত (১২১১-৩৮) মিনাৰৰ কাম শেষ হয়। আলাউদ্দিন খিলজীৰ ৰাজত্বকালত (১২৯৬-১৩১৬) এই চৌহদত আৰু বহুতো নিৰ্মাণকাৰ্য হয়। পৰবৰ্তীকালত বজ্ৰপাতত মিনাৰটো ক্ষতিগ্ৰস্থ হৈছিল যদিও তাৰ সংস্কাৰ কৰা হৈছিল। ইছলামিক স্থাপত্য আৰু শিল্পকৌশলৰ এক অনবদ্য প্ৰতিফলন হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ (iv)বিভাগৰ অধীনত এই চৌহদ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিছে।[15][16]
লালকিল্লা প্ৰাংগন
(Red Fort Complex)
Red Fort

A night view of Red Fort Salimgarh Fort

দিল্লী, ভাৰত ১৫৪৬ 231rev, (i),(ii), (iii), (vi) লালকিল্লা প্ৰাংগন পঞ্চম মোগল সম্ৰাট চাহজাহানৰ (১৬২৮-৫৮) শাসন কালত সপ্তদশ শতাব্দীত নিৰ্মিত এটা প্ৰাসাদ দুৰ্গ। লালকিল্লা দিল্লীৰ উত্তৰ অংশত অৱস্থিত। মোগল শাসনৰ গৌৰৱৰ প্ৰতিনিধি এই কিল্লা মোগল স্থাপত্য, শিল্পকৌশল আৰু সৃষ্টিশীলতাৰ স্বৰ্ণযুগৰ অনুপম এটি নিদৰ্শন। ই ভাৰতীয় আৰু পাৰস্য স্থাপত্য কলাৰ এক সংমিশ্ৰণ। জাল-আকাৰ জ্যামিতিক নক্সাৰ গঠনশৈলীত দুৰ্গৰ প্ৰাংগন নিৰ্মিত। পৰবৰ্তীকালত ৰাজস্থান, দিল্লী, আগ্ৰা আৰু অন্যান্য অঞ্চলৰ বহু স্থাপত্য এই জাতীয় নক্সাত নিৰ্মিত হয়। দুৰ্গটো ৰঙা (লাল) বেলেপাথৰৰ বেৰাৰ দ্বাৰা বেষ্টিত। সেই বাবে ই লালকিল্লা নামে জনাজাত। ১৫৪৬ চনত ইচলাম শাহ শোৰীয়ে চেলিমগড় দুৰ্গ নিৰ্মাণ কৰিছিল, যিটো এই দুৰ্গটোৰ ঠিক কাষতেই আছিল। বৰ্তমানে উক্ত দুৰ্গটো লালকিল্লাৰেই এটি অংশ। সমগ্ৰ দুৰ্গ প্ৰাংগনৰ আয়তন ১২০ একৰ। ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ সংশোধিত অভিলিখনৰ (i), (ii), (iii) আৰু (iv) বিভাগৰ অন্তৰ্গত। ১৬৩৯ পৰা ১৮৪৮ চনৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত ৬৫৬ মিটাৰ (২,১৫০ ফুট)x৩২৮ মিটাৰ (১,০৮০ ফুট) আয়তনৰ এই কিল্লাৰ সৰ্বোচ্চ উচ্চতা ২৩ মিটাৰ (৭৫ ফুট)। ই যমুনা নদীৰ পাৰত অৱস্থিত। আগেয়ে ই এটা সেতুৰ সহায়ত চেলিমপুৰ দুৰ্গৰ লগত যুক্ত আছিল। বৰ্তমান এই সেতুটো এটা পথ হিচাপে ব্যৱহাৰ কৰা হয়। দুৰ্গ প্ৰাংগনৰ প্ৰাসাদটো 'দেওয়ান-ই-আমেৰ' (গণ দৰবাৰ কক্ষ)ৰ পিছফালে অৱস্থিত। এই প্ৰাসাদত অনেক উচ্চমানৰ কাৰুকাৰ্যখচিত শ্বেতপাথৰৰ প্ৰাসাদ প্যাভিলিয়ন আছে। এইসমূহ 'নহৰ-ই-বেহেস্ত' নামে কৃত্ৰিম জলধাৰাৰ দ্বাৰা পৰস্পৰৰ লগত যুক্ত। ইয়াতে দেৱান-ই-খাচ (ব্যক্তিগত দৰবাৰ কক্ষ), বহু অন্যান্য দৰকাৰী ব্যক্তিগত ভবন স্থাপন কৰা হৈছে, তদুপৰি সম্ৰাট ঔৰঙ্গজেবৰ নিৰ্মিত মোতি মচজিদ আদিও আছে।[17][18]
গোৱাৰ গীৰ্জা আৰু কনভেণ্টসমূহ
(Churches and Convents of Goa)
Basilica Do Bom Jesus, Goa Velha

St Cajetan Goa

গোৱা, ভাৰত ষোড়শ-অষ্টাদশ শতাব্দী 232; 1986; (ii)(iv)(vi) গোৱাৰ গীৰ্জা আৰু কনভেণ্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ (ii), (iv) আৰু (vi) বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ইউনেস্কোৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যৱৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে। সকলোবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ গীৰ্জাটি হ’ল বোম যীশুৰ গীৰ্জা(Basilica of Bom Jesus)। চেণ্ট ফ্ৰান্সিস-জেভিয়াৰ (St. Francis Xavier) সমাধি এই গীৰ্জাতেই অৱস্থিত। গোৱাৰ এই স্মাৰকসমূহ "প্ৰাচ্যৰ বোম" নামে পৰিচিত। ক্যাথলিক মিচনেৰীসকলৰ দ্বাৰা প্ৰতিষ্ঠিত এই স্মাৰকসমূহ এছিয়াৰ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ এক নিদৰ্শন। প্ৰায় ৬০টা গীৰ্জা ইয়াত প্ৰতিষ্ঠিত হয়। ইয়াৰ মাজত 'গোৱা ভেলহা' চহৰত বিদ্যমান সাতটি স্মাৰক হ'ল- চেণ্ট কেথেৰিনৰ চাপেল, য়্যাচিচিৰ চেণ্ট ফ্ৰান্সিসৰ গীৰ্জা আৰু কনভেণ্ট, দা কেথেড্ৰেল, বোম যীশুৰ গীৰ্জা, চেণ্ট গেগ্টান আৰু ইয়াৰ চেমিনাৰী, আওয়াৰ লেডি অফ্ দা ৰোজাৰি আৰু চেণ্ট অগাষ্টাইন কনভেণ্ট। এই সকলোবোৰ ১৫৭২ চনত নিৰ্মিত হয়। এই স্মাৰকসমূহ এছিয়াৰ মেনুলিন (Manueline), মেনাৰিষ্ট(Mannerist) আৰু বেৰোক(Baroque) স্থাপত্যশৈলীৰ অনুৰূপ। স্মাৰকসমূহ স্থানীয় চূণশিল আৰু বেচাল্টৰ এক সংমিশ্ৰণত প্লাষ্টাৰ কৰা। সেয়ে ইয়াৰ বগা ৰঙটোৱে এক অনন্য শোভা প্ৰদৰ্শন কৰে।[19][20]
চম্পানেৰ-পাৱাগড় প্ৰত্নক্ষেত্ৰ
(Champaner-Pavagadh Archaeological Park, Gujarat)
