চুতীয়া জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চুতীয়া জনগোষ্ঠী
মুঠ জনসংখ্যা
(আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
    অসম
ভাষাসমূহ

অসমীয়া ভাষা,দেউৰী চুতীয়া ভাষা

ধৰ্ম

অৰ্ধ হিন্দু

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

অসমীয়া

চুতীয়া অসমৰ এটা আদিম জনগোষ্ঠী। অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ সোৱণশিৰি নদীৰ দাঁতি কাষৰ আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত শদিয়া আৰু ইয়াৰ আশে-পাশে ঘাইকৈ চুতীয়াসকলৰ বসতি। বৰ্তমান অসমৰ লখিমপুৰ,ধেমাজি,তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ,যোৰহাট,গোলাঘাট,নগাঁও,মৰিগাওঁ আৰু দৰং জিলাত, চুতীয়াসকলৰ বসতি দেখিবলৈ পোৱা যায়।

ইতিহাস[সম্পাদনা কৰক]

ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্দ্ধত আহোমসকলে শিৱসাগৰৰ দক্ষিণ-পূব কোণত ৰাজ্য পতাৰ সময়ত আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে থকা প্ৰায় সমগ্ৰ ভূ-খণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। পাছত আহোমসকলৰ লগত পৰাজিত হৈ আহোম আৰু স্থানীয় আদিবাসীসকলৰ লগত চুতীয়াসকল মিলি যায়। আহোমে চুতীয়া ৰাজ্য দখল কৰি চুতীয়াসকলৰ কিছুমানক ৰাজবিষয়া কৰি লয় আৰু কিছুমানৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰে।

==শ্ৰেণী বিভাজন==বুৰুক চুতীয়া,বৰাহী চুতীয়া,বিহিয়া চুতীয়া,লফাই চুতীয়া,বেবেজিয়া চুতীয়া, বৈবাহিক সম্পৰ্ক পতাৰ ফলত চুতীয়াসকলৰ পৰাই হিন্দু চুতীয়া, আহোম চুতীয়া, বৰাহী আৰু দেউৰী- এই চাৰিটা প্ৰধান ভাগত ভগোৱা হয়।৷

ধৰ্ম-বিশ্বাস[সম্পাদনা কৰক]

আদিতে চুতীয়াসকলে কেঁচাইখাইতী গোসাঁনীক মহা মাতৃৰূপে পূজা কৰিছিল। এসময়ত এই পূজাত নৰবলিৰ প্ৰথাও প্ৰচলন আছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-৯১ (১)