চুতীয়া ৰাজ্য
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
চুতীয়া সাম্ৰাজ্য সধয়া/স্বধয়া
| |
|---|---|
| ১১৮৭–১৫২৪
| |
|
| |
চুতীয়া ৰাজ্যৰ মানচিত্ৰ
| |
| ৰাজধানী | সধয়াপুৰ/স্বধয়াপুৰ |
| সাধাৰণ ভাষা | চুতীয়া ভাষা (ৰাজকীয়) অসমীয়া (ৰাজ্যিক) |
| ধৰ্ম | জনজাতীয় তান্ত্ৰিক (ৰাজকীয় আৰু প্ৰজা) হিন্দু (একাংশ প্ৰজা) |
| Government | ৰাজতন্ত্ৰ |
| সধেয়াধিপতি (নাৰায়ণ/পাল) | |
• ১১৮৭-১২২০ |
বীৰপাল/গয়াপাল |
• ১২৩০-১২৬০ |
ৰত্নধ্বজপাল/গৌৰী নাৰায়ণ |
• ১৫২০-১৫২২ |
ধৰ্মধ্বজপাল/ধীৰনাৰায়ণ |
• ১৫২২-১৫২৪ |
নীতিপাল/চন্দ্ৰ নাৰায়ণ(অন্তিম) |
| ইতিহাস | |
• Established |
১১৮৭ |
• Disestablished |
৭ বহাগ ১৫২৪ |
চুতীয়া ৰাজ্য (ইংৰাজী: Sutiya kingdom) আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই নদী[1][2][3] আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এখন বৃহৎ মধ্যযুগৰ ৰাজ্য[4]। এই ৰাজ্য বৰ্তমানৰ অসমৰ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, বিশ্বনাথ, মাজুলী জিলাকে ধৰি শিৱসাগৰ জিলাৰ এটা অংশ আৰু অৰুণাচল প্ৰদেশৰ ভৈয়াম আৰু দাতিকাষৰীয়া অঞ্চলত বিয়পি আছিল। ইতিহাসবিদ সকলৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ মধ্যযুগৰ সকলো ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যখনে আটাইতকৈ উন্নত আৰু প্ৰগতিশীল ৰাজ্য আছিল।[5] কামৰূপৰ ৰজা সকলৰ দৰে চুতীয়া ৰজা সকলৰো প্ৰত্যেকখন তামৰ ফলিত গনেশৰ নামেৰে আৰম্ভ কৰা হৈছে।[6] চুতীয়া ৰজা সকলে নিজকে "অসুৰ" (সুৰ-ৰিপু)[7] আৰু "বিযুৎস্ব"[8] বংশৰ বুলি চিনাকি দিছিল। চুতীয়া শাসকসকলে পূব অসমৰ তিব্বত, ভূটান আৰু দক্ষিণ-পশ্চিম চীনৰ মাজত হোৱা বানিজ্য আৰু মানুহৰ চলাচল নিয়ন্ত্ৰণ কৰি ক্ষমতা বজাই ৰাখিছিল।[9][10]
১১৮৭ চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লয় চুতীয়া ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ পুত্ৰ গৌৰী নাৰায়ণে সকলো চুতীয়াক একত্ৰিত কৰি এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। উজনি অসমৰ শিৱসাগৰ(দক্ষিণ পাৰ) আৰু বিশ্বনাথ(উত্তৰ পাৰ) জিলাৰ পৰা আৰম্ভ কৰি পূব দিশত অৰুণাচলৰ পাহাৰৰ লৈকে এসময়ত চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। ইয়াৰ পিছত প্ৰায় সোতৰজন ৰজাই এই সাম্ৰাজ্য চলাইছিল। কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ-পূবত চুতীয়াসকল, পশ্চিম দিশে বাৰভূঞা আৰু কমতা ৰাজ্য ক্ষমতালৈ আহিছিল[11]।
১৪ শতিকাৰ শেষৰ ফালে চুতীয়া ৰজা সত্যনাৰায়ণে কামৰূপ আক্ৰমণ কৰা মুচলমান সকলক (সম্ভৱতঃ ১৩৮৯ত কামৰূপ দখল কৰা ঘিয়াছুদ্দিন শাহ) পৰাস্ত কৰি কমতাপুৰত ৰজা হৈছিল আৰু কামৰূপ ৰাজ্যৰ পতনৰ পাছত পোণপ্ৰথমবাৰৰ বাবে শদিয়াৰ পৰা উত্তৰ বংগৰ কৰতয়া নৈ লৈকে এখন বৃহৎ বৰ-কামৰূপ ৰাজ্য গঠন কৰিছিল[12] পাছলৈ আহোম চুতীয়া ৰণৰ অন্তত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু এই ৰাজ্যৰ ভুখণ্ড আহোম ৰাজ্যৰ অন্তৰ্গত হয়।
অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। চুতীয়া সকল কছাৰী গোষ্ঠীৰ লোক আছিল আৰু এটা সময়ত তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। চুতীয়া ৰাজ্যৰ ৰাজকীয় তথা ধৰ্মীয় ভাষা বৰ্তমানৰ দেউৰী ভাষা। বৃটিছৰ দিনত এই ভাষাক দেউৰী-চুতীয়া ভাষা বুলি কোৱা হৈছিল। সাম্প্ৰতিক কালত, চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।
চুতীয়া ৰাজ্যৰ অঞ্চল সমূহ
[সম্পাদনা কৰক]ৰাজধানী অঞ্চল
[সম্পাদনা কৰক]
চুতীয়া ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আৰু ৰাজধানী আছিল শদিয়া বা সধয়াপুৰ। চুতীয়া ৰজা সকলে নিজকে সধয়াপুৰেশ্বৰ বা সধয়াধিপতি বুলি চিনাকি দিছিল।[13] শদিয়াৰ কীৰ্তিচিহ্ন সমূহতো চুতীয়া ৰজাৰ নাম খোদিত আছে। এতিয়ালৈকে শদিয়া অঞ্চলত চুতীয়া যুগৰ তিনিখন নগৰ চিনাক্ত কৰা হৈছে: ভৈয়ামৰ বৰ-নগৰ আৰু দাতিকাষৰীয়া অঞ্চলৰ ৰূক্মীনী নগৰ (সম্ভৱতঃ বুৰঞ্জীৰ চন্দনগিৰি) আৰু ভীষ্মক নগৰ (সম্ভৱতঃ বুৰঞ্জীৰ থাঙগিৰি)। তাৰেই ভীষ্মক নগৰ আৰু ৰুক্মিণী নগৰৰ ইটাত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণ আৰু প্ৰত্যক্ষ নাৰায়ণৰ নাম খোদিত আছে[14]। তাম্ৰেশ্বৰী শালৰ ইটাৰ দেৱালখন চুতীয়া ৰজা মুক্ত-ধৰ্মনাৰায়ণে নিৰ্মাণ কৰাইছিল [15]।
উত্তৰ কূলৰ অঞ্চল
[সম্পাদনা কৰক]ব্ৰক্ষ্মপুত্ৰৰৰ উত্তৰ পাৰৰ সীমাৰ কথা বুৰঞ্জী সমূহত পোনপটীয়াকৈ উল্লেখ পোৱা নাযায়। তথাপিটো ঐতিহাসিক তথ্যৰ অনুসৰি ইতিহাসবিদ সকলে চুতীয়া ৰাজ্য ভৰালী বা দিকৰাই নৈ লৈকে বিস্তৃত আছিল বুলি মত প্ৰকাশ কৰে।[16][17][18] বুৰঞ্জী সমূহত উল্লেখ কৰা আছে যে চুতীয়া ৰাজ্য দখল কৰা পাছত ১৫২৭-২৯ চনত আহোম ৰজা চুহুংমুঙে ভৰালী নৈ পাৰ হৈ ৰাউতা-তেমনীৰ (আজিৰ দিনৰ দৰং-নগাঁৱৰ অঞ্চল) ভূঞা সকলক বস কৰিছিল[19]। ১৫২৬ চনত উত্তৰ কূলৰ ভৰালীৰ পূব অঞ্চল শাসন কৰিবলৈ প্ৰথমতে কনচেং ধনুধৰিয়া গোহাঁইক ভটিয়লিয়া গোহাঁই বা নামনিয়াল সন্দিকৈ হিচাপে নিযুক্তি দিয়ে। ১৫২৭ চনত কনচেঙক চাও চেংলুং বা বৰপাত্ৰ গোহাঁই পদবী দিয়া হয়। ১৫২৭ চনৰে আগ ভাগত বৰপাত্ৰ গোহাঁইক সহযোগ কৰিবলৈ চেঙপেম ধনুধৰিয়া গোহাঁইক থাওমুঙ কটক পাতি লখিমপুৰৰ ফুলবাৰীত থাকিবলৈ দিয়া হৈছিল। গতিকে এই সকলোবোৰ তথ্যৰ পৰা বুজিব পাৰি যে ভৰালী নদীৰ লৈকে চুতীয়া ৰাজ্য বিয়পি আছিল। ৰজা সত্যনাৰায়ণৰ দিনত বা তাৰো পাছৰ লৈকে এই পশ্চিম সীমা কমতাপুৰৰ লৈকে পাইছিল গৈ।
- লখিমপুৰ জিলা: বৰ্তমান লখিমপুৰৰ সোৱনশিৰি অঞ্চলতো চুতীয়া ৰাজ্যৰ অধীনত আছিল। চুতীয়া ৰজা সকলে সোৱণশিৰিৰ দুয়োপাৰে ব্ৰাহ্মণক ভূমিদান কৰিছিল। এই অঞ্চল পুৰণি কালত হাবুং বুলি জনা গৈছিল। ১৮ শতিকাত আহোম ৰাজ্য ভ্ৰমণ কৰা বৃটিছ বিষয়া ৱেডৰ মতে, সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলতো হাবুঙৰ অন্তগৰ্ত আছিল।[20] শদিয়াৰ চেপাখোৱা তামৰ ফলিত উল্লেখ থকাৰ মতে চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ আদেশত ১৪২৮ চনত হাবুঙাধিপতি বৃহৎ পাত্ৰয়েই ব্ৰাক্ষ্মণক ভূমিদান কৰিছিল[21][22]। চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ১৪০১ চনত সোৱণশিৰিৰ পশ্চিম দিশত(বৰ্তমান লক্ষিমপুৰ নগৰৰ ওচৰত)[23] আৰু ১৩৯২ চনত সত্যনাৰায়ণ ৰজাই ধৱলী(বগীনদী[24]বা উত্তৰ লখিমপুৰ নগৰৰ ওচৰৰ ধল[25][26][27]) নৈৰ পাৰত ব্ৰাহ্মণক ভূমি দান কৰিছিল[28]। ১৫২২ চনত ধীৰনাৰায়ণ ৰজাই ঢকুৱাখনাত ব্ৰাহ্মণক ভূমি দান কৰিছিল[29]। বুৰঞ্জীত উল্লেখ কৰা মতে সোৱণশিৰি পশ্চিম পিনৰ দাতিকাষৰীয়া অঞ্চলত ১৬৭২ চনত দফলা জনজাতিৰ লোকে আক্ৰমণ কৰি মানুহ ধৰি নিছিল। মানুহ খিনিক মুক্ত কৰাই আনিবলৈ ৰজাই বৰবৰুৱাৰ লগতে চুতীয়া হাজৰিকা আৰু চুতীয়া কাঁড়ী বৰুৱাক পঠিয়াইছিল। এই কথাৰ পৰা ধৰিব পৰা যায় যে চুতীয়া সকলৰ বসতি লক্ষিমপুৰৰ দাতিকাষৰীয়া অঞ্চলৰ লৈকে আছিল।[30][31] বুৰঞ্জীৰ আন এটা খণ্ডত উল্লেখ কৰা হৈছে যে ডিক্ৰং অঞ্চলৰ মিৰি লোক সকল এটা সময়ত চুতীয়া ৰজাৰ "হাতী-ঘাহী" লোক আছিল আৰু চুতীয়া ৰাজ্যৰ পতনৰ পাছত এই সকলে আহোম ৰজাক বছৰি কৰ-ভাৰ দিছিল। গতিকে ইয়াৰ পৰা ধৰিব পৰা যায় যে এই অঞ্চলো এসয়মত চুতীয়া ৰাজ্যৰ অধীনত আছিল।[32] এই সকলো কথাৰ পৰা জনা যায় যে বৰ্তমানৰ লখিমপুৰ জিলাখন সম্পূৰ্ণ ভাবে চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল।

- ধেমাজি জিলা: ধেমাজি জিলাৰ চিচিবৰগাঁও-বৰদলনি অঞ্চলত বহুতো পুৰণি চুতীয়া যুগৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায়[33]। জোনাইৰ ৰজাখনা অঞ্চলত ১৩-১৪ শতিকাৰ চুতীয়া ৰাজ্যৰ ইটাৰ দুৰ্গৰ অৱশেষ পোৱা গৈছিল[34]। জোনাইৰ উত্তৰৰ পাচিঘাট অঞ্চলত ১৩-১৪ শতিকাৰ চুতীয়া ৰাজ্যৰ দিনৰ ইটাৰ ভেটি আৰু অন্য ধ্বংসাৱশেষ দেখা পোৱা গৈছে। এই ইটাৰ ভেটি কেইটা শদিয়াৰ ৰুক্মিণীনগৰ বা ভীষ্মকনগৰৰ লগত প্ৰায় মিলে।[35] সোৱণশিৰি আৰু চিয়াং নৈৰ মাজত বসবাস কৰা মিচিং লোক সকলক আহোম ৰজা চুহুংমুঙৰ দিনত "চুতীয়া-মিৰি" বুলি উল্লেখ কৰিছিল কাৰণ এই সকল চুতীয়া ৰাজ্যৰ প্ৰজা আছিল।[32]
- বিশ্বনাথ জিলা: বিশ্বনাথ জিলা যে চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল, সেই কথা চুতীয়া যুগৰ কীৰ্তিচিহ্ন সমূহৰ পৰা পুহৰলৈ আহে। চুতীয়া যুগৰ খনিকৰ সকলে কিবা উল্লেখযোগ্য কীৰ্তিচিহ্ন নিৰ্মাণ কৰিলে এক বিশেষ ধৰণৰ চিহ্ন কিছুমান ব্যৱহাৰ কৰিছিল। বিশ্বনাথ জিলাৰ অৰুণাচল সীমান্তৰ ১৩-১৫ শতিকাৰ মাজত নিৰ্মিত ৰামঘাট দুৰ্গ (বুঢ়ৈ নৈৰ কাষত), নক্সাপৰ্বত দুৰ্গ(বৰগং নৈৰ কাষত), বালিজানৰ দুৰ্গ আৰু ব্ৰহ্মপুত্ৰ পাৰৰ উমাতুমনি দ্বিপ তাৰে প্ৰমাণ। এই সকলো অঞ্চলত দেখা পোৱা হুবহু একেই খনিকৰ চিহ্ন শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ, বুঢ়াবুঢ়ী শাল, ইটা পুখুৰী, ইত্যাদি জেগাত দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে তাম্ৰেশ্বৰীৰ যিখন শিল-ইটাৰ দেৱালত এই চিহ্ন সমূহ খোদিত আছিল, সেই খন চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে ১৪৪২ চনত নিৰ্মাণ কৰিছিল।[36] জনা মতে নক্সাপৰ্বত (১৪০০-১৫০০ খ্ৰীষ্টাব্দ)[37] আৰু বুঢ়ৈ দুৰ্গ[38] প্ৰায় একে যুগৰে সৃষ্টি হয়। শদিয়াৰ ৰুক্মিণীনগৰ, গম্চি দূৰ্গ আৰু ভীষ্মক নগৰৰ দৰে বালিজান, ৰামঘাট আৰু নক্সা পৰ্বত দুৰ্গতো শিল ইটাৰ ঘৰৰ ভেটি পোৱা গৈছে। নক্সা পৰ্বত(ঘৰৰ ভেটিত আৰু নাদত), ইটা দুৰ্গ(গড়ত) আৰু ৰামঘাট দুৰ্গৰ(গড়ত) শিলৰ ভেটিৰ ওপৰত ইটা ব্যৱহাৰ কৰা শৈলী ৰুক্মিণী নগৰ, তাম্ৰেশ্বৰীৰ সীমাৰ দেৱাল আৰু শদিয়াৰ বৰনগৰৰ পুখুৰীত দেখা গৈছে। এই সমূহ তথ্যৰ ভিথিত কনকলাল বৰুৱা আৰু মহেশ্বৰ নেওগ লেখীয়া বিশিষ্ট ইতিহাস বিধে চুতীয়া ৰাজ্যৰ পৰিসীমা বিশ্বনাথ জিলা লৈকে থকা কথা স্বীকাৰ কৰিছে।[39][40] ইয়াৰ ওপৰিও জনা যায় যে চুতীয়া ৰাজ্য দখল কৰা পাছতেই (অৰ্থাৎ ১৫২৫ চনতে) আহোম ৰজাই উত্তৰ পাৰৰ শদিয়া অঞ্চল, ভাটি অঞ্চল (বিশ্বনাথ) আৰু হাবুং (লখিমপুৰ) অঞ্চল শাসন কৰিবলৈ নতুনকৈ পদবী সৃষ্টি কৰিছিল[41]। গতিকে এই সমূহ অঞ্চল চুতীয়া ৰাজ্যৰ অধীনত আছিল বুলি গ'ম পোৱা যায়।
দক্ষিণ কূলৰ অঞ্চল
[সম্পাদনা কৰক]চুতীয়া ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ সীমা দিহিং নৈ আছিল। এই কথা বুৰঞ্জী সমূহত স্পষ্টকৈ উল্লেখ পোৱা যায়।[42][43] সেই সময়ত মাজুলী দ্বীপ সৃষ্টি হোৱা নাছিল আৰু দিহিং নৈ ব্ৰহ্মপুত্ৰৰ কাষে কাষে বৈ গৈ বৰ্তমান মাজুলীৰ পশ্চিমত লগ হৈছিল। বুৰঞ্জী সমূহৰ পৰা জনা যায় যে আহোম ৰাজ্যৰ ৰাজধানী চাৰাগুৱা[44] আৰু বকতা[45][46] আৰু খোৰা ৰজা দিনত আঠাবাৰী[47] দিহিং নৈৰ পাৰত অৱস্থিত আছিল। বৰ্তমানত এই অঞ্চল সমূহ শিৱসাগৰ জিলাৰ অন্তৰ্গত। গতিকে এই সকলো কথাৰ পৰা ধৰিব পাৰি যে বৰ্তমানৰ শিৱসাগৰ অঞ্চলৰো এটা অংশ (দিহিং নৈৰ উত্তৰৰ) চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনত দিহিং মুখৰ যুদ্ধত নীতিপালৰ সৈন্য বাহিনীক পৰাস্ত কৰি আহোম সেণা চুতীয়া ৰাজ্যত প্ৰবেশ কৰিছিল। চুহুংমুঙৰ সৈন্যয়ে চুতীয়া নৌ সেনাক খেদি ব্ৰক্ষ্মপুত্ৰয়ে দি উজাই আহি ডিব্ৰুমুখত গড় নিৰ্মাণ কৰিছিল। ডিব্ৰু মুখ, চেচামুখ, লাৰুপাৰা আৰু সোণাৰীত (তিনিচুকীয়া) পুণৰ ৰণ হৈছিল। গতিকে এই সকলো অঞ্চলতে চুতীয়া সকলৰ বসতি আছিল বুলি ক’ব পৰা যায়। দক্ষিণ সীমান্তত এলেকা তিপাম-নামৰূপ-বৰহাট অঞ্চল আছিল।

- মাজুলী জিলা: বৰ্তমানৰ মাজুলী জিলাখন পূৰ্বতে দিহিং অঞ্চল আছিল। এই মাজুলী জিলাৰ পুব পিনৰ দিহিং নৈৰ মাছক লয় হোৱা বিবাদৰ পৰাই চুতীয়া-আহোমৰ যুদ্ধৰ পাতনি মেলে। ধীৰনাৰায়ণ ৰজাই মাজুলীৰ দিহিং মুখ, চেৰুৱাকতা আৰু চিৰা-আটি অঞ্চলত আহোমৰ লগত যুদ্ধ কৰে। বুৰঞ্জীৰ মতে ১৫২২ত চুহুংমুঙে দিহিংমুখত (পশ্চিম মাজুলী) কোঠ লৈ থকা চুতীয়া সেনাক আক্ৰমণ কৰিছিল। শেষত ১৫২৩ চনত আহোম ৰজা চুহুংমুঙে এই অঞ্চল চুতীয়াৰ পৰা দখল কৰে।
- ডিব্ৰুগড় জিলা: বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ প্ৰায় ভাগ ভূমি সেই সময়ত দিহিং নৈৰ উত্তৰত আছিল। বুৰঞ্জী সমূহৰ পৰা জনা যায় যে দিহিঙৰ আহোম ৰাজ্যৰ সীমাৰ ওচৰতো চুতীয়া লোকৰ বসতি আছিল। আহোমৰ চোম-চিৰিং, খাতোৱাল চেতিয়া, হলাহল পাতৰ, চাংচাই, ইত্যাদি বংশৰ ওপৰি পুৰুষ সকল চুকাফা বা তেওঁৰ এক দুই পুৰুষ পাছৰ আহোম ৰজাই ওচৰৰ চুতীয়া গাঁও মাৰি অনা লোক আছিল। আহোম ৰজা চুতুফাক চাফ্ৰাই নৈৰ (ডিব্ৰুগড় জিলাৰ দক্ষিণৰ) ওচৰত চুতীয়া সকলে বন্ধুত্বৰ প্ৰস্তাব দেখুৱাই নাও খেল চাবলৈ মাতি হত্যা কৰিছিল। ১৫২৩ চনত চুতীয়া ৰাজ্যৰ ডিব্ৰু অঞ্চলত প্ৰৱেশ কৰি আহোম সেনাই গড় সাজিছিল। চুতীয়া ৰাজ্য দখৰ কৰাৰ পাছত ১৫২৬ চনত দিহিঙীয়া গোহাঁই পদবী সৃষ্টি কৰা হয়। চুতীয়া বিদ্ৰোহৰ ফলত ডিব্ৰুগড়ত নতুন এখন প্ৰদেশ(মৌঙ-তিফাও) গঠন কৰি ১৫২৭ত চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হয়। Thermo luminescence (TL) পদ্ধতিৰে ডিব্ৰুগড়ৰ মৌৰামৰা দৌলৰ ওপৰত কৰা datingৰ অনুসৰি ইটাৰ দৌলটো ১৩-১৪ শতিকাৰ চুতীয়া ৰাজ্যৰ দিনত নিৰ্মিত[48]। ১৫৪২ চনৰ বহাগ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে শিৱসাগৰৰ দিচাং নৈৰ ওচৰত আহোম মন্ত্ৰী চেং-হাননক পৰাস্ত কৰি বিদ্ৰোহ কৰিছিল। ১৫৬৫ চনৰ মাঘ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি নামৰূপ আৰু খেৰাম (নামৰূপৰ ওচৰৰ অঞ্চল) অঞ্চলৰ আহোম গাঁও সমূহ আক্ৰমণ কৰি লুণ্ঠন কৰি তিপাম ৰজাৰ লগত যুঁজিছিল। গতিকে এই সকলো তথ্যৰ ভিত্তিত গম পোৱা যায় যে প্ৰায় গোটেই খন ডিব্ৰুগড় জিলাই চুতীয়া ৰাজ্যৰ অধীনত আছিল।

