গণেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গণেশ
গণেশ দেৱ
গণেশ দেৱ
দেৱনাগৰী गणेश
গোত্ৰ দেৱতা
মন্ত্ৰ ॐ गणेशाय नमः
(Oṃ Gaṇeśāya Namaḥ)
অস্ত্ৰ পৰশু (কুঠাৰ)
পাশ (lasso)
অঙ্কুশ
দাম্পত্যসঙ্গী বুদ্ধি (wisdom)
ৰিদ্ধি (prosperity)
সিদ্ধি (attainment)
বাহন এন্দুৰ

গণেশ (সংস্কৃত: गणेश; আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰ পদ্ধতি অনুসৰি: Gaṇeśa; এই শব্দটোৰ বিষয়ে শুনক ) পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম।[1] ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়।[2] সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত।[3] জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত।[4] পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক

পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ।[5] গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়।[6] তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ),[7]গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা।[8] পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে।[9] একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত।

পৃথক দেৱতা ৰূপে গণেশৰ উদ্ভৱ খ্ৰীষ্টিয় চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ গুপ্তযুগত হৈছিল। যদিও একাধিক বৈদিক আৰু প্ৰাক-বৈদিক উৎসৰ পৰাও গণেশৰ উল্লেখ পোৱা যায়।[10] তেখেতৰ জনপ্ৰিয়তা দ্ৰুতভাবে বৃদ্ধি পায় আৰু নৱম শতাব্দীত। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। এই সময়ত গণেশক সৰ্বোচ্চ দেৱতা স্বীকাৰ কৰি গাণপত্য (সংস্কৃত: गाणपत्य; আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰণ পদ্ধতি অনুসৰি: gāṇapatya) সম্প্ৰদায়ৰ উদ্ভৱ ঘটে।[11] গণেশ সংক্ৰান্তীয় প্ৰধান ধৰ্মগ্ৰন্থসমূহ হ’ল গণেশ পুৰাণ, মুদগল পুৰাণ, আৰু গণপতি অথৰ্বশীৰ্ষ

পুৰাণ কাব্যটো গণেশৰ উপস্থিতি লক্ষ্যনীয়। তেওঁক অন্যতম শ্ৰেষ্ঠ ভাৰতীয় মহাকাব্য মহাভাৰত-ৰ লিপিকাৰ ৰূপে কল্পিত হয়। ভাৰতৰ সকলোতে তেখেতৰ পূজা প্ৰচলিত। তাৰপাছত মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পশ্চিমবঙ্গ, অসম আৰু বাংলাদেশ আদি ঠাইত অসমীয়া তথা বাংলাৰ নৱবৰ্ষৰ দিনটোত গণেশ পূজা প্ৰচলিত। ইয়াৰ বাদেও দুৰ্গোৎসৱত সপৰিয়ালে দেৱী দুৰ্গাৰ লগত গণেশৰো পূজা অৰ্চনা কৰা হয়। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল – মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ


বুৎপত্তি আৰু অন্যান্য নাম[সম্পাদনা কৰক]

'শ্ৰীময়ূৰেশ্বৰৰ ৰূপত দুই স্ত্ৰী বুদ্ধি আৰু সিদ্ধিৰ লগত গণেশ, মোৰগাঁওৰ গণেশ মন্দিৰ (স্থানীয় আস্থাবিনায়ক চত্বৰৰ কেন্দ্ৰীয় মন্দিৰত) [12]

গণপতি আৰু বিঘ্নেশ্বৰ সহ গণেশৰ একাধিক নাম আৰু বিশেষণ আছে। হিন্দুসকলৰ সম্মানজনক শ্ৰী (সংস্কৃত: श्री; śrī) সম্বোধনটো প্ৰায়েই তেখেতৰ নামৰ আগত ব্যৱহৃত হয়। গণেশ পূজাৰ অন্যতম জনপ্ৰিয় পন্থা হ’ল গণেশ সহস্ৰনাম স্তোত্ৰপাঠ। এই স্তোত্ৰ গণেশৰ এহাজাৰ নামৰ সংকলন। সহস্ৰনামৰ প্ৰত্যেকটো নামেই গণেশৰ বিভিন্ন ৰূপৰ প্ৰতীক আৰু প্ৰত্যেকটোৱেই ভিন ভিন অৰ্থ বহন কৰে। গণেশ সহস্ৰনামৰ দুটা ভিন্ন পাঠ পোৱা যায়। তাৰ মাজত এটা গণেশ সম্পৰ্কিত শাস্ত্ৰগ্ৰন্থ গণেশ পুৰাণ পৰা সংগৃহীত।[13]

সবাহন গণেশ, কৰ্ণাটকৰ তালাকাডুৰ বৈদ্যেশ্বৰ মন্দিৰৰ দেৱালচিত্ৰ

গণেশ নামটোৰ উৎস সংস্কৃত গণ (गण; gaṇa, অৰ্থাৎ দল বা গোষ্ঠী) আৰু ইশ (ईश; īśa, অৰ্থাৎ প্ৰভু) শব্দদ্বয়।[14][15] এই গণ প্ৰকৃতপক্ষে শিৱৰ উপদেৱতা অনুচৰবৃন্দৰ নাম।[16] সাধাৰণভাবে এই শব্দটোৰ অৰ্থ সমূহ, দল বা সমষ্টি।[17][18] এই কাৰণে কোনো কোনো ব্যাখ্যাকাৰীয়ে "গণৰ অধিপতি" কথাষাৰৰ অৰ্থ উলিয়ায় "সমূহৰ দেৱতা " বা "সমষ্টিৰ দেৱতা "।[19] গণেশ শব্দৰ আন এটা প্ৰতিশব্দ গণপতি (সংস্কৃত: गणपति; gaṇapati)। গণপতি শব্দটো গণ অৰ্থাৎ দল আৰু পতি অৰ্থাৎ প্ৰভু – এই দুই সংস্কৃত শব্দৰ দ্বাৰা গঠিত।[18] প্ৰাচীন সংস্কৃত অভিধান অমৰকোষ গ্ৰন্থত[20] গণেশ নামৰ আঠোটা প্ৰতিশব্দৰ তালিকা দিয়া হৈছে: বিনায়ক, বিঘ্নৰাজ (আক্ষৰিক প্ৰতিশব্দত বিঘ্নেশ), দ্বৈমাতুৰ (দুই মাতৃৰ সন্তান) [21] গণাধিপ (আক্ষৰিক প্ৰতিশব্দত গণেশ বা গণপতি), একদন্ত (যাৰ এটা দাঁত), হেৰম্ব, লম্বোদৰ (বৃহৎ উদৰ বিশিষ্ট) আৰু গজানন (হস্তীমুণ্ডবিশিষ্ট)।[22]

পুৰাণ আৰু বৌদ্ধ তন্ত্ৰত গণেশক বিনায়ক (সংস্কৃত: विनायक; vināyaka) নামেৰে অভিহিত কৰা হৈছে।[23] অষ্টবিনায়ক নামেৰে পৰিচিত মহাৰাষ্ট্ৰৰ আঠোটা বিখ্যাত গণেশ মন্দিৰতো গণেশ এই নামেৰেই পূজিত হয়।[24] বিঘ্নেশ (সংস্কৃত: विघ्नेश; vighneśa) আৰু বিঘ্নেশ্বৰ (সংস্কৃত: विघ्नेश्वर; vighneśvara) নামদুটা হিন্দু পুৰাণত বৰ্ণিত গণেশৰ প্ৰাথমিক দায়িত্ব বিঘ্ন অপসাৰণকে নিৰ্দেশ কৰে।[25]

তামিল ভাষাত গণেশক সাধাৰণতে পিল্লে বা পিল্লাইয়াৰ (সৰু শিশু) নামেৰে অভিহিত কৰা হৈছে।[26] এ. কে. নাৰায়ণে এই দুই শব্দৰ পাৰ্থক্যক নিৰ্দেশ কৰি লিখিছে যে, পিল্লে শব্দৰ অৰ্থ শিশু, কিন্তু পিল্লাইয়াৰ শব্দৰ অৰ্থ মহান শিশু। তেওঁ আৰু লিখিছে যে দ্ৰাবিড় ভাষাগোষ্ঠীত পাল্লু, পেল্লাআৰু পেল শব্দসমূহৰ মাধ্যমত গজদন্ত অথবা সাধাৰণভাবে হাতীক নিৰ্দেশ কৰা হয়।[27] অনিতা ৰাইনা থাপানে ভাবে যে, পিল্লাইয়াৰ শব্দৰ মূল শব্দ পিল্লে ৰ অৰ্থ সম্ভৱত: হাতীৰ পোৱালি; কাৰণ পালি ভাষাপিল্লাকা শব্দৰ অৰ্থ হস্তীশিশু বা হাতীৰ পোৱালি।[28]

বিৱৰ্তন[সম্পাদনা কৰক]

‘গণপতি’ৰ প্ৰথম উল্লেখ পোৱা যায় প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋগ্বেদত। দুটি ঋক মন্ত্ৰত ‘গণানাম গণপতিম হবামহে...’ [29] আৰু ‘বিষু সীদা গণপতে...’[30] বাক্যাংশসমূহে বৈদিক গণপতিৰ এটা ধাৰণা দিয়ে। যদিও এই গণপতি অৰু বৰ্তমান কালত পূজ্য পৌৰাণিক গণপতি একে নহয়। তথাপি এইকথা অনেকেই স্বীকাৰ কৰে যে বেদোত্তৰ যুগত ঋষিসকলৰ ‘গণপতি-ব্ৰহ্মণস্পতি’ৰ পৰাই পৌৰাণিক ‘গজবদন-গণেশ-বিঘ্নেশ্বৰ’-ৰ ধাৰণাটি বিবৰ্তিত হৈছে।[31]

ঋগ্বৈদিক গণপতিৰ আন এক নাম আছিল 'বৃহস্পতি' বা 'বাচস্পতি'। তেওঁ জ্যোতিৰ্ময় দেৱতা । তেখেতৰ গাৰ বৰণ ৰক্তিমাভ-স্বৰ্ণালি। অঙ্কুশ বা কুঠাৰ তেখেতৰ অস্ত্ৰ। তেখেতৰ আৰ্শীবাদ অবিহনে কোনো ধৰ্মীয় সিদ্ধি সম্ভব নহয় বুলি ধৰা হৈছিল। তেওঁ সৰ্বদা ‘গণ’ নামৰ এটা নৃত্যগীতকাৰী দলৰ লগত বিৰাজমান আছিল আৰু দেৱতা সকলৰ ৰক্ষকৰূপে কল্পিত হৈছিল। [32]

