অসমৰ নদীসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ বুকুত নদী, উপনৈ, জান, জুৰি, লুইতৰ পৰা বৰাকলৈ, দিখৌৰ পৰা সোৱণশিৰিলৈ এই নদ-নদী বোৰ অসমৰ মানুহৰ সভ্যতা-সংস্কৃতিৰ বাবে বৰ মূল্যবান। অসমৰ সৰু-বৰ বহুত নৈত পানীৰদ্বাৰা ভালে মান জলসিঞ্চন আৰু খোৱা পানী যোগান আঁচনি কাৰ্য্যকৰি কৰা হৈছে। বৰ্ত্তমান বহুত নদ-নদী অতি অৱহেলিত অৱস্থাত আছে। বৰ্ত্তমান নদীৰ কাম যেন সমস্ত আৱৰ্জনা কাঢ়িওৱাটোহে। ঘৰ-বাৰী সঁজা, বাট-পদূলি বন্ধাৰ উপৰিও খেতিৰ বাবে ব্যৱহাৰ কৰি বহুত সৰুসুৰা নৈ-বিল নিচিহ্ন কৰাত প্ৰাকৃতিক ভাৰসাম্য হেৰাই গৈছে ফলত পৰিবেশৰ ওপৰত হেঁচা পৰিছে। অসমত সকলো প্ৰকাৰৰ নৈ পোৱা যায়। নদীসমূহৰ কাৰিকৰী তথা বিজ্ঞানভিত্তিক গৱেষণাৰ বাবে অসমখন সৰ্বো্‍তকৃষ্ট প্ৰাকৃতিক কৰ্মশালা। মীন পালন, নৌ পৰিবহণ, প্ৰমোদ ভ্ৰমণ আদি কাৰ্যত অসমৰ নদ নদী সমূহক ব্যৱহাৰ কৰাৰ থল আছে। অসমৰ নদ-নদীসমূহৰ সুসংগত অধ্যয়ন আৰম্ভ হ’লে নদী সমন্ধে লাগতিয়াল আৰু গুৰুত্বপূৰ্ণ নতুন সূত্ৰ আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা নথকা নহয়। সেয়েহে নৈসমূহৰ গুৰুত্ব উপলব্ধি কৰি ইহঁতক আদৰ কৰাটো সকলোৰে বাবে বাঞ্ছনীয় হৈ পৰিছে।

মুখ্য নদী[সম্পাদনা কৰক]

ক্ৰমিক নং নদী দৈৰ্ঘ্য জিলা উপনদী উৎপত্তি মোহনা তথ্য
ব্ৰহ্মপুত্ৰ নদী ২,৯০০ কিঃমিঃ (১৮০০ মাইল) তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, গোলাঘাট জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা সোৱণশিৰি, ডিক্ৰং, জীয়া ভৰলু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, ডিব্ৰু, বুঢ়ী দিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ,দিচৈ নদী, ককডোঙা, ধনশিৰি, কলং, কপিলী হিমালয়, চীন বংগোপ সাগৰ
বৰাক নদী ৯০০ কিঃমিঃ (৫৬০ মাইল) সোণাই নদী, ঘাগৰা নদী, কাটাখাল নদী, ধলেশ্বৰী নদী, জিৰি নদী, চিৰি নদী, মধুৰা নদী, জাতিংগা নদী মুক্ৰু, বৰাইল শ্ৰেণী

অন্যান্য নদীসমূহ[সম্পাদনা কৰক]

ক্ৰমিক নং নদী অন্য নাম দৈৰ্ঘ্য জিলা উপনদী উৎপত্তি সংগমস্থল তথ্য
কামেং নদী জীয়া ভৰলী, ভৰলী নদী ২৬৪ কিঃমিঃ (১৬৪ মাইল) শোণিতপুৰ জিলা গৌৰী ছেন পৰ্বতৰ এটা হিমবাহ, টাৱাং জিলা, অৰুণাচল প্ৰদেশ ব্ৰহ্মপুত্ৰ, তেজপুৰ
ডিব্ৰু নদী ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা ডুমডুমা নৈ, ডাঙৰি নৈ খেৰেম, বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চল ব্ৰহ্মপুত্ৰ, ডিব্ৰুগড় জিলা
জাঁজী নদী ১০৭ কিঃমিঃ যোৰহাট জিলা, শিৱসাগৰ জিলা মোককচাং, নাগালেণ্ড ব্ৰহ্মপুত্ৰ, জাঁজীমুখ
ধনশিৰি নদী ৩৫২ কিঃমিঃ গোলাঘাট জিলা লাইছাং শৃংগ, নাগালেণ্ড ব্ৰহ্মপুত্ৰ
সোৱণশিৰি নদী ৪৪২ কিঃমিঃ (২৭৫ মাইল) লক্ষ্মীমপুৰ জিলা হিমালয় ব্ৰহ্মপুত্ৰ নদী, লক্ষ্মীমপুৰ জিলা
ডিমৌ নদী ৫৮ কিঃমিঃ ডিব্ৰুগড় জিলা ডিব্ৰুগড় জিলা দিচাং নদী, ডিব্ৰুগড় জিলা দিচাং নদীৰ উপনদী
দিখৌ নদী টাই ভাষা:খে-নাম ছে ২০০ কিঃমিঃ শিৱসাগৰ জিলা নামদাং নদী খোমি, নাগালেণ্ড ব্ৰহ্মপুত্ৰ, দেওঘৰীয়া, শিৱসাগৰ জিলা
দিচাং নদী ২৩০ কিঃমিঃ শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা টিমন নদী, টাওকাক নদী, চফ্ৰাই নদী, দিৰৈ নদী, ডিমৌ নদী বুম শৃংগ, পাটকাই পৰ্বত, টিৰাপ জিলা, অৰুণাচল প্ৰদেশ ব্ৰহ্মপুত্ৰ, দিচাংমুখ
দৰিকা নদী শিৱসাগৰ জিলা টিমুক নদী নগা পাহাৰ ব্ৰহ্মপুত্ৰ, দেউঘৰীয়া
১০ নামদাং নদী শিৱসাগৰ জিলা টিফুক বা নামতি নদী নগা পাহাৰ দিখৌ নদীৰ উপনদী
১১ বৰপানী নদী কাৰ্বি আংলং; নগাঁও জিলা মেঘালয় কপিলী নদীৰ সৈতে চাপৰমুখ এই নদীত কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্প আছে।

