সমললৈ যাওক

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
সংক্ষিপ্ত আৰ.এছ.এছ.
গঠন ২৭ ছেপ্টেম্বৰ ১৯২৫ (১০০ বছৰ আগত) (1925-09-27)
প্ৰতিষ্ঠাপক Keshav Baliram Hedgewar
প্ৰকাৰ সোঁপন্থী[1] স্বেচ্ছাসেৱক[2] অৰ্ধসামৰিক[3][4]
Legal status সক্ৰিয়
উদ্দেশ্য হিন্দু ৰাষ্ট্ৰবাদ আৰু হিন্দুত্ব[5]
Headquarters নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
Coordinates 21°08′46″N 79°06′40″E / 21.146°N 79.111°E / 21.146; 79.111স্থানাংক: 21°08′46″N 79°06′40″E / 21.146°N 79.111°E / 21.146; 79.111
সদস্য ৫০-৬০ লাখ[6][7][8]
৫৬,৮৫৯ টা শাখা (২০১৬)[9]
সৰসংঘচালক
মোহন ভাগৱত
Affiliations সংঘ পৰিবাৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ[10] এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়।[3][2][4][11] ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ আৰু ই সংঘ পৰিবাৰৰ নেতৃত্ব বহন কৰে। ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত স্থাপিত হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৃথিৱীৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন।[12]

ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল হিন্দু সংস্কাৰ আৰু নীতিৰে চৰিত্ৰ গঠন কৰি হিন্দু সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰা আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰা।[13][14] এই সংস্থায়ে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগায় আৰু হিন্দুত্ব বিচাৰধাৰাৰ সহায়ত হিন্দু সম্প্ৰদায়ৰ সৱলীকৰণ কৰিবলৈ চেষ্টা কৰে।[15][16] ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে প্ৰথমতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সোঁপন্থী গোটৰ পৰা অনুপ্ৰাণিত হৈছিল।[14] পিছলৈ ই এক বৃহৎ হিন্দু ৰাষ্ট্ৰবাদী অনুষ্ঠানত পৰিণত হল। বৰ্তমান ইয়াৰ অধীনত বহুতো অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ক্লাৱ আদি আছে আৰু ইয়াৰ জৰিয়তে সংঘয়ে নিজৰ বিচাৰধাৰা বিস্তাৰ কৰে।[14]

