মানস ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মানস ৰাষ্ট্ৰীয় উদ্যান
Manas Wildlife Sanctuary
মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাটচ’ৰা
মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাটচ’ৰা
মানচিত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যান Manas Wildlife Sanctuaryৰ অৱস্থিতি
মানস ৰাষ্ট্ৰীয় উদ্যান
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ বৰপেটা ৰোড
স্থানাংক 26°30′0″N 91°51′0″E / 26.5°N 91.85°E / 26.5; 91.85স্থানাংক: 26°30′0″N 91°51′0″E / 26.5°N 91.85°E / 26.5; 91.85
মাটিকালি ৫০০ বৰ্গ কি.মি.
প্ৰতিস্থা ১৯৯০
কৰ্তৃপক্ষ পৰিবেশ আৰু বন মন্ত্ৰালয়, ভাৰত চৰকাৰ
ৱেবছাইট http://www.manasassam.org
ধৰণ প্ৰাকৃতিক
চৰ্ত vii, ix, x
নিৰ্ধাৰিত ১৯৮৫(৯ মবৰ্ষ)
প্ৰসংগ  সংখ্যা ৩৩৮
ৰাজ্যিক দল  ভাৰত
অঞ্চল এছিয়া-পেছিফিক
বিপদাপন্ন ১৯৯২– ২০১১

মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Manas National Park) অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল (Project Tiger Reserve), হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve), তথা বায়’ছফিয়েৰ ৰিজাৰ্ভ (Biosphere Reserve)। ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। উত্তৰে মানহ নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে।[1] মানস ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ। এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী যেনে-নলগাহৰি (Pygmy Hog), সোণালী বান্দৰ (Golden Langur) আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া (পানী) ম'হ (Wild Water Buffalo)ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে[2]

নামৰ উৎস[সম্পাদনা কৰক]

মানস ৰাষ্ট্ৰীয় উদ্যানৰ নামটো ৰাষ্ট্ৰীয় উদ্যান খনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ অন্যতম প্ৰধান উপনৈ মানাহ নৈ ৰ পৰা লোৱা হৈছে। এই নৈক আকৌ হিন্দু ধৰ্মৰ দেৱী মনসাৰ নাম অনুসৰি নামকৰণ কৰা হৈছে।

ইতিহাস[সম্পাদনা কৰক]

১৯২৮ চনৰ ১ অক্টোবৰত মানসক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যদা দিয়া হয়। ইয়াৰ আগতে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল। পূৰ্বতে ইয়াক গৌৰীপুৰৰ ৰজাই চিকাৰ স্থলী হিচাপে ব্যৱহাৰ কৰাৰ কথা জনা যায়। ১৯৭৩ চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। ১৯৮৫ চনত ইউনেস্ক’ই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। ১৯৯০ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়।[3]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

মানাহ নদী

মানস ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল অসমৰ পাঁচখন জিলাৰ বিভিন্ন অংশ লৈ গঠিত হৈছে:কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং জিলা। ৰাষ্ট্ৰীয় উদ্যানখনক তিনিটা ৰেঞ্জত বিভক্ত কৰা হৈছে। পশ্চিমৰেঞ্জ পানবাৰীত, কেন্দ্ৰীয়ৰেঞ্জ বৰপেটা ৰোডৰ ওচৰৰ বাঁহবাৰীত আৰু পূবৰ ৰেঞ্জটো পাঠশালাৰ সমীপৰ ভূঞাপাৰাত অৱস্থিত।

ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানহ এই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈ দুখন উপনৈত বিভক্ত হৈছে- বেঁকী আৰু ভলকাডুবা। মানহৰ উপৰিও অন্য পাঁচখন উপনৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে।

মানসৰ মুঠ মাটিকালি ৫০০ বৰ্গ কি.মি. আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬১-১১০ মিটাৰ উচ্চতাত অৱস্থিত।

জলবায়ু[সম্পাদনা কৰক]

মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। বাৰিষা যথেষ্ট বৰষুণ হোৱা দেখা যায়। গ্ৰীষ্ম কালটো গৰম তথা সেমেকা। শীতকালত জলবায়ু শুকান আৰু নাতিশীত, ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। এই সময়ত সৰ্ব্বোচ্চ উষ্ণতা গড়ে ২৫°ছে. আৰু সৰ্বনিম্ন গড় উষ্ণতা ১৫°ছে.। মাৰ্চৰ পৰা মে মাহলৈকে গ্ৰীষ্ম ঋতু বিৰাজ কৰে। এই সময়ত সৰ্ব্বোচ্চ গড় উষ্ণতা ৩৭°ছে হয়গৈ। জুন মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ বৰষুণ আহে। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ৩৩৩ মি.মি.। [4]

উদ্ভিদকুল[সম্পাদনা কৰক]

মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা প্ৰধান উদ্ভিদসমষ্টি (vegetation)ৰ প্ৰকাৰ সমূহ হ’ল-