নদ-নদীসমূহ[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ : এই নদীৰ নাম তিব্বত, ভাৰতবৰ্ষ আৰু বাংলাদেশত বেলেগ বেলেগ তথাপি বিশ্বত ব্ৰহ্মপুত্ৰ নামে জনাজাত। ব্ৰহ্মপুত্ৰ আগলি ভাগ চাংপো নৈ, এই নৈ উৎপত্তি তিব্বতৰ কৈলাস পৰ্বতৰ চেমা-যুদুং নামৰ হিমবাহৰ পৰা হৈছে, ইয়াৰ স্থানৰ উচ্চতা ৫১৫০ মিটাৰ। চাংপো নৈখন মানস সৰোবৰৰ পৰা ওলোৱা নহয়। (অ:ন:ন)। মানস সৰোবৰ সেই ঠাইৰ পৰা ৭৫ কিঃমিঃ পশ্চিমে উত্তৰে ইয়েন চেন টাংলা আৰু দক্ষিণে হিমালয় পৰ্বতমালাৰ মাজৰ ঠেক উপত্যকাৰ মাজেদি, হিমালয়ৰ ঠিক সমান্তৰালকৈ ১৬০ কিঃমিঃ উত্তৰেদি চাংপো নৈখন পূৱমূৱা হৈ ১৬০০ কিঃমিঃ বৈ আহিছে। তিব্বতী ভাষাত চাংপো শব্দৰ অৰ্থ হ’ল প্ৰতিশোধক। চীনাসকলে ইয়াক য়া-লু টাং পু চিয়াং বোলে। তিব্বতৰ ভিতৰত নৈখনৰ আন স্থানীয় নামও আছে। এই চাংপো নৈখনে মোংকু নামৰ ঠাইত চীন-ভাৰত আন্তৰ্জাতিক সীমায়েদি প্ৰৱেশ কৰি ৫ কিঃমিঃ দক্ষিণ-পূৱমুৱা হৈ আহি অৰুণাচল প্ৰদেশৰ কোৰবো নামৰ ঠাই পায়। শদিয়াৰ পশ্চিমৰ দিবাং-লোহিত-দিহাং সংগমৰ পৰা অসম উপত্যকাৰ মাজেদি ব্ৰহ্মপুত্ৰ ৰূপেৰে ৬৫০ কিঃমিঃ বৈ গৈ বাংলাদেশত সোমায়। এই পথছোৱাত ব্ৰহ্মপুত্ৰৰ লগত উত্তৰৰ পৰা ৫৭খন আৰু দক্ষিণৰ পৰা ৩৩খন সৰু-বৰ উপনৈ যোগ হৈছে। তদুপৰি ব্ৰহ্মপুত্ৰৰ তিনিটা প্ৰসিদ্ধ বুঢ়ীসূঁতি, লোহিত সূঁতি আৰু কলং সূঁতিৰ উপৰিও সৰু সুৰা সুঁতিৰ ৰূপত বহুত শাখা নৈ আছে।

ব্ৰহ্মপুত্ৰৰ বুকুত পৃথিৱীৰ সৰ্ববৃহ‍ত নদী-দ্বীপ মাজুলী আৰু অলেখ সৰু বৰ চাপৰি আছে। মাজুলীৰ মাটিকালি ১২৫০ বৰ্গ কিঃমিঃ কিন্তু মাজুলীৰ উৎপত্তি সাধাৰণ চৰ-চাপৰিৰ দৰে নৈৰ পলস পৰি হোৱা নহয়। ই হ’ল এক বিশেষ ঘটনা প্ৰবাহত বিছিন্ন হৈ পৰা ভূখণ্ডৰ একাংশহে। তেনেদৰে উমানন্দৰ মাটিও কঠিন শিলেৰে গঠিত। সাধাৰণতে ভবাৰ দৰে ব্ৰহ্মপুত্ৰৰ পলস পৰি হোৱা নহয়। বৰং মাজুলী আৰু উমানন্দ গঢ়াৰ বিপৰিতে ব্ৰহ্মপুত্ৰই খহাই হে আছে।


চিচিৰি বা চেচেৰি নৈ : দিহাঙৰ সুঁতি আৰু ছিবিয়া নৈৰ উপনৈ। চিচিৰি নৈখন অৰুণাচলৰ পৰা ওলাই অসমৰ ছিবিয়া নৈত পৰিছে। চিচিৰি নৈৰ দীঘ প্ৰায় ৮০ কিঃমিঃ। নৈখনেদি প্ৰবাহিত পানীৰ বাৰ্ষিক সৰ্বোচ্চ পৰিমাণ প্ৰতি চেকেণ্ডত ২৬০ৰ পৰা ৯০০ ঘন মিটাৰ।