অন্যমতে, ভাৰতৰ আদিম অধিবাসীসকলৰ পূজিত হস্তীদেৱতা আৰু লম্বোদৰ যক্ষৰ মিশ্ৰণত গণেশৰ কল্পনাৰ উদ্ভব। অথবা এনেকুৱাও হ’ব পাৰে যে গণেশ সম্পূৰ্ণ অনাৰ্য দেৱতা , পাছত যাৰ আৰ্যীকৰণ ঘটে। গণেশৰ বাহন এন্দুৰ এই আদিম কোনো সংস্কাৰৰ প্ৰতীক। খ্ৰীষ্টপূৰ্ব অষ্টমৰ পৰা ষষ্ঠ শতিকাৰ মধ্যবৰ্তী কোনো সময়ৰ লেখাতে বৌধায়ণ ধৰ্মসূত্ৰত গণেশৰ উল্লেখ নাই। খ্ৰীষ্টিয় চতুৰ্থ শতিকাত কালিদাস, খ্ৰীষ্টিয় ষষ্ঠ শতিকাত ভাৰবি, খ্ৰীষ্টিয় পঞ্চম শতিকাত পঞ্চতন্ত্ৰ বা ভৰত নাট্যশাস্ত্ৰ য়ো গণেশৰ সাক্ষ্য নিদিয়ে। গুপ্ত যুগৰ শেষভাগত খ্ৰীষ্টিয় পঞ্চম শতিকাৰ পৰাই এওঁৰ একক পূজা প্ৰচলিত হয়।

'মানবগৃহ্যসূত্ৰ' আৰু 'যাজ্ঞবল্ক্য স্মৃতি'-ত শাল, কটঙ্কট, উষ্মিত, কুষ্মাণ্ড ৰাজপুত্ৰ আৰু দেবযজন ইত্যাদিকে বিনায়ক বুলি উল্লেখ কৰা হৈছে। মহাভাৰততো এওঁলোকেই বিনায়ক। এওঁলোকৰৰ কাম বিঘ্ন উৎপাদন কৰা। এই সকলো বিনায়ক মিলি পাছত বিঘ্নৰাজ গণপতিৰ ৰূপ লয়। যাজ্ঞবল্ক্যৰ স্মৃতি অনুসৰি এজন বিনায়ক অম্বিকাৰ পুত্ৰ। ইয়াতেই গণেশক প্ৰথমবাৰ দুৰ্গাৰ সন্তান বুলি উল্লেখ কৰা হয়। বহু পুৰাণত তেওঁক স্বয়ম্ভূ বোলা হৈছে। আকৌ স্কন্সকলৰ গণ বা পৰিসদসকলৰ অনেকেই পশু-চৰাইৰ মুখবিশিষ্ট। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ 'ভূমাৰা'ত এই ধৰণৰ বহু গণৰ উল্লেখ পোৱা যায়। গণেশ অৰ্থাৎ গণ-ঈশৰ হস্তীমুখৰ ইও এক কাৰণ হ’ব পাৰে। আকৌ কোনো কোনোৰ মতে যক্ষ আৰু নাগদেৱতা মিলি গণেশ। হাতীৰ মুণ্ড যুক্ত যক্ষ পুৰাণত বৰ্ণিত। ইয়াৰ বাদেও যক্ষসকলো লম্বোদৰ।

'যাজ্ঞবল্ক্য সংহিতা'-ত বিনায়ক আৰু গণপতিৰ পূজাৰ বিৱৰণ পোৱা যায়। খ্ৰীষ্টিয় সপ্তম শতিকাত ৰচিত ললিত মাধবতো গণেশৰ উল্লেখ পোৱা যায়। [33]

পৌৰাণিক উপাখ্যান[সম্পাদনা কৰক]

গণেশ পৌৰাণিক হিন্দুধৰ্মত সৰ্বাগ্ৰে পূজ্য আৰু সেই কাৰণে অন্যতম প্ৰধান দেৱতা । স্বাভাৱিক কাৰণেই তেখেতৰ সম্পৰ্কে প্ৰচলিত নানা আখ্যান-উপাখ্যানে বিভিন্ন পুৰাণ আৰু মহাকাব্যত স্থান পাইছে। গণেশ সম্পৰ্কিত যিটো কাহিনী পুৰাণ আৰু উপকথাত সৰ্বাধিক চৰ্চিত সেইটো হ’ল গণেশৰ ‘গজানন’ হোৱাৰ কাৰণ। কোৱা বাহুল্য যে, পুৰাণৰ স্বাভাৱিক চৰিত্ৰ অনুসৰি এক এক পুৰাণত এই প্ৰসঙ্গত এক এক ৰকমৰ ভাষ্য পোৱা যায়। এনেকি একেই পুৰাণত পৰস্পৰ-বিৰোধী দুটি মতও কিছু কিছু ক্ষেত্ৰত স্থান পাইছে। ইয়াৰ বাদেও গণেশৰ পিতৃমাতৃভক্তি আৰু বিবাহ সম্পৰ্কিত নানা কাহিনীও বিভিন্ন গ্ৰন্থত পোৱা যায়।

অবনীন্দ্ৰনাথ ঠাকুৰ অঙ্কিত 'গণেশ-জননী'

জন্মকথা[সম্পাদনা কৰক]

