বমডিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বমডিলা
—  নগৰ  —
বমডিলা
বমডিলাৰ অৱস্থান
অৰুণাচল প্ৰদেশ আৰু ভাৰত
স্থানাঙ্ক 27°15′N 92°24′E / 27.25°N 92.4°E / 27.25; 92.4
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা পশ্চিম কামেং
জনসংখ্যা 8,370[1] (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


2,415 m (7,923 ft)

ক'ড
  • • যান-বাহনৰ নম্বৰ • AR

বমডিলা (Bomdila) উত্তৰ-পূব ভাৰতপশ্চিম কামেং জিলাৰ সদৰ ঠাই৷ অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ভিতৰত বমডিলা অন্যতম৷ এই নগৰখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটনৰ ক্ষেত্ৰত এক আকৰ্ষণীয় ঠাই৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

বমডিলা ২৭.২৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.৪ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত৷[2] এই নগৰখনৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ২৪১৫ মিটাৰ (৭৯২৩ ফুট)৷

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি বমডিলাৰ মুঠ জনসংখ্যা ৮,৩৭০ জন৷ ইয়াৰে ৫২.২% পুৰুষ আৰু ৪৭.৮% মহিলা৷[1] নগৰখনৰ সাক্ষৰতাৰ হাৰ ৬৭.৯% য’ত পুৰুষৰ হাৰ ৭৩.৩% আৰু মহিলাৰ ৬২%৷ বমডিলাৰ ১১.১% লোক ছয় বছৰৰ অনুৰ্দ্ধৰ৷[3]

বমডিলাৰ সংখ্যাগৰিষ্ঠ লোক মনপা, শ্বেৰডুকপেন (Sherdukpen), মিজি (Miji), বুগুন (Bugun) আৰু আকা (Aka) জনজাতিৰ৷

পৰ্য্যটন[সম্পাদনা কৰক]

বমডিলা নগৰ
উপায়ুক্তৰ কাৰ্যালয়, বমডিলা

বমডিলাৰ কাষতে ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৱস্থিত৷ অন্যান্য আকৰ্ষণৰ ভিতৰত বমডিলাৰ পাছৰ পৰা দেখা পোৱা অৰুণাচলৰ সৰ্বোচ্চ শৃংগ কাংট’ (Kangto) আৰু গ’ৰিচেন (Gorichen Peak)-ৰ দৃশ্য, তিব্বতীয় মনেষ্টেৰী আৰু আপেলৰ ফাৰ্ম আদি উল্লেখযোগ্য৷ এই নগৰৰ অনুন্নত ঘাইপথ আৰু যাতায়ত ব্যৱস্থাৰ বাবে পৰ্য্যটনৰ এতিয়াও সম্পূৰ্ণ বিকাশ হোৱা নাই৷

প্ৰচাৰ মাধ্যম[সম্পাদনা কৰক]

বমডিলাৰ অল ইণ্ডিয়া ৰেডিঅ’ ৰ এটা শাখা ’আকাশবাণী বমডিলা’ অৱস্থিত৷ এই ৰেডিঅ’ই বিভিন্ন এফ এম ফ্ৰিকুৱন্সিত প্ৰচাৰ কৰে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]