সমললৈ যাওক

বুঢ়া চাপৰি অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুঢ়া চাপৰি অভয়াৰণ্য
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
মানচিত্ৰত বুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি
অসমতবুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ তেজপুৰ
স্থানাংক 26°51′57″N 92°50′53″E / 26.86583°N 92.84806°E / 26.86583; 92.84806স্থানাংক: 26°51′57″N 92°50′53″E / 26.86583°N 92.84806°E / 26.86583; 92.84806
মাটিকালি ৪৪.০৬ বৰ্গ কিলোমিটাৰ[1]
প্ৰতিস্থা 1974[1]
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

বুঢ়া চাপৰি অভয়াৰণ্য (ইংৰাজী: Bura Chapori Wildlife Sanctuary) অসমশোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

এই বন্যপ্ৰাণী অভয়াৰণ্য ব্ৰহ্মপুত্ৰনদীৰ উত্তৰ পাৰে শোণিতপুৰ জিলাত অৱস্থিত। তেজপুৰ চহৰ আৰু গুৱাহাটীৰ পৰা এই বনাঞ্চলৰ দুৰত্ব ক্ৰমে ৪০ কিমি আৰু ১৮১ কিমি। এই বনাঞ্চলৰ মাটিকালি প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ[2]। ইয়াত প্ৰধানকৈ ঘাঁহনি আৰু জলাহভূমি তথা অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়।[3]

ইয়াক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।[4]

জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

বুঢ়া-চাপৰি বনাঞ্চৰ জৈৱবৈচিত্ৰ্য খুবেই চহকী। বিশেষকৈ ইয়াক উলূম’ৰাৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয়। অন্যান্য প্ৰাণী তথা চৰাই চিৰিকটি সমূহ হ’ল-

স্তন্যপায়ী প্ৰাণী

এশিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, খটীয়া পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, সুগৰী পহু, হেপা, হাতী ইত্যাদি[5]

চৰাই-চিৰিকটি

আমৰ’লীয়া হাঁহ, মাছোৰোকা, মৌপিয়া, লক্ষ্মী ফেঁচা, লৰীয়তী, শামুকভঙা, শেন, শৰালি হাঁহ, দেওৰাজ হাঁহ, নীলকণ্ঠ, পাকৈঢোৰা, ফেঁচু, পাটিশগুণ, পানী কাউৰী, বতা চৰাই, বনকুকুৰা, বনচিৰিকা, বামুণ বগলী, বামুণী হাঁহ, খন্তীয়া হাঁহ, গলমণিকা, সখিয়তী, সাতভনী, বৰ বগ, বৰটোকোলা, সোণ বাঢ়ৈটোকা,সৰুমূগী হাঁহ, হয়কলি, হাইঠা, হাড়গিলা, ঘিলা হাঁহ, চাকৈ-চকোৱা, ৰাজ ভাটৌ, ৰামপৰা, কলীমূৰী হাঁহ, [[ক পাকৈঢোৰা]], কাকলি হাঁহ, কামচৰাই, কুটুম চৰাই[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "National Wildlife Database: List of Protected Areas in India". Wildlife Institute of India. Archived from the original on 19 September 2011. https://web.archive.org/web/20110919104925/http://oldwww.wii.gov.in/nwdc/list_existing_wls.pdf আহৰণ কৰা হৈছে: 22 October 2010.
  2. "আৰ্কাইভ কপি". Archived from the original on 2013-07-30. https://web.archive.org/web/20130730040531/http://www.naturesafariindia.com/wildlife_parks_sanctuary/bura_chapori_sanctuary.html আহৰণ কৰা হৈছে: 2013-08-20.
  3. http://www.assaminfo.com/tourist-places/18/burachapori-wildlife-sanctuary.htm
  4. Wahid Saleh. "Indiawijzer". Indiawijzer.nl. Archived from the original on 2015-04-02. https://web.archive.org/web/20150402094132/http://www.indiawijzer.nl/index.htm?deeplink=/tourism_travelling_to_india/northeasternindia/assam/wildlife_sanctuaries/bura_chapori.htm আহৰণ কৰা হৈছে: 2013-06-02.
  5. "আৰ্কাইভ কপি". Archived from the original on 2013-05-16. https://web.archive.org/web/20130516063305/http://assamforest.in/NP_Sanctuaries/wls_Burachapori.php আহৰণ কৰা হৈছে: 2013-08-20.
  6. "Bura Chapori Wildlife Sanctuary, Wildlife Sanctuary Assam, Bura Chapori Wildlife Reserve, Wildlife Conservation Bura Chapori Assam, Wildlife Parks Bura Chapori, Bura Chapori Wildlife National Park". Naturesafariindia.com. Archived from the original on 2013-07-30. https://web.archive.org/web/20130730040531/http://www.naturesafariindia.com/wildlife_parks_sanctuary/bura_chapori_sanctuary.html আহৰণ কৰা হৈছে: 2013-06-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]