পঞ্জাব, ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পঞ্জাব
ਪੰਜਾਬ
—  ভাৰতৰ ৰাজ্য  —
ওপৰৰ পৰা সোঁফালৈ: হৰমন্দিৰ ছাহিব, কুইলা মুবাৰক, গান্ধী ভৱন, ৱাঘা সীমান্ত, জালিয়ানৱালা বাগ স্মৃতিসৌধ

মোহৰ
অন্য নাম: পাঁচ খন নৈৰ দেশ
(ফাৰ্চি: পাঞ্জ=পাঁচ; আব=পানী)
ভাৰতৰ মেপত পাঞ্জাবৰ অৱস্থান
পঞ্জাবৰ মেপ
ভৌগোলিক স্থানাংক (চণ্ডিগড়): 30°47′N 76°47′E / 30.79°N 76.78°E / 30.79; 76.78স্থানাংক: 30°47′N 76°47′E / 30.79°N 76.78°E / 30.79; 76.78
ৰাষ্ট্ৰ  ভাৰত
প্ৰতিস্থা ০১-১১-১৯৬৬
ৰাজধানী চণ্ডীগড়
জিলাসমুহ ২২
চৰকাৰ
 - ৰাজ্যপাল ভি. পি. সিং[1]
 - মূখ্য মন্ত্ৰী অমৰিন্দ্ৰৰ সিং (কংগ্ৰেছ)
 - বিধান সভা Unicameral (১১৭ আসন)
 - লোকসভা ১৩
 - উচ্চ ন্যায়ালয় পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ৫০,৩৬২ কি.মি. 
(১৯,৪৪৪.৯ বৰ্গ মাইল)
অঞ্চলৰ স্থানাক ১৯তম
জনসংখ্যা (২০১১)[2]
 - মুঠ ২,৭৭,০৪,২৩৬ জন
 - জনঘনত্ব ৫৫০.১ প্ৰতি বৰ্গ কি.মি. 
(১,৪২৪.৮ প্ৰতি বৰ্গ মিটাৰ)
সময় অঞ্চল IST (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-PB
এইস.ডি.আই. বৃদ্ধি ০.৬৭৯ (মধ্যম)
স্থান নৱম (২০০৫)
সাক্ষৰতা ৭৬.৬৮%
চৰকাৰী ভাষা পঞ্জাবী
ৱেবছাইট Punjab Govt
^† হাৰিয়ানাৰ সৈতে সংযুক্ত ৰাজধানী সাঁচ:Infobox region symbols

পঞ্জাব, ভাৰত (ইংৰাজী:  Punjab, India; Listeni/pʌnˈɑːb/), হল ভাৰত ৰাষ্ট্ৰৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এখন ৰাজ্য। ৰাজ্যখনৰ পূৱে হিমাচল প্ৰদেশ, দক্ষিণ আৰু দক্ষিণপূৱত হাৰিয়ানা, দক্ষিনপশ্চিমত ৰাজস্থান আৰু পশ্চিম দিশত পাকিস্থান আছে।

ৰাজ্যখনৰ ৰাজধানী চণ্ডীগড়ত অৱস্থিত। চণ্ডীগড় হৈছে এক কেন্দ্ৰীয় শাসিত অঞ্চল তথা পঞ্জাৱৰ চুবুৰীয়া ৰাজ্য হাৰিয়ানাৰো ৰাজধানী। পঞ্জাবৰ ৰাজ্যপালৰ গীষ্মকালীন আৱাস ছিমলাত আছে। ১৯৪৭ চনত ভাৰত দ্বিখণ্ডিত হোৱাৰ সময়ত, পঞ্জাবো দুভাগ হৈ এভাগ ভাৰতত আৰু আনভাগ পাকিস্তানত পৰে। ১৯৬৬ চনত ভাৰতৰ পঞ্জাব অঞ্চলটো পুনৰ হাৰিয়ানা আৰু হিমাচল প্ৰদেশ নামৰ দুখন নতুন ৰাজ্যৰ সৃষ্টিৰে পঞ্জাব ৰাজ্যৰ পৰা বিভক্ত কৰা হয়।

পঞ্জাব হৈছে ভাৰতৰ একমাত্ৰ সংখ্যাগৰিষ্ঠ শিখ লোক থকা ৰাজ্য।পঞ্জাব শব্দটো ফাৰ্ছী "পঞ্জ, অৰ্থ পাঁচ আৰু আব, অৰ্থ পানী অৰ্থাৎ পঞ্চ নদীৰ দেশ" শব্দ দুটাৰ পৰা সৃষ্টি হৈছে। গ্ৰীকসকলে পঞ্জাবক পেণ্টাপ’টেমিয়া, পাঁচখন নদীৰ ব-দ্বীপ, বুলি কৈছিল।

পঞ্জাব প্ৰধানতঃ এখন কৃষি প্ৰধান ৰাজ্য। ইয়াৰ অন্যান্য প্ৰধান উদ্যোগবোৰ হৈছে বৈজ্ঞানিক উপকৰণ, কৃষি সজূলি, বৈদ্যুতিক সামগ্ৰী, যন্ত্ৰ-পাতি আদি নিৰ্মান, বস্ত্ৰ উদ্যোগ, ক্ৰীড়া সামগ্ৰী উৎপাদন, বিত্তীয় সেৱা, ছিলাই মেচিন, দুচকীয়া বাহন, সাজ-পোচাক, সাৰ আদিৰ উৎপাদন, পৰ্যটন আৰু পাইন তেল আৰু চেনী উৎপাদন। ইয়াৰোপৰি পঞ্জাবত ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক তীখা পকোৱা কল-কাৰখানা আছে। এই কাৰখানাসমূহ ফাটেহগড় ছাহিব জিলাৰ মাণ্ডি গোবিন্দগড়ৰ "ষ্টিল টাউন"ত আছে।

অৰ্থনীতি[সম্পাদনা কৰক]

ধানখেতি চপোৱাৰ লগে লগে ঘেহু খেতিৰ কৃষিভূমি তৈয়াৰ কৰাৰ উদ্দেশ্যে নৰা জ্বলোৱা দৃশ্য, পঞ্জাৱৰ ছাংগুৰৰ এখন পথাৰত।

পঞ্জাব হৈছে ভাৰতৰ এক অতি উৰ্বৰ অঞ্চল। এই অঞ্চলটো ঘেহু খেতিব বাবে আদৰ্শ বুলি কোৱা হয়। ধান, কুঁহিয়াৰ, ফল-মূল আৰু শাক-পাচলি উৎপাদনতো ৰাজ্যখন অতি আগবঢ়া। ভাৰতীয় পঞ্জাবক "গ্ৰেণেৰী অৱ ইণ্ডিয়া" বা "ইণ্ডিয়াজ ব্ৰিড-বাস্কেট" বুলি কোৱা হয়।[3] ইয়াত ভাৰতৰ মুঠ উৎপাদনৰ ১০.২৬% কপাহ, ১৯.৫% ঘেহু, আৰু ১১% ধান উৎপাদিত হয়। ৰাজ্যখনৰ ফিৰোজপুৰ আৰু ফাজিলকা জিলাত সৰ্বাধিক ঘেহু আৰু ধানৰ উৎপাদন হয়। বিশ্বব্যাপী তুলনা কৰিলে বিশ্বৰ মুঠ ঘেহু উৎপাদনৰ ২%, কপাহ উৎপাদনৰ ২% আৰু ধান উৎপাদনৰ ১% ভাৰতৰ পঞ্জাবত উৎপাদিত হয়।[3] ইয়াত সৰ্বাধিক উৎপাদিত কৃষিজাত দ্ৰব্য হৈছে ঘেহু। অন্যান্য গুৰুত্বপূৰ্ণ উৎপাদিত কৃষিজাত দ্ৰব্যবোৰ হৈছে ধান, কপাহ, কুঁহিয়াৰ, পাৰ্ল মিলেট, যৱ, বাৰ্লী আৰু ফল-মূল. পঞ্জাবত ধান খেতি শেষ হোৱাৰ লগে লগে একেখন পথাৰতে ঘেহু খেতি কৰা হয়, তাৰ বাবে ধানৰ নৰাবোৰ পথাৰতে জ্বলাই দিয়া হয়। এই পদ্ধতিটো প্ৰদুষণকাৰী তথা নষ্টকাৰী।[4] ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি হেক্টৰত ৯০ কিলোগ্ৰাম সাৰ প্ৰয়োগ কৰাৰ বিপৰীতে পঞ্জাবত ইয়াৰ পৰিমান হৈছে ২২৩.৪৬ কিলোগ্ৰাম। ১৯৯১–৯২ চনৰ পৰা ১৯৯৮–৯৯ চনলৈ আৰু ২০০১ চনৰ পৰা ২০০৩–০৪ চনলৈ পঞ্জাবে কৃষি সংবৃদ্ধি সেৱাৰ বাবে মুঠ দহবাৰ দ্য নেচনেল প্ৰডাক্টিভিটি এৱাৰ্ড লাভ কৰিছে। মাটিৰ উৰ্বৰতা কমি যোৱাৰ ফলত যোৱা কিছু বছৰৰ পৰা পঞ্জাবৰ কৃষি উৎপাদন হ্ৰাস পাইছে। অতিৰিক্ত পৰিমানত সাৰ আৰু কীটনাশকৰ প্ৰয়োগৰ ফলত এনে হৈছে বুলি অনুমান কৰা হৈছে। দ্ৰুতভাৱে জল-তালিকাৰ হ্ৰাসভৱন হৈছে অন্য এটা অতি চিন্তনীয় বিষয়ত পৰিণত হৈছে, যাৰ ওপৰত প্ৰায় ৯০% কৃষি কাৰ্য নিৰ্ভৰ কৰে; যোৱা বছৰবোৰত ইয়াৰ পৰিণামো দেখা পোৱা গৈছে। কিছুলোকৰ মতে ভূগৰ্ভৰ পানীৰ স্তৰ বছৰি এক মিটাৰ বা তাতোতকৈ অধিক হাৰত হ্ৰাস পাইছে।[5][6]

ইণ্ডিয়া ষ্টেট হাংগাৰ ইণ্ডেক্সৰ মতে ভাৰতৰ ভিতৰত পঞ্জাবত ভোকাতুৰ লোকৰ সংখ্যা নিচেই কম।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]