দিচাং নদী
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দিচাং নদী | |
দেশ | ভাৰত |
---|---|
প্ৰদেশ | অসম |
উৎস | পাটকাই পৰ্বতৰ দক্ষিণ অংশ |
- অৱস্থান | টিৰাপ জিলা, অৰুণাচল প্ৰদেশ, ভাৰত |
মোহনা | ব্ৰহ্মপুত্ৰ নদী |
- অৱস্থান | দিচাংমুখ, শিৱসাগৰ জিলা, অসম, ভাৰত |
দিচাং নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীৰ দৈৰ্ঘ্য ২৩০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃমিঃ।
উৎপত্তি
[সম্পাদনা কৰক]দিচাং নদীখন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে ।
গতিপথ
[সম্পাদনা কৰক]তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লি নদী নাম লৈ নামৰূপৰ দিল্লিঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কিঃমিঃ দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতিয়া হৈ টিমক নদীৰ লগ হয় । ইয়াৰ পৰা ৩০ কিঃমিঃ পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নদীৰ লগ হয় । তাৰ পাচত ১২ কিঃমিঃ আহি চফ্ৰাই নদীৰ সৈতে লগ লাগি ৫ কিঃমিঃ ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কিঃমিঃ আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়। তাৰ পাচত ডিমৌ নদী লগ হৈ ৫ কিঃমিঃ ভটিয়াই আহি দিচাংমুখত ব্ৰহ্মপুত্ৰত পৰিছে।