ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ প্ৰধানমন্ত্ৰী | |
---|---|
![]() ভাৰতৰ জাতীয় প্ৰতীক | |
![]() ভাৰতৰ জাতীয় পতাকা | |
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় | |
সম্বোধন | মাননিয় প্ৰধানমন্ত্ৰী হিজ/হাৰ এক্সেলেন্সি |
স্থিতি | কাৰ্যবাহী শাসক |
চমুনাম | পি এম |
সদস্য হয় | ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভা ভাৰতীয় সংসদ |
প্ৰতিবেদন দিয়ে | |
চৰকাৰী বাসগৃহ | ৭, লোক কল্যাণ মাৰ্গ, নতুন দিল্লী |
আসন | প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, চাউথ ব্লক, নতুন দিল্লী |
নিয়োগকৰ্তা | ভাৰতৰ ৰাষ্ট্ৰপতি by convention, based on appointee's ability to command confidence in the Lok Sabha |
কাৰ্যকাল | At the pleasure of the president লোকসভাৰ কাৰ্যকাল ৫ বছৰ unless dissolved sooner No term limits specified |
প্ৰথম পদাধিকাৰী | জৱাহৰলাল নেহৰু ১৫ আগষ্ট ১৯৪৭ |
গঠন | ১৫ আগষ্ট ১৯৪৭ |
সহকাৰী | ভাৰতৰ উপপ্ৰধানমন্ত্ৰী (যদি থাকে) |
দৰমহা | ₹ ২০ লাখ (বছৰেকীয়া, য'ত সাংসদৰ বছৰেকীয়া দৰমহা ₹ ৯.৬ লাখ অন্তৰ্ভুক্ত হৈ আছে)[1] |
ৱেবচাইট | pmindia |
ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধান মন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধান মন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধান মন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব। যদিহে প্ৰথম অৱ্স্থাত তেওঁৰ এই যোগ্যতে নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব। যদিহে প্ৰধান মন্ত্ৰীয়ে পদত্যাগ কৰে তেন্তে মন্ত্ৰী পৰিষদৰো পতন ঘটে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধান মন্ত্ৰীৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। দ্বিতীয়তে, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা। তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধান মন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধান মন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ভাৰতৰ প্ৰধান মন্ত্ৰীসকল[সম্পাদনা কৰক]
- জৱাহৰলাল নেহৰু
- গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)
- লাল বাহাদুৰ শাস্ত্ৰী
- গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)
- ইন্দিৰা গান্ধী
- মোৰাৰজী দেশাই
- চৰণ সিং
- ইন্দিৰা গান্ধী
- ৰাজীৱ গান্ধী
- বিশ্বনাথ প্ৰতাপ সিং
- চন্দ্ৰশেখৰ
- পি ভি নৰসিংহ ৰাও
- অটল বিহাৰী বাজপেয়ী
- এইচ ডি দেৱেগৌড়া
- ইন্দৰ কুমাৰ গুজৰাল
- অটল বিহাৰী বাজপেয়ী
- ড॰ মনমোহন সিং
- নৰেন্দ্ৰ মোদী (২৬ মে' ২০১৪ -ৰ পৰা বৰ্তমানলৈ)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Pay & Allowances of the Prime Minister" (PDF). pmindia.nic.in/. Archived from the original on 18 July 2013. https://web.archive.org/web/20130718011828/http://pmindia.nic.in/pmsalary_jul2012.pdf। আহৰণ কৰা হৈছে: 14 June 2013.
|
|