সমললৈ যাওক

গৰমপানী অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৰমপানী অভয়াৰণ্য
Garampani Wildlife Sanctuary
গৰমপানী অভয়াৰণ্যৰ ওলমা সাঁকো
গৰমপানী অভয়াৰণ্যৰ ওলমা সাঁকো
মানচিত্ৰত গৰমপানী অভয়াৰণ্যৰ অৱস্থিতি
অসমৰ মানচিত্ৰ
অৱস্থান কাৰ্বি আংলং জিলা, অসম, ভাৰত
নিকটতম চহৰ গোলাঘাট
স্থানাংক 26°25′12″N 93°43′30″E / 26.42°N 93.725°E / 26.42; 93.725স্থানাংক: 26°25′12″N 93°43′30″E / 26.42°N 93.725°E / 26.42; 93.725[1]
মাটিকালি 6.05 বৰ্গ কি.মি. (৬০,৫০,০০০ বৰ্গ মিটাৰ)

গৰমপানী অভয়াৰণ্য (ইংৰাজী: Garampani Wildlife Sanctuary) হৈছে অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য।[2] ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ)গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 km (১৬ মাইল)। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে।[3] ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। ইয়াৰ লগতে ইয়াত ৫১ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।[4][5]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]
গৰমপানীৰ উঁহ

এই অভয়াৰণ্যত বহুতো গৰম পানীৰ উঁহ পোৱা যায়। তাৰ পৰাই ইয়াৰ নাম গৰমপানী হ'ল।[2]

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

গৰমপানী অভয়াৰণ্যৰ অৱস্থিতি অক্ষাংশ ২৬°৪২' উ. আৰু দ্ৰাঘিমাংশ ৯৩°৭২৫' পূ.।[1]

জলবায়ু

[সম্পাদনা কৰক]

অভয়াৰণ্য খনৰ জলবায়ু গীষ্মমণ্ডলীয় সেমেকা। গীষ্মপ্ৰধান অৰ্ধ-চিৰহৰিৎ বনাঞ্চল এই অভয়াৰণ্যত দেখিবলৈ পোৱা যায়।।[2]

গৰমপানী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।

স্তন্যপায়ী প্ৰাণী

[সম্পাদনা কৰক]

সৰীসৃপ প্ৰাণী

[সম্পাদনা কৰক]


গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী চহৰখন হৈছে গোলাঘাট[2] দূৰত্ব প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটীৰ পৰা ইয়ালৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ইয়ালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে।

বিমান পথ

গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰ বিমানবন্দৰ। ইয়ালৈ দূৰত্ব প্ৰায় ৫৫ কিঃমিঃ। আনটো নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাট জিলাৰৰৈয়া বিমানবন্দৰ। এই বিমান বন্দৰৰ পৰা অভয়াৰণ্যলৈ দূৰত্ব প্ৰায় ৮৫ কিঃমিঃ।

ৰেলপথ

গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী ৰেল জংচনটো হৈছে ফৰকাটিঙ জংচন। দূৰত্ব প্ৰায় ২০ কিঃমিঃ। ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ এই জংচনটোৰ পৰা অহা-যোৱা কৰিব পাৰি।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Garampani Sanctuary". protectedplanet.net. http://www.protectedplanet.net/sites/Garampani_Sanctuary.
  2. 1 2 3 4 5 6 7 "Garampani Wild Life Sanctuary". Archived from the original on February 9, 2013. https://web.archive.org/web/20130209191056/http://www.east-himalaya.com/assam/garampani.htm আহৰণ কৰা হৈছে: January 03, 2013.
  3. "Garampani Wildlife Sanctuary". Assam Tourism. ২০০৯. http://www.assamtourism.org/wildlife.php#Garampani আহৰণ কৰা হৈছে: January 03, 2013.
  4. 1 2 "গৰমপানী অভয়াৰণ্য". Wild Mahseer. Archived from the original on April 15, 2013. https://web.archive.org/web/20130415102046/http://www.wildmahseer.com/index.php/wildlife-sanctuaries/garampani-wildlife-sanctuaries.html আহৰণ কৰা হৈছে: January 03, 2013.
  5. 1 2 "গৰমপানীৰ বিষয়ে". Department of Environment and Forests, Govt. of Assam. Archived from the original on April 17, 2013. https://web.archive.org/web/20130417002944/http://assamforest.in/NP_Sanctuaries/wls_Garampani.php আহৰণ কৰা হৈছে: January 03, 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]