সমললৈ যাওক

উমানন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমানন্দ

উমানন্দ নদীদ্বীপ
ভৌগোলিক
ভৌগোলিক স্থানাংক 26°11′47″N 91°44′42″E / 26.19639°N 91.745°E / 26.19639; 91.745স্থানাংক: 26°11′47″N 91°44′42″E / 26.19639°N 91.745°E / 26.19639; 91.745
মুঠ দ্বীপৰ সংখ্যা এক
ৰাষ্ট্ৰ
ৰাজ্য অসম

উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ।[1]গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল।[2] ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা।

ধৰ্মীয় কাহিনীমতে

[সম্পাদনা কৰক]

উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।

কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱ‌ই কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হল ভস্মাঞ্চল।[3]

১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল।[4] ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। তাৰ পিছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰঁতি হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।

উৎসৱসমূহৰ বৰ্ণনা

[সম্পাদনা কৰক]

উমানন্দৰ উমানন্দ দেৱালয়ত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে।[5] ভগৱান শিৱৰ প্ৰতি উছৰ্গিত সোমবাৰ উমানন্দৰ বাবে পৱিত্ৰ বাৰ। প্ৰতি অমাবস্যা আৰু সোমবাৰে উমানন্দত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত উমানন্দ সম্পৰ্কীয় মিডিয়া ফাইল।
  1. "Umananda: The world's smallest inhabited river island". প্ৰকাশক India: The Times GroupTimes of India. https://timesofindia.indiatimes.com/travel/destinations/umananda-the-worlds-smallest-inhabited-river-island/articleshow/112013217.cms আহৰণ কৰা হৈছে: 2025-01-19.
  2. "Umananda". প্ৰকাশক Assam: Government of AssamAssam Government. https://assam.gov.in/about-us/400#:~:text=island%20is%20flooded.-,Umananda,Peacock%20Island%20for%20its%20structure. আহৰণ কৰা হৈছে: 2025-01-19.
  3. "Umananda Temple". প্ৰকাশক Kamrup Metro, Assam: Government of AssamKamrup Metro District Administration. Archived from the original on 2025-01-19. https://web.archive.org/web/20250119204655/https://kamrupmetro.assam.gov.in/tourist-place-detail/271 আহৰণ কৰা হৈছে: 2025-01-19.
  4. "Umananda Temple: Legends and Spirituality on Brahmaputra". প্ৰকাশক Guwahati: G PlusGuwahati Plus. https://guwahatiplus.com/buzz/umananda-temple-legends-and-spirituality-on-brahmaputra আহৰণ কৰা হৈছে: 2025-01-19.
  5. "Umananda Temple, Guwahati". প্ৰকাশক Assam: Assam InfoAssam Info. http://www.assaminfo.com/tourist-places/56/umananda-temple-guwahati.htm আহৰণ কৰা হৈছে: 2025-01-19.