সমললৈ যাওক

মালিনী থান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালিনী থান

মালিনী থানৰ ধ্বংসাৱশেষ
স্থান
দেশ ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ (পূৰ্বৰ চুতীয়া ৰাজ্য)
জিলা পশ্চিম ছিয়াং জিলা
এলেকা লিকাবালি
স্থানাংক 27°39′24″N 94°42′21″E / 27.65667°N 94.70583°E / 27.65667; 94.70583স্থানাংক: 27°39′24″N 94°42′21″E / 27.65667°N 94.70583°E / 27.65667; 94.70583
ৱেবছাইট arunachalpradesh.gov.in

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। প্ৰতি বছৰে এই প্ৰৱিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায়। এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূহে ইয়াক ১৩-১৪ শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতিয়মান কৰিছে।[1][2][3][4][5][6] মন্দিৰৰ শিলত উদ্ধাৰ হোৱা কিছুমান বিশেষ চিহ্ন[7] পুৰ্বৰ চুতীয়া ৰাজ্যৰ অন্য ঠাই যেনে শদিয়াৰ তাম্ৰেশ্বৰী, বুঢ়া-বুঢ়ী থান, নক্সাপৰ্বত, ইত্যাদিত দেখা পোৱা যায়।[8] ইয়াৰ ভিতৰতে তাম্ৰেশ্বৰীৰ চিহ্ন বোৰ ১৪৪২ খৃষ্টাব্দত চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে নিৰ্মাণ কৰা দেৱালত দেখা পোৱা গৈছিল।[9] গতিকে ইয়াৰ পৰা ধৰিব পাৰি যে মালিনী থানখনো এইকেইটা বংশৰে পুৰ্বৰ ৰজা এজনে নিৰ্মাণ কৰাইছিল।[10] উল্লেখযোগ্য যে ১০ শতিকাত লিখা কালিকা পুৰাণত তাম্ৰেশ্বৰী মন্দিৰৰ বিষয়ে আছে যদিও মালিনী থানৰ কথা‌ পোৱা নাযায়।

মালিনী থানৰ মূল মন্দিৰৰ ধ্বংসাৱশেষ়

মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই ‌থান ১৩-১৪ শতিকাৰ মাজত চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা‌ যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তি পীঠ।[11]‌ উল্লেখযোগ্য যে চুতীয়া ৰজা সকলে নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰবৰ্তী কালত এই থান খনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ লোক বিশ্বাস জড়িত হয়।

নিৰ্মাণ শৈলী

[সম্পাদনা কৰক]

খনন কাৰ্য্যৰ ফলত মালিনী থান মন্দিৰৰ তিনিটা গৃহ উদ্ধাৰ হৈছিল। ইয়াৰে ভিতৰত দুটা গৃহ মুখ্য মন্দিৰ স্থলত অৱস্থিত আৰু তৃতীয়তো সেই স্থলৰ পৰা উত্তৰ-পশ্চিম দিশত অৱস্থিত। মন্দিৰৰ শিল বোৰ লোহাৰৰ বযটি লগাই জোৰা লগোৱা হৈছিল। এই তিনিওটা গৃহৰ উত্তৰত নন্দিৰ মূৰ্তি এটা ৰখা হৈছিল। এই ঠাইত উদ্ধাৰ হোৱা আন মূৰ্তি বোৰৰ ভিতৰত উল্লেখনীয় হৈছে দুৰ্গা, শিৱ, লক্ষ্মী, সৰস্বতী, সূৰ্য্য, গণপতি, ইন্দ্ৰ আৰু ব্ৰহ্মা।

=চিত্ৰ বিথিকা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Sarma, P.C.A study of the temple architecture of Assam from the Gupta period to the end of the Ahom rule: Chutiya architecture, p. 205
  2. Choudhury, R.D, Heritage of Architecture of Assam, p.5
  3. (Bose 1997:43)
  4. Sengupta, Gautam, Archeology in Northeast India, p.359
  5. Thakur, A.K, Pre-historic Archeological Remains of Arunachal Pradesh and People's perception: An Overview, p.6
  6. "Malinithan Temple, Malinithan Temple Delhi, Malinithan Temple in India". Indianmirror.com. http://www.indianmirror.com/temples/malinithan-temple.html। আহৰণ কৰা হৈছে: 2013-03-23. 
  7. Thakur, A.K, Pre-historic Archeological Remains of Arunachal Pradesh and People's perception: An Overview, p.6
  8. "The probability is that these ruins are the traces of as Hindu or Hinduised dynasty of local rulers who ruled over a kingdom confined to the north bank of Brahmaputra and extending from Burai in the west to Sadiya in the east. This dynasty is evidently the line of Chutia kings who assumed the surname Pala" Barua, K.L An Early History of Kamrupa 1933, p. 271.
  9. Hannay, S.F, Journal of the Asiatic society of Bengal 1848, p.467.
  10. "If architectural continuity is admitted between the fortifications in the Sadiya region and the Burai river ruin site, it would be possible to believe that the kingdom of these rulers(Chutia) extended as far as the outer limit of Darrang district." Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.218
  11. Goyal, Anuradha (2011-11-19). "Anuradha Goyal Travels: Malinithan By J C Dutta". Anuradhagoyal.blogspot.com. Archived from the original on 2012-02-03. http://anuradhagoyal.blogspot.com/2011/11/malinithan-by-j-c-dutta.html। আহৰণ কৰা হৈছে: 2013-03-23. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]