ভাৰত-চীন যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰত-চীন যুদ্ধ
China India Locator (1959).svg
ভাৰত-চীন যুদ্ধ ভাৰত আৰু চীনৰ মাজত সংঘটিত হৈছিল
তাৰিখ ২০ অক্টোবৰ[1] - ২১ নৱেম্বৰ ১৯৬২
অৱস্থান আক্সাই চিন আৰু নেফা
ফলাফল নিৰ্দ্ধাৰক চীনা বিজয়
অধিকৃত অঞ্চলৰ
পৰিৱৰ্তনসমূহ
আক্সাই চিন ভাৰতৰ দখলৰপৰা চীনৰ দখললৈ গ'ল
যুজাৰু
 ভাৰত  চীন
কমাণ্ডাৰ আৰু দলপতিসকল
ভাৰত বৃজমোহ কৌল
ভাৰত সৰ্বপল্লী ৰাধাকৃষ্ণন
ভাৰত জৱাহৰলাল নেহৰু
ভাৰত ভি কে কৃষ্ণ মেনন
ভাৰত জেনেৰেল প্ৰাণ নাথ থাপৰ
চীন লুঅ' ৰুইচিং (chief of PLA staff)[2]
চীন ঝাং গুৱ'হুৱা (field commander)[3]
চীন মাও চে টুং
চীন লিউ বচেং
চীন লিন বিয়াঅ'
চীন ঝৌ এনলাই
সৈন্য শক্তি
১০০০০-১২০০০ ৮০০০০[4][5]
ক্ষয়ক্ষতিৰ পৰিমাণ
১৩৮৩ নিহত[6]
১০৪৭ আহত[6]
1,696 missing[6]
3,968 captured[6]
৭২২ নিহত[6]
১৬৯৭ আহত[6][7]

ভাৰত-চীন যুদ্ধ বা ভাৰত-চীন সীমা বিবাদ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত এখন যুদ্ধ। বিবাদেৰে আৱৰা হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মূল কাৰণ। পিচে অন্য কিছু কাৰণো এই যুদ্ধৰ বাবে দায়ী। ভাৰতে দালাই লামাক সহযোগ কৰাৰ পাছত ১৯৫৯ চনত হিংসুক তিব্বতীয় আন্দোলন গঢ় লৈ উঠিছিল। ভাৰতে ফৰ্ৱাৰ্ড পলিচী (Forward Policy) গ্ৰহণ কৰিলে আৰু মেক-মহান ৰেখাৰ বহু উত্তৰে, চীনা প্ৰধানে দাবী কৰা লাইন অৱ কণ্ট্ৰলৰ (Line of Control) পূব দিশে সেনাৰ ঘাটি স্থাপন কৰিলে ১৯৫৯ চনত।

৩২২৫ কিলোমিটাৰ দীঘল এই সীমাৰ[8] বিবাদৰ বাবে ১৯৬২ চনৰ ২০ অক্টোবৰত চীনে লাডাখত, মেক-মহান ৰেখাৰ পাৰে আক্ৰমণ কৰে। দুয়ো দিশে আগ বাঢ়ি আহি চীনে পশ্চিমে চুশ্বুলুঙৰ ৰেজাং লা আৰু পূবে তাৱাং দখল কৰে। ১৯৬২ চনৰ ২০ নৱেম্বৰত যুদ্ধ সমাপ্ত হয় যেতিয়া চীনে যুদ্ধ বিৰতি ঘোষণা কৰে।

ভাৰত-চীনৰ এই যুদ্ধ নিষ্ঠুৰ পৰ্বতীয় যুদ্ধ পৰিস্থিতিৰ বাবে উল্লেখনীয়। যুদ্ধৰ অধিকাংশ ৪০০০ মিটাৰৰো অধিক উচ্চতাত সংঘটিত হৈছিল[9]। আন এক উল্লেখনীয় তথ্য হ'ল যে ভাৰত আৰু চীন উভয়ে জল সেনা আৰু বায়ু সেনাৰ প্ৰয়োগ কৰা নাছিল।

