সমললৈ যাওক

সাঁচী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সাঁচীৰ বৌদ্ধ স্মাৰকসমূহৰ পৰা পুনঃনিৰ্দেশিত)
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
সাঁচীৰ বৌদ্ধ স্মাৰকসমূহ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম

সাঁচী স্তুপ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি (i)(ii)(iii)(iv)(vi)
উদ্ধৃতি ৫২৪
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৯ (ত্ৰয়োদশ অধিবেশন)

সাঁচী (ইংৰাজী: Sanchi হ'ল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপালপৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন নগৰ। এই স্থান বৌদ্ধ স্থাপত্যৰ বাবে বিখ্যাত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মাণ কৰা হৈছিল। কোনো কোনোৰ মতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত সম্ৰাট অশোকৰ ৰাজত্বকালত এই স্মাৰকসমৃহ গঢ় লৈ উঠিছিল। এই স্মাৰকস্থলৰ প্ৰধান দ্ৰষ্টব্য স্তুপ ১ গঢ় লৈ উঠিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীৰ মধ্যৱৰ্তী সময়ত। খ্ৰীষ্টীয় দ্বাদশ শতাব্দী পৰ্যন্ত এইসমূহ আছিল সক্ৰিয় বৌদ্ধ মঠ। এই মঠপ্ৰাঙ্গনত অনেক মনোলিথিক স্তম্ভ, প্ৰসাদ, মন্দিৰ আৰু বিভিন্ন ধৰণৰ মঠ দেখা যায়। ১৯৮৯ চনৰ ২৪ জানুৱাৰীত ই ইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যদা লাভ কৰে। ১৮১৮ চনত পৰিত্যক্ত অৱস্থাত এই স্মাৰকসমূহ আৱিষ্কৃত হয়। তাৰ পাছৰেপৰা পুৰাতাত্বিক খননকাৰ্যত বৰ্তমানে ৫০টি অনন্য স্থাপনাৰ সন্ধান পোৱা গৈছে।[1][2][3]

আলোকচিত্ৰ

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Buddist Monuments at Sanchi" (pdf). UNESCO. http://whc.unesco.org/en/list/524 আহৰণ কৰা হৈছে: 2010-10-02.
  2. "List of World heritage in danger". UNESCO. http://whc.unesco.org/en/danger/ আহৰণ কৰা হৈছে: 2010-10-01.
  3. "Nomination to the World Heritage List" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/524.pdf আহৰণ কৰা হৈছে: 2010-10-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]