  • শিৱপুৰাণশিৱপুৰাণ-ত উল্লেখিত উপাখ্যান অনুসৰি, পাৰ্বতীয়ে এদিন নন্দীক দুৱৰী নিযুক্ত কৰি স্নান কৰিবলৈ যায়। এনে সময়তে শিৱ আহি তাত উপস্থিত হ’লত, তেওঁ নন্দীক তিৰষ্কাৰ কৰি পাৰ্বতীৰ স্নানাগাৰত প্ৰৱেশ কৰে। ইয়াতে পাৰ্বতী অপমানিত আৰু ক্ষুব্ধ হৈ উঠে। অৱশেষত সখী জয়া আৰু বিজয়াৰ লগত পৰামৰ্শ কৰি তেওঁ পানীৰ ঢৌ এটা তুলি এটা সুন্দৰ পুত্ৰৰ মূৰ্তি নিৰ্মাণ কৰে আৰু সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰি তাক নিজৰ বিশ্বস্ত অনুচৰ হিচাপে নিয়োগ কৰে। ইয়াৰ পাছত এদিন এই কুমাৰক দুৱৰী নিয়োগ কৰি পাৰ্বতী স্নান কৰিবলৈ যোৱাত শিৱ আহি সেই ঠাইত উপস্থিত হ’ল। কুমাৰে শিৱক ভিতৰলৈ যোৱাত বাধা দিয়ে। ইয়াতে প্ৰথমে প্ৰমথগণৰ লগত তেওঁৰ বিবাদ হয় আৰু পাছত পাৰ্বতীৰ ইঙ্গিতত যুদ্ধ হয়। প্ৰমথগণ, শিৱ আৰু সকলো দেৱতা এই যুদ্ধত পৰাস্ত হয়। তেতিয়া নাৰদৰ পৰামৰ্শমতে বিষ্ণুৱে কুমাৰক মোহাচ্ছন্ন কৰে আৰু শিৱই ত্ৰিশূলৰ দ্বাৰা তেখেতৰ মস্তক বিছিন্ন কৰে। এই সংবাদ শুনি পাৰ্বতীয়ে ক্ৰুধিত হৈ বিশ্বসৃষ্টি বিনষ্ট কৰিবলৈ উদ্যোগী হৈ উঠে। নাৰদ আৰু দেৱগণে তেওঁক শান্ত কৰে। পাৰ্বতীয়ে তেখেতৰ পুত্ৰৰ পুনৰ্জীৱন দাবী কৰে আৰু ইচ্ছা প্ৰকাশ কৰে যে এই পুত্ৰ সকলোৰে পূজ্য হয় যেন। কিন্তু কুমাৰৰ মুণ্ডটি তেতিয়া আৰু পোৱা নগল। শিৱই তেতিয়া প্ৰমথগণক উত্তৰমুখে প্ৰেৰণ কৰে আৰু যাকে প্ৰথমে দেখা পায় তাৰেই মস্তক লৈ আহিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকে এটা একদন্ত হস্তীমুণ্ড লৈ উপস্থিত হ’ল আৰু দেৱগণে এই হস্তীমুণ্ডৰ সহায়তেই তেওঁক জীৱিত কৰি তোলে। অন্তত শিৱই তেওঁক নিজপুত্ৰ ৰূপে স্বীকাৰ কৰে। দেৱগণৰ আশীৰ্বাদত এই কুমাৰ সকলোৰে পূজ্য হয় আৰু গণেশ নামেৰে জনাজাত হয়। [34]
  • স্কন্দপুৰাণস্কন্দপুৰাণ-ত গণেশৰ জন্মৰ বিষয়ে একাধিক উপাখ্যান আছে। এই পুৰাণৰ গণেশ খণ্ডত আছে, সিন্দূৰ নামে এক দৈত্যই পাৰ্বতীৰ গৰ্ভত প্ৰৱেশ কৰি গণেশৰ মস্তক বিছিন্ন কৰে। কিন্তু ইয়াত শিশুটিৰ মৃত্যু নঘটিল, বৰং সেই মুণ্ডহীন অৱস্থাতেই ভূমিষ্ঠ হয়। জন্মৰ পাছত, নাৰদে ইয়াৰ কাৰণ জিজ্ঞাসা কৰাত গণেশে তেওঁক ঘটনাটি জনায়। নাৰদে তাৰ পাছত তেওঁক ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবলৈ কোৱাত, তেওঁ নিজৰ বলত গজাসুৰৰ মস্তক ছিন্ন কৰি নিজৰ দেহত যুক্ত কৰে।
    স্কন্দপুৰাণ-ৰ ব্ৰহ্মখণ্ডত আছে, পাৰ্বতীয়ে নিজৰ গাত্ৰমলৰ পৰা এটা সুন্দৰ আৰু পূৰ্ণাঙ্গ পুতলা নিৰ্মান কৰি তাত প্ৰাণপ্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত পাৰ্বতীয়ে তেওঁক নিজৰ স্নানাগাৰৰ দ্বাৰৰক্ষকৰ দায়িত্ব অৰ্পণ কৰে। শিৱই স্নানাগাৰত প্ৰৱেশ কৰিবলৈ যোৱাত বালক-কুমাৰে তেওঁক বাধা দিয়ে। শিৱৰ লগত তেখেতৰ যুদ্ধ হয় আৰু শিৱই ত্ৰিশূলেৰে তেখেতৰ মস্তক ছিন্ন কৰে। [35] ইয়াৰ পাছত গজাসুৰক সন্মুখত পাই শিৱই তাৰ মস্তক ছিন্ন কৰি তাৰ মস্তক কুমাৰৰ স্কন্ধত যুক্ত কৰে।
    স্কন্দপুৰাণ-ৰ অৰ্বুদ খণ্ডত কোৱা হৈছে, পাৰ্বতীয়ে গাত্ৰমল দি এটা মুণ্ডহীন পুতলা তৈয়াৰ কৰে। তাৰপাছত স্কন্দক কৈছিল, পুতলাটোৰ মাথা তৈয়াৰ কৰাৰ বাবে অলপ বোকা আনিবলৈ; এই পুতলা হ’ব তেওঁৰ ভায়েক। স্কন্দই বোকা নাপায় এটা হাতীৰ মাথা কাটি আনে। পাৰ্বতীয়ে আপত্তি কৰিলেও দৈবযোগে এই মুণ্ডটিয়ে পুতলাৰ স্কন্ধত যুক্ত হয়। ইয়াৰ পাছত শক্তিৰূপিনী পাৰ্বতীয়ে পুতলাটিৰ জীৱনদান কৰে। গজমুণ্ডযুক্ত পুতলাৰ দেহত এক বিশেষ নায়কৰ ভাব ফুটি উঠে। এই কাৰণে শিৱৰ বৰত এওঁ ‘মহাবিনায়ক’ নামে পৰিচিত হ’ল। শিৱই কৈছিল, এই কুমাৰ গণাধিপতি হ’ব আৰু সকলো কামৰ আগে এওঁৰ পূজা নকৰিলে কাৰ্যসিদ্ধি নহ’ব। স্কন্দই এওঁক অস্ত্ৰ হিচাপে কুঠাৰ দান কৰে, পাৰ্বতীয়ে দিয়ে মোদকপূৰ্ণ সুগন্ধযুক্ত ভোজনপাত্ৰ। মোদকৰ গন্ধত এন্দুৰ এওঁৰ বাহন হয়।
  • বৃহদ্ধৰ্মপুৰাণবৃহদ্ধৰ্মপুৰাণৰ মতে, পাৰ্বতীয়ে পুত্ৰলাভত ইচ্ছুক হোৱাত শিৱই অনিচ্ছা প্ৰকাশ কৰে। অগত্যা পাৰ্বতীৰ খেচ্‌খেচনিত শিৱই পাৰ্বতীৰ বস্ত্ৰকে টানি আনি তাকেই পুত্ৰ বুলি চুম্বন কৰিবলৈ কৈছিল। [36] পাৰ্বতীয়ে সেই বস্ত্ৰকে পুত্ৰৰ আকাৰ দি কোলাত লওঁতেই সেইটো জীৱিত হৈ উঠে। তেতিয়া শিৱই পুত্ৰক কোলাত লৈ কৈছিল, এই পুত্ৰ স্বল্পায়ু। উত্তৰদিশে মূৰ কৰি শায়িত এই শিশুৰ মস্তকো তৎক্ষণাৎ ছিন্ন হৈ যাব। তাকে শুনি পাৰ্বতী শোকাকুল হৈ যায়। এনে সময়তে দৈৱবাণী হয় যে উত্তৰদিশে মূৰ কৰি শুই থকা এনে কাৰোবাৰ মূৰ আনি জোৰা দিলে তেতিয়াই এই পুত্ৰ জী উঠিব। পাৰ্বতীয়ে তেতিয়া নন্দীক মস্তকৰ সন্ধানত পঠায়। নন্দীয়ে ইন্দ্ৰৰ বাহন ঐৰাবতৰ মূৰ কাটি আনে। দেৱতাসকলে বাধা দিও ব্যৰ্থ হয়। এই মূৰটো আনি জোৰা দিয়েই শিৱই পুত্ৰক জীৱিত কৰি তোলে। শিৱৰ বৰত, ইন্দ্ৰই ঐৰাবতক সমুদ্ৰত পেলাই দিলত পুনৰ মস্তক প্ৰাপ্ত হয়।
শিৱ আৰু পাৰ্বতীয়ে গণেশক স্নান কৰাইছে, অষ্টাদশ শতাব্দীৰ কাংড়া চিত্ৰকলা
  • ব্ৰহ্মবৈবৰ্ত পুৰাণব্ৰহ্মবৈবৰ্ত পুৰাণৰ মতে, শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী কৃষ্ণক দেখি মুগ্ধ হৈ পাৰ্বতীয়ে অনুৰূপ এক পুত্ৰকামনা কৰে। কৃষ্ণইয়ো তেওঁক ইচ্ছাপূৰণৰ বৰ দিয়ে। ইয়াৰপাছত এদিন যেতিয়া শিৱ-পাৰ্বতী স্বগৃহত ক্ৰীড়াৰত আছিল, সেই সময়ৰ কৃষ্ণই বৃদ্ধ ব্ৰাহ্মণৰ বেশত ভিক্ষা বিচাৰি আহে। পাৰ্বতীয়ে তেওঁক ভিক্ষা দিবলৈ যোৱাত শিৱৰ বীৰ্য পতিত হয় আৰু কৃষ্ণই শিশুৰ বেশত পালঙ্কত আবিৰ্ভূত হয়। বৃদ্ধ ব্ৰাহ্মণ অন্তৰ্হিত হয়। পাৰ্বতীয়ে তেতিয়া পালঙ্কত ‘শতচন্দ্ৰসমপ্ৰভম্’ এক শিশুক দেখি আনন্দিত হয়। তাৰপাছত দেৱতা আৰু ঋষিসকলে কুমাৰক চাবলৈ শিৱৰ ভৱনলৈ আহে। আহে শনি দেবও। শনিয়ে নিজৰ কুদৃষ্টিৰ কথা পাৰ্বতীক জনায়। পাৰ্বতীয়ে তথাপি তেওঁক জোৰ কৰাত তেওঁ কুমাৰক চাবলৈ সম্মত হয়। কিন্তু শনিয়ে সভয়ে বাওঁ-চকুৰ কোণেৰে কুমাৰক দেখামাত্ৰকে তাৰ মস্তক ছিন্ন হৈ বৈকুণ্ঠত কৃষ্ণৰ দেহত গৈ মিহলি হয়। পাৰ্বতী শোকত মুৰ্ছিত হৈ পৰে। তেতিয়া বিষ্ণুৱে গৰুড়ত আৰোহণ কৰি পুষ্পভদ্ৰা নদীৰ পাৰলৈ আহি উত্তৰদিশে মূৰ কৰি শুই থকা এটা হাতীক দেখে। তাৰ মস্তক ছিন্ন কৰাত হস্তিনী অৰু তাইৰ পোৱালিকেইটাই কান্দি কান্দি বিষ্ণুৰ আৰাধনা কৰে। তেতিয়া বিষ্ণুৱে সেই মুণ্ডটোৰ পৰা দুটি মুণ্ড তৈয়াৰ কৰি এটা হাতীৰ স্কন্ধত আৰু আনটো গণেশৰ স্কন্ধত স্থাপন কৰি উভয়কেই জীৱিত কৰে। [37] শিৱৰ অনুগ্ৰহত গণেশ সকলো দেৱতাৰ আগেয়ে পূজিত হোৱাৰ অধিকাৰ প্ৰাপ্ত হয়। পাৰ্বতী আৰু শিৱৰ বৰত গণেশ গণাধিপতি, বিঘ্নেশ্বৰ আৰু সৰ্বসিদ্ধিদাতা হয়। ইয়াৰ পাছত কাৰ্তিকক সেনাপতিৰ পদত নিয়োগ কৰিবলৈ গৈ ইন্দ্ৰৰ হাত স্তম্ভিত হৈ যায়। তেওঁ শিৱক ইয়াৰ কাৰণ জানিব খোজাত তেওঁ কৈছিল যে, গণেশক আগে পূজা নকৰাৰ বাবেই এনে হৈছে।
    ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখিত আন এক মতৰ মতে, মালী আৰু সুমালী নাম দুই শিৱভক্তই সূৰ্যক ত্ৰিশূলৰ দ্বাৰা আঘাত কৰে। ইয়াতে সূৰ্য অচেতন হৈ পৰাত সমগ্ৰ বিশ্ব অন্ধকাৰ হৈ যায়। সূৰ্যৰ পিতা কশ্যপে শিৱক অভিশাপ দিয়ে যে শিৱৰ পুত্ৰৰ মাথাও খহি পৰিব। এই বাবে গণেশ মুণ্ডহীন হয় আৰু ইন্দ্ৰৰ ঐৰাবতৰ মাথা আনি তেখেতৰ মস্তকত জোৰা দিয়া হয়।
  • পদ্মপুৰাণপদ্মপুৰাণৰ মতে, হৰপাৰ্বতীয়ে ঐৰাবতৰ বেশত বনত বিহাৰ কৰি আছিল, তেওঁলোকৰ সেই মিলনৰ ফলত গজমুণ্ড গণেশৰ জন্ম হয়।
  • লিঙ্গপুৰাণলিঙ্গপুৰাণৰ মতে, দেৱগণ গৈ শিৱৰ কাষত উপস্থিত হয় আৰু ব্ৰহ্মাৰ অসুৰসকলৰ হাতৰ পৰা নিৰাপত্তা বিচাৰে। শিৱই তেতিয়া নিজৰ দেহৰ পৰা গণেশৰ জন্ম দিয়ে। [38]
  • বৰাহপুৰাণবৰাহপুৰাণৰ মতে, দেৱ আৰু ঋষিগণে ৰুদ্ৰৰ কাষত বিঘ্নোপসাৰণকাৰী এক নতুন দেৱতা বিচৰাত হাস্যময় শিৱৰ সম্মুখৰ আকাশত শিৱৰ গণ-যুক্ত এক কুমাৰৰ জন্ম হ’ল। এই শিশুৰ ৰূপত দেৱগণ, এনেকি স্বয়ং পাৰ্বতীও মুগ্ধ হৈ যায়। কিন্তু শিৱ ক্ৰুদ্ধ হ’লে আৰু অভিশাপ দিলে যে এই কুমাৰ গজমুখ, লম্বোদৰ আৰু নাগ উপবীত হ’ব। এই ক্ৰুদ্ধ হোৱাৰ সময়ত শিৱৰ পদনিঃসৃত ঘামৰ পৰা অসংখ্য গজমুখ বিনায়ক গণে জন্ম লয়। কুমাৰ গণেশ হ’লে এওঁলোকৰ অধিপতি। [39] ইয়াত কুমাৰ গণেশ আৰু গণসকল বিঘ্নকৰ আৰু গজাস্য বুলি উল্লেখিত আছে।
ৰাজা ৰবি বৰ্মা অঙ্কিত 'ঋদ্ধি সিদ্ধি' চিত্ৰত সস্ত্ৰীক গণেশ
  • দেৱীপুৰাণদেৱীপুৰাণৰ মতে, শিৱৰ ৰাজসিক ভাব দেখা দিলত তেখেতৰ দুই হাত ঘামে আৰু সেই ঘামৰ পৰাই গজাননৰ জন্ম হয়।
  • মৎসপুৰাণমৎস্যপুৰাণৰ মতে, পাৰ্বতীয়ে চূৰ্ণক বা বেচন দি নিজৰ গা মালিচ কৰি আছিল। সেই সময়ত এই চূৰ্ণকেদি এটা গজাননৰ মূৰ্তি নিৰ্মান কৰি তাক গঙ্গাজলত পেলাই দিয়ে। পুতুলাটো বিৰাট হৈ পৃথিৱী পূৰ্ণ কৰাত উদ্যত হোৱাত পাৰ্বতী আৰু গঙ্গাই ইয়াক পুত্ৰ বুলি সম্বোধন কৰে আৰু ব্ৰহ্মাই ইয়াক গণাধিপতি কৰি দিয়ে।
  • বামনপুৰাণবামনপুৰাণৰ মতে, পাৰ্বতীয়ে স্নানৰ সময়ত নিজৰ গাত্ৰমল দি চতুৰ্ভূজ গজাননৰ মূৰ্তি নিৰ্মান কৰাত মহাদেৱে তাক পুত্ৰৰূপে গ্ৰহণ কৰে। কৈছিল, যিহেতু “ময়া নায়কেন বিনা জাতঃ পুত্ৰকঃ” (মোৰ অবিহনেই পুত্ৰৰ জন্ম হৈছে) সেইহেতু ই বিনায়ক নামেৰে প্ৰসিদ্ধ হ’ব আৰু বিঘ্ননাশকাৰী হ’ব।

