অমিত শ্বাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমিত শ্বাহ
ভাৰতৰ গৃহমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩০ মে' ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী ৰাজনাথ সিং
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৯ জুলাই ২০১৪
পূৰ্বসূৰী লালকৃষ্ণ আদৱানী
ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৯ জুলাই ২০১৪
পূৰ্বসূৰী ৰাজনাথ সিং
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ মে' ২০১৯
পূৰ্বসূৰী লালকৃষ্ণ আদৱানী
সমষ্টি গান্ধীনগৰ লোকসভা সমষ্টি
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৯ আগষ্ট ২০১৭ – ২৯ মে' ২০১৯
পূৰ্বসূৰী দিলীপ পাণ্ডয়া
সমষ্টি গুজৰাট
গুজৰাট বিধানসভাৰ সদস্য
কাৰ্যকাল
২০১২ – ২০১৭
সমষ্টি নাৰণপুৰা বিধানসভা সমষ্টি
কাৰ্যকাল
১৯৯৭ – ২০১২
পূৰ্বসূৰী হৰিশ্চন্দ্ৰ পেটেল
সমষ্টি চাৰখেজ বিধানসভাৰ সদস্য
গুজৰাটৰ গৃহমন্ত্ৰী
কাৰ্যকাল
২০০২ – ২০১৪
ব্যক্তিগত তথ্য
জন্ম ২২ অক্টোবৰ, ১৯৬৪ (৫৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী সোণাল শ্বাহ
সন্তান জয় শ্বাহ
শিক্ষানুষ্ঠান গুজৰাট বিশ্ববিদ্যালয়
ৱেবছাইট www.amitshah.co.in
আন নাম ভাৰতীয় ৰাজনীতিৰ চাণক্য[1][2][3]

অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।[4][5]

মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰগোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈছিল। ১৮ বছৰ বয়সত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদৱী লাভ কৰিছিল। পিছলৈ ১৯৮৭ চনত তেওঁক বিজেপিলৈ পঠিওৱা হৈছিল।

শ্বাহে প্ৰথমে চাৰকেজ বিধানসভা সমষ্টিৰ পৰা ১৯৯৭ চনত গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৭ চনলৈ তেওঁ এই আসনৰ পৰা গুজৰাট বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। তাৰপিছত তেওঁ নাৰণপুৰা বিধানসভা সমষ্টিৰ পৰা ২০১৭ চনলৈ বিধানসভাত প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অমিত শ্বাহে বহুতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহক উত্তৰ প্ৰদেশৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০খন আসনৰ ভিতৰত ৭৩খন আসন জয় লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব বাঢ়িবলৈ লয়। ইয়াৰ পিছতে ২০১৪ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।[6]

তেওঁ বিজেপিত সুসংগঠিত আৰু সদস্য ভুক্তিৰ বাবে বিশেষকৈ জনাজাত। তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে ২০১৪ চনত বিজেপিয়ে মহাৰাষ্ট্ৰ, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড আৰু ২০১৫ চনত অসম বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল। ইয়াৰ লগতে দিল্লী আৰু বিহাৰত পৰাস্ত হৈছিল।

তেওঁৰ নেতৃত্বত ২০১৭ চনৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰে।[7] একেবছৰে বিজেপিয়ে মণিপুৰ বিধানসভাত প্ৰথমবাৰৰ বাবে জয়ী হয় কিন্তু পঞ্জাবত বিজেপিৰ মিত্ৰজোঁট অকালি দলে পৰাজয় বৰণ কৰে।[8] ২০১৮ চনত বিজেপিয়ে ছত্তীছগঢ়, ৰাজস্থান আৰু মধ্য প্ৰদেশ নিৰ্বাচনত পৰাজিত হয়। তাৰপিছত বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩০৩খন আসন লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ ফলত অমিত শ্বাহ ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ সফল অধ্যক্ষত পৰিগণিত হয়।[9]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৬৪ চনৰ ২২ অক্টোবৰ তাৰিখে মুম্বাইৰ এক সম্ভ্ৰান্ত গুজৰাটী বনিয়া পৰিয়ালত অমিত শ্বাহৰ জন্ম হৈছিল।[10][11][12][13] তেওঁৰ আজুককা মনসা ষ্টেটৰ নগৰশেঠ আছিল।[14] তেওঁৰ পিতৃ অনিল চন্দ্ৰ শ্বাহ গুজৰাটৰ মনসাৰ এগৰাকী পিভিচি প্লাষ্টিক পাইপ ব্যৱসায়ী। তেওঁ প্ৰাৰম্ভিক শিক্ষা মেহসনাত গ্ৰহণ কৰাৰ পিছত আহমেদাবাদলৈ উচ্চ শিক্ষাৰ বাবে যায়। তাত তেওঁ চি.ইউ. শ্বাহ বিজ্ঞান মহাবিদ্যালয়ত তেওঁ জৈৱৰসায়ন অধ্যয়ন কৰিছিল। বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত তেওঁ দেউতাকৰ ব্যৱসায়ত যোগ দিয়ে। ইয়াৰ লগতে তেওঁ আহমেদাবাদৰ সমবায় বেংক সমূহত ষ্টকব্ৰকাৰ হিচাপেও কাম কৰিছিল।[15]

