ডিব্ৰুগড় বিমানবন্দৰ (ইংৰাজী: Dibrugarh Airport) (আইএটিএ: DIB, আইচিএঅ’: VEMN) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো ডিব্ৰুগড় নগৰৰ উত্তৰ-পুব দিশত মোহনবাৰী নামৰ ঠাইত ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত। সেয়ে ইয়াক কেতিয়াবা "মোহনবাৰী বিমানবন্দৰ"ও বোলা হয়।
- বিৱৰণ
- ক'ড নং: ৪
- ক'ড বৰ্ণ: E
- উচ্চতা: 362 ফুট (১১০ মিটাৰ)
- টাৰ্মিনেল ক্ষমতা
- দেশীয়: ২৫০ (আগমণ)/ ২৫০ (প্ৰস্থান)
- ব'ৰ্ডিং প্ৰৱেশদ্বাৰ
- টাৰ্মিনেল পৃষ্ঠকালি: 10,536 বৰ্গ মিটাৰ (১,১৩,৪১০ sq ft)
- চেক-ইন কাউণ্টাৰ: ১০
- ইমিগ্ৰেশ্যন কাউণ্টাৰ: ০
- চিকিউৰিটি চেক: ২
- এৰ'ব্ৰিজ: ২
ডিব্ৰুগড় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হৈছিল। অত্যাধুনিক আৰু সংযুক্ত এই নতুন টাৰ্মিনেল ভৱনৰ পৃষ্ঠকালি 10,536 বৰ্গ মিটাৰ (১,১৩,৪১০ sq ft)। নতুন টাৰ্মিনেল ভৱনটোত ৫০০জন যাত্ৰীৰ বাবে আসনৰ ব্যৱস্থা আছে (২৫0 আগমণ/ ২৫০ প্ৰস্থান)। ইয়াত ১০টা চেক-ইন কাউণ্টাৰ, ২টা চিকিউৰিটি চেক-ইন, দুখন এৰ'ব্ৰিজ আৰু ৫টা ৰিম'ট পাৰ্কিং বে' আছে।
ডিব্ৰুগড় বিমানবন্দৰৰ ০৫/২৩ উৰণপথ (runway) আছে। ইয়াৰ দৈৰ্ঘ্য 1,829 মিটাৰ (৬,০০১ ফুট)। বিমানবন্দৰটোত DVOR,DME,NDB নেভিগেশ্যন সৰঞ্জামৰ সুবিধা আছে। ডিব্ৰুগড় বিমানবন্দটোৰ ০৫ উৰণপথত থকা লেণ্ডিং সৰঞ্জাম আৰু ভিজুৱেল সজুঁলিসমূহ হৈছে ILS CAT I, PAPI-3°,VASI-NIL
,On Runway 23 ILS -NIL, PAPI-NIL, VASI-NIL।
|
|---|
| | আন্তঃৰাষ্ট্ৰীয় | |
|---|
| | অসামৰিক | |
|---|
| | আভ্যন্তৰীণ | |
|---|
| | সামৰিক | |
|---|
|