তেজপুৰ বিমানবন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজপুৰ বিমানবন্দৰ

Roundel of India.svg
Tezpur Air Force Station
শালনি বিমানবন্দৰ
तेजपुर सैनिक हवाईअड्डा

SU-30MKI India.jpg
IAF Sukhoi Su-30 combat aircraft
আইএটিএ: TEZআইচিএঅ: VETZ
সংক্ষিপ্ত
প্ৰকাৰ ভাৰতীয় বায়ু সেনা / অসামৰিক বিমানবন্দৰ
অধিকাৰী ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ
অপাৰেটৰ ভাৰতীয় বায়ু সেনা
অৱস্থান তেজপুৰ
উচ্চতা 240 ফুট / 73 মিটাৰ
স্থানাঙ্ক 26°42′44″N 092°47′14″E / 26.71222°N 92.78722°E / 26.71222; 92.78722স্থানাংক: 26°42′44″N 092°47′14″E / 26.71222°N 92.78722°E / 26.71222; 92.78722
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
ফুট মিটাৰ
05/23 9,010 2,746 Asphalt
Tezpur Airport is located in India
{{{alt}}}
Tezpur Airport
Location of Tezpur Airport, India

তেজপুৰ বিমানবন্দৰ (ইংৰাজী: Tezpur Airport) (আইএটিএ: TEZআইচিএঅ’: VETZ) ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত অসম ৰাজ্যশোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী হলেশ্বৰ মন্দিৰৰ নিলগত অৱস্থিত। এই বিমানবন্দৰটো স্থানীয় লোকসকলৰ মাজত শালনীবাৰী বিমানকোঠ হিচাপে অধিক পৰিচিত। শালনীবাৰী নামে গাঁওখনত এই বন্দৰটো থকা হেতুকে এই নাম জনাজাত হৈ পৰে।[1]

তেজপুৰ বিমান বন্দৰ ভাৰতীয় বিমান বাহিনীৰ এটা উল্লেখযোগ্য বন্দৰ। ইয়াত বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ (ইংৰাজী: Sukhoi Su-30) ৰখা হৈছে[2]। কাৰণ, এই বিমান বন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰা ভূটান, তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত।


ইতিহাস[সম্পাদনা কৰক]

তেজপুৰৰ এই বিমান বন্দৰটো ব্ৰিটিছ ৰয়েল ইণ্ডিয়ান এয়াৰ ফ’ৰ্ছ (ইংৰাজী: Royal Indian Air Force)-য়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰিছিল। United States Army Air Force Tenth Air Force (ইংৰাজী: Tenth Air Force)ৰ 7th Bombardment Group-য়ে এই বন্দৰটো B-24 Liberator বোমাবৰ্ষণৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৫৯ চনত, ইয়াক এটা পূৰ্ণাংগ বিমান বিন্দৰলৈ পৰিৱৰ্তন কৰা হ’ল। ইয়াৰ পাছৰ পৰাই তেজপুৰ বিমান বন্দৰৰ পৰা বিভিন্ন ধৰণৰ বিমান উৰণ কৰি আহিছে। তেতিয়াৰ পৰাই ই উত্তৰ-পূৰ্বাঞ্চলৰ সক্ৰিয় বিমান বন্দৰ হিচাবে পৰিগণিত হৈছে॥

এই বিমান বন্দৰটোৰ পৰা Vampires আৰু Toofani 101 reconnaissance squadron বিমানে প্ৰথম উৰণ আৰম্ভ কৰিছিল। যোৱা ২৫ বছৰ ধৰি ইয়াত IAF MiG-21 (ইংৰাজী: MiG-21) বিমান ব্যৱহাৰ কৰি ভাৰতীয় বায়ু বাহিনীৰ পাইলটক প্ৰশিক্ষণ দিয়া হৈছিল।

বিমানপথ আৰু গন্তব্যস্থানসমূহ[সম্পাদনা কৰক]

এয়াৰলাইন গন্তব্যস্থান 
এয়াৰ ইণ্ডিয়া ৰিজনেল (ইং ৱিকি: Air India Regional) কলকাতা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

 This article incorporates public domain material from websites or documents of the Air Force Historical Research Agency.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]