Pavgadha hill গুজৰাট, ভাৰত প্ৰাগৈতিহাসিক-অষ্টম-চতুৰ্দশ শতাব্দী 1104; 2004; iii, iv, v, vi চম্পানেৰ-পাৱাগড় প্ৰত্নক্ষেত্ৰ গুজৰাট ৰাজ্যৰ পাঁচমহল জিলাত অৱস্থিত। ২০০৪ চনত প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে ই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। ইয়াত অনেক অখননকৃত পুৰাতাত্বিক, ঐতিহাসিক আৰু জীব-সাংস্কৃতিক ঐতিহ্য সম্পত্তি আছে। এই মনোৰম প্ৰাকৃতিক পৰিবেশত বহুতো প্ৰাগৈতিহাসিক স্থান আছে। তদুপৰি ইয়াত প্ৰাচীন হিন্দু ৰজধানী দূৰ্গনগৰ আৰু ষোড়শ শতাব্দীৰ গোজৰাটৰ ৰাজধানী, অষ্টম-চতুৰ্দশ শতাব্দীৰ মধ্যৱৰ্তী পৰ্যায়ত নিৰ্মিত অনেক অন্যান্য ধ্বংসাৱশেষ, দুৰ্গ, প্ৰাসাদ, ধৰ্মীয় স্থাপনা, ধ্বংসপ্ৰাপ্ত আবাসস্থল, কৃষি স্থাপনা, পানীৰ উৎস ইত্যাদি আছে। পাওয়াগড় পাহাৰৰ চূড়াত কালিকামাতা মন্দিৰ একটি গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ইয়াত বছৰৰ সকলো সময়তে দৰ্শনাৰ্থীৰ পয়োভৰ থাকে। এই প্ৰত্নতাত্বিক অঞ্চলটিয়ে প্ৰাচীন মোগল সাম্ৰাজ্যৰ এক অবিকৃত ছবি দাঙি ধৰে।[21][22]
হাম্পি স্মাৰকসমূহ
(Group of Monuments at Hampi)
Virupaksha temple at Hampi কৰ্ণাটক, ভাৰত চতুৰ্দশ-ষোড়শ শতাব্দী 241; 1986; (i)(iii)(iv) হাম্পি স্মাৰকসমূহ হ'ল উত্তৰ কৰ্ণাটকৰ মনোৰম বিলাসবহুল হাম্পি নগৰৰ স্মাৰকসমষ্টি। হাম্পিত বিজয়নগৰ সাম্ৰাজ্যৰ অধুনালুপ্ত ৰাজধানী বিজয়নগৰৰ ধ্বংসাৱশেষ অ্ৱস্থিত। এই নগৰৰ চাৰিওফালে দ্ৰাবিড় স্থাপত্য মন্দিৰ আৰু প্ৰাসাদৰ ধ্বংসাবশেষে আৱৰি আছে। চতুৰ্দশ আৰু ষোড়শ শতাব্দীৰ মধ্যৱৰ্তী কালত যিসকল পৰ্যটক ভাৰতলৈ আহিছিল সেইসকলে এই মন্দিৰসমূহৰ ভূয়সী প্ৰশংসা কৰি গৈছে। হাম্পিত বহুতো গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মীয় মন্দিৰ আছে। ইয়াত বিৰুপাক্ষ মন্দিৰসহ একাধিক স্মাৰক অৱস্থিত। তদুপৰি আছে বহুতো অভিজাত বাসগৃহ, হাতী বন্ধা ঘৰ, ৰাণীৰ আভিজাত স্নানাগাৰ, লটাচ মহল আদি। এই স্মাৰকসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকা (i), (iii) আৰু (iv) অনুযায়ী সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদাপ্ৰাপ্ত।[23][24]
পট্টডাকাল স্মাৰকসমূহ
(Group of Monuments at Pattadakal)
Virupaksha temple at Pattadakal কৰ্ণাটক , ভাৰত ষষ্ঠ শতাব্দী 239; 1984; (i)(iii)(vi) পট্টডাকাল স্মাৰকসমূহ ১৯৮৭ চনত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়। ইয়াত নটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ আৰু এটা জৈন মঠ বিদ্যমান। ইয়াৰ মাজত বিৰুপাক্ষ মন্দিৰটো ৭৪০ খ্ৰীষ্টাব্দত ৰাণী লোকমহাদেবীয়ে স্বামীৰ দক্ষিণ ভাৰত বিজয় উপলক্ষে নিৰ্মাণ কৰিছিল। ই এটি অনবদ্য স্থাপত্য নিদৰ্শন। এই মন্দিৰৰ উপৰিও ইয়াত আইহোল, বাদামি, পট্টডাকাল, আৰু ষষ্ঠ শতাব্দীৰ চালুক্য ৰাজবংশৰ নিৰ্মিত একাধিক মন্দিৰ বিদ্যমান। সপ্তম শতাব্দীত পল্লবসকলে বাদামী অধিকাৰ কৰি কিছুকালৰ বাবে ইয়াত চালুক্য ৰাজ্যৰ ৰাজধানী পাতিছিল। এই মন্দিৰসমূহ হ'ল উত্তৰ আৰু দক্ষিণ ভাৰতীয় স্থাপত্যৰীতিৰ এক অনবদ্য মিশ্ৰণ। পট্টডাকাল এটি হিন্দু তীৰ্থস্থল। ইয়াত আঠটি শিব মন্দিৰ আৰু এটি শৈব মঠ বিদ্যমান। প্ৰাংগনৰ মাজত পাপনাথ মন্দিৰ আৰু এটি জৈন মন্দিৰ অৱস্থিত।[25][26]
সাঁচীৰ বৌদ্ধ স্মাৰকসমূহ
(Buddhist Monuments at Sanchi, Madhya Pradesh)
Sanchi মধ্যপ্ৰদেশ, ভাৰত খ্ৰীষ্টপূৰ্ব প্ৰথম- দ্বিতীয় শতাব্দী 524; 1989; (i)(ii)(iii)(iv)(vi) সাঁচীৰ বৌদ্ধ স্মাৰকসমূহ হ'ল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপাল পৰা ৪৫ কিলোমিটাৰ দূৰৈত সাঁচী নামৰ স্থানত অৱস্থিত বৌদ্ধ স্থাপত্য। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মিত হয়। কোনো কোনোৰ মতে, খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত মহামতি অশোকৰ ৰাজত্বকালত এই স্মাৰকসমৃহ গঢ়ি উঠিছিল। এই স্মাৰকস্থলৰ প্ৰধান দ্ৰষ্টব্য স্তুপ ১ গঢ়ি উঠিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীৰ মধ্যৱৰ্তী সময়ত। খ্ৰীষ্টীয় দ্বাদশ শতাব্দী পৰ্যন্ত এইসমূহ আছিল সক্ৰিয় বৌদ্ধ মঠ। এই মঠপ্ৰাঙ্গনত অনেক মনোলিথিক স্তম্ভ, প্ৰাসাদ, মন্দিৰ আৰু বিভিন্ন ধৰণৰ মঠ দেখা যায়। ১৯৮৯ চনৰ ২৪ জানুৱাৰীত ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। ১৮১৮ চনত পৰিত্যক্ত অৱস্থাত এই স্মাৰকসমূহ আৱিষ্কৃত হয়। তাৰ পাছৰেপৰা পুৰাতাত্বিক খননকাৰ্যত বৰ্তমানে ৫০টি অনন্য স্থাপনাৰ সন্ধান পোৱা গৈছে।[27][28][29]
ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ
(Rock Shelters of Bhimbetka, Madhya Pradesh)
Bhimbetka Cave Paintings, Madhya Pradesh

Bhimbetka Caves

মধ্যপ্ৰদেশ, ভাৰত ১০০,০০০ খ্ৰী.পূ.-১০০০ খ্ৰীষ্টাব্দ 925; 2003; (iii) (v) ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ সম্পৰ্কে ইউনেস্কো অভিলেখনত কোৱা হৈছে যে "এই স্থানটি প্ৰাকৃতিক শিলাসমূহৰ মাজত প্ৰস্তৰ চিত্ৰকলাৰ এক অসাধাৰণ ভাণ্ডাৰ। " মধ্যভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ বিন্ধ্য পৰ্বতমালাৰ পাদদেশত এই প্ৰস্তৰক্ষেত্ৰ অৱস্থিত। ১৮৯৩ হেক্টৰ এলাকাত পাথৰৰ আধাৰৰ ওপৰত এই প্ৰস্তৰক্ষেত্ৰ প্ৰসাৰিত। মূল অঞ্চলটিৰ আয়তন১০,২৮০ হেক্টৰ। ১৯৫৭ চনত এই প্ৰস্তৰক্ষেত্ৰ আবিষ্কৃত হয়। ইয়াত "পাঁচটি প্ৰস্তৰক্ষেত্ৰৰ অংশত মেসোলিথিক যুগৰপৰা ঐতিহাসিক যুগ পৰ্যন্ত চিত্ৰকলা ৰক্ষিত আছে। পাৰ্শ্বৱৰ্তী ২১টা অঞ্চলৰ লোকঐতিহ্যত এই চিত্ৰকলাৰ প্ৰভাৱ সুস্পষ্ট। এই ক্ষেত্ৰসমূহ ১০০,০০০ খ্ৰী:পূ: ৰপৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী বিভিন্ন সময়ত নিৰ্মিত হয়। প্ৰাচীনকালৰ চিকাৰী লোকসকলৰ অৰ্থনীতিৰ লগত সম্পৰ্কযুক্ত এই চিত্ৰকলাত মানুহ আৰু প্ৰকৃতিৰ মধ্যৱৰ্তী সম্পৰ্ক প্ৰদৰ্শিত হৈছে। ২০০৩ চনত ইউনেস্কোয়ে ইয়াক এক অনন্য সাংস্কৃতিক সম্পত্তি ৰূপে বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰে।[28][30][31]
খাজুৰাহোৰ স্মাৰকসমূহ
(Kajuraho Group of Monuments, Madhya Pradesh)
Khajuraho temple মধ্যপ্ৰদেশ, ভাৰত ৯৫০-১০৫০ খ্ৰীষ্টাব্দ 240; 1986; (i) (iii) খাজুৰাহো স্মাৰকসমূহৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশৰ অধীনত ৯৫০ পা ১০৫০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। এই সময়টি আছিল উক্ত ৰাজবংশৰ শাসনৰ স্বৰ্ণযুগ। বৰ্তমান এই স্মাৰকসমূহৰ যিসমূহ অক্ষত অৱস্থাত আছে সেইসমূহ হিন্দু আৰু জৈন ধৰ্মৰ স্থাপত্য। এইসমূহৰ স্থাপত্যশৈলীত নানান স্থাপত্যশৈলীৰ বিস্ময়কৰ মিশ্ৰণ দেখা যায়। এই স্থাপত্যেৰ শ্ৰেষ্ঠ নিদৰ্শন কন্দৰিয়া মন্দিৰ। ৬ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট মন্দিৰ প্ৰাংগনত নিৰ্মিত ৮৫টি মন্দিৰৰ মাজত মাত্ৰ ২২টি মন্দিৰহে বৰ্তমান বিদ্যমান। এই মন্দিৰসমূহ দশম শতাব্দীত চান্দেলা ৰাজত্বকালত নিৰ্মিত হয়। মধ্যপ্ৰদেশত অৱস্থিত এই অঞ্চলটি ১৯৮২ চনৰ ১৫ অক্টোবৰত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয় - দ্বাদশ শতাব্দীৰ মুছলমান আক্ৰমণৰ পূৰ্বে চান্দেলা সংস্কৃতিৰ অনন্য আৰু মৌলিক শিল্পকৌশলৰ নিদৰ্শন আৰু প্ৰমাণ, এটি সাংস্কৃতিক সম্পত্তি হিচাপে।[32][33]
অজন্তা গুহাসমূহ
(Ajanta Caves)
Ajanta Caves মহাৰাষ্ট্ৰ, ভাৰত খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দী 242; 1983; i, ii, iii, vi অজন্তা গুহাসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে অন্তৰ্ভুক্ত হয়। এই বৌদ্ধ গুহাসমূহ দুটি পৰ্বত নিৰ্মিত হৈছিল। প্ৰথম পৰ্বৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীত। দ্বিতীয় পৰ্ব গুপ্ত যুগত। পঞ্চম আৰু ষষ্ঠ শতাব্দীত আৰু বহুতো নতুন সংযোজন ইয়াৰ লগত যুক্ত হয়। এই গুহাসমূহত উন্নত মানৰ চিত্ৰকলা আৰু ফ্ৰেস্কো দেখা যায়, ই শ্ৰীলঙ্কাৰ সিগিৰয়া(Sigiriya) চিত্ৰকলা আৰু স্থাপত্যকলাৰ অনুকৰণ। ইয়াত মুঠ ৩১টি প্ৰস্তৰখোদিত গুহা স্মাৰক বিদ্যমান, যিটো বৌদ্ধ ধৰ্মীয় চিত্ৰকলাৰ এক অনন্য নিদৰ্শন।[34]

[35][36]

ইলোৰা গুহাসমূহ
(Ellora Caves)
Kailash temple, Ellora মহাৰাষ্ট্ৰ, ভাৰত ৬০০ পৰা ১০০০ খ্ৰীষ্টাব্দ 243; 1983; (i)(iii)(vi) ইলোৰা গুহাসমূহ বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইয়াত মুঠ ৩৪টি মঠ আৰু মন্দিৰ আছে যিসমূহ উচ্চ থিয় দেৱালৰ গাত পৰস্পৰৰ প্ৰায় গাত লগা-লগিকৈ খোদিত। এই দেৱালৰ দৈৰ্ঘ্য ২ কি.মি.। ৬০০ পৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত এই স্থাপত্যকলা ভাৰতৰ প্ৰাচীন সভ্যতাৰ শিল্পকৌশলৰ প্ৰতিফলন। ই সাংস্কৃতিক সম্পত্তি হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত।[37][38]
এলিফেণ্টা গুহাসমূহ
(Elephanta Caves)
Elephanta Caves

Trimurti in Elephanta Caves