  • উপ-হিমালয়ৰ পলসুৱা মাটিৰ অৰ্ধ-চিৰসেউজ অৰণ্য (Sub-Himalayan Alluvial Semi-Evergreen forests)
  • পূব হিমালয়ৰ আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য (East Himalayan mixed Moist and Dry Deciduous forests)
  • নামনিৰ পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য (Low Alluvial Savanna Woodland) আৰু
  • অসম উপত্যকাৰ পলসুৱা মাটিৰ অৰ্ধ-চিৰসেউজ ঘাঁহনি(Assam Valley Semi-Evergreen Alluvial Grasslands)।

মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে সৰ্বমুঠ ৫৪৩ বিধৰ উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে। ইয়াৰ ভিতৰত ৩৭৪ বিধ দ্বিবীজপত্ৰী (৮৯ বিধ বৃক্ষকে ধৰি), ১৩৯ বিধ একবিজপত্ৰী আৰু ৩০ বিধ ঢেঁকীয়াজাতীয় উদ্ভিদ।

এই উদ্যানৰ এক বিস্তীৰ্ণ অঞ্চল ঘাঁহ জাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ। ইয়াত থকা ঘাঁহ জাতীয় উদ্ভিদসমূহ হ’ল- বিভিন্ন প্ৰকাৰৰ খেৰ, ইকৰা, খাগৰি, নল ইত্যাদি। বনাঞ্চলৰ গভীৰ অঞ্চলসমূহত বিভিন্নপ্ৰকাৰৰ সৰু, বৰ গছ, যেনে- Aphanamixis polystachya, Anthocephalus chinensis, জামুক (Syzygium cumini), S. formosum, S. oblatum, ৰঙা কাঞ্চন (Bauhinia purpurea), Mallotus philippensis, Cinnamomum tamala, Actinodaphne obvata, শিমলূ (Bombax ceiba), Sterculia villosa, ঔটেঙা (Dillenia indica), D. pentagyna, Careya arborea, Lagerstroemia parviflora, L.speciosa, Terminalia bellirica, T. chebula, Trewia polycarpa, Gmelina arborea, Oroxylum indicum ইত্যাদি পোৱা যায়।

প্ৰাণীকুল[সম্পাদনা কৰক]

মানস ৰাষ্ট্ৰীয় উদ্যানত টুপীমূৰীয়া বান্দৰ

মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে সৰ্বমুঠ ৫৫ বিধৰ স্তন্যপায়ী জন্তু, ৪৫০ প্ৰকাৰৰ পক্ষী[5], ৫০ বিধ সৰীসৃপ আৰু ৩ বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি পোৱা গৈছে।


মানসৰ নাহৰফুটুকী বাঘ

প্ৰাণী সমূহৰ ভিতৰত হাতী, এশিঙীয়া গঁড়, বনৰীয়া ম’হ, মেথোন (Gaur), ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ (Clouded Leopard), সোণালী মেকুৰী (Asian golden cat), টুপীমূৰীয়া বান্দৰ, সোণালী বান্দৰ, মলুৱা বান্দৰ, লাজুকী বান্দৰ, হলৌ বান্দৰ , উদ (Smooth-coated Otter), ভালুক, খটীয়া পহু , সুগৰী পহু, দল-হৰিণা, শৰপহু, নল গাহৰি, জহামাল, হাগা গেন্দেৰা, মুচি গেন্দেৰা আদি প্ৰধানকৈ পোৱা যায়।

পক্ষীৰ প্ৰজাতিসমূহৰ ভিতৰত উলুম'ৰা, বন-কুকুৰা (Red Jungle Fowl), ফেচুলুকা, চাকৈ-চকোৱা, দৰিক, বগলী (Egret), ভেলা (Pelican), কুৰুৱা, Serpent Eagle, Falcon, Scarlet Minivet, মৌখাটি, জিঞাখাটী, দহিকতৰা, পাকৈঢোৰা(Pied Hornbill), ধনেশ, Indian Grey Hornbill, Merganser, Harrier, Osprey, Heron ইত্যাদি উল্লেখযোগ্য।

পৰ্যটন[সম্পাদনা কৰক]


তথ্য-সংগ্ৰহ[সম্পাদনা কৰক]

  1. "WWF - Royal Manas National Park, Bhutan". Panda.org. http://www.panda.org/who_we_are/wwf_offices/bhutan/projects/index.cfm?uProjectID=BT0010। আহৰণ কৰা হৈছে: 2013-03-22. 
  2. Choudhury, A.U.(2010)The vanishing herds : the wild water buffalo. Gibbon Books, Rhino Foundation, CEPF & COA, Taiwan, Guwahati, India
  3. Amelan, Roni. "Successful preservation of India's Manas Wildlife Sanctuary enables withdrawal from the List of World Heritage in Danger". http://whc.unesco.org/en/news/762। আহৰণ কৰা হৈছে: 21 June 2011. 
  4. www.mustseeindia.com
  5. Choudhury, A.U. (2006) Birds of Manas National Park. Gibbon Books & The Rhino Foundation for Nature in North East India, Guwahati, India. 84pp

বাহ্যিক সংযোগ[সম্পাদনা কৰক]