ভাৰতৰ ৰাষ্ট্ৰপতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ ৰাষ্ট্ৰপতি
(भारत के राष्ट्रपति)
Flag of India.svg
ভাৰতৰ জাতীয় পতাকা
Emblem of India.svg
ভাৰতৰ জাতীয় প্ৰতীক
বৰ্তমান পদাধিকাৰী
ৰাম নাথ কোৱিন্দ

২৫ জুলাই, ২০১৭ -অৰ পৰা
সম্বোধন ৰাষ্ট্ৰপতি
(ভাৰতত)
হিজ এক্সেলেন্সি (His Excellency)
(ভাৰতৰ বাহিৰত)
চৰকাৰী বাসগৃহ ৰাষ্ট্ৰপতি ভৱন
মনোনীত কৰে ইউ পি এ
কাৰ্যকাল ৫ বছৰ (পুনঃ নিৰ্বাচনযোগ্য)
প্ৰথম কাৰ্যকৰ্তা ৰাজেন্দ্ৰ প্ৰসাদ
২৬ জানুৱাৰী ১৯৫০
গঠন ভাৰতীয় সবিধান
২৬ জানুৱাৰী, ১৯৫০
দৰমহা INR১.৫ লাখ (২,২০০ মাৰ্কিন ডলাৰ) (মাহেকীয়া)[1]
ৱেবচাইট ভাৰতৰ ৰাষ্ট্ৰপতিৰ আধিকাৰিক ৱেবছাইট

ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথম নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যদাত অসীত ব্যক্তিজনাই হ’ল ৰাষ্ট্ৰপতি। তেওঁ ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা।[2] তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মূৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত।[2] সেয়ে তেওঁ দেশৰ নিয়মতান্ত্ৰিক শাসক (নমিনেল এক্জিকিউটিভ) - বাস্তৱ ক্ষেত্ৰত তেওঁৰ সৰ্বাত্মক কাৰ্যসূচী প্ৰধান মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শই ৰূপায়ন কৰে। গতিকে প্ৰধান মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী সভাৰ পৰামৰ্শত তেওঁ সংবিধানসন্মতভাৱে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰে।[2]

উপযুক্ততা[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজন –

  • ভাৰতীয় নাগৰিক হ’ব লাগে। তেওঁৰ বয়স অন্ততঃ ৩৫ বছৰ হ’ব লাগে।
  • লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা সমূহ তেওঁৰ থাকিব লাগে। তেওঁ সংসদ বা কোনো ৰাজ্যিক বিধান মণ্ডলৰ সদস্য হ’ব নোৱাৰে। তেওঁ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক পদত নিয়োজিত থাকিব নোৱাৰে।

নিৰ্বাচন পদ্ধতি[সম্পাদনা কৰক]

সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচন কৰা হয়। ইয়াত জনসাধাৰণে নিৰ্বাচন কৰা কেন্দ্ৰীয় সংসদৰ সদস্য আৰু ৰাজ্যিক বিধান সভাৰ সদস্যসকলৰ ভোটৰ দ্বাৰা ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয়।

কাৰ্যকাল[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ, দুবাৰ পৰ্য্যন্ত। তেওঁ এই পদৰ বাবে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও পদত্যাগ কৰিব পাৰে। মহাভিযোগ দি লোকসভাৰ দুই-তৃতীয়াংশ সদস্যৰ সন্মতিত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ পদ শূন্য হ’লে তেওঁৰ দায়িত্ব উপ-ৰাষ্ট্ৰপতিয়ে পালন কৰে। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি উভয়ৰে পদ একেলগে শূন্য হ’লে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি বা তেওঁৰ অনুপস্থিতিত এই আদালতৰ জ্যেষ্ঠ বিচাৰপতিজনে ৰাষ্ট্ৰপতি হিচাপে সাময়িকভাৱে দায়িত্ব পালন কৰে।