মহাৰাষ্ট্ৰ, ভাৰত পঞ্চম-অষ্টম শতাব্দী 244rev; 1987; (i)(iii) এলিফেণ্টা গুহাসমূহ মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰব সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত। প্ৰথম শ্ৰেণীটো বৃহৎ, এই শ্ৰেণীত পাঁচটা হিন্দু গুহা অৱস্থিত। দ্বিতীয় শ্ৰেণীটো ক্ষুদ্ৰতৰ, ইয়াত দুটা বৌদ্ধ গুহা আছে। হিন্দু গুহাসমূহত প্ৰস্তৰখোদিত ভাস্কৰ্য আছে। এইসমূহ হিন্দু শৈৱ্য সম্প্ৰদায়ৰ প্ৰধান দেবতা শিৱৰ মূৰ্তি আছে। পঞ্চমৰপৰা অষ্টম শতাব্দীৰ মধ্যৱৰ্তী সময়ত এই প্ৰস্তৰখোদিত ভাস্কৰ্য নিৰ্মিত হয়। এইসমূহৰ নিৰ্মাণকৰ্তাৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। বেচাল্ট পাথৰৰ কুন্দত এই গুহাসমূহ নিৰ্মিত। ১৯৭০-ৰ দশকত পুনৰনবীকৰণৰ পাছত ১৯৮৭ চনত এই গুহাসমূহৰ শিল্পকৰ্ম সংৰক্ষণৰ উদ্দেশ্যে ইয়াক ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[39][40]
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
(পূৰ্বৰ নাম ভিক্টোৰিয়া টাৰ্মিনা্ছ)
(Chhatrapati Shivaji Terminus (formerly Victoria Terminus))
Chhatrapati Shivaji Terminus

Chhatrapati Shivaji Terminus

মহাৰাষ্ট্ৰ, ভাৰত ১৮৮৭-৮৮ 945rev; 2004; (ii)(iv) ছত্ৰপতি শিৱাজী টাৰ্মিনাছ মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেচন। ভাৰতৰ ব্যস্ততম ষ্টেচনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেছন। ফ্ৰেডৰিক উইলিয়াম ষ্টিভেনচ নামৰ এজন উপদেষ্টা স্থপতিৰ নক্সা অনুযায়ী ১৮৮৭-৮৮ চনত ই স্থাপন হয়। ষ্টেচনটি নিৰ্মাণ কৰিবলৈ দহ বছৰ সময় লাগিছিল। ভাৰতৰ সেই সময়ৰ শাসন সম্ৰাজ্ঞী যুক্তৰাজ্যৰ ভিক্টোৰিয়াৰ শাসনৰ সুৱৰ্ণজয়ন্তী বৰ্ষত (১৮৮৭) ই নিৰ্মাণ হয় বাবে ষ্টেচনৰ নামকৰণ কৰা হৈছিল "ভিক্টোৰিয়া টাৰ্মিনাস। " এই অনবদ্য গথিক স্থাপত্যশৈলীৰ শিল্পনিদৰ্শনটি অতীতত আছিল গ্ৰেট ইণ্ডিয়ান পেনিনচুলাৰ ৰেলৱেৰ সদৰ কাৰ্যালয়। ১৯৯৬ চনত, শিৱসেনাৰ দাবী অনুযায়ী আৰু 'ভাৰতৰ স্থাননাম পৰিৱৰ্তনৰ নীতি' অনুযায়ী ৰাজ্য চৰকাৰে সপ্তদশ শতাব্দীৰ মাৰাঠা সম্ৰাট ছত্ৰপতি শিবাজীৰ নামানুসাৰে ষ্টেচনটোৰ নাম পৰিৱৰ্তন কৰে। ২০০৪ চনৰ ২ জুলাইত, ষ্টেচনটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৰ্যাদা লাভ কৰে।[41][42]
কোণাৰ্ক সূৰ্য মন্দিৰ
(Sun Temple, Konârak)
Front view of Konark Sun Temple উৰিষ্যা, ভাৰত ত্ৰয়োদশ শতাব্দী 246; 1984; (i)(iii)(vi) কোণাৰ্ক সূৰ্য মন্দিৰ, উৰিস্যাৰ কোণাৰ্কত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ। ই "ব্ল্যাক প্যাগোডা" নামেও পৰিচিত। মন্দিৰটি বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী বদ্বীপত অৱস্থিত। ই সূৰ্য (দেৱতা)ৰ চব্বিশ চক্ৰবিশিষ্ট ৰথৰ আকাৰত নিৰ্মিত। অত্যধিক কাৰুকাৰ্যখচিত এই প্ৰস্তৰখোদিত স্থাপত্যটিৰ বিশেষ প্ৰতীকী ব্যঞ্জনা আছে। পাথৰেৰে নিৰ্মিত এই মন্দিৰটি নিৰ্মাণ কৰে পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে। আধুনিক কালত মন্দিৰটিৰ পুনৰ সংস্কাৰ কৰা হয়। ১৯৮৪ চনত (i), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক সম্পত্তি হিচাপে এই মন্দিৰ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়।[43][44]
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান
(Keoladeo National Park)
Sarus Crane, Keoladeo National Park ৰাজস্থান, ভাৰত ১৯৮১ 340; 1985; (x) কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত। এই উদ্যানৰ আয়তন ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত ই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল। ১৯৫৬ চনত ই পক্ষীউদ্যানত পৰিণত হয়। ১৯৭২ চন পৰ্যন্ত মহাৰাজসকলে ইয়াত চিকাৰ কৰাৰ অনুমতি আছিল। ১৯৮১ চনত ই ৰামসাৰ জলাহভূমি হিচাপে ঘোষিত হয়। ১৯৮৫ চনত ই প্ৰাকৃতিক সম্পত্তি হিচাপে (x) বিভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। জলাশয়ৰ তীৰৱৰ্তী অঞ্চলটোক দহটা অংশত ভাগ কৰা হৈছে। জলস্তৰ সঠিক ৰখাৰ বাবে পানী যোগানৰ নিয়ন্ত্ৰিত ব্যৱস্থাও গৃহীত হৈছে। আফগানিস্তান, তুৰ্কমেনিস্তান, চীন আৰু চাইবেৰিয়াৰ পৰা প্ৰায় ৩৬৪টি প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ইয়ালৈ শীতকালত অহা দেখা যায়। সমগ্ৰ উদ্যানটি ১৭টি গাওঁ আৰু ভৰতপুৰ চহৰৰ দ্বাৰা বেষ্টিত।[45][46]
যন্তৰ মন্তৰ (জয়পুৰ)
(Jantar Mantar, Jaipur)
