সমললৈ যাওক

গান্ধীনগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধীনগৰ
ৰাজধানী নগৰ
গান্ধীনগৰস্থিত অক্ষৰধাম মন্দিৰ
গান্ধীনগৰস্থিত অক্ষৰধাম মন্দিৰ
দেশ  ভাৰত
ৰাজ্য গুজৰাট
জিলা গান্ধীনগৰ জিলা
নামকৰণ কৰা হৈছে মহাত্মা গান্ধী
চৰকাৰ
  ধৰণ মেয়ৰ–কাউঞ্চিল
  পৰিচালনা গান্ধীনগৰ পৌৰ নিগম
কালি
  মুঠ
১৭৭ বৰ্গকিমি (৬৮ বৰ্গমাইল)
উচ্চতা
৮১ মিটাৰ (২৬৬ ফুট)
জনসংখ্যা
 (2011)[1]
  মুঠ
২,৯২,১৬৭
  ঘনত্ব ১,৭০০/বৰ্গকিমি (৪,৩০০/বৰ্গমাইল)

গান্ধীনগৰ (ইংৰাজী: Gandhinagar) ভাৰতগুজৰাট ৰাজ্যৰ ৰাজধানী নগৰ। গান্ধীনগৰ ভাৰতৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মধ্যৱৰ্তী ঔদ্যোগিক কৰিড'ৰৰ পশ্চিম কেন্দ্ৰীয় পইণ্ট, আহমেদাবাদৰ প্ৰায় ২৩ কিলোমিটাৰ উত্তৰে অৱস্থিত।

গুজৰাটৰ নতুন ৰাজধানী গান্ধীনগৰ সাবৰমতী নদীৰ পশ্চিম পাৰে, ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ প্ৰায় ৪৫৫ কিলোমিটাৰ (৩৩৮ মাইল) উত্তৰে আৰু ৰাজনৈতিক ৰাজধানী দিল্লীৰ ৯০১ কিলোমিটাৰ (৫৬০ মাইল) দক্ষিণ-পশ্চিমে অৱস্থিত।[2] হিন্দুসকলৰ পবিত্ৰ ধৰ্মস্থল অক্ষৰধাম মন্দিৰ গান্ধীনগৰত অৱস্থিত।[3]

গান্ধীনগৰৰ পৰিকল্পনা কৰ্ণেল বিশ্ববিদ্যালয়ত শিক্ষিত মুখ্য স্থপতিবিদ এইচ কে মেৱাডা আৰু তেওঁৰ সহকাৰী প্ৰকাশ এম আপ্টেৰ দ্বাৰা কৰা হৈছে।

জনগাঁথনি

[সম্পাদনা কৰক]
গান্ধীনগৰৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
 
৯৪.৪৬%
মুছলমান
 
০৩.২৯%

২০০১ চনৰ লোকপিয়ল[4] অনুসৰি গান্ধীনগৰৰ জনসংখ্যা ১,৯৫,৮৯১ জন। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৫৩% আৰু ৪৭%। গান্ধীনগৰৰ গড় সাক্ষৰতাৰ হাৰ ৭৭.১১%। পুৰুষৰ সাক্ষৰতা ৮২% আৰু মহিলাৰ সাক্ষৰতা ৭৩%। গান্ধীনগৰৰ জনসংখ্যাৰ ১১% ০-৬ বছৰীয়া শিশু। গান্ধীনগৰৰ ৯৫%-ৰো অধিক জনসংখ্যা হিন্দু ধৰ্মাৱলম্বী লোক।

