আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
International Monetary Fund
চমু  নাম IMF
প্ৰতিষ্ঠা ২৭ ডিচেম্বৰ ১৯৪৫ (৭৮ বছৰ আগত) (1945-12-27)
ধৰণ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থা
প্ৰধান  কাৰ্যালয় ৱাশ্বিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ
স্থানাংক 38°32′N 77°01′W / 38.53°N 77.02°W / 38.53; -77.02স্থানাংক: 38°32′N 77°01′W / 38.53°N 77.02°W / 38.53; -77.02
সদস্যপদ ১৮৮খন ৰাষ্ট্ৰ
আনুষ্ঠানিক  ভাষা ইংৰাজী[1]
মেনেজিং ডাইৰেক্টৰ খ্ৰীষ্টিন লাগাৰ্ডে (Christine Lagarde)
মূল  ক্ষমতা ব’ৰ্ড অফ গভৰ্ণৰছ
ৱেবছাইট imf.org

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (ইংৰাজী: International Monetary Fund) বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত। মুদ্ৰাৰ বিষয়ত গোলকীয় সহযোগিতা বৃদ্ধি, বিত্তীয় স্থিৰতা, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰত সহযোগ, ৰোজগাৰ বৃদ্ধি, দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়ন আৰু বিশ্বত দৰিদ্ৰতা হ্ৰাসকৰণ সংস্থাটোৰ মূল উদ্দেশ্য।[2] ১৯৪৪ চনত ব্ৰেটন ৱুডছ কনফাৰেঞ্চত আন্তঃৰাষ্ট্ৰীয় ধন আদায় ব্যৱস্থাটোৰ পুনৰ্গঠনৰ উদ্দেশ্যেৰে ২৯খন সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ১৯৪৫ চনতহে আনুষ্ঠানিক ৰূপ পায়। সদস্য ৰাষ্ট্ৰসমূহে এক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি এটা নিধিলৈ বৰঙনি আগবঢ়াইছিল আৰু প্ৰায়োজনীয়তাত ভোগা দেশসমূহে এই নিধিৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিছিল। ২০১০ চনত সেই সময়ৰ বিনিময় হাৰৰ হিচাপত নিধিটোত প্ৰায় ৭৫৫.৭ বিলিয়ন আমেৰিকান ডলাৰ জমা আছিল।[3]

উক্ত নিধি আৰু অন্যান্য কাৰ্যাৱলীৰ জৰিয়তে আই এম এফে সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰে।[4] সংস্থাটোৰ আৰ্টিকলছ অফ এগ্ৰীমেণ্টত উল্লেখ থকা মতে ইয়াৰ উদ্দেশ্যসমূহ হৈছে[5] আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰ,ৰ্বেলেঞ্চ অফ পেমেণ্টৰ সমতা স্থাপনৰ অৰ্থে সদস্য ৰাষ্ট্ৰসমূহক বিত্তৰ যোগানকে ধৰি ৰোজগাৰ আৰু বিনিময় হাৰৰ স্থিৰতা।[6]

ইতিহাস[সম্পাদনা কৰক]

ৱাশ্বিংটন ডিচিত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয়

১৯৪৪ চনত মূলতে ব্ৰেটন ৱুডছ ব্যৱস্থাৰ (ইংৰাজী: Bretton Woods system) এক অংশ হিচাপে আই এম এফ স্থাপন কৰা হৈছিল।[7] মহা মন্দাৱস্থাৰ সময়ত ৰাষ্ট্ৰসমূহে পতনমুখী অৰ্থনীতিসমূহৰ অৱস্থা উন্নীত কৰাৰ উদ্দেশ্যেৰে বেহা-বেপাৰৰ বাধা-নিষেধ বঢ়াই তোলে। ফলস্বৰূপে জাতীয় মুদ্ৰাসমূহৰ মান নিম্নগামী হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অৱনতি ঘটে।[8]

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সহযোগৰ পতনে এক উন্নীতকৰণ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ জন্ম দিয়ে। ইয়াৰ ফলত ৪৫খন দেশৰ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰস্থিত ব্ৰেটন ৱুডছত এক আলোচনাত মিলিত হয় আৰু আই এম এফৰ প্ৰতিষ্ঠা কৰে।

প্ৰথমাৱস্থাত, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত ২৯খন সদস্য ৰাষ্ট্ৰৰে আই এম এফৰ আৰম্ভণি ঘটে।[9] ১৯৪৬ চনলৈ এই সংখ্যা ৩৯ লৈ বৃদ্ধি পায়।[10] ১৯৪৭ চনৰ ১ মাৰ্চৰ পৰা সংস্থাটোৱে নিজৰ কাম কাজ আৰম্ভ কৰে[11] আৰু ৮ মে’ত ফ্ৰান্সে প্ৰথমে সংস্থাটোৰ পৰা ঋণ গ্ৰহণ কৰে।[10]

সদস্য ৰাষ্ট্ৰসমূহ[সম্পাদনা কৰক]

  সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ
  আৰ্টিকল VIII-ৰ ধাৰা ২, ৩ আৰু ৪ গ্ৰহণ নকৰা সদস্য ৰাষ্ট্ৰসমূহ[12]

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সকলো সদস্য ৰাষ্ট্ৰ স্বতন্ত্ৰ নহয় আৰু সেয়ে ৰাষ্ট্ৰসংঘৰ সদস্যও নহয়। [13] ইয়াৰ ভিতৰত এৰুবা, কিউৰাকাও, হংকং, মাকাও আৰু ক’ছ’ভ’ উল্লেখযোগ্য।[14][15]