লোহিত নৈ : লোহিত নৈখন চীন দেশৰ য়কো শৃংগৰ পৰা জায়ুল চু নামেৰে ওলাই দক্ষিণ-পূৱ দিশেৰে ১০০ কিঃমিঃ বৈ আহি পশ্চিমমুৱা হৈ অৰুণাচলৰ উত্তৰ সীমায়েদি আহি লোহিত জিলাত সোমায়। তাৰ পাচত পশ্চিমমুৱা হৈ পৰশুৰাম কুণ্ডত প্ৰৱেশ কৰি, তেজু চহৰৰ কাষেৰে বৈ আঁহোতে তেজু নৈ লোহিতৰ লগ লাগেহি। তেজুৰ পৰা ১৫ কিঃমিঃ পশ্চিমলৈ আহি সোঁপাৰে ডিগাৰু ঘাট আৰু বাঁওপাৰে চৌখাম পায়। ইয়াৰ পৰা লোহিতখনে শদিয়াৰ মহকুমাৰ চুনপোৰা হৈ বছাগাঁও আৰু বালিজান চাপৰি পাৰ হৈ ২৫ কিঃমিঃ আহি কুণ্ডিল বজাৰত কুণ্ডিল নৈ লগ লাগে। তাৰ পৰা ৬ কিঃমিঃ আহি দক্ষিণ পাৰৰ ঢলাৰ বিপৰিতে দিবাং আৰু ছিকাং নৈ লগ লাগে তাৰ পাচত ৮ কিঃমিঃ ভটিয়াই লোহিতে দিবাংৰ পশ্চিমত গংগো নৈ লগ হয়। তাৰ পৰা ২ কিঃমিঃ ভটিয়াই আহি লোহিতৰ লগত দিহাং নৈ পূৱ শাখা ছিবিয়া নৈত আহি যোগ হৈছে। ইয়াৰ পৰাই লোহিতক ব্ৰহ্মপুত্ৰ বুলি জনা যায়। লোহিত আৰু ইয়াৰ বহুত উপনৈ বৰফাবৃত পৰ্বতৰ পৰা ওলোৱা বাবে নৈবোৰত গোটেই বছৰ পানী থাকে। লোহিত নৈখনৰ দীঘ ১৯০ কিঃমিঃ।


লোহিতৰ প্ৰধান উপনৈ :[সম্পাদনা কৰক]

কুণ্ডিল নৈ : এই নৈখন অৰুণাচলৰ লোহিত জিলাৰ মাজেৰে আহি শদিয়া মহকুমাৰ বালিজান নৈৰ এটা শাখাৰ লগ হৈ ১৪ কিঃমিঃ বৈ আহি কপৌ পানী নৈৰ লগ লাগি দক্ষিণ পশ্চিমমুৱা হৈ চাপাখোৱা নগৰৰ পূৱত ওলায় তাৰ পাচত ১৪ কিঃমিঃ ভটিয়াই আহি কুণ্ডিল গাঁৱত লোহিতৰ সৈতে লগ লাগে।

দিবাং বা ছিকাং নৈ : এই নৈ খনে অৰুণাচলৰ দিবাং উপত্যকাৰ অজোন নামৰ ঠাই পৰা ওলাই দক্ষিণলৈ বৈ আহি আনিনি পায়। তাৰ পৰা দিবাং নামেৰে দক্ষিণ পশ্চিমমুৱা হৈ বৈ আহি দেউপানী নৈৰ সৈতে লগলাগি দেউপানী নাম লৈ দক্ষিণলৈ আহি অসমত প্ৰৱেশ কৰি দুটা ভাগত ভাগ হৈ মূল দিবাং খনে ৩০ কিঃমিঃ বৈ আহি লোহিতত পৰেহি।

ন দিহিং (উপনৈ) : নদীখনে চাংলাং জিলাৰ চৌখাম গিৰিপথৰ ওচৰৰ পৰা ওলাই দিয়ুন নৈ নামেৰে নামদফা হৈ ২৫ কিঃমিঃ পশ্চিম মুৱাহৈ মেওঁ চহৰ পায়। ইয়াত নৈখৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। মেওঁৰ পৰাই নৈখনক ন-দিহিং নামে জনা যায়। এই নৈখনে তিনিচুকীয়া জিলাৰ পূব সীমাৰে মাত্ৰ তিনি কিঃমিঃ আহি ধনেখনা নামৰ ঠাইৰ কিছু উত্তৰত লোহিতত পৰিছে।

ন দিহিঙৰ উপনৈ (ডিৰাক) : ডিৰাক নৈ তিনিচুকীয়া জিলাৰ পূবৰ বৰডুমচাৰ পৰা ৩ কিঃমিঃ উত্তৰ ন দিহিং নৈৰ এটা এৰা সুঁতিৰ পৰা ওলাই পশ্চিমমুৱা হৈ ২ কিঃমিঃ আহি তিনিচুকীয়া আৰু অৰুণাচলৰ চাংলাং জিলাৰ সীমাত সোমায়। তাৰ পাচত উত্তৰ পশ্চিমমুৱা হৈ ডুমছি, কৈলাসপুৰ, বৰ-দিৰাক আৰু দিৰাকমুখ হৈ অসমত সোমায় ন দিহিং নৈত পৰিছে।

ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ উপনৈসমূহ :[সম্পাদনা কৰক]

১. আজুকা নৈ বা লাইকা জান : ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত যোগ হোৱা প্ৰথম উপনৈখন হ’ল লাইকা নৈ। ছৈখোৱা নৈৰ এটা শাখা দক্ষিণ-পশ্চিমমুৱা হৈ ৬ কিঃমিঃ আহি আজুকা নাম লৈ ছৈখোৱা বনৰ মাজেদি আহি কাৰোনি বিলৰ কাষ পায়। ইয়াৰ পৰাই আজুকা নৈক লাইকাজান বোলে। নৈখনে পশ্চিম দিশত আৰু ৬ কিঃমিঃ আহি ফাঁচি দিয়া লাইকা নামৰ ঠাইৰ পশ্চিমে ব্ৰ্হ্মপুত্ৰত পৰিছে।