স্থান[সম্পাদনা কৰক]

চীন আৰু ভাৰতৰ সীমা দীঘলীয়া যি নেপাল, ছিক্কিম (তেতিয়া ভাৰতৰ দ্বাৰা সংৰক্ষিত এক অঞ্চল) আৰু ভূতানৰ দ্বাৰে তিনি ভাগত বিভক্ত। এই সীমাৰ দৈৰ্ঘ্য ম্যানমাৰৰপৰা তেতিয়াৰ পশ্চিম পাকিস্তানলৈকে। এই সীমাত কেইবাটাও বিবাদিত অঞ্চল আছে-- পশ্চিমে আক্সাই চিন, যি চুইজাৰলেণ্ডৰ সমান ডাঙৰ এক অঞ্চল আৰু য'ত চীনৰ ছিঞ্ছিয়াং আৰু তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ সদৰ আছে (তিব্বতে ১৯৬৫ চনত স্বায়ত্তশাসিত অঞ্চলৰ মৰ্যাদা লাভ কৰিছিল), পূবে (ভূতান আৰু ম্যান্মাৰৰ মাজত) অৰুণাচল প্ৰদেশ (পূৰ্বতে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি (North East Frontier Agency))। দুয়ো অঞ্চলেই চীনে ১৯৬২ চনত দখল কৰিছিল।

যুদ্ধৰ অধিকাংশই অতি উচ্চতাত অৱস্থিত স্থানত সংঘটিত হৈছিল। আক্সাই চিন ৫০০০ মিটাৰমানৰ উচ্চতাৰ এক ছল্ট ফ্লেটৰ মৰুভূমি। অৰুণাচল প্ৰদেশত ৭০০০ মিটাৰতকৈ অধিক উচ্চতাৰ কেইবাটাও শৃংগ আছে। চীনা সেনাই অঞ্চলটোৰ এক অতি উচ্চ স্থান দখল কৰিছিল। প্ৰথম বিশ্ব যুদ্ধৰ ইটালিয়ান কেম্পেইনৰ দৰেই এই যুদ্ধতো দুয়ো পক্ষৰেই বহু সৈনিক শত্ৰুৰ আক্ৰমণৰ পৰিবৰ্তে পৰিবেশৰ বাবেহে মৃত্যু মুখত পৰিছিল[10]

পটভূমি[সম্পাদনা কৰক]

Pre-Simla British map published in 1909 shows the so-called "Outer Line" as India's northern boundary

যুদ্ধৰ মূল কাৰণ আছিল আক্সাই চিন আৰু অৰুণাচলৰ সাৰ্বভৌমত্বক লৈ বিবাদ। ভাৰতে কাশ্মীৰৰ অংগ বুলি দাবী কৰা আৰু চীনা ছিঞ্ছিয়াঙৰ অংগ বুলি দাবী কৰা আক্সাই চিনৰ মাজেৰে তিব্বত আৰু ছিঞ্ছিয়াং সংযোগী এটি পথ আছে। চীনে এই পথ নিৰ্মাণ কৰা কাৰ্যয়ো যুদ্ধৰ আৰম্ভণিত অৰিহণা যোগালে বুলি ক'ব পাৰি।

আক্সাই চিন[সম্পাদনা কৰক]

The western portion of the disputed boundary.
The map given by Hung Ta-chen to the British consul at Kashgar in 1893. The boundary, marked with a thin dot-dashed line, matches the Johnson line.
Postal Map of China published by the Government of China in 1917

ভাৰত-চীন সীমাৰ পশ্চিম অংশ নিৰ্দ্ধাৰিত হ'ল ১৮৩৪ চনত, যেতিয়া শিখ মিচলে লাডাখত অভিযান চলালে। সেই সময়ত শিখ মিচলে জম্মু আৰু কাশ্মীৰকে ধৰি উত্তৰ ভাৰতৰ অধিকাংশ শাসন কৰিছিল। ১৮৪২ চনত শিখ মিচলে এক চুক্তি স্বাক্ষৰ কৰিছিল সেই সময়ত প্ৰচলিত সীমাৰ পক্ষে[11] ১৮৪৬ চনত ব্ৰিটিছসকলে শিখসকলক পৰাজিত কৰি লাডাখ দখল কৰিল। ব্ৰিটিছসকলে চীনা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ল সীমাৰ বিষয়ে আলোচনা কৰিবলৈ। পাঙং জলাশয় আৰু কাৰাকৰাম ঘাটৰ সীমা সুনিৰ্দ্দিষ্ট হ'লেও আক্সাই চিনৰ অঞ্চল বিবাদত আছিল[12]