- তিনিচুকীয়া জিলা: তিনিচুকীয়া জিলাৰ অধিকাংশ ভূমি চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল যদিও পূব দিশৰ এটা অংশ মৰাণ মুখিয়াল আৰু আহোম ৰাজ্যৰ অধীনত আছিল। চুতীয়া ৰাজ্য দিহিং নৈৰ পশ্চিম বা উত্তৰ পাৰে বিস্তৃত আছিল বুলি জনা যায়। সেই সময়ত দিহিং নৈ বৰ্তমানৰ সুতিতকৈ কেই কিলোমিটাৰমান পশ্চিমলৈ বৈ গৈছিল। পেঙেৰী, ডিগবৈ, জয়পুৰ, তিপাম, ইত্যাদি অঞ্চল দিহিঙৰ পূবত আছিল। এই অঞ্চল সমূহ বৃটিছৰ দিনৰ লৈকে হাবি অৰণ্যৰে ভৰি আছিল য'ত মৰাণ লোক সকলে হাবি কাটি ঝুম খেতি কৰিছিল আৰু সময়ে সময়ে আহোম ৰজা সকলক অৰণ্যৰ সামগ্ৰী যোগান ধৰিছিল। তিনিচুকীয়াৰ শদিয়া সেই সময়ত "সধয়াপুৰ" বুলি জনাজাত আছিল আৰু সধয়া বা চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল। আহোম বুৰঞ্জীৰ মতে শদিয়াৰ দক্ষিণৰ অঞ্চলতো চুতীয়া সেনাপতি বুঢ়া বৰুৱা (আহোম ভাষাত "থাওমান") বোলা এজনে শাসন কৰিছিল যিজনে আহোমৰ বিৰুদ্ধে ১৫২৩ চনৰ ডিব্ৰুগড় ৰণত ভাগ লৈছিল। ১৫২৪ত চুতীয়া ৰাজ্যৰ পতন হয় আৰু তিনিচুকীয়া জিলাৰ সমগ্ৰ ভূমি আহোম ৰাজ্যৰ অধীনলৈ আহে। আহোমৰ শদিয়া খোৱা গোহাঁয়ে (আহোম ভাষাত "থাওমুঙ বʼঙেন") শদিয়া অঞ্চল শাসন কৰিবলৈ লয়। শদিয়াৰ দক্ষিণৰ বৰডোমছা অঞ্চলত আহোমৰ হাটখোৱা গোহাঁই (আহোম ভাষাত "থাওমুঙ বʼক্লাং") বিষয়াই লোণৰ হাটৰ অধিকাৰী হয়।
- শিৱসাগৰ-চৰাইদেউ জিলা: যিহেতু দিহিং নৈ চুতীয়া ৰাজ্যৰ দক্ষিণ পাৰৰ সীমা আছিল, সেই সময়ৰ দিহিং নৈৰ সুঁতিৰ উত্তৰ পাৰৰ ভূমি চুতীয়া ৰাজ্যতে আছিল। সেই অঞ্চলত আজিৰ দিনৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উত্তৰ অংশ অন্তৰ্ভুক্ত আছিল। বুৰঞ্জী সমূহৰ পৰা জনা যায় যে চুতীয়া ৰজা এজনে আহোম ৰজা চুতুফাক নাওখেল চাবলৈ চাফ্ৰাই নৈ লৈ আমন্ত্ৰিত কৰিছিল, গতিকে চাফ্ৰাই নৈ অঞ্চলতো হয়টো দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চল আছিল। চাফ্ৰাই নৈ বৰ্তমান চৰাইদেউ জিলাৰ উত্তৰ অংশত অৱস্থিত।
অৰুণাচলৰ ভয়াম আৰু পাহাৰীয়া অঞ্চল
[সম্পাদনা কৰক]অৰুণাচল প্ৰদেশৰ প্ৰায়ভাগ ভৈয়াম আৰু দাতিকাষৰীয়া অঞ্চলে চুতীয়া ৰাজ্যৰ অংশ আছিল। ৰাজধানী শদিয়াৰ অধিকাংশ ভূমি আজিৰ দিনৰ অৰুনাচল প্ৰদেশত। অৰুণাচলৰ ৰাজধানী ইটানগৰৰ ইটা দুৰ্গ চুতীয়া ৰাজ্যৰ দিনতে নিৰ্মাণ কৰা হৈছিল। পূব ছিয়াং জিলাৰ গমচি দূৰ্গ, দিবাং উপত্যকা জিলাৰ ৰুক্মিণী নগৰ, লোহিত জিলাৰ ভীষ্মক নগৰ আৰু তেজু দুৰ্গ, ইত্যাদিও চুতীয়া ৰাজ্যৰ কিছুমান প্ৰসিদ্ধ দুৰ্গ। চুতীয়া ৰাজ্যৰ দিনত নামচাই জিলাত তেঙাপনী দেউৰী সকলৰ বসতি আছিল। নামচাইৰ মহং অঞ্চলত চুতীয়া ৰাজ্যৰ দিনত লোণৰ পুঙ আছিল। নামচাইৰ দক্ষিণৰ চাংলাং জিলাৰো পাহাৰ-ভৈয়ামৰ এটা অংশ চুতীয়া ৰাজ্যৰ অধীনত আছিল। টাই ভাষাৰ "আহোম বুৰঞ্জী" গ্ৰন্থ খনত উল্লেখ থকাৰ মতে পূৰ্বৰ চুতীয়া ৰাজ্যৰ (Mung-Tiura) সীমান্তত খামজাং প্ৰদেশ আছিল। এই অঞ্চলৰ "নঙাখাম" নামৰ নৰা মুখিয়াল এজনে ১৭৭৫ চনত চুতীয়া সকলক লগত লয় হাটখোৱা গোহাঁইৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু পৰাস্ত হৈ দিহিং(Nam-jin) নৈৰ ওচৰৰ পুৰ্বৰ চুতীয়া ৰাজ্যৰ পাহাৰীয়া অঞ্চলত (Doi-mung-Tiura) আশ্ৰয় লৈছিল।[50] বুৰঞ্জীৰ পৰা জনা যায় যে খামজাং প্ৰদেশ পাটকাই পৰ্বতৰ নং-খেও-য়ং বা বৰ্তমানৰ নংয়াং হ্ৰদ (Lake of no return) থকা অঞ্চলত অৱস্থিত আছিল।[51][52][53]
নামনি অসমৰ অঞ্চল
[সম্পাদনা কৰক]ৰত্ননাৰায়ণ ৰজাই কৰা ৰাজ্য বিস্তাৰৰ তথ্য ৰজা দুৰ্লভনাৰায়ণৰ শদিয়া-চেপাখোৱা তামৰ ফলিত(১৫২৮ চনৰ) পোৱা যায়। এই ফলিত উল্লেখ কৰা মতে ৰজা দুৰ্লভনাৰায়ণৰ পিতৃ আছিল ৰজা ধৰ্মনাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ পিতৃ ৰত্ননাৰায়ণে এসময়ত কমতাপুৰৰ লৈকে নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল। ভূমিদানৰ ফলিখনত উল্লেখ আছে[54],
"একোহভূ্ৎ কমতাপুৰে নৰপতি ভূপাল-ৱাৰাৰ্চ্চিতঃ
কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী শ্ৰী ৰত্ননাৰায়ণঃ।।"
অৰ্থাৎ এজন হৈছিল (একোহভূৎ) কমতাপুৰৰ ৰজা (কমতাপুৰে নৰপতি), যি জন আছিল "ভূপাল সমূহৰদ্বাৰা অৰ্চিত"(ভূপাল-ৱাৰাৰ্চ্চিত) আৰু "কামদেৱৰ(আন এটা নাম কন্দৰ্প) শত্ৰুৰ বিৰুদ্ধে বিজয়ী" (কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী) শ্ৰী ৰত্ননাৰায়ণ।[55] তদুপৰি কমতা ৰাজ্যৰ দুৰ্লভনাৰায়ণৰ আৰু চুতীয়া ৰজা দুৰ্লভনাৰায়ণ একেই জনে ৰজা হোৱাৰ থল আছে। এই তথ্য সমূহৰ পৰা ধৰিব পাৰি যে এসময়ত চুতীয়া ৰাজ্যখনে নামনি অসমৰ কমতাপুৰৰ লৈকে পাতনি মেলিছিল।

যোগিনী তন্ত্ৰত উল্লেখ
[সম্পাদনা কৰক]১৬ শতিকাৰ আগভাগত লিখা যোগিনী তন্ত্ৰত কামৰূপৰ বিভিন্ন অঞ্চল আৰু ৰাজকীয় শক্তিসমূহৰ বৰ্ণনা কৰা হৈছে। ইয়াত "সৌমাৰ", "কূবাচ", "যৱন" আৰু "প্লৱ" নাম উল্লেখ আছে—
পূৰ্বভাগে চ সৌমাৰঃ কূবাচ পশ্চিমেতথা ।
দক্ষিণে যৱনসদ্ উত্তৰে প্লৱ এব চ ॥
এবমেব মহাদেৱি তে সৰ্বে কামৰূপকাঃ ।
এবং তে কথিতং দেবি সৌমাৰচৰিতং হি তৎ ॥
অৰ্থাৎ পূৰ্বে সৌমাৰ, পশ্চিমে কূবাচ, দক্ষিণে যৱন আৰু উত্তৰে প্লৱ — এইসকল কামৰূপ অঞ্চলৰ অন্তৰ্গত বুলি বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনৰ পাচৰ অংশ সমূহত "কুবাচ"ক কোচ, "সৌমাৰ"ক আহোম আৰু "যৱন"ক বঙ্গ মুচলমান বা মোগল বুলি চিনাক্ত কৰা হৈছে। এই অনুসৰি ইতিহাসবিদ সকলে "প্লৱ/প্লব" শব্দটোৱে সেই সময়ৰ উত্তৰ ভাগত ৰাজত্ব কৰি থকা "পাল" বংশীয় চুতীয়া ৰাজ্যক বুজাবলৈ ব্যৱহাৰ কৰিছে বুলি মত প্ৰকাশ কৰিছে।[56] চুতীয়া ৰজা সকলে যে "পাল" উপাধি লিখিছিল এই তথ্য চুতীয়া বুৰঞ্জীৰ বাদে ১৭০০ শতিকাত ৰচিত চাংৰুং ফুকনৰ বুৰঞ্জীৰ পৰাও ধৰিব পৰা যায়।[57]
ইতিহাস
[সম্পাদনা কৰক]চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। লক্ষিমপুৰ আৰু শদিয়াৰ অঞ্চলত উদ্ধাৰ হোৱা তামৰ ফলি বা শিলা লিপিৰ পৰা ১৪ শতিকাৰ শেষ ভাগৰ পৰা ১৫২২ৰ মাজৰ মুঠ ১০ জন ৰজাৰ নাম পোৱা যায়। নেই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।[58]
ৰাজ্য প্ৰতিষ্ঠা
[সম্পাদনা কৰক]চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা আৰু পতনৰ কথা কেইবাখনো বুৰঞ্জীত পোৱা যায় যেনে দেওধাই অসম বুৰঞ্জী, অসম বুৰঞ্জী (SM), ইত্যাদি। সকলো বুৰঞ্জীৰ তথ্য সসূহ প্ৰায় একেই। বৃটিছ বিষয়া ET Dalton আৰু W.B.Brownৰ অনুসৰি একেবোৰ আখ্যান কিম্বদন্তি ৰূপত মিচিং আৰু দেউৰী লোকৰ মাজতো প্ৰচলিত আছিল।[59]
"দেউধাই অসম বুৰঞ্জী"ত উল্লেখ কৰা "চুতীয়াৰ কথা"ৰ প্ৰথম আখ্যানৰ মতে আনুমানিক ১১৮৭ চনত চুতীয়া সকলে পাহাৰৰ দাতিকাষৰীয়া অঞ্চলত (পাহাৰৰ আগৰিত বা মুখত বুলি উল্লেখ কৰা হৈছে)[60] বিভিন্ন সৰু সৰু ৰাজ্য(বা বৃহৎ গাঁও) গঠন কৰি বাস কৰি আছিল।[61] তাৰ ভিতৰতে স্বৰ্ণগিৰি নামৰ ৰাজ্য খনত ভীৰ্ম্মোক নামৰ চুতীয়াৰ[62] আদি ৰজা এজনৰ বংশৰ বীৰপাল নামৰ এজন লোক ৰজা হৈ আছিল। বীৰপালৰ ৰাজ্যত ৬০ টা যৌথ পৰিয়ালৰ লোকে বাস কৰিছিল, অৰ্থাৎ প্ৰায় ৬০০০ লোক।[63] ইয়াৰ পিছত চুবুৰীয়া চুতীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। তেওঁক "খুন্ত ৰজা" বুলিও জনা গৈছিল।[64] একেইখন বুৰঞ্জীত উল্লেখ কৰা "চুতীয়াৰ কথা"ৰ দ্বিতীয় আখ্যানৰ[65] মতে বীৰপালে কিৰাতনী দেৱীৰ আশীৰ্বাদত দুটা সোণৰ মেকুৰী আৰু দণ্ড-খাট লাভ কৰি চোট-হিন্দুৱান খুন্তৱান(চুতীয়া ৰাজ্যৰ) ৰজা হৈছিল আৰু শদিয়াত আছিল ("পৰদিনা চৰুৰ ঢাকন গুচাই চালে, সোণৰ বিড়ালী দুটী পালে, দণ্ড-খাট পালে। সেইদিন ধৰি সকলৰে সোধ-পোছ দিন দিন ধৰি পালে। ছোট হিন্দুৱানৰ খুন্তৱানৰ ৰজা হ'ল। শদিয়াত সিটো ৰজা অবাক ৰূপে থাকে।")। যিহেতু দ্বিতীয় আখ্যানৰ মতে বীৰপালে সদিয়া অঞ্চলতে ৰাজত্ব কৰিছিল, গতিকে প্ৰথম আখ্যানৰ সোণাগিৰি পৰ্ব্বতৰ দাতিকাষৰীয়া অঞ্চলো সম্ভাৱতঃ শদিয়াতে আছিল।
ৰাজ্য বিস্তাৰ
[সম্পাদনা কৰক]বীৰপালৰ পুত্ৰ আছিল ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ। তেওঁ নিজৰ বাহু বলেৰে উজনি অসমৰ সকলো চুতীয়া ৰাজ্য (যেনে ৰঙ্গালগিৰি, চন্দ্ৰগিৰি, ধৱলগিৰি, নীলগিৰি, ইত্যাদি) একত্ৰিত কৰি বৃহৎ চুতীয়া ৰাজ্য গঠন কৰিছিল[66]। তাৰ পাছত তেওঁ স্বেতাগিৰি ৰাজ্যৰ ভদ্ৰেশেন নামৰ ৰজা জনক পৰাস্ত কৰি দৈৱজ্ঞ, তাঁতী, সোণাৰী, ব্ৰাহ্মণ, সূতাৰ, কমাৰ, ইত্যাদি অনেক বিদ্যালয়ত লোক পালে[67]। সেই সময়ত প্ৰায়বোৰ ৰাজ্যৰ ৰাজধানী পাহাৰীয়া বা পাহাৰৰ দাতিকাষৰীয়া অঞ্চলত পতা হৈছিল। উদাহৰণস্বৰূপে আহোমৰ চৰাইদেউ পৰ্বত, কছাৰীৰ ডিমাপুৰ/মাইবাং, কোচৰ চিকণা পৰ্বত, ইত্যাদি। পাছলৈ চুতীয়া ৰাজ্যৰ নগৰ যেনে চন্দনগিৰি(আজিৰ দিনৰ ৰুক্মিণীনগৰ), ভীষ্মকনগৰ, ইটানগৰ, ইত্যাদি সকলো পাহাৰৰ দাতিকাষৰীয়া অঞ্চলতে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ওপৰিও জনা যায় যে আগৰ দিনত উত্তৰ পূৰ্বাঞ্চলৰ বহুতো জনগোষ্ঠীৰ লোকে পাহাৰৰ দাতিকাষৰীয়া বা ওখ অঞ্চলত স্থায়ী ভাৱে থাকি ভৈয়ামত খেতি কৰিছিল।[68] হয়টো পাহাৰীয়া দাতিকাষৰীয়া অঞ্চলত থাকি ভৈয়ামত খেতি কৰা চুতীয়া সকলে মধ্যযুগৰ চুতীয়া ৰাজ্য প্ৰতিষ্ঠাৰ পাছৰে পৰা ক্ৰমান্বয়ে সুসংগঠিত ভাৱে ভৈয়ামতো স্থায়ী ভাৱে থাকিবলৈ লয়।
দেউধাই বুৰঞ্জীত উল্লেখ কৰা চন্দ্ৰগিৰি নামৰ চুতীয়া ৰাজ্য খনো বৰ্তমান শদিয়াতে অৱস্থিত আছিল। এইখন পাছলৈ স্বৰ্ণগিৰিৰ চুতীয়া ৰজা ৰত্নধ্বজপালে নিজৰ অধীনলৈ আনিছিল। চন্দ্ৰগিৰি অঞ্চলতে নীতিপালে আহোম ৰজাৰ লগত যুদ্ধ কৰিছিল, যাৰ বাবে তেওঁক "চন্দ্ৰ নাৰায়ণ" বুলিও কোৱা হৈছিল[69]। গোপাল চন্দ্ৰ বৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত এই অঞ্চলটোক "দৈ-চন্দন"(টাই ভাষাত দৈ=পাহাৰ) কোৱা হৈছে। ৰানী সাধনীয়ে এই অঞ্চলতে প্ৰাণ ত্যোগ কৰিছিল। ৰত্নধ্বজপালে বস কৰা ৰাজ্য স্বেতাগিৰি সম্ভৱত বৰ্তমান লখিমপুৰ বা বিশ্বনাথ জিলাত আছিল কাৰণ এই ৰাজ্য দখল কৰা পাছতে তেওঁ বৰ্তমান মাজুলীত নিজৰ ৰাজধানী হিচাপে "ৰতনপুৰ" নামৰ এখন নগৰ গঠন কৰিছিল[70] । "ঢোল বাই ক'ত? ৰতনপুৰত। খোল বাই ক'ত? ৰতনপুৰত", এই বিখ্যাত পুৰণি গীতটো চুতীয়া ৰাজধানী ৰতনপুৰক লৈয়ে সৃষ্টি কৰা হৈছিল। এই ৰতনপুৰতে পাছলৈ নৱ-বৈষ্ণৱ ধৰ্মৰ সত্ৰ এখনো স্থাপন কৰা হৈছিল। পৰবৰ্তী কালত ৰত্নধ্বজপালে নিজৰ ৰাজধানী শদিয়াত স্থায়ী ৰূপে গঠন কৰিছিল[71]। ইয়াৰ পাছত ৰত্নধ্বজপালে মধ্য অসম বা কামৰূপ পিনৰ ন্যায়পাল নাম এজন ৰজাৰ লগত যুদ্ধ কৰিবলৈ মন কৰিলে, কিন্তু ৰজা জনে নিজৰ জীয়ৰী ৰত্নপাললৈ দি মিত্ৰ কৰিলে। E.T.Daltonয়ে পোৱা বুৰঞ্জীৰ অনুসৰি ইয়াৰ পাছত ৰত্নধ্বজপালে ৰাজ্যৰ পাহাৰৰ দাতিকাষৰীয়া অঞ্চল সমূহত একেই শাৰীতে কেইবাটাও দুৰ্গ নিৰ্মাণ কৰিছিল, ডাঙৰ পুখুৰী খন্দাইছিল আৰু মন্দিৰ প্ৰতিষ্ঠা কৰিছিল।[72] বাৰ-ভূঞাৰ ইতিহাসৰ মতে ৰত্নধ্বজপাল আৰু তেওঁৰ পুত্ৰ বিজয়ধ্বজপালৰ মধ্যঅসমৰ ৰৌতা-তেমনীৰ বাৰ-ভুঞা সকলৰ লগত যুদ্ধ হয়। ফলত ৰত্নধ্বজপালে বাৰভূঞা সকলক কৰা শোধাইছিল। পাছলৈ বিজয়ধ্বজপালৰ দিনত বন্ধুত্ব স্থাপন হৈছিল।[73]
আহোম সকলৰ বুৰঞ্জীত উল্লেখ থকাৰ মতে চুকাফা ৰাজকুমাৰ মাও-লুং দেশত থাকোতে অসমত পাছখন ৰাজ্য আছিল: চুতীয়া, কমতেশ্বৰ, কছাৰী, বৰাহী আৰু মৰাণ। চুকাফাই চৰাইদেউত ৰাজধানী পতাৰ আগতে বাটত বহুতো চুতীয়াক লগ পাইছিল[74]। যিহেতু চুকাফাই চৰাইদেউত নগৰ গঢ়া আগতে নামৰুপ, তিপাম, অভয়পুৰ, হাবুং, শিমলুগুৰি আৰু চনটক বাস কৰি আহিছিল। গতিকে এইবোৰ অঞ্চলৰে কিছুমান জেগাত চুতীয়া সকলৰ বসতি আছিল বুলি ধৰিব পৰা যায়। বহুতো চুতীয়া পৰিয়াল (যেনে চোম-চিৰিং, চাংচাই, খাতুৱাল চেতিয়া, ইত্যাদি) চুকাফাৰ দিনতে আহোম জাতিত অন্তৰ্ভুক্ত হৈ বিলীন হৈ গৈছিল[75]। এই সকলো তথ্যৰ পৰা ধৰিব পাৰি যে ১২-১৩ শতিকাত চুতীয়া ৰাজ্য সেই সময়ত বিশ্বনাথ, লখিমপুৰ, মাজুলী, ডিব্ৰুগড় অঞ্চলৰ পৰা শদিয়া আৰু অৰুণাচলৰ সীমান্ত অঞ্চলৰ লৈকে বিয়পি আছিল।
কমতা ৰাজ্যৰ লগত বৈবাহিক সম্পৰ্ক
[সম্পাদনা কৰক]ৰত্নধ্বজপালৰ পুত্ৰ বিজয়ধব্বজ ডাঙৰ হোৱাত ৰজাই চুতীয়া ৰাজ্যৰ পশ্চিমৰ কমতা ৰাজ্যৰ ৰজা লৈ কটকী পঠিয়াই কন্যা এজনী বিচাৰে। কিন্তু ৰত্নধ্বজপালৰ প্ৰস্তাৱ গ্ৰহণ নকৰি কমতা ৰজাই কটকী মন্ত্ৰী বিজয় সেনৰ আগত ৰত্নধ্বজলৈ কৈ পঠালে-"যদি ৰজা আহি নিয়ে তেহে দিব পাৰো"। কমতেশ্বৰৰ এই বাৰ্তাত ৰত্নধ্বজপালে অপমান বোধ কৰি পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কমতা ৰাজ্যৰ দিশে ৰাজকীয় অভিযানৰ পূৰ্বপ্ৰস্তুতি ল’বলৈ সিদ্ধান্ত লয় এই আক্ৰমণৰ পূৰ্ব প্ৰস্তুতি হিচাবে সৈন্য-সামন্ত, ৰচদ-পাতি সংগ্ৰহৰ ব্যৱস্থা কৰাৰ উপৰিও বত্নধ্বজপালে তেওঁৰ ৰাজধানীৰ পৰা কমতা ৰাজ্যৰ ৰাজধানীলৈ এটা আলিবাটৰ বান্ধিবলৈ আৰু এই বাটৰকষত এদিনৰ অন্তৰে অন্তৰে তেওঁৰ সৈন্যবাহিনীয়ে জিৰণি ল'বলৈ একো একোখন নগৰ/কোঠ নিৰ্মাণ কৰিবলৈ বিজয়সেন মন্ত্ৰীক আদেশ দিয়ে। বিজয়সেনে কাম সম্পূৰ্ণ কৰি ৰজাক জনাই আৰু ৰজাই জয়ধ্বজ মন্ত্ৰীক শাসনৰ দায়িত্বত থৈ নিজে কমতা ৰাজ্যলৈ অগ্ৰসৰ হয়। চুতীয়া ৰজাৰ এই অভিযানৰ কথা গম পাই কমতেশ্বৰ শঙ্কিত হয় আৰু পাত্ৰমন্ত্ৰী সকলৰ লগত আলোচনা কৰি সংঘাত এৰাই চলিবলৈ নিজৰ সকলোতকৈ সুন্দৰী কন্যাক ৰাজযোগ্য যৌতুকেৰে সৈতে ৰত্নধ্বজৰ পুত্ৰ বিজয়ধ্বজলৈ বিয়া দিলে।
গৌড় ৰাজ্যৰ লগত মিত্ৰতা
[সম্পাদনা কৰক]কমতা ৰাজ্যৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ পিছত ৰত্নধ্বজপালে গৌড় ৰজাৰ লগত সখি সম্বন্ধ স্থাপন কৰিবলৈ মন মেলিলে। সেই সময়ত গৌড় তুৰ্কী মুছলমান সকলৰ শাসনাধীন আছিল। চুতীয়া বুৰঞ্জীত গৌড় ৰজাক পাৎসা আৰু তেওঁৰ মন্ত্ৰীক বৰ উজিৰ কৈছে কিন্তু এইখিনি লেখক জনে লগাই দিয়া গৌড় অঞ্চলৰ পাছৰ দিনত প্ৰচলিত উপাধিও হ'ব পাৰে। গৌড় ৰাজ্যৰ লগত বন্ধুত্ব স্থাপন কৰি পৰবৰ্তী কালছোৱাত গৌড়েশ্বৰে ৰত্নধ্বজপাললৈ গঙ্গাজল আৰু ৰত্নধ্বজপালে গৌড়েশ্বৰলৈ পৰশুৰাম কুণ্ডৰ জল আদান-প্ৰদান কৰি থাকিবলৈ এটা বুজাপৰালৈ আহিছিল। তদুপৰি চুতীয়া ৰজাই এটি পুত্ৰ শিক্ষা লাভৰ অৰ্থে গৌড় ৰাজ্যত ৰাখিছিল আৰু গৌড়েশ্বৰৰ পুত্ৰ ও চুতীয়া ৰাজ্যলৈ আহিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে চুতীয়া ৰজাৰ পুত্ৰ জনৰ মৃত্যু ঘটিছিল।
মৌঙ-মাও ৰাজ্যৰ সেনাপতিৰ আক্ৰমণ
[সম্পাদনা কৰক]চুতীয়া ৰজাৰ কমতাপুৰ বিজয়
[সম্পাদনা কৰক]১৩-১৪ শতিকাত গৌড়ৰ মুচলমান ৰজাসকলে কেইবা বাৰো কমতা ৰাজ্য আক্ৰমণ কৰিছিল, যাৰ ফলত ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। ১৪ শতিকাৰ অন্তিমটো দশকত ঘিয়াছুদ্দিন আজম শ্বাহে কামৰূপ-কমতা অঞ্চল আক্ৰমণ কৰে। তেওঁৰ এই আক্ৰমণ আৰু কামৰূপ দখলৰ প্ৰমাণ বʼকুৰ ১৩৮৯ চনৰ এখন শিলালিপিত পোৱা যায়[76]। এই কথা বিশ্বনাথৰ হেলেম অঞ্চলত উদ্ধাৰ হোৱা ১৩৯৯ খৃষ্টাব্দৰ (১৩২১ শক) হাজোৰ নকুছি অঞ্চলত কৰা ভূমি দানৰ তামৰ ফলিৰ পৰাও জনা যায়।[77] ফলিখনত ভূমিদানৰ দক্ষিণ সীমা বৰ্ণনা কৰিবলৈ "শ্ৰী গিয়াচুদ্দিনে কামৰূপ শাসন কৰা সময়ত গন্ত্ৰী, মন্ত্ৰী-পালী আদিয়ে ভোগ কৰা মাটি" বুলি উল্লেখ কৰা হৈছে। ফলিৰ বাকি অংশত গৌড়াধিপতি জনক কোনোবা ৰজা এজনে পৰাস্ত কৰিছিল বুলি উল্লেখ আছে যদিও উক্ত ৰজা জনৰ নাম থকা অংশটো অস্পষ্ট বুলি কোৱা হৈছে।[78] এই আক্ৰমণৰ ফলত পশ্চিম অসমত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল।
সেইসময়তে পূব দিশত চুতীয়া ৰাজ্যখন শক্তিশালী হৈ উঠিছিল। ফল স্বৰূপত চুতীয়া ৰাজশক্তিয়ে পশ্চিম পিনে পাতনি মেলে। চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ ১৪২৮ চনৰ তাম্ৰলিপিত উল্লেখ আছে যে তেওঁৰ ককাক সত্যনাৰায়ণে (আন এটা নাম ৰত্ননাৰায়ণ[79]) সেই একে সময়ছোৱাতে (১৩৯০-১৪০১) “কমৰুপৰ শত্রু”ক পৰাস্ত কৰি কমতাপুৰত নিজৰ শাসন প্ৰতিষ্ঠা কৰিছিল। ভূমিদানৰ ফলিখনত উল্লেখ আছে,
"একোহভূ্ৎ কমতাপুৰে নৰপতি ভূপাল-ৱাৰাৰ্চ্চিতঃ
কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী শ্ৰী ৰত্ননাৰায়ণঃ।।"
অৰ্থাৎ এজন হৈছিল (একোহভূৎ) কমতাপুৰৰ ৰজা (কমতাপুৰে নৰপতি), যি জন আছিল "ভূপাল সমূহৰদ্বাৰা অৰ্চিত"(ভূপাল-ৱাৰাৰ্চ্চিত) আৰু "কামদেৱৰ(আন এটা নাম কন্দৰ্প) শত্ৰুৰ বিৰুদ্ধে বিজয়ী" (কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী) শ্ৰী ৰত্ননাৰায়ণ।[80] যদিও এই “শত্রু”ৰ পৰিচয় স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই, তথাপিও ইতিহাসবিদ সকলে সাধাৰণতে ধাৰণা কৰে যে ই গৌড়ৰ মুচলমান সেনাবাহিনী অথবা কমৰুপৰ সিংহাসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা কোনো স্থানীয় ৰাজনৈতিক শক্তি হ’ব পাৰে, যাক চুতীয়া ৰজাই পৰাস্ত কৰিছিল। ১৩৯৯ চনৰ হেলেম অঞ্চলৰ তামৰ ফলিৰ পৰা এই সময়ছোৱাত মুচলমান সকলে কামৰূপ আক্ৰমণ কৰাৰ কথা জনা যায়। গতিকে এই শত্ৰু সম্ভৱতঃ সেই সময়চোৱাত কামৰূপ-কমতা দখল কৰি থকা গৌড়ৰ মুচলমান সেনাই আছিল। একেইখন ফলিৰ তৃতীয় আৰু চতুৰ্থ শাৰীত ৰত্ননাৰায়ণৰ পুত্ৰ ধৰ্মনাৰায়ণ আৰু তেখেতৰ পুত্ৰ দুৰ্লভ নাৰায়ণৰ বিষয়ে উল্লেখ কৰা হৈছে। পাছৰ অংশত উল্লেখ কৰা মতে ১৪২৮ খৃষ্টাব্দত (১৩৫০ শক) ৰজা দুৰ্লভনাৰায়ণৰ আদেশত হাবুঙাধিপতি শ্ৰী বৃহৎ পাত্ৰয়ে ব্ৰাক্ষণক ৪০০ পুৰা(১৬০০ বিঘা) মাটি দান কৰিছিল।

এইদৰে গৌড়ৰ সামৰিক চাপ আৰু কমৰুপ-কমতা অঞ্চলত সৃষ্টি হোৱা অস্থিৰতাৰ সুযোগ লৈ চুতীয়া শক্তিয়ে পশ্চিমলৈ বিস্তাৰ কৰি কমতাপুৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল বুলি বুজা যায়।[81] ৰত্ননাৰায়ণ ৰজাই আনুমানিক ১৩০০ শতিকাৰ শেষৰ ভাগত কমতা ৰাজ্য দখল কৰি পুণৰ পূৰ্বৰ কামৰূপ ৰাজ্য গঠন কৰিবলৈ প্ৰয়াস কৰিছিল।
দুৰ্লভনাৰায়ণৰ পৰিচয় আৰু বিতৰ্ক
[সম্পাদনা কৰক]ঐতিহাসিক তথ্যৰ অনুসৰি কমতা ৰাজ্যৰ "দুৰ্লভনাৰায়ণ" নামৰ এজন ৰজাই অসমীয়া কবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, আদি বহু লেখকক পৃষ্ঠপোষকতা আগবঢ়াইছিল।[82] গুৰু চৰিতৰ বৰ্ণনা অনুসৰি কমতা-কামৰূপৰ ৰজা দুৰ্লভনাৰায়ণে কানৌজৰ পৰা অহা বহু ব্ৰাহ্মণ আৰু কায়স্থ ভুঞা পৰিয়ালক নিজৰ ৰাজ্যত আশ্ৰয় দি পূৰ্বাঞ্চলত বসতি স্থাপনৰ ব্যৱস্থা কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ পূৰ্বপুৰুষ সকলও এই স্থানান্তৰিত পৰিয়ালসমূহৰ মাজৰে এটা পৰিয়াল আছিল। এই পৰিয়ালসমূহক প্ৰথমতে উত্তৰ গুৱাহাটীৰ ওচৰৰ লেঙামাগুৰি আৰু পাছলৈ নগাঁৱৰ তেম্বুৱানী-বান্ধা(ঢেমনী) অঞ্চলত বসতি দিয়া হৈছিল বুলি গুৰু চৰিতত উল্লেখ আছে।[83]
ইতিহাসবিদ মহেশ্বৰ নেওগে পৰৱৰ্তী কালৰ চৰিত-পুথি আৰু বৈষ্ণৱ লোকবিশ্বাসৰ ভিত্তিত শঙ্কৰদেৱৰ জন্ম-চন ১৪৪৯ খ্ৰীষ্টাব্দ বুলি গ্ৰহণ কৰিছিল আৰু এই অনুসৰি দুৰ্লভনাৰায়ণৰ ৰাজত্ব কাল ১৪ শতিকাৰ মধ্যভাগ বুলি অনুমান কৰিছিল। কিন্তু ২০১৬ চনত লিখা গৱেষণামূলক প্ৰবন্ধত ইতিহাসবিদ বাণীপ্ৰশন্ন মিশ্ৰই উপলব্ধ তথ্যসমূহ পুনৰ বিশ্লেষণ কৰি এই গণনাক নাকচ কৰে আৰু শঙ্কৰদেৱৰ জন্ম সম্ভৱতঃ খ্ৰীষ্টীয় ১৪৭৯–১৪৮৪ চনৰ ভিতৰত হৈছিল বুলি মত প্ৰকাশ কৰিছে।[84] সেই অনুসৰি তেওঁ দুৰ্লভনাৰায়ণৰ শাসনকালো পুনৰ নিৰ্ধাৰণ কৰি চতুৰ্দশ শতিকাৰ শেষ ভাগৰ পৰা পঞ্চদশ শতিকাৰ প্ৰথম ভাগৰ মাজত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।[85]
মহেশ্বৰ নেওগে নিজৰ লেখনীত পঞ্চদশ শতিকাৰ আগভাগত কমতা ৰাজ্য শাসন কৰা আন এজন দুৰ্লভ নাৰায়ণ কথা উল্লেখ কৰিছে।[86] এইজন ৰজাৰ লগত কামৰূপ অঞ্চলৰ আৰিমত্ত ৰজাৰ যুদ্ধ হৈছিল। এছ. চি. ৰাজখোৱাই কামৰূপৰ বুৰঞ্জী, ৱেডৰ বিৱৰণ আৰু ৰতিকান্ত দ্বিজৰ ৰাজবংশাৱলী তুলনা কৰি ৰাজবংশাৱলীৰ এটা পাঠত দিয়া ১৩৬০ শক (১৪৩৮ খ্ৰীষ্টাব্দ)ক অৰিমত্তৰ ৰাজত্বৰ শেষ বছৰ বুলি গ্ৰহণ কৰিছে। সেই অনুসৰি তেওঁ মত প্ৰকাশ কৰে যে কমতাৰ ৰজা দুৰ্লভেন্দ্ৰৰ সৈতে অৰিমত্তৰ সংঘৰ্ষ “পঞ্চদশ শতিকাৰ বিশৰ দশকৰ পাছলৈ” নিব নোৱাৰি, অৰ্থাৎ দুৰ্লভেন্দ্ৰ ১৪২০ৰ দশকত বা তাৰ আগতে কমতাৰ ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় আছিল।[87] মহেশ্বৰ নেওগৰ মতে দুৰ্লভনাৰায়ণ নামৰ প্ৰথমজন ৰজাই ১৪ শতিকাৰ মধ্য ভাগত আৰু দ্বিতীয় জনে ১৫ শতিকাৰ আগ ভাগত ৰাজত্ব কৰিছিল।[88] কিন্তু বানীপ্ৰশন্ন মিশ্ৰৰ তথ্যৰ অনুসৰি প্ৰথম জন দুৰ্লভনাৰায়ণৰ শাসন কালো ১৫ শতিকাৰ আগ ভাগে আছিল। গতিকে দুয়োজন দুৰ্লভনাৰায়ণ একেই জন ৰজা হোৱাৰ সম্ভাৱনা আছে। নেওগৰ মতে দ্বিতীয় জন দুৰ্লভনাৰায়ণ ধৰ্মপাল নামৰ ৰজা এজনৰ পুত্ৰ আছিল।[89] চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ পিতৃৰ নামো ধৰ্মনাৰায়ণ আছিল।
হেম সৰস্বতীয়ে দুৰ্লভনাৰায়ণক ‘‘কমতামণ্ডল’’ৰ ৰজা বুলি উল্লেখ কৰিছে।[90][91] প্ৰাচীন কামৰূপৰ তাম্ৰশাসন আৰু সংস্কৃত ৰাজনৈতিক পৰিভাষাত ‘‘মণ্ডল’’ শব্দটো এক আঞ্চলিক বা ৰাজনৈতিক পৰিসৰ বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে। আনহাতে, চুতীয়া তামৰ ফলিত দুৰ্লভনাৰায়ণৰে ‘‘সাধয়াপতি’’ বা সদিয়াৰ ৰজা বুলি পৰিচয় দিয়া দেখা নাযায়; তাৰ বিপৰীতে তেওঁৰ পূৰ্বপুৰুষ ৰত্ননাৰায়ণ ‘‘কমতাপুৰ’’ৰ ৰজা হৈছিল বুলিহে উল্লেখ কৰিছে।
দুৰ্লভনাৰায়ণে পৃষ্ঠাপোষকতা আগ বঢ়োৱা আন এজন কবি হৈছে "হৰিবৰ বিপ্ৰ"। ইতিহাসবিদ মহেশ্বৰ নেওগে এইজন কবিকে ৰামানন্দ দ্বিজৰ "শ্ৰী শ্ৰী বংশী গোপালদেৱ চৰিত"ত উল্লেখ কৰা বংশীগোপালদেৱৰ ককাক হৰিবৰ বিপ্ৰ বুলি চিনাক্ত কৰিছে।[92] ৰচনাখনত হৰিবৰ বিপ্ৰক "কুণ্ডিল গোষ্ঠীত জাত পুৰুষ সুন্দৰ / ব্যাঘ্ৰপিণ্ডা গ্ৰামেশ্বৰ মুখ্য পণ্ডিতৰ" বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ তেওঁক কুণ্ডিল বা চুতীয়া ৰাজধানী শদিয়া অঞ্চলৰ লোক আৰু ব্যাঘ্ৰপিণ্ডা গাঁৱৰ গ্ৰামেশ্বৰ বুলি কোৱা হৈছে।[93] মহেশ্বৰ নেওগৰ মতে হৰিবৰ বিপ্ৰৰ ৰচনাত ‘‘চেতিয়া’’ শব্দৰ উল্লেখো পোৱা যায়। এই শব্দ কিছু ইতিহাসবিদে আহোম যুগৰ পৰৱৰ্তী সংস্কৰণত যোগ হোৱা বুলি ক'ব খোজে।[94] কিন্তু বুৰঞ্জী সমূহৰ পৰা দেখা যে এই চেতিয়া পদবী চুতীয়া ৰাজ্যতো আছিল[95] আৰু চুহুংমুঙে চুতীয়া ৰাজ্য দখল কৰাৰ পাছৰ পৰাহে আহোম ৰাজ্যত প্ৰচলিত হৈছিল।[96]
"কবিৰত্ন সৰস্বতী"ৰ ৰচনাৰ পৰা জনা যায় যে তেওঁক দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণয়ে পৃষ্ঠা পোষকতা আগ বঢ়াইছিল। ইতিহাসবিদ বাণীপ্ৰশন্ন মীশ্ৰৰ মতে মাধৱদেৱৰ ভনীয়েক উৰ্বশীয়ে দহ বছৰ বয়সত (১৫২৬ শতিকাত)[97] এই কবিজনৰ বংশৰ ৰামদাস আতাক বিয়া কৰাইছিল। ৰামদাস ৰত্ন সৰস্বতীৰ পাছৰ ষষ্ঠ প্ৰজন্মৰ পুৰুষ আছিল।[98] সেই অনুসৰি ইন্দ্ৰনাৰায়ণৰ শাসনকালও পঞ্চদশ শতিকাৰ প্ৰথমাৰ্ধৰ মাজভাগত (প্ৰায় ১৪২০–১৪৪০ খ্ৰীষ্টাব্দ) আছিল বুলি অনুমান কৰিব পাৰি।
এই সকলো তথ্যসমূহৰ ভিত্তিত কিছু গৱেষকে কমতা, কামৰূপ আৰু শদিয়া একেই ৰাজ শক্তিয়ে পৰিচালিত কৰিছিল বুলি ক'ব খোজে।[99] তথাপিটো কমতাপুৰৰ এই দুৰ্লভনাৰায়ণ আৰু চুতীয়া বংশৰ দুৰ্লভনাৰায়ণ একে ব্যক্তি আছিল নে নাই, সেই বিষয়ে ইতিহাসবিদ সকলৰ মাজত বৰ্তমানেও একমত পোৱা নাযায়।
ঘাৰমৰা সত্ৰ স্থাপন
[সম্পাদনা কৰক]চীনৰ লগত সম্পৰ্ক
[সম্পাদনা কৰক]চুতীয়া-আহোম যুদ্ধ
[সম্পাদনা কৰক]- চুকাফাৰ দিনৰ সম্পৰ্ক
বুৰঞ্জী সমূহৰ মতে চুকাফাৰ পুত্ৰৰ সময়ৰ পৰা চুতুফাৰ মৃত্যুৰ আগলৈকে আহোমসকলে চুতীয়া ৰাজ্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিছিল।[100][101][102] চুতীয়া ৰজাৰ লগত সম্পৰ্ক ভাল থাকিলেও আহোম ৰজা সকলে চুকাফাৰ দিনৰ পৰাই মাজে মাজে সীমান্ত অঞ্চলৰ চুতীয়া গাঁও আক্ৰমণ কৰি মানুহ ধৰি লয় আনিছিল। তেনে কিছুমান পৰিয়ালৰ উদাহৰণ বুৰঞ্জী সমূহত পোৱা যায়, যেনে: চোম চিৰিং, খাতোৱাল চেতিয়া, চেঙচাই, ঘৰ পাতৰ, ইত্যাদি। বহুতো চুতীয়া লোকক চুকাফাই পৰ্বতৰ পৰা নামি আহোঁতেও বাটত পাই ধৰি আনিছিল। [103]
- আহোম ৰজাৰ হত্যা
১৪ শতিকাৰ পাছৰ ভাগত চুতীয়া সকলে আহোম ৰজা চুতুফাক চাফ্ৰাই নৈ লৈ আমন্ত্ৰিত কৰে, কিন্তু কিবা বিবাদ হোৱাত তাৰ পৰা ধৰি লয় গৈ হত্যা কৰে। বুৰঞ্জীসমূহত কিন্তু তেওঁৰ মৃত্যুৰ ধৰণ সম্পৰ্কে একে মত পোৱা নাযায়। কিছুমান বিৱৰণত উল্লেখ আছে যে তেওঁক এটা বলধ গৰুৱে গছকাই হত্যা কৰিছিল[104][105][106], আন কিছুমানত আকৌ কোৱা হৈছে যে তেওঁক নাওতে হত্যা কৰা হৈছিল বুলি কোৱা হৈছে।[107][108] চুতুফাৰ লগত যোৱা সৈন্যবোৰ ৰাজধানীলৈ ঘূৰি আহি এই কথা সদৰি কৰে।[109][110][111] আহোম ভাষাত লিখা "আহোম বুৰঞ্জী"ত চুতীয়াসকলে (তিউৰা হিচাপে) চুতুফাক লৈ গৈ হত্যা কৰিছিল বুলি উল্লেখ কৰিছে যদিও কোনো চুতীয়া ৰজাৰ কথা (ৰজা বুজোৱা খুন শব্দ ব্যৱহাৰ কৰা নাই) উল্লেখ কৰা নাই।[112] চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চললৈ আহোম ৰাজ্য অৰাজক হৈ থাকে।[113]। পৰবৰ্তী ৰজা ত্যাও খামটিয়ে চুতীয়া ৰাজ্য আক্ৰমণ কৰে যদিও একো বিশেষ পৰিনাম পোৱা নগ'ল।
- চুতীয়া ৰাজ্যৰ হাবুঙত আহোমৰ প্ৰৱেশ
১৫১২ চনত চুতীয়াৰ হাবুঙৰ প্ৰদেশৰ পানবাৰী অঞ্চলত চুহুংমুঙে প্ৰৱেশ কৰে আৰু আগতে বামুণীয়া কোঁৱৰক তূলি লোৱা বামুণ পৰিয়ালটোক নিজৰ লগত লয়। বামুণ জনক সোণৰ লগুণ উপহাৰ দি হাতী-ঘাহী অধিকাৰী পাতি নিজৰ লগত লয়। পানবাৰীত থকাৰ সময়ত আহোম ৰজাই সেনা বাহিনীৰ কিছুমানক দিহিং নৈত মাছ ধৰিবলৈ পঠিয়াই। দিহিঙত ডাঙৰ বৰালী ধৰিবলৈ লওঁতে চুতীয়াই আহোম সেনাক দেখে। দিহিং নৈ চুতীয়া আৰু আহোম ৰাজ্যৰ সীমা আছিল, উত্তৰত চুতীয়া ৰাজ্য আৰু দক্ষিণত আহোম ৰাজ্য। চুতীয়াৰ পানীত মাছ ধৰিছে বুলি গম পাই মাণিক চন্দ্ৰ বৰুৱাই (সম্ভৱতঃ এইজন দিহিং উপত্যকাৰ শাসনকৰ্তা আছিল) মানু্হ পঠিয়াই। কিন্তু আহোম সকলে মাছৰ লগতে চুতীয়া মানু্হকো ধৰি নিয়ে। এই কথা মাণিক চন্দ্ৰ বৰুৱাই ধীৰনাৰায়ণ ৰজাৰ জোৱাঁই নিতাইক জনাই। নীতিপালৰ পৰা ধীৰনাৰায়ণে খবৰ পাই যে আহোম সেনাই দিহিঙৰ সীমা নামানি উত্তৰ পাৰৰ চুতীয়া ৰাজ্যৰ হাবুঙ অঞ্চলত প্ৰৱেশ কৰিছে।[114]
- দিখৌ-মুখৰ ৰণ
ধীৰনাৰায়ণ ৰজাই এই কথা গম পাই যুদ্ধ কৰিবলৈ মন কৰে আৰু ১৫১৩ চনত লুইতে দি আহি দিখৌমুখত কোঠ পাতে। সেই সময়ত দিখৌ মুখ আজিৰ দিনৰ কাজিৰঙা ওচৰত আছিল। চুতীয়া সেনাই দিখৌ মুখ অঞ্চলত পচলা গড় নিৰ্মাণ কৰে। তাৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকটা অঞ্চলৰ নঙকামুঙ বিলৰ পাৰত কোঠ পাতে। চেৰুৱাকটাৰ পৰা এখিনি সেনা বৰনাঁৱত উঠি চিৰা আটি অঞ্চললৈ যায়। চুহুংমুঙে চাও-চুখ্ৰিং আৰু ৰাইলুঙীয়া গোহাঁইক সৈন্য দি চুতীয়াৰ বৰনাঁৱ ধৰিবলৈ সেনা পঠিয়াই। তাৰ পাছত তেওঁ চেৰুৱাকটাৰ চুতীয়া সেনাক আক্ৰমণ কৰে। চুতীয়া সেনাই শত্ৰুৰ শক্তিৰ অনুমান নাপায় যুদ্ধত পৰাজয় হব লগিয়া হয়। এই যুদ্ধত ৪ হাজাৰ চুতীয়া সৈনিক স্বহীদ হয় আৰু ৩ হাজাৰ বন্দী হয়। বন্দী সকলৰ মূৰ কাটি আহোম ৰজাই মুণ্ডমালা বান্ধিলে।[115] সাতসৰী বুৰঞ্জীৰ অনুসৰি চুতীয়া সেনা দিখৌমুখৰ পৰা উজাই আহিছিল আৰু ডিব্ৰুমুখৰ তিনিমুণি অঞ্চলত ৫ দিন পুণৰ এখন ৰণ হৈছিল, য'ত মাণিকচন্দ্ৰ বৰুৱা, ৰজাৰ ভায়েক ঢেলা আৰু বৰহুলৈ বৰুৱাই ভাগ লৈছিল। যুদ্ধত মাণিকচন্দ্ৰ বৰুৱাৰ গাত কাড় লাগিছিল আৰু বৰহুলৈ বৰুৱাকে প্ৰমুখ কৰি চুতীয়া সেনা পিছ হুঁহকি শদিয়ালৈ আহিলে। ডিব্ৰুমুখৰ এই যুদ্ধৰ কথা কিন্তু অন্য বুৰঞ্জীত উল্লেখ কৰা হোৱা নাই, গতিকে এয়া পাছত হোৱা দিহিংমুখৰ দ্বিতীয়খন ৰণৰ বৰ্ণনাও হ'ব পাৰে যিখনত চুতীয়া সেনা পৰাস্ত হোৱাৰ পাছত আহোম সেনাই ডিব্ৰুমুখত গড় নিৰ্মাণ কৰিছিল। যুদ্ধৰ পৰাজয়ৰ ফলত দিখৌ মুখত বাকী থকা চুতীয়া সেনা সেই অঞ্চলৰ পৰা ঘূৰি আহে আৰু পানবাৰী আহোমৰ হাতলৈ যায়। তাৰ পাছত ১৫১৯ চনত চুহুংমুঙ হাবুঙৰ পৰা দিহিংমুখ অঞ্চল লৈ আহে আৰু তাত এটা কোঠ/দুৰ্গ নিৰ্মাণ কৰে। তেতিয়াৰ দিহিংমুখ আজিৰ দিনৰ পশ্চিম মাজুলী অঞ্চল হয়।[116][117]
- দিহিং-মুখৰ প্ৰথম ৰণ
১৫২০ চনত চুতীয়া সেনাই এইবাৰ আকৌ ভটিয়াই আহি আহোমৰ নতুনকৈ নিৰ্মিত দিহিংমুখৰ দুৰ্গ(মৌঙখ্ৰাঙ) আক্ৰমণ কৰে। যুদ্ধত চুতীয়া সেনা জয়ী হয় আৰু আহোম সেনাপতি খেনমোঙক মাৰি আহোম সেনাক সেই অঞ্চলৰ পৰা খেদি পঠিয়াই। ফলত দিহিংমুখৰ কোঠ চুতীয়াৰ হাতলৈ যায়।[118][119]
চুতীয়া ৰাজ্যৰ পতন
[সম্পাদনা কৰক]- নীতিপালৰ ৰাজত্ব
ইয়াৰ পাছতে ১৫২২ চনত ধীৰনাৰায়ণ ৰজাই হাবুং অঞ্চলৰ (বৰ্তমান ঢকুৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাই ৰাজ্য ভাৰ দিয়ে। ৰজা হৈ নিতায়ে নীতিপাল নাম লয়। ৰজা ধীৰনাৰায়ণে ৰাজ্য ভাৰ এৰি জামাতাক যুৱৰাজ পাতি, আপোন পুত্ৰ তিনি বছৰৰ শিশু সাধক নাৰায়ণক নীতিপালৰ হাতত সমৰ্পন কৰি দেশান্তৰিত হয়। সামান্য চুতীয়া ল'ৰা ৰজা হোৱাত ৰাজবংশৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰে। এই লোক সকলে নিত্যপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে। এই ষড়যন্ত্ৰৰ মূল নায়ক ধীৰনাৰায়ণ ৰজাৰ ভায়েক সুৰজিৎ ওৰফে সুৰধ্বজপাল আছিল। ষড়যন্ত্ৰ সফল নহ'ল। নীতিপালে তেওঁৰ বিশ্বাসী চোৰাংচোৱাৰ পৰা সকলো কথা জানিব পাৰি ষড়যন্ত্ৰত লিপ্ত বিষয়াক ভাঙি নতুন মন্ত্ৰী বিষয়া নিয়োগ কৰে। পূৰ্ব্বৰ পাত্ৰ মন্ত্ৰী গুচাই সামান্য পাত্ৰ-মন্ত্ৰী পাতি লʼলে। সূৰধ্বজপালক ধৰি আনিবৰ বাবে কাচিতৰা সেনাপতিক পঠায়। কিন্তু সুৰধ্বজ দেশ এৰি পলাই যোৱাত সেই কাম সম্ভৱ নহ'ল। নীতিপালৰ দিনত নাৰায়ণ নামৰ এজন বৰসেনাপতি আৰু ৰঘূবীৰ তথা কাচিতৰা সহসেনাপতি আছিল বুলি জনা যায়। কিন্তু সময়ত নীতিপালৰ শাসন দুৰ্বল হৈ পৰে। পূৰ্বৰ সাধাৰণ বংশৰ লগৰীয়া সকলক ৰাজ্যৰ বিষয়-বাব দিবলৈ ধৰাৰ ফলত সম্ভ্ৰান্ত বংশৰ লোকৰ বিশ্বাস আৰু আনুগত্য হেৰুৱাব লগা হয়। দোষ গুণৰ সুবিচাৰ নকৰি হকে-বিহকে প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱাৰ বাবেই নীতিপাল প্ৰজাৰ মাজত অনীতিপাল বুলি খ্যাত হৈ পৰে।[120]
- দিহিং-মুখৰ দ্বিতীয় ৰণ
চুতীয়া ৰাজ্যৰ দুৰৱস্থাৰ বাতৰি আহোম ৰজা চুহুন্মুংৰ কাণত পৰিল। ফলত সেই বছৰৰ শেষৰ পিনে(১৫২২ চন) তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। প্ৰথমতে মাজুলীৰ নঙকঙমোঙ বীলৰ ওচৰলৈ আহি তেওঁ দিহিঙমুখত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) কোঠ দি থকা চুতীয়াক আক্ৰমণ কৰিবলৈ সেনা পঠায়। যুদ্ধৰ নেতৃত্বত থকা বৰগোহাঁয়ে চুতীয়া সেনাক দিহিং মুখৰ পৰা পুবলৈ ঠেলি নিয়ে আৰু লাচাই-টাই নামৰ এজনক চুতীয়াৰ পৰা সংগ্ৰহ কৰা বৰ-নাঁৱত উঠাই ৰজাৰ ওচৰলৈ পঠায়। সেই সময়ত ৰজা বীলৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকতা নামৰ অঞ্চল এটাত আছিল। চুহুংমুঙে লাচাই-টাইক যুদ্ধৰ খবৰ লয়। লাচাই-টাই ৰজাক জনাই যে চুতীয়া সৈন্য লুইত(টিলাও) নৈ ওচৰৰ অঞ্চলৰ লগতে ডিব্ৰুমুখৰ(চোপ-নাম-টিফাও) পানীত কোঠ পাতি আছে।[121] ইয়াৰ পাছতে হয়টো আগতে উল্লেখ কৰি অহা ডিব্ৰুগড় ৰণখন সংঘটিত হয়।
- ডিব্ৰু-মুখ/ডিব্ৰুগড়ৰ ৰণ
১৫২৩ চনৰ কাতি মাহত চুহুংমুঙৰ আদেশত ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে নিজৰ সমস্ত সৈন্য বাহিনী লয় ডিব্ৰুমুখলৈ আগ বাঢ়ি আহি তাত এটা গড় নিৰ্মাণ কৰে। চুহুংমুঙে চৰাইদেউ লৈ আহি ভগৱানৰ ওচৰত বলি আগ বঢ়ায়। ১৫২৩ চনৰ আঘোণ মাহত চুহুংমুঙে সৈন্য বাহিনী লয় আগ বাঢ়ি চেঁচামুখত কোঠ দিয়ে। নীতিপালে গড় বন্ধাৰ খবৰ পাই শদিয়াৰ পৰা লাৰুপাৰা(বৰ্তমান চাবুৱাৰ ওচৰৰ) লৈ আগ বাঢ়ি আহে। তাৰ পৰা তেওঁ শত্ৰুক দেশৰ পৰা খেদিবলৈ বুঢ়া বৰুৱাৰ নেতৃত্বত ডিব্ৰুমুখ লৈ সৈন্য বাহিনী পঠিয়ায়। সম্ভৱতঃ এজন ডিব্ৰু উপত্যকাৰ শাসনকৰ্তা আছিল। চুতীয়া সেনাপতি জনে ৰজাৰ আদেশ মতে ডিব্ৰুগড় আক্ৰমণ কৰে। আনপিনে চুহুংমুঙেও ডিব্ৰুমুখলৈ আহি যুদ্ধত ভাগ লয়। ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে একলগ হৈ পথে দি আগ বাঢ়ি চুতীয়াৰ নৌ বাহিনীক আক্ৰমণ কৰে। চুতীয়াৰ নৌ সেনাৰ নেতৃত্বত আছিল কাচিতৰা, চুলুকী চেতিয়া (GC Baruaৰ বুৰঞ্জীত এলেঙী চেতিয়া বুলি কোৱা হৈছে) আৰু বৰপাত্ৰ নামৰ তিনিজন সেনাপতি। বৰপাত্ৰ জন সম্ভৱতঃ সোৱণশিৰি উপত্যকাৰ তথা হাবুঙৰ শাসনকৰ্তা আছিল, যিজনক তামৰ ফলিত হাবুঙাধিপতি বৃহৎ পাত্ৰ বুলি উল্লেখ কৰা হৈছে। কাচিতৰা আছিল লুইত উপত্যকাৰ শাসনকৰ্তা। যুদ্ধত চুতীয়া সেনা পৰাস্ত হয়। পিছ দিনা চুহুংমুঙ ৰজাই গড়ত থকা সকলো মন্ত্ৰী ডাঙৰীয়া আৰু সেনাক লগত লৈ আগ বাঢ়ি সোণাৰী অঞ্চলত (বৰ্তমান কাকপথাৰ অঞ্চল) সোমায়। [122]
- নীতিপালৰ সন্ধি প্ৰস্তাৱ
ইয়াকে দেখি নীতিপালে আহোম ৰজা লৈ কটকীৰ সৈতে কিছুমান উপহাৰ পঠায়। উপহাৰ সমূহৰ মাজত আছিল সোণৰ কাণফুলী/কেৰু(তং-ৰু-খাম), সোণোৱালী মেখেলা(চিন-খাম), কপাহী কাপোৰ(ফ্ৰা-নোন), ৰূপৰ বিচনা(থা-কা-ঙেন), পাটি, ইত্যাদি। সকলো উপহাৰ গ্ৰহণ কৰিও চুহুংমুঙে চুতীয়া ৰাজ সম্পদ(সোণ-ৰুপৰ মেকুৰী, সোণ-ৰুপৰ ছত্ৰ, ৰাজকীয় খাট আৰু ৰাজ দণ্ড), ১০টা দতাল হাতী, এজনী মাখুন্দী হাতী আৰু এজনী ছোৱালী বিচাৰি পঠায়। নীতিপালে ছোৱালী আৰু হাতী দিবলৈ মান্তি হয় যদিও ৰাজকীয় সম্পদ পূৰ্বপুৰুষৰ সম্পত্তি বুলি দিবলৈ নিবিচাৰে। ইয়াৰ বিপৰীতে এক মাহৰ পাছত সোণ-ৰুপৰ জাপি(কোপ-খাম-ঙেন), সোণৰ তেমি(খোপ-খাম), সোণৰ তোম(লিউ-খাম), সোণৰ ছত্ৰ (চাং-খাম), সোণৰ খাৰু(মাউ-খাম), সোণৰ ভৰিৰ খাৰু(খু-টিন-খাম), হাতী, ঘোঁৰা, হাতীৰ দাতৰ পাটি, কটাৰী আৰু পানীকমলী কাপোৰ দি পঠায়। সমান্তৰাল ভাৱে নীতিপালে লুইতৰ পাৰত এটা দুৰ্গ নিৰ্মাণ কৰিবলৈ লয় আৰু তাতে থাকে। দুৰ্গ নিৰ্মাণৰ কথা শুনি, ৰাজসম্পদ নাপায় আৰু লগতে উপহাৰৰ মাজত কটাৰী দেখি চুহুংমুঙ ৰজাই শদিয়াপুৰ আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰে।[123]
- শদিয়াৰ ৰণ
১৫২৪ চনৰ বহাগত লুইত নৈ পাৰ হৈ শদিয়া(সধয়াপুৰ) আক্ৰমণ কৰে। ব'হাগ মাহৰ বিহুৰ দিনা শদিয়া আক্ৰমণ কৰা হৈছিল। বিহুৰ দিনা শদিয়াৰ চাৰি শালত বৰ-বলি আয়োজন কৰা হয়, যʼত দেউৰী পূজাৰীৰ বাহিৰে অন্য লোকে হাতত অস্ত্ৰ লোৱাতো বৰ্জিত আছিল। আজিও এই বৰবলিৰ নিয়ম শদিয়া অঞ্চলৰ থান সমূহত পালন কৰা হয়। সেই সময়ত সৌমাৰ খণ্ডত একমাত্ৰ চুতীয়া সকলৰ মাজত হে খাৰ-বাৰুদ বা হিলৈ-বৰটোপৰ প্ৰচলন আছিল। সেই বাবে হয়তো আক্ৰমণকাৰী সকলে বিহুৰ বতৰত আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰি লৈছিল। বুৰঞ্জী সমূহৰ মতে সেই সময়ত দুৰ্গৰ লগতে নীতিপালে পুখুৰী এটাও খন্দাই আছিল। লুইতৰ মুখৰ দুৰ্গত হঠাতে কৰা আক্ৰমণ সহিব নোৱাৰি নীতিপাল চন্দনগিৰি লৈ গুচি আহে আৰু কাচিতৰা দৈথাং পৰ্বতত উঠে।[124]
- চন্দনগিৰি আৰু দৈথাং পৰ্বতৰ ৰণ
চুহুংমুঙে শদিয়াৰ বৰনগৰত থাকি ফ্ৰাচেংমুঙ বৰগোহাঁই আৰু কিঙলুন ৰাজমন্ত্ৰীক(বুঢ়াগোহাঁই) চন্দনগিৰি লৈ আক্ৰমণ কৰিবলৈ পঠায়। আনহাতে কনচেং ধনুদাৰী গোহাঁইক (চাও-চঙ কুঙ-ৰিণ) কাচিতৰাৰ লগত যুঁজিবলৈ দৈথাং পৰ্বতলৈ পঠায়। ইফালে চুতীয়া ৰজাৰ তামুলী গজৰাই বৰুৱা আৰু তেওঁৰ পৰিয়ালক আহোম বাহিনীয়ে বন্দী কৰে আৰু চুতীয়া ৰজা ৰাণীৰ আত্মগোপন স্থান প্ৰকাশ কৰিবলৈ বাধ্য হয়। বুৰঞ্জী অনুসৰি সেহি সময় চুতীয়া ৰজাৰ তামুলী গজৰায় বৰুৱা হাবিত পলাই আছিল। তাৰে ল'ৰাৰ কান্দন শুনি ফ্ৰাচেংমুঙৰ পুত্ৰ ঘৰ সন্দিকৈয়ে বেঢ়ি ধৰিলে বোলে-"ৰজাৰ কথা ক নকলে কাটিম।" এই বুলি তাৰ ল'ৰা তিৰোতাক বন্দী কৰি তাক পঠাই দিলে। বহু প্ৰচেষ্টা সত্ত্বেও গজৰায়ে ৰজাক বিচাৰি নাপাইছিল। শেষত ৰাণীৰ ভোক লাগিলত জুৰি এখনৰ কাষত ভাত ৰান্ধোতে উঠা ধোঁৱা দেখিহে গম পালে আৰু সেইমতে আহোম বিষয়াসকলক জনালেহি যে চুতীয়া ৰজা ৰাণীয়ে চন্দনগিৰিৰ এখন পাহাৰীয়া জুৰিৰ ওচৰত আশ্ৰয় লৈছে।[125] চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহয়। চুতীয়া সেনাই ওপৰৰ পৰা শিল বগৰাই আৰু দলিয়াই বহুতো আক্ৰমণকাৰীৰ হত্যা কৰে। সাতসৰী আৰু অসম বুৰঞ্জীৰ (SM)ৰ পৰা জনা যায় যে সেই সময়ত সাধনী ৰাণী গৰ্ভৱতী আছিল। GC Baruaৰ আহোম ভাষাৰ বুৰঞ্জীত ৰাণী/কোঁৱৰী গৰাকীক নাঙ-লুং কোৱা হৈছে। লগতে উল্লেখ আছে ৰজা আৰু তেওঁৰ পুত্ৰ। যিহেতু নাঙ-লুঙৰ অৰ্থ ৰাণী নে কোঁৱৰী সঠিক কয় ক'ব নোৱাৰি গতিকে এই তিনি গৰাকী লোক নাইবা ধীৰনাৰায়ণ, সাধনী আৰু নীতিপাল/সাধকনাৰায়ণ বা নীতিপাল, সাধনী আৰু তেওঁৰ পুত্ৰ হ'ব পাৰে। উল্লেখযোগ্য যে নীতিপাল সাধনীৰ বিয়া ১৫১২ৰ আগতেই হৈ গৈছিল কাৰণ অসম বুৰঞ্জী(SM)ৰ অনুসৰি ১৫১৩ চনত ধীৰনাৰায়ণক আহোমৰ বিষয়ে তেওঁৰ জোঁৱায়েকে খবৰ দিছিল। সাধনী আৰু নীতিপালৰ লগতে ১২০ গৰাকী কোঁৱৰীয়েও শিলা কুচাই বিৰোধী পক্ষৰ সৈনিকক মাৰে। আহোম সৈন্য চন্দনগিৰি পৰ্বতত উঠিবলৈ সক্ষম নহৈ পিছুৱাই আহিব লগাত পৰে আৰু এজন চুতীয়া সৈনিকক লগত ধৰি আনে। ইয়াৰ পাছত আক্ৰমণকাৰী সকলে ৰননীতি কৰি পৰ্বতৰ তিনিফালে বেৰি ধৰিব লয়। চাও ৰু-পক আৰু কিছু লোক ঘিলা গছৰ সহায়ত চন্দনগিৰি পাহাৰত উঠিল, কিন্তু মানুহ নেদেখিলে। আগ বাঢ়ি গৈ এখন গাঁও পালে আৰু তাত দুকুৰিমান মানুহ দেখিলে। চুতীয়া বুৰঞ্জী অনুসৰি ফ্ৰাচেংমুঙ বৰগোহাঁই কিছু লোকক ঘিলা গছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। হয়তো এই সকল আগতে ধৰি অনা চুতীয়া বন্দী আছিল। আগৰ দিনত ঢোল বজোৱাটো যুদ্ধত জয়ৰ প্ৰতীক আছিল। ঢোল বজাই বিজয়ৰ কথা জনাই দিয়া হয়। সেই বাবে পাহাৰৰ ওপৰত উঠি থকা ৰজা ৰাণীয়ে বিহুৰ বতৰত ঢোলৰ মাত শুনি বাহিৰলৈ উলাই আহে আৰু তিনিও ফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়। নীতিপালক আহোম সেনাই বৰদ্বাৰত দেখিলে।
তথাপিও চুতীয়া সেনানী যি সকল আছিলে সেই সকলে আকৌ শিল দলিয়াই কিছু শত্ৰুক মাৰিলে।নীতিপালে শত্ৰুৰ গালৈ কাড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ জানমোঙখাম হাতীবৰুৱাৰ (ফু-কে-চং) কাড় লাগি মৃত্যু বৰণ কৰে। সাধনীয়ে নিজৰ মহিলা সৈন্য বাহিনীক লগত লয় যুঁজ দিয়ে যদিও শেষত পৰাস্ত হৈ চন্দনগিৰিৰ পৰা জাপ মাৰে। প্ৰায় সংখ্যক বুৰঞ্জীত সাধনীয়ে আত্মবলিদান কৰিছিল বুলি আছে যদিও গোপাল চন্দ্ৰ বৰবৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত ৰাণীৰ (নাঙ-লুং) গাত যাঠি লাগিছিল বুলি উল্লেখ আছে। যিকি নহওক এই তথ্য পৰাও ৰানী সাধনীয়ে আত্মসমৰ্পণ নকৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাহে পোহৰলৈ আনে, কাৰণ আত্মসমৰ্পণ কৰা হ'লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰা নহ'ল হয়। আনপিনে কাচিতৰাক কনচেঙে দৈথাং পৰ্বতত পৰাস্ত কৰে। [126]
চুতীয়াৰ এই চন্দনগিৰিৰ অন্তিমখন ৰণৰ বিষয়ে চুতীয়াসকলে বিষাদৰ সুৰেৰে বিহু গীতত আজিও গাই[127]-
“দেহি এ...
কনচেঙে লৈ গ’ল জোলোঙাত ভৰাই নীতিপাল ৰজাৰ মূৰ,
ৰাণী সাধনীয়ে প্ৰাণত্যাগ কৰিলে এ বুকু হমহমাইছে মোৰ।
বিহুগীতত চুতীয়াসকলৰ আহোমৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ প্ৰতিফলন হোৱা দেখা যায়। যুদ্ধই সৰ্বসাধাৰণ প্ৰজাৰ মনলৈ কঢ়িয়াই আনিছিল ভীতি গ্রস্ততা, সংশয় আৰু অনিশ্চয়তা। এই কথা চুতীয়া সকলে আজিও বিহুগীতত এনেকৈ গাই[128]:
ডিবুৰুৰ ৰণেখন শদিয়াত লাগিলে
মিৰিয়নী কান্দিলে চাঙত,
সৰুৰে পৰা পীৰিতি কৰিলোঁ
নেৰিবা দুখৰে কালত।বাৰীৰে ঢাপতে গছে আমলখি
আনি দিম মহঙৰ লোণ,
শদিয়া ৰণলৈ চিন্তিব নালাগে
তোমাকনো বুলি যাওঁ সোণ।নৈৰ ৰঙা গড়া দলনি দোপনি
হৰিণা চিঞৰে বনত,
তোমাৰ সন্তাপত থাকিব নোৱাৰো
মৰিমগৈ শদিয়া ৰণত।কোনে আনি দিব লোণে আমলখি
কোনে আনি দিব জৰা,
কোনে আনি দিব ধনৰে বাতৰি
শদিয়া ৰণৰে পৰা।
ৰাজ্য পতনৰ পৰবৰ্তী পৰিস্থিতি
[সম্পাদনা কৰক]চুতীয়া ৰজা নীতিপাল, তেওঁৰ পুত্ৰ আৰু কাচিতৰা তিনিওৰে মূৰ চন্দগিৰি আৰু দৈথাঙৰ পৰা কাটি আনি শদিয়াত থকা চুহুংমুঙৰ আগত প্ৰস্তুত কৰা হয়। দেওধাই বুৰঞ্জীৰ মতে সাধনীৰ মূৰটো কাটি অনা হৈছিল। ৰজা আৰু পুত্ৰৰ মূৰ কেইটা নচোৱাই পৰ্বতত মুণ্ডামালা বান্ধি শেষত চৰাইদেউৰ শালৰ খটখটিত পোতি থোৱা হয়। অসম বুৰঞ্জী(SM)ৰ মতে আহোম সেনাই সাধনীৰ মৃত শৰীৰৰ পৰা কঁকালত পিন্ধা সোণৰ কঙ্কালি লয় আনি শদিয়াৰ থানলৈ আনিছিল, কিন্তু তাত কিছুমান চুতীয়াই আক্ৰমণ কৰি লাপিত ফাংত্যাং দেওধাই নামৰ এজনক হত্যা কৰিছিল। Edward Gaitৰ A History of Assamত উল্লেখ কৰা মতে ৰাণীৰ মৃত্যু যাঠী লাগ হৈছিল। GC Baruaৰ Ahom Buranjiত ৰাণীৰ(নাঙ-লুং) বিষয়ে দিয়া আছে যদিও এই অংশৰ অনুবাদ দিয়া হোৱা নাই। অংশটোত "টিং" শব্দৰ উল্লেখ চাই ক'ব পাৰি যে ইয়াতো ৰাণীৰ গাত "যাঠী" লগাৰ কথাই উল্লেখ আছে। "পুৰণি অসম বুৰঞ্জীৰ অনুসৰি কোঁৱৰী কিছুমানক কাটিছিল আৰু কিছুমানক ধৰি আনিছিল[129]। অন্য বুৰঞ্জী সমূহত এই অংশত ৰানী সাধনীৰ(নাঙ-লুং) কথ উল্লেখ কৰা হোৱা নাই।
চুতীয়া ভূমিৰ বিতৰণ
[সম্পাদনা কৰক]শদিয়া ৰাজধানী শাসন কৰিবলৈ ফ্ৰাচেংমুঙ বৰগোহাঁইক তিনিশ সৈনিক দিয়া হৈছিল। শদিয়া আৰু দিহিং অঞ্চলত নতুনকৈ আহোম ৰাজ্যৰ মানুহ আনি থাকিবলৈ দিয়া হয়।[130] চুতীয়া ৰাজ্যৰ প্ৰদেশ সমূহ ভাল দৰে শাসন কৰিবলৈ বহুতো নতুন পদবী সৃষ্টি কৰা হয়। ১৫২৬ চনত চাওচেং কুঙৰিন (ধনুধৰিয়া গোহাঁই) কনচেঙক থাওমৌঙ মৌঙ-তেও (ভটিয়লীয়া গোহাঁই বা নামনিয়াল সন্দিকৈ[131]) পতা হয়। এইজনক হাবুঙ অঞ্চলত ৰখা হয় আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশ্বনাথৰ, লখিমপুৰ আৰু ধেমাজি শাসন কৰিবলৈ দিয়া হয়। একেই বছৰতে থাওমৌঙ বানলুং (বানলুঙীয়া গোহাঁই) খেওখেনক থাওমৌঙ লৌঙ-ক্লং (দিহিঙীয়া গোহাঁই) পতা হয়। সেই সময়ত দিহিং নৈ পাটকাইৰ পৰা ডিগবৈ, দিহিং-পাটকাই অৰণ্য, তিপাম, নাহৰকটীয়া, মৰাণহাট, চেপন, বকতা, চৰগুৱা হৈ ব্ৰক্ষ্মপুত্ৰৰ সমান্তৰাল ভাৱে বৈ গৈ পশ্চিম মাজুলী/বোকাখাত অঞ্চলত ব্ৰক্ষ্মপুত্ৰত পাৰিছিল। এইজন গোহাঁইক দিহিং প্ৰদেশ অৰ্থাৎ মাজুলী, উত্তৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু দক্ষিণ তিনিচুকীয়া লৈকে শাসন কৰিবলৈ দিয়া হয়। সাতসৰী বুৰঞ্জীত উল্লেখ কৰা মতে প্ৰথমতে ফ্ৰাচেংমুঙ বৰগোহাঁইক শদিয়াৰ ৰাজ আৰু কিংলুন বুঢ়াগোহাঁইক দিহিং ৰাজ দিয়া হৈছিল।[132]
১৫২৬ চনত হোৱা চুতীয়া বিদ্ৰোহৰ ফলত ডিব্ৰুগড়ত নতুন এখন প্ৰদেশ গঠন কৰি ১৫২৭ত চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হয়, যাতে ১৫২৬ৰ দৰে শদিয়া অঞ্চলত পুনৰ বিদ্ৰোহ হ'লে ডিব্ৰু প্ৰদেশৰ সেনাই শদিয়া বাহিনীৰ সহযোগ কৰিব পাৰে। ইয়াৰ উপৰিও একেই সময়তে কিংলুন বুঢ়াগোহাঁইক "থাও-মুঙ-বঙেন" পাতি তিনিচুকীয়া অঞ্চল শাসন(সোণাৰীৰ পৰা লুইতৰ লৈকে) কৰিবলৈ দিয়া হয়।[133] একেই বছৰে মুচলমানৰ বৰ উজিৰৰ নেতৃত্বত অহা আক্ৰমণকাৰী সকলক লখিমপুৰ-বিশ্বনাথ অঞ্চলৰ পৰা খেদি ধনুধৰিয়া গোহাঁই চেঙপেমক থাওমুং কটক পাতি লখিমপুৰৰ ফুলবাৰী অঞ্চল শাসন কৰিবলৈ দিয়া হৈছিল।[134] শদিয়াৰ মহং (নগা পাহাৰৰ মহঙতকৈ পৃথক) অঞ্চলৰ লোণৰ খাট ৰক্ষা কৰিবলৈ "থাও-মুঙ-বক্লাঙ" বা হাটখোৱা গোহাঁই নিযুক্ত কৰা হৈছিল। বুৰঞ্জীৰ পৰা জনা যায় যে ১৫২৯ চনত হোৱা চুতীয়া বিদ্ৰোহত দুয়োজন গোহাঁই (ফ্ৰাচেংমুঙ বৰগোঁহাই আৰু কিংলুন বুঢ়াগোহাঁই) একেলগে শদিয়া-তিনিচুকীয়া অঞ্চলতে শাসন কৰি আছিল। একেই বছৰৰে(১৫২৭) শেষৰ পিনে কনচেঙক ভটিয়লীয়া গোহাঁইৰ পৰা নতুন পদবী "চাও-চেঙলুং"(ৰাজমন্ত্ৰী) দিয়া হয়[135]। পূৰ্বতে ৰাজমন্ত্ৰী পদবীটো বৰগোঁহাই বা বুঢ়াগোহাঁই এজনক দিয়া হৈছিল। ৰাজমন্ত্ৰী পাতি চুহুংমুঙে কনচেঙক দুয়োজন গোহাঁইৰ লগত একেই শাৰিতে ৰাখি সমমৰ্যাদা দিছিল।
চুতীয়াৰ বৰপাত্ৰ পদবীটো চুহুংমুঙৰ দিনটো অব্যাহত আছিল। চুক্লেংমুঙ(চুহুংমুঙৰ পুত্ৰ) ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ এজনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণজন বেহাৰলৈ পলাই যায়[136]। এই বৰপাত্ৰ জন হয়টো পুৰণি চুতীয়া বৰপাত্ৰ জনেই আছিল (ডিব্ৰাৰুগড় ৰণত আত্মসমৰ্পণ কৰিব পাৰে) বা একেই পৰিয়ালৰ লোক আছিল। তেওঁৰ মৃত্যুৰ পাছতে হয়টো "চাও-চেঙলুং" আৰু "বৰপাত্ৰ" উপাধি দুটা মিলি "বৰপাত্ৰগোঁহাই" হিচাপে জনাজাত হয়।[137]
এই সকলো কথাৰ পৰা সহজে ধৰিব পাৰি যে চুহুংমুঙে পূৰ্বৰ চুতীয়া বিষয়া সকলৰ ঠাইতেই একো একোটা নতুন পদবী গঠন কৰিছিল। চুতীয়া বৰপাত্ৰৰ ঠাইত প্ৰথমতে ভটিয়লীয়া গোহাঁই আৰু পাছলৈ বৰপাত্ৰ গোহাঁই, মাণিক চন্দ্ৰ বৰুৱাৰ ঠাইত দিহিঙীয়া গোহাঁই, ডিব্ৰুৰ বুঢ়া বৰুৱাৰ ঠাইত চাওলুং চুলিঙ আৰু শদিয়া-তিনিচুকীয়াত কাচিতৰা বৰুৱা বা ৰজাৰ ঠাইত দুয়ো প্ৰমুখ গোহাঁই। ইয়াৰ পাছত দিহিঙৰ পাৰৰ বকতাত নতুন ৰাজধানী এখন নিৰ্মাণ কৰা হয়।[138]
ৰাজ্যৰ প্ৰশাসনিক আৰু সামৰিক ব্যৱস্থা
[সম্পাদনা কৰক]চুতীয়া ৰজা ৰাজ্যখনৰ সাৰ্বভৌম শাসক আছিল; তেওঁৰ পাছত ৰাজকুমাৰ আৰু অন্যান্য ৰাজবংশীয় দাবীদাৰসকলৰ স্থান আছিল। বুৰঞ্জীসমূহত ৰজাৰ ভাতৃ ধেলাই যুদ্ধত অংশ লোৱাৰ কথা উল্লেখ আছে, আনহাতে চুতীয়া বুৰঞ্জীত সুৰধ্বজপালক সিংহাসনৰ দাবীদাৰ হিচাপে উল্লেখ কৰা হৈছে। ৰজাক পাত্ৰ-মন্ত্ৰী নামেৰে জনাজাত এটা মন্ত্ৰী পৰিষদে সহায় কৰিছিল; এই পৰিষদৰ সদস্যসকলে পাত্ৰ আৰু বৰপাত্ৰ আদি উপাধি বহন কৰিছিল। কাশিতৰা, যাক আহোম বুৰঞ্জীত কাইতৰা বুলিও উল্লেখ কৰা হৈছে, চুতীয়া ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ পাত্ৰ-মন্ত্ৰী আৰু সেনানায়ক আছিল। যুদ্ধৰ অন্তিম পৰ্যায়ত ৰজা আৰু কাশিতৰাৰ গতিবিধি পৃথকভাৱে উল্লেখ কৰাটোৱে তেওঁৰ উচ্চ মৰ্যাদাৰ ইংগিত দিয়ে—ৰজাই দৈ-চন্দন বা চন্দনগিৰিৰ দুৰ্গ প্ৰতিৰক্ষা কৰিছিল আৰু তাৰ বিপৰীতে কাশিতৰাই দৈ-ঠাঙৰ দুৰ্গত আশ্ৰয় লৈছিল, য'ত পাছত তেওঁ পৰাজিত আৰু নিহত হয়।
তামৰ ফলিৰ পৰা গম পোৱা যায় যে বৰপাত্ৰ বা বৃহৎপাত্ৰই হাবুং আৰু তাৰ সংলগ্ন উত্তৰ-পাৰ অঞ্চল শাসন কৰিছিল; তেওঁৰ মুখ্য কাৰ্যালয় সম্ভৱতঃ হাবুং–সোৱণশিৰি অঞ্চলত আছিল। বুৰঞ্জীসমূহত পাটৰলুং নামেৰে টাই ভাষাত উল্লেখিত এজন বৰপাত্ৰৰ কথাও পোৱা যায়, যি কাশিতৰা আৰু এলেঙী চেতিয়াৰ সৈতে ডিব্ৰুমুখত চুতীয়া নৌবাহিনীৰ এজন সেনানায়ক আছিল। চুতীয়া ৰাজ্যৰ পতনৰ পাছতো পাত্ৰ উপাধিটো প্ৰচলিত হৈ আছিল। বুৰঞ্জীসমূহত প্ৰায় ১৫৫০ চনত কংসপাত্ৰ নামৰ এজনে শদিয়াত চুতীয়া বিদ্ৰোহ সংগঠিত কৰি নিজকে ৰজা ঘোষণা কৰাৰ কথা উল্লেখ আছে।
যুদ্ধলৈ পঠিওৱা সেনাধ্যক্ষ বা সেনানায়ক সকলক সেনাপতি অথবা বৰসেনাপতি বুলি কোৱা হৈছিল। চুতীয়া বুৰঞ্জীত নীতিপালৰ অধীনত নাৰায়ণ নামৰ এজনক বৰসেনাপতি আৰু ৰঘুবীৰ আৰু কাশিতৰাক সেনাপতি পতাৰ কথা উল্লেখ কৰা হৈছে। পাত্ৰ উপাধিৰ দৰে সেনাপতি উপাধিও ৰাজ্যৰ পতনৰ পাছতো চলি আছিল। বুৰঞ্জীসমূহত প্ৰায় ১৫৭২ চনত শদিয়া অঞ্চলত এজন চুতীয়া "সেনাপতি"য়ে আন এটা চুতীয়া বিদ্ৰোহৰ নেতৃত্ব লোৱাৰ কথা পোৱা যায়। ১৮ শতিকাত বৰসেনাপতি মটক মুখিয়াল সকলৰ বংশানুক্ৰমিক শাসকীয় উপাধি হৈ পৰে। ব্ৰিটিছ পৰ্যবেক্ষকসকলে এই পৰিয়ালটোক ৰাজকীয় বুৰুক চুতীয়া গোটৰ অন্তৰ্গত আৰু শদিয়াৰ পৰা প্ৰব্ৰজন কৰা বুলি চিনাক্ত কৰিছিল।
পাত্ৰ-মন্ত্ৰী আৰু মুখ্য সেনাপতি সকলৰ তলত কেইবাজনো আঞ্চলিক মুখিয়া আৰু বিষয়া আছিল, যিসকলক বুৰঞ্জীসমূহত সামূহিকভাৱে বৰা-বুৰুক বুলি উল্লেখ কৰা হৈছে। তেওঁলোকে বৰুৱা, বৰা, চেতিয়া, পাল আদি উপাধি বহন কৰিছিল। বুৰঞ্জীৰ অনুসৰি মাণিকচন্দ্ৰ বা মাণিচন্দ্ৰ বৰুৱা আৰু বৰহুলৈ বৰুৱা দিহিং–মাজুলী অঞ্চলৰ সৈতে সম্পৰ্কিত বিষয়া আছিল; তাত তেওঁলোকে আঞ্চলিক আৰু সামৰিক কৰ্তৃত্ব প্ৰয়োগ কৰা যেন দেখা যায়। এই দুই গৰাকী বিষয়ায়ে পাছলৈ ডিব্ৰুমুখৰ যুদ্ধখনত অংশ লয়। এলেঙী বা চুলুকি চেতিয়া আন এজন চুতীয়া বিষয়া আছিল, যিয়ে কাশিতৰা আৰু পাতৰলুঙৰ সৈতে ডিব্ৰুমুখৰ যুদ্ধত নৌবাহিনীৰ নেতৃত্বত কৰিছিল। বৰাও সামৰিক বা অধীনস্থ বিষয়াৰ উপাধি হিচাপে ব্যৱহৃত হৈছিল। দেউৰী সমাজত "বৰা"ক মন্দিৰ আৰু তাৰ পৱিত্ৰ প্ৰতিষ্ঠানসমূহৰ ৰক্ষাৰ দায়িত্বত থকা বিষয়া হিচাপে সংৰক্ষণ কৰা হৈছে। আজিও বৰা সকল দেউৰী মন্দিৰসমূহৰ প্ৰতিষ্ঠানিক পৰিষদৰ অংশ।
এই উচ্চপদস্থ বিষয়াসকলৰ তলত স্থানীয় বিষয়া আছিল, যিসকলে প্ৰশাসন, জনবল সংগঠন আৰু প্ৰতিৰক্ষাত সহায় কৰিছিল। ইয়াৰ এটা উদাহৰণ হৈছে থাও-মান, যাক অসমীয়া বিৱৰণ সমূহত গাঁওবুঢ়া বা থাওবান বৰুৱা বুলি অনুবাদ কৰা হৈছে। চুতীয়া ৰজাই তেওঁক লাৰুপাৰা (বৰ্তমানৰ চাবুৱা আঞ্চল) অঞ্চলৰ পৰা ডিব্ৰুমুখৰ যুদ্ধলৈ পঠিয়াইছিল। এই প্ৰসংগত এই পদটো পাছৰ গাঁও-স্তৰৰ গাঁওবুঢ়া পদতকৈ অধিক গুৰুত্বপূৰ্ণ আছিল বুলি অনুমান কৰিব পাৰি; ইয়াত স্থানীয় নেতৃত্বৰ সৈতে সামৰিক জনবল সংগঠনৰ দায়িত্বও জড়িত আছিল।
তামৰ ফলি আৰু বুৰঞ্জীসমূহত আন কিছুমান বিশেষায়িত বিষয়াৰ কথাও উল্লেখ আছে। ভূমিদান ফলি সমূহত বলাধ্যক্ষ—অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ তত্ত্বাৱধায়ক—আৰু ন্যায়পাল—অৰ্থাৎ ন্যায় আৰু বিচাৰৰ সৈতে জড়িত বিষয়া—ৰাজকীয় দানৰ সাক্ষী হিচাপে উল্লেখিত হৈছে। তামৰ ফলি এখনত কটকী-তৈল্য-জাতক বুলি লোক এজনৰ উল্লেখ পোৱা যায়; মহেশ্বৰ নেওগে প্ৰাচ্য-শাসনাৱলীত এই শব্দটোৱে পদাধিকাৰী এজনক বুজোৱা হৈছিল বুলি ধৰি লৈছে। ৰাজকীয় দানপত্ৰ প্ৰস্তুত কৰা সকলক লিপিকাৰ আৰু স্বৰ্ণকাৰ বুলি কোৱা হৈছিল। আহোম বুৰঞ্জী আৰু হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিনত চুতীয়া ৰাজ্যৰ সৈতে সম্পৰ্কিত চুতীয়া কটকী, ভঁৰালী, ভাণ্ডাৰী আৰু তামুলী পদাধিকাৰী সকলৰ কথা উল্লেখ কৰা হৈছে। কটকীয়ে দূত, বাৰ্তাবাহক বা কূটনৈতিক মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল; ভঁৰালী আৰু ভাণ্ডাৰী সকল ৰাজকীয় ভঁৰাল, অস্ত্ৰাগাৰ, মূল্যৱান সামগ্ৰী বা যোগানৰ সৈতে জড়িত আছিল। চুতীয়া ৰজায়ে কোচ জনগোষ্ঠীৰ শুকান মঙহৰ ভৰালী এজন ৰাখিছিল। খেঙুলী চেতিয়া চুতীয়া ৰজাৰ ভাণ্ডাৰী এজনৰ পৰা বঢ়া বংশ আছিল। গজৰাই তামুলীক চুতীয়া ৰজাৰ তামুলী বুলি উল্লেখ কৰা হৈছে; সম্ভৱতঃ তেওঁ ৰাজগৃহ, উদ্যান, তামোলৰ যোগান বা আনুষ্ঠানিক সামগ্ৰীৰ সৈতে জড়িত দায়িত্ব পালন কৰিছিল। ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ অন্তৰ্গত আছিল দেউৰী পুৰোহিত বৰ্গ, মন্দিৰৰ তত্ত্বাৱধায়ক আছিল মেধি, বাৰিক, বৰা, ভৰালী, ইত্যাদি সকল।
চুতীয়া ৰাজ্যৰ স্থাপত্য আৰু কীৰ্তিচিহ্ন
[সম্পাদনা কৰক]চুতীয়া ৰাজ্যত পোৱা সম্পদ
[সম্পাদনা কৰক]চুতীয়া ৰাজ্যৰ পৰা কমাৰ, সোণাৰি, কমাৰ, কুমাৰ, কহাৰ, তাতি, খনিকৰ, বাঢ়ৈ, বামুণ, কায়স্থ, গণক, কলিতা, ইত্যাদি বহুতো ভিন্ন ভিন্ন বৃক্তিকৰ লোক পোৱা গৈছিল। ইয়াৰ বহুতো লোকক ৰজাই নিজৰ ৰাজধানী লৈ লয় আনে। চুতীয়াৰ বাহিৰে মিচিং, দেউৰী, কিছু মৰাণ আৰু কোচ জনগোষ্ঠীৰ লোকো চুতীয়া ৰাজ্যৰ নাগৰিক আছিল। তাৰে চুতীয়া ৰাজ্যৰ মিচিং সকলক "চুতীয়া মিৰি" কোৱা হৈছিল যি সকল আজিৰ দিনৰ বাৰগাম মিচিং যেনে দলে, পেগু, পায়েং, টাইদ, ইত্যাদি। চুতীয়া ৰজাৰ শুকান মাংসৰ ভৰালী জন কোচ লোক আছিল। তিনি হাজাৰ চুতীয়া কমাৰক চুহুংমুঙ ৰজাই যোৰহাট জিলাৰ বছাৰ পিনে আৰু তাৰে উজনি অঞ্চলত বহুৱাইছিল[139]। বন্দী হোৱা লোকৰ পৰা বিভিন্ন "চেতিয়া" খেল/বংশও সৃষ্টি কৰা হয়। ইয়াৰ বাহিৰে শদিয়াত বহুতো সম্পদ যেনে সোণৰ মাইহাং, কেকুৰা দোলা, কলাই খাৰ, সোণৰ তিনিচুকীয়া সিংহাসন, খাট, ভোগজৰা, বেলা, জাপি, পিকদান, আৰোৱান, দবা, কালি, হিলৈ, বৰটোপ (মিঠাহুলোং), হিলৈ-তোলা চৰা নাও, চুতীয়া ধেনু, বৰধেনু, বাৰু-বৰ্চা, ইত্যাদি পোৱা গৈছিল। বহুতো ঘোৰা, গৰু-মʼহ আৰু হাতীও লাভ কৰা হৈছিল। সম্পদ সমূহ শদিয়াৰ পৰা দিহিং নৈয়ে দি ৰাজধানী লৈ অনা হয় আৰু পাছলৈ চাৰিং অঞ্চলত ৰখা হয়। এখিনি চুতীয়া লোকক চাৰিঙত পাতি নাওবৈচা খেল সৃষ্টি কৰে, য'ৰ পৰা পাছলৈ শেনচোৱা, তাঙোন ধৰা, বচোৱাল বোৱা, ইত্যাদি খেলৰ সৃষ্টি হয়। এই নাওবৈচা সকলে চুতীয়া ৰাজ্যৰ পৰা পোৱা চৰানাও চলাই। একেধৰণে এখিনি লোকক লয় হিলৈধাৰী ফৈদ গঠন কৰা হৈছিল। চুতীয়া ৰাজ্য দখল কৰা পাছত আহোম সকলে প্ৰথম বাৰৰ বাবে মিৰি, মিচিমি, আবৰ, দফলা, ইত্যাদি পাহাৰীয়া জাতিৰ সম্পৰ্কত আহে।[140]
ৰজা সকলৰ তালিকা
[সম্পাদনা কৰক]| # | বছৰ | ৰাজত্ব কাল | নাম | অন্য নাম |
|---|---|---|---|---|
| ১. | ১১৮৭ - ১২২০ | ৩৩ ব | বীৰপাল | গয়াপাল |
| ২. | ১২২০ - ১২৫৫ | ৩৫ ব | ৰত্নধ্বজপাল | গৌৰীনাৰায়ণ |
| ৩. | ১২৫৫ - ১২৭০ | ১৫ ব | বিজয়ধ্বজপাল | শিৱনাৰায়ণ |
| ৪. | ১২৭০ - ১২৮৫ | ১৫ ব | বিক্ৰমধ্বজপাল | জগতনাৰায়ণ |
| ৫. | ১২৮৫ - ১৩০৫ | ২০ ব | গৌৰধ্বজপাল | প্ৰমত্তনাৰায়ণ |
| ৬. | ১৩০৫ - ১৩২৫ | ২০ ব | শঙ্খধ্বজপাল | হৰিনাৰায়ণ |
| ৭. | ১৩২৫ - ১৩৪৩ | ১৮ ব | ময়ূৰধ্বজপাল | গোলোকনাৰায়ণ |
| ৮. | ১৩৪৩ - ১৩৬০ | ১৭ ব | জয়ধ্বজপাল | বজ্ৰনাৰায়ণ |
| ৯. | ১৩৬০ - ১৩৮০ | ২০ ব | কৰ্মধ্বজপাল | নন্দেশ্বৰ/নন্দিনৃপ |
| ১০. | ১৩৮০ - ১৪০০ | ২০ ব | সত্যনাৰায়ণ | ৰত্ননাৰায়ণ |
| ১১. | ১৪০০ - ১৪১৫ | ১৫ ব | লক্ষ্মীনাৰায়ণ | ধৰ্মনাৰায়ণ |
| ১২. | ১৪১৫ - ১৪৩০ | ১৫ ব | দুৰ্লভনাৰায়ণ | |
| ১৩. | ১৪৩০- ১৪৪৫ | ১৫ ব | মুক্তধৰ্মনাৰায়ণ | |
| ১৪. | ১৪৪৫ - ১৪৬৫ | ২০ ব | প্ৰত্যক্ষনাৰায়ণ/প্ৰতাপনাৰায়ণ | |
| ১৫. | ১৪৬৫ - ১৪৮০ | ১৫ ব | যশনাৰায়ণ | |
| ১৬. | ১৪৮০- ১৫০০ | ২০ ব | পুৰন্দৰধ্বজপাল | পুৰন্দৰনাৰায়ণ |
| ১৭. | ১৫০০ - ১৫২২ | ২২ ব | ধৰ্মধ্বজপাল | ধীৰনাৰায়ণ |
| ১৮. | ১৫২২ - ১৫২৪ | ২ ব | নীতিপাল/নিত্যপাল | চন্দ্ৰনাৰায়ণ |
চুতীয়া ৰাজ্যৰ হিলৈ-বৰতোপৰ প্ৰচলন
[সম্পাদনা কৰক]হিলৈ-বৰতোপ চুতীয়া ৰাজ্যৰ এক মূল্যৱান উন্নত অস্ত্ৰ আছিল। এই ৰাজ্যৰ হিলৈ-বৰতোপৰ প্ৰচলনৰ কথা বহুতো ঐতিহাসিক তথ্য পোৱা যায়। বুৰঞ্জী সমূহত উল্লেখ কৰা মতে আহোম ৰজাই চুতীয়া ৰাজধানী শদিয়াৰ পৰা আন সম্পদৰ লগতে হিলৈ[141][142][143] আৰু হিলৈ তোলা চ'ৰানাও উদ্ধাৰ কৰিছিল।[144][145] মনিৰাম দেৱানৰ লেখনীৰ মতে "মিঠা হুলং" বৰটোপ টো চুতীয়া সকলৰ পৰা লোৱা হৈছিল।[146] তেওঁ লিখিছে, "ওপৰত যিকেইটা তোপৰ নাম দিয়া হৈছে তাৰ ভিতৰত মিঠাহোলোং বোলাবিধ পোন-প্ৰথমতে দিহিঙ্গীয়া ৰজাই চুতীয়া ৰজাৰ পৰা পায়।" বিবৰণৰ মতে চুতীয়াৰ পৰা অনা হিলৈ-বৰতোপসমূহৰ ভিতৰত "মিঠাহুলং" বৰতোপটোৱেই সৰ্বোৎকৃষ্ট আছিল। তোপটোৰ ওপৰখন পিতলৰ পানী চেৰোৱা আছিল আৰু তাত মিনা কৰাই সোণ-বাখৰ খঁচি দিয়া হৈছিল।[147] চুতীয়া ৰাজ্যৰ পৰা দিহিঙ্গীয়া ৰজাই ৩০০০ চুতীয়া কমাৰক গোলাঘাট-যোৰহাট জিলাত সংস্থাপিত কৰি বৰটোপ-হিলৈ, ইত্যাদি বনাবলৈ আদেশ দিছিল। মনিৰাম দেৱানে উল্লেখ কৰিছে,
"তেওঁ বিলাকৰ(চুতীয়াৰ) পৰা ভালেমান দোলা, কালী,...,হিলৈ আৰু কলাই খাৰৰ(gunpowder) বাদেও অসংখ্য কমাৰ কাম কৰা মানুহ বন্দী কৰি আনে। ৰজাই তেওঁবিলাকৰ কিছুমানক বচাৰ পিনে আৰু কিছুমানক উজনিৰ পিনে বহুৱালে আৰু কমাৰ শাল পতাই লো-দা-কটাৰী, হিলৈ, বৰতোপ আদি গঢ়িবলৈ আহিলাপাতি যতাই দিলে। তেওঁ বিলাকৰ ভিতৰত কামৰ ভাল-বেয়া চাবলৈ হাজৰিকা, শইকীয়াও পাতি দিলে। দিহিঙ্গীয়া ৰজাৰ দিনৰ পৰাহে অসম ৰাজ্যত(আহোম ৰাজ্যত) কমাৰৰ খেল আৰু ব্যৱসায় চলন্তি হয়। দিহিঙ্গীয়া ৰজাৰ দিনত অসমত ৩০০০ কমাৰ আছিল।"

ইতিহাসবিদ হিতেশ্বৰ বৰবৰুৱাই নিজৰ গ্ৰন্থ "আহোমৰ দিন"ত উল্লেখ কৰা মতে চুহুংমুঙৰ দিনত চুতীয়াৰ পৰা বৰতোপ-হিলৈ অধিকাৰ কৰাৰ পাছৰপৰাহে আহোম ৰজাসকলে অসমত আগ্নেয় অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ধৰে।[148] চুতীয়াৰ পৰাজয়ৰ পাছত গৌড় ৰাজ্যৰ সেনাই ১৫২৭ আৰু ১৫৩২ত দুবাৰকৈ অসম আক্ৰমণ কৰিছিল। এই যুদ্ধত গৌড় সেনাই হিলৈ-বৰটোপ ব্যৱহাৰ কৰিছিল যদিও আহোম সেনাই কেৱল ধেনু কাঁড় হে ব্যৱহাৰ কৰিছিল। অৱশ্যে এই যুদ্ধতো আহোম সেনাই বহুতো হিলৈ-বৰটোপ উদ্ধাৰ কৰিছিল।[149] ১৫৩৬ চনত নগা বিৰুদ্ধে হোৱা ৰণত প্ৰথম বাৰৰ বাবে আহোম সৈন্যৰ হাতত বৰটোপ থকা কথা উল্লেখ পোৱা যায়।[150] তদুপৰি আহোম সেনাই ১৬১৭ চনত মোগলৰ বিৰুদ্ধে হে প্ৰথম বাৰৰ বাবে হিলৈ-বৰটোপ ব্যবহাৰ কৰিব লৈছিল বুলি জনা যায়[151]।
নাওবৈচা ফুকনৰ বুৰঞ্জীত উল্লেখ কৰা মতে খোৰা ৰজাৰ দিনত(১৫৫২-১৬০৩) প্ৰথম বাৰৰ বাবে চুতীয়া লোকক নিযুক্তি দি হিলৈদাৰী ফৈদ গঠন কৰা হৈছিল।[152][153] হেমকোষ অভিধানত চুতীয়া সকলৰ হিলৈক "চুতীয়া হিলৈ" বুলি উল্লেখ কৰা হৈছে। বৃটিছৰ ১৮৯১ চনৰ লোকপিয়লত "হিলেদাৰী"ৰ বাহিৰেও "চুতীয়া-হিলৈদাৰী" বুলি এটা পৃথক খেল/শ্ৰেণীৰ উল্লেখ কৰা হৈছে। এই সকলে হয়টো ৰণত "চুতীয়া হিলৈ" ব্যৱহাৰ কৰিছিল।[154]
চুতীয়া বিদ্ৰোহ
[সম্পাদনা কৰক]১৫২৪ চনত চুতীয়া ৰাজ্যৰ পতন হৈছিল যদিও চুতীয়া সকলৰ মনৰ পৰা স্বাধীনতা আৰু স্বৰাজৰ আশা নাইকিয়া হৈ যোৱা নাছিল। চিৰদিন স্বাধীন হৈ থকা চুতীয়া সকলে বীৰাঙ্গণা ৰাণী সাধনীৰ আত্মোৎসৰ্গৰ কথা সোঁৱৰি পুনৰ জাগ্ৰত হৈ উঠিল আৰু বিদ্ৰোহ ঘোষণা কৰিলে। এই বিদ্ৰোহ ১৫২৭ চনৰ পৰা ১৭০০ শতিকাৰ শেষ ভাগৰ লৈকে চলিছিল। ১৭৭০ দখকৰ মায়ামৰা বিদ্ৰোহে জাতিটোৰ শেষ বিদ্ৰোহ বুলি কব পাৰি যাৰ ফলত সকলো নহলেও এটা অংশয়ে স্বাধীন হৈ নিজৰ ৰাজ্য গঠন কৰিছিল। চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া ধ্বংস হোৱাৰ ফলত বহুতো ৰাজকোঁৱৰ আৰু সম্ভ্ৰান্ত পৰিয়ালৰ লোকে পাহাৰীয়া মিচিং, মিচিমি জাতিৰ লোক সকলৰ মাজত আশ্ৰয় লৈছিল আৰু প্ৰথম বিদ্ৰোহ এই সকল লোকে আৰম্ভ কৰিছিল। এই কথা কোচ ৰজা সকলৰ দৰং ৰাজ বংশাৱলীতো উল্লেখ কৰা হৈছে।
"পূৰ্বে চুটিয়াৰ ৰজা সিঠাৱে আছিল।
অন্যায়ে অসম ছল কৰিয়া মাৰিলে॥
যিমতে মাৰিল তাৰ শুনিয়ো কাহিনী।
বলে নপাৰিয়া স্বৰ্গী ৰাজা মনে গুণি॥ ৩৬৪
...
তাৰ পুত্ৰ ভাই যত সকলে পলাইল।
মিৰি মিচিমিত পশি প্ৰাণক ৰাখিলা॥
চুটিয়াৰ ৰাজাক মাৰিয়া ছলে বলে।
লৈলা সেহি ৰাজ্যক অসমে কৌতূহলে॥ ৩৭১
- ১৫২৬ চনৰ বিদ্ৰোহ, শদিয়া
চুতীয়া সকলে প্ৰথম বিদ্ৰোহ ১৫২৬ চনৰ ফাগুন মাহত ৰাজধানী শদিয়াত ঘোষণা কৰিছিল, অৰ্থাৎ ৰাজ্য পতনৰ ৩ বছৰৰ পাছত। বিদ্ৰোহ দমন কৰিবলৈ আৰু ফ্ৰাচেংমুং বৰগোহাঁইক সহযোগ কৰিবলৈ দিহিঙীয়া গোহাঁইক পঠিওৱা হৈছিল। যুদ্ধত বিদ্ৰোহী সকলৰ হাতত ফ্ৰাচেংমুং বৰগোহাঁইৰ হাতী প্লাইপাম আৰু দিহিঙীয়া গোহাঁই মৰা পৰিছিল। কিন্তু শেষ পৰ্যায়ত বিদ্ৰোহী সকল পৰাজিত হৈ উভতি যাবলৈ বাধ্য হ'ল। এই বিদ্ৰোহৰ ফলত চুহুংমুঙ ৰজাই বহুতো প্ৰশাসনীয় পৰিবৰ্তন কৰিবলৈ বাধ্য হৈছিল। ১৫২৭ চনৰ জেঠ মাহত, ডিব্ৰুগড় অঞ্চলত নতুন এখন প্ৰদেশ গঠন কৰি তাত চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হৈছিল, যাতে শদিয়া অঞ্চলত পুনৰ বিদ্ৰোহ হ'লে ডিব্ৰু প্ৰদেশৰ সেনাই শদিয়া বাহিনীৰ সহযোগ কৰিব পাৰে। ইয়াৰ উপৰিও কিংলুন বুঢ়াগোহাঁইক "থাও-মুঙ-বঙেন" পাতি পশ্চিম শদিয়া অঞ্চলত (তিনিচুকীয়াৰ সোণাৰিৰ(কাংখাম) পৰা লুহিত নদীৰ গুৰি লৈকে) শাসন কৰিবলৈ দিয়া হ'ল।
- ১৫২৯ চনৰ বিদ্ৰোহ, শদিয়া
প্ৰথম বিদ্ৰোহৰ দুবছৰ পাছতে ১৫২৯ চনৰ পুহ মাহত শদিয়াৰ চুতীয়া সকলে আকৌ মুৰ দাঙি উঠিলে। এইবাৰ চুহুংমুঙ ৰজাই ফ্ৰাচেংমুঙক সহযোগ কৰিবলৈ চাও চুক্লান (তিপামৰ পৰা) আৰু কিংলুনক সহযোগ কৰিবলৈ চাওলুং চুলিঙক (ডিব্ৰুগড়ৰ পৰা) পঠিয়ালে। ইয়াৰ পাছত চুহুংমুঙে চুক্লেংমুঙ ৰাজকোঁৱৰক ৰাজধানীত ৰাখি সকলো বিষয়ববীয়াৰ সৈতে নিজে শদিয়া আহি উপস্থিত হয়। লুহিতৰ পাৰত, ডিবাং নৈৰ পাৰত, মাৰানকাও, চন্দনগিৰি পৰ্বত, দৈথাং পৰ্বত, ইত্যাদি বিভিন্ন ঠাইত কেইবাখনো যুদ্ধ হয়। প্ৰথম পৰ্যায়ত বিদ্ৰোহী সকলে চাও চুলিঙক ধৰি নিবলৈ সক্ষম হৈছিল কিন্তু পাছৰ পৰ্যায়ত এৰি দিলে। বহু মাহ যুদ্ধ লগা পাছত শেষত বিদ্ৰোহী সকল পৰাজিত হ'ল। যুদ্ধত লাভ কৰা সকলো ধন আৰু সম্পত্তি ৰজা আৰু মন্ত্ৰী সকলে নিজৰ মাজতে ভাগ কৰি ল'লে আৰু ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁইক শদিয়াত ৰাখি নিজে ৰাজধানী লৈ ঘূৰি গ'ল।
- ১৫৪২ চনৰ বিদ্ৰোহ, দিচাং নৈৰ পাৰত
চুতীয়া সকলে পুনৰ বাৰ ১৫৪২ চনত ৰজা চুক্লেংমুঙৰ দিনত বিদ্ৰোহ ঘোষণা কৰে কৰিছিল। এইবাৰ ১৫৪২ চনৰ বহাগ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে শিৱসাগৰৰ দিচাং নৈৰ ওচৰত আহোম মন্ত্ৰী চেং-হাননক পৰাস্ত কৰি স্বৰাজ ঘোষণা কৰে। কিন্তু ইয়াৰ পাছতে চুক্লেংমুঙে চাওলুং তিমাক বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াই আৰু দুবছৰ লৈকে পূৰ্বৰ চুতীয়া ৰাজ্যৰ বিভিন্ন অঞ্চল ধ্বংস কৰে যাতে চুতীয়া সকলে পুনৰ বিদ্ৰোহ কৰিবলৈ সাহস নকৰে।
- ১৫৫০ চনৰ বিদ্ৰোহ, শদিয়া
১৫৫০ চনত শদিয়াখোৱা গোহাঁইৰ মৃত্যুৰ পাছত, কংসপাত্ৰ নামৰ চুতীয়া নায়ক এজনে শদিয়াত বিদ্ৰোহ কৰি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। আহোম ৰাজ্যৰ বহুতো ৰাজকোঁৱৰে তেওঁক সহযোগ কৰিছিল আৰু শদিয়াত উপস্থিত হৈ আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছিল। এই যুদ্ধ ৩ বছৰ লৈকে চলিছিল আৰু শেষত কংসপাত্ৰৰ লগতে বহুতো চুতীয়াই মৃত্যু বৰণ কৰিছিল। ৰাজকোঁৱৰ সকলৰ ভিতৰত কিছুমানৰ মৃত্যু হৈছিল আৰু বাকী থকা সকলক বন্দী বনাই পাছলৈ চাৰিঙত থাকিবলৈ দিয়া হৈছিল।
- ১৫৬৫ চনৰ বিদ্ৰোহ, নামৰূপ আৰু খেৰাম
১৫৬৫ চনৰ মাঘ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি নামৰূপ আৰু খেৰাম(বৰ্তমান ডিব্ৰুগড়ৰৰ খেৰেমীয়া) অঞ্চলৰ আহোম গাঁও সমূহ আক্ৰমণ কৰি লুণ্ঠন কৰিছিল। ৰজাই বিদ্ৰোহ দমন কৰিবলৈ চাওলুং তিপামক পঠিয়াইছিল। বিদ্ৰোহী সকলৰ লগত হোৱা যুদ্ধত চাওলুং তিপামৰ হাতী আহত হৈছিল যাৰ বাবে তেওঁ যুদ্ধ এৰি দিহিং পাৰ হৈ উভতি আহে। ইয়াৰ পাছত বিদ্ৰোহৰ কি পৰিণতি হ'ল গম পোৱা নাযায়। সম্ভৱতঃ পাছলৈ বিদ্ৰোহ দমন কৰা হৈছিল।
- ১৫৭২ চনৰ বিদ্ৰোহ, শদিয়া
১৫৭২ চনত পুনৰ বাব চুতীয়া সেনাপতি এজনৰ নেতৃত্বত শদিয়া অঞ্চলৰ চুতীয়া সকলে মুৰ দাঙি উঠে। বিদ্ৰোহ দমন কৰিবলৈ চাওলুং চাৰিং, চাওফ্ৰাংমুঙ বৰগোহাঁই, শদিয়া খোৱা গোঁহাই, ইত্যাদি বহুতো বিষয়ববীয়াক পঠিওৱা হৈছিল। আহোম সেনাৰ তুলনাত বিদ্ৰোহী সকলৰ সংখ্যা কম থকাৰ বাবে বিদ্ৰোহী সকল কানচাই আৰু পুখুৰীখনা নামৰ অঞ্চল লৈ আতঁৰি আহিছিল আৰু সেই অঞ্চলৰ চুতীয়া সকলৰ সহযোগত পুনৰ ৰণ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিদ্ৰোহী সকল পৰাজিত হৈছিল। চুতীয়া সেনাপতি, কানচাইৰ মুখিয়াল আৰু অন্য বহুতো চুতীয়া সৈন্যক বন্দী বনাই ৰাজধানী লৈ লয় অনা হৈছিল।
- ১৬৬৫ চনৰ বিদ্ৰোহ, উত্তৰ পাৰ
১৬৬৫ চনত আহোম সেনা নগা সকলৰ লগত হোৱা যুদ্ধত ব্যস্ত আছিল। এই সুযোগ লয়, উত্তৰ পাৰৰ লখিমপুৰৰ এখিনি চুতীয়া লোকে মিৰি আৰু দফলা লোকৰ লগত মিলি বিদ্ৰোহ কৰিছিল। কিন্তু বিদ্ৰোহ সফল নহ'ল।
- ১৬৭৩ চনৰ বিদ্ৰোহ, উত্তৰ পাৰ
১৬৭৩ চনত ধেমাজি অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি ৰূপা(বৰ্তমানৰ ৰূপহী) আৰু ডিমৌ(বৰ্তমানৰ ধেমাজিৰ ডিমৌ) মিৰি সকলে আহোম ৰজাক কৰ হিচাপে দিয়া মাৰ নাও তোলাই লৈ গৈছিল। এই কথা শুনি আহোম ৰজাই চুতীয়া অঞ্চললৈ কটকী পঠিয়াই নাও সমূহ ঘূৰাই দিবলৈ আদেশ কৰিছিল, কিন্তু চুতীয়া সকলে আদেশ নামানিলে। ইয়াৰ পাছত সকলো চুতীয়া দেউলীয়া নামৰ গাঁৱ এখনত একগোট হৈছিল। কটকীৰ খবৰ পাই আহোম ৰজাই তিনিমুখিয়া অঞ্চলত থকা নাৰাই নামৰ চুতীয়া বিদ্ৰোহী নেতা জনক ধৰি আনিবলৈ সৈনিক পঠিয়ালে। ইয়াৰ পাছত ৰজাই শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোহাঁইক চেঁচামুখত গড় নিৰ্মাণ কৰি যুদ্ধৰ বাবে সাজু হ'বলৈ আদেশ দিলে। দিহং নদীৰ (চিয়াং) পাৰত আন এটা গড় নিৰ্মাণ কৰা হ'ল। তাৰ পাছত আহোম সেনাই দিহং পাৰ হৈ চুতীয়া গাঁৱলৈ আগ বাঢ়ি আহিল। চুতীয়া সকলেও হাতত ধেনু-কাড় লয় দেউলীয়া গাঁৱৰ পৰা মিৰি গাঁও এখনলৈ আগ বাঢ়ি আহিলে। আহোম ৰজাই পুনৰ চুতীয়া সকলৰ ওচৰলৈ কটকী পঠিয়াইলে। চুতীয়া বৰুৱা জনে অৱশেষত বশ্যতা স্বীকাৰ কৰিলে, কিন্তু নিজৰ গৰু-ছাগলী, হাঁহ-কুকুৰ, ইত্যাদি সকলো হেৰুৱালে। নাৰাই আৰু অন্য চুতীয়া বিদ্ৰোহী নেতা সকলক মদ্যপান কৰোৱাই পুনৰ বিদ্ৰোহ নকৰিবলৈ প্ৰতিজ্ঞা কৰালে। সবল আৰু শক্তিশালী চুতীয়া সৈনিক সকলৰ বন্দী বনোৱা হ'ল আৰু অন্য চুতীয়া সকলক প্ৰতি বছৰে কৰ হিচাপে নাও দিবলৈ আদেশ দিয়া হ'ল।
- ১৭৬৯-১৮০৫ চনৰ মায়ামৰা বিদ্ৰোহ
মায়ামৰা ধৰ্মীয় চুতীয়া সকলে ১৭৬৯ চনত আহোম ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ১৭৯১ লৈকে বেংমৰা নামৰ পৃথক ৰাজ্য এখন গঠন কৰিছিল। মায়ামৰা বিদ্ৰোহত ভাগ লোৱা জনগোষ্ঠী সমূহৰ মাজত দ্বিতীয় সৰ্বাধিক লোক চুতীয়া জনগোষ্ঠীৰ আছিল। বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহ বীৰপালৰ বংশৰ বুৰুক চুতীয়া ৰাজপৰিয়ালৰ লোক আছিল। হয়তো ১৫২৫ চনত ৰাজ্য হেৰুৱা চুতীয়া ৰাজপৰিয়াল টোৱে সৰুকৈ হ'লেও পুনৰ বাৰ ৰাজ্য ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল।
- ১৭৭৫ চনৰ বিদ্ৰোহ, ডিব্ৰু-দিহিং অঞ্চল
মায়ামৰা বিদ্ৰোহ হৈ থাকোঁতে ডিব্ৰু-দিহিংৰ মাজৰ অঞ্চলৰ একাংশ চুতীয়াই বিদ্ৰোহ ঘোষণা কৰিছিল। টাই ভাষাৰ "আহোম বুৰঞ্জী" নামৰ গ্ৰন্থত উল্লেখ কৰা মতে পূৰ্বৰ চুতীয়া ৰাজ্যৰ সীমান্ত অঞ্চলৰ খামজাং প্ৰদেশৰ পৰা নঙাখাম নামৰ নৰা মুখিয়ালৰ লগত ধৰা সকলে আহি বিদ্ৰোহ ঘোষণা কৰিছিল। এই বিদ্ৰোহত চুতীয়া সকলে নৰা সকলক সহযোগ কৰিছিল। নৰা মুখিয়াল জনে ১৭৭৫ চনত চুতীয়া সকলৰ সহযোগত হাটখোৱা গোহাঁইক পৰাস্ত কৰি নিজকে ডিব্ৰু নৈৰ কাষৰ অঞ্চলৰ ৰজা বুলি ঘোষণা কৰিছিল। ৰজা হৈ নঙাখামে চুতীয়া আৰু বাৰেচিৰিঙীয়া সকলৰ মাজৰ পৰাই ফুকন আৰু বৰুৱা নিযুক্ত কৰিছিল। আহোম ৰজাই নঙাখাম আৰু চুতীয়া সকলৰ বিৰুদ্ধে বুঢ়াগোহাঁইৰ নেতৃত্বত ৪০ হাজাৰ সৈন্য পঠিয়াইছিল। সেনা সকলে আহি ৰঙাগড়াত(বৰ্তমানৰ ডিব্ৰু-চৈখোৱাৰ দক্ষিণত) উপস্থিত হৈছিল। ইয়াত পাছত তেজী আৰু দিহিং নৈৰ পাৰত যুদ্ধ হৈছিল। বিদ্ৰোহী সকল পৰাজিত হৈ আতৰি গৈছিল। নৰা সকলে পূৰ্বৰ চুতীয়া ৰাজ্যৰ পাহাৰীয়া অঞ্চলত আশ্ৰয় লয় আৰু চুতীয়া সকলে ধূনাগুৰি নামৰ ঠাই এদখৰত আশ্ৰয় লয়। বহুতো চুতীয়া, বাৰেচিৰিং আৰু নৰা বিদ্ৰোহীক ৰাজধানী ৰংপুৰলৈ লয় অনা হয়। তাৰে কিছুমানক মৃত্যু দণ্ড দিয়া হৈছিল আৰু আন সকলক বন্দী হিচাপে ৰখা হৈছিল।[155]
অসমীয়া সংস্কৃতিত চুতীয়া ৰাজ্যৰ প্ৰভাব
[সম্পাদনা কৰক]আৰু চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Acharya,N.N.,"The history of Medieval Assam",p.232
- ↑ William Robinson, "A descriptive account of Assam",p.323.
- ↑ Dutta, Sristidhar, "The Mataks and their kingdom,p.28
- ↑ . https://books.google.co.in/books?id=MdjO3XVk0MAC&pg=PA84&dq=chutia+kingdom+disang&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwiKlpXszLqUAxWgUGwGHemuBhUQ6AF6BAgNEAM#v=onepage&q=chutia%20kingdom%20disang&f=false Pathak, Guptajit, Assam's History and it's Graphics, p.84.
- ↑ Guha, Amalendu (December 1983), "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714)", p.5, "The period from the 13th to the 16th century saw the emergence and development of a large number of tribal political formations in north-east India. The Chutiya, the Tai-Ahom, the Koch, the Dimasa (Kachari), the Tripuri, the Meithei (Manipuri), the Khasi (Khyriem) and the Pamar (Jaintia)—all these tribes crystallised into rudimentary state formations by the 15th century. The most developed of the tribes in the 15th century were the Chutiyas."
- ↑ Sharma, Mukunda Madhava, Inscriptions of Ancient Assam,p.287,"It might be presumed that the elephant mark of the seals of the earlier Kamrupa kings has been very conveniently converted into the figure of Ganesha. But this conversion assumes a greater significance when we find that some 43 years later the Tezpur plates of Vallabha begins with a mangala verse addressed to Ganesa and the Dhenukhana CP inscription of 1392 and the Ghilamora CP inscription of 1401 also begin with salutations to Ganesa."
- ↑ Shin, Jae-Eun (2020). "Descending from demons, ascending to kshatriyas: Genealogical claims and political process in pre-modern Northeast India, The Chutiyas and the Dimasas", p.53,"‘forming part of the lineage of the enemy of the gods’ (suraripu-vaṃśāṃśa-bhūto), making the uplift of the burden of the earth. Neog interprets ‘the lineage of the enemy of the gods’ as the asura dynasty."
- ↑ Barua, Swarnalata, Chutia Jatir Buranji,p.42,"এটা মন কৰিবলগীয়া কথা হ'ল চুতীয়া ৰজাসকলক এইখন ফলি আৰু বৰমূৰ্তিয়া বিল ফলিত বিযুৎস্ব বংশধৰ বুলি কোৱা হৈছে।"
- ↑ (Saikia 2004:8)
- ↑ Saikia, Yasmin (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. প্ৰকাশক Guwahati: Spectrum Publications. পৃষ্ঠা. 188. "The eastern extremity of this kingdom opened into the mountains inhabited by the Abors, Mishimis, Bhutiyas, and others, and they controlled the trade that passed between the Assam valley and the hills of Bhutan and Tibet."
- ↑ "চুতীয়া ৰজা". http://www.historyfiles.co.uk/KingListsFarEast/IndiaChutiyas.htm। আহৰণ কৰা হৈছে: August 11, 2012.
- ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
- ↑ Shin, Jae-eun, Descending from Demons, Ascending to Kshatriyas, p.5.
- ↑ Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.814
- ↑ A Sircar, D.C, Journal of Ancient Indian History, p. 21
- ↑ Acharya,N.N.,"The history of Medieval Assam",p.232
- ↑ William Robinson, "A descriptive account of Assam",p.323.
- ↑ Dutta, Sristidhar, "The Mataks and their kingdom,p.28
- ↑ According to Purani Assam Buranji, p.27. the twelve Bara Bhuyans of Rowta-Temani (mid-Assam, on either banks of the Brahmaputra) namely Utai, Tamai, Rai, Sakai, Kausika, Uzir, Laskar, Comdar, Sanatana, Keho, Rambhat and Bhakat with four sub-Bhuyans each, were transported and settled in various places of Uttara-kula (Biswanath, Lakhimpur districts). The Lacam Kalita Bhuyan family was placed at Bahbari(Lakhimpur), while one of them was settled on the river Sonari(Dhakuakhana), and another on the hills. As per Satsari Buranji, p.16, Suhungmung suppressed the Baro-Bhuyans in Rowta. The people of the region were placed under the leadership of the Baro-Bhuyans and re-settled at different places of the kingdom.
- ↑ Wade, J.P, An Account of Assam: Rivers of Assam,p.16.
- ↑ Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.818.
- ↑ Guha, Amalendu, Pre-Ahom Roots and the Medieval State in Assam: A Reply, p. 73, “Habung was a Chutiya dependency; that still earlier it was an autonomous principality of Brahmins; and that the latter's origins could be traced back to a circa 10th-century copper-plate and grant issued by king Ratnapala”.
- ↑ Government of Assam (1976) (English ভাষাত). Assam District Gazetteers: Lakhimpur District. প্ৰকাশক Shillong: Government of Assam. পৃষ্ঠা. 2. ""There are other historical accounts which show that a king named Laksminarayan ruled over the area, now included in the eastern part of Lakhimpur district, who during the 14th–15th century A.D. made a land grant dated Saka 1323 (A.D. 1401). The land was donated in the village of Bakhana on the western bank of the Subansiri. His capital was at Sadhayapuri, to be identified with Sadiya, the capital of Chutiya kings. This king Laksminarayan is likely to have built a town in his kingdom and named it after him. Sri Sarbeswar Barua of North Lakhimpur strongly believes that the district took its name from the town of Lakhimpur (later known as North Lakhimpur), originally selected as its headquarters, when Lakhimpur district was first formed in 1838 by the East India Company. He points out that this is known from the original seal of the district, as found in a sanad (manuscript) dated 1839 granted to the late Maheswar Sarma Bapu Barua and the note written by the Principal Assistant Commissioner in English at the top of the sanad just below the seal, where the name of Lakhimpur district is found written. The sanad was issued from North Lakhimpur. From this, Sri Barua concludes that the name of the district was derived from its first headquarters, viz., Lakhimpur.""
- ↑ ধৱলী নৈৰ প্ৰকৃত অৰ্থ হৈছে "বগা নৈ"
- ↑ Neog, Maheswar (1977). "Light on a Ruling Dynasty of Arunachal Pradesh in the Fourteenth and Fifteenth Centuries". Annals of the Bhandarkar Oriental Research Institute খণ্ড 58–59: 813–820. "“He donated land to a brāhmana in 1314 Śaka at Ludumumāri on the river Dhavali, identified with the Dhal of the North Lakhimpur district.”".
- ↑ Chutia, Manas (May 2019). "Vasudev Than Narowa Satra—In Historical Perspective". Review of Research খণ্ড 8 (8): 3. https://oldror.lbp.world/UploadedData/11719.pdf। আহৰণ কৰা হৈছে: 26 June 2026. "“Sarbeswar Boruah identifies Dhavali as Dhal River 5 k.m. to the east of North Lakhimpur town, Vyagrahmari as Baghmari near Jalbhari 5 K.M. to the east-south of Narowa Satra."".
- ↑ উত্তৰ লখিমপুৰ নগৰৰ পূবত ঢল আৰু ঘাগৰ নামৰ দুখন নৈ মিলিত হৈ দক্ষিণলৈ বৈ গৈছে।
- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.583
- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.590
- ↑ Barua, Gopal Chandra, "Ahom Buranji, p.220
- ↑ Barbarua, Hiteswar, "Ahomar Din", p.190
- 1 2 Devi, Lakshmi (1968). Ahom-tribal Relations: A Political Study. Assam Book Depot, [Calcutta], Gauhati. পৃষ্ঠা. 202–203. OCLC 578753. https://books.google.com/books?id=BVdXAAAAMAAJ.
- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.439
- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.441; Indian Archaeology 1986-87, p. 22
- ↑ "Aalekh, Volume IV, Issue VII". Assam State Museum. 2025. https://axomuseum.in/asmt/docs/Aalekh%20Vol%20-%20IV%20(Issue%20VII).pdf। আহৰণ কৰা হৈছে: 29 June 2026. "Various archaeological evidences suggests that it was an administrative or military camp of the Chutiyas...After Excavations at Gomsi many structures of brick, terracotta artifacts, pottery and other remnants could be found. The Chutiyas were known for their advanced administration system, various agricultural practices and techniques of construction. The various materials found during excavations shows the similarities with various sites associated with the kingdom of the Chutiyas."[সংযোগবিহীন উৎস]
- ↑ A Sircar, D.C, Journal of Ancient Indian History, p. 21; Barua, Swarnalata, Chutia Jatir Buranji, p.589; Journal of the Asiatic Soceity of Bengal, 1848, p.467
- ↑ Tada, Tage, Archaeological remains of Arunachal Pradesh up to 16th century, p.183
- ↑ Barua, Kanaklal, Early History of Kamrupa, p.271
- ↑ Barua, Kanaklal, Early History of Kamrupa, p.271-272, "The probability is that these ruins are the traces of a Hindu or Hinduised dynasty of local rulers who ruled over a kingdom to the north of Brahmaputra and extending from the Burai river on the west to Sadiya on the east. The dynasty is evidently the line of Chutia kings who assumed the surname Pala."
- ↑ Neog, Maheswar, "Lights on a Ruling Dynasty of Arunachal Pradesh", p. 218, "If architectural continuity is admitted between the fortifications in the Sadiya region and the Burai river ruin site, it would be possible to believe that the kingdom of these rulers(Chutia) extended as far as the outer limit of Darrang district, in the western most extent of which Ahom conquerors settled the vanquished Chutias in the early part of the sixteenth century."
- ↑ Barua, Gopal Chandra, Ahom Buranji, p.59-61; Gait, Edward, A history of Assam, p. 86
- ↑ Assam Buranji(SM), p.9
- ↑ Bhuyan, S.K., Satsari Buranji, p.56
- ↑ Gait, Edward A. (1926). A History of Assam (2nd সম্পাদনা). প্ৰকাশক Calcutta and Simla: Thacker, Spink & Co.. পৃষ্ঠা. 83. https://archive.org/details/dli.ernet.104191.
- ↑ Ahmed, Nasir, Assam-Bengal Trade in the Medieval Period: A Numismatic Perspective, p.170, "they made Bakata(on the banks of Dihing) their capital in the reign of their king Suhungmung Svarga Narayan."; Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714), p.19.
- ↑ Gait, Edward A. (1926). A History of Assam (2nd সম্পাদনা). প্ৰকাশক Calcutta and Simla: Thacker, Spink & Co.. পৃষ্ঠা. 85. https://archive.org/details/dli.ernet.104191.
- ↑ Saikia, Sayeeda Yasmin (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. প্ৰকাশক Guwahati: Spectrum Publications. পৃষ্ঠা. 21, 42. ISBN 81-85319-61-8.
- ↑ Saikia, R.R,"Chronological and Archaeometric Evaluation of Bricks from Archaeological Sites of Upper Assam, Northeast India: Estimation of the Firing Temperature and Civilization History", p.17
- ↑ Jogendra Nath Sarma, “A study on Palaeochannels from satellite imagery in a part of Upper Assam”, in Proceedings of the National Symposium on Remote Sensing Applications for Resource Management with Special Emphasis on the North-Eastern Region, Guwahati, 1993, pp. 74–83, Fig. 1, p. 76.
- ↑ Barua, Gopal Chandra, "Ahom Buranji",p.331,"In Khamjang, one Nara Deka called Ngakham was living on the border of the Chutia country (Mung-Tiura)...The Naras retreated to the side of the Nam-jin river where they prepared a stockade and lived therein. The Kuar Hazarika Senapati advanced and attacked the enemies at the side of the Namjin river. The enemies took to their heels and left a woman and a cow behind...The Naras entered into the hilly part of the Chutia country.(Doi-Mung-Tiura)...The Nara Deka, Ngakham, after having had a consultation with his men, left Dhunaguri and took shelter in a deep part of the jungle on the hill."
- ↑ Gait, Edward Albert (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. পৃষ্ঠা. 76. https://archive.org. "In A.D. 1228, he arrived at Khamjang. He crossed a river called the Khamnamjang in rafts and came to the Nongyang lake."
- ↑ Government of Arunachal Pradesh (1991). Arunachal Pradesh District Gazetteers: Changlang District. প্ৰকাশক Shillong: Directorate of Information and Public Relations. পৃষ্ঠা. 15–18. "The ancient Tai territory of Khamjang is historically associated with the Nongyang lake basin, a natural body of water located near the Pangsau Pass along the Patkai range, which came to be known in modern times as the Lake of No Return."
- ↑ Barpujari, H. K. (1992). The Comprehensive History of Assam: Volume II. প্ৰকাশক Guwahati: Publication Board, Assam. পৃষ্ঠা. 42. "Sukapha crossed the Patkai via the Pangshau pass and reached Khamjang, establishing a base near the Nongyang lake (now famously referred to as the Lake of No Return)."
- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.587
- ↑ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণো আছিল। এই কথা ঘিলামৰা অঞ্চলৰ বৰমূৰ্তিয়া বিলৰ তাম্ৰপত্ৰৰ পৰা জানিবলৈ পোৱা যায়। ফলিখনৰ মতে ১৩৯২ খ্ৰীষ্টাব্দত সুৰ-ৰিপু(অসুৰ) বংশৰ সধয়াপুৰৰ ৰজা নন্দিশ্বৰৰ পুত্ৰ সত্যনায়াণে ব্ৰাহ্মণক ২০০ পুৰা(৮০০ বিঘা) মাটি দান কৰিছিল। তেওঁৰ পুত্ৰ(আত্মজ) ধৰ্মনাৰায়ণ ৰজাই ফলিখনৰ নবীকৰণ কৰিছিল। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ধৰ্মনাৰায়ণ ৰজাৰ পিতৃ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণ আছিল। উল্লেখযোগ্য যে ১৫০ বছৰ আগতে গৌৰীনায়াৰণ/ৰত্নধ্বজপালেও নিজৰ পুত্ৰ শিৱনাৰায়ণৰ লগত কমতেশ্বৰ ৰজা সন্ধয়াৰ ৰাজকুমাৰীক বিয়া কৰাই কমতা ৰাজ্যৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। সম্ভৱতঃ এই কমতা ৰাজবংশ নাইকীয়া বা দুৰ্বল হৈ যোৱা ফলতে চুতীয়া ৰজা সত্যনাৰায়ণে কমতা ৰাজ্য নিজৰ অধীনলৈ আনিছিল।
- ↑ "অসম সাহিত্য সভা পত্ৰিকা" খণ্ড 2. 1961. https://digi.ub.uni-heidelberg.de/csss/Asom%20Sahitya%20Sabha%20Patrika/Asom%20Sahitya%20Sabha%20Patrika%201961/1961%20VOL%20-2.pdf. "যোগিনী তন্ত্ৰত সেই সময়ত কামৰূপৰ উত্তৰ খণ্ডত প্লৱক-বিলাকে ৰাজত্ব কৰিছিল বুলি আছে। বুৰঞ্জীৰ মতে ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদীৰ পূবে ভূঞাবিলাকে আৰু তেওঁলোকৰ পূবে আৰু আহোম ৰাজ্যৰ উত্তৰ পূবে চুটিয়া ৰাজ্য আছিল। যোগিনী তন্ত্ৰত উত্তৰ আৰু দক্ষিণ পাৰৰ ভূঞাসকলৰ আৰু কছাৰীসকলৰ ৰাজ্যৰ উল্লেখ নাই। চুটিয়া ৰজাসকলৰ নামৰ পাচত "পাল" শব্দটো পোৱা যায়। এইবিলাক কাৰণত অনুমান কৰিব পাৰি যে যোগিনী-তন্ত্ৰত উল্লেখ কৰা "প্লবক"-বিলাকেই চুটিয়াসকল।".
- ↑ Changrung Phukanar Buranji, Part 3,"শদিয়াৰ দেওঁঘৰ তাম ওপৰত পতা কৰি দিয়া। সেই দʼলৰ জোখ।...আৰে নায়ক ৰাজা ধৰ্মপালক ১, পুতেক ধৰ্ম নাৰাণ ১, পুতেক বিবেক নাৰাণ ১, পুতেক ৰুম নাৰাণ ১, পুতেক চিও নাৰাণ ১, আৰ পাচত খুন্ত ১, আৰ পাচত কোঠান ১, আৰ পাছত চুতীয়া ১, আকে মাৰি দেৱে ল'লে সেইদৰে থৈই।"
- ↑ ড: স্বৰ্ণলতা বৰা. মাধ্যমিক অসম বুৰঞ্জী. পৃষ্ঠা. ১৮৪-১৯০. ISBN 81-85905-11-8.
- ↑ Brown, W.B. (1895). An Outline Grammar Of The Deori Chutiya Language. প্ৰকাশক Shillong: Assam Secretariat Printing Office. পৃষ্ঠা. 75, 84. ""..as it agrees in all particulars with the traditions,I have elsewhere met with, it may merely be a compilation from them..These traditions are preserved among the Miris, the Deoris, who were the Chutiya priests (and amongst whom alone remnants of the ancient language and customs of the race are still preserved), and by some few of the Chutiyas who now call themselves Hindu Chutiyas... I have heard from them(Deoris) the story of how the Chutiya princess Sadhuni was won by the young archer (Niti Pal)... Probably enquiry would show that the other incidents of the chronicle are preserved as traditions among the Deoris in a similar modified form."
- ↑ Bhuyan, S.K., Deodhai Buranji: 4th edition, p.164, "পূৰ্বে ১১১১ শকত ভীৰ্ম্মক ৰজাৰ বংশৰ বীৰপালৰ নামে এজন আছিল। তাৰ ভাৰ্য্যাৰ নাম ৰূপৱতী। দৈৱদোষত থাকি সোণাগিৰি পৰ্ব্বতৰ আগাৰিত প্ৰৱেশ হৈল। তাতে ৬০ ঘৰ চুতীয়া আছিল। তাৰ ৰজা নাই। তাৰে মাজত প্ৰৱেশ হৈ কিছু দিন থাকি বীৰপালে গায়পাল নাম ল'লে। তাৰে আজ্ঞাৰে এই ৫০ ঘৰ চুটিয়া প্ৰবৰ্ত্তি আছিল।
- ↑ Bhuyan, S.K., Deodhai Buranji: 4th edition, p.164
- ↑ বুৰঞ্জী খনৰ অনুসৰি ভীৰ্ম্মোক চুটিকা বা চুটিয়া বংশৰ লোক আছিল।
উল্লেখযোগ্য যে "টিকা" মানে দেউৰী-চুতীয়া ভাষাত বংশক বুজোৱা হয়। গতিকে চুটিকাৰ অৰ্থ চুতীয়া বংশ বুলি ধৰিব পাৰি।"সদিয়া কোৰ্জকো দেসঃ চুটিকা বংশৰ ভিৰ্ম্মোকাঃ
ধাতু দৃব্য ত্বং লোভেন হদ্বাজন পদা দয়ঃ।।" - ↑ Dutta, Sristidhar, "The Mataks and their kingdom", p.45. "Morans, Borahis, Kacharis and Chutias were the main tribes in the Matak community. As all of them were Bodos in origin, they had a common living pattern too. They lived in joint families. The number of members in a joint family sometimes exceeded one hundred."
- ↑ Bhuyan, S.K., Deodhai Buranji, p.202
- ↑ Bhuyan, S.K., Deodhai Buranji, pp.170-171
- ↑ Bhuyan, S.K., Deodhai Buranji: 4th edition, pp.164-167
- ↑ Bhuyan, S.K., Deodhai Buranji: 4th edition, pp.165
- ↑ উত্তৰ পূৰ্বাঞ্চলৰ বহুতো জনগোষ্ঠীৰ লোকে খেতিৰ অনুসৰি ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে জীৱন নিৰ্বাহ কৰিছিল। প্ৰায়বোৰ লোকে তেতিয়াৰ দিনত আহু আৰু বাও ধানৰ খেতি কৰিছিল। শালি কৰিলেও বেছি পৰিমাণে কৰা নাছিল। বছৰৰ আৰম্ভণিতে আহু ধানৰ খেতি কৰি চপাই মেলি, বাও বা শালি খেতি কৰি বাৰিষাৰ বানৰ পৰা ৰোধ পাবলৈ বা বাৰিষাৰ বেমাৰ আজাৰ নহ'বলৈ পাহাৰৰ দাতিৰ স্থায়ী অঞ্চল বোৰলৈ ঘূৰি গৈছিল। বৰাহী সকলে সেইবাবেই হয়টো চুকাফাক চৰাইদেউ পৰ্বতত থাকিবলৈ উপদেশ দিছিল। কালিকা পুৰাণৰ মতে দিক্কৰবাসিনী পীঠও বছৰৰ কেইবামাহ ধৰি পানীৰ তলত ডুব গৈছিল। কিছু লোকে হয়টো সেই সময়ত ভৈয়ামত স্থায়ী ৰুপে থাকি খেতি কৰিছিল আৰু সময়ত পাছলৈ বাকী লোকেও ভৈয়ামত স্থায়ী গাঁৱ পাতি থাকিবলৈ লৈছিল। বৰাহী চুতীয়া সকলৰ দুই শ্ৰেণী: চাং আৰু বাম বৰাহী হয়টো ইয়াৰে চিন। চুতীয়া ৰজা সকলে ব্ৰাহ্মণক ভূমিদানো সম্ভৱতঃ এই কাৰণতে কৰিছিল যাতে চুতীয়া লোক সকলে ভৈয়ামত হিন্দু ধৰ্মত দিক্ষিত হৈ স্থায়ীভাৱে থাকিবলৈ লয়। পাছলৈ চুতীয়া ৰাজ্যৰ পতনৰ ফলত পাহাৰীয়া অঞ্চলত বসতি নোহোৱাৰ বাবে বা সুৰক্ষাৰ ব্যৱস্থা/দূৰ্গ নোহোৱাৰ বাবে সেইবোৰ অঞ্চল পাহাৰীয়া জনজাতি সকলৰ হাতলৈ যায়। সেই কাৰণতে আহোম ৰাজ্যৰ দিনত পাহাৰীয়া জনজাতি বোৰে সঘনে ভৈয়ামৰ গাঁৱ লুণ্ঠন কৰিবলৈ ধৰে আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে আহোম সকলে পছা প্ৰথা আৰম্ভ কৰে।
- ↑ Bhuyan, S.K., Deodhai Buranji, p.200
- ↑ Bhuyan, S.K., Deodhai Buranji, p.193
- ↑ Bhuyan, S.K., Deodhai Buranji, p.193
- ↑ Brown, W.B. (1895). An Outline Grammar Of The Deori Chutiya Language. প্ৰকাশক Shillong: Assam Secretariat Printing Office. পৃষ্ঠা. 75, 84. ""Returning with his bride to his chosen seat of government, he sought no further extension of his dominions, bur directed his whole attention to the improvement of what he had acquired and to the consolidation of his power. He built a line of forts along the foot of the hills, probably to restrain the hungry barbarians, his former countrymen; made large tanks and founded temples.""
- ↑ Bhuyan, Nakul Chandra, "Bara-Bhuyan",p.7
- ↑ Bhuyan, S.K., Satsari Buranji, p.4
- ↑ Goswami, Hemchandra, Purani Asam Buranji, p. 23, 25
- ↑ Owahedur Zaman, "Study on the Persian Inscriptions discovered in Assam,p.5, "This stone slab inscription is from the time of Ghiyasuddin Azam Shah (ruled from 1389 A.D. to 1410 A.D). It was discovered in Boko of Kamrup district which was issued by Sultan Ghiyasuddin Azam Shah in 1389 A.D. It seems that he extended his sovereignty through Guwahati upto Boko area."
- ↑ Helem copper plated dated to 1399 p.6
- ↑ Helem copper plated dated to 1399 p.6
- ↑ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণো আছিল। এই কথা ঘিলামৰা অঞ্চলৰ বৰমূৰ্তিয়া বিলৰ তাম্ৰপত্ৰৰ পৰা জানিবলৈ পোৱা যায়। ফলিখনৰ মতে ১৩৯২ খ্ৰীষ্টাব্দত সুৰ-ৰিপু(অসুৰ) বংশৰ সধয়াপুৰৰ ৰজা নন্দিশ্বৰৰ পুত্ৰ সত্যনায়াণে ব্ৰাহ্মণক ২০০ পুৰা(৮০০ বিঘা) মাটি দান কৰিছিল। তেওঁৰ পুত্ৰ(আত্মজ) ধৰ্মনাৰায়ণ ৰজাই ফলিখনৰ নবীকৰণ কৰিছিল। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ধৰ্মনাৰায়ণ ৰজাৰ পিতৃ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণ আছিল।
- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.587, "এজন হৈছিল (একোহভূৎ) কমতাপুৰৰ ৰজা (কমতাপুৰে নৰপতি), যি জন আছিল "ভূপাল সমূহৰদ্বাৰা অৰ্চিত"(ভূপাল-ৱাৰাৰ্চ্চিত) আৰু "কামদেৱৰ(আন এটা নাম কন্দৰ্প) শত্ৰুৰ বিৰুদ্ধে বিজয়ী" (কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী) শ্ৰী ৰত্ননাৰায়ণ"
- ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
- ↑ হেম সৰস্বতীয়ে তেওঁৰ প্ৰহ্লাদ চৰিত গ্ৰন্থত দুৰ্লভনাৰায়ণৰ প্ৰশংসা কৰি লিখিছে—“কামতামণ্ডল দুৰ্লভ নাৰায়ণ নৃপবৰ অনুপাম”। এই শাৰীকেইটাৰ পৰা দুৰ্লভনাৰায়ণক কমতা মণ্ডলৰ অধিপতি আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক ৰজা হিচাপে বুজা যায়।
- ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp. 27–29.
- ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp. 19-20.
- ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp.23
- ↑ Maheswar Neog, "Early History of the Vaishnavite Faith and Movement in Assam", pp.42-44
- ↑ Rajkhowa, S. C. (1945). "The Kingdom of Kāmarupa and Kamatā in the 14th and 15th Centuries". Proceedings of the Indian History Congress খণ্ড 8: 139–146.
- ↑ Maheswar Neog, "Early History of the Vaishnavite Faith and Movement in Assam", pp.42-44,"The reign of Durlabhendra and his father, in view of Durlabhendra's fight with Arimatta, may be appropriately assigned to the first part of the fifteenth century."
- ↑ Maheswar Neog, "Early History of the Vaishnavite Faith and Movement in Assam", pp.42-44,"The identity of Dharmapala, Durlabhnarayana's kinsmen could not be fixed. In one Buranji an unnamed king of Kamata is mentioned, with whom the deity, Bhairava, residing in a stone idol, places towards the west of his capital, was displeased and migrated thereform to Halanginagara...It is a divine agency which is made responsible for the flight both of Dharmapala of the carita as well as of the unnamed Kamata king of the Buranji. My surmise is that they are one and the same person...According to the Assam Buranji, Durlabhendra was the unnamed Kamata king's son by his queen, Sulocana. Durlabhendra remained in the capital with his mother when his father fled to Asama, and became king of Kamata...The reign of Durlabhendra and his father, in view of Durlabhendra's fight with Arimatta, may be appropriately assigned to the first part of the fifteenth century."
- ↑ প্ৰহ্লাদ চৰিত্ৰ' উল্লেখ কৰিছে- "কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷ তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷ তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷"
- ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৫৩-৫৪.
- ↑ ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্ছ. পৃষ্ঠা. ২৯৮-২৯৯.
- ↑ Birinchi Kumar Barua; Maheswar Neog, ed (1960). Harivara Vipra’s Babrubahnar Yuddha and Tamradhwajar Yuddha. Gauhati University.
- ↑ Kakati, Banikanta (1953). Aspects of Early Assamese Literature. Gauhati University. পৃষ্ঠা. 34.
- ↑ Bhuyan, S.K, "Deodhai Buranji, p.16
- ↑ S.K, "Satsari Buranji, p.16
- ↑ Misra, Baniprasanna (2015). Deprovincialising Srimanta Sankaradeva. Centre for Assamese Studies, Tezpur University. পৃষ্ঠা. 24–25.
- ↑ Kakati, Banikanta (1953). Aspects of Early Assamese Literature. Gauhati University. পৃষ্ঠা. 44.
- ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
- ↑ Bhuyan, S.K, Satsari Assam Buranji,p.9, "Previously, since the time of one of Sukapha’s sons, there was alliance and coordial relations with the Chutia king"
- ↑ Bhuyan, SK, "Assam Buranji(SM), p. 7
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Bhuyan, SK, "Satsari Assam Buranji, pp.3-4, "বাটতে আহোতে কতো দহ, কতো বাৰ, কতো দুই, কতো তিনি, কতো এক, এইক্ৰমে মানুহ লগ পাই তাকো হাতকৈ মোৰাই দি আহে। সেই মানুহ কতো চুটিয়া, কতো মৰাণ, কতো বৰাহী, এই মানুহ বিস্তৰ হ'ল।..যি চুটিয়া, কছাৰী, মৰাণ পাই লগত ল'লে, তাৰো কাৰ্য্য অনুৰূপে নাম থৈ গ'ল।"
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Bhuyan, S K, Satsari Buranji,p.9
- ↑ Bhuyan, SK, "বাঁহগৰীয়া বৰগোহাঁই বুৰঞ্জী: দেওধাই অসম বুৰঞ্জী",p.90
- ↑ Goswami, Hemchandra, "Purani Assam Buranji, p.37
- ↑ Assam Buranji (SM), p.7
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
- ↑ Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56
- ↑ Barua, Gopal Chandra, "Ahom Buranji, p.48
- ↑ Barua, Gopal Chandra,"Ahom Buranji",p.49, "After the death of Sutuphaa, the country was in interregnum for four years."
- ↑ Assam Buranji (SM), p. 9
- ↑ Satsari Assam Buranji, p.57
- ↑ Satsari Assam Buranji, p.57
- ↑ Goswami, Hemchandra, Purani Assam Buranji, p.40
- ↑ Satsari Assam Buranji, p.57
- ↑ Purani Assam Buranji, p.40
- ↑ Barua, Swarnalata, "Chutia jatir Buranji", p.594.
- ↑ Deodhai Assam Buranji, p. 17.
- ↑ Deodhai Assam Buranji, p. 17.
- ↑ Deodhai Assam Buranji, p. 18.
- ↑ Deodhai Assam Buranji, p. 19.
- ↑ Bhuyan, S.K.,Assam Buranji(SM),p.10
- ↑ Deodhai Assam Buranji, p. 19.
- ↑ Barua, Nipu, "Yoi Malini", p.33
- ↑ Barua, Nipu, "Yoi Malini", p.43
- ↑ Goswami, Hemchandra,"Purani Assam Buranji, p. 42
- ↑ Gait, Edward, "A history of Assam", p.94,"Chutiyas were subjugated, and their country was brought under control by the appointment of Ahom officials at Sadiya and on the Dihing, and by the settlement at those places of a number of Ahom families."
- ↑ Satsari Buranji, p.62
- ↑ Satsari Buranji, p.68
- ↑ Ahom Buranji(GC Barua), p.61
- ↑ Ahom Buranji(GC Barua), p.61
- ↑ Barua, Gopal Chandra, Ahom Buranji, p.61
- ↑ সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, ২৫ পৃষ্ঠাত আছে-"সেই সময়ত ৰজা দাই ধৰিলে, বোলে-'চুটিয়া মাৰি ভূঞা বিলাকক মাৰি-কাটি বুপা ৰজায়ে ময়েহে ৰাজ্য লৈছো। বামুণে যে ৰজা হয় চুটিয়াৰ বৰপাত্ৰকনো কিহলৈ থৈছোঁ?' এহি বুলি বৰপাত্ৰক মাৰিলে, বামুণকো মাৰিব চালে, সপুত্ৰবান্ধৱে বেহাৰলৈ পলাই গেʼল। "
- ↑ Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714),p. 20,It appears that the noble designation of Barpatragohain was borrowed from the civil list of Habung where the local ruler, a dependent of the Chutia king, had the title of Vrihatpatra.
- ↑ Ahom Buranji(GC Barua), p.64
- ↑ Sarma, Benudhar, Maniram Dewan, p.287
- ↑ Satsari Assam Buranji,p.14, 61
- ↑ Bhuyan, S.K,"Deodhai Assam Buranji", p. 126
- ↑ Bhuyan, S.K,"Assam Buranji(SM)", p.10
- ↑ হিতেশ্বৰ বৰবৰুৱা, "আহোমৰ দিন", p.49
- ↑ Phukan, Kasinath Tamuli, "Assam Buranji",p.17-18
- ↑ Bhuyan,S.K,"Satsari Buranji",p.135
- ↑ Sharma, Benudhar.Maniram Dewan, p.289.
- ↑ স্বৰ্ণলতা বৰুৱা (মুখ্য সম্পা.) আৰু ডম্বৰুধৰ নাথ (সম্পা.), চুতীয়া জাতিৰ বুৰঞ্জী, চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, ২০০৭, পৃ. ৬৪১
- ↑ হিতেশ্বৰ বৰবৰুৱা, আহোমৰ দিন, p.451
- ↑ Barua, Gopal Chandra, "Ahom Buranji", p. 61-68
- ↑ Barua, Gopal Chandra, "Ahom Buranji", p. 75
- ↑ Barua, Gopal Chandra, "Ahom Buranji", p. 75
- ↑ নাওবৈচা ফুকনৰ বুৰঞ্জী, p.55
- ↑ The Chutiyas being expert warrior knew the use of matchlocks. After their subjugation, the Chutiyas were, therefore engaged in manufacturing matchlocks and they became prominent in the Hiloidhari-Khel (guild for manufacturing matchlocks)"(Dutta 1985:30)
- ↑ Census of India 1891, p. 17
- ↑ Barua, G.C, "Ahom Buranji, p. 331-333
গ্ৰন্থসূচী
[সম্পাদনা কৰক]- Gait, Edward (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. http://books.google.com/books?id=w-6kr1IyHJkC.
- Saikia, Yasmin (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. প্ৰকাশক Guwahati: Spectrum Publications.</ref>
- Neog, Maheswar (1977). "Light on a Ruling Dynasty of Arunachal Pradesh in the Fourteenth and Fifteenth Centuries". Annals of the Bhandarkar Oriental Research Institute খণ্ড 58/59: 813–820. ISSN 0378-1143.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| |||||||||||||||||||||||||||