নেফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১৯৬১ চনৰ নেফা, ৰঙা ৰঙৰ ৰেখাই অসমৰ সীমা বুজাইছে

উত্তৰ-পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী (চমুকৈ নেফা) আছিল ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক সমষ্টি। ১৯৭২ চনলৈ ই সংযুক্ত ভাৰতবৰ্ষৰ অংশ হিচাপে থাকে আৰু পিছত অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছিল আৰু পিছত ইটানগৰলৈ স্থানান্তৰিত কৰা হৈছিল।

ইতিহাস[সম্পাদনা কৰক]

১৯১৪ চনত পূৰ্বৰ ব্ৰিটিছ ভাৰতৰ অবিভক্ত দৰং আৰু লখিমপুৰ জিলাৰ কিছু জনজাতি-প্ৰধান অঞ্চল পৃথক কৰি নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্ট (এনইএফটি) গঠন কৰা হয়। প্ৰথমতে ইয়াক দুটা ভাগত ভাগ কৰা হৈছিল: মধ্য আৰু পুব অংশ (১৮৮২ চনত গঠিত ডিব্ৰুগড় ফ্ৰন্টিয়াৰ ট্ৰেক্ট আৰু দক্ষিণৰ কিছু অংশ সামৰি) আৰু পশ্চিম অংশ। প্ৰতিটো অংশ একোজন ৰাজনৈতিক বিষয়াৰ অধীনত আছিল। ১৯১৯ চনত মধ্য আৰু পুব অংশক শদিয়া ফ্ৰন্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম অংশটোক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট হিচাপে নামাকৰণ কৰা হয়। ১৯৩৭ চনত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত শদিয়া আৰু বালিপাৰা ফ্ৰন্টিয়াৰ ট্ৰেক্ট আৰু লগতে অসমৰ লখিমপুৰ ফ্ৰন্টিয়াৰ ট্ৰেক্ট (১৯১৯ চনতে গঠিত)-ক লগ লগাই অসম প্ৰদেশৰ বহিৰ্ভূত অঞ্চল নাম দিয়া হয়। ১৯৪৩ চনৰ এক নং অধিনিয়ম মতে (নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্ট (আভ্যন্তৰীণ শাসন) অধিনিয়ম ১৯৪৩) শদিয়া আৰু লখিমপুৰ ফ্ৰন্টিয়াৰ ট্ৰেক্টৰ কিছু অংশ থুপ খুৱাই টিৰাপ ফ্ৰন্টিয়াৰ ট্ৰেক্ট গঠন কৰা হয়। ১৯৪৬ চনত বালিপাৰা ফ্ৰন্টিয়াৰ ট্ৰেক্টক আকৌ দুটা ভাগত ভাগ কৰা হয়: ছেলা উপ-অঞ্চল আৰু সুৱণশিৰি অঞ্চল।[1]

১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত এনইএফটি অসমৰ অন্তৰ্ভুক্ত হৈ পৰে। ১৯৪৮ চনত শদিয়া ফ্ৰন্টিয়াৰ ট্ৰেক্টক আবৰ পাৰ্বত্য জিলা আৰু মিছিমি পাৰ্বত্য জিলা- এই দুটা ভাগত ভগোৱা হয়। ১৯৫০ চনত পাৰ্বত্য অঞ্চল সমূহৰ সমতল অংশ অসম ৰাজ্যিক চৰকাৰৰ হাতলৈ স্থানান্তৰ কৰা হ্য় আৰু বাকী অংশ অসমৰ জনজাতীয় অঞ্চল হিচাপে চিহ্নিত হয় (ভাৰতীয় সংবিধানৰ ষষ্ঠ অধ্যায়ৰ বিশ নম্বৰ দফাত থকা তালিকাৰ খ-অংশৰ অধীনত)। ১৯৫১ চনত বালিপাৰা ফ্ৰন্টিয়াৰ ট্ৰেক্ট, টিৰাপ ফ্ৰন্টিয়াৰ ট্ৰেক্ট, আবৰ পাৰ্বত্য জিলা, মিছিমি পাৰ্বত্য জিলা আৰু নগা জনজাতীয় এলেকা সমূহক লগ লগাই নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী বা নেফা নাম দিয়া হয়।[2]

১৯৫৪ চনৰ ২৬ জানুৱাৰীত আকৌ ছটা সীমান্ত অঞ্চলত ভাগ কৰা হয়: কামেং (পূৰ্বৰ ছেলা উপ-অঞ্চল), সোৱণশিৰি (পূৰ্বৰ সোৱণশিৰি অঞ্চল), টিৰাপ (পূৰ্বৰ টিৰাপ ফ্ৰন্টিয়াৰ ট্ৰেক্ট), ছিয়াং (পূৰ্বৰ আবৰ পাৰ্বত্য জিলা), লোহিত (পূৰ্বৰ মিছিমি পাৰ্বত্য জিলা) আৰু টুৱেনছাং। ১৯৫৭ৰ ডিচেম্বৰৰ ১ তাৰিখে টুৱেনছাঙক পৃথক কৰি নৱগঠিত নগা পাৰ্বত্য জিলাৰ লগত লগ লগাই নগা পাৰ্বত্য-টুৱেনছাং অঞ্চল গঠন কৰা হয়। ১৯৬৫ চনৰ এক আগষ্টত এই অঞ্চলত শাসনভাৰ বহিঃ-পৰিক্ৰমা বিভাগৰ পৰা গৃহ-বিভাগলৈ হস্তান্তৰ কৰা হয়। ফলস্বৰূপে ১ ডিচেম্বৰত বাকী পাঁচটা অঞ্চল (কামেং, সোৱণশিৰি, ছিয়াং, লোহিত আৰু টিৰাপ) পাঁচখন জিলা হিচাপে ঘোষিত হয়। এই জিলাসমূহৰ শাসনৰ বাবে ৰাজনৈতিক বিষয়াৰ ঠাইত উপ-আয়ুক্ত নিযুক্ত কৰা হয়। ১৯৬৭ চনত উন্নত শাসনব্যৱস্থাৰ বাবে এক সমিতি গঠন কৰা হয়। ১৯৭২ চনলৈকে নেফা অসমৰ অংশ হৈ থাকে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসমৰ ৰাজ্যপালৰ জৰিয়তে পোনপটীয়াভাৱে ইয়াৰ শাসনকাৰ্য চলাই। ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে নেফা অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰে যাৰ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • Bose, Manilal (1997). History of Arunachal Pradesh, New Delhi: Concept Publishing Company, ISBN 81-7022-665-1.