ব্ৰিটিছৰ শাসন কালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এবাৰ নিষিদ্ধ ঘোষিত হৈছিল।[14] ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এতিয়ালৈকে ই তিনিবাৰ নিষিদ্ধ ঘোষিত হৈছে। প্ৰথমে ১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ লগত পূৰ্বৰ সংঘৰ সদস্য জড়িত থকা বুলি গম পোৱাৰ পিছত[17][14][18][19] দ্বিতীয়বাৰ ১৯৭৫-৭৭ চনৰ আপাতকালৰ সময়ত আৰু তৃতীয়বাৰ ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসৰ পিছত।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Johnson, Matthew; Garnett, Mark; Walker, David M (2017), Conservatism and Ideology, Taylor & Francis, p. 77, ISBN 978-1-317-52899-9, https://books.google.com/books?id=lRE4DwAAQBAJ&pg=PT77
  2. 1 2 Andersen & Damle 1987, পৃষ্ঠা. 111.
  3. 1 2 McLeod, John (2002). The history of India. Greenwood Publishing Group. পৃষ্ঠা. 209–. ISBN 978-0-313-31459-9. https://books.google.com/books?id=DAwmUphO6eAC&pg=PA209 আহৰণ কৰা হৈছে: 11 June 2010.
  4. 1 2 Horowitz, Donald L. (2001). The Deadly Ethnic Riot. University of California Press. পৃষ্ঠা. 244. ISBN 978-0520224476. https://archive.org/details/deadlyethnicriot00horo.
  5. Embree, Ainslie T. (2005). "Who speaks for India? The Role of Civil Society". Prospects for Peace in South Asia. Stanford University Press. ISBN 0804750858. https://archive.org/details/prospectsforpeac0000unse.
  6. Priti Gandhi (15 May 2014). "Rashtriya Swayamsewak Sangh: How the world's largest NGO has changed the face of Indian democracy". DNA India. http://www.dnaindia.com/analysis/standpoint-rashtriya-swayamsewak-sangh-how-the-world-s-largest-ngo-has-changed-the-face-of-indian-democracy-1988636 আহৰণ কৰা হৈছে: 2014-12-01.
  7. "Hindus to the fore". https://www.economist.com/news/special-report/21651334-religious-pluralism-looking-less-secure-hindus-fore.
  8. "Glorious 87: Rashtriya Swayamsevak Sangh turns 87 on today on Vijayadashami". Samvada. 24 October 2012. Archived from the original on 2015-01-11. https://web.archive.org/web/20150111175343/http://samvada.org/2012/news/glorious-87-rashtriya-swayamsevak-sangh-rss-turns-87-on-today-on-vijayadashami/ আহৰণ কৰা হৈছে: 2014-12-01.
  9. "Highest growth ever: RSS adds 5,000 new shakhas in last 12 months". The Indian Express. 2016-03-16. http://indianexpress.com/article/india/india-news-india/rss-uniform-over-5000-new-shakhas-claims-rss/ আহৰণ কৰা হৈছে: 2016-08-30.
  10. "Rashtriya Swayamsevak Sangh (RSS)". http://www.britannica.com/EBchecked/topic/919613/Rashtriya-Swayamsevak-Sangh. "(Hindi: "National Volunteer Organisation") also called Rashtriya Seva Sang"
  11. Jeff Haynes (2 September 2003). Democracy and Political Change in the Third World. Routledge. পৃষ্ঠা. 168–. ISBN 978-1-134-54184-3. https://books.google.com/books?id=YdWAAgAAQBAJ&pg=PA168.
  12. Rashtriya Swayamsevak Sangh: National Upsurge. https://books.google.com/books?id=ifuxzl9NM5sC&pg=PA362&lpg=PA362&dq=rss+is+world%27s+largest+organization&source=bl&ots=xFeawTgKTf&sig=lOs9kgtdXd4YW3ZNKoNjpMfu5Lc&hl=en&sa=X&ei=BPh5VJ2KG5KhugSMsYCoAg&ved=0CCEQ6AEwATgK#v=onepage&q=rss%20is%20world's%20largest%20organization&f=false.
  13. Andersen & Damle 1987, পৃষ্ঠা. 2.
  14. 1 2 3 4 5 Atkins, Stephen E. (2004). Encyclopedia of modern worldwide extremists and extremist groups. Greenwood Publishing Group. পৃষ্ঠা. 264–265. ISBN 978-0-313-32485-7. https://books.google.com/books?id=b8k4rEPvq_8C&pg=PA264 আহৰণ কৰা হৈছে: 26 May 2010.
  15. Dina Nath Mishra (1980). RSS: Myth and Reality. Vikas Publishing House. পৃষ্ঠা. 24. ISBN 978-0706910209. https://archive.org/details/rssmythreality0000dina.
  16. Jaffrelot, Christophe (2010) (en ভাষাত). Religion, Caste, and Politics in India. Primus Books. পৃষ্ঠা. 46. ISBN 9789380607047. https://books.google.com/books?id=XAO3i_gS61wC&pg=PA46#v=onepage&q&f=false.
  17. Krant M. L. Verma Swadhinta Sangram Ke Krantikari Sahitya Ka Itihas (Part-3) p. 766
  18. "RSS releases 'proof' of its innocence". প্ৰকাশক Chennai, India: The Hindu. 18 August 2004. http://www.hindu.com/2004/08/18/stories/2004081805151100.htm আহৰণ কৰা হৈছে: 26 January 2011.
  19. Gerald James Larson (1995). India's Agony Over Religion. State University of New York Press. পৃষ্ঠা. 132. ISBN 0-7914-2412-X. https://archive.org/details/indiasagonyoverr0000lars.