Jantar Mantar জয়পুৰ, ৰাজস্থান, ভাৰত ১৭২৭ ও ১৭৩৪ 1338; 2010; (iii)(iv) জয়পুৰৰ যন্তৰ মন্তৰ, কেইবাটাও জ্যোতিৰ্বিজ্ঞান যন্ত্ৰ স্থাপত্যৰ সমষ্টি। ১৭২৭ চনৰ পৰা ১৭৩৪ চনৰ মধ্যৱৰ্তী সময়ত মহাৰাজ দ্বিতীয় জয়সিংহই জয়পুৰত যন্তৰ মন্তৰ নিৰ্মাণ কৰে। তেওঁ এই ধৰণৰ পাঁচটা স্থাপত্য, পাঁচটা ভিন্ন ভিন্ন স্থানত নিৰ্মাণ কৰিছিল। তাৰ মাজৰ দুটা দিল্লী আৰু জয়পুৰত অৱস্থিত। জয়পুৰ মানমন্দিৰটো আছিল বৃহত্তম আৰু ইয়াত তেওঁ ২০টি স্থায়ী যন্ত্ৰ স্থাপন কৰিছিল। মোগল সাম্ৰাজ্যৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়।[47][48]
মহান চোল মন্দিৰসমূহ
(Great Living Chola Temples)
Chola temple sculpture তামিলনাড়ু, ভাৰত একাদশ আৰু দ্বাদশ শতাব্দী 250bis; 2004; ((ii)(iii) মহান চোল মন্দিৰসমূহ চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে। এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে। এইসমূহ হ'ল তাঞ্জাভুৰৰ বৃহদীশ্বৰ মন্দিৰ (Brihadisvara Temples), গঙ্গইকোণ্ডচোলীশ্বৰমৰ বৃহদীশ্বৰ মন্দিৰ আৰু দৰসুৰমৰ ঐৰাৱতেশ্বৰ মন্দিৰ (Airavatesvara Temple)। গঙ্গইকোণ্ডচোলীশ্বৰম মন্দিৰটো ১০৩৫ চনত প্ৰথম ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰিছিল। ইয়াৰ ৫৩ মিটাৰ (১৭০ ফুট) উচ্চ অংশটি সঙ্কুচিত কোণবিশিষ্ট আৰু উপৰদিশত বহু কাৰুকাৰ্যখচিত, ঐৰাৱতেশ্বৰ মন্দিৰ প্ৰংগনটি দ্বিতীয় ৰাজাৰাজৰ দ্বাৰা নিৰ্মিত। ইয়াত এটি ২৪ মিটাৰ (৭৯ ফুট) উচ্চ পাথৰৰ শিৱ মূৰ্তি আছে। মন্দিৰসমূহ চোল স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা আৰু ব্ৰোঞ্জ মূৰ্তিশিল্পৰ এক অনবদ্য নিদৰ্শন। ২০০৪ চনত (ii) আৰু (iii) বিভাগত সাংস্কৃতিক ঐতিহ্য হিচাপে এই স্থানটি ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে।[49][50]
মহাবলীপুৰম স্মাৰকসমূহ
(Group of Monuments at Mahabalipuram)
View of Shore Temple মহাবলীপুৰম, তামিলনাড়ু, ভাৰত সপ্তম ও অষ্টম শতাব্দী 249; 1984; (i)(ii)(iii)(vi) তামিলনাড়ুৰ মহাবলীপুৰম স্মাৰকসমূহ চেন্নাই পৰা ৫৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। এইসমূহ সপ্তম আৰু অষ্টম শতাব্দীত পল্লব ৰজাসকলে নিৰ্মাণ কৰিছিল। কথিত আছে, প্ৰথম নৰসিংহবৰ্মণ মামল্লেৰ ৰাজত্বকালত এই চহৰখনে বিশেষ গুৰুত্ব অৰ্জন কৰিছিল। কৰমণ্ডল উপকূলত পাথৰ কুণ্ডত এই স্মাৰকসমূহ নিৰ্মিত হয়। সমগ্ৰ মন্দিৰ নগৰীত প্ৰায় ৪০টা স্মাৰক আছে। ই হ'ল বিশ্বৰ বৃহত্তম মুক্তাঙ্গনস্থ খোদিত ভাস্কৰ্য। ১৯৮৪ চনত (i), (ii), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে ই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়। অভিলিখিত স্মাৰকসমূহ হ'ল পঞ্চৰথ মন্দিৰসমূহ: ৰথৰ আকৃতিবিশিষ্ট মন্দিৰ, মণ্ডপ আৰু ১১টি সংৰক্ষিত গুহা। এই গুহাসমূহত প্ৰচুৰ খোদিত ভাস্কৰ্য আছে। তদুপৰি আছে শিলা খোদিত গঙ্গাবতৰণ (মহাবলীপুৰম), যিটো বৃহত্তম মুক্তাঙ্গনস্থ শৈল ভাস্কৰ্য। এইটো "অৰ্জুনৰ তপস্যা" বা "ভগীৰথৰ তপস্যা" নামেও পৰিচিত।[51][52]
আগ্ৰা ফ'ৰ্ট
(Agra Fort, Uttar Pradesh)
Agra Fort, Uttar PradeshAgra Fort উত্তৰপ্ৰদেশ, ভাৰত ষোড়শ শতাব্দী 251; 1985; iii আগ্ৰা ফ'ৰ্ট বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন। ই ১৯৮২ চনত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে (iii) নং বিভাগত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়। দুৰ্গটো যমুনা নদীৰ তীৰত অৱস্থিত। ই ৰঙা বেলেপাথৰেৰ তৈয়া্ৰী। দুৰ্গ প্ৰাংগনৰ আয়তন ২.৫ কি.মি.। দুৰ্গটিৰ অভ্যন্তৰত অনেক প্ৰাসাদ, মিনাৰ আৰু মছজিদ আছে। এইসমূহ ষোড়শ শতাব্দীৰ পৰা অষ্টাদশ শতাব্দীৰ প্ৰথমাৰ্ধৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত হয়। নিৰ্মাণকাৰ্য ষোড়শ শতাব্দীত আকবৰৰ ৰাজত্বকালত আৰম্ভ হয় আৰু শেষ হয় অষ্টাদশ শতাব্দীত ঔৰঙ্গজেবৰ ৰাজত্বকালত। জাহাঙ্গীৰ আৰু শাহজাহানৰ ৰাজত্বকালতও দুৰ্গৰ বহু কেইটি স্মাৰক নিৰ্মিত হৈছিল। দুৰ্গ-অভ্যন্তৰৰ উল্লেখযোগ্য দৰ্শনীয় স্থানসমূহ হ'ল খাচ মহল, শীশ মহল, মুহাম্মান বুৰ্জ (এটি অষ্টভূজাকৃতিৰ মিনাৰ), দিৱান-ই-খাচ (১৬৩৭), দিৱান-ই-আম, মোতি মচজিদ (নিৰ্মাণকাল ১৬৪৬-৫৩) আৰু নাগিনা মছজিদ (১৬৫৮-১৭০৭)। এই স্মাৰকসমূহত 'তিমুৰিদ পাৰসিক' শিল্পকলা আৰু 'ভাৰতীয় শিল্পকলা'ৰ এক আশ্চৰ্য মিশ্ৰণ পৰিলক্ষিত হয়। ই তাজমহলৰ ওচৰতেই অৱস্থিত।[53][54]
তাজমহল