গান্ধীনগৰৰ গড় উচ্চতা হ'ল ৮১ মিটাৰ (২৬৬ ফুট)। নগৰখন উত্তৰ-মধ্য-পূব গুজৰাটৰ সাবৰমতী নদীৰ পাৰত অৱস্থিত। গান্ধীনগৰৰ চাৰিওফালৰ ২০,৫৪৩ বৰ্গ কিলোমিটাৰ অঞ্চলটো গুজৰাটৰ ৰাজধানী ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। এই নগৰখন ২০৫ বৰ্গ কিলোমিটাৰ (৭৯ বৰ্গ মাইল)-লৈ বিস্তৃত হৈ আছে। নদীখন গ্ৰীষ্মকালত প্ৰায়েই শুকাই যায়, যাৰ ফলত নদীখনে জুৰিৰ ৰূপ লৈ লয়। ৫৪% সেউজীয়া অঞ্চলৰ সৈতে গান্ধীনগৰ ভাৰতৰ বৃক্ষ ৰাজধানী।

জলবায়ু

[সম্পাদনা কৰক]
গান্ধীনগৰ
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
২.৬
 
২৮
১২
 
 
১.১
 
৩১
১৪
 
 
 
৩৬
১৯
 
 
০.৯
 
৪০
২৩
 
 
 
৪২
২৬
 
 
১০৯
 
৩৮
২৭
 
 
২৬৫
 
৩৩
২৬
 
 
২২০
 
৩২
২৫
 
 
১৭২
 
৩৩
২৪
 
 
১১
 
৩৬
২১
 
 
৮.৯
 
৩৩
১৭
 
 
২.৬
 
৩০
১৩
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত

গান্ধীনগৰ এক ক্ৰান্তীয় অঞ্চল। সেয়েহে ইয়াৰ জলবায়ু আদ্ৰ আৰু শুষ্ক।

চৰকাৰ আৰু ৰাজনীতি

[সম্পাদনা কৰক]

১৯৬০ চনৰ ১ মে' তাৰিখে পূৰ্বৰ বোম্বাই ৰাজ্যৰ পূব অংশৰ ১৭খন জিলাৰে গুজৰাট ৰাজ্যৰ গঠন কৰা হয়। পিছত এই জিলাকেইখন পুনৰ্বিভাজিত কৰা হ'ল। ৰাজ্যখনত ৩৩খন প্ৰশাসনিক জিলা আছে। গান্ধীনগৰ গুজৰাট ৰাজ্যৰ এক ৰাজনৈতিক কেন্দ্ৰ।

২০১১ চনত কংগ্ৰেছে প্ৰথম পৌৰসভা নিৰ্বাচনত জয়লাভ কৰিছিল। মহেন্দ্ৰসিংহ ৰানা নগৰখনৰ প্ৰথম মেয়ৰ হ'ল। গান্ধীনগৰৰ বাবে লোকসভাৰ বৰ্তমান সদস্য হ'ল ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-ৰ অমিত শ্বাহ[5]

গান্ধীনগৰ ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ পশ্চিম কমাণ্ড প'ষ্টৰো ওচৰতে অৱস্থিত আৰু নগৰখনত কমাণ্ড চেণ্টাৰ এখনো আছে।

গান্ধীনগৰত শেহতীয়াকৈ গুজৰাট ৰাজ্যিক জৰুৰীকালীন দুৰ্যোগ পৰিচালনা কেন্দ্ৰ বিকাশ কৰা হৈছে।

পৰিবহণ আৰু যাতায়াত

[সম্পাদনা কৰক]
গান্ধীনগৰৰ পথ

বিমান পৰিবহণ

[সম্পাদনা কৰক]

আহমেদাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গান্ধীনগৰৰ পৰা ১৮ কিলোমিটাৰ দূৰৈত অৱস্থিত, যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা প্ৰদান কৰে।

ৰেল পৰিবহণ

[সম্পাদনা কৰক]

গান্ধীনগৰ ৰাজধানী ৰেল ষ্টেশ্যন (GNC; জি এন চি) ছেক্টৰ ১৪-ত অৱস্থিত। পশ্চিমাঞ্চলত চলাচল কৰা বহুতো ট্ৰেইন গান্ধীনগৰেৰে হৈ যায়। বৰ্তমান এইখন ষ্টেশ্যনৰ পৰা পাঁচখন ট্ৰেইন চলাচল কৰে, য'ৰ তিনিখন এক্সপ্ৰেছ ট্ৰেইন আৰু দুখন MEMU ট্ৰেইন। জয়পুৰ-বান্দ্ৰা গৰীব ৰথ, দিল্লী আৰু হৰিদুৱাৰৰ বাবে হৰিদুৱাৰ মেইল আৰু ইন্দোৰ জংশ্যন BGৰ বাবে শান্তি এক্সপ্ৰেছ ট্ৰেইনকেইখন এই ষ্টেশ্যনেৰে হৈ চলাচল কৰা মুখ্য এক্সপ্ৰেছ ট্ৰেইন।

আহমেদাবাদকালুপুৰত থকা আহমেদাবাদ ৰেল ষ্টেশ্যন (ADI) হ'ল আটাইতকৈ নিকটৱৰ্তী ৰেল জংশ্যন (২৫ কিলোমিটাৰ দূৰৈত) যিয়ে ভাৰতৰ সকলো প্ৰধান নগৰ আৰু নগৰৰ সৈতে যাতায়ত ব্যৱস্থা প্ৰদান কৰে। কাল'ল জংশ্যন ৰেল ষ্টেশ্যন (KLL)-ৰ পৰা উত্তৰ ভাৰত আৰু পূব ভাৰতত চলাচল কৰাৰ বাবে ভাৰতীয় ৰে'লপথ পৰিবহণ ব্যৱস্থা উপলব্ধ।

আহমেদাবাদ আৰু গান্ধীনগৰৰ বাবে মেট্ৰ'-লিংক এক্সপ্ৰেছ

[সম্পাদনা কৰক]

গুজৰাটৰ পৰিচালনা সমিতিয়ে গান্ধীনগৰ আৰু আহমেদাবাদৰ বাবে মেট্ৰ'-লিংক এক্সপ্ৰেছ (মেট্ৰ'-লিংক এক্সপ্ৰেছ ফৰ গান্ধীনগৰ এণ্ড আহমেদাবাদ; MEGA) প্ৰস্তাৱিত কৰি নগৰখনত দ্ৰুত পৰিবহণৰ পৰিকল্পনা কৰিছে যাক আহমেদাবাদ মেট্ৰ' বুলিও জনা যায়। চাৰিটা কৰিড'ৰ থকা ছিষ্টেমটোৰ চুক্তি দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যন (DMRC; ডি এম আৰ চি)ক প্ৰদান কৰা হৈছিল, যিয়ে দিল্লী মেট্ৰ'ৰো পৰিচালনা কৰে। দিল্লী মেট্ৰ'য়ে ২০০৪-০৫ চনত প্ৰাক-সম্ভাৱনীয়তা সৰ্বেক্ষণ কৰিছিল। ২০০৩ চনত যেতিয়া প্ৰকল্পটোৰ পৰিকল্পনা কৰা হৈছিল তেতিয়া ইয়াৰ বাবে ৪৫০০ কোটি টকা ধৈৰ্য্য কৰা হৈছিল যদিও পৰৱৰ্তী পোন্ধৰ বছৰলৈকে মেট্ৰ'ৰ কাৰ্য্য আৰম্ভ হোৱা নাছিল। কিন্তু আহমেদাবাদত মেট্ৰ' প্ৰকল্পৰ আংশিক সমাপ্তিৰ ফলত ২০১৯ চনত প্ৰকল্পটোৱে গতি লাভ কৰিছে।

ডি এম আৰ চি (দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যন লিমিটেড)-এ ইতিমধ্যে ইয়াৰ প্ৰযুক্তিগত-সম্ভাৱনীয়তা অধ্যয়ন কৰি প্ৰতিবেদন জমা দিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক লিংক

[সম্পাদনা কৰক]