২. মহমৰা জান : টেঙাবাৰী নামৰ ঠাইৰ উত্তৰে বালিজান আৰু ডিব্ৰু নৈৰ এটা সুতি ফাঁচিদিয়া লাইকাৰ পৰা বৈ অহা বোকাজানৰ লগত মিলি মহমৰাজান নাম লয় আৰু তাৰ পৰা ১২ কিঃমিঃ ভটিয়াই ব্ৰ্হ্মপুত্ৰত পৰিছে।

৩. ডিব্ৰু নৈ বা ডিবুৰু নৈ : ডিব্ৰু নৈখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কিঃমিঃ পূবত ব্ৰহ্মপুত্ৰত পৰিছে।


ডিব্ৰুৰ উপনৈ :[সম্পাদনা কৰক]

৩.১ ডুমডুমা নৈ : তিনিচুকীয়া জিলাৰ দুৱাৰমৰা সংৰক্ষিত বনৰ ভিতৰত ন দিহিং নৈৰ এটা সুতি ওলায় বৰদুমচা, ডুমডুমা হৈ বৰডুবি চাহবাগিছা পায়। তাৰ পাচত ডুমডুমা নৈ লগ লাগি বিছাকুপি চাহবাগিছাৰ দক্ষিণেদি ৪ কিঃমিঃ আহি ডুমডুমা চহৰত ডিব্ৰু নৈত পৰিছে।

৩.২ ডাঙৰি নৈ : ডুমডুমাৰ টঙনা গাঁও চাহবাগিছাৰ পশ্চিমৰ লিটংবিলৰ পৰা ওলাই উত্তৰ পশ্চিমমুৱা হৈ ১২ কিঃমিঃ আহি কাকপথাৰ হৈ ডাঙৰি গাঁৱৰ পৰা সদাশিৱ চাহবাগিছাৰ কাষেৰে ঢলা নৈৰ লগ হৈ ফুল বাৰী নাম লৈ টৰং চাহবাগিছাৰ উত্তৰেদি ১০ কিঃমিঃ ভটিয়াই ৰাইডাং বিলত সোমাই ডিব্ৰু নৈত পৰিছে।

৪. মাইজান : মাইজান নৈ, এসময়ত ডিব্ৰু নৈ উপনৈ আছিল, বৰ্ত্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়াত পোনে, পোনে ব্ৰহ্মপুত্ৰত পৰিছে। মাইজান নৈ এখন সৰু জান, দিনজান বিমান ঘাটিৰ পৰা পশ্চিমমুৱা হৈ খাৰজান চাহবাগিছা, দিনজয় গাঁও, থানাই আৰু হেজেল বেংক চাহবাগিছা -ডিব্ৰুগড পথ পাৰ হৈ মধুপুৰৰ ওচৰত মেৰ বিল সৃষ্টি কৰে। তাৰ পিছত তেল পানীৰ সংগমৰ পৰা বুঢ়ী দিহিং ৩৭নং ঘাইপথ পাৰ হৈ চেঁচা নৈৰ সৈতে লগ লাগি চেঁচামুখৰ পৰা ৪ কিঃমিঃ আহি উত্তৰমুৱা হৈ দিহিংমুখত ব্ৰহ্মপুত্ৰত পৰে। বুঢ়ী দিহিং নৈ দীঘ ৩৬০ কিঃমিঃ।


বুঢ়ী দিহিঙৰ প্ৰধান উপনৈ :[সম্পাদনা কৰক]

৬.১ নামচিক নৈ : এই নৈখন প্ৰকৃততে নামফুক (বুঢ়ীদিহিঙৰ আগ ভাগ) নৈ খনৰহে উপনৈ। নামচিক নৈখন পাটকাই পৰ্বতৰ ২২৬০ মিটাৰ উচ্চতাৰ ৰামলুং নামৰ ঠাইৰ পৰা ওলাই অৰুণাচলৰ মাজেদি ৪০ কিঃমিঃ বাট উত্তৰ-পূবমুৱা হৈ বৈ আহি কাথাংহকা নামৰ এখন উপনৈৰ লগ লাগে। তাৰ পাচত ৭ কিঃমিঃ বৈ আহি তিনিচুকীয়া জিলাৰ লংটংয়ংক নামৰ ঠাইৰ কিছু উত্তৰত নামচিক নৈখন নামফুকত পৰিছে। নামচিক নৈখনৰ দীঘ ৫১ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৫১৫ বৰ্গ কিঃমিঃ।

৬.২ টিৰাপ নৈ : বুঢ়ী দিহিঙৰ ডাঙৰ উপনৈ খনে হ’ল টিৰাপ নৈ। অৰুণাচলৰ টিৰাপ জিলাৰ ২৭৮০ মিটাৰ উচ্চতাৰ ৰোহো নামৰ ঠাই পৰা ওলাই ৯৬ কিঃমিঃ উত্তৰ-পূবমুৱা হৈ বৈ আহি চাংলাং জিলাত সোমায়। তাৰ পাচত টিৰাপৰ উত্তৰ আৰু দক্ষিণ সংৰক্ষিত বনাঞ্চৰ মাজেদি ১২ কিঃমিঃ আহি তিনিচুকীয়া জিলাত সোমায়। ইয়াত টিপং নৈৰ সৈতে লগ লাগি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ লেখাপানীৰ পৰা উত্তৰ পশ্চিমমুৱা হৈ ছিপি জানৰ লগ হৈ ৫ কিঃমিঃ বৈ আহি লিডুৰ উত্তৰত টিৰাপ নৈ বুঢ়ী দিহিঙত পৰে। টিৰাপ নৈৰ দীঘ ১৪৫ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ১০৬৪ কিঃমিঃ।