(Taj Mahal, Uttar Pradesh)
Taj Mahal at Sunrise, Uttar Pradesh উত্তৰপ্ৰদেশ, ভাৰত সপ্তদশ শতাব্দী 252; 1983; i তাজমহল পৃথিৱীৰ সপ্তাশ্চৰ্যৰ অন্যতম। এইটো এটা সমাধিসৌধ। ১৬৩১ চনত সম্ৰাট ছাহজাহানৰ তৃতীয়া পত্নী বেগম মুমতাজ মহলৰ মৃত্যুৰ পাছত তেখেতৰ স্মৃতিত এই সৌধটি নিৰ্মাণ কৰা হয়। শ্বেতপাথৰৰ এই সমাধিসৌধটো মোগল স্থাপত্যকলাৰ শ্ৰেষ্ঠ নিদৰ্শন। ইয়াত পাৰ্ছী, ইছলামী আৰু ভাৰতীয় স্থাপত্যশৈলীৰ সমন্বয় ঘটিছে। ১৬৩১ চনৰ পৰা ১৬৪৮ চনৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত হোৱা এই সৌধটি তৈয়াৰ কৰাত প্ৰায় ১৬ বছৰ সময় লাগিছিল। প্ৰধান স্থপতিবিদ আছিল ওস্তাদ আহমদ লাহৌৰি। এটা ৰাজকীয় সমিতিৰ তত্ত্বাৱধানত সহস্ৰ শিল্পীয়ে তেখেতক সহায় কৰিছিল। ১৯৮৩ চনত সাংস্কৃতিক সম্পত্তি/স্মাৰক হিচাপে (i) শ্ৰেণীত এইটো ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়। যমুনা নদীৰ বাওঁফালে ১৭ হেক্টৰ (42 একৰs) আয়তনবিশিষ্ট এক মোগল উদ্যানৰ মাজত এই সৌধটি অৱস্থিত। সৌধৰ ভিত্তিটো অষ্টভূজাকাৰ। চাৰিও কোণে চাৰিটা মিনাৰ আছে। কেন্দ্ৰস্থলৰ এটা ভূগৰ্ভস্থ কক্ষত মূল সমাধিটো আছে। সমাধিভৱন আৰু তাৰ শীৰ্ষত এক নয়নাভিৰাম গম্বুজ অৱস্থিত। সৌধৰ দেৱালত অপৰূপ কাৰুকাৰ্য আৰু কেলিগ্ৰাফিক অঙ্কনকলা খোদিত আছে।[55][56]
ভাৰতৰ পাৰ্বত্য ৰেলপথ
(Mountain Railways of India)
Darjeeling Himalayan Railway 1999

Nilgiri Mountain Railway 2005 Kalka-Shimla Railway 2008

দাৰ্জিলিং হিমালয়ান ৰেল (১৯৯৯), দাৰ্জিলিং জিলা, পশ্চিমবংগ
নীলগিৰি পাৰ্বত্য ৰেল (২০০৫) উটি, তামিলনাড়ু
কালকা-ছিমলা ৰেল, হিমাচল প্ৰদেশ (২০০৮)
ভাৰত
ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত 944ter; 1999,2005,2008; (i)(iii)(iv) দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল। এইসমূহ বৰ্তমান ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত। এই পাঁচটাৰ মাজত তিনিটা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলত অৱস্থিত। এইসমূহ হ’ল দাৰ্জিলিং হিমালয়ান ৰেল (১৮৮১), কালকা-ছিমলা ৰেল (১৮৯৮) আৰু কাংড়া উপত্যকা ৰেল (১৯২৪)। অৱশিষ্ট দুটাৰ মাজত এটা হ’ল দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ নীলগিৰি পাৰ্বত্য ৰেল আৰু আনটো মহাৰাষ্ট্ৰৰ মাথেৰন পাহাৰী ৰেল। এই পাঁচটা ৰেলপথৰ মাজৰ তিনিটাক "দুৰ্গম পাৰ্বত্য অঞ্চলত বাধাবিপত্তি সত্ত্বেও সাহসী আৰু অনবদ্য ইঞ্জিনিয়াৰিং দক্ষতাত কাৰ্যকৰী ৰেলপথ স্থাপনৰ নিদৰ্শন" হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৯৯ চনত দাৰ্জিলিং হিমালয়ান ৰেলে স্বীকৃতি পায়, ইয়াৰ পাছত ২০০৫ চনত নীলগিৰি পাৰ্বত্য ৰেল আৰু ২০০৮ চনত কালকা-ছিমলা ৰেল সম্প্ৰসাৰিত তালিকাত অন্তৰ্ভুক্ত হয়। এইসমূহক "ভাৰতৰ পাৰ্বত্য ৰেলপথ" নামেৰে (ii) আৰু (iv) শ্ৰেণীত এছিয়া -পেছিফিক অঞ্চলৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়। চতুৰ্থ পাৰ্বত্য ৰেলপথ মাথেৰন ৰেলৰ দাবীটো বৰ্তমান আন্তৰ্জাতিক সংস্থাৰ ওচৰত অনুমোদনৰ অপেক্ষাত আছে।[57][58]
নন্দাদেৱী আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
(Nanda Devi and Valley of Flowers National Parks)
Valley of flowersNanda Devi in the national park চামোলি জিলা, উত্তৰাখণ্ড, ভাৰত ১৯৩৯ ও ১৯৮২ 335bis; 2005; (i)(iii)(vi) নন্দাদেৱী আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান সুউচ্চ পশ্চিম হিমালয় অঞ্চলত অৱস্থিত। এইটো মনোৰম পুষ্পভূমি আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে প্ৰসিদ্ধ। উত্তৰাখণ্ড ৰাজ্যৰ চামোলি জিলাৰ গাড়ওয়াল হিমালয়ত অৱস্থিত এই স্থানটি পূৰ্বে উত্তৰপ্ৰদেশ ৰাজ্যৰ অন্তৰ্গত আছিল। ইয়াত অনেক দুৰ্লভ আৰু বিপন্ন প্ৰজাতিৰ প্ৰাণীয়ে বসবাস কৰে। এইসমূহৰ মাজত উল্লেখযোগ্য "এছিয়াৰ কলা ভালুক", "তুষাৰ চিতা", "বাদামী ভালুক" আৰু "নীল ভেড়া। " নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান দুৰ্গম পাৰ্বত্য অঞ্চলত অৱস্থিত। একত্ৰিতভাৱে দুই ৰাষ্ট্ৰীয় উদ্যানে জানস্কৰ আৰু মহাঁহিমালয়ৰ মাজত এটা পৰিৱৰ্তন স্থল সৃষ্টি কৰিছে। উদ্যানখনৰ আয়তন 87.5 বৰ্গ কি.মি. (৩৩.৮ বৰ্গ মাইল)। ১৯৮২ চনৰ ৬ নৱেম্বৰত এইখন ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পায়। ইয়াৰ পূৰ্বে ১৯৩৯ চনৰ ৭ জানুৱাৰীত এইখন ক্ৰীড়া অভয়াৰণ্য হিচাপে স্থাপিত হৈছিল। ১৯৮৮ চনত আৰু ২০০৫ চনৰ সম্প্ৰসাৰিত তালিকাৰ (vii) আৰু (x) শ্ৰেণীত এইখনে ইউনেস্কো বিশ্ব ঐতিহ্যৰ মৰ্যাদা পায়।[59][60]
