ভাৰতীয় প্ৰশাসনিক সেৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় প্ৰশাসনিক সেৱা
সেৱাৰ ইতিবৃত্তি
পৃৰ্বৰ নাম ইম্পেৰিয়েল চিভিল ছাৰ্ভিছ (আইচিএছ)
স্থাপন ১৮৫৮
(ইম্পেৰিয়েল চিভিল ছাৰ্ভিছ )
২৬ জানুৱাৰী ১৯৫০
(ভাৰতীয় প্ৰশাসনিক সেৱা)
দেশ ভাৰত
প্ৰশিক্ষণ অনুষ্ঠান লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী, মছুৰী, উত্তৰাখণ্ড
কেডাৰ নিয়ন্ত্ৰক কৃতপক্ষ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়, ভাৰত চৰকাৰ
মন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰী
আইনী ব্যক্তিত্ব চৰকাৰী; অসামৰিক সেৱা
কৰ্তব্য নীতি নিৰ্ধাৰণ
নীতি ৰূপায়ণ
জন প্ৰশাসন
আমোলাতন্ত্ৰৰ শাসন
সচিবীয় সহায়তা (কেন্দ্ৰ আৰু ৰাজ্য)
পূৰ্বৰ সেৱা ইম্পেৰীয়েল চিভিল ছাৰ্ভিছ (১৮৫৮–১৯৪৬)
কেডাৰ শক্তি ৪,৯২৬ জন (৩,৫১১জন সংঘ লোক সেৱা আয়োগৰ দ্বাৰা পোনপটীয়াকৈ নিযুক্তি আৰু ১,৪১৫ জন ৰাজ্যিক লোকসেৱাৰ পৰা পদোন্নীত)[1][2]
বাছনি অসামৰিক সেৱা পৰীক্ষা
সংস্থা আই এ এছ (কেন্দ্ৰীয়) সংস্থা
অসামৰিক সেৱাৰ মুৰব্বী
ভাৰতৰ কেবিনেট সচিব প্ৰদীপ কুমাৰ সিনহা, আই এ এছ

ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ (ইংৰাজী: Indian Administrative Service, IAS) সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ।[3] ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম।[3][4] ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ। এই সেৱাৰ বিষয়া সকলে ভাৰত চৰকাৰ আৰু প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সেৱা আগবঢ়ায়। আই এ এছ বিষয়া সমূহে ভাৰত চৰকাৰৰৰ অধীনস্থ বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগতো সেৱা আগবঢ়ায়।

ৱেষ্টমিনিষ্টাৰ সংসদীয় চৰকাৰ অনুধাৱন কৰা আন দেশৰ দৰে ভাৰতীয় প্ৰশাসনিক সেৱা ভাৰতৰ স্থায়ী আমোলাতন্ত্ৰৰ অন্তৰ্ভুক্ত।[5] ইয়াৰ লগতে ই ভাৰত চৰকাৰৰ কাৰ্যনিৰ্বাহকৰ অংশ। সেয়ে আমোলাতন্ত্ৰ সাধাৰণতে ৰাজনৈতিক ভাবে নিৰপেক্ষ আৰু যি কোনো চৰকাৰ বা পৰিস্থিতিত দেশৰ সেৱাৰ বাবে সদা নিয়োজিত।[5]

সেৱাত নিয়োজিত হোৱাৰ পিছত প্ৰশাসনিক বিষয়া সকলে কিছুদিন উপ-সংমণ্ডলীয় দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত তেওঁলোক ভাৰতৰ বিভিন্ন জিলাসমূহৰ উপায়ুক্ত পদত অধিষ্ঠিত হয়। এই পদত কেইবাবছৰ সেৱা আগবঢ়োৱা পিছত (কোনো কোনো ৰাজ্যত প্ৰায় ১৬ বছৰ) এজন বিষয়াক গোটেই ৰাজ্যৰ সংমণ্ডলৰ মুৰব্বী পদ সংমণ্ডল অধিকাৰী হিচাপে পদোন্নতি দিয়া হয়।

উচ্চ দৰমহা নিৰীখ লাভ কৰা বিষয়া সকলে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰণালয়ত সেৱা আগবঢ়ায়। এই স্তৰত প্ৰশাসনিক বিষয়া সকলে আন্তৰ্জাতিক স্তৰৰ দ্বীপক্ষীক বা বহুপক্ষীক অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সংস্থা সমূহ যেনে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, এছিয়ান উন্নয়ন বেংক, এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংক, ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সহযোগী সংস্থা সমূহতো ভাৰতৰ হৈ সেৱা আগবঢ়ায়। প্ৰশাসনিক বিষয়া সকলে ভাৰতৰ নিৰ্বাচনী আয়োগৰ লগত জড়িত হৈ ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "CADRE STRENGTH OF INDIAN ADMINISTRATIVE SERVICE (AS ON 01.01.2017)". Department of Personnel and Training, Government of India. 1 January 2017. Archived from the original on 17 May 2017. https://web.archive.org/web/20170517051612/http://civillist.ias.nic.in/YrCurr/PDF/CadreStrength_01012017.pdf। আহৰণ কৰা হৈছে: 21 January 2018. 
  2. Siddiqui, Imran Ahmed (13 June 2015). "Mystery of the missing IAS dozen". প্ৰকাশক New Delhi: The Telegraph. OCLC 271717941. https://www.telegraphindia.com/1150614/jsp/frontpage/story_25696.jsp। আহৰণ কৰা হৈছে: 2 September 2017. 
  3. 3.0 3.1 "Service Profile for the Indian Administrative Service" (en ভাষাত) (PDF). Department of Personnel and Training, Government of India. http://persmin.gov.in/ais1/Docs/ServiceProfile.pdf। আহৰণ কৰা হৈছে: 13 August 2017. 
  4. Tummala, Krishna Kumar (1996). Public Administration in India. প্ৰকাশক Mumbai: Allied Publishers. পৃষ্ঠা. 154–159. ISBN 978-8170235903. OCLC 313439426. 
  5. 5.0 5.1 Bhattacharjee, Subhomoy (22 June 2017). "In defence of administrative continuity" (en ভাষাত). Business Standard (New Delhi). OCLC 496280002. http://www.business-standard.com/article/economy-policy/in-defence-of-administrative-continuity-117062201079_1.html. 

External links[সম্পাদনা কৰক]