৬.৩ নামদাং নৈ : অসম অৰুণাচল সীমান্তৰ হাচংপানী, টিককপানী আৰু জাগুনপানী নামৰ তিনিখন জান মিলি এই নৈৰ নাম নামদাং হৈছে। নৈখন অসমত সোমাই উত্তৰ-পশ্চিমলৈ ৫ কিঃমিঃ আহি মাৰ্ঘেৰিটাৰ পূবত প্ৰধান পথ পাৰ হৈ বুঢ়ী দিহিঙত পৰিছে।

৬.৪ ডিৰাক নৈ : অৰুণাচলৰ ভিতৰৰ পৰা ওলাই আহি টিৰাপ জিলাৰ মাজেদি বৈ নামটক চাহ বাগিছাৰ ওচৰেদি তিনিচুকীয়া জিলাত সোমাই ডিৰাক সংৰক্ষিত বনাঞ্চলৰ মাজেদি ৪ কিঃমিঃ ভটিয়াই ডিৰাকমুখত বুঢ়ী দিহিঙত পৰিছে। এই নদী খনৰ দীঘ ৩২ কিঃমিঃ।

৬.৫ নামচাং নৈ : এই নৈখন টিৰাপ জিলাৰ সৰুখুনচা নামৰ ঠাই পৰা ওলাই উত্তৰ-পশ্চিম দিশত ২৪ কিঃমিঃ বৈ আহি বাৰিকপানী আৰু বমাট জু নামৰ দুখন জানৰ লগ হৈ ডিব্ৰুগড় জিলাৰ শুকানজুৰি নামৰ ঠাইত ওলাই। তাৰ পাচত দেওমালীৰ কাষেদি বৈ নামচাং নৈখন বুঢ়ী দিহিঙত পৰিছে। এই নৈ খনৰ মুঠ দীঘ ৫১ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৯ বৰ্গ কিঃমিঃ।

৬.৬ ডিগবৈ নৈ : এই নৈখন তিনিচুকীয়া জিলাৰ বগাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাৰজান নামেৰে ওলায়। তাৰ পাচত দিহিং বনাঞ্চলৰ মাজেদি আহি দক্ষিণ বালিজান আৰু বৰজান নামৰ দুটা জানৰ সৈতে লগ হৈ ডিগবৈ তেল নলাই দি আহি ডিগবৈ নৈ নাম লয়। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ গৈ ভাদৈ পাঁচ আলি হৈ দুটা মান জানৰ লগ হৈ উষাপুৰেদি এটা অৰ্ধবৃত্তাকাৰ হৈ ডিগবৈ মুখত বুঢ়ী দিহিঙত পৰিছে। এই নৈ দীঘ ৪৮ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ১৬০ বৰ্গ কিঃমিঃ।

৬.৭ টিপলিং নৈ : তিনিচুকীয়া জিলাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই দক্ষিণ-পশ্চিমমুৱা হৈ নগা জান আৰু ঢেকীয়াজানৰ সৈতে লগ হয়। তাৰ পৰা বৈ আহি দুলীয়াজানৰ ওচৰৰ টিপলিং ঘাটত বুঢ়ী দিহিঙত পৰে। টিপলিং নৈখনৰ দীঘ ২৮ কিঃমিঃ।

৬.৮ টিংৰাই নৈ : এই নৈখন বগা পানী ৰেল ষ্টেচনৰ কাষৰ পৰা ওলাই পশ্চিমমুৱা হৈ দিহিং বনাঞ্চলৰ মাজেদি বৈ আহি তিনিচুকীয়া-দুলিয়াজান পথৰ কাষত পাখৰী জানৰ সৈতে লগ লাগি ইটাখুলি চাহ বাগিছাৰ কাষেদি এটা ভাঁজ লৈ বালিজান চাহ বাগিছাৰ উত্তৰত হুগ্ৰীজান নামৰ জান এটাৰ সৈতে লগ লাগি টিংৰাই চাৰি আলিৰ পৰা ৪ কিঃমিঃ দক্ষিণ-পশ্চিম হৈ বুঢ়ী দিহিঙত পৰে। টিংৰাই নৈখৰ দীঘ ৭৬ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৪২ বৰ্গ কিঃমিঃ।

৬.৯ দিচাম নৈ : এই নৈখন ডিব্ৰুগড় জিলাৰ জয়পুৰৰ শিলিখা পাহাৰৰ ৪৭৪ মিটাৰ উচ্চতা (নামৰূপৰ পৰ্বতপুৰৰ পৰা ৪ কিঃমিঃ দক্ষিণ-পূবত) পৰা ওলায়। তাৰ পাচত কচুজান হৈ লবংখোলা জান আৰু নাহৰপুং জানৰ সৈতে লগ লাগি আকৌ পানীবুৰা জানৰ লগ হৈ ৬ কিঃমিঃ আহি দিচাম নৈ বুঢ়ী দিহিঙত পৰে। দিচাম নৈ খনৰ দীঘ ৩৮ কিঃমিঃ।

৬.১০ চেঁচা নৈ : এই নৈখন ডিব্ৰুগড় জিলাৰ পানীতোলা ৰেল ষ্টেচনৰ ওচৰৰ পৰা ওলাই দক্ষিণ-পশ্চিমমুৱা হৈ বালিজান আৰু ডিকম জানৰ সৈতে লগ হৈ ১৫ কিঃমিঃ বৈ আহি মহমাৰি চাহ বাগিছাৰ ওচৰত ঘুগুৰা জানৰ লগ হয়। তাৰ পাচত ঘোঁৰামৰাৰ পৰা চেঁচা নৈখন দক্ষিণ-পশ্চমমুৱাহৈ ৪ কিঃমিঃ আহি চেঙেলী জানৰ লগ হৈ ৬ কিঃমিঃ ভটিয়াই কোটোহাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ১০ কিঃমিঃ আহি বৰদৈবামৰ ওচৰত বাঘজানৰ সৈতে লগ হয়। তাৰ পৰা ৮ কিঃমিঃ বৈ গৈ নৈ খনে চেঁচামুখত বুঢ়ী দিহিঙত পৰে। চেঁচা নৈ খনৰ দীঘ ১০৯ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৫০২ বৰ্গ কিঃমিঃ।

