চুতীয়া ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
চুতীয়া সাম্ৰাজ্য
সধয়া/স্বধয়া

১১৮৭–৭ বহাগ ১৫২৪ (সাধনী দিৱস)
চুতীয়া ৰাজ্যৰ মানচিত্ৰ
ৰাজধানী সধয়াপুৰ/স্বধয়াপুৰ
ভাষা(সমূহ) চুতীয়া ভাষা (ৰাজকীয়)
অসমীয়া (ৰাজ্যিক)
ধৰ্ম জনজাতীয় তান্ত্ৰিক (ৰাজকীয় আৰু প্ৰজা)
হিন্দু (একাংশ প্ৰজা)
চৰকাৰ ৰাজতন্ত্ৰ
সধেয়াধিপতি (নাৰায়ণ/পাল)
 - ১১৮৭-১২২০ বীৰপাল/গয়াপাল
 - ১২৩০-১২৬০ ৰত্নধ্বজপাল/গৌৰী নাৰায়ণ
 - ১৫২০-১৫২২ ধৰ্মধ্বজপাল/ধীৰনায়াৰণ
 - ১৫২২-১৫২৪ নীতিপাল/চন্দ্ৰ নাৰায়ণ(অন্তিম)
ইতিহাস
 - স্থাপিত ১১৮৭
 - পতন ৭ বহাগ ১৫২৪ (সাধনী দিৱস)
বৰ্তমানৰ অৱস্থিতি অসম, অৰুণাচল প্ৰদেশ, ভাৰত

চুতীয়া ৰাজ্য (ইংৰাজী: Sutiya kingdom) আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই নদী আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এক বিশাল সাম্ৰাজ্য[1]। ১১৮৭ চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লয় চুতীয়া ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ পুত্ৰ গৌৰী নাৰায়ণে সকলো চুতীয়াক একত্ৰিত কৰি এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। ইয়াৰ পিছত প্ৰায় সোতৰজন ৰজাই এই সাম্ৰাজ্য চলাইছিল। কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ-পূবত চুতীয়াসকল, পশ্চিম দিশে বাৰভূঞা আৰু কমতা ৰাজ্য ক্ষমতালৈ আহিছিল।[2]। অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। তেওঁলোক তিব্বত-বাৰ্মীজ বড়ো-কচাৰী পৰিয়াল গোষ্ঠীৰ লোক আছিল আৰু এটা সময়ত তিব্বত-বাৰ্মীজ চুতীয়া ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত, চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

ইতিহাসৰ পৰা জনা যায় যে মধ্যযুগৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যখনে সকলোতকৈ উন্নত আৰু প্ৰগতিশীল আছিল।[3] উজনি অসমৰ শিৱসাগৰ(দক্ষিণ পাৰ) আৰু বিশ্বনাথ(উত্তৰ পাৰ) জিলাৰ পূব দিশত, অৰুণাচলৰ পাহাৰৰ লৈকে এসময়ত চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। অৰ্থাৎ সেই যুগত চুতীয়া সকল লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, তিনিচুকীয়া আৰু অৰুণাচলৰ লোহিত, ডিবাং, ইত্যাদি জিলাত সিচৰিত হৈ আছিল। ১২ শতিকাৰ শেষৰ ফালে এই সকলো অঞ্চলৰ চুতীয়া সকল একত্ৰিত হৈ শদিয়া কেন্দ্ৰীক এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। উল্লেখযোগ্য যে এই ৰাজ্যৰ পৰিসীমা এটা সময়ত পৌৰাণিক কামৰূপৰ কৰতয়া নৈ(কমতাপুৰ) লৈকে বিস্তৃত হৈছিল।[4]


ৰাজ্য প্ৰতিষ্ঠা[সম্পাদনা কৰক]

দেউধাই বুৰঞ্জীত উল্লেখ কৰা মতে আনুমানিক ১১৮৭ চনত চুতীয়া সকলে বিভিন্ন সৰু সৰু ৰাজ্য(বা বৃহৎ গাঁও) গঠন কৰি বাস কৰি আছিল।[5] তাৰ ভিতৰতে স্বৰ্ণগিৰি নামৰ ৰাজ্য খনত বীৰপাল নামৰ এজন লোক ৰজা হৈ আছিল। বীৰপালৰ ৰাজ্যত ৬০ টা যৌথ পৰিয়ালৰ লোকে বাস কৰিছিল, অৰ্থাৎ প্ৰায় ৬০০০ লোক।[6] ইয়াৰ পিছত চুচুবুৰীয়া চুতীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল। তেওঁক খুন্ত ৰজা বুলিও জনা‌ গৈছিল।[7]

ত্ৰয়োবিংশ শতিকাৰ আগভাগত আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। নোই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্‌ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।[8]

ৰাজ্য বিস্তাৰ[সম্পাদনা কৰক]

বীৰপালৰ পুত্ৰ আছিল ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ। তেওঁ নিজৰ বাহু বলেৰে উজনি অসমৰ সকলো চুতীয়া ৰাজ্য (যেনে ৰঙ্গালগিৰি, স্বেতাগিৰি, চন্দ্ৰগিৰি, ধৱলগিৰি, নীলগিৰি, ইত্যাদি) একত্ৰিত কৰি বৃহৎ চুতীয়া ৰাজ্য গঠন কৰিছিল[9]

দেউধাই বুৰঞ্জীত উল্লেখ কৰা "চুতীয়াৰ কথা"ৰ দ্বিতীয় আখ্যানৰ[10] মতে বীৰপালে কিৰাতনী দেৱীৰ আশীৰ্বাদত দুটা সোণৰ মেকুৰী আৰু দণ্ড-খাট লাভ কৰি চোট-হিন্দুৱান খুন্তৱান(চুতীয়া ৰাজ্যৰ) ৰজা হৈছিল আৰু শদিয়াত আছিল ("পৰদিনা চৰুৰ ঢাকন গুচাই চালে, সোণৰ বিড়ালী দুটী পালে, দণ্ড-খাট পালে। সেইদিন ধৰি সকলৰে সোধ-পোছ দিন দিন ধৰি পালে। ছোট হিন্দুৱানৰ খুন্তৱানৰ ৰজা হ'ল। শদিয়াত সিটো ৰজা অবাক ৰূপে থাকে।")। ইয়াৰ পৰা বুজিব পাৰি যে বীৰপালৰ বসতি(স্বৰ্ণগিৰি চুতীয়া ৰাজ্য) শদিয়া অঞ্চলতে আছিল। দেউধাই বুৰঞ্জীত উল্লেখ কৰা চন্দ্ৰগিৰি নামৰ চুতীয়া ৰাজ্য খনো বৰ্তমান শদিয়াতে অৱস্থিত আছিল। এইখন পাছলৈ স্বৰ্ণগিৰিৰ চুতীয়া ৰজা ৰত্নধ্বজপালে নিজৰ অধীনলৈ আনি বৃহৎ চুতীয়া ৰাজ্য গঠন কৰিছিল। চন্দ্ৰগিৰি অঞ্চলতে নীতিপালে আহোম ৰজাৰ লগত যুদ্ধ কৰিছিল, যাৰ বাবে তেওঁক "চন্দ্ৰ নাৰায়ণ" বুলিও কোৱা হৈছিল[11]। গোপাল চন্দ্ৰ বৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত এই অঞ্চলটোক "দৈ-চন্দন"(টাই ভাষাত দৈ=পাহাৰ) কোৱা হৈছে। ৰানী সাধনীয়ে এই অঞ্চলতে প্ৰাণ ত্যোগ কৰিছিল। 

ৰত্নধ্বজপালে বস কৰা ৰাজ্য স্বেতাগিৰি সম্ভৱত বৰ্তমান লখিমপুৰ জিলাত আছিল কাৰণ এই ৰাজ্য দখল কৰা পাছতে তেওঁ বৰ্তমান মাজুলীত নিজৰ ৰাজধানী হিচাপে "ৰতনপুৰ" নামৰ এখন নগৰ গঠন কৰিছিল[12] । "ঢোল বাই ক'ত? ৰতনপুৰত। খোল বাই ক'ত? ৰতনপুৰত", এই বিখ্যাত পুৰণি গীতটো চুতীয়া ৰাজধানী ৰতনপুৰক লৈয়ে সৃষ্টি কৰা হৈছিল। এই ৰতনপুৰতে পাছলৈ নৱ-বৈষ্ণৱ ধৰ্মৰ সত্ৰ এখনো স্থাপন কৰা হৈছিল। পৰবৰ্তী কালত ৰত্নধ্বজপালে নিজৰ ৰাজধানী শদিয়াত স্থায়ী ৰূপে গঠন কৰিছিল[13]

