সমললৈ যাওক

যোৰহাট বিমানবন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰৰৈয়া বিমানবন্দৰৰ পৰা পুনঃনিৰ্দেশিত)
যোৰহাট বিমানবন্দৰ
ৰৰৈয়া বিমানবন্দৰ
আইএটিএ: JRHআইচিএঅ: VEJT
JRH is located in ভাৰত
JRH
JRH
Location of airport in India
সংক্ষিপ্ত
প্ৰকাৰ ভাৰতীয় বায়ু সেনা / অসামৰিক বিমানবন্দৰ
অপাৰেটৰ ভাৰতীয় বায়ু সেনা
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ
সেৱা যোৰহাট, গোলাঘাট
অৱস্থান যোৰহাট, অসম
উচ্চতা ৩১১ ফুট / ৯৫ মিটাৰ
স্থানাঙ্ক 26°43′54″N 094°10′32″E / 26.73167°N 94.17556°E / 26.73167; 94.17556
ৱেবছাইট www.aai.aero/allAirports/jorhat_airpo_gi.jsp
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
ফুট মিটাৰ
০৪/২২ ৯,০০০ ২,৭৪৩ কংক্ৰিট

যোৰহাট বিমানবন্দৰ (আইএটিএ: JRH, আইচিএঅ’: VEJT) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত এটা বিমান বন্দৰ। ই যোৰহাট নগৰৰ পৰা দক্ষিণ পশ্চিম দিশে ৭ কি মি দূৰত অৱস্থিত৷ এই বন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেৰেও জনাজাত। ভাৰতীয় বিমানবন্দৰ প্ৰাধীকৰণৰ দ্বাৰা পৰিচালিত ৷ এই বিমান বন্দৰটো ১৯৫০ চনৰ আগভাগত স্থাপন কৰা হৈছিল ৷ [1] এইটো পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমানঘাটি, প্ৰথমতে এই বিমান বন্দৰটোৰ পৰা নগালেণ্ড, অৰুণাচল প্ৰদেশলৈ বিমান সাহায্য যোগানৰ বাবে ব্যৱহাৰ হৈছিল ৷ [উদ্ধৃতিৰ প্ৰয়োজন]বৰ্তমানে সেনাবাহিনীৰ দুখন সুসজ্জিত An-32 উৰাজাহাজ আৰু অৰুনাচল প্ৰদেশৰ কামেং, সোৱণশিৰি, চিয়াং, লোহিত আৰু টিৰাপ জিলালৈ মালবাহী বিমানৰ ব্যৱস্থা আছে ৷ [2]

যোৰহাট বিমানবন্দৰত অৱতৰণ কৰা এখন বিমান

যোৰহাটত বিমানঘাটি পতাৰ প্ৰধান কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধ। ১৯৩৯ চনৰ ছেপ্তম্বৰ মাহত জাপানী সেনা বাহিনীয়ে ব্ৰহ্মদেশ অতিক্ৰম কৰি ভাৰতৰ দিশে অগ্ৰসৰ হৈছিল।[3] ভাৰতীয় আৰু ব্ৰিটিছ সেনা বাহিনীয়েও তৎপৰ হৈ উঠিছিল। ‘ৰয়েল এয়াৰ ফ’ৰ্চ’ আৰু ‘ইণ্ডিয়ান এয়াৰফ’ৰ্চ’ আহি ৰৰৈয়াৰ মাটিত অন্বেষণ কৰছিলহি। পকিমূৰি চাপৰিৰ মাটি বিমান ঘাটিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি জিলা কৰ্তৃপক্ষৰ যোগেদি মাটি অধিগ্ৰহণ কৰা হৈছিল। সেই সময়ত ৰৰৈয়াত মুৰলিধৰ বৰুৱাৰ বাগিচাৰ টকলা অংশটো বিমান ঘাটিৰ বাবে কিনি লোৱা হৈছিল। দ্বিতীয় মহাযুদ্ধৰ অগ্ৰগতিৰ লগে লগে ৰৰৈয়া বিমান ঘাটিৰো সম্প্ৰসাৰণ হ’ব ধৰিছিল। এই অঞ্চলৰ অসমীয়া পৰিয়ালৰ পৰা মাটি কিনি এই ঘাটিটো সম্প্ৰসাৰণ কৰা হৈছিল।[3]

অৱস্থিতি আৰু যোগাযোগ

[সম্পাদনা কৰক]

ৰৰৈয়া বিমানবন্দৰৰ স্থানাংক হৈছে26°26′N 94°06′E / 26.43°N 94.10°E / 26.43; 94.10[4]। অসমৰ যোৰহাট জিলাৰ সদৰ যোৰহাট চহৰৰ পৰা ৰৰৈয়া বিমানবন্দৰলৈ দূৰত্ব হৈছে ৭ কিঃমিঃ।

যোৰহাট চহৰৰ পৰা ৰৰৈয়া বিমানবন্দৰলৈ নিয়মীয়াকৈ টেক্সী আৰু স্থানীয় বাছ চলাচল কৰে।

বিমান আৰু গন্তব্যস্থানসমূহ

[সম্পাদনা কৰক]
বিমানগন্তব্যস্থান
ইণ্ডিগ' কলকাতা[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Our Special Correspondent (2011-08-14). "Leopard fear grips Jorhat IAF station". Telegraphindia.com. http://www.telegraphindia.com/1110814/jsp/orissa/story_14375595.jsp আহৰণ কৰা হৈছে: 2014-06-20.
  2. "Challenging Sorties". Vayu-sena.tripod.com. Archived from the original on 2021-01-26. https://web.archive.org/web/20210126210255/https://vayu-sena.tripod.com/other-north_east_logistics.html আহৰণ কৰা হৈছে: 2014-06-20.
  3. 1 2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৮৩, ৮৪ পৃষ্ঠা.
  4. "ৰৰৈয়া বিমানবন্দৰৰ অৱস্থিতি". Archived from the original on September 9, 2011. https://web.archive.org/web/20110909074647/http://ekikrat.in/Jorhat-Airport আহৰণ কৰা হৈছে: August 18, 2012.
  5. "IndiGo Announces New Destinations, Adds 16 New Flights. Details Here". NDTV.com. https://www.ndtv.com/business/indigo-announces-new-destinations-adds-16-new-flights-check-prices-routes-schedule-dates-here-1866443 আহৰণ কৰা হৈছে: 2018-06-13.


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]