৭. দিচাং নৈ : এই নৈখন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে। তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লি নৈ নাম লৈ নামৰূপৰ দিল্লিঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কিঃমিঃ দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতিয়া হৈ টিমক নৈৰ লগ হয়। ইয়াৰ পৰা ৩০ কিঃমিঃ পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নৈৰ লগ হয়। তাৰ পাচত ১২ কিঃমিঃ আহি চফ্ৰাই নৈৰ সৈতে লগ লাগি ৫ কিঃমিঃ ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কিঃমিঃ আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়। তাৰ পাচত ডিমৌ নৈ লগ হৈ ৫ কিঃমিঃ ভটিয়াই আহি দিচাংমুখত ব্ৰ্হ্মপুত্ৰত পৰিছে। দিচাং নৈ দীঘ ২৩০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃমিঃ

দিচাঙৰ প্ৰধান উপনৈ :[সম্পাদনা কৰক]

৭.১ টিমন নৈ : শিৱসাগৰ জিলাৰ বৰহাট চাহ বাগিছাৰ দক্ষিণ পাহাৰৰ নামনিৰ পৰা ওলোয়া দেওপানি নৈ খনে নামদাং নৈ সৈতে লগ লাগি টিমন নৈ নাম লয়। তাৰ পাছত টিমন বাগিছাৰ মাজেদি বৈ আহি বালিজানৰ সৈতে লগ লাগি বাসুদেব বাৰীৰ ওচৰত নগাজানৰ সৈতে লগলাগি কিছুদুৰ ভটিয়াই দিচাঙত পৰে। টিমন নৈখ দীঘে ৩২ কিঃমিঃ।

৭.২ টাওকাক নৈ : নাগালেণ্ডমন জিলাৰ পূৱৰ পৰা তিনিখন নৈ তেজাম, টেকাং আৰু টিনিউ লগ হৈ উত্তৰলৈ বৈ সৰ্পিল পেথেৰে আহি নামচা নামৰ ঠাইত অসমত সোমাই শিৱসাগৰ জিলাৰ অভয়াপুৰ বনাঞ্চলৰ মাজেদি বৈ আঁহোতে নামচাই, নামতলা আৰু নাগা নৈ সৈতে লগ হৈ টাওকাক নাম লয়। তাৰ পাছত এই নৈয়ে নাফুক নৈ আৰু বৰাহী চাহ বাগিছাৰ কাষত টিয়ক নৈ সৈতে লগ লাগি চফ্ৰাই ষ্টেচনৰ পৰা ২ কিঃমিঃ উত্তৰপূবত দিচাং নৈত পৰিছে। টাওকাক নৈ দীঘ ৪৮ কিঃমিঃ আৰু অৱবাহিকা ৮২৭ বৰ্গ কিঃমিঃ।

৭.৩ চফ্ৰাই নৈ : চফ্ৰাই নৈখন নগাপাহাৰৰ মন জিলাৰ ৱাকচিঙৰ ওচৰৰ ১২৯০ মি: ওখ পাহাৰৰ পৰা ওলাই উত্তৰ-পূব মুৱা হৈ আহি শিৱসাগৰৰ মাইবেলা চাহবাগিছাত সোমায়। ইয়াৰ পৰা উত্তৰমুৱাহৈ সপিৰ্ল পথেৰে চফ্ৰাই ৰেল ষ্টেচনৰ পৰা ২ কিঃমিঃ পশ্চিমে গড়ামুৰ ঘাটত দিচাঙত পৰিছে। চফ্ৰাই নৈৰ দীঘ ৪৫ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ২৯৪ বৰ্গ কিঃমিঃ।

৭.৪ দিৰৈ নৈ : ডিব্ৰুগড় জিলাৰ দিল্লী নগৰ নামৰ ঠাইৰ পৰা ওলাই নীলমনি আৰু সৰোজনী চাহ বাগিছা মাজেদি পশ্চিমমুৱা হৈ পিঠাগুটি চাহ বাগিছা পৰা ৪ কিঃমিঃ ভটিয়াই ঔফুলিয়া চাহ বাগিছাৰ ওছৰত ডিকচিমৰ সৈতে লগ লাগে। ইয়াৰ পৰা দিৰৈ সংৰক্ষিত বনান্ঞ্চলৰ মাজেদি বৈ গৈ দক্ষিণ-পশ্চিমমুৱা হৈ ভতিয়াই আহি ডোমৰ দলং চাহ বাগিছা দক্ষিণে টিফুক নৈ সৈতে লগ লাগি দিচাং নৈ সমান্তৰাল কৈ বৈ আহি খৰাহাট ৰেল ষ্টেচনৰ কাষেদি বৈ গৈ লাকুম জান আৰু ধনেখনা জানৰ সৈতে লগ হৈ ৰজাবাৰী চাহ বাগিছাৰ পৰা ১.৫ কিঃমিঃ উজনিত দিচাং নৈত পৰে। দিৰৈ নৈৰ দীঘ ৬০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৬৭০ বৰ্গ কিঃমিঃ।