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
(Sundarbans National Park)
Sunderbans map Sundarban mangrove forests Big crocodile in the park উত্তৰ আৰু দক্ষিণ চব্বিশ পৰগনা জিলা, পশ্চিমবংগ, ভাৰত ১৮৭৮ 452; 1987; (ix) and (x) সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান পশ্চিমবংগৰ সুন্দৰবন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু এখন "বায়োস্ফিয়াৰ ৰিজাৰ্ভ। " এইখন বঙ্গোপসাগৰৰ পাৰৰ গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সুন্দৰবনৰ মুঠ আয়তনৰ জল আৰু স্থলভাগ মিলিয়ে 10,000 বৰ্গ কি.মি. (৩,৯০০ বৰ্গ মাইল)। ইয়াৰ মাজত 5,980 বৰ্গ কি.মি. (২,৩১০ বৰ্গ মাইল) ভাৰতত আৰু অৱশিষ্ট অংশ বাংলাদেশত অৱস্থিত। এইখন গঙ্গা-ব্ৰহ্মপুত্ৰ-মেঘনা বদ্বীপ সমভূমিৰ এটা অবিচ্ছেদ্য অংশ। সমগ্ৰ অঞ্চলটো জালৰ আকাৰৰ নদ-নদীৰ দ্বাৰা পৰিবেষ্টিত। বঙ্গোপসাগৰৰ ৭৫ মিটাৰ উচ্চতা পৰ্যন্ত জোৱাৰ ইয়াত সদায়ে দেখা পোৱা যায়। ১৮৭৮ চনত সুন্দৰবনৰ বৰ্তমানৰ ভাৰতীয় অংশটোৰ সংৰক্ষণৰ কাম আৰম্ভ হয়। ১৯৭৩ চনত মূল এলেকাটো সুন্দৰবন ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষিত হয়। ১৯৭৭ চনত ২,৫৮,৫০০ হেক্টৰ (6,39,000 একৰs) আয়তনবিশিষ্ট সুন্দৰবন ব্যাঘ্ৰ প্ৰকল্পৰ ১৩৩,০০০ হেক্টৰ মূল এলেকা বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা পায়। ১৯৮৪ চনৰ ৪ মে’ত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯৮৭ চনত (ix) আৰু (x) শ্ৰেণীত প্ৰাকৃতিক সম্পত্তি হিচাপে এইখন ইউনেস্কো বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হয়। অঞ্চলটি গভীৰ "মেনগ্ৰভ" (ইংৰাজী: Mangrove) উদ্ভিদেৰে আবৃত। সুন্দৰবন বৃহত্তম "বেঙ্গল টাইগাৰ" সংৰক্ষণাগাৰসমূহৰ অন্যতম। ইয়াৰ বাহিৰেও নোনা নদীৰ "কুমিৰ"সহ অনেক প্ৰজাতিৰ পাখি, সৰীসৃপ আৰু মেৰুদণ্ডবিহীন প্ৰাণীৰ বাসস্থান।[61][62]
মৈদাম A tumulus in a forest অসম 2024 1711; iii, iv (cultural) চৰাইদেউ আহোম সাম্ৰাজ্যৰ (১২২৮–১৮২৬) ৰাজধানী আছিল আৰু এই মৈদামসমূহ আছিল ৰাজ পৰিয়াল আৰু অভিজাত বৰ্গৰ সমাধিস্থান।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. 1 2 "Properties Inscribed on the World heritage List". UNESCO. http://whc.unesco.org/en/statesparties/in আহৰণ কৰা হৈছে: 2010-10-01.
  2. "The World Heritage Convention". UNESCO. http://whc.unesco.org/en/convention/ আহৰণ কৰা হৈছে: September 21, 2010.
  3. "UNESCO World Heritage Convention". UNESCO. http://whc.unesco.org/en/conventiontext/ আহৰণ কৰা হৈছে: 2010-10-01.
  4. "States Parties: Ratification Status". UNESCO. http://whc.unesco.org/en/statesparties/ আহৰণ কৰা হৈছে: 2010-10-01.
  5. "Nomination to the World heritage List" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/337.pdf আহৰণ কৰা হৈছে: 2010-10-01.
  6. "World Heritage List". Unesco. http://whc.unesco.org/en/list/?search=&search_by_country=&type=&media=&region=&order=region আহৰণ কৰা হৈছে: 2010-10-01.
  7. "Kaziranga National Park". UNESCO. http://whc.unesco.org/en/list/337 আহৰণ কৰা হৈছে: 2010-10-01.
  8. "Manas Wild Life Sanctuary" (pdf). UNESCO. http://whc.unesco.org/en/list/338 আহৰণ কৰা হৈছে: 2010-10-01.
  9. "List of World heritage in danger". UNESCO. http://whc.unesco.org/en/danger/ আহৰণ কৰা হৈছে: 2010-10-01.
  10. "Nomination to the World Heritage List" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/338.pdf আহৰণ কৰা হৈছে: 2010-10-01.
  11. "Mahabodhi Temple Complex at Bodh Gaya". UNESCO. http://whc.unesco.org/en/list/1056 আহৰণ কৰা হৈছে: 2010-10-03.
  12. "Mahabodhi Temple (India) No.1056rev". UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1056rev.pdf আহৰণ কৰা হৈছে: 2010-10-03.
  13. "Humayun’s Tomb, Delhi". UNESCO. http://whc.unesco.org/en/list/232 আহৰণ কৰা হৈছে: 2010-10-03.