আহোম সকলৰ বুৰঞ্জীত উল্লেখ থকাৰ মতে চুকাফা ৰাজকুমাৰ মাও-লুং দেশত থাকোতে অসমত পাছখন ৰাজ্য আছিল: চুতীয়া, কমতেশ্বৰ, কছাৰী, বৰাহী আৰু মৰাণ। চুকাফাই চৰাইদেউত ৰাজধানী পতাৰ আগতে বাটত বহুতো চুতীয়াক লগ পাইছিল[14]। যিহেতু চুকাফাই চৰাইদেউত নগৰ গঢ়া আগতে নামৰুপ, তিপাম, অভয়পুৰ, হাবুং, শিমলুগুৰি আৰু চনটক বাস কৰি আহিছিল। গতিকে এইবোৰ অঞ্চলৰে কিছুমান জেগাত চুতীয়া সকলৰ বসতি আছিল বুলি ধৰিব পৰা যায়। বহুতো চুতীয়া পৰিয়াল (যেনে চোম-চিৰিং, চাংচাই, খাতুৱাল চেতিয়া, ইত্যাদি) চুকাফাৰ দিনতে আহোম জাতিত অন্তৰ্ভুক্ত হৈ বিলীন হৈ গৈছিল[15]। এই সকলো তথ্যৰ পৰা ধৰিব পাৰি যে ১২-১৩ শতিকাত চুতীয়া ৰাজ্য সেই সময়ত লখিমপুৰ, ডিব্ৰুগড় অঞ্চলৰ পৰা শদিয়া আৰু অৰুণাচলৰ সীমান্ত অঞ্চলৰ লৈকে বিয়পি আছিল। 

চুতীয়া ৰাজ্যৰ অঞ্চল সমূহ[সম্পাদনা কৰক]

চুতীয়া ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আৰু ৰাজধানী আছিল শদিয়া বা সধয়াপুৰ। চুতীয়া ৰজা সকলে নিজকে সধয়াপুৰেশ্বৰ বা সধয়াধিপতি বুলি চিনাকি দিছিল [16] শদিয়াৰ কীৰ্তিচিহ্ন সমূহতো চুতীয়া ৰজাৰ নাম খোদিত আছে। ভীষ্মক নগৰ আৰু ৰুক্মিণী নগৰৰ ইটাত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ নাম খোদিত আছে[17]। তাম্ৰেশ্বৰী শালৰ ইটাৰ দেৱালখন চুতীয়া ৰজা মুক্ত-ধৰ্মনাৰায়ণে নিৰ্মাণ কৰাইছিল [18]

চুতীয়া ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ সীমা দিহিং নৈ আছিল। এই কথা বুৰঞ্জী সমূহত স্পষ্টকৈ উল্লেখ পোৱা যায় [19][20] সেই সময়ত মাজুলী দ্বীপ সৃষ্টি হোৱা নাছিল আৰু দিহিং নৈ ব্ৰহ্মপুত্ৰৰ কাষে কাষে বৈ গৈ বৰ্তমান মাজুলীৰ পশ্চিমত লগ হৈছিল। বুৰঞ্জী সমূহৰ পৰা জনা যায় যে আহোম ৰাজ্যৰ ৰাজধানী চাৰাগুৱা আৰু বকতা[21] দিহিং নৈৰ পাৰত অৱস্থিত আছিল। গতিকে এই সকলো কথাৰ পৰা ধৰিব পাৰি যে বৰ্তমানৰ শিৱসাগৰ অঞ্চলৰো এটা অংশ চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনত দিহিং মুখৰ যুদ্ধত নীতিপালৰ সৈন্য বাহিনীক পৰাস্ত কৰি আহোম সেণা চুতীয়া ৰাজ্যত প্ৰবেশ কৰিছিল। চুহুংমুঙৰ সৈন্যয়ে চুতীয়া নৌ সেনাক খেদি ব্ৰক্ষ্মপুত্ৰয়ে দি উজাই আহি ডিব্ৰুমুখত গড় নিৰ্মাণ কৰিছিল।ডিব্ৰু মুখ, চেচামুখ, লাৰুপাৰা আৰু সোণাৰীথ(তিনিচুকীয়া) পুণৰ ৰণ হৈছিল। গতিকে এই সকলো অঞ্চলতে চুতীয়া সকলৰ বসতি আছিল বুলি ক’ব পৰা যায়। দক্ষিণ সীমান্তত এলেকা তিপাম-নামৰূপ-বৰহাট অঞ্চল আছিল। টাই ভাষাৰ "আহোম বুৰঞ্জী" গ্ৰন্থ খনত উল্লেখ থকাৰ মতে পূৰ্বৰ চুতীয়া ৰাজ্যৰ সীমান্তৰ অঞ্চলৰ খামজাং প্ৰদেশৰ নঙাখাম নামৰ নৰা মুখিয়াল এজনে ১৭৭৫ চনত চুতীয়া সকলক লগত লয় হাটখোৱা গোহাঁইৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল[22]। বুৰঞ্জীৰ পৰা জনা যায় যে খামজাং প্ৰদেশ পাটকাই পৰ্বতৰ‌ নং-খেও-য়ং(Lake of no return) অঞ্চলত অৱস্থিত আছিল। গতিকে ধৰিব পাৰি যে চুতীয়া ৰাজ্য এসময়ত সেই অঞ্চলৰ লৈকে বিয়পি আছিল।

ব্ৰক্ষ্মপুত্ৰৰৰ উত্তৰ পাৰৰ সীমাৰ কথা বুৰঞ্জী সমূহত পোনপটীয়াকৈ উল্লেখ পোৱা নাযায়। তথাপিও বুৰঞ্জী সমূহত উল্লেখ কৰা আছে যে চুতীয়া ৰাজ্য দখল কৰা পাছত আহোম ৰজা চুহুংমুঙে ৰাউতা-তেমনীৰ ভূঞা সকলক বস কৰিছিল[23]। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ভৰালী নদীৰ লৈকে চুতীয়া ৰাজ্য বিয়পি আছিল। বৰ্তমান লখিমপুৰৰ সোৱনশিৰি অঞ্চলতো চুতীয়া ৰাজ্যৰ অধীনত আছিল। সেই অঞ্চল পুৰণি কালত হাবুং বুলি জনা গৈছিল। শদিয়াৰ চেপাখোৱা তামৰ ফলিত উল্লেখ থকাৰ মতে চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ আদেশত ১৪২৮ চনত হাবুঙাধিপতি বৃহৎ পাত্ৰয়েই ব্ৰাক্ষ্মণক ভূমিদান কৰিছিল[24][25]। চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ১৪০২ চনত সোৱণশিৰিৰ পশ্চিম দিশত(বৰ্তমান লক্ষিমপুৰ নগৰৰ ওচৰত) আৰু ১৩৯২ চনত সত্যনাৰায়ণ ৰজাই ধৱলী(বগীনদী) নৈৰ পাৰত ব্ৰাহ্মণক ভূমি দান কৰিছিল[26]। ১৫২২ চনত ধীৰনাৰায়ণ ৰজাই ঢকুৱাখনাত ব্ৰাহ্মণক ভূমি দান কৰিছিল[27]। এই সকলো কথাৰ পৰা জনা যায় যে বৰ্তমানৰ লখিমপুৰ জিলাখন সম্পূৰ্ণ ভাবে চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। ধেমাজি জিলাৰ চিচিবৰগাঁও-বৰদলনি অঞ্চলত বহুতো পুৰণি চুতীয়া যুগৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায়[28]। জোনাইৰ ৰজাখনা অঞ্চলত ১৩-১৪ শতিকাৰ চুতীয়া ৰাজ্যৰ ইটাৰ দুৰ্গৰ অৱশেষ পোৱা গৈছিল[29]। বিশ্বনাথ জিলা যে চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল, সেই কথা চুতীয়া যুগৰ কীৰ্তিচিহ্ন সমূহৰ পৰা পুহৰলৈ আহে। চুতীয়া যুগৰ খনিকৰ সকলে কিবা উল্লেখযোগ্য কীৰ্তিচিহ্ন নিৰ্মাণ কৰিলে এক বিশেষ ধৰণৰ চিহ্ন কিছুমান ব্যৱহাৰ কৰিছিল। বিশ্বনাথ জিলাৰ অৰুণাচল সীমান্তৰ বুঢ়ৈ দুৰ্গ, নক্সাপৰ্বত দুৰ্গ আৰু ব্ৰহ্মপুত্ৰ পাৰৰ উমাতুমনি দ্বিপ তাৰে প্ৰমাণ। হুবহু একেই খনিকৰ চিহ্ন শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ, বুঢ়াবুঢ়ী শাল, ইটা পুখুৰী, ইত্যাদি জেগাত দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে তাম্ৰেশ্বৰীৰ যিখন শিল-ইটাৰ দেৱালত এই চিহ্ন সমূহ খোদিত আছিল, সেই খন চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে ১৪৪২ চনত নিৰ্মাণ কৰিছিল।[30] জনা মতে নক্সাপৰ্বত(১৪০০-১৫০০ খ্ৰীষ্টাব্দ)[31] আৰু বুঢ়ৈ দুৰ্গ[32] প্ৰায় একে যুগৰে সৃষ্টি হয়। এই সকলো তথ্যৰ ভিথিত কনকলাল বৰুৱা আৰু মহেশ্বৰ নেওগ লৈখীয়া বিশিষ্ট ইতিহাস বিধে চুতীয়া ৰাজ্যৰ পৰিসীমা বিশ্বনাথ জিলা লৈকে থকা কথা স্বীকাৰ কৰিছে।[33][34] ইয়াৰ ওপৰিও জনা যায় যে চুতীয়া ৰাজ্য দখল কৰা পাছতেই (অৰ্থাৎ ১৫২৫ চনতে) আহোম ৰজাই শদিয়া, হাবুং(লখিমপুৰ), দিহিং, টিফাও(ডিব্ৰু), বানলুং(ধেমাজি) অঞ্চল সাহস কৰিবলৈ নতুনকৈ পদবী সৃষ্টি কৰিছিল[35]। গতিকে এই সমূহ অঞ্চল চুতীয়া ৰাজ্যৰ অধীনত আছিল বুলি গ'ম পোৱা যায়।

ৰত্ননাৰায়ণৰ ৰাজ্য বিস্তাৰৰ তথ্য ৰজা দুৰ্লভনাৰায়ণৰ শদিয়া-চেপাখোৱা তামৰ ফলিত(১৫২৮ চনৰ) পোৱা যায়। এই ফলিত উল্লেখ কৰা মতে ৰজা দুৰ্লভনাৰায়ণৰ পিতৃ আছিল ৰজা ধৰ্মনাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ পিতৃ ৰত্ননাৰায়ণে এসময়ত কমতাপুৰৰ লৈকে নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল।   ভূমিদানৰ ফলিখনত উল্লেখ আছে[36],

"একোহভূ্ৎ কমতাপুৰে নৰপতি ভূপাল-ৱাৰাৰ্চ্চিতঃ 
কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী শ্ৰী ৰত্ননাৰায়ণঃ।।"

অৰ্থাৎ এজন হৈছিল (একোহভূৎ) কমতাপুৰৰ ৰজা (কমতাপুৰে নৰপতি), যি জন আছিল "ভূপাল সমূহৰদ্বাৰা অৰ্চিত"(ভূপাল-ৱাৰাৰ্চ্চিত) আৰু "কামদেৱৰ(আন এটা নাম কন্দৰ্প) শত্ৰুৰ বিৰুদ্ধে বিজয়ী" (কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী) শ্ৰী ৰত্ননাৰায়ণ।   ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণো আছিল। এই কথা ঘিলামৰা অঞ্চলৰ বৰমূৰ্তিয়া বিলৰ তাম্ৰপত্ৰৰ পৰা জানিবলৈ পোৱা যায়। ফলিখনৰ মতে ১৩৯২ খ্ৰীষ্টাব্দত সুৰ-ৰিপু(অসুৰ) বংশৰ সধয়াপুৰৰ ৰজা নন্দিশ্বৰৰ পুত্ৰ সত্যনায়াণে ব্ৰাহ্মণক ২০০ পুৰা(৮০০ বিঘা) মাটি দান কৰিছিল। তেওঁৰ পুত্ৰ(আত্মজ) ধৰ্মনাৰায়ণ ৰজাই ফলিখনৰ নবীকৰণ কৰিছিল। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ধৰ্মনাৰায়ণ ৰজাৰ পিতৃ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণ আছিল। উল্লেখযোগ্য যে ১৫০ বছৰ আগতে গৌৰীনায়াৰণ/ৰত্নধ্বজপালেও নিজৰ পুত্ৰ শিৱনাৰায়ণৰ লগত কমতেশ্বৰ ৰজা সন্ধয়াৰ ৰাজকুমাৰীক বিয়া কৰাই কমতা ৰাজ্যৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। সম্ভৱতঃ এই কমতা ৰাজবংশ নাইকীয়া বা দুৰ্বল হৈ যোৱা ফলতে চুতীয়া ৰজা সত্যনাৰায়ণে কমতা ৰাজ্য নিজৰ অধীনলৈ আনিছিল।  

ৰজা সকলৰ তালিকা[সম্পাদনা কৰক]

ৰজাৰ তালিকাত
# বছৰ ৰাজত্ব কাল নাম অন্য নাম
১. ১১৮৭ - ১২২০ ৩৩ ব বীৰপাল গয়াপাল
২. ১২২০ - ১২৫৫ ৩৫ ব ৰত্নধ্বজপাল গৌৰীনাৰায়ণ
৩. ১২৫৫ - ১২৭০ ১৫ ব বিজয়ধ্বজপাল শিৱনাৰায়ণ
৪. ১২৭০ - ১২৮৫ ১৫ ব বিক্ৰমধ্বজপাল জগতনাৰায়ণ
৫. ১২৮৫ - ১৩০৫ ২০ ব গৌৰধ্বজপাল প্ৰমত্তনাৰায়ণ
৬. ১৩০৫ - ১৩২৫ ২০ ব শঙ্খধ্বজপাল হৰিনাৰায়ণ
৭. ১৩২৫ - ১৩৪৩ ১৮ ব ময়ূৰধ্বজপাল গোলোকনাৰায়ণ
৮. ১৩৪৩ - ১৩৬০ ১৭ ব জয়ধ্বজপাল বজ্ৰনাৰায়ণ
৯. ১৪৬০ - ১৩৮০ ২০ ব কৰ্মধ্বজপাল নন্দেশ্বৰ/নন্দিনৃপ
১০. ১৩৮০ - ১৪০০ ২০ ব সত্যনাৰায়ণ ৰত্ননাৰায়ণ
১১. ১৪০০ - ১৪১৫ ১৫ ব লক্ষ্মীনাৰায়ণ ধৰ্মনাৰায়ণ
১২. ১৪১৫ - ১৪৩০ ১৫ ব দুৰ্লভনাৰায়ণ
১৩. ১৪৩০- ১৪৪৫ ১৫ ব মুক্তধৰ্মনাৰায়ণ
১৪. ১৪৪৫ - ১৪৬৫ ২০ ব প্ৰত্যক্ষনাৰায়ণ/প্ৰতাপনাৰায়ণ
১৫. ১৪৬৫ - ১৪৮০ ১৫ ব যশনাৰায়ণ
১৬. ১৪৮০- ১৫০০ ২০ ব পুৰন্দৰধ্বজপাল পুৰন্দৰনাৰায়ণ
১৭. ১৫০০ - ১৫২২ ২২ ব ধৰ্মধ্বজপাল ধীৰনাৰায়ণ
১৮. ১৫২২ - ১৫২৪ ২ ব নীতিপাল/নিত্যপাল চন্দ্ৰনাৰায়ণ

চুতীয়া-আহোম যুদ্ধ[সম্পাদনা কৰক]

১৫১২ চনত চুতীয়াৰ হাবুঙৰ প্ৰদেশৰ পানবাৰী অঞ্চলত চুহুংমুঙে প্ৰৱেশ কৰে আৰু আগতে বামুণীয়া কোঁৱৰক তূলি লোৱা বামুণ পৰিয়ালটোক নিজৰ লগত লয়। বামুণ জনক সোণৰ লগুণ উপহাৰ দি হাতী-ঘাহী অধিকাৰী পাতি নিজৰ লগত লয়। পানবাৰীত থকাৰ সময়ত আহোম ৰজাই সেনা বাহিনীৰ কিছুমানক দিহিং নৈত মাছ ধৰিবলৈ পঠিয়াই। দিহিঙত ডাঙৰ বৰালী ধৰিবলৈ লওঁতে চুতীয়াই আহোম সেনাক দেখে। দিহিং নৈ চুতীয়া আৰু আহোম ৰাজ্যৰ সীমা আছিল, উত্তৰত চুতীয়া ৰাজ্য আৰু দক্ষিণত আহোম ৰাজ্য। চুতীয়াৰ পানীত মাছ ধৰিছে বুলি চুতীয়া সকলে গম পাই মাণিক চন্দ্ৰ বৰুৱাই চুতীয়া মানু্হ পঠিয়াই। কিন্তু আহোম সকলে মাছৰ লগতে চুতীয়া মানু্হকো ধৰি নিয়ে। এই কথা মাণিক চন্দ্ৰ বৰুৱাই ধীৰনাৰায়ণ ৰজাৰ জোৱাঁই নিতাইক জনাই। নীতিপালৰ পৰা ধীৰনাৰায়ণে খবৰ পাই যে আহোম সেনাই দিহিঙৰ সীমা নামানি উত্তৰ পাৰৰ চুতীয়া ৰাজ্যৰ হাবুঙ অঞ্চলত প্ৰৱেশ কৰিছে।[37]

দিখৌ-মুখৰ ৰণ[সম্পাদনা কৰক]

ধীৰনাৰায়ণ ৰজাই এই কথা গম পাই যুদ্ধ কৰিবলৈ মন কৰে আৰু ১৫১৩ চনত লুইতে দি আহি দিখৌমুখত কোঠ পাতে। সেই সময়ত দিখৌ মুখ আজিৰ দিনৰ কলিয়াবৰৰ ওচৰত আছিল। চুতীয়া সেনাই দিখৌ মুখ অঞ্চলত পচলা গড় নিৰ্মাণ কৰে। তাৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকটা অঞ্চলৰ নঙকামুঙ বিলৰ পাৰত কোঠ পাতে। চেৰুৱাকটাৰ পৰা এখিনি সেনা বৰনাঁৱত উঠি চিৰা আটি অঞ্চললৈ যায়। চুহুংমুঙে চাও-চুখ্ৰিং আৰু ৰাইলুঙীয়া গোহাঁইক সৈন্য দি চুতীয়াৰ বৰনাঁৱ ধৰিবলৈ সেনা পঠিয়াই। তাৰ পাছত তেওঁ চেৰুৱাকটাৰ চুতীয়া সেনাক আক্ৰমণ কৰে। চুতীয়া সেনাই শত্ৰুৰ শক্তিৰ অনুমান নাপায় যুদ্ধত পৰাজয় হব লগিয়া হয়। এই যুদ্ধত ৪ হাজাৰ চুতীয়া সৈনিক স্বহীদ হয় আৰু ৩ হাজাৰ বন্দী হয়। বন্দী সকলৰ মূৰ কাটি আহোম ৰজাই মুণ্ডমালা বান্ধিলে।[38]

যুদ্ধৰ পৰাজয়ৰ ফলত দিখৌ মুখত বাকী থকা চুতীয়া সেনা সেই অঞ্চলৰ পৰা ঘূৰি আহে আৰু পানবাৰী আহোমৰ হাতলৈ যায়। তাৰ পাছত ১৫১৯ চনত চুহুংমুঙ হাবুঙৰ পৰা দিহিংমুখ অঞ্চল লৈ আহে আৰু তাত এটা কোঠ/দুৰ্গ নিৰ্মাণ কৰে। তেতিয়াৰ দিহিংমুখ আজিৰ দিনৰ পশ্চিম মাজুলী অঞ্চল হয়।[39]

দিহিং-মুখৰ প্ৰথম ৰণ[সম্পাদনা কৰক]

১৫২০ চনত চুতীয়া সেনাই এইবাৰ আকৌ ভটিয়াই আহি আহোমৰ নতুনকৈ নিৰ্মিত দিহিংমুখৰ দুৰ্গ(মৌঙখ্ৰাঙ) আক্ৰমণ কৰে। যুদ্ধত চুতীয়া সেনা জয়ী হয় আৰু আহোম সেনাপতি খেনমোঙক মাৰি আহোম সেনাক সেই অঞ্চলৰ পৰা খেদি পঠিয়াই। ফলত দিহিংমুখৰ কোঠ চুতীয়াৰ হাতলৈ যায়।[40][41]

চুতীয়া ৰাজ্যৰ পটন[সম্পাদনা কৰক]

নীতিপালৰ ৰাজত্ব[সম্পাদনা কৰক]

ইয়াৰ পাছতে ১৫২২ চনত ধীৰনাৰায়ণ ৰজাই হাবুং অঞ্চলৰ (বৰ্তমান ঢকোৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাই ৰাজ্য ভাৰ দিয়ে। ৰজা হৈ নিতায়ে নীতিপাল নাম লয়। ৰজা ধীৰনাৰায়ণে ৰাজ্য ভাৰ এৰি জামাতাক যুৱৰাজ পাতি, আপোন পুত্ৰ তিনি বছৰৰ শিশু সাধক নাৰায়ণক নীতিপালৰ হাতত সমৰ্পন কৰি দেশান্তৰিত হয়। সামান্য ‌চুতীয়া ল'ৰা ৰজা হোৱাত ৰাজবংশৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতে ক্ষুণ্ণ ‌হৈ পৰে। এই লোক সকলে নিত্যপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে। এই ষড়যন্ত্ৰৰ মূল নায়ক ধীৰনাৰায়ণ ৰজাৰ ভায়েক সুৰজিৎ ওৰফে সুৰধ্বজপাল আছিল। ষড়যন্ত্ৰ সফল নহ'ল। নীতিপালে তেওঁৰ বিশ্বাসী চোৰাংচোৱাৰ পৰা সকলো কথা জানিব পাৰি ষড়যন্ত্ৰত লিপ্ত বিষয়াক ভাঙি নতুন মন্ত্ৰী বিষয়া নিয়োগ কৰে। পূৰ্ব্বৰ পাত্ৰ মন্ত্ৰী গুচাই সামান্য পাত্ৰ-মন্ত্ৰী পাতি লʼলে। সূৰধ্বজপালক ধৰি আনিবৰ বাবে কাচিতৰা সেনাপতিক পঠায়। কিন্তু সুৰধ্বজ দেশ এৰি পলাই যোৱাত সেই কাম সম্ভৱ নহ'ল। নীতিপালৰ দিনত নাৰায়ণ নামৰ এজন বৰসেনাপতি আৰু ৰঘূবীৰ তথা কাচিতৰা সহসেনাপতি আছিল বুলি জনা যায়। কিন্তু সময়ত নীতিপালৰ শাসন দুৰ্বল হৈ পৰে। পূৰ্বৰ সাধাৰণ বংশৰ লগৰীয়া সকলক ৰাজ্যৰ বিষয়-বাব দিবলৈ ধৰাৰ ফলত সম্ভ্ৰান্ত বংশৰ লোকৰ বিশ্বাস আৰু আনুগত্য হেৰুৱাব লগা হয়। দোষ গুণৰ সুবিচাৰ নকৰি হকে-বিহকে প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱাৰ বাবেই‌ নীতিপাল প্ৰজাৰ মাজত অনীতিপাল বুলি খ্যাত হৈ পৰে।[42]

দিহিং-মুখৰ দ্বিতীয় ৰণ[সম্পাদনা কৰক]

চুতীয়া ৰাজ্যৰ দুৰৱস্থাৰ বাতৰি আহোম ৰজা চুহুন্মুংৰ কাণত পৰিল। ফলত সেই বছৰৰ শেষৰ পিনে(১৫২২ চন) তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। প্ৰথমতে মাজুলীৰ নঙকঙমোঙ বীলৰ ওচৰলৈ আহি তেওঁ দিহিঙমুখত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) কোঠ দি থকা চুতীয়াক আক্ৰমণ কৰিবলৈ সেনা পঠায়। যুদ্ধৰ নেতৃত্বত থকা বৰগোহাঁয়ে চুতীয়া সেনাক দিহিং মুখৰ পৰা পুবলৈ ঠেলি নিয়ে আৰু লাচাই-টাই নামৰ এজনক চুতীয়াৰ পৰা সংগ্ৰহ কৰা বৰ-নাঁৱত উঠাই ৰজাৰ ওচৰলৈ পঠায়। সেই সময়ত ৰজা বীলৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকতা নামৰ অঞ্চল এটাত আছিল। চুহুংমুঙে লাচাই-টাইক যুদ্ধৰ খবৰ লয়। লাচাই-টাই ৰজাক জনাই যে চুতীয়া সৈন্য লুইত(টিলাও) নৈ‌ ওচৰৰ অঞ্চলৰ লগতে ডিব্ৰুমুখৰ(চোপ-নাম-টিফাও) পানীত কোঠ পাতি আছে। [43]

ডিব্ৰু-মুখ/ডিব্ৰুগড়ৰ ৰণ[সম্পাদনা কৰক]

১৫২৩ চনৰ কাতি মাহত চুহুংমুঙৰ আদেশত ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে নিজৰ সমস্ত সৈন্য বাহিনী লয় ডিব্ৰুমুখলৈ আগ বাঢ়ি আহি তাত এটা গড় নিৰ্মাণ কৰে। চুহুংমুঙে চৰাইদেউ লৈ আহি ভগৱানৰ ওচৰত বলি আগ বঢ়ায়। ১৪২৩ চনৰ আঘোণ মাহত চুহুংমুঙে সৈন্য বাহিনী লয় আগ বাঢ়ি চেঁচামুখত কোঠ দিয়ে। নীতিপালে গড় বন্ধাৰ খবৰ পাই শদিয়াৰ পৰা লাৰুপাৰা(বৰ্তমান চাবুৱাৰ ওচৰৰ) লৈ আগ বাঢ়ি আহে। তাৰ পৰা তেওঁ শত্ৰুক দেশৰ পৰা খেদিবলৈ বুঢ়া বৰুৱাৰ নেতৃত্বত ডিব্ৰুমুখ লৈ সৈন্য বাহিনী পঠিয়ায়। চুতীয়া সেনাপতি জনে ৰজাৰ আদেশ মতে ডিব্ৰুগড় আক্ৰমণ কৰে। আনপিনে চুহুংমুঙেও ডিব্ৰুমুখলৈ আহি যুদ্ধত ভাগ লয়। ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে একলগ হৈ পথে দি আগ বাঢ়ি চুতীয়াৰ নৌ বাহিনীক আক্ৰমণ কৰে। চুতীয়াৰ নৌ সেনাৰ নেতৃত্বত আছিল কাচিতৰা, চুলুকী চেতিয়া আৰু বৰপাত্ৰ নামৰ তিনিজন সেনাপতি। যুদ্ধত চুতীয়া সেনা পৰাস্ত হয়। পিছ দিনা চুহুংমুঙ ৰজাই গড়ত থকা সকলো মন্ত্ৰী ডাঙৰীয়া আৰু সেনাক লগত লৈ আগ বাঢ়ি সোণাৰী অঞ্চলত (বৰ্তমান কাকপথাৰ অঞ্চল) সোমায়। [44]

নীতিপালৰ সন্ধি প্ৰস্তাৱ[সম্পাদনা কৰক]

ইয়াকে দেখি নীতিপালে আহোম ৰজা লৈ কটকীৰ সৈতে কিছুমান উপহাৰ পঠায়। উপহাৰ সমূহৰ মাজত আছিল সোণৰ খাট(খাম-কু), সোণৰ কাণফুলী(খাম-খাও), সোণোৱালী‌ মেখেলা(খাম-চিন), তামৰ বাচন(টঙ-ৰু-খাং), কপাহী কাপোৰ(ফ্ৰা-নোন), শৰাই (ফোন), আৰোৱান, ইত্যাদি। সকলো উপহাৰ গ্ৰহণ কৰিও চুহুংমুঙে চুতীয়া ৰাজ সম্পদ(সোণ-ৰুপৰ মেকুৰী, সোণ-ৰুপৰ ছত্ৰ, ৰাজকীয় খাট আৰু ৰাজ দণ্ড), ১০টা দতাল হাতী, এজনী মাখুন্দী হাতী আৰু এজনী ছোৱালী বিচাৰি পঠায়। নীতিপালে ছোৱালী আৰু হাতী দিবলৈ মান্তি হয় যদিও ৰাজকীয় সম্পদ পূৰ্বপুৰুষৰ সম্পত্তি বুলি দিবলৈ নিবিচাৰে। ইয়াৰ বিপৰীতে এক মাহৰ পাছত সোণ-ৰুপৰ জাপি (খাম-ঙেন-কোপ), সোণৰ আঙঠি (খোপ-খাম), সোণৰ তোম (লিউ-খাম), সোণৰ ছত্ৰ (চাং-খাম), সোণৰ খাৰু (মাউ-খাম), শৰাই, হাতী, ঘোঁৰা, হাতীৰ দাতৰ পাটি, কটাৰী আৰু পানীকমলী কাপোৰ দি পঠায়। সমান্তৰাল ভাৱে নীতিপালে লুইতৰ পাৰত এটা দুৰ্গ নিৰ্মাণ কৰিবলৈ লয় আৰু তাতে থাকে। দুৰ্গ নিৰ্মাণৰ কথা শুনি, ৰাজসম্পদ নাপায় আৰু লগতে উপহাৰৰ মাজত কটাৰী দেখি চুহুংমুঙ ৰজাই শদিয়াপুৰ আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰে।[45]

শদিয়াৰ ৰণ[সম্পাদনা কৰক]

১৫২৪ চনৰ বহাগত লুইত নৈ পাৰ হৈ শদিয়া(সধয়াপুৰ) আক্ৰমণ কৰে। ব'হাগ মাহৰ বিহুৰ দিনা শদিয়া আক্ৰমণ কৰা হৈছিল। বিহুৰ দিনা শদিয়াৰ চাৰি শালত বৰ-বলি আয়োজন কৰা হয়, যʼত দেউৰী পূজাৰীৰ বাহিৰে অন্য লোকে হাতত অস্ত্ৰ লোৱাতো বৰ্জিত আছিল। আজিও এই বৰবলিৰ নিয়ম শদিয়া অঞ্চলৰ থান সমূহত পালন কৰা হয়। সেই সময়ত সৌমাৰ খণ্ডত একমাত্ৰ চুতীয়া সকলৰ মাজত হে খাৰ-বাৰুদ বা হিলৈ-বৰটোপৰ প্ৰচলন আছিল। সেই বাবে হয়তো আক্ৰমণকাৰী সকলে বিহুৰ বতৰত আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰি লৈছিল। বুৰঞ্জী সমূহৰ মতে সেই সময়ত নীতিপালে পুখুৰী এটাও খন্দাই আছিল। শদিয়াৰ দুৰ্গত কৰা আক্ৰমণ সহিব নোৱাৰি নীতিপাল চন্দনগিৰি লৈ গুচি আহে আৰু কাচিতৰা দৈথাং পৰ্বতত উঠে।[46]

চন্দনগিৰি আৰু দৈথাং পৰ্বতৰ ৰণ[সম্পাদনা কৰক]

চুহুংমুঙে শদিয়াৰ বৰনগৰত থাকি ফ্ৰাচেংমুঙ বৰগোহাঁই আৰু কিঙলুন ৰাজমন্ত্ৰীক(বুঢ়াগোহাঁই) চন্দনগিৰি লৈ আক্ৰমণ কৰিবলৈ পঠায়। আনহাতে কনচেং ধনুদাৰী গোহাঁইক (চাও-চঙ কুঙ-ৰিণ) কাচিতৰাৰ লগত যুঁজিবলৈ দৈথাং পৰ্বতলৈ পঠায়। চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহয়। চুতীয়া সেনাই ওপৰৰ পৰা শিল বগৰাই আৰু দলিয়াই বহুতো আক্ৰমণকাৰীৰ বধ কৰে। সাতসৰী আৰু অসম বুৰঞ্জীৰ (SM)ৰ পৰা জনা যায় যে সেই সময়ত সাধনী ৰাণী গৰ্ভৱতী আছিল। লগতে আছিল তেওঁৰ ১২-১৩ বছৰীয়া পুত্ৰ। সাধনীৰ লগৰ ১২০ গৰাকী কুঁৱৰীয়েও শিলা কুচাই বিৰোধী পক্ষৰ সৈনিকক মাৰে। আহোম সৈন্য চন্দনগিৰি পৰ্বতত উঠিবলৈ সক্ষম নহৈ পিছুৱাই আহিব লগাত পৰে আৰু এজন চুতীয়া সৈনিকক লগত ধৰি আনে। ইয়াৰ পাছত আক্ৰমণকাৰী সকলে ৰননীতি কৰি পৰ্বতৰ তিনিফালে বেৰি ধৰিব লয়। ফ্ৰাচেংমুঙ বৰগোহাঁই কিছু লোকক ঘিলা গছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। হয়তো এই সকল আগতে ধৰি অনা‌ চুতীয়া বন্দী আছিল। আগৰ দিনত ঢোল বজোৱাটো যুদ্ধত জয়ৰ প্ৰতীক আছিল। ঢোল বজাই বিজয়ৰ কথা জনাই দিয়া হয়। সেই বাবে পাহাৰৰ ওপৰত উঠি থকা ৰজা ৰাণীয়ে বিহুৰ বতৰত ঢোলৰ মাত শুনি বাহিৰলৈ উলাই আহে আৰু তিনিও ফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়। নীতিপালে শত্ৰুৰ গালৈ কাড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ জানমোঙখাম হাতীবৰুৱাৰ (ফু-কে-চং) কাড় লাগি মৃত্যু বৰণ কৰে। সাধনীয়ে নিজৰ মহিলা সৈন্য বাহিনীক লগত লয় যুঁজ দিয়ে যদিও শেষত পৰাস্ত হৈ চন্দনগিৰিৰ পৰা জাপ মাৰে। প্ৰায় সংখ্যক বুৰঞ্জীত সাধনীয়ে আত্মবলিদান কৰিছিল বুলি আছে যদিও গোপাল চন্দ্ৰ বৰবৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত ৰাণীৰ (নাঙ-লুং) গাত যাঠি লাগিছিল বুলি উল্লেখ আছে। যিকি নহওক এই তথ্য পৰাও ৰানী সাধনীয়ে আত্মসমৰ্পণ নকৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাহে পোহৰলৈ আনে, কাৰণ আত্মসমৰ্পণ কৰা হ'লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰা নহ'ল হয়। আনপিনে কাচিতৰাক কনচেঙে দৈথাং পৰ্বতত পৰাস্ত কৰে। [47]

ৰাজ্য পতনৰ পৰবৰ্তী পৰিস্থিতি[সম্পাদনা কৰক]

চুতীয়া ৰজা নীতিপাল, তেওঁৰ পুত্ৰ আৰু কাচিতৰা তিনিওৰে মূৰ চন্দগিৰি আৰু দৈথাঙৰ পৰা কাটি আনি শদিয়াত থকা চুহুংমুঙৰ আগত প্ৰস্তুত কৰা হয়। ৰজা আৰু পুত্ৰৰ মূৰ কেইটা নচোৱাই পৰ্বতত মুণ্ডামালা বান্ধি শেষত চৰাইদেউৰ শালৰ খটখটিত পোতি থোৱা হয়। অসম বুৰঞ্জী(SM)ৰ মতে আহোম সেনাই সাধনীৰ মৃত শৰীৰৰ পৰা কঁকালত পিন্ধা সোণৰ কঙ্কালি লয় আনি শদিয়াৰ থানলৈ আনিছিল, কিন্তু তাত কিছুমান চুতীয়াই আক্ৰমণ কৰি লাপিত ফাংত্যাং দেওধাই নামৰ এজনক বধ কৰিছিল। অন্য বুৰঞ্জী সমূহত এই অংশত ৰানী সাধনীৰ(নাঙ-লুং) কথা একো উল্লেখ নাই।

চুতীয়া ৰাজ্যত পোৱা সম্পদ[সম্পাদনা কৰক]

চুতীয়া ৰাজ্যৰ পৰা কমাৰ, সোণাৰি, কুমাৰ, কহাৰ, তাতি, খনিকৰ, বাঢ়ৈ, বামুণ, কায়স্থ, গণক, ইত্যাদি বহুতো ভিন্ন ভিন্ন‌‌ বৃক্তিকৰ লোক পোৱা‌ গৈছিল। ইয়াৰ বহুতো লোকক ৰজাই নিজৰ ৰাজধানী লৈ লয় আনে। ইয়াৰ বাহিৰে শদিয়াত বহুতো সম্পদ যেনে সোণৰ মাইহাং, কেকুৰা দোলা,‌ সোণৰ তিনিচুকীয়া সিংহাসন, খাট, ভোগজৰা, বেলা, জাপি, পিকদান, আৰোৱান, দবা, কালি, হিলৈ, বৰটোপ (মিঠাহুলোং),‌ হিলৈ-তোলা চৰা নাও, কলাই খাৰ, চুতীয়া ধেনু, বৰধেনু, বাৰু-বৰ্চা, ইত্যাদি পোৱা গৈছিল। বহুতো ঘোৰা, গৰু-মʼহ আৰু হাতীও লাভ কৰা হৈছিল। সম্পদ সমূহ শদিয়াৰ পৰা দিহিং নৈয়ে দি ৰাজধানী‌ লৈ অনা হয় ‌আৰু পাছলৈ চাৰিং অঞ্চলত ৰখা হয়। চুতীয়া ৰাজ্য দখল কৰা পাছত আহোম সকলে প্ৰথম বাৰৰ বাবে মিৰি, মিচিমি, আবৰ, দফলা, ইত্যাদি পাহাৰীয়া জাতিৰ সম্পৰ্কত আহে।[48]

চুতীয়া ভূমিৰ বিতৰণ[সম্পাদনা কৰক]

শদিয়া ৰাজধানী শাসন কৰিবলৈ ফ্ৰাচেংমুঙ বৰগোহাঁইক তিনিশ সৈনিক দিয়া হৈছিল। শদিয়া আৰু দিহিং অঞ্চলত নতুনকৈ আহোম ৰাজ্যৰ মানুহ আনি থাকিবলৈ দিয়া হয়। ‌ চুতীয়া ৰাজ্যৰ প্ৰদেশ সমূহ ভাল দৰে শাসন কৰিবলৈ ১৫২৫ চনত লক্ষিমপুৰ অঞ্চলত ভটিয়লীয়া গোহাঁই(কনচেঙক পতা হয়), ধেমাজি অঞ্চলত বানলুঙীয়া গোহাঁই, মাজুলী-পশ্চিম ডিব্ৰুগড় অঞ্চলত দিহিঙীয়া গোহাঁই পদবী সৃষ্টি কৰা হয়। ১৫২৭ চনত হোৱা চুতীয়া বিদ্ৰোহৰ ফলত ডিব্ৰুগড়ত নতুন এখন প্ৰদেশ গঠন কৰি চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হয়, যাতে ১৫২৫ আৰু ১৫২৭ৰ দৰে শদিয়া অঞ্চলত পুনৰ বিদ্ৰোহ হ'লে ডিব্ৰু প্ৰদেশৰ সেনাই শদিয়া বাহিনীৰ সহযোগ কৰিব পাৰে। ইয়াৰ উপৰিও কিংলুন বুঢ়াগোহাঁইক "থাও-মুঙ-বঙেন" পাতি তিনিচুকীয়া অঞ্চল শাসন কৰিবলৈ দিয়া হয়। একেই বছৰৰে শেষৰ পিনে কনচেঙক ভটিয়লীয়া গোহাঁইৰ পৰা নতুন পদবী‌ "বৰপাত্ৰ গোহাঁই" দিয়া হয়। ইয়াৰ পাছত দিহিঙৰ পাৰৰ বকতাত নতুন ৰাজধানী এখন নিৰ্মাণ কৰা হয়।[49]

চুতীয়া বিদ্ৰোহ[সম্পাদনা কৰক]

১৫২৪ চনত চুতীয়া ৰাজ্যৰ পতন হৈছিল যদিও চুতীয়া সকলৰ মনৰ পৰা স্বাধীনতা আৰু স্বৰাজৰ আশা নাইকিয়া হৈ যোৱা নাছিল। চিৰদিন স্বাধীন হৈ থকা চুতীয়া সকলে বীৰাঙ্গণা ৰাণী সাধনীৰ আত্মোৎসৰ্গৰ কথা সোঁৱৰি পুনৰ জাগ্ৰত হৈ উঠিল আৰু বিদ্ৰোহ ঘোষণা কৰিলে। এই বিদ্ৰোহ ১৫২৭ চনৰ পৰা ১৭০০ শতিকাৰ শেষ ভাগৰ লৈকে চলিছিল। ১৭৭০ দখকৰ মায়ামৰা বিদ্ৰোহে জাতিটোৰ শেষ বিদ্ৰোহ বুলি কব পাৰি যাৰ ফলত সকলো নহলেও এটা অংশয়ে স্বাধীন হৈ নিজৰ ৰাজ্য গঠন কৰিছিল। চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া ধ্বংস হোৱাৰ ফলত বহুতো ৰাজকোঁৱৰ আৰু সম্ভ্ৰান্ত পৰিয়ালৰ লোকে পাহাৰীয়া মিচিং, মিচিমি জাতিৰ লোক সকলৰ মাজত আশ্ৰয় লৈছিল আৰু প্ৰথম বিদ্ৰোহ এই সকল লোকে আৰম্ভ কৰিছিল। এই কথা কোচ ৰজা সকলৰ দৰং ৰাজ বংশাৱলীতো উল্লেখ কৰা হৈছে।

"পূৰ্বে চুটিয়াৰ ৰজা সিঠাৱে আছিল।
অন্যায়ে অসম ছল কৰিয়া মাৰিলে॥
যিমতে মাৰিল তাৰ শুনিয়ো কাহিনী।
বলে নপাৰিয়া স্বৰ্গী ৰাজা মনে গুণি॥ ৩৬৪
...
তাৰ পুত্ৰ ভাই যত সকলে পলাইল।
মিৰি মিচিমিত পশি প্ৰাণক ৰাখিলা॥
চুটিয়াৰ ৰাজাক মাৰিয়া ছলে বলে।
লৈলা সেহি ৰাজ্যক অসমে কৌতূহলে॥ ৩৭১

১৫২৭ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

চুতীয়া সকলে প্ৰথম বিদ্ৰোহ ১৫২৭ চনৰ ফাগুন মাহত ৰাজধানী শদিয়াত ঘোষণা কৰিছিল, অৰ্থাৎ ৰাজ্য পতনৰ ৩ বছৰৰ পাছত। বিদ্ৰোহ দমন কৰিবলৈ আৰু ফ্ৰাচেংমুং বৰগোহাঁইক সহযোগ কৰিবলৈ দিহিঙীয়া গোহাঁইক পঠিওৱা হৈছিল। যুদ্ধত বিদ্ৰোহী সকলৰ হাতত ফ্ৰাচেংমুং বৰগোহাঁইৰ হাতী প্লাইপাম আৰু দিহিঙীয়া গোহাঁই মৰা পৰিছিল। কিন্তু শেষ পৰ্যায়ত বিদ্ৰোহী সকল পৰাজিত হৈ উভতি যাবলৈ বাধ্য হ'ল। এই বিদ্ৰোহৰ ফলত চুহুংমুঙ ৰজাই বহুতো প্ৰশাসনীয় পৰিবৰ্তন কৰিবলৈ বাধ্য হৈছিল। জেঠ মাহত, ডিব্ৰুগড় অঞ্চলত নতুন এখন প্ৰদেশ গঠন কৰি তাত চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হৈছিল, যাতে শদিয়া অঞ্চলত পুনৰ বিদ্ৰোহ হ'লে ডিব্ৰু প্ৰদেশৰ সেনাই শদিয়া বাহিনীৰ সহযোগ কৰিব পাৰে। ইয়াৰ উপৰিও কিংলুন বুঢ়াগোহাঁইক "থাও-মুঙ-বঙেন" পাতি পশ্চিম শদিয়া অঞ্চলত (তিনিচুকীয়াৰ সোণাৰিৰ(কাংখাম) পৰা লুহিত নদীৰ গুৰি লৈকে) শাসন কৰিবলৈ দিয়া হ'ল।

১৫২৯ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

প্ৰথম বিদ্ৰোহৰ দুবছৰ পাছতে ১৫২৯ চনৰ পুহ মাহত শদিয়াৰ চুতীয়া সকলে আকৌ মুৰ দাঙি উঠিলে। এইবাৰ চুহুংমুঙ ৰজাই ফ্ৰাচেংমুঙক সহযোগ কৰিবলৈ চাও চুক্লান (তিপামৰ পৰা) আৰু কিংলুনক সহযোগ কৰিবলৈ চাওলুং চুলিঙক (ডিব্ৰুগড়ৰ পৰা) পঠিয়ালে। ইয়াৰ পাছত চুহুংমুঙে চুক্লেংমুঙ ৰাজকোঁৱৰক ৰাজধানীত ৰাখি সকলো বিষয়ববীয়াৰ সৈতে নিজে শদিয়া আহি উপস্থিত হয়। লুহিতৰ পাৰত, ডিবাং নৈৰ পাৰত, মাৰানকাও, চন্দনগিৰি পৰ্বত, দৈথাং পৰ্বত, ইত্যাদি বিভিন্ন ঠাইত কেইবাখনো যুদ্ধ হয়। প্ৰথম পৰ্যায়ত বিদ্ৰোহী সকলে চাও চুলিঙক ধৰি নিবলৈ সক্ষম হৈছিল কিন্তু পাছৰ পৰ্যায়ত এৰি দিলে। বহু মাহ যুদ্ধ লগা পাছত শেষত বিদ্ৰোহী সকল পৰাজিত হ'ল। যুদ্ধত লাভ কৰা সকলো ধন আৰু সম্পত্তি ৰজা আৰু মন্ত্ৰী সকলে নিজৰ মাজতে ভাগ কৰি ল'লে আৰু ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁইক শদিয়াত ৰাখি নিজে ৰাজধানী লৈ ঘূৰি গ'ল।

১৫৪২ চনৰ বিদ্ৰোহ, দিচাং নৈৰ পাৰত[সম্পাদনা কৰক]

চুতীয়া সকলে পুনৰ বাৰ ১৫৪২ চনত ৰজা চুক্লেংমুঙৰ দিনত বিদ্ৰোহ ঘোষণা কৰে কৰিছিল। এইবাৰ ১৫৪২ চনৰ বহাগ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে শিৱসাগৰৰ দিচাং নৈৰ ওচৰত আহোম মন্ত্ৰী চেং-হাননক পৰাস্ত কৰি স্বৰাজ ঘোষণা কৰে। কিন্তু ইয়াৰ পাছতে চুক্লেংমুঙে চাওলুং তিমাক বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াই আৰু দুবছৰ লৈকে পূৰ্বৰ চুতীয়া ৰাজ্যৰ বিভিন্ন অঞ্চল ধ্বংস কৰে যাতে কোনো চুতীয়া সকলে পুনৰ বিদ্ৰোহ কৰিবলৈ সাহস নকৰে।

১৫৫০ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

১৫৫০ চনত শদিয়াখোৱা গোহাঁইৰ মৃত্যুৰ পাছত, কংসপাত্ৰ নামৰ চুতীয়া নায়ক এজনে শদিয়াত বিদ্ৰোহ কৰি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। আহোম ৰাজ্যৰ বহুতো ৰাজকোঁৱৰে তেওঁক সহযোগ কৰিছিল আৰু শদিয়াত উপস্থিত হৈ আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছিল। এই যুদ্ধ ৩ বছৰ লৈকে চলিছিল আৰু শেষত কংসপাত্ৰৰ লগতে বহুতো চুতীয়াই মৃত্যু বৰণ কৰিছিল। ৰাজকোঁৱৰ সকলৰ ভিতৰত কিছুমানৰ মৃত্যু হৈছিল আৰু বাকী থকা সকলক বন্দী বনাই পাছলৈ চাৰিঙত থাকিবলৈ দিয়া হৈছিল।

১৫৬৫ চনৰ বিদ্ৰোহ, নামৰূপ আৰু খেৰাম[সম্পাদনা কৰক]

১৫৬৫ চনৰ মাঘ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি নামৰূপ আৰু খেৰাম(বৰ্তমান ডিব্ৰুগড়ৰৰ খেৰেমীয়া) অঞ্চলৰ আহোম গাঁও সমূহ আক্ৰমণ কৰি লুণ্ঠন কৰিছিল। ৰজাই বিদ্ৰোহ দমন কৰিবলৈ চাওলুং তিপামক পঠিয়াইছিল। বিদ্ৰোহী সকলৰ লগত হোৱা যুদ্ধত চাওলুং তিমাৰ হাতী আহত হৈছিল যাৰ বাবে তেওঁ যুদ্ধ এৰি দিহিং পাৰ হৈ উভতি আহে। ইয়াৰ পাছত বিদ্ৰোহৰ কি পৰিণতি হ'ল গম পোৱা নাযায়। সম্ভৱতঃ পাছলৈ বিদ্ৰোহ দমন কৰা হৈছিল।

১৫৭২ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

১৫৭২ চনত পুনৰ বাব চুতীয়া সেনাপতি এজনৰ নেতৃত্বত শদিয়া অঞ্চলৰ চুতীয়া সকলে মুৰ দাঙি উঠে। বিদ্ৰোহ দমন কৰিবলৈ চাওলুং চাৰিং, চাওফ্ৰাংমুঙ বৰগোহাঁই, শদিয়া খোৱা গোঁহাই, ইত্যাদি বহুতো বিষয়ববীয়াক পঠিওৱা হৈছিল। আহোম সেনাৰ তুলনাত বিদ্ৰোহী সকলৰ সংখ্যা কম থকাৰ বাবে বিদ্ৰোহী সকল কানচাই আৰু পুখুৰীখনা নামৰ অঞ্চল লৈ আতঁৰি আহিছিল আৰু সেই অঞ্চলৰ চুতীয়া সকলৰ সহযোগত পুনৰ ৰণ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিদ্ৰোহী সকল পৰাজিত হৈছিল। চুতীয়া সেনাপতি, কানচাইৰ মুখিয়াল আৰু অন্য বহুতো চুতীয়া সৈন্যক বন্দী বনাই ৰাজধানী লৈ লয় অনা হৈছিল।

১৬৬৫ চনৰ বিদ্ৰোহ, উত্তৰ পাৰ[সম্পাদনা কৰক]

১৬৬৫ চনত আহোম সেনা নগা সকলৰ লগত হোৱা যুদ্ধত ব্যস্ত আছিল। এই সুযোগ লয়, উত্তৰ পাৰৰ লখিমপুৰৰ এখিনি চুতীয়া লোকে মিৰি আৰু দফলা লোকৰ লগত মিলি বিদ্ৰোহ কৰিছিল। কিন্তু বিদ্ৰোহ সফল নহ'ল।

১৬৭৩ চনৰ বিদ্ৰোহ, উত্তৰ পাৰ[সম্পাদনা কৰক]

১৬৭৩ চনত ধেমাজি অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি ৰূপা(বৰ্তমানৰ ৰূপহী) আৰু ডিমৌ(বৰ্তমানৰ ধেমাজিৰ ডিমৌ) মিৰি সকলে আহোম ৰজাক কৰ হিচাপে দিয়া মাৰ নাও তোলাই লৈ গৈছিল। এই কথা শুনি আহোম ৰজাই চুতীয়া অঞ্চললৈ কটকী পঠিয়াই নাও সমূহ ঘূৰাই দিবলৈ আদেশ কৰিছিল, কিন্তু চুতীয়া সকলে আদেশ নামানিলে। ইয়াৰ পাছত সকলো চুতীয়া দেউলীয়া নামৰ গাঁৱ এখনত একগোট হৈছিল। কটকীৰ খবৰ পাই আহোম ৰজাই তিনিমুখিয়া অঞ্চলত থকা নাৰাই নামৰ চুতীয়া বিদ্ৰোহী নেতা জনক ধৰি আনিবলৈ সৈনিক পঠিয়ালে। ইয়াৰ পাছত ৰজাই শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোহাঁইক চেঁচামুখত গড় নিৰ্মাণ কৰি যুদ্ধৰ বাবে সাজু হ'বলৈ আদেশ দিলে। দিহিং নদীৰ পাৰত আন এটা গড় নিৰ্মাণ কৰা হ'ল। তাৰ পাছত আহোম সেনাই দিহিং পাৰ হৈ মাজুলী হৈ চুতীয়া গাঁৱলৈ আগ বাঢ়ি আহিল। চুতীয়া সকলেও হাতত ধেনু-কাড় লয় দেউলীয়া গাঁৱৰ পৰা মিৰি গাঁৱ এখনলৈ আগ বাঢ়ি আহিলে। আহোম ৰজাই পুনৰ চুতীয়া সকলৰ ওচৰলৈ কটকী পঠিয়াইলে। চুতীয়া বৰুৱা জনে অৱশেষত বশ্যতা স্বীকাৰ কৰিলে, কিন্তু নিজৰ গৰু-ছাগলী, হাঁহ-কুকুৰ, ইত্যাদি সকলো হেৰুৱালে। নাৰাই আৰু অন্য চুতীয়া বিদ্ৰোহী নেতা সকলক মদ্যপান কৰোৱাই পুনৰ বিদ্ৰোহ নকৰিবলৈ প্ৰতিজ্ঞা কৰালে। সবল আৰু শক্তিশালী চুতীয়া সৈনিক সকলৰ বন্দী বনোৱা হ'ল আৰু অন্য চুতীয়া সকলক প্ৰতি বছৰে কৰ হিচাপে নাও দিবলৈ আদেশ দিয়া হ'ল।

১৭৬৯-১৮০৫ চনৰ মায়ামৰা বিদ্ৰোহ[সম্পাদনা কৰক]

মায়ামৰা ধৰ্মীয় চুতীয়া সকলে ১৭৬৯ চনত আহোম ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ১৭৯১ লৈকে বেংমৰা নামৰ পৃথক ৰাজ্য এখন গঠন কৰিছিল। মায়ামৰা বিদ্ৰোহত ভাগ লোৱা জনগোষ্ঠী সমূহৰ মাজত দ্বিতীয় সৰ্বাধিক লোক চুতীয়া জনগোষ্ঠীৰ আছিল। বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহ বীৰপালৰ বংশৰ বুৰুক চুতীয়া ৰাজপৰিয়ালৰ লোক আছিল। হয়তো ১৫২৫ চনত ৰাজ্য হেৰুৱা চুতীয়া ৰাজপৰিয়াল টোৱে সৰুকৈ হ'লেও পুনৰ বাৰ ৰাজ্য ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল।

১৭৭৫ চনৰ বিদ্ৰোহ, বৰহাট[সম্পাদনা কৰক]

মায়ামৰা বিদ্ৰোহ হৈ থাকোঁতে বৰহাটত একাংশ চুতীয়াই বিদ্ৰোহ ঘোষণা কৰিছিল। বৰহাট অঞ্চলতো পূৰ্বৰ চুতীয়া ৰাজ্যৰ সীমান্তৰ অঞ্চল আছিল। এই বিদ্ৰোহত চুতীয়া সকলক নৰা সকলেও সহযোগ কৰিছিল। নঙাখাম নামৰ এইজন মুখিয়ালে বৰহাটখোৱা গোহাঁইক পৰাস্ত কৰি নিজকে ডিব্ৰু নৈৰ কাষৰ অঞ্চল সমূহৰ ৰজা বুলি ঘোষণা কৰিছিল। ৰজা হৈ চুতীয়া আৰু বাৰেচিৰিঙীয়া সকলৰ মাজৰ পৰাই ফুকন আৰু বৰুৱা নিযুক্ত কৰিছিল। আহোম ৰজাই নঙাখাম আৰু চুতীয়া সকলৰ বিৰুদ্ধে বুঢ়াগোহাঁইৰ নেতৃত্বত ৪০ হাজাৰ সৈন্য পঠিয়াইছিল। দিহিং নৈৰ পাৰত এখন যুদ্ধ হৈছিল। বিদ্ৰোহী সকল পৰাজিত হৈ আঁতৰি গৈছিল। নৰা সকলে পূৰ্বৰ চুতীয়া ৰাজ্যৰ পাহাৰীয়া অঞ্চলত আশ্ৰয় লয় আৰু চুতীয়া সকলে ধূনাগুৰি নামৰ ঠাই এদখৰত আশ্ৰয় লয়। বহুতো চুতীয়া, বাৰেচিৰিং আৰু নৰা বিদ্ৰোহীক ৰাজধানী ৰংপুৰলৈ লয় অনা হয়। তাৰে কিছুমানক মৃত্যু দণ্ড দিয়া হৈছিল আৰু আন সকলক বন্দী হিচাপে ৰখা হৈছিল।

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "চুতীয়া ৰাজ্য". http://enajori.com/test/history/kingdomsofAssam/kingdomofassam1.html। আহৰণ কৰা হৈছে: August 11, 2012. 
  2. "চুতীয়া ৰজা". http://www.historyfiles.co.uk/KingListsFarEast/IndiaChutiyas.htm। আহৰণ কৰা হৈছে: August 11, 2012. 
  3. Guha, Amalendu (December 1983), "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714)", p.5, "The period from the 13th to the 16th century saw the emergence and development of a large number of tribal political formations in north-east India. The Chutiya, the Tai-Ahom, the Koch, the Dimasa (Kachari), the Tripuri, the Meithei (Manipuri), the Khasi (Khyriem) and the Pamar (Jaintia)—all these tribes crystallised into rudimentary state formations by the 15th century. The most developed of the tribes in the 15th century were the Chutiyas."
  4. Neog, Maheswar (1977). "Light on a Ruling Dynasty of Arunachal Pradesh in the Fourteenth and Fifteenth Centuries", p.818, "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya/Sadiya as in Assamese chronicles, and the western region of Kamatapura seem to have been politically connected, and the same king Satyanarayana/Ratnanarayana might have held sway over both the regions."
  5. Bhuyan, S.K., Deodhai Buranji, p.193
  6. Dutta, Sristidhar, "The Mataks and their kingdom", p.45. "Morans, Borahis, Kacharis and Chutias were the main tribes in the Matak community. As all of them were Bodos in origin, they had a common living pattern too. They lived in joint families. The number of members in a joint family sometimes exceeded one hundred."
  7. Bhuyan, S.K., Deodhai Buranji, p.202
  8. ড: স্বৰ্ণলতা বৰা. মাধ্যমিক অসম বুৰঞ্জী. পৃষ্ঠা. ১৮৪-১৯০. ISBN 81-85905-11-8. 
  9. Bhuyan, S.K., Deodhai Buranji, p.194
  10. Bhuyan, S.K., Deodhai Buranji, p.201-202
  11. Bhuyan, S.K., Deodhai Buranji, p.200
  12. Bhuyan, S.K., Deodhai Buranji, p.193
  13. Bhuyan, S.K., Deodhai Buranji, p.193
  14. Bhuyan, S.K., Satsari Buranji, p.4
  15. Goswami, Hemchandra, Purani Asam Buranji, p. 23, 25
  16. Shin, Jae-eun, Descending from Demons, Ascending to Kshatriyas, p.5.
  17. Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.814
  18. A Sircar, D.C, Journal of Ancient Indian History, p. 21
  19. Assam Buranji(SM), p.9
  20. Bhuyan, S.K., Satsari Buranji, p.56
  21. Ahmed, Nasir, Assam-Bengal Trade in the Medieval Period: A Numismatic Perspective, p.170, "they made Bakata(on the banks of Dihing) their capital in the reign of their king Suhungmung Svarga Narayan."; Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714), p.19.
  22. Barua, Gopal Chandra, Ahom Buranji, p.331
  23. According to Purani Assam Buranji, p.27. the twelve Bara Bhuyans of Rowta-Temani (mid-Assam, on either banks of the Brahmaputra) namely Utai, Tamai, Rai, Sakai, Kausika, Uzir, Laskar, Comdar, Sanatana, Keho, Rambhat and Bhakat with four sub-Bhuyans each, were transported and settled in various places of Uttara-kula (Biswanath, Lakhimpur districts). The Lacam Kalita Bhuyan family was placed at Bahbari(Lakhimpur), while one of them was settled on the river Sonari(Dhakuakhana), and another on the hills. As per Satsari Buranji, p.16, Suhungmung suppressed the Baro-Bhuyans in Rowta. The people of the region were placed under the leadership of the Baro-Bhuyans and re-settled at different places of the kingdom.
  24. Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.818.
  25. Guha, Amalendu, Pre-Ahom Roots and the Medieval State in Assam: A Reply, p. 73, “Habung was a Chutiya dependency; that still earlier it was an autonomous principality of Brahmins; and that the latter's origins could be traced back to a circa 10th-century copper-plate and grant issued by king Ratnapala”.
  26. Barua, Swarnalata, Chutia Jatir Buranji, p.583
  27. Barua, Swarnalata, Chutia Jatir Buranji, p.590
  28. Barua, Swarnalata, Chutia Jatir Buranji, p.439
  29. Barua, Swarnalata, Chutia Jatir Buranji, p.441; Indian Archaeology 1986-87, p. 22
  30. A Sircar, D.C, Journal of Ancient Indian History, p. 21; Barua, Swarnalata, Chutia Jatir Buranji, p.589; Journal of the Asiatic Soceity of Bengal, 1848, p.467
  31. Tada, Tage, Archaeological remains of Arunachal Pradesh up to 16th century, p.183
  32. Barua, Kanaklal, Early History of Kamrupa, p.271
  33. Barua, Kanaklal, Early History of Kamrupa, p.271-272, "The probability is that these ruins are the traces of a Hindu or Hinduised dynasty of local rulers who ruled over a kingdom to the north of Brahmaputra and extending from the Burai river on the west to Sadiya on the east. The dynasty is evidently the line of Chutia kings who assumed the surname Pala."
  34. Neog, Maheswar, "Lights on a Ruling Dynasty of Arunachal Pradesh", p. 218, "If architectural continuity is admitted between the fortifications in the Sadiya region and the Burai river ruin site, it would be possible to believe that the kingdom of these rulers(Chutia) extended as far as the outer limit of Darrang district, in the western most extent of which Ahom conquerors settled the vanquished Chutias in the early part of the sixteenth century."
  35. Barua, Gopal Chandra, Ahom Buranji, p.59-61; Gait, Edward, A history of Assam, p. 86
  36. Barua, Swarnalata, Chutia Jatir Buranji, p.587
  37. Assam Buranji (SM), p. 9
  38. Satsari Assam Buranji, p.57
  39. Satsari Assam Buranji, p.57
  40. Satsari Assam Buranji, p.57
  41. Purani Assam Buranji, p.40
  42. Barua, Swarnalata, "Chutia jatir Buranji, p.594.
  43. Deodhai Assam Buranji, p. 17.
  44. Deodhai Assam Buranji, p. 17.
  45. Deodhai Assam Buranji, p. 18.
  46. Deodhai Assam Buranji, p. 19.
  47. Deodhai Assam Buranji, p. 19.
  48. Satsari Assam Buranji,p.14, 61
  49. Ahom Buranji(GC Barua), p.64

বাহ্যিক সংযোগ[সম্পাদনা কৰক]