ছাৰ্ভে' অৱ ইণ্ডিয়াৰ বিষয়া ডাব্লিউ এইচ জনছনে 'জনছন ৰেখা'ৰ প্ৰস্তাৱ ৰাখিলে, আক্সাই চিনক কাশ্মীৰৰ অংগ হিচাপে দেখুৱাই[13]। জনছনে এই ৰেখাৰ প্ৰস্তাৱ কাশ্মীৰৰ মহাৰাজৰ আগত ৰাখিলে আৰু মহাৰাজে নিৰ্দ্দিষ্ট ১৮০০০ বৰ্গ কিলোমিটাৰ দাবী কৰিলে[13]। জনছনৰ কৰ্মক অশুদ্ধ আখ্যা দিয়া হ'ল। তেওঁৰ সীমা ৰেখাক "patently absurd" (পেটেণ্টলি এবছাৰ্ড) আখ্যা দিয়া হ'ল আৰরু এই ৰেখাই ভাৰতে দাবী কৰাতকৈ বহু উত্তৰলৈকে মাটি দাবী কৰিছিল[9]। অনুমতি অবিহনে খাটানলৈ পাৰ হোৱা জনছনে ছাৰ্ভে'ৰপৰা পদত্যাগ কৰিল।[9][13][14] মহাৰাজে ছাহিদুল্লাহত (এতিয়াৰ ছাাইদুল্লা) সেনাৰ ঘাটি স্থাপন কৰি কেইবা বছৰলৈকে সংৰক্ষণ প্ৰদান কৰিছিল।[15] সেই স্থান ভ্ৰমণ কৰা ফ্ৰেঞ্চিছ য়ংহাছবেণ্ডৰ মতে ছাহিদুল্লাত এটি পুৰণি দুৰ্গ আছিল। তাত মানুহে বাস কৰা এটাও গৰ নাছিল। সেই স্থান কেৱল অঘৰী কিৰ্ঘিজ সকলে মঞ্চৰ ৰূপত ব্যৱহাৰ কৰিছিল।[16] দুৰ্গটো সম্ভৱতঃ কিছু বছৰ পূৰ্বে কাশ্মীৰীসকলে নিৰ্মাণ কৰিছিল।[17] ১৮৭৮ চনত চীনে ছিঞ্ছিয়াং পুনৰ দখল কৰিলে আৰু সমস্যা সমাধানৰ পূৰ্বেই ১৮৯০ চনত তেওঁলোকে ছাহিদুল্লা দখল কৰিলে।[13] ১৮৯২ চনৰ ভিতৰত চীনে কাৰাকৰাম ঘাটত সীমানিৰ্দ্ধাৰক চিহ্ন স্থাপন কৰিছিল।[9]