প্ৰাক্তন সদস্যৰ ভিতৰত আছে কিউবা[16] আৰু চীন।[17] অৱশ্যে চীনশাসিত টাইৱান আই এম এফৰ সূচীভুক্ত।[18]

কিউবাৰ বাহিৰেও ৰাষ্ট্ৰসংঘৰ সদস্যৰ ভিতৰত আই এম এফৰ সদস্যভুক্ত নোহোৱা দেশসমূহ হৈছে এণ্ডোৰা, লাইকটেনষ্টাইন, মোনাকো, নাওৰো আৰু উত্তৰ কোৰিয়া।

চেক’শ্লাভিয়াক ১৯৫৪ চনত বৰ্খাস্ত কৰা হৈছিল যদিও ১৯৯০ চনত দেশখনত পুনৰ অন্তৰ্ভুক্ত কৰা হয়।[19]

টোকা আৰু তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

টোকা
a. ^ There is no world-wide consensus on the status of the Republic of Kosovo: it is recognised as independent by 110 countries, while others consider it an autonomous province of Serbia. See: International recognition of Kosovo.
তথ্যসূত্ৰ
  1. Boughton 2001, পৃষ্ঠা 7 n.5.
  2. "About the IMF". IMF. https://www.imf.org/external/about.htm। আহৰণ কৰা হৈছে: 14 October 2012. 
  3. imf.org: "IMF Executive Board Approves Major Overhaul of Quotas and Governance" 5 Nov 2010
  4. Escobar, Arturo. 1980. Power and Visibility: Development and the Invention and Management of the Third World. Cultural Anthropology 3 (4): 428–443.
  5. imf.org: "Articles of Agreement, International Monetary Fund" (2011)
  6. Articles of Agreement of the International Monetary Fund, Article I – Purposes
  7. Jensen, Nathan (2004). "Crisis, Conditions, and Capital: The Effect of the International Monetary Fund on Foreign Direct Investment". Journal of Conflict Resolution খণ্ড 48 (2): 194–210. doi:10.1177/0022002703262860. 
  8. "Cooperation and Reconstruction (1944–71)". About the IMF. http://www.imf.org/external/about/histcoop.htm। আহৰণ কৰা হৈছে: 18 March 2012. 
  9. Somanath, V. S. (1 February 2011). International Financial Management. পৃষ্ঠা. 79. ISBN 9789381141076. https://books.google.com/books?id=alysnLedf5oC&pg=PA79. 
  10. 10.0 10.1 De Vries, Margaret G (1986). The IMF in a Changing World: 1945–85. পৃষ্ঠা. 66–68. ISBN 9781455280964. https://books.google.com/books?id=ckFzL3xr8kAC&pg=PA66. 
  11. Kenwood, George; Lougheed, Alan (1 June 2002). Growth of the International Economy 1820–2000: An Introductory Text. পৃষ্ঠা. 269. ISBN 9780203199350. https://books.google.com/books?id=NLGFgoJ0qHUC&pg=PA269. 
  12. Articles of Agreement of the International Monetary Fund, Article VIII – General Obligations of Members
    Section 2: Avoidance of restrictions on current payments;
    Section 3: Avoidance of discriminatory currency practices;
    Section 4: Convertibility of foreign-held balances.
  13. http://www.imf.org/external/country/index.htm
  14. "Republic of Kosovo is now officially a member of the IMF and the World Bank". The Kosovo Times. 29 June 2009. http://www.kosovotimes.net/flash-news/676-republic-of-kosovo-is-now-officially-a-member-of-the-imf-and-the-world-bank.html। আহৰণ কৰা হৈছে: 29 June 2009. "Kosovo signed the Articles of Agreement of the International Monetary Fund (IMF) and the International Bank for Reconstruction and Development (the World Bank) on behalf of Kosovo at the State Department in Washington." 
  15. "Kosovo Becomes the International Monetary Fund's 186th Member" (Press release). International Monetary Fund. 29 June 2009. http://www.imf.org/external/np/sec/pr/2009/pr09240.htm। আহৰণ কৰা হৈছে: 29 June 2009. 
  16. "Brazil calls for Cuba to be allowed into IMF". Caribbean Net News. 27 April 2009. http://www.caribbeannetnews.com/cuba/cuba.php?news_id=15996&start=0&category_id=5। আহৰণ কৰা হৈছে: 7 May 2009. "Cuba was a member of the IMF until 1964, when it left under revolutionary leader Fidel Castro following his confrontation with the United States." 
  17. Andrews, Nick; Bob Davis (7 May 2009). "Kosovo Wins Acceptance to IMF". The Wall Street Journal. http://online.wsj.com/article/SB124154560907188151.html। আহৰণ কৰা হৈছে: 7 May 2009. "Taiwan was booted out of the IMF in 1980 when China was admitted, and it hasn't applied to return since." 
  18. "World Economic Outlook Database for April 2012 – Country information". Imf.org. 17 April 2012. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/co.htm। আহৰণ কৰা হৈছে: 7 November 2012. 
  19. "II The IMF and the Transition from Central Planning". International Monetary Fund. পৃষ্ঠা: 255. http://www.imf.org/external/pubs/ft/history/2012/pdf/c6.pdf। আহৰণ কৰা হৈছে: 1 October 2012.