তেওঁ সৰুৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল।[11] তেওঁ ১৯৮২ চনত আহমেদাবাদ আৰ.এছ.এছ. কেন্দ্ৰত পোন প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীক লগ পাইছিল।[11] সেই সময়ত নৰেন্দ্ৰ মোদী আৰ.এছ.এছ.ৰ প্ৰচাৰক আছিল।

নিৰ্বাচন[সম্পাদনা কৰক]

১৯৮৯ চনৰ পৰা তেওঁ ২৮টা বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। ২০১৯ চনলৈ তেওঁ কোনো নিৰ্বাচনতে পৰাজয় বৰণ কৰা নাই।

নিৰ্বাচন চন সমষ্টি ফলাফল ভোট ভোটৰ % উৎস
গুজৰাট বিধানসভা নিৰ্বাচন (উপ-নিৰ্বাচন) 1997 চাৰখেজ জয়ী 76,839 56.10% [16]
গুজৰাট বিধানসভা নিৰ্বাচন 1998 চাৰখেজ জয়ী 193,373 69.81% [17]
গুজৰাট বিধানসভা নিৰ্বাচন 2002 চাৰখেজ জয়ী 288,327 66.98% [18]
গুজৰাট বিধানসভা নিৰ্বাচন 2007 চাৰখেজ জয়ী 407,659 68.00% [19]
গুজৰাট বিধানসভা নিৰ্বাচন 2012 নাৰণপুৰা জয়ী 103,988 69.19% [20]
১৭তম লোকসভা নিৰ্বাচন 2019 গান্ধীনগৰ জয়ী 888,210 69.76%

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অমিত শ্বাহে সোণাল শ্বাহৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। ২০১০ চনৰ ৮ জুন তাৰিখে তেওঁৰ মাতৃৰ বিয়োগ হৈছিল।[11]

তেওঁৰ ছয় গৰাকী ভনীয়েক আছে আৰু তাৰে দুগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত বসবাস কৰে।[21][22]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Amit Shah: From the 'Chanakya' of modern day politics to India's new Home Minister". Zee News. 31 May 2019. https://zeenews.india.com/lok-sabha-general-elections-2019/amit-shah-from-the-chanakya-of-modern-day-politics-to-indias-new-home-minister-2208084.html। আহৰণ কৰা হৈছে: 1 June 2019. 
  2. "How BJP's 'Chanakya' Amit Shah Strategised, Delivered a Bigger Modi Wave This Election". News 18. 24 May 2019. https://www.news18.com/news/politics/how-bjps-chanakya-amit-shah-strategised-delivered-a-bigger-modi-wave-in-lok-sabha-polls-2019-2157429.html। আহৰণ কৰা হৈছে: 1 June 2019. 
  3. "बीजेपी की चुनावी जीत के लिए सफल बिसात बिछाने मे माहिर हैं अमित शाह". Hindi. NavBharat Times. 23 May 2019. https://navbharattimes.indiatimes.com/elections/lok-sabha-elections/news/amit-shah-bjp-chanakya-who-strategised-and-delivered-modi-wave/articleshow/69467205.cms। আহৰণ কৰা হৈছে: 1 June 2019. 
  4. "Amit Shah: BJP's 'Chanakya' who delivered Modi Wave 2.0". The Times of India. 23 May 2019. https://timesofindia.indiatimes.com/india/amit-shah-bjps-chanakya-who-delivered-modi-wave-2-0/articleshow/69465902.cms। আহৰণ কৰা হৈছে: 1 June 2019. 
  5. "Amit Shah: BJP's Chanakya who strategised and delivered Modi wave 2.0". India Today. 23 May 2019. https://www.indiatoday.in/elections/lok-sabha-2019/story/amit-shah-bjp-s-chanakya-strategised-modi-wave-2-0-1532943-2019-05-23। আহৰণ কৰা হৈছে: 1 June 2019. 
  6. "Inside the mind of Amit Shah: All eyes on new BJP chief as party gears up for battle in five states". India Today. 17 July 2014. https://www.indiatoday.in/magazine/cover-story/story/20140728-rahul-kanwal-on-the-man-behind-the-reputation-amit-shah-bjp-804608-2014-07-17. 
  7. Desk, The Hindu Net (2017-12-18). "Gujarat Assembly election results: Counting ends as BJP closes out Gujarat with 99 seats; Congress claims 77" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/elections/gujarat-2017/live-updates-2017-gujarat-legislative-assembly-election-results/article21830220.ece. 
  8. "Punjab Election Result 2017: Congress' Amarinder Singh Defeats Akali Dal-BJP, AAP - Highlights". NDTV.com. https://www.ndtv.com/india-news/punjab-election-result-2017-triangular-battle-between-akali-dal-bjp-congress-aap-1668526. 
  9. "Amit Shah in new role after being most successful BJP chief". Economic Times. 30 May 2019. Archived from the original on 8 June 2019. https://web.archive.org/web/20190608044012/https://economictimes.indiatimes.com/news/politics-and-nation/amit-shah-in-new-role-after-being-most-successful-bjp-chief/articleshow/69584774.cms. 
  10. Premal Balan (10 July 2014). "Amit Shah: An organisation man at helm". Business Standard. https://www.business-standard.com/article/politics/amit-shah-an-organisation-man-at-helm-114071000099_1.html. 
  11. 11.0 11.1 11.2 11.3 PR Ramesh (11 April 2014). "His Master’s Mind". Open. http://www.openthemagazine.com/article/india/his-master-s-mind. 
  12. "I Am A Hindu Vaishnav, Not Jain": Amit Shah
  13. Islam, Shamsul (June 14, 2017). "Amit Shah Borrowed a Phrase from Jinnah when he Dubbed Gandhi a 'Chatur Bania’". Newsclick. https://www.newsclick.in/amit-shah-borrowed-phrase-jinnah-when-he-dubbed-gandhi-chatur-bania. "Amit Shah, himself a baniya" 
  14. The ‘Shah’ of BJP’s game plan who wants to alter India’s political culture, Patric French, Hindustan Times, Jul 17, 2016
  15. Sheela Bhatt (28 July 2010). "What Amit Shah's fall really means". rediff.com. http://news.rediff.com/special/2010/jul/24/what-amit-shahs-fall-really-means.htm. 
  16. "Bye-Elections 1997: Sarkhej". Election Commission of India. http://eci.nic.in/eci_main/ByeElection/ByeApril1997/S06/gj-64-la.html। আহৰণ কৰা হৈছে: 27 June 2014. 
  17. "Constituency Data - Summary: Sarkhej - 1998". Rediff.com. http://www.rediff.com/election/gujarat/sarkhej.htm। আহৰণ কৰা হৈছে: 26 June 2014. 
  18. "State Elections 2002: 64-Sarkhej Constituency of Gujarat". Election Commission of India. http://eci.nic.in/archive/Decse2002/pollupd/ac/states/s06/aconst64.htm। আহৰণ কৰা হৈছে: 26 June 2014. 
  19. "State Elections 2007: 64-Sarkhej Constituency of Gujarat". Election Commission of India. http://eci.nic.in/archive/Dec2007/pollupd/ac/states/s06/aconst64.htm। আহৰণ কৰা হৈছে: 26 June 2014. 
  20. "Form-21E: 45-Naranpura". Election Commission of India. http://eci.nic.in/ECI_Main/CI_2013/Gujaratl/45-Naranpura.pdf। আহৰণ কৰা হৈছে: 26 June 2014. 
  21. Exclusive! Amit Shah on Friday: Wakes up late, eats poha, chats with Modi, Rediff.com, May 16, 2014
  22. The ‘Shah’ of BJP’s game plan who wants to alter India’s political culture, Hindustan Times, Jul 17, 2016

বাহ্যিক সংযোগ[সম্পাদনা কৰক]