১৮৯৩ চনত কাছগাৰৰ উচ্চ পদস্থ চীনা বিষয়া হাং টা-চেনে কাছগাৰত ব্ৰিটিছ কনছাল জেনেৰেল (consul general) জৰ্জ মাকাৰ্টনিক চীনে প্ৰস্তাৱিত কৰা মানচিত্ৰৰ এক প্ৰতিলিপি প্ৰদান কৰিলে।[15] এই মানচিত্ৰৰ মতে লাক্টছাঙৰ দক্ষিণে অৱস্থিত লিংজি টাং ভাৰতৰ আৰু লাক্টছাঙৰ উত্তৰে অৱস্থিত আক্সাই চিনৰ মূল অংশ চীনৰ। মাকাৰ্টনিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু মানচিত্ৰ ব্ৰিটিছ ভাৰতীয় চৰকাৰক প্ৰদান কৰিলে। ১৮৯৯ চনত ব্ৰিটিছে মাকাৰ্টনি-মেকডনাল্ড ৰেখা নামৰ এই ৰেখাৰ প্ৰস্তাৱ চীনৰ আগত ৰাখিলে ছাৰ ক্লড মেকডনাল্ডৰ এক টোকাৰ জড়িয়তে।[9] ১৯১১ চনত ছিনহাই বিপ্লৱৰ ফলত চীনৰ শাসনভাৰ স্থানান্তৰিত হ'ল, আৰু প্ৰথম বিশ্বযুদ্ধৰ শেষলৈকে ব্ৰিটিছে আনুষ্ঠানিকভাৱে জনছন ৰেখা ব্যৱহাৰ কৰিছিল। পিচে তেওঁলোকে প্ৰকৃততে সেই ভূমি দখল কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।[9][13] নেভিল মেক্সৱেলৰ মতে ব্ৰিটিছে ১১খন পৰ্যন্ত ৰেখা ব্যৱহাৰ কৰিছিল কিয়নো ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগেই তেওঁলোকৰ দাবী সলনি হৈছিল।[18] ১৯১৭ চনৰপৰা ১৯৩৩ চনলৈকে চীনা পেকিং চৰকাৰে প্ৰকাশ কৰা প'ষ্টেল এটলাছ অৱ চাইনাই জনছন ৰেখা ব্যৱহাৰ কৰিছিল যি কুনলুন পৰ্বতমালাৰে যায়।[15][19] ১৯২৫ চনৰ পেকিং বিশ্ববিদ্যালয়ৰ এটলাছেও আক্সাই চিনক ভাৰতৰ অংগ হিচাপে প্ৰকাশ কৰিছিল।[20] ১৯৪৭ চনত স্বাধীনতা লাভ কৰোঁতে ভাৰত চৰকাৰে জনছন ৰেখা ব্যৱহাৰ কৰিছিল আৰু আক্সাই চিন ভাৰতৰ অংগ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃত হৈছিল।[9] ১ জুলাই ১৯৫৪ চনত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্পষ্টভাৱে ভাৰতৰ স্থিতি প্ৰকাশ কৰি কয়[14] যে কেইবাশ বছৰ ধৰি আক্সাই চিন ভাৰতৰ লাডাকৰ অন্তৰ্গত আৰু জনছন ৰেখাই নিৰ্দ্ধাৰণ কৰা সীমাৰ বিষয়ে কোনো আলোচনা কৰা নহয়।.[21] জৰ্জ এন পেটাৰ্ছনৰ মতে ভাৰতে যি সীমা বিষয়ক ৰিপ'ৰ্ট প্ৰকাশ কৰিছিল, সেই ৰিপ'ৰ্টত ব্যৱহৃত প্ৰমাণসমূহ সঠিক নাছিল।".[22]

১৯৫৬-৫৭ চনত চীনে ছিঞ্ছিয়াঙৰপৰা তিব্বতলৈ এক পথ নিৰ্মাণ কৰিলে, যি পথ বহু ঠাইত জনছন ৰেখাৰ দক্ষিণেৰে গৈছিল।[9][13][21] চীনাসকলৰ বাবে আক্সাই চিন সুগম আছিল। কিন্তু কাৰাকৰাম পৰ্বতৰ বাবে আক্সাই চিন ভাৰতীয়সকলৰ বাবে হৈ পৰিল অতিকৈ দুৰ্গম[21] ১৯৫৮ চনত প্ৰকাশিত চীনা মানচিত্ৰসমূহত এই পথ অন্তৰ্ভুক্ত কৰা হ'ল।[3]

মেকমহান ৰেখা[সম্পাদনা কৰক]

