সমললৈ যাওক

লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী
মূলমন্ত্ৰ "शीलं परम भूषणम्" (সংস্কৃত)
(চৰিত্ৰ হৈছে সৰ্বোচ্চ গুণ)
স্থাপিত ১৯৫৯
ধৰণ ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান
সঞ্চালক শ্ৰীনিৱাস কাটিকিথালা, আই এ এছ
স্থান মুচৌৰী, উত্তৰাখণ্ড
চৌহদ মুচৌৰী
ভুক্তি ভাৰত চৰকাৰ
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (ইংৰাজী: Lal Bahadur Shastri National Academy of Administration, সংক্ষেপে LBSNAA) ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই একাডেমীখন উত্তৰাখণ্ডমুচৌৰীত অৱস্থিত। ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় পুলিচ সেৱা, ভাৰতীয় বন সেৱা আৰু অন্যান্য গ্ৰুপ-A কেন্দ্ৰীয় সেৱাসমূহৰ অসামৰিক সেৱাৰ প্ৰাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা একাডেমীখনৰ মুখ্য উদ্দেশ্য। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষিত প্ৰাধীকাৰীসকলক দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা লোক ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। ভাৰতত প্ৰথম শ্ৰেণীৰ অসামৰিক সেৱাৰ প্ৰাধিকাৰীসকলক সংঘ লোক সেৱা আয়োগ দ্বাৰা পৰিচালিত প্ৰতিযোগিতামূলক অসামৰিক সেৱা পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাধিকাৰীসকলে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীত চাৰিমহীয়া আধাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ইয়াৰ পাছত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাধিকাৰীসকলে এই একাডেমীখনত তেওঁলোকৰ বৃত্তিগত প্ৰশিক্ষণ আৰম্ভ কৰে।

সঞ্চালকসকল

[সম্পাদনা কৰক]
ক্ৰমিক নংনামকাৰ্যকালৰ আৰম্ভকাৰ্যকাল শেষসেৱাসংবৰ্গ
২৬শ্ৰীনিৱাস আৰ. কাটিকিথালা৫ ছেপ্টেম্বৰ ২০২১...আই এ এছগুজৰাট
২৫লোক ৰঞ্জন১৫ এপ্ৰিল ২০২১৪ ছেপ্টেম্বৰ ২০২১আই এ এছত্ৰিপুৰা
২৪সঞ্জীৱ চোপ্ৰা১ জানুৱাৰী ২০১৯৩১ মাৰ্চ ২০২১আই এ এছপশ্চিম বঙ্গ
২৩উপমা চৌধাৰী১১ ডিচেম্বৰ ২০১৬৩১ ডিচেম্বৰ ২০১৮আই এ এছহিমাচল প্ৰদেশ
২২ৰাজীৱ কাপুৰ১ মাৰ্চ ২০১৪৯ ডিচেম্বৰ ২০১৬আই এ এছউত্তৰ প্ৰদেশ
২১পদ্মবীৰ সিং২ ডিচেম্বৰ ২০১০২৮ ফেব্ৰুৱাৰী ২০১৪আই এ এছমধ্য প্ৰদেশ
২০ৰুদ্ৰ গঙ্গাধৰণ৬ এপ্ৰিল ২০০৬২ ছেপ্টেম্বৰ ২০০৯আই এ এছকেৰালা
১৯ডি. এছ. মাথুৰ২৯ অক্টোবৰ ২০০৪৬ এপ্ৰিল ২০০৬আই এ এছমধ্য প্ৰদেশ
১৮বিনোদ কুমাৰ২০ জানুৱাৰী ২০০৩১৫ অক্টোবৰ ২০০৪আই এ এছনাগালেণ্ড
১৭ৱাজাহাট হাবিবুল্লা৮ নৱেম্বৰ ২০০০১৩ জানুৱাৰী ২০০৩আই এ এছজম্মু আৰু কাশ্মীৰ
১৬বি. এছ. বাশৱান৬ অক্টোবৰ ১৯৯৬৮ নৱেম্বৰ ২০০০আই এ এছমধ্য প্ৰদেশ
১৫এন. চি. ছাক্সেনা২৫ মে' ১৯৯৩৬ অক্টোবৰ ১৯৯৬আই এ এছউত্তৰ প্ৰদেশ
১৪বি. এন. যুগান্ধৰ২৬ মে' ১৯৮৮২৫ জানুৱাৰী ১৯৯৩আই এ এছঅন্ধ্ৰ প্ৰদেশ
১৩আৰ. এন. চোপ্ৰা৬ জুন ১৯৮৫২৯ এপ্ৰিল ১৯৮৮আই এ এছমধ্য প্ৰদেশ
১২কে. ৰামানুজন২৭ ফেব্ৰুৱাৰী ১৯৮৪২৪ ফেব্ৰুৱাৰী ১৯৮৫আই এ এছবিহাৰ
১১আৰ. কে. শাস্ত্ৰী৯ নৱেম্বৰ ১৯৮২২৭ ফেব্ৰুৱাৰী ১৯৮৪আই এ এছৰাজস্থান
১০আই. চি. পুৰী১৬ জুন ১৯৮২১১ অক্টোবৰ ১৯৮২আই এ এছপঞ্জাব
পি. এছ. অপ্পু২ আগষ্ট ১৯৮০১ মাৰ্চ ১৯৮৩আই এ এছবিহাৰ
জি. চি. এল. জনেজা২৩ জুলাই ১৯৭৭৩০ জুন ১৯৮০আই এ এছউৰিষ্যা
বি. চি. মাথুৰ১৭ মে' ১৯৭৭২৩ জুলাই ১৯৭৭আই এ এছউৰিষ্যা
ৰাজেশ্বৰ প্ৰসাদ১১ মে' ১৯৭৩১১ এপ্ৰিল ১৯৭৭আই এ এছউত্তৰ প্ৰদেশ
ডি. ডি. সাথী১৯ মাৰ্চ ১৯৬৯১১ মে' ১৯৭৩আই চি এছ-
কে. কে. দাস১২ জুলাই ১৯৬৮২৪ ফেব্ৰুৱাৰী ১৯৬৯আই চি এছ-
এম. জি. পিম্পুটকাৰ৪ ছেপ্টেম্বৰ ১৯৬৫২৯ এপ্ৰিল ১৯৬৮আই চি এছ-
এছ .কে. দত্ত১৩ আগষ্ট ১৯৬৩২ জুলাই ১৯৬৫আই চি এছ-
এ. এন. ঝা১ ছেপ্টেম্বৰ ১৯৫৯৩০ ছেপ্টেম্বৰ ১৯৬২আই চি এছ-

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]