ইটানগৰ
| ইটানগৰ | |||||
| — চহৰ — | |||||
| স্থানাঙ্ক | 27°06′00″N 93°37′12″E / 27.1°N 93.62°E | ||||
| দেশ | |||||
| ৰাজ্য | অৰুণাচল প্ৰদেশ | ||||
| জিলা | পাপুমপাৰে | ||||
| উপায়ুক্ত | |||||
| সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||
| মাটিকালি • উচ্চতা |
• 750 m (2,461 ft) | ||||
|
ক'ড
| |||||
ইটানগৰ (ইংৰাজী: Itanagar ⓘ) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত।
অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে। গুৱাহাটীৰপৰা ইয়ালৈ নিয়মিতভাৱে বাছ চলাচল কৰে। ইটানগৰৰ নিকটতম ৰেল ষ্টেচন নাহৰলগুনত অৱস্থিত।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]ইটানগৰ নামটো চহৰখনৰ কেন্দ্ৰভাগত অৱস্থিত ইটা দুৰ্গৰ নামৰ পৰা উৎপত্তি হৈছে। ইটা দুৰ্গৰ আক্ষৰিক অৰ্থ হৈছে 'ইটাৰে নিৰ্মিত দুৰ্গ'। অনিয়মিত আকৃতিৰ এই দুৰ্গটো মূলতঃ ইটাৰে নিৰ্মিত আৰু ইয়াৰ নিৰ্মাণকাল চতুৰ্দশ–পঞ্চদশ শতিকা বুলি নিৰ্ধাৰণ কৰা হৈছে।[1] এই দুৰ্গটো চুতীয়া ৰাজ্যৰ ৰাজত্বকালৰ সৈতে সম্পৰ্কিত।[2]
ইতিহাস
[সম্পাদনা কৰক]বৰ্তমানৰ ইটানগৰ অঞ্চলটো মধ্যযুগত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পূব হিমালয়ৰ পাদদেশৰ মাজৰ এক বৃহত্তৰ সীমান্তৱৰ্তী অঞ্চলৰ অংশ আছিল।
ইতিহাসবিদ নিত্যনন্দ গগৈয়ে চুতীয়া ৰাজ্যৰ ভৌগোলিক বিস্তৃতিৰ পুনৰ্গঠনত ইটানগৰ অঞ্চলক অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ মতে, চুতীয়া ৰাজ্যৰ কিছুমান ৰজাৰ শাসনকালত বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ এটা অংশও ৰাজ্যখনৰ অধীনত আছিল, য'ত বৰ্তমানৰ ৰাজধানী ইটানগৰ অন্তৰ্ভুক্ত আছিল।[3] গগৈয়ে এই বিস্তৃত ভৌগোলিক পুনৰ্গঠনৰ সমৰ্থনত শদিয়া, বুৰৈ নদীৰ পাৰৰ বুৰৈ অঞ্চল]] আৰু বৰগাং আৰু ডিকাল নদীৰ সংগমস্থলীৰ নক্সাপৰ্বতত পোৱা প্ৰত্নতাত্ত্বিক অৱশেষসমূহৰ মাজৰ সাদৃশ্যৰ কথা উল্লেখ কৰিছে। লগতে তেওঁ চুতীয়া ৰজাসকলৰ চতুৰ্দশ আৰু পঞ্চদশ শতিকাৰ শিলালিপি আৰু তাম্ৰশাসনসমূহক এই ঐতিহাসিক ব্যাখ্যাৰ সৈতে সম্পৰ্কিত কৰিছে।[3]
ইটানগৰৰ প্ৰধান মধ্যযুগীয় ঐতিহাসিক কীৰ্তিচিহ্ন হৈছে ইটা দুৰ্গ। ইটাৰে নিৰ্মিত এই দুৰ্গটোৰ নিৰ্মাণকাল সাধাৰণতে চতুৰ্দশ অথবা পঞ্চদশ শতিকা বুলি ধৰা হয়। ইটানগৰ ৰাজধানী অঞ্চলৰ জিলা প্ৰশাসনৰ মতে, দুৰ্গটো চুতীয়া ৰাজ্যৰ ৰজাসকলে নিৰ্মাণ কৰিছিল।[4]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]অৰুণাচল প্ৰদেশৰ দক্ষিণ অংশত "ইটানগৰ" অৱস্থিত। ইটানগৰৰ ভৌগোলিক অৱস্থান হৈছে 27°06′N 93°37′E / 27.1°N 93.62°E।[5] সমুদ্ৰপৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৪০ মিটাৰ (১৪৪৩ ফুট)।
জলবায়ু
[সম্পাদনা কৰক]ইটানগৰত মহাসাগৰীয় জলবায়ু (কোপেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি Cwb) দেখা যায়। ইয়াত শীতকাল শুকান আৰু মৃদু (অৱশ্যে ভাৰতীয় মানদণ্ড অনুসৰি ঠাণ্ডা) হয়, আনহাতে গ্ৰীষ্মকাল শীতল আৰু বৰষুণযুক্ত হয়।
| ইটানগৰৰ জলবায়ুৰ তথ্য | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
| গড় উষ্ণতা - উচ্চ °C (°F) | 15 | 15 | 17 | 20 (68) |
20 (68) |
23 (73) |
22 (72) |
24 (75) |
23 (73) |
22 (72) |
19 (66) |
16 (61) |
19.7 (67.4) |
| গড় উষ্ণতা - নিম্ন °C (°F) | 8 (46) |
9 (48) |
13 (55) |
15 (59) |
16 (61) |
20 (68) |
18 (64) |
19 (66) |
18 (64) |
17 (63) |
12 (54) |
8 (46) |
14.4 (58.0) |
| বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 30 (1.18) |
54 (2.13) |
57 (2.24) |
96 (3.78) |
210 (8.27) |
405 (15.94) |
510 (20.08) |
360 (14.17) |
411 (16.18) |
114 (4.49) |
15 (0.59) |
27 (1.06) |
2,289 (90.12) |
| উৎস: World Weather Online | |||||||||||||
উল্লেখযোগ্য স্থান
[সম্পাদনা কৰক]ইটা দুৰ্গ
[সম্পাদনা কৰক]"ইটা দুৰ্গ" হৈছে অৰুণাচল প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান। "ইটা দুৰ্গ"ৰ অৰ্থ হৈছে "ইটাৰে নিৰ্মিত দুৰ্গ" (অসমীয়া ভাষাপৰা আহিছে)। এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মিত কৰা হৈছিল[6]। এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটো চুতীয়া ৰাজ্যৰ দিনতে নিৰ্মিত।[7]। এই দুৰ্গটোত তিনিটা দিশ - পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত তিনিখন দুৱাৰ আছে।
জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়
[সম্পাদনা কৰক]ইটানগৰৰ প্ৰায় মাজ-মজিয়াতে অৱস্থিত এই সংগ্ৰাহলয়টোত ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন বস্তুৰ প্ৰদৰ্শন কৰা আছে।
গংগা হ্ৰদ
[সম্পাদনা কৰক]গংগা হ্ৰদৰ স্থানীয় নাম হৈছে "গেকৰ ছিনয়ি"। নিছি জনজাতিৰ উপভাষাত "গেকৰ ছিনয়ি"ৰ অৰ্থ হৈছে "আৱদ্ধ হৈ থকা পানী"। বহুতো বৃহাদাকাৰ শিলে এই হ্ৰদটো আৱৰি ৰাখিছে। বৰ্তমান এই হ্ৰদটো এটা বনভোজৰ কেন্দ্ৰলৈ পৰিৱৰ্তিত হৈছে। ইয়াত সাঁতোৰা আৰু নৌকাৰ সুবিধাও আছে। আদিম উদ্ভিদ, অৰ্কিড আৰু ঢেঁকীয়া জাতীয় উদ্ভিদ হ্ৰদটোৰ আশে-পাশে পোৱা যায়।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল মতে,[8] ইটানগৰৰ মুঠ জনসংখ্যা ৩৪,৯৭০ জন। ইয়াৰে শতকৰা ৫৩% ভাগ পুৰুষ আৰু ৪৭% মহিলা। মুঠ জনসংখ্যাৰ ১৫% শতাংশই হৈছে ৬ বছৰ বয়সৰ তলৰ শিশু। এই অঞ্চলৰ উল্লেখযোগ্য জনজাতিসমূহ হৈছে "নিছি", "আদি", "গালো", "আপাতানি" আৰু "মিৰি"।
পৰিবহণ
[সম্পাদনা কৰক]৫২ এ ৰাষ্ট্ৰীয় ঘাইপথে ইটানগৰক অসম আৰু ভাৰতৰ লগত সংযোগ কৰিছে।
বিমান পথ
[সম্পাদনা কৰক]ইটানগৰত কোনো বিমান বন্দৰ নাই যদিও নাহৰলগুনত এটা হেলিপেড আছে। ইয়ালৈ গুৱাহাটীৰপৰা নিয়মিয়াকৈ হেলিকপ্তাৰ চলাচল কৰে।
ৰেলপথ
[সম্পাদনা কৰক]২০১৪ চনত ইটানগৰৰ ওচৰৰ নাহৰলগুনলৈ ব্ৰডগ'জ ৰেলসেৱা সম্প্ৰসাৰণ কৰা হৈছে। ৭ এপ্ৰিল ২০১৪ৰ দিনা ডেকাৰগাঁৱৰ (তেজপুৰ) পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল চলে।
পথ
[সম্পাদনা কৰক]গুৱাহাটীৰপৰা নিয়মিত ভাৱে ইটানগৰলৈ বাছত অহা-যোৱা কৰাৰ সুবিধা আছে।
শিক্ষা
[সম্পাদনা কৰক]ইটানগৰৰ সাক্ষৰতা হাৰ হৈছে ৬৬.৯৫%। এই পৰিসংখ্যা ৰাষ্ট্ৰীয় সাক্ষৰতা হাৰ (৭৪.৪%) তকৈও কম। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৭৩.৬৯%, আৰু মহিলাৰ সাক্ষৰতা হাৰ ৫৯.৫৭%। ইটানগৰত চৰকাৰী বিদ্যালয়ৰ লগতে বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। ইটানগৰৰ নাহৰলগুনত এখন হোমিওপেথিক মহাবিদ্যালয় আৰু নিৰজুলিত অভিযান্ত্ৰিক আৰু প্ৰায়োগিক বিজ্ঞান (Applied Science) শিক্ষাৰ বাবে"নৰ্থ ইষ্টাৰ্ণ ৰিজ'নেল ইনষ্টিটিউট অফ চায়েঞ্চ এণ্ড টেকন'লজি" (NERIST) প্ৰতিষ্ঠা কৰা হৈছে।
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Raikar, Y. A.; Chatterjee, S. (1980). Archaeology in Arunachal Pradesh. Directorate of Research, Government of Arunachal Pradesh. পৃষ্ঠা. 26ff..
- ↑ "Itanagar Capital Complex". Arunachalpradesh.nic.in. https://itanagar.nic.in/tourist-place/ita-fort/.
- 1 2 Gogoi, Nityananda (1994). Historical Geography of Medieval Assam (PhD thesis). Gauhati University. pp. 21–22. https://www.scribd.com/document/628543688/241008-2. "During the days of his successors, this kingdom[Chutia], at times, included besides the regions as mentioned above, also a part of the hilly province of present Arunachal Pradesh inclusive of Itānagar, its present capital, and its adjacent territories in the Brahmaputra valley as far west as to the river Bargāng near Biswanath in the Sonitpur District. Similar marks on stones found in the old archaeological ruins in Sadiyā, on the bank of the Buroi River and in the Naxāpāhār at the confluence of the Bargāng and the Dikal rivers inside Arunachal Pradesh, support this belief. Moreover, the inscriptions like the Dhenukhanā Copper Plate of Satyanārāyan of Śaka 1314 (1392 A.D.), the Barmutiyā Bil Copper Plate of the prince Dharmanārāyan a son of Satyanarayan of Śaka 1314, the Ghilāmorā Copper Plate of Laksminārāyan of Śaka 1323 (1401 A.D.), the Chepākhowā Copper Plate of Śaka 1350 (1428 A.D.) and the Pāyā-tāmreswari Temple Inscription of Mukta (Yuva) Dharmanārāyan of Śaka 1364 (1442 A.D.), also confirm that this line of kings had their capital at Sadiyā or Sadhayāpur and they ruled once an extensive country comprising a part of Upper Assam and Arunachal Pradesh, at least in the last part of the 14th century and the first part of the 15th century A.D."
- ↑ "Ita Fort". Government of Arunachal PradeshItanagar Capital Complex. https://itanagar.nic.in/tourist-place/ita-fort/। আহৰণ কৰা হৈছে: 26 September 2026.
- ↑ "Falling Rain Genomics, Inc - Itanagar". Archived from the original on 2012-11-03. https://web.archive.org/web/20121103074717/http://www.fallingrain.com/world/IN/33/Itanagar.html। আহৰণ কৰা হৈছে: 2012-07-13.
- ↑ http://arunachalpradesh.nic.in/tourism.htm
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2012-04-05. https://web.archive.org/web/20120405211841/http://arunachaltourism.com/destination.php। আহৰণ কৰা হৈছে: 2012-07-13.
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ইটানগৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ITANAGAR by India travel portal Archived 2013-01-22 at the Wayback Machine
- 1962 Border War between India and China(Henderson brook report) Archived 2008-08-22 at the Wayback Machine
- Contact List for all Important Government Officials in Itanagar Includes Police, Telephone, Electricity and more Archived 2012-02-17 at the Wayback Machine
| ব'মডিলা | শাক্সী | উত্তৰ লখিমপুৰ | ||
| ভূটান | হাৰমতি | |||
| গুৱাহাটী, কলকাতা | গহপুৰ | যোৰহাট |
| |||||