The McMahon Line is the red line marking the northern boundary of the disputed area.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Webster's Encyclopedic Unabridged Dictionary of the English language: Chronology of Major Dates in History, page 1686. Dilithium Press Ltd., 1989
  2. http://indianstrategicknowledgeonline.com/web/china%20decision%20for%201962%20war%202003.pdf China's Decision for War with India in 1962 John W. Garver
  3. 3.0 3.1 China's Decision for War with India in 1962 by John W. Garver at the Wayback Machine (archived March 26, 2009)
  4. H.A.S.C. by United States. Congress. House Committee on Armed Services — 1999, p. 62
  5. War at the Top of the World: The Struggle for Afghanistan, Kashmir, and Tibet by Eric S. Margolis, p. 234.
  6. 6.0 6.1 6.2 6.3 6.4 6.5 The US Army [1] says Indian wounded were 1,047 and attributes it to Indian Defence Ministry's 1965 report, but this report also included a lower estimate of killed.
  7. Mark A. Ryan; David Michael Finkelstein; Michael A. McDevitt (2003). Chinese warfighting: The PLA experience since 1949. M.E. Sharpe. পৃষ্ঠা. 188–. ISBN 978-0-7656-1087-4. https://books.google.com/books?id=PsoDGLNmU30C&pg=PA188। আহৰণ কৰা হৈছে: 14 April 2011. 
  8. "Indo-China War of 1962". http://www.globalsecurity.org/military/world/war/indo-prc_1962.htm. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 9.7 Calvin, James Barnard (April 1984). "The China-India Border War". Marine Corps Command and Staff College. http://www.globalsecurity.org/military/library/report/1984/CJB.htm। আহৰণ কৰা হৈছে: 2011-10-15. 
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Chushul নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. The Sino-Indian Border Disputes, by Alfred P. Rubin, The International and Comparative Law Quarterly, Vol. 9, No. 1. (Jan., 1960), pp. 96–125.
  12. Maxwell, Neville (9 September 2006). "Settlements and Disputes: China's Approach to Territorial Issues" (PDF). Economic and Political Weekly খণ্ড 41 (36): 3876. Archived from the original on 2006-10-01. https://web.archive.org/web/20061001145204/http://www.epw.org.in/articles/2006/09/10532.pdf। আহৰণ কৰা হৈছে: 2006-09-29. 
  13. 13.0 13.1 13.2 13.3 13.4 13.5 Mohan Guruswamy, Mohan, "The Great India-China Game", Rediff, June 23, 2003.
  14. 14.0 14.1 Noorani, A.G. (30 August – 12 September 2003). "Fact of History". Frontline (Madras: The Hindu group) খণ্ড 26 (18). http://frontlineonnet.com/fl2018/stories/20030912002104800.htm। আহৰণ কৰা হৈছে: 24 August 2011সাঁচ:Inconsistent citations 
  15. 15.0 15.1 15.2 Woodman, Dorothy (1969). Himalayan Frontiers. প্ৰকাশক London: Barrie & Rockliff, The Cresset Press. 
  16. Younghusband, Francis E. (1896). The Heart of a Continent. John Murray, London. Facsimile reprint: (2005) Elbiron Classics, pp. 223-224.
  17. Grenard, Fernand (1904). Tibet: The Country and its Inhabitants. Fernand Grenard. Translated by A. Teixeira de Mattos. Originally published by Hutchison and Co., London. 1904. Reprint: Cosmo Publications. Delhi. 1974, pp. 28-30.
  18. China and India: The Un-Negotiated Dispute. Neville Maxwell. The China Quarterly, No. 43. (Jul. – Sep., 1970), pp. 47–80.
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; middlepath নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  20. Fisher, Margaret W.; Rose, Leo E.; Huttenback, Robert A. (1963). Himalayan Battleground: Sino-Indian Rivalry in Ladakh. Praeger. http://www.questia.com/read/10466588. 
  21. 21.0 21.1 21.2 Maxwell, Neville (1970). India's China War. প্ৰকাশক New York: Pantheon. http://www.scribd.com/doc/12249475/Indias-China-War-Neville-Maxwell। আহৰণ কৰা হৈছে: 17 October 2011. 
  22. George W. Patterson, Peking Versus Delhi, Frederick A. Praeger, Inc., 1963