৭.৫ ডিমৌ নৈ : ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলৰ ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি ডিমৌ নৈ নাম লয়। ইয়াৰ পৰা পশ্চিমমুৱাহৈ নামদাং বনাঞ্চলৰ মাজেদি বৈ আহি খোৱাংৰ পৰা ৬কিঃমিঃ পূবত কলৌলোৱা জানৰ সৈতে লগ লাগে। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ খোৱাং চহৰৰ কাষেৰে গৈ তিলৈ নৈ লগ লাগিছে। তাৰ পাচত দক্ষিণ-পশ্চিমমুৱা হৈ ডিমৌ ওচৰৰ দিখাৰি বাগানলৈকে বৈ আহি পশ্চিমমুৱা হয়। ইয়াৰ পৰা পানীদিহিং বনাঞ্চল মাজেদি বৈ গৈ ধাইআলি পাৰ হৈ আখৈফুটীয়াৰ পশ্চিমৰ ডিখৌমুখত ডিমৌ নৈ দিচাঙৰ সৈতে লগ লাগে। ডিমৌ নৈখনৰ দীঘ ৫৮ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কিঃমিঃ।

৮. দৰিকা নৈ : এই নৈখন শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা ওলাইছে। ইয়াৰ পৰা ওলাই চণ্টক বাগিছাৰ পূবেদি বৈ গৈ শিমলুগুৰিৰ পৰা ৩ কিঃমিঃ পূবত ধোদৰ আলিৰ পুৰণি শিলৰ সাঁকোৰ তলেদি পাৰ হৈ, চৰাইদেউৰ পাহাৰ ওলাই দিজৈখনাৰ লগ হৈ , দৰিকা নৈ খনে উত্তৰমুৱাহৈ দৰিকা গাঁও পায়। ইয়াৰ পৰা উত্তৰ-পশ্চিমমুৱা হৈ নিমাইজানৰ লগ হৈ শিৱসাগৰৰ নগৰৰ পৰা ডেৰ কিঃমিঃ পূবত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়। তাৰ পৰা ৮ কিঃমিঃ বৈ গৈ মৰি দিলিহি নৈ লগ হয়। আকৌ তাৰ পৰা ৫ কিঃমিঃ আহি দেউঘৰীয়াত দিখৌ নৈ পৰা ঠাইতে একেলগে ব্ৰহ্মপুত্ৰত পৰিছেহি।


দৰিকাৰ প্ৰধান উপনৈ :[সম্পাদনা কৰক]

৮.১ টিমুক নৈ : শিৱসাগৰ জিলাৰ নিমনাগড় চাহবাগিছাৰ পৰা ওলোৱা নামদাং নৈখন উত্তৰ-পশ্চিম দিশত আহি নাহৰনি চাহ বাগিছা দক্ষিণে নিমনাগড় জানৰ লগ লাগি টিমুক জান নাম লয়। ইয়াৰ পৰা পশ্চিমমুৱাহৈ ৰাজগড় আলি পাৰহৈ গৌৰিজানৰ পশ্চিমলৈ আহি দৰিকা গাঁৱৰ পূবত দৰিকা নৈত পৰে।


৯.দিখৌ নৈ : দিখৌ নৈখন নাগালেণ্ডৰ ১৮২৩ মি: উচ্চতাৰ খোমি নামৰ ঠাইৰ পৰা লংগা নামেৰে উত্তৰ-পশ্চিম দিশত ২০ কিঃমিঃ আহি উত্তৰ-পূবমুৱা হয়। এই দৰে ২৫ কিঃমিঃ আহি চিমংচি নৈ লগ লাগি নতুন নাম লয় তেজলা বা নংগা বা দিখৌ। তাৰ পৰা এটা গিৰিখাটেদি ৩৫ কিঃমিঃ আহি প্ৰধান উপনৈ য়াংমুনৰ সৈতে লগ লাগে। ইয়াৰ পৰা নৈখে টুৱেনচাং আৰু মন জিলাৰ উত্তৰ দিশেদি ১৮ কিঃমিঃ আহি নাগালেণ্ডৰ নাগিনীমৰা পৰা ২ কিঃমিঃ দক্ষিণত ছেতাপ নৈ লগ লাগি শিৱসাগৰ জিলাত সোমাই। নাগিনীমৰাৰ পৰা দিখৌ নৈ খনে ২কিঃমিঃ আহি বামুণি পুখুৰী চাহ বাগিছা পায়। এই বাগিছাৰ পৰা ৩ কিঃমিঃ বৈ আহি চণ্টকত চণ্টক নৈ লগ হয়। চণ্টকৰ পৰা দিখৌখন উত্তৰ-পশ্চিমমুৱা হৈ নাগিনীমৰা-শিমলুগুৰি ৰেলপথৰ কাষেদি ১৬ কিঃমিঃ নাজিৰা নগৰৰ পূবেদি এটা পাকমাৰি ধোদৰ আলি পাৰ হৈ ২ কিঃমিঃ আহি গড়গাঁও পায়। গড়গাঁৱৰ পৰা ৮ কিঃমিঃ ভটিয়াই নৈখন চেৰেকা পাৰ পায়হি। চেৰেকাপাৰৰ পৰা নৈখন সৰ্ম্পূণকৈ পশ্ছিমমুৱা হৈ পানীচকী আৰু মেটেকাঘাত পাৰ হৈ ৪ কিঃমিঃ আহি শিৱসাগৰ নগৰ পায়। শিৱসাগৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৪ কিঃমিঃ আহি ৰূপহীমুখ পায়। ৰূপহীমুখৰ পৰা দিখৌ নৈখন পশ্ছিমমুৱা হৈ ৩ কিঃমিঃ আহি নামদাং নৈৰ সৈতে লগ লাগে। তাৰ পাছত দিখৌখন আকৌ উত্তৰ পশ্ছিমমুৱা হয়। এই দৰে ১ কিঃমিঃ আহি নৈখন গৌৰীসাগৰ পায়। ইয়াৰ পৰা নৈখন ৯ কিঃমিঃ ভটিয়াই দিখৌমুখৰ পৰা ৪ কিঃমিঃ পূবত দেওঘৰীয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰে। দিখৌ নৈখন দীঘে ২০০ কিঃমিঃ আৰু ইয়াৰ অৱবাহিকা ৪৩৭২ বৰ্গ কিঃমিঃ আগুৰি আছে।