  14. "World Heritage List: Humayun’s TombNo. 232" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/232.pdf আহৰণ কৰা হৈছে: 2010-10-03.
  15. "Qutb Minar and its Monuments, Delhi". UNESCO. http://whc.unesco.org/en/list/233 আহৰণ কৰা হৈছে: 2010-10-03.
  16. "World Heritage List: Qutb Minar and its Monuments, Delh, No. 233" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/233.pdf আহৰণ কৰা হৈছে: 2010-10-03.
  17. "Red Fort Complex". UNESCO. http://whc.unesco.org/en/list/231/ আহৰণ কৰা হৈছে: 2010-10-03.
  18. "Red Fort Complex (Delhi) No. 231 rev". UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/231rev.pdf আহৰণ কৰা হৈছে: 2010-10-03.
  19. "Churches and Convents of Goa". UNESCO. http://whc.unesco.org/en/list/234 আহৰণ কৰা হৈছে: 2010-10-07.
  20. "Churches and Convents at Goa: World Heritage List N0. 232" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/234.pdf আহৰণ কৰা হৈছে: 2010-10-07.
  21. "Champaner-Pavagadh Archaeological Park". UNESCO. http://whc.unesco.org/en/list/1101 আহৰণ কৰা হৈছে: 2010-10-07.
  22. "Champaner-Pavagadh (India) No. 1101" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1101.pdf আহৰণ কৰা হৈছে: 2010-10-07.
  23. "Group of Monuments at Hampi". World Heritage: Unesco.org. http://whc.unesco.org/en/list/241 আহৰণ কৰা হৈছে: 2010-11-06.
  24. "Group of Monuments at Hampi" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/241.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  25. "Group of Monuments at Pattadakal". World Heritage: Unesco.org. http://whc.unesco.org/en/list/239 আহৰণ কৰা হৈছে: 2010-11-06.
  26. "Group of Monuments at Pattadakal" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/239.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  27. "Buddist Monuments at Sanchi" (pdf). UNESCO. http://whc.unesco.org/en/list/524 আহৰণ কৰা হৈছে: 2010-10-02.
  28. 1 2 "List of World heritage in danger". UNESCO. http://whc.unesco.org/en/danger/ আহৰণ কৰা হৈছে: 2010-10-01.
  29. "Nomination to the World Heritage List" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/524.pdf আহৰণ কৰা হৈছে: 2010-10-02.
  30. "Buddhist Monuments at Sanchi" (pdf). UNESCO. http://whc.unesco.org/en/list/925 আহৰণ কৰা হৈছে: 2010-10-02.
  31. "Bhimbetka (India)" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/925.pdf আহৰণ কৰা হৈছে: 2010-10-02.
  32. "Kajuraho Group of Monuments". UNESCO. http://whc.unesco.org/en/list/240 আহৰণ কৰা হৈছে: 2010-10-02.
  33. "Kajuraho Group of Monuments" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/240.pdf আহৰণ কৰা হৈছে: 2010-10-02.
  34. "Ajanta Caves, India: Brief Description, UNESCO World Heritage Site". http://whc.unesco.org/en/list/242 আহৰণ কৰা হৈছে: 2010-11-06.
  35. "UNESCO page – Ancient City of Sigiriya". UNESCO.org. http://whc.unesco.org/en/list/202 আহৰণ কৰা হৈছে: 2010-11-05.
  36. "Ajanta Caves: Advisory Body Evaluation" (pdf). UNESCO. পৃষ্ঠা: 2. http://whc.unesco.org/archive/advisory_body_evaluation/242.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  37. "Ellora Caves, India: Brief Description, UNESCO World Heritage Site". http://whc.unesco.org/en/list/243 আহৰণ কৰা হৈছে: 2010-11-06.
  38. "Ellora Caves: Advisory Body Evaluation" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/243.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  39. "Elephanta Caves" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/244.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  40. "Elephanta Caves". World Heritage: Unesco.org. http://whc.unesco.org/en/list/244 আহৰণ কৰা হৈছে: 2010-11-06.
  41. "Chhatrapati Shivaji Terminus". World Heritage: Unesco.org. http://whc.unesco.org/en/list/945 আহৰণ কৰা হৈছে: 2010-11-06.
  42. "Chhatrapati Shivaji Terminus" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/945rev.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  43. "Sun Temple, Konârak". World Heritage: Unesco.org. http://whc.unesco.org/en/list/246 আহৰণ কৰা হৈছে: 2010-11-06.
  44. "Sun Temple, Konârak" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/246.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  45. "Keoladeo National Park". UNESCO. http://whc.unesco.org/en/list/340 আহৰণ কৰা হৈছে: 2010-10-07.
  46. "Keoladeo National Park No.340" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/340.pdf আহৰণ কৰা হৈছে: 2010-10-07.
  47. "Jantar Mantar, Jaipur". UNESCO. http://whc.unesco.org/en/list/1338 আহৰণ কৰা হৈছে: 2010-10-07.
  48. "Jantar Mantar, Jaipur" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf আহৰণ কৰা হৈছে: 2010-10-07.
  49. "Great Living Chola Temples". World Heritage: Unesco.org. http://whc.unesco.org/en/list/250 আহৰণ কৰা হৈছে: 2010-11-06.
  50. "Great Living Chola Temples" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/945rev.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  51. "Group of Monuments at Mahabalipuram". World Heritage: Unesco.org. http://whc.unesco.org/en/list/249 আহৰণ কৰা হৈছে: 2010-11-06.
  52. "Group of Monuments at Mahabalipuram" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/249.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  53. "World Heritage List no. 251" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/251.pdf আহৰণ কৰা হৈছে: 2010-10-02.
  54. "Agra Fort". UNESCO. http://whc.unesco.org/en/list/251 আহৰণ কৰা হৈছে: 2010-10-02.
  55. "Taj Mahal". UNESCO. http://whc.unesco.org/en/list/252 আহৰণ কৰা হৈছে: 2010-10-03.
  56. "ICOMOS: World Heritage List-253" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/252.pdf আহৰণ কৰা হৈছে: 2010-10-03.
  57. "Mountain Railways of India". World Heritage: Unesco.org. http://whc.unesco.org/en/list/944 আহৰণ কৰা হৈছে: 2010-11-06.
  58. "Mountain Railways of India" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/944ter.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  59. "Nanda Devi and Valley of Flowers National Parks". World Heritage: Unesco.org. http://whc.unesco.org/en/list/335 আহৰণ কৰা হৈছে: 2010-11-06.
  60. "Nanda Devi and Valley of Flowers National Parks" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/335bis.pdf আহৰণ কৰা হৈছে: 2010-11-06.
  61. "Sundarbans National Park". World Heritage: Unesco.org. http://whc.unesco.org/en/list/452 আহৰণ কৰা হৈছে: 2010-11-06.
  62. "Sundarbans National Park" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/452.pdf আহৰণ কৰা হৈছে: 2010-11-06.