অন্যান্য উপাখ্যান[সম্পাদনা কৰক]

  • ব্ৰহ্মবৈবৰ্ত পুৰাণব্ৰহ্মবৈবৰ্ত পুৰাণ অনুযায়ী, পৰশুৰামে একৈশবাৰ পৃথিৱীক নিঃক্ষত্ৰিয় কৰি কৈলাসলৈ শিৱৰ লগত সাক্ষাৎ কৰিবলৈ অহাত, দ্বাৰৰক্ষক গণেশে তেওঁক বাধা দিয়ে। ফলত উভয়ৰ মাজত ভয়ানক যুদ্ধ হয়। পৰশুৰামৰ কুঠাৰৰ আঘাতত গণেশৰ এটা দাঁত সমূলি ভাঙি যায়।
  • শিবপুৰাণশিবপুৰাণ অনুসৰি, গণেশ আৰু কাৰ্তিকৰ বিবাহৰ বাবে জোৰ-জবৰদস্তি কৰি আছিল। তেতিয়া স্থিৰ হয় যে, উভয়ৰ মাজত যিয়ে আগে বিশ্বপৰিক্ৰমা কৰি আহিব পাৰিব তাৰ বিবাহ আগে হবে। কাৰ্তিকে ময়ূৰত আৰোহণ কৰি বিশ্বপৰিক্ৰমাযলৈ ওলায়; কিন্তু গণেশে শিৱ আৰু পাৰ্বতীক সাতবাৰ প্ৰদক্ষিণ কৰি কৈছিল, শাস্ত্ৰমতে তেওঁ শতবাৰ বিশ্বপৰিক্ৰমা কৰিলে। ইয়াৰ পাছত বিশ্বৰূপৰ দুই কন্যা সিদ্ধি আৰু বুদ্ধিৰ লগত গণেশৰ বিবাহ হয়। সিদ্ধিৰ পুত্ৰ হয় লক্ষ্য আৰু বুদ্ধিৰ পুত্ৰ লাভ। কাৰ্তিকে নাৰসকলৰ কাষৰ পৰা বিবাহৰ সংবাদ পাই ঘূৰি আহে আৰু মনৰ দুখত ক্ৰৌঞ্চ পৰ্বতত গৈ বাস কৰিবলৈ ধৰে। অন্য এটা মতৰ মতে, তুলসী নামৰ এক নাৰীয়ে গণেশক বিবাহ কৰিবলৈ বিচৰাত ব্ৰহ্মচৰ্যব্ৰতী গণেশ অসম্মত হয়। তেওঁ তুলসীৰ চিত্ত বৈকল্যৰ বাবে তাক শাও দিয়ে দানবপত্নী হ’বলৈ। তুলসীয়েও তেওঁক শাও দিয়ে। ফলত পুষ্টি নামৰ এক নাৰীক গণেশে বিবাহ কৰিবলৈ বাধ্য হয়।
  • তন্ত্ৰ – তন্ত্ৰমতে লক্ষ্মী আৰু সৰস্বতী গণেশৰ স্ত্ৰী। ইয়াৰ বাদেও তীব্ৰা, জ্বালিনী, নন্দা, সুভোগদা, কামৰূপিনী, উগ্ৰা, তেজোবতী, সত্যা আৰু বিঘ্ননাশিনী নামেৰে আন নগৰাকী শক্তিৰ কথাও জনা যায়।
  • মহাভাৰতমহাভাৰতৰ মতে, কৌৰৱ আৰু পাণ্ডৱসকলৰ মৃত্যু হ’লত ব্যাসদেৱে ধ্যানত বহে। মহাভাৰতৰ সমস্ত ঘটনা তেখেতৰ মনৰ মাজত ফুটি উঠে। তেতিয়া এই সুবিশাল গ্ৰন্থ লিপিবদ্ধ কৰাৰ বাবে উপযুক্ত লিপিকাৰৰ সন্ধানত তেওঁ ব্ৰহ্মাৰ কাষলৈ যায়। ব্ৰহ্মাই তেওঁক গণেশৰ কাষলৈ যাবলৈ কৈছিল। গণেশে মহাভাৰত লিখিবলৈ সম্মত হয় ঠিকেই, কিন্তু শৰ্তাৰোপ কৰে যে, লিখোতে লিখোতে তেখেতৰ কলম থমকি ৰ’ব নোৱাৰিব। ব্যাসেও প্ৰত্যুত্তৰত চৰ্তাৰোপ কৰে যে, কোনো শ্লোকৰ অৰ্থ নুবুজাকৈ তেওঁ লিখিব নোৱাৰিব। [40] এইবাবে ব্যাসে মহাভাৰতত ৮৮০০ কূটশ্লোক অন্তৰ্ভূক্ত কৰে, যাতে এই শ্লোকসমূহৰ অৰ্থ অনুধাবন কৰাত গণেশৰ কিছু সময় লাগে আৰু সেই অৱসৰত তেওঁ আৰু কিছুসংখ্যক শ্লোক ৰচনা কৰে।

গণেশ চতুৰ্থী[সম্পাদনা কৰক]

ভাদ্ৰ আৰু মাঘমাহৰ শুক্লাচতুৰ্থীকে গণেশ চতুৰ্থী বোলা হয়। হিন্দু বিশ্বাস অনুসৰি এই দিনটো গণেশৰ জন্মদিন। গণেশ চতুৰ্থী সংক্ৰান্তত এটা কিংবদন্তী হিন্দুসমাজত প্ৰচলিত, এবাৰ গণেশ চতুৰ্থীত প্ৰতি ঘৰতে মোদক ভক্ষণ কৰি ভৰা পেটেৰে এন্দুৰৰ পিঠিত উঠি ফুৰি আছিল গণেশ। পথত এন্দুৰৰ সন্মুখত এটা সাপ আহি পৰাত সি ভয়ত কঁপিবলৈ আৰম্ভ কৰে। এনেতে গণেশ পৰি যায় আৰু তেখেতৰ পেট ফাটি সকলো মোদক ৰাস্তাত পৰি যায়। গণেশে উঠি সেইবোৰ বুটলি পেটৰ মাজত সুমুৱায় পেটৰ ফটা ঠাইটুকুৰা সেই সাপডালেৰেই বান্ধি দিয়ে। আকাশৰ পৰা চন্দ্ৰই তাকে দেখি হাঁহি পেলায়। গতিকে গণেশ শাও দিয়ে যে চতুৰ্থীৰ দিনা কোনেও চন্দ্ৰ দেখা নাপাব। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে গণেশ অত্যন্ত মোদকপ্ৰিয় দেৱতা । অন্যমতে, এই দিনা শিৱই গণেশক লুকুৱাই কাৰ্তিকক এটা ফল দিছিল। চন্দ্ৰই তাকে দেখি হঁহাত শিৱই চন্দ্ৰক অভিশাপ দিয়ে।

অৱতাৰ[সম্পাদনা কৰক]

গাণপত্য সম্প্ৰদায়ৰ প্ৰধান ধৰ্মগ্ৰন্থ তথা গণেশ বিষয়ক দুই উপপুৰাণ গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ-ত পৃথক পৃথকভাবে গণেশৰ যথাক্ৰমে চাৰি আৰু আঠোটি অৱতাৰৰ কথা কোৱা হৈছে।

  • গণেশ পুৰাণগণেশ পুৰাণ-ত উল্লিখিত গণেশৰ চাৰি অৱতাৰ সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগত অবতীৰ্ণ হয়। এওঁলোক হ’ল –
    • মহোৎকট বিনায়ক – এওঁ দশভূজধাৰী আৰু ৰক্তবৰ্ণৰ। বিভিন্ন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যত দেখা যায় এওঁৰ বাহন হয় হাতী নহয় সিংহ। এওঁ সত্য যুগত কশ্যপ আৰু অদিতিৰ সন্তান হৈ জন্মগ্ৰহণ কৰে আৰু সেই কাৰণে কাশ্যপেয় নামেৰে পৰিচিত হয়। [41] এই অৱতাৰত তেওঁ নৰান্তক আৰু দেবান্তক নামে দুই অসুৰভ্ৰাতা অৰু ধূম্ৰাক্ষ নামৰ এক দৈত্যক বধ কৰে।
    • ময়ূৰেশ্বৰ – এওঁ ষড়ভূজধাৰী আৰু শ্বেতবৰ্ণৰ। বাহন ময়ূৰ। ত্ৰেতা যুগত শিৱ আৰু পাৰ্বতীৰ পুত্ৰৰূপে এওঁৰ জন্ম। এই অৱতাৰত তেওঁ সিন্ধু নামৰ এক দৈত্যক বধ কৰে। অৱতাৰকাল সমাপ্ত হ’লত ময়ূৰটি তেওঁ তেখেতৰ ভ্ৰাতা কাৰ্তিকক দান কৰে।
    • গজানন – এওঁ চতুৰ্ভুজধাৰী আৰু ৰক্তবৰ্ণৰ। বাহন এন্দুৰ। এওঁ দ্বাপৰ যুগত শিৱ আৰু পাৰ্বতীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰে। সিন্দুৰ নামৰ এক দৈত্যক তেওঁ এই অৱতাৰত বধ কৰে। এই অৱতাৰতেই ৰজা বৰেণ্যৰ কাষত তেওঁ গণেশ গীতা প্ৰকাশ কৰে।
    • ধূম্ৰকেতু – দ্বিভূজ অথবা চতুৰ্ভূজধাৰী আৰু ধূম্ৰবৰ্ণৰ। বাহন নীল ঘোঁৰা । এওঁ কলি যুগৰ শেষত অৱতীৰ্ণ হ’ব আৰু অনেক দৈত্য বধ কৰিব। এই অৱতাৰ বিষ্ণুৰ শেষ অবতাৰ কল্কিৰ অনুসৰণত কল্পিত।
  • মুদ্গল পুৰাণমুদ্গল পুৰাণ-ত গণেশৰ আঠোটি অৱতাৰৰ বৰ্ণনা পোৱা যায়। এওঁলোক হ’ল –
    • বক্ৰতুণ্ড – প্ৰথম অবতাৰ। এওঁক ব্ৰহ্মৰ অংশ আৰু পৰম বুলি মানিলোৱা হয়। এওঁৰ সিংহবাহন। এই অৱতাৰৰ উদ্দেশ্য মাৎসৰ্যাসুৰ (অৰ্থাৎ ঈৰ্ষা) বধ।
    • একদন্ত – এওঁ প্ৰত্যেক ব্যক্তিগত আত্মা আৰু পৰমব্ৰহ্মৰ প্ৰতীক। এওঁৰ মুষিকবাহন। এই অৱতাৰৰ উদ্দেশ্য মদাসুৰ (অৰ্থাৎ, অহং) বধ।
    • মহোদৰ – এওঁ বক্ৰতুণ্ড আৰু একদন্তৰ সম্মিলিত ৰূপ। ব্ৰহ্মৰ প্ৰজ্ঞাৰ প্ৰতীক। মোহাসুৰ (অৰ্থাৎ সংশয়) বধ এই অৱতাৰৰ উদ্দেশ্য। এওঁৰো মুষিকবাহন।
    • গজবক্ত্ৰ বা গজানন – মহোদৰৰ অন্যৰূপ। লোভাসুৰ (অৰ্থাৎ লোভ) বধ এই অৱতাৰৰ উদ্দেশ্য।
    • লম্বোদৰ – ব্ৰহ্মৰ শক্তিৰ প্ৰতীক। এওঁৰ মুষিকবাহন। ক্ৰোধাসুৰ (অৰ্থাৎ ৰাগ) বধ এই অৱতাৰৰ উদ্দেশ্য।
    • বিকট – সূৰ্যৰ প্ৰতীক। জ্যোতিৰ্ময় ব্ৰহ্মৰ প্ৰকাশ। কামাসুৰ (অৰ্থাৎ কামনাবাসনা) বধ এই অৱতাৰৰ উদ্দেশ্য। এওঁৰ ময়ূৰবাহন।
    • বিঘ্নৰাজ – বিষ্ণুৰ প্ৰতীক। ব্ৰহ্মৰ অস্তিত্বৰ প্ৰকাশ। মমাসুৰ (অৰ্থাৎ অহংকাৰ) বধৰ উদ্দেশ্যে এই অৱতাৰ।
    • ধূম্ৰবৰ্ণ – শিৱৰ প্ৰতীক। ব্ৰহ্মৰ বিনাশ শক্তিৰ প্ৰকাশ। এওঁৰ অশ্ববাহন। অভিমানাসুৰ (অৰ্থাৎ গৰিমা) বধৰ উদ্দেশ্যে এই অৱতাৰ।

ৰূপ আৰু ৰূপভেদ[সম্পাদনা কৰক]

১৮১০ চনত অঙ্কিত নুৰপুৰ ঘৰানাৰ গণেশ চিত্ৰ, চণ্ডীগড় মিউজিয়ামত সংৰক্ষিত

ভাৰতীয় শিল্প আৰু চিত্ৰকলাত গণেশ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় মূৰ্তিকল্প। গণেশৰ নানা ৰূপৰ বৰ্ণনা যিদৰে পুৰাণ আৰু ইতিহাসত পোৱা গৈছে, তেনেকৈ তেখেতৰ বিচিত্ৰ আৰু বহুমুখী মূৰ্তিও ভাৰতীয় উপমহাদেশত, আনকি উপমহাদেশৰ বাহিৰতো নানা স্থানৰ পৰা আবিষ্কৃত হৈছে। তেখেতৰ মূৰ্তিসমূহ বিচিত্ৰ ভাৱত ৰঞ্জিত। ক’ৰবাত তেওঁ দণ্ডায়মান, ক’ৰবাত নৃত্যৰত, ক’ৰবাত তেওঁ অসুৰবধকাৰী বীৰ যুৱক, ক’ৰবাত শিশুপুত্ৰ বেশত মাতাপিতাৰ কোলাত ক্ৰীড়াৰত অৱস্থাত, আকৌ ক’ৰবাত নিতান্তই পূজাভিলাষী হৈ উপবিষ্ট হৈ থকা। জনা যায় যে, গণেশৰ মূৰ্তি প্ৰথম নিৰ্মিত হৈছিল শ্ৰীলঙ্কাত খ্ৰীষ্টিয় দ্বিতীয় শতিকাত। খ্ৰীষ্টিয় ষষ্ঠ শতিকাত ভাৰতৰ বিভিন্ন অঞ্চলৰ গণেশৰ মূৰ্তি নিৰ্মিত হ’বলৈ আৰম্ভ কৰে। খ্ৰীষ্টিয় সপ্তম শতিকাতেই গণেশে এক লোকপূজ্য দেৱতা ৰ আসন লাভ কৰে আৰু তেখেতৰ বহু মূৰ্তি নিৰ্মিত হ’বলৈ আৰম্ভ কৰে।

শক্তিসহ মহাগণপতি, উনৈশ শতিকাৰ কন্নড় চিত্ৰকলা

ৰূপ[সম্পাদনা কৰক]

ভাৰতীয় শিল্পকলাত প্ৰথমৰ পৰাই গণেশ গজানন, একদন্ত আৰু লম্বোদৰৰূপে চিহ্নিত। গণেশৰ ধ্যান, প্ৰাৰ্থনা আৰু প্ৰণাম মন্ত্ৰতো তেখেতৰ এই ৰূপৰেই আদৰ বেছি। যেনে –

“খৰ্বং স্থূলতনুং গজেন্দ্ৰবদনং লম্বোদৰং সুন্দৰং প্ৰস্যন্দন্মদ্গন্ধলুব্ধমধুপব্যালোলগণ্ডস্থলম্।
দন্তাঘাতবিদাৰিতাৰিৰুধিৰৈঃ সিন্দূৰশোভাকৰং বন্দে শৈলসুতাসুতং গণপতিং সিদ্ধিপ্ৰদং কামদম্।।” (গণেশধ্যানম্)

অৰ্থাৎ, “যিনি খৰ্বাকৃতি, স্থূলশৰীৰ, লম্বোদৰ, গজেন্দ্ৰবদন অথচ সুন্দৰ; বদন হইতে নিঃসৃত মদগন্ধে প্ৰলুব্ধ ভ্ৰমৰসমূহেৰ দ্বাৰা যাঁহাৰ গণ্ডস্থল ব্যাকুলিত; যিনি দন্তাঘাতে শত্ৰুৰ দেহ বিদাৰিত কৰিয়া তাহাৰ দন্ত দ্বাৰা নিজ দেহে সিন্দূৰেৰ শোভা ধাৰণ কৰিয়াছেন; সেই পাৰ্বতীপুত্ৰ সিদ্ধিদাতা ও কামদাতা গণপতিকে বন্দনা কৰি।” [42]
গণেশৰ প্ৰণামমন্ত্ৰতো দেখা যায় –

একদন্তং মহাকায়ং লম্বোদৰং গজাননং।
বিঘ্ননাশকৰং দেবং হেৰম্বং প্ৰণমাম্যহম্।। (গণেশপ্ৰণামঃ)

অৰ্থাৎ, “যিনি একদন্ত, মহাকায়, লম্বোদৰ, গজানন আৰু বিঘ্ননাশকাৰী সেই হেৰম্বদেবকে আমি প্ৰণাম কৰি।” [42]
গণেশেৰ প্ৰাৰ্থনা মন্ত্ৰটি ততোধিক সুলিখিত –

দেবেন্দ্ৰমৌলিমন্দাৰমকৰন্দকণাৰুণাঃ।
বিঘ্নং হৰন্তু হেৰম্বচৰণাম্বুজৰেণবঃ।। (গণেশপ্ৰাৰ্থনা)

অৰ্থাৎ, “দেবৰাজ ইন্দ্ৰেৰ মস্তকে বিমান্তিত মন্দাৰপুষ্পেৰ পৰাগসমূহেৰ দ্বাৰা ৰক্তিম হেৰম্বেৰ পাদপদ্মেৰ ৰেণুসমূহ আমাৰ বিঘ্নহৰণ কৰুক।” [42]

গণেশৰ প্ৰথমৰ ফালৰ মূৰ্তিসমূহত দেখা যায়, গণেশে তেখেতৰ ভঙা দাঁতটি স্বহস্তে ধৰি আছে। গণেশ লম্বোদৰ গুপ্তযুগৰ পৰাই। ব্ৰহ্মাণ্ড পুৰাণ মতে, তেখেতৰ উদৰত সমগ্ৰ জগৎসংসাৰৰ অৱস্থান বুলিয়েই তেওঁ লম্বোদৰ। [43] গণেশৰ হস্তসংখ্যা আৰু অস্ত্ৰক লৈ নানা মতবিৰোধ দেখা যায়। সচৰাচৰ গণেশৰ চতুৰ্ভূজ মূৰ্তি অধিক পূজিত হ’লেও স্থানবিশেষে দ্বিভূজৰ পৰা ষড়ভূজ গণেশো দেখা যায়। গণেশৰ হাতত সাধাৰণভাবে পাশ-অঙ্কুশ, বৰাভয় আৰু মোদকেই দেখা যায়। তথাপি বাঙালীলোকসকলে বিশ্বাস কৰে যে গণেশ বিষ্ণুৰ দৰে শঙ্খচক্ৰগদাপদ্মধাৰী। এই প্ৰসঙ্গত ব্ৰহ্মবৈবৰ্ত পুৰাণ-ত বৰ্ণিত পাৰ্বতীৰ কৃষ্ণৰূপী পুত্ৰলাভৰ উপাখ্যানটি স্মৰ্তব্য। গণেশৰ বাহন মুষিক বা এন্দুৰ। এন্দুৰ ধৰ্মৰ অৱতাৰ; মহাবল আৰু পূজাসিদ্ধিৰ অনুকূল। অন্যমতে, সংস্কৃতত মুষিক শব্দটো ‘মুশ’ ধাতুৰ পৰা উৎপন্ন, যাৰ অৰ্থ চুৰি কৰা। ধৰা হয়, গণেশৰ পদতলত এন্দুৰ, গণেশৰ দ্বাৰা বিঘ্নবিজয়ৰ প্ৰতীকমাত্ৰ। বৃহদ্ধৰ্ম পুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি পৃথিৱীয়ে গণেশক মুষিক বাহন দিছিল।

ৰূপভেদ[সম্পাদনা কৰক]

নৃত্যৰত বৌদ্ধগণেশ, পঞ্চদশ শতাব্দীৰ প্ৰথমাৰ্ধত মধ্য তিব্বতত অঙ্কিত

ভাৰত আৰু ভাৰতৰ বাহিৰত প্ৰাপ্ত বিভিন্ন প্ৰত্নতাত্ত্বিক নিদৰ্শন আৰু বিভিন্ন শাস্ত্ৰত গণেশৰ এই সাধাৰণ ৰূপৰ বহু ৰূপভেদো পৰিলক্ষিত হয়। এই সকলো ৰূপভেদসকলৰ মূৰ্তি অনুসৰি ধ্যান আৰু পূজাবিধি ভিন্ন ভিন্ন। যেনে, গুপ্তযুগত প্ৰাপ্ত বহুকেইটা গণেশমূৰ্তি অষ্টভূজৰ পৰা দশভূজধাৰী। আকৌ তন্ত্ৰগ্ৰন্থ তন্ত্ৰসাৰত, কাশ্মীৰত, নেপালত আৰু আফগানিস্তানত কোনো কোনো ক্ষেত্ৰত গণেশৰ বাহন সিংহ। ইফালে প্ৰসন্ন গণেশ সাধাৰণ ৰূপেৰেই বিৰাজমান। কিন্তু প্ৰাণতোষিনী তন্ত্ৰ-ত উল্লেখিত চৌৰগণেশে সাধনাৰ ফল চুৰ কৰি বিঘ্নগণেশৰ বিঘ্ন ঘটায়। লক্ষ্মীগণেশ ে লক্ষ্মীক আলিঙ্গন কৰি থাকে।

  • মহাগণপতি – মহাগণপতি গণেশৰ এটা তান্ত্ৰিক ৰূপ। এওঁৰ লগত শক্তি বিৰাজমান আৰু পৰস্পৰে পৰস্পৰৰ উপস্থ স্পৰ্শ কৰি আছে। এই মূৰ্তি শক্তিগণপতি বা বিৰিগণপতিৰ দৰে আদিৰসাশ্ৰিত।
  • হেৰম্ব-গণপতি – হেৰম্ব-গণপতি তন্ত্ৰসাৰ-ত উল্লেখিত। তেওঁ পঞ্চানন। মাজৰ মাথাটি আকাশৰ ফালে ঊৰ্ধ্বমুখ। হাতত বৰ, অভয় , মোদক, নিজদন্ত, টাঙ্গি, মুণ্ডমালা, মুদগৰ, অঙ্কুশ আৰু ত্ৰিশূল। হেৰম্ব শব্দৰ অৰ্থ দীন পালক। বাহন সিংহ। যদিও নেপালত হেৰম্ব-গণপতিৰ বাহন এন্দুৰেই।
  • নৃত্যগণেশ – নৃত্যগণেশ আঠখন হাতেৰে নৃত্যৰত। তেখেতৰ হাতত অস্ত্ৰ নাই। তেওঁ নাচৰ মুদ্ৰা দেখুৱাইছে।
  • বিনায়ক গণেশ – বিনায়ক গণেশৰ উল্লেখ আছে অগ্নিপুৰাণ গ্ৰন্থত। এই গণেশৰ পাঁচটি বিশিষ্ট ৰূপ – চিন্তামণি বিনায়ক, কপৰ্দী বিনায়ক, আশা বিনায়ক, গজবিনায়ক আৰু সিদ্ধিবিনায়ক। যদিও যাজ্ঞবল্ক্য স্মৃতি অনুসৰি বিনায়ক এজনেই, আৰু তেওঁ অম্বিকাপুত্ৰ।
  • বৌদ্ধ গণেশ – বৌদ্ধ গণেশৰ উল্লেখ পোৱা যায় বৌদ্ধ সাধনমালা-ত। তেওঁ দ্বাদশভূজ। তেখেতৰ এখন হাতত ৰক্তপূৰ্ণ কপাল, আন হাতত শুষ্ক মাংসপূৰ্ণ কপাল।
কৰ্ণাটকত প্ৰাপ্ত দ্বাদশ-ত্ৰয়োদশ শতাব্দীৰ উপবিষ্ট গণেশমূৰ্তি, হৈসল শাসনকালত নিৰ্মিত

খ্ৰীষ্টপূৰ্ব প্ৰথমৰ পৰা খ্ৰীষ্টিয় প্ৰথম শতিকাৰ মাজত নিৰ্মিত শ্ৰীলঙ্কাৰ মিহিনটালত প্ৰাপ্ত শিলাফলকত গুড়ি মৰা গজমুণ্ড আৰু ৰদবিশিষ্ট মূৰ্তিটোকে গণেশৰ প্ৰাচীনতম শিল্পৰূপ বুলি মানি লোৱা হয়। উত্তৰ প্ৰদেশৰ ফৰুখবাদ জিলাত প্ৰাপ্ত আনুমানিক চতুৰ্থ খ্ৰীষ্টাব্দত নিৰ্মিত দ্বিভূজধাৰী এটা গণেশ শিলামূৰ্তিত দেখা যায় দেৱতাৰ বাওঁ হাতত মোদকভাণ্ড আৰু তেওঁ শুঁৰেৰে মোদক ভক্ষণ কৰিছে। খ্ৰীষ্টিয় পঞ্চম শতিকাত নিৰ্মিত মধ্যপ্ৰদেশৰ উদয়গিৰি গুহাত, ভূমাৰা আৰু উত্তৰপ্ৰদেশৰ ভিতৰগাঁও মন্দিৰত প্ৰাপ্ত পোৰামাটিৰ ফলকত মোদকভক্ষণৰত অৱস্থাত গণেশ মূৰ্তি দেখা যায়। ইয়াৰ মাজত উদয়গিৰিৰ মূৰ্তিটো উৰ্ধ্বলিঙ্গ বুলি ধৰা হয়। এই মূৰ্তিসমূহ তিনিপ্ৰকাৰৰ – উপবিষ্ট, নৃত্যৰত আৰু দণ্ডায়মান। ইয়াৰ মাজত উপবিষ্ট মূৰ্তিৰ সংখ্যাই সৰ্বাধিক। নৃত্যৰত মূৰ্তিত দেখা যায় গণেশে বাহনৰ ওপৰত নাচিছে। ইয়াত তেওঁ গজমুণ্ড, ত্ৰিনয়ন, খৰ্বাকাৰ, লম্বোদৰ, চতুৰ্ভূজ বা ষড়ভূজ বা অষ্টভূজ বা দশভূজধাৰী। দ্বিভূজ মূৰ্তি সংখ্যাত কম। বৌদ্ধ আৰু জৈনসকলেও গণেশৰ এই মূৰ্তি পূজা কৰিছিল বুলি জনা যায়।

প্ৰথমৰ ফালৰ গণেশ মূৰ্তিসমূহ দ্বিভূজধাৰী আৰু উপবিষ্ট। হাতত কুঠাৰ আৰু মোদক। দেৱতা গজানন, একদন্ত অৰু লম্বোদৰ। বহুকেইটা মূৰ্তিত চতুৰ্ভূজ গণেশো দেখা যায়। বৃহৎসংহিতা গ্ৰন্থ অনুসৰি, গণেশ দ্বিভূজধাৰী আৰু ইয়াতো তেখেতৰ হাতত মূলক। এই মূলক হাতীৰ খাদ্য বুলি উল্লেখ কৰা হৈছে। অমৰকোষ গ্ৰন্থত গণেশ একদন্ত। অংশুমৎভেদাগম, কালিকাগম আৰু বিষ্ণুধৰ্মোত্তৰ প্ৰভৃতি গ্ৰন্থত গণেশ চতুৰ্ভূজধাঈ আৰু তেখেতৰ হাতত নিজ দন্ত, কপিত্থ মোদক, পাশ-অঙ্কুশ, নাগ, অক্ষসূত্ৰ, পদ্ম ইত্যাদি দেখা যায়। এই সকলো গ্ৰন্থৰ উত্তৰকালৰ সংস্কৰণসমূহত দেখা যায় গণেশৰ বাহন মুষিক আৰু স্ত্ৰী ভাৰতী (সৰস্বতী), শ্ৰী (লক্ষ্মী), বিঘ্নেশ্বৰী, বুদ্ধি আৰু কুবুদ্ধি। ইয়াৰ বাদেও এই গ্ৰন্থসমূহত গণেশৰ অন্যান্য কিছু বৈশিষ্ট্যও পৰিলক্ষিত হয়। যেনে – তেওঁ ত্ৰিনয়ন, ব্যাঘ্ৰচৰ্মপৰিহিত আৰু নাগযজ্ঞোপবীতধাৰী। তেখেতৰ মূৰ্তি আভঙ্গ বা সমভঙ্গ।

কৰ্ণাটকেৰ মাইসোৰেৰ মিউজিয়ামে ৰক্ষিত ভাগবত পুথিৰ অলংকৰণে গণেশ

বিগ্ৰহ ৰূপতো গণেশৰ নানা মূৰ্তি প্ৰচলিত আছিল। এই সকলো মূৰ্তি সহগ্ৰন্থ গুপ্তোত্তৰ যুগত নিৰ্মিত নহ’ল। গুপ্তযুগৰ প্ৰথমৰ ফালে মথুৰাত প্ৰাপ্ত বেলেমাটিৰ গণপতি আৰু ভিতৰগাঁও-ৰ ইষ্টকনিৰ্মিত মন্দিৰত প্ৰাপ্ত পোৰামাটিৰ গণপতিৰ মূৰ্তিটিয়ে গণেশ মূৰ্তিৰ বিবৰ্তনৰ গুৰুত্বপূৰ্ণ সাক্ষ্যবহন কৰিছে। উল্লেখ্যোগ্য যে মথুৰাত গণেশমূৰ্তিত এন্দুৰৰ উপস্থিতি দেখা নাযায় আৰু ভিতৰগাঁওতো ঠিক দেৱতা ৰ আকাৰত গণেশ চিত্ৰিত হোৱা নাই, তাত তেওঁ উড্ডীয়মান। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ ভূমাৰা শিবমন্দিৰত প্ৰাপ্ত গণেশ মূৰ্তিটোৱে গণেশ-বিবৰ্তনৰ শেষ নিদৰ্শন। প্ৰথম যুগৰ মূৰ্তিসমূহ নগ্ন আৰু দণ্ডায়মান। এইবোৰক দেখি দেৱতা যেন নালাগে। ইয়াৰ বাদেও গুপ্তযুগৰ প্ৰথম ভাগত ভিলসা উদয়গিৰিৰ চন্দ্ৰগুপ্ত গুহাত গণেশৰ যি এক উৎকীৰ্ণ চিত্ৰ পোৱা যায়, সেইটোও কম গুৰুত্বপূৰ্ণ নহয়। এই মূৰ্তি অনুসৰি গণেশ পৰ্যঙ্ক আসনত উপবিষ্ট, বাওঁ হাতত তেখেতৰ মোদকভাণ্ড আৰু এন্দুৰ অনুপস্থিত। উপবিষ্ট গণেশ মূৰ্তি প্ৰথম আৰু শেষ গুপ্তযুগত সমগ্ৰ ভাৰততে বিয়পি পৰে। আন এক ধৰণৰ গণেশ মূৰ্তিৰ সন্ধান পোৱা যায় ওড়িশাত। তেওঁ নৃত্যগণেশ, অষ্টভূজধাৰী, সন্মুখৰ সোঁহাতত গজহস্ত, নৃত্যৰ আবৰ্ত দেহত সুস্পষ্ট ফুটি উঠিছে।

পৰৱৰ্তীকালত তান্ত্ৰিকতা আৰু শক্তিপূজাৰ লগত গণেশৰ ধাৰণা বিশেষ ভাবে জড়িত হৈ পৰে। বিভিন্ন তান্ত্ৰিকে গণেশ মূৰ্তিত শক্তিৰ উপস্থিতি লক্ষ্য কৰে। যেনে – শক্তিগণেশ, লক্ষ্মীগণেশ (লক্ষ্মীগণেশৰ লক্ষ্মী ঐশ্বৰ্যৰ দেৱী নহয়), উচ্ছিষ্টগণেশ ইত্যাদি। দাক্ষিণাত্যত উচ্ছিষ্টগণেশৰ বহুকেইটা মূৰ্তি পোৱা গৈছে। এইবোৰ বামাচাৰত পূজিত। জব্বলপুৰৰ কাষত গজমুণ্ডবিশিষ্ট এটা দেৱীমূৰ্তিও পোৱা গৈছে। সম্ভবত: এওঁ তন্ত্ৰোল্লিখিত গণেশ-পত্নী গণেশানী।

বহিৰ্ভাৰতত গণেশ[সম্পাদনা কৰক]

ভাৰতৰ বাহিৰেও বিভিন্ন দেশত গণেশেৰ মূৰ্তি পোৱা যায়। আনামত প্ৰাপ্ত মূৰ্তি দ্বিভূজধাৰী আৰু মোদকভক্ষণৰত। হাতত মোদকভাণ্ডৰ উপৰিও কুঠাৰ, অক্ষমালা, মূলদন্তক, অঙ্কুশ, পাশ, দণ্ড, শূল, সৰ্প, ধনু আৰু শৰো দেখা যায়। জাভা দ্বীপৰ বাড়া নামৰ স্থানত আবিষ্কৃত খ্ৰীষ্টিয় একাদশ শতিকাত নিৰ্মিত এটা মূৰ্তি নৰকপালযুক্ত আসনত উপবিষ্ট আৰু মাথাৰ জঁটাত নৰকপালধাৰী। জাভাত গণেশ চতুৰ্ভুজধাৰী। এই মূৰ্তিত তন্ত্ৰৰ প্ৰভাৱ সুস্পষ্ট। ইন্দোনেছিয়া অঞ্চলৰ অন্যতো গণেশৰ উপবিষ্ট মূৰ্তি পোৱা গৈছে। তথাপি খিচিঙত আবিষ্কৃত মূৰ্তিটোৱেই সবাতোকৈ সুন্দৰ। মধ্যযুগৰ প্ৰথমফালে নিৰ্মিত এই মূৰ্তিটো চতুৰ্ভূজধাৰী, আভঙ্গ দেহ, কটাক্ষত চতুৰ চাৱনি, নাগযজ্ঞোপবীতধাৰী, বাহন এন্দুৰ। চাৰিহাতৰ তিনিহাততে অক্ষসূত্ৰ, বিষাণ, মোদকভাণ্ড বিৰাজমান; চতুৰ্থ হাত অস্পষ্ট।

পূজা আৰু উৎসৱ[সম্পাদনা কৰক]

ফ্ৰান্সৰ পেৰিচত ভাৰতীয় আৰু শ্ৰীলঙ্কান তামিলসকলৰ গণেশোৎসৱ উদযাপন

হিন্দুসকলৰ সমস্ত ধৰ্মীয় আৰু বিভিন্ন সাৰস্বত অনুষ্ঠানত গণেশ পূজিত হয়। ইয়াৰ বাদেও ব্যৱসায় আৰম্ভৰ সময়ত গণেশপূজা আৱশ্যকীয় কৰ্তব্য বুলি বিবেচিত হয়। হিন্দুসকলে বিশ্বাস কৰে, সকলো কাৰ্যৰ পূৰ্বে গণেশ স্মৰণ বা পূজন শুভকৰ আৰু মঙ্গলজনক আৰু তাক কৰিলে কাৰ্য সিদ্ধি অবশ্যম্ভাবী।

খ্ৰীষ্টিয় পঞ্চম শতিকাত গণেশৰ একক পূজা প্ৰচলিত হোৱাৰ দুই-এক শতিকাৰ পাছত গাণপত্য নামৰ এক গণেশপূজক সম্প্ৰদায়ৰ উদ্ভব হয়। ক্ৰমশ: এই সম্প্ৰদায় ছটা শাখাত বিভক্ত হৈ পৰে – মহাগাণপত্য, হৰিদ্ৰাগাণপত্য, উচ্ছিষ্টগাণপত্য, নবনীতগাণপত্য, স্বৰ্ণগাণপত্য আৰু সন্তানগাণপত্য। বৰ্তমানে গাণপত্য সম্প্ৰদায় অবলুপ্ত আৰু গণেশ এক সম্প্ৰদায়বিহীন বা নহয়-সেক্টেৰিয়ান হিন্দু দেৱতা ।

মাৰ্গসঙ্গীত আৰু শাস্ত্ৰীয় নৃত্য বিশেষত: ভৰতনাট্যমৰ সূচনাত গণেশ বন্দনাৰ প্ৰথা প্ৰচলিত আছে। ‘ওঁ শ্ৰী গণেশায় নমঃ’ বা ‘ওঁ গাং গণেশ ায় নমঃ’ গণেশৰ সৰ্বাধিক প্ৰসিদ্ধ দুটি মন্ত্ৰ। গণেশ পূজাৰ সময়ত ভক্তগণ মোদক অৰ্থাৎ লাড্ডু, ৰক্তবৰ্ণৰ পুষ্প, ৰক্তচন্দন আৰু দুবৰি নিবেদন কৰা হয়।

২০০৪ চনত মুম্বাইত আয়োজিত গণেশ মহোৎসৱ

বাংলাত গণেশ পূজা[সম্পাদনা কৰক]

বাংলাত গণেশ এক অত্যন্ত জনপ্ৰিয় দেৱতা । এওঁ ঘৰে ঘৰে পূজিত হয়। তথাপি কেৱলমাত্ৰ গণেশৰ নামত উৎসৰ্গিত কোনো উৎসৱ বাংলাত পালিত নহয়। এই অঞ্চলত গণেশৰ সবাতোকৈ ডাঙৰ উৎসৱ প্ৰথম বহাগৰ তাৰিখে বাংলা নববৰ্ষৰ দিন পালিত হয়। প্ৰত্যেক বাঙালীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত এইদিনটোত গণেশ পূজিত হয়। কলকাতাৰ কালীঘাট আৰু দক্ষিণেশ্বৰ মন্দিৰত গণেশ আৰু লক্ষ্মীৰ প্ৰতিমা আৰু হালখাতা লৈ অনেকে এই দিনটোত ৰাতিপুৱা পূজা প্ৰদান কৰিবলৈ যায়। পূজা হয় গঙ্গাতীৰত আৰু পশ্চিমবঙ্গৰ অন্যান্য মন্দিৰতো। দুৰ্গাপূজাৰ সময়ত গণেশ বিশেষভাবে পূজিত হয়। দুৰ্গামূৰ্তিৰ সোঁফাল অথবা কোনো কোনো ক্ষেত্ৰত বাওঁফালে গণেশৰ মূৰ্তি নিৰ্মান কৰি পূজা কৰা হয়। ইয়াৰ বাদেও ভাদ্ৰ আৰু মাঘ মাহৰ শুক্লাচতুৰ্থী তিথিতো ঘৰোৱা গণেশ পূজা বাংলাত প্ৰচলিত। কোনো কোনো প্ৰতিষ্ঠানে এই সময়ত সাৰ্বজনীন গণেশ পূজাৰো আয়োজন কৰেন। ইয়াৰ বাদেও কোনোৱে কোনোৱে কালীপূজাৰ দিনা লক্ষ্মী আৰু গণেশৰ পূজা কৰে।

মহাৰাষ্ট্ৰত গণেশ মহোৎসৱ[সম্পাদনা কৰক]

ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অনুষ্ঠিত গণেশ চতুৰ্থী গণেশৰ নামত উৎসৰ্গিত বৃহত্তম উৎসৱ। প্ৰতিবছৰে আগষ্ট মাহৰ শেষত বা ছেপ্টেম্বৰৰ আৰম্ভণিতে হিন্দু পঞ্জিকা অনুসৰি ভাদ্ৰমাহৰ শুক্লাচতুৰ্থী তিথিত এই পূজা অনুষ্ঠিত হয়। দহদিন ধৰি মহাৰাষ্ট্ৰত এই উৎসৱ চলে। তাৰপাছত অনন্ত চতুৰ্দশীৰ দিনা প্ৰতিমা নিৰঞ্জনৰ মাধ্যমত উৎসৱৰ পৰিসমাপ্তি ঘটে। মহাৰাষ্ট্ৰত এই উৎসৱ পূৰ্বতে আছিল পাৰিবাৰিক গণ্ডীত সীমাবদ্ধ এক ক্ষুদ্ৰ পৰ্বমাত্ৰ। ১৮৯৩ চনত লোকমান্য বাল গঙ্গাধৰ তিলকে এই উৎসৱক মহাৰাষ্ট্ৰৰ এক জাতীয় উৎসৱত পৰিণত কৰে। তেখেতৰ উদ্দেশ্য আছিল হিন্দুধৰ্মৰ জাতিভেসকলৰ সংকীৰ্ণতা দূৰ কৰি ব্ৰিটিছ বিৰোধী জাতীয় আন্দোলনক সুসংবদ্ধ আৰু সংগঠিত কৰা। তিলকেই প্ৰথম বাৰোয়াৰী মণ্ডপত গণেশ প্ৰতিমা স্থাপন কৰে আৰু দহদিনৰ পাছত গণেশ বিসৰ্জনৰ প্ৰথাৰ সূচনা কৰে। আজিও মহাৰাষ্ট্ৰ আৰু সন্নিহিত অঞ্চলৰ লোকসকলে পৰম শ্ৰদ্ধাৰে এই উৎসৱ পালন কৰে। মুম্বাই মহানগৰীত এই উৎসৱ সৰ্বাধিক জাকজমকেৰে পালিত হয়।

শাস্ত্ৰ[সম্পাদনা কৰক]

১৭৩০ চনত অঙ্কিত বাসহ’লি গণেশচিত্ৰ, নতুনদিল্লীৰ জাতীয় সংগ্ৰহালয়ত সংৰক্ষিত

ব্ৰাহ্মণ্য হিন্দুধৰ্মৰ প্ৰধান পাঁচজন দেৱতা ৰ এজন ৰূপে স্বীকৃতি পোৱাৰ পাছত কিছু ব্ৰাহ্মণে গণেশকেই তেওঁলোকৰ প্ৰধান দেৱতা ৰূপে পূজা কৰাৰ সিদ্ধান্ত লয়। এইভাবে গঠিত হ’ল গাণপত্য সম্প্ৰদায় আৰু তাৰ লগে লগেই গণপতিকে কেন্দ্ৰ কৰি ৰচিত হ’ল দুটি উপপুৰাণ – গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ

গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ গ্ৰন্থদুখনৰ ৰচনাকাল প্ৰসঙ্গত মতভেদ আছে। সাধাৰণভাবে এই দুই পুৰাণৰ ৰচনাকাল ১১০০ খ্ৰীষ্টাব্দৰ পৰা ১৪০০ খ্ৰীষ্টাব্দৰ মধ্যবৰ্তী কোনো সময় বুলি ধৰা হয়। সাধাৰণভাবে গণেশ পুৰাণ-ক পূৰ্ববৰ্তী বুলি ধৰা হ’লেও কোনো কোনো গৱেষকে এইখনক মুদ্গল পুৰাণ-ৰ পৰৱৰ্তী বুলি ধৰে। আন এক লোকমান্য শাস্ত্ৰগ্ৰন্থ গণপতি অথৰ্বশীৰ্ষ খ্ৰীষ্টিয় ষোড়শৰ পৰা সপ্তদশ শতিকাৰ মধ্যৱৰ্তী কোনো সময়ত ৰচিত হৈছিল।

  • গণেশ পুৰাণগণেশ পুৰাণ গণেশৰ কাহিনী আৰু পূজাপদ্ধতি সংক্ৰান্তত সৰ্বাধিক গুৰুত্বপূৰ্ণ উপপুৰাণদুটিৰ মাজৰ এটা। এই পুৰাণ দুটা খণ্ডত বিভক্ত – উপাসনাখণ্ড আৰু ক্ৰীড়াখণ্ড বা উত্তৰখণ্ড। উপাসনাখণ্ডৰ অধ্যায়সংখ্যা ৯২; ক্ৰীড়াখণ্ডৰ ১৫৫। উপাসনাখণ্ডৰ ৩৬ অধ্যায়ৰ এটা স্তোত্ৰৰ অৱলম্বনত প্ৰসিদ্ধ গণেশ সহস্ৰনাম স্তোত্ৰটি ৰচিত হৈছিল। আজিও দেশৰ বিভিন্ন গণেশ মন্দিৰত এই স্তোত্ৰটি পঠিত হৈ থাকে। অন্যহাতে ক্ৰীড়াখণ্ডৰ ১৩৮-৪৮ অধ্যায়সমূহ গণেশ গীতা নামে পৰিচিত। ৰজা বৰেণ্য আৰু গণেশাৱতাৰ গজাননৰ মাজত সংলাপৰ আকাৰত ৰচিত এই গণেশ গীতা ভগবদ্গীতাৰ ধাৰা অনুসৰণকাৰী। কৃষ্ণৰ সলনি গণেশক ইয়াত ভগবৎতত্ত্ব ব্যাখ্যা কৰা দেখা যায়। ক্ৰীড়াখণ্ডত গণেশৰ চাৰি অৱতাৰৰো বৰ্ণনা আছে।
  • মুদ্গল পুৰাণ – গণেশৰ কাহিনী সংক্ৰান্ত দুটি প্ৰধান উপপুৰাণৰ এখন। এই পুৰাণত গণেশৰ আঠোটা অৱতাৰৰ বৰ্ণনা আছে।
  • গণপতি অথৰ্বশীৰ্ষগণেশ অথৰ্বশীৰ্ষ বা গণেশ অথৰ্বশীৰ্ষোপনিষদ এখন গণেশ সংক্ৰান্ত শাস্ত্ৰ আৰু অপ্ৰধান উপনিষদ। ইয়াৰ আন নাম গণপতি উপনিষদ। মহাৰাষ্ট্ৰত এই গ্ৰন্থ অত্যন্ত জনপ্ৰিয়। ৰঞ্জনগাঁও-ৰ অষ্টবিনায়ক মন্দিৰৰ প্ৰবেশ তোৰণৰ উপৰত এই উপনিষসকলৰ সমগ্ৰ অংশই খোদিত। গাণপত্য সম্প্ৰদায়ৰ ধৰ্মীয় ছত্ৰছায়াত ৰচিত এই গ্ৰন্থত গণেশক সকলো দেৱতা ৰ উপৰত স্থান দিয়া হৈছে আৰু তেওঁক আন আন দেবদেৱী আৰু ওঁ-কাৰৰ লগত একত্ৰীভূত কআ দেখা গৈছে। এই গ্ৰন্থ কিছুদূৰ তন্ত্ৰ দ্বাৰাও প্ৰভাৱিত। সেই কাৰণে মূলাধাৰ চক্ৰৰ লগতো গণেশৰ একাত্মতা ইয়াত পৰিলক্ষিত হয়। অন্যহাতে গণপতিৰ বীজমন্ত্ৰ ‘গং’ এই গ্ৰন্থতেই উল্লেখিত। [44]

মন্দিৰ[সম্পাদনা কৰক]

পুষ্পিত গণেশমূৰ্তি

হিন্দু মন্দিৰত গণেশৰ উপস্থিতি দুইভাবে থাকে – প্ৰথমতে ‘পৰিয়ালৰ-দেৱতা ’ৰ ‘পাৰ্শ্বদেৱতা ’ ৰূপে; অথবা মন্দিৰৰ প্ৰধান দেৱতা ৰূপে। পুৰাণত কথিত পাৰ্বতীৰ দ্বাৰৰক্ষক গণেশৰ স্মৰণত, পূজাসিদ্ধিৰ দেৱতা ৰূপে মন্দিৰদ্বাৰৰ উপৰত তেখেতৰ মূৰ্তিও খোদিত হৈ থাকে। ইয়াৰ বাদেও কেৱলমাত্ৰ গণেশৰ বাবেও অনেক মন্দিৰ নিৰ্মিত হৈছে। এইবোৰৰ মাজত মহাৰাষ্ট্ৰৰ অষ্টবিনায়ক মন্দিৰ বিশেষভাবে উল্লেখনীয়। পুণে চহৰৰ ১০০ কিলোমিটাৰৰ মাজত এই আঠোটি মন্দিৰৰ এটা ‘মণ্ডল’ গণপতিৰ পবিত্ৰ জগতৰ প্ৰতীক। ইয়াৰ বাদেও উত্তৰ ভাৰতৰ যি বহুকেইটা অঞ্চলত উল্লেখযোগ্য গণেশ মন্দিৰ আছে সেইবোৰ হ’লঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ ওয়াই; মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িনী; ৰাজস্থান ৰাজ্যৰ যোধপুৰ, নাগপুৰ আৰু ৰায়পুৰ; বিহাৰ ৰাজ্যৰ বৈদ্যনাথ; গুজৰাট ৰাজ্যৰ বৰোদা, ধোলাকা আৰু ভালসাদ; উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ ধূণ্ডিৰাজ মন্দিৰ। দক্ষিণ ভাৰতৰ গণেশ মন্দিৰসমূহ হ’লঃ তামিল নাড়ু ৰাজ্যৰ তিৰুচিৰাপল্লীত জম্বুকেশ্বৰ মন্দিৰ, সেই ৰাজ্যৰ ৰামেশ্বৰম আৰু সুচিন্দ্ৰমৰ মন্দিৰ; কৰ্ণাটক ৰাজ্যৰ হাম্পি, কাসাৰগোড় আৰু ইডাগুঞ্জি আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ভদ্ৰাচলমৰ মন্দিৰ। পশ্চিমবঙ্গ বা বাংলাদেশত কোনো উল্লেখযোগ্য গণেশ মন্দিৰ নাই। তথাপি ভাৰতৰ বাহিৰত নেপাল আৰু দক্ষিণপূব এছিয়াৰ নানান দেশত গণেশ মন্দিৰ দেখা পোৱা যায়।

বাংলা সাহিত্যত গণেশ[সম্পাদনা কৰক]

মধ্যযুগীয় আৰু আধুনিক কালৰ বাংলা সাহিত্যত গণেশৰ উপস্থিতি অনেকাংশই উজ্জ্বল। মধ্যযুগীয় সাহিত্যত গণেশ বিঘ্ননাশক দেৱতা আৰু সেই সূত্ৰে কাব্যৰ প্ৰাৰম্ভতে তেখেতৰ বন্দনা আৱশ্যকীয় কৰ্তব্য। ইয়াৰ বাদেও কৃত্তিবাস ওঝাই তেখেতৰ ৰামায়ণ পদ্যানুবাদত গণেশৰ জন্মকাহিনীটো অন্তৰ্গত কৰিছিল। অন্যহাতে আধুনিক সাহিত্যত গণেশৰ সেই দেবভূমিকা অনেকদূৰ খৰ্ব কৰা হৈছে। আজিও বিভিন্ন পূজাবাৰ্ষিকীত ব্যঙ্গকৌতুকমূলক ৰচনাত গণেশৰ উপস্থিতি উজ্জ্বল।

কৃত্তিবাসী ৰামায়ণত গণেশ[সম্পাদনা কৰক]

ইন্দোনেছিয়াৰ প্ৰামবানানত প্ৰাপ্ত গণেশ মূৰ্তি

বাল্মীকি ৰচিত মূল ৰামায়ণত গণেশৰ জন্মোপাখ্যানৰ সলনি স্থান পাইছিল কাৰ্তিকৰ জন্মকথাই। কৃত্তিবাসে সেই কাহিনী পৰিহাৰ কৰি ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু বৃহদ্ধৰ্ম পুৰাণে-ত উল্লেখিত কাহিনীৰ মিহলি কৰি গণেশৰ জন্মবিষয়ক এটা উপাখ্যান তেখেতৰ ৰামায়ণত অন্তৰ্ভুক্ত কৰে। কাহিনীটো এইধৰণৰ – ৰজা দশৰথে শনিৰ ভৱনলৈ গমন কৰাত শনি আপ্লুত হ’লে। কিন্তু তেওঁ ৰজাৰ ফালে দৃষ্টিপাত নকৰাকেই বাক্যালাপ কৰিবলৈ আৰম্ভ কৰিলে। দশৰথে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত শনি ক’লে:

কোপদৃষ্টে সুদৃষ্টে যাহা পানে চাই।
দেব দৈত্য নাগ নৰ হৈয়া যায় ছাই।।
পূৰ্ব্ব কথা কহি ৰাজা তাহে দেহ মন।
যেমতে শিৱৰ পুত্ৰ হৈল গজানন।।

গৌৰীৰ সন্তান হোৱাত সকলো দেৱগণেই তেওঁক চাবলৈ গ’ল। কিন্তু শনি নগ’ল। ইয়াতে গৌৰীয়ে দূত পঠিয়াই তেওঁক মাতি পঠালে। গৌৰীৰ ইচ্ছাত শনিয়ে শুভদৃষ্টিৰেই নবজাতকৰ ফালে দৃষ্টিপাত কৰিলে। কিন্তু সেই শিশুৰ মুণ্ড তাতেই ছাই হৈ গ’ল। গৌৰী ব্যথিত হ’লে। জানিব খুজিলে, কোনে মোৰ পুত্ৰৰ মূৰ নিলে? তেতিয়া দেবগণে তেওঁক শনিৰ কুদৃষ্টিৰ কথা বুজাই ক’লে। তাতে ক্ৰুদ্ধ হৈ দেৱীয়ে শূল হস্তে শনিক বধ কৰিবলৈ উদ্যত হ’ল। দেবগণে অনেক স্তুতি কৰি শান্ত কৰিলে তেওঁক। গৌৰীৰ বৰতেই শনিয়ে যাৰ ফালে চাই তাৰ মুণ্ডহানি হয়। গতিকে বিনা কাৰণত শনিক বধ কৰাৰ যৌক্তিকতা ক’ত! দেবগণে গৌৰীক প্ৰতিশ্ৰুতি দিলে যে তেখেতৰ পুত্ৰক তেখেতসকলে জীবিত কৰি দিব। ব্ৰহ্মাই তেতিয়া পবনদেবক আদেশ কৰে উত্তৰ দিশে মূৰ কৰি শুই থকা কাৰোবাক দেখা পালে তাৰ মূৰটো কাটি আনিবলৈ। গঙ্গাজল পান কৰি ইন্দ্ৰৰ ঐৰাবতে উত্তৰদিশে মূৰ কৰি শুই আছিল। তাৰেই মূৰটো কাটি আনিলে পবনে। গৌৰীপুত্ৰ গজানন হ’ল। এইখিনিতে গৌৰী কিছু দুঃখিত হ’ল। ক’লে, সকলো দেৱতা ৰ পুত্ৰ সুদৰ্শন। সেইবিলাকৰ মাজত গজাননৰ স্থান ক’ত হ’ব! ব্ৰহ্মাই তেতিয়া গণেশক বৰ দিয়ে যে তেওঁ সকলো দেৱতা ৰ আগেয়ে পