পুডুছেৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পুডুছেৰী
—  কেন্দ্ৰীয় শাসিত অঞ্চল  —

পুডুছেৰীৰ চৰকাৰী মোহৰ
ভাৰতৰ মানচিত্ৰত পুডুছেৰীৰ অৱস্থান (ৰঙা ৰঙেৰে চিহ্নিত)
দেশ  ভাৰত
গঠন ১ নৱেম্বৰ ১৯৫৪
ৰাজধানী আৰু বৃহত্তম নগৰ পণ্ডিচেৰী
জিলা ৪ খন
চৰকাৰ
 - উপৰাজ্যপাল কিৰণ বেদী[1]
 - মুখ্যমন্ত্ৰী ভি. নাৰায়ণস্বামী[2]
 - মুখ্যসচিব অশ্বিনী কুমাৰ, আইএএছ[3]
 - আৰক্ষীৰ মহানিৰ্দেশক এছ. সুন্দৰী নন্দ, আইপিএছ
 - বিধানসভা একসদনীয় (৩০*খন আসন) [4]
মাটিকালি
 - মুঠ ৪৮৩ কি.মি. 
(১৮৬.৫ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩৩তম
জনসংখ্যা (২০১১)
 - মুঠ ১২,৪৪,৪৬৪ জন
 - স্থান ২৯তম
 - জনঘনত্ব ২,৫৭৬.৫ প্ৰতি বৰ্গ কি.মি. 
(৬,৬৭৩.২ প্ৰতি বৰ্গ মাইল)
বিশেষণ পুডুছেৰীয়ান, পণ্ডিচেৰীয়ান, পণ্ডিয়ান
ভাষা
 - চৰকাৰী তামিল ভাষা, ইংৰাজী ভাষা[5]
 - অতিৰিক্ত মালয়ালম ভাষা (মাহে জিলাত), তেলেগু ভাষা (য়ানাম জিলাত), ফৰাছী ভাষা[6]
সময় অঞ্চল IST (গ্ৰী.মা.স.+০৫:৩০)
পিনক'ড ৬০৫০১৪
আই এচ অ’ ৩১৬৬ কোড IN-PY
যানবাহনৰ নম্বৰ PY 01, PY 02, PY 03, PY 04, PY 05, PY 05V
ৱেবছাইট www.py.gov.in
^* ৩০ গৰাকী নিৰ্বাচিত, ৩ গৰাকী মনোনীত

পুডুছেৰী (তামিল: புதுச்சேரி, অৰ্থ: নতুন চহৰ) বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামাকৰণ কৰা হৈছে। ঐতিহাসিক ভাবে পণ্ডিচেৰী নামে জনাজাত ইয়াৰ নাম ২০০৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে পুডুছেৰী কৰা হ'ল।[7][8]

কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী দক্ষিণ ভাৰতত অৱস্থিত। পুডুছেৰী জিলা আৰু কাৰিকল জিলাক তামিলনাডুয়ে আগুৰি আছে। সেইদৰে য়ানাম জিলা অন্ধ্ৰ প্ৰদেশ আৰু মাহে জিলা কেৰেলায়ে আগুৰি আছে। পুডুছেৰী ভাৰতৰ ২৯তম জনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াৰ জন ঘনত্বত ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি আছে। ইয়াৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি INR  ২১০ শ কোটি (৩.২৭ বিলিয়ন ডলাৰ) আৰু ই ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত ২৫তম স্থানত অৱস্থিত।[9]

ভূগোল[সম্পাদনা কৰক]

পুডুছেৰীত অসংযুক্ত চাৰিখন সৰু সৰু জিলাৰে গঠিত। পণ্ডিচেৰী আৰু কাৰিকল পুডুছেৰীৰ বৃহত্তম অঞ্চল। এই দুয়ো অঞ্চল তামিলনাডুৰে আগুৰা। য়ানাম আৰু মাহে ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু কেৰেলাৰে আগুৰা। ২০১১ চনৰ লোকপিয়ল মতে ইয়াৰ জনসংখ্যা ১২,৪৪,৪৬৪।

পুডুছেৰীৰ অঞ্চলসমূহ সম্পূৰ্ণৰূপে সংযুক্ত নহয়। ইয়াক ভাৰতত পকেট বুলি কোৱা হয়। পুডুছেৰীত এনে ১১ টা পকেট আছে। কিছুমান পকেট সম্পূৰ্ণৰূপে তামিলনাডুৰে আগুৰা। সেইদৰে মাহে অঞ্চলত ৩ টা পকেট আছে। ঔপনিবেশিক ভাৰতৰ ফৰাছী ভাৰতৰ অধিকৃত অঞ্চলৰ বাবে ইয়াৰ ভূগোলত এনে বৈশিষ্ট্য দেখা যায়।

পুডুছেৰীৰ গোটেই কেইখন জিলা উপকূল অঞ্চলত অৱস্থিত। পাঁচ খন নদী পুডুছেৰীৰ মাজেৰে, সাত খন নদী কাৰিকলৰ মাজেৰে, দুখন মাহেৰ মাজেৰে আৰু এখন য়ানামৰ মাজেৰে পাৰ হৈ গৈছে।

জন-গাঁথনি[সম্পাদনা কৰক]

পুডুছেৰীৰ জনসাধাৰণৰ ৮৭.৩% হিন্দু ধৰ্মাৱলম্বী। লগতে ইয়াত ৬.২% খ্ৰীষ্টান আৰু ৬% ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰে।[10]

যাতায়ত[সম্পাদনা কৰক]

ৰে'লপথ[সম্পাদনা কৰক]

পণ্ডিচেৰী ৰে'ল ষ্টেচন

পুডুছেৰী ৰে'লেৰে ভিলুপুৰম আৰু চেন্নাই জংচনৰ লগত সংযোজিত। এই ব্ৰড গেজ লাইন যুক্ত ৰেলপথৰ ওপৰেৰে ১৬ খন অভিসাৰী আৰু ১৭ খন অপসাৰী ৰে'ল চলাচল কৰে।[11]

স্থলপথ[সম্পাদনা কৰক]

পুডুছেৰী অঞ্চলত মুঠ ২,৫৫২ কিঃমিঃ (পথৰ দৈৰ্ঘ্য প্ৰতি ৪.৮৭ বৰ্গ কিঃমিঃ) দৈৰ্ঘ্যৰ স্থলপথ আছে। ই দেশৰ ভিতৰতে সৰ্বাধিক।

য়ানাম দ্ৰাক্ষশৰ্মাম পথ
তামিলনাডু আৰু গোটেই ভাৰতৰ সৈতে পথৰ দৈৰ্ঘ্যৰ তুলনা
মুঠ পথৰ দৈৰ্ঘ্য (পুডুছেৰী) ২,৫৫২ কিঃমিঃ
প্ৰতি ১০০০ কিঃমিঃত পথৰ দৈৰ্ঘ্য পুডুছেৰী তামিলনাডু ভাৰত
৪,৫৭৫ ১,৫৭২ ৬৬৩
পথৰ শ্ৰেণীবিভাজন
ক্ৰমিক নং পথৰ ধৰণ দৈৰ্ঘ্য (কিঃমিঃ)
ৰাষ্ট্ৰীয় ঘাইপথ ৬৪.৪৫০
ৰাজ্যিক ঘাইপথ ৪৯.৩০৪
জিলা আৰু অন্যান্য পথ
পুডুছেৰী – ১৭৩.৩৮৪
কাৰিকল – ৫৫.১৬২
মাহে – ১৯.৬২২
য়ানাম – ২৬.৪৬০
২৭৪.৬২৮ ২৭৪.৬২৮
গাঁৱলীয়া পথ
পুডুছেৰী – ১৬৪.৯৬৪
কাৰিকল –৮৩.৪৭০
২৪৮.৪৩৪ ২৪৮.৪৩৪
মুঠ ৬৩৬.৮১৬

শিক্ষা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল মতে পুডুছেৰীৰ সাক্ষৰতা হাৰ ৮৬.৫৫%।[12] ইয়াত পণ্ডিচেৰী বিশ্ববিদ্যালয় নামৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৱস্থিত।[13] পুডুছেৰীত অৱস্থিত জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান পাশ্চাত্য চিকিৎসা পদ্ধতিৰ এছিয়াৰ প্ৰথমখন শিক্ষা অনুষ্ঠান। ইয়াৰ উপৰিও ইয়াত ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, মহাত্মা গান্ধী স্নাতকোত্তৰ দন্ত বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইত্যাদি অৱস্থিত।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "narendra modi appointe Lieutenant Governor of Puducherry". The Hindu. 22 May 2016. http://www.thehindu.com/news/national/kiran-bedi-appointed-as-lieutenant-governor-of-puducherry/article8633040.ece. 
  2. "V Narayanasamy to be new Puducherry Chief Minister". http://timesofindia.indiatimes.com/india/V-Narayanasamy-to-be-new-Puducherry-Chief-Minister/articleshow/52479610.cms. 
  3. Varma, M. Dinesh (2015-06-06). "New Chief Secretary assumes charge" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/news/cities/puducherry/new-chief-secretary-assumes-charge/article7288665.ece. 
  4. "PUDUCHERRY LEGISLATIVE ASSEMBLY". http://legislativebodiesinindia.nic.in/PONDICHERY.htm. 
  5. "The Pondicherry Official Languages Act, 1965". Laws of India. http://www.lawsofindia.org/pdf/puducherry/1965/1965Pondicherry3.pdf। আহৰণ কৰা হৈছে: 10 June 2019. 
  6. "Official Languages of Pondicherry - E-Courts Mission, Government of India". Archived from the original on 2 April 2015. https://web.archive.org/web/20150402195506/http://ecourts.gov.in/pondicherry/history। আহৰণ কৰা হৈছে: 2015-06-12. 
  7. "South Asia | New name for old French territory". BBC News. 20 September 2006. http://news.bbc.co.uk/2/hi/south_asia/5365248.stm. 
  8. "National : Bill to rename Pondicherry as Puducherry passed". The Hindu. 22 August 2006. http://www.hindu.com/2006/08/22/stories/2006082207481000.htm. 
  9. "State Domestic Product and other aggregates, 2004–05 series". Ministry of Statistics and Programme Implementation. 27 February 2015. http://mospi.nic.in/Mospi_New/upload/State-wise%20SDP-27.02.2015.xls। আহৰণ কৰা হৈছে: 18 June 2015. 
  10. "Population by religion community – 2011". The Registrar General & Census Commissioner, India. Archived from the original on 25 August 2015. https://web.archive.org/web/20150825155850/http://www.censusindia.gov.in/2011census/C-01/DDW00C-01%20MDDS.XLS. 
  11. karthik. "Pondicherry Station - 16 Train Departures SR/Southern Zone - Railway Enquiry". https://indiarailinfo.com/departures/puducherry-pondicherry-pdy/1232. 
  12. "Ranking of states and union territories by literacy rate: 2011". Government of India. http://censusindia.gov.in/2011-prov-results/data_files/india/Final_PPT_2011_chapter6.pdf. 
  13. "Pondicherry University". Pondicherry University. Archived from the original on 25 April 2011. https://web.archive.org/web/20110425174938/http://www.pondiuni.edu.in/about_uni.htm. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]