৯.১ নামদাং নৈ : নামদাং নৈখন প্ৰকৃততে দিখৌ নৈৰ উপনৈ। নামদাং নৈখন নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈ ২ কিঃমিঃ আহি শিৱসাগৰ জিলাৰ সীমাইদি ২.৫ কিঃমিঃ আহি আকৌ নাগালেণ্ডৰ মোককচাং আৰু টুৱেনচাং জিলাৰ সীমাইদি আহি ৰঙাগৰাৰ পৰা ৩ কিঃমিঃ আহি মেকিপুৰ চাহ বাগিছা আৰু নাজিৰা গেলেকি পথ পাৰ হৈ পশ্ছিমমুৱা হয়। ইয়াৰ পৰা শলগুৰি গাঁও পাৰ হৈ কালুগাঁৱৰ ৰূপজানৰ সৈতে লগ লাগি সৰ্পিল পথেৰে উত্তৰ পশ্ছিমমুৱা হ্য়। আকৌ তাৰ পৰা জেৰেঙা বিলৰ দক্ষিণেদি ৬ কিঃমিঃ আহি চাৰিঙীয়া জানৰ লগ হৈ আকৌ উত্তৰমুৱা হৈ ৩০০ বছৰ পুৰনি নামদাঙৰ শিলৰ সাঁকোৰ তলেদি পাৰ হৈ সামান্য উত্তৰত দিখৌ নৈত পৰিছে।

নামদাঙৰ প্ৰধান উপনৈ :[সম্পাদনা কৰক]

৯.১.১ টিফুক বা নামতি নৈ : এই নৈখন গেলেকি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই উত্তৰমুৱা হৈ নামতি বঙালীগাঁও পায় ইয়াৰ পৰাই নামতি নৈ নামেৰে দুলিয়াগাঁও পাৰ হৈ উত্তৰ-পশ্ছিমমুৱা হয়। ইয়াৰ পৰা ৰেলপথ আৰু কুকুৰাচোৱা পাৰ হৈ মাউত গাঁৱত দিকচু নৈ লগ হয় আৰু তেতিয়াৰ পৰা এই নৈক টিফুক নৈ বোলা হয়। টিফুক নৈ উত্তৰ-পশ্ছিম দিশত ২.৫ কিঃমিঃ আহি পশ্ছিম চাৰিঙীয়া জানৰ লগ লাগে। তাৰ পৰা ৪ কিঃমিঃ আহি মাহীগাঁৱত নামদাঙত পৰে। নৈ খনৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিঃমিঃ।

৯.১.২ ডিমৌ নৈ : নাজিৰা নগৰৰ ৫ কিঃমিঃ দক্ষিণ-পূবৰ সোন্দৰ পুখুৰীৰ ওচৰত নাফুক জানৰ পৰা ওলাই নাজিৰা ৰেল ষ্টেচনৰ পশ্ছিমে ৮ কিঃমিঃ ভটিয়াই মাদুৰি চাহ বাগিছাৰ উত্তৰত এই নৈ খনে দিমৌ নাম লয়। তাৰ পাচত জয়সাগৰৰ পূবৰ বৰ আলিৰ কাষেৰে জয়সাগৰৰ পুখুৰীৰ দক্ষিণ পাৰৰ কাষেদি ৩ কিঃমিঃ ভটিয়াই আহি ৰুদ্ৰসাগৰ পুখুৰীৰ পূবত দুভাগ হৈ আকৌ লগ লাগি পশ্ছিমলৈ আহি ২ কিঃমিঃ ভটিয়াই নামদাঙত পৰিছেহি। নৈ খনৰ দীঘ প্ৰায় ২৮ কিঃমিঃ

১০. জাঁজী নৈ : এই নৈখন নগালেণ্ডৰ মোককচাং নগৰৰ কিছু উত্তৰ পৰা মেলেক নৈ নামেৰে ওলাই উত্তৰ-পশ্চিমমুৱা হৈ ১২ কিঃমিঃ আহি উত্তৰ-পূৱমুৱা হয়। তাৰ পিচত মেলেক নৈ খনে ১৬ কিঃমিঃ আহি মেনুং নামৰ এখন নৈৰ লগ লাগি মেলেক নৈখনে জাঁজী নাম লয়। জাঁজী নৈয়ে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাইদি বৈ আহি শিমলুগুৰিৰ পৰা উত্তৰমুৱা হৈ ৪ কিঃমিঃ আহি আমগুৰি ৰেলপথ পাৰ হয়। আমগুৰিৰ পৰা উত্তৰ-পশ্চিমমুৱাহৈ বৈ আহি জাঁজী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই-পথ পাৰ হয়। তাৰ পাচত বহুতো যান আৰু সৰু নৈ লগ লাগি ধনতোলা পায়। তাৰ পৰা ৫ কিঃমিঃ ভটিয়াই বনাই পায়, বনাই পৰা ৭ কিঃমিঃ ভটিয়াই চীনাতলিৰ ন-জাঁজী ওচৰত নৈখন ঠেক হৈ আৰু ৫ কিঃমিঃ আহি কুমাৰ গাঁৱত মিটং-মৰি জাঁজী নৈ সৈতে লগ লাগি জাঁজীমুখত ব্ৰ্হ্মপুত্ৰৰ লগ লাগে। ১৯১৭ চনৰ মেপৰমতে জাঁজী নৈখনৰ দীঘ ১০৭ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ১৩৫০ বৰ্গ কিঃমিঃ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]