ৰাষ্ট্ৰপতিৰ ক্ষমতা[সম্পাদনা কৰক]

ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে। ভাৰতবৰ্ষত শাসন ব্যৱস্থাৰ সকলোবোৰ ক্ষমতাই ৰাষ্ট্ৰপতিৰ নামত ন্যস্ত থাকে যদিও অনেক ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পৰামৰ্শ অবিহনে তেওঁ একো কৰিব নোৱাৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সহায় আৰু পৰামৰ্শমতে শাসনকাৰ্য পৰিচালনা কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শ আৰু সাহায্যমতে নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য।[3]

শাসন বিভাগীয় ক্ষমতা[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতি দেশৰ ৰাষ্ট্ৰপ্ৰধান, সেয়েহে ৰাষ্ট্ৰপতিৰ নামতে ভাৰতৰ শাসন পৰিচালনা কৰা হয়। শাসন সংক্ৰান্তীয় সকলো ক্ষমতা তেওঁৰ হাতত ন্যস্ত কৰা হৈছে। তেওঁ প্ৰধান মন্ত্ৰীক আৰু প্ৰধান মন্ত্ৰীৰ পৰামৰ্শক্ৰমে অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁৰ ওচৰৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলে শপত গ্ৰহণ কৰিব লাগে। তেওঁ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শক্ৰমে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল, উপ-ৰাজ্যপাল আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলক নিয়োগ কৰে। তেওঁ এই বিষয়াসকলক পদচ্যুত কৰিব পাৰে। ৰাষ্ট্ৰপতি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শাসনৰ বাবে দায়ী। আন্তৰ্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ প্ৰতিনিধিত্ব কৰে আৰু বিভিন্ন ৰাষ্ট্ৰত ৰাষ্ট্ৰদূত নিয়োগ কৰে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক। তেওঁ উচ্চপদস্থ সামৰিক বিষয়াসকলক নিয়োগ কৰে। ৰাষ্ট্ৰপতিৰ নামতে যুদ্ধ ঘোষণা আৰু শান্তি স্থাপন হয়। ৰাষ্ট্ৰপতিয়ে প্ৰশাসনীয় যিকোনো বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰা খয়ৰ বিচাৰিব পাৰে। অংগ ৰাজ্যসমূহৰ শাসনৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতিৰ ভূমিকা আছে। ৰাজ্যপালসকলে তেওঁৰ প্ৰতিনিধি হিচাপে ৰাজ্যৰ শাসন পৰিচালনা কৰে।[3]

আইন বিষয়ক ক্ষমতা[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতি সংসদৰ এটি অংশ; কিন্তু তেওঁ কোনো সদনৰে সদস্য নহয়। তেওঁৰ সন্মতি অবিহনে কোনো বিল আইনত পৰিণত হ’ব নোৱাৰে। তেওঁ কোনো বিলত সন্মতি দিবও পাৰে বা নিদিবও পাৰে। ৰাষ্ট্ৰপতিয়ে কোনো বিল পুনৰ্বিবেচনাৰ কাৰণে ওভোটাই পঠিয়াব পাৰে। কিন্তু সংসদে পুনৰ বিলখন পাছ কৰিলে তেওঁ তাত স্বাক্ষৰ কৰিবলৈ বাধ্য। ৰাজ্যপালে কোনো বিল ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিয়াব পাৰে। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ১২ জন সদস্য মনোনীত কৰিব পাৰে। তেওঁ লোকসভালৈ দুজন ইংগ-ভাৰতীয় সদস্য মনোনীত কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান কৰে আৰু ইয়াৰ উদ্বোধনী সভাত ভাষণ দিয়ে। সংসদৰ উভয় সদনৰ অধিৱেশন মুলতুবী ৰখা বা নিম্নসদন ভাঙি দিয়াৰ ক্ষমতাও ৰাষ্ট্ৰপতিৰ আছে। সংসদ অধিৱেশনত নাথাকিলে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰী কৰিব পাৰে। তেওঁ সংসদলৈ বাণী পঠিয়াব পাৰে। কিছুমান বিল ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে সংসদত উত্থাপন কৰিব পৰা নাযায়।

অৰ্থ সংক্ৰান্তীয় ক্ষমতা[সম্পাদনা কৰক]

কোনো অৰ্ধ বিল লোকসভাত উত্থাপন কৰিবলৈ হ’লে ৰাষ্ট্ৰপতিৰ অনুমতিৰ প্ৰয়োজন। ৰাষ্ট্ৰপতিয়ে আৰ্থিক বছৰৰ আয়-ব্যয়ৰ প্ৰস্তাৱ সংসদত উত্থাপন কৰাৰ ব্যৱস্থা কৰে। অৰ্থবিলত তেওঁৰ সন্মতি প্ৰয়োজন। কোনো অৰ্থবিল তেওঁ সংসদলৈ পুনৰ্বিবেচনাৰ বাবে ওভোতাই পঠিয়াব নোৱাৰে। অনিশ্চিত ব্যয়ৰ ৰাষ্ট্ৰপতিৰ অধীনত এটি তহবিল আছে। ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰে। ইয়াৰ পৰামৰ্শক্ৰমে তেওঁ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৰাজহ ভাগ কৰি দিয়ে। ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ হিচাপ ৰখাৰ বাবে নিয়ন্ত্ৰক আৰু মহাগণনা পৰীক্ষক নিয়োগ কৰে। তেওঁৰ অনুমতিক্ৰমে সংসদত অনুপূৰক বাজেট উত্থাপন কৰিব পাৰে।[3]

ন্যায়িক ক্ষমতা[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতিয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আৰু উচ্চ ন্যায়ালয়বিলাকৰ বিচাৰকসকলক নিয়োগ কৰে। সংসদৰ প্ৰস্তাৱক্ৰমে তেওঁ এই বিচাৰকসকলক পদচ্যুত কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ ক্ষমা প্ৰদৰ্শন ক্ষমতা আছে। তেওঁ দণ্ডাজ্ঞা হ্ৰাস কৰিব পাৰে।

জৰুৰী ক্ষমতাসমূহ[সম্পাদনা কৰক]

ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিক কিছুমান জৰুৰী ক্ষমতা প্ৰদান কৰিছে।

  • জাতীয় জৰুৰী অৱস্থা ঘোষণা
  • ৰাজ্যৰ সাংবিধানিক অচলাৱস্থাৰ বাবে জৰুৰী অৱস্থা
  • অৰ্থসংক্ৰান্তীয় জৰুৰী অৱস্থা।

অন্যান্য ক্ষমতা[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতিয়ে জনস্বাৰ্থৰ বাবে উচ্চতন ন্যায়ালয়ৰ পৰামৰ্শ ল’ব পাৰে। ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগ সম্পৰ্কে নিয়মাৱলী ৰচনা কৰিব পাৰে। জন্মু আৰু কাশ্মীৰৰ প্ৰশাসন সম্পৰ্কে ৰাষ্ট্ৰপতিক বিশেষ ক্ষমতা দিয়া হৈছে। তেওঁ হিন্দী ভাষাৰ প্ৰচলনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিব পাৰে।[3]

ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্যাদা[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ প্ৰধান, কিন্তু শাসনৰ প্ৰধান নহয়। তেওঁ জাতিক প্ৰতিনিধিত্ব কৰে। কিন্তু জাতিক শাসন নকৰে। ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা প্ৰধান মন্ত্ৰীৰ নেতৃত্বত গঠিত হোৱা মন্ত্ৰীসভাই ব্যৱহাৰ কৰে। সেয়েহে তেওঁক ভাৰতৰ নিয়মতান্ত্ৰিক শাসক বোলা হয়। তেওঁৰ নামত মন্ত্ৰীসভাই সকলো সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনত ৰাষ্ট্ৰপতিৰ ভূমিকা হ’ল এটি আনুষ্ঠানিক যন্ত্ৰৰ দৰে। তেওঁৰ নামত ৰাষ্ট্ৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হয়।

ৰাষ্ট্ৰপতিৰ হাতত সংবিধানে ব্যাপক ক্ষমতা ন্যস্ত কৰিলেও বাস্তৱত মন্ত্ৰীসভাৰ পৰামৰ্শ অনুযায়ী তেওঁ এই ক্ষমতা প্ৰয়োগ কৰে। তেওঁ মন্ত্ৰীসভাক উপদেশ দিব পাৰে বা উৎসাহিত কৰিব পাৰে। ৰাষ্ট্ৰপতি পদ এটি সন্মানৰ পদ, কাৰণ তেওঁৰ স্থান আমাৰ শাসন ব্যৱস্থাৰ শিখৰত অৱস্থিত। কিন্তু তেওঁৰ প্ৰকৃত ক্ষমতা নাই। ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত সকলো ক্ষমতা মন্ত্ৰীসভাই প্ৰয়োগ কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠ ব্যক্তিয়ে ভালেমান আইনগত বিশেষ অধিকাৰ লাভ কৰে। নিজৰ পদৰ দায়িত্ব পালন কৰোতে কোনো কামৰ বাবেই তেওঁ কোনো আদালতৰ ওচৰত দায়বদ্ধ বা জৱাবদেহী হ’ব নালাগে। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ উপৰিও কোনো ফৌজদাৰী মোকৰ্দমা চলাব পৰা নাযায়। তেওঁক গ্ৰপ্তাৰ কৰিব বা কাৰাগাৰতো ৰাখিব নোৱাৰি। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কোনো দেৱানী মোকৰ্দমা তৰিবলৈ হ’লে দুমাহ আগেয়ে লিখিত জাননী দিয়াৰ পিছতহে তেনে মোকৰ্দমা তৰিব পৰা যায়।[3]

ৰাষ্ট্ৰপতি শাসন[সম্পাদনা কৰক]

যদি কোনো ৰাজ্যৰ ৰাজ্যপালে দিয়া সূচনাৰ ভিত্তিত নাইবা ৰাষ্ট্ৰপতিয়ে বিশ্বস্তসূত্ৰে নিশ্চিত হয় যে ৰাজ্যখনত সাংবিধানিক ব্যৱস্থা ভঙ্গ হৈ যোৱা হেতুকে ৰাজ্যৰ শাসন ব্যৱস্থা সংবিধানৰ বিধি-বিধানমতে চলাব নোৱাৰি তেন্তে ৰাষ্ট্ৰপতিয়ে এটি অধিসূচনাৰ জৰিয়তে ৰাজ্যখনৰ শাসনকাৰ্য চলোৱাৰ সকলো অধিকাৰ নিজৰ হাতলৈ নিব পাৰে। ৰাষ্ট্ৰপতিয়ে সাংসদক ৰাজ্যৰ বিধায়নী ক্ষমতা অৰ্পণ কৰে। ৰাষ্ট্ৰপতিৰ অধিসূচনাটো সংসদৰ দুয়োখন সদনতে উত্থাপন কৰা হয়। কিন্তু দুমাহৰ ভিতৰত দুয়োসদনে সেই অধিসূচনাৰ প্ৰতি অনুমোদন নজনালে অধিসূচনাটো প্ৰভাৱহীন অৰ্থাৎ বাতিল হয়। অধিসূচনা ছমাহলৈকে কাৰ্যকৰী হয়। কিন্তু ছয়মাহৰ বাবে পুনৰ তাক বঢ়াব পৰা যায়। পিছে যিকোনো পৰিস্থিতিতে তিনিবছৰতকৈ অধিক সময়ৰ বাবে কোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ বা প্ৰৱৰ্তন কৰিব নোৱাৰি। কোনো ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন হ’লে ৰাজ্যৰ সকলো ধৰণৰ বৈধানিক (আইন প্ৰণয়ন) কাৰ্য সংসদে নকৰে। সেই ৰাজ্যৰ বাজেট আৰু খৰছ আদিও সংসদে অনুমোদন কৰিব লাগে।[3]

ভাৰতৰ ৰাষ্ট্ৰপতিসকল[সম্পাদনা কৰক]

ক্ৰম নাম কাৰ্যকালৰ আৰম্ভণি কাৰ্যকালৰ সমাপ্তি টোকা
ৰাজেন্দ্ৰ প্ৰসাদ ২৬ জানুৱাৰী ১৯৫০ ১৩ মে ১৯৬২
সৰ্বপল্লী ৰাধাকৃষ্ণন ১৩ মে ১৯৬২ ১৩ মে ১৯৬৭
জাকিৰ হুছেইন ১৩ মে ১৯৬৭ ৩ মে ১৯৬৯
বৰাহগিৰি ভেংকট গিৰি
(কাৰ্যবাহী ৰাষ্ট্ৰপতি)
৩ মে ১৯৬৯ ২০ জুলাই ১৯৬৯
মহম্মদ হিদায়তুল্লাহ
(কাৰ্যবাহী ৰাষ্ট্ৰপতি)
২০ জুলাই ১৯৬৯ ২৪ আগষ্ট ১৯৬৯
বৰাহগিৰি ভেংকট গিৰি ২৪ আগষ্ট ১৯৬৯ ২৪ আগষ্ট ১৯৭৪
ফখৰুদ্দিন আলি আহমেদ ২৪ আগষ্ট ১৯৭৪ ১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭
বাসাপ্পা দানাপ্পা জাত্তি
(কাৰ্যবাহী ৰাষ্ট্ৰপতি)
১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭ ২৫ জুলাই ১৯৭৭
নীলম সঞ্জীৱ ৰেড্ডি ২৫ জুলাই ১৯৭৭ ২৫ জুলাই ১৯৯২
১০ জৈল সিং ২৫ জুলাই ১৯৮২ ২৫ জুলাই ১৯৯৭
১১ আৰ ভেঙ্কটৰমন ২৫ জুলাই ১৯৮৭ ২৫ জুলাই ১৯৯২
১২ শঙ্কৰ দয়াল শৰ্মা ২৫ জুলাই ১৯৯২ ২৫ জুলাই ১৯৯৭
১৩ কে আৰ নাৰায়ণন ২৫ জুলাই ১৯৯৭ ২৫ জুলাই ২০০২
১৪ এ. পি. জে. আব্দুল কালাম ২৫ জুলাই ২০০২ ২৫ জুলাই ২০০৭
১৫ প্ৰতিভা দেৱী সিং পাটিল ২৫ জুলাই ২০০৭ ২৫ জুলাই ২০১২
১৫ প্ৰণৱ মুখাৰ্জী ২৫ জুলাই ২০১২ ২৫ জুলাই ২০১৭
১৬ ৰাম নাথ কোৱিন্দ ২৫ জুলাই ২০১৭ বৰ্তমানলৈ

জীৱিত অৱস্থাত থকা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিসকল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "President okays her own salary hike by 300 per cent". The Indian Express. 3 January 2009. http://www.indianexpress.com/news/president-okays-her-own-salary-hike-by-300-p/406240/। আহৰণ কৰা হৈছে: 6 May 2012. 
  2. 2.0 2.1 2.2 ভাৰতৰ সংবিধান
  3. 3.0 3.1 3.2 3.3 3.4 3.5 এম. আব্দুল মজিদ খান (নৱেম্বৰ, ২০০২). ভাৰতৰ ৰাষ্ট্ৰপতিসকল (ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা ড০ কালামলৈ). বনলতা, ডিব্ৰুগড়. পৃষ্ঠা. ২, ৩, ৪ পৃষ্ঠা. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]