এশিঙীয়া গঁড়
এশিঙীয়া গঁড় | |
---|---|
![]() | |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা এশিঙীয়া গঁড় | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Perissodactyla |
পৰিয়াল: | Rhinocerotidae |
গণ: | Rhinoceros |
প্ৰজাতি: | R. unicornis |
বৈজ্ঞানিক নাম | |
Rhinoceros unicornis | |
![]() | |
Indian rhinoceros range |
গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু।[2] ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।[3]
বিস্তৃতি[সম্পাদনা কৰক]
এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা পোৱা যায়। ভাৰতত একালত এই গঁড় ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদীৰ উপত্যকাৰ বনাঞ্চলত উভৈনদী আছিল যদিও বৰ্তমান কেৱল অসম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত সীমিত সংখ্যক গঁড় আছেগৈ। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আদিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাঁহনি অঞ্চলত বৃহৎ সংখ্যক এশিঙীয়া গঁড় দেখা পোৱা যায়।[4]
দৈহিক গঠন[সম্পাদনা কৰক]
এশিঙীয়া গঁড়ৰ ওজন প্ৰায় ১৮০০-২৭০০ কিলোগ্ৰাম, উচ্চতা ১.৭৫-২ মিটাৰ আৰু দৈৰ্ঘ্য ৩-৩.৮ মিটাৰ। ইয়াৰ ছালখন ধোঁৱা বৰণীয়া, নোমবিহীন, দেখাত যুদ্ধত ব্যৱহাৰ কৰা বৰ্মৰ দৰে কঠিন। তথ্য অনুসৰি এশিঙীয়া গড়ৰ ছাল ৪ ছেমি পৰ্য্যন্ত ডাঠ হ’ব পাৰে। এই গঁড়ৰ খড়্গ মাথোঁ এটা। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২০-৬১ ছেমি আৰু ওজন ৩ কিলোগ্ৰাম পৰ্য্যন্ত হয়। এই খড়্গ ভাঙিলে পুনৰ গজিব পাৰে।[5]
আচৰণ[সম্পাদনা কৰক]
এশিঙীয়া গঁড় মূলতঃ অৰ্ধ জলচৰ। ইহঁতে জলাশয় আৰু পিতনিত চৰি ভাল পায়। ই সাধাৰণতে অকলশৰীয়াকৈ থাকে। কেৱল পোৱালি আৰু মাকেহে একেলগে চৰা দেখা যায়। মতা এশিঙীয়া গঁড়ে নিজৰ ভৌগোলিক পৰিসীমা (territory) ৰক্ষা কৰি চলে আৰু ইয়াৰ ভিতৰত অন্য মতা গঁড়ে প্ৰবেশ কৰিলে হিংস্ৰতাৰে আক্ৰমণ কৰে। মাইকী গঁড়ে অৱশ্যে বিনাবাধাই এনে পৰিসীমাৰ বাহিৰ-ভিতৰ হ’ব পাৰে। এশিঙীয়া গঁড়ে একে ঠাইতে মল ত্যাগ কৰে আৰু এই মলৰ দ’মৰ যোগেদি অন্য প্ৰাণীক নিজৰ ভৌগোলিক পৰিসীমাৰ সংকেত দিয়ে। ইহঁতে সাধাৰণতে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ একেটা বাট ব্যৱহাৰ কৰে আৰু ভৰিৰ তলুৱাত থকা গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰে চিন ৰাখি যায়। এই বাটটোক ‘দণ্ডী’ বুলি কোৱা হয়। ইহঁতৰ শ্ৰবণ আৰু গোন্ধ শক্তি তীব্ৰ কিন্তু দৃষ্টিশক্তি তেনেই দুৰ্বল।[4]
মাইকী এশিঙীয়া গঁড় চাৰি বছৰ বয়সত আৰু মতা গঁড় নবছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়। প্ৰায় ১৫-১৬ মাহ গৰ্ভধাৰণ কৰি মাইকী গঁড়ে একোটা পোৱালিৰ জন্ম দিয়ে। পোৱালিৰ ওজন প্ৰায় ৫৮-৭০ কিলোগ্ৰাম হয় আৰু জন্মৰ পিচত প্ৰতিদিনে পোৱালিটোৰ ওজন ১-২ কিলোগ্ৰামকৈ বাঢ়ে। প্ৰথম বছৰটো পোৱালি মাকৰ লগে লগে থাকে। এশিঙীয়া গঁড়ৰ আয়ুস সাধাৰণতে ৩০-৪৫ বছৰ। ই প্ৰধানকৈ ঘাঁহ, গছৰ পাত, জলচৰ উদ্ভিদ আদি খাই জীয়াই থাকে।[4]
স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]
এশিঙীয়া গঁড়ক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List)-ত অসুৰক্ষিত (vulnerable) বুলি গণ্য কৰা হৈছে। বিস্তীৰ্ণ ঘাঁহনি আৰু পিতনি অঞ্চলৰ ধ্বংসপ্ৰাপ্তি তথা চোৰাং চিকাৰ ইয়াৰ মূল কাৰণ বুলি অভিহিত কৰা হয়।[6]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Talukdar, B. K.; Emslie, R.; Bist, S. S.; Choudhury, A.; Ellis, S.; Bonal, B. S.; Malakar, M. C.; Talukdar, B. N. et al. (2008). "Rhinoceros unicornis". The IUCN Red List of Threatened Species (IUCN) খণ্ড 2008: e.T19496A8928657. doi:10.2305/IUCN.UK.2008.RLTS.T19496A8928657.en. https://www.iucnredlist.org/species/19496/8928657। আহৰণ কৰা হৈছে: 29 October 2018.
- ↑ Xobdo.orgত সন্নিবিষ্ট অৰ্থৰ পৰা
- ↑ Sarma, P.K., Talukdar, B.K., Sarma, K., Barua, M. (2009) Assessment of habitat change and threats to the greater one-horned rhino (Rhinoceros unicornis) in Pabitora Wildlife Sanctuary, Assam, using multi-temporal satellite data. Pachyderm No. 46 July–December 2009: 18–24.
- ↑ 4.0 4.1 4.2 https://indiabiodiversity.org/species/show/257370
- ↑ https://rhinos.org/about-rhinos/rhino-species/greater-one-horned-rhino/
- ↑ https://www.savetherhino.org/rhino-info/rhino-species/greater-one-horned-rhino/
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত এশিঙীয়া গঁড় সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এশিঙীয়া গঁড়ৰ বিষয়ে দ্য চানডে ইণ্ডিয়ান ৱেবছাইটত সন্নিবিষ্ট তথ্য
- The Rhino Resource Center
- International Rhino Foundation: Greater One-Horned Rhino (Rhinoceros unicornis)
- Nepal Rhino Conservation
- Indian Rhino in Kaziranga National Park Official website
- TheBigZoo.com: Greater Indian Rhinoceros
- Indian Rhino page at AnimalInfo.org
- Indian Rhinoceros page at nature.ca
- Page Rhinocéros indien à nature.ca
- Indian Rhinoceros page at UltimateUngulate.com
- Images, videos and information on the Indian Rhinoceros
- Asian Rhino Foundation
- Indian army to help prevent rhino poaching