যন্তৰ মন্তৰ (জয়পুৰ)
স্থানাংক: 26°55′29″N 75°49′28″E / 26.92472°N 75.82444°E
যন্তৰ মন্তৰ (জয়পুৰ) | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
![]() জয়পুৰৰ যন্তৰ মন্তৰ | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | iii, iv |
উদ্ধৃতি | ১৩৩৮ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ২০১০ (৩৪ তম অধিবেশন) |
জয়পুৰৰ যন্তৰ মন্তৰ (ইংৰাজী: Jantar Mantar) কেইবাটাও জ্যোতিৰ্বিজ্ঞান যন্ত্ৰ স্থাপত্যৰ সমষ্টি। ১৭২৭ চনৰ পৰা ১৭৩৪ চনৰ মধ্যবৰ্তী সময়ত মহাৰাজ দ্বিতীয় জয়সিংহই জয়পুৰত যন্তৰ মন্তৰ নিৰ্মাণ কৰে। তেওঁ এই ধৰণৰ পাঁচটা স্থাপত্য, পাঁচটা ভিন্ন ভিন্ন স্থানত নিৰ্মাণ কৰিছিল। তাৰ মাজৰ দুটা দিল্লী আৰু জয়পুৰত অৱস্থিত। জয়পুৰ মানমন্দিৰটো আছিল বৃহত্তম আৰু ইয়াত তেওঁ ২০টি স্থায়ী যন্ত্ৰ স্থাপন কৰিছিল। মোগল সাম্ৰাজ্যৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়।[1][2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Jantar Mantar, Jaipur". UNESCO. http://whc.unesco.org/en/list/1338। আহৰণ কৰা হৈছে: 2010-10-07.
- ↑ "Jantar Mantar, Jaipur" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf। আহৰণ কৰা হৈছে: 2010-10-07.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত যন্তৰ মন্তৰ (জয়পুৰ) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Jantar Mantar (Jaipur)
- Website for Jantar Mantar in Jaipur - Biggest Stone Observatory in the World (Info)
- Architecture in the Service of Science
- Eye See: Astronomical Architecture Of The Jantar Mantar
- Jantar Mantar photographs, 2012