মহান চোল মন্দিৰসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
মহান চোল মন্দিৰসমূহ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

গঙ্গইকোণ্ডচোলীশ্বৰমত খোদিত এক প্ৰস্তৰ মূৰ্তি

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iii
উদ্ধৃতি ২৫০
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৭ (একাদশ অধিবেশন)
বিস্তাৰসমূহ ২০০৪

মহান চোল মন্দিৰসমূহ (ইংৰাজী: Great Living Chola Temples) চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে৷ এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে। এইসমূহ হ'ল তাঞ্জাভুৰৰ বৃহদীশ্বৰ মন্দিৰ (Brihadisvara Temples), গঙ্গইকোণ্ডচোলীশ্বৰমৰ বৃহদীশ্বৰ মন্দিৰ আৰু দৰসুৰমৰ ঐৰাৱতেশ্বৰ মন্দিৰ (Airavatesvara Temple)। গঙ্গইকোণ্ডচোলীশ্বৰম মন্দিৰটি ১০৩৫ চনত প্ৰথম ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰিছিল। ইয়াৰ ৫৩ মিটাৰ (১৭০ ফুট) উচ্চ অংশটি সঙ্কুচিত কোণবিশিষ্ট আৰু উপৰদিশত বহু কাৰুকাৰ্যখচিত, ঐৰাৱতেশ্বৰ মন্দিৰ প্ৰংগনটি দ্বিতীয় ৰাজাৰাজৰ দ্বাৰা নিৰ্মিত। ইয়াত এটি ২৪ মিটাৰ (৭৯ ফুট) উচ্চ পাথৰৰ শিৱ মূৰ্তি আছে। মন্দিৰসমূহ চোল স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা আৰু ব্ৰোঞ্জ মূৰ্তিশিল্পৰ এক অনবদ্য নিদৰ্শন। ২০০৪ চনত (ii) আৰু (iii) বিভাগত সাংস্কৃতিক ঐতিহ্য হিচাপে এই স্থানটোৱে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।[1][2]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Great Living Chola Temples". World Heritage: Unesco.org. http://whc.unesco.org/en/list/250। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Great Living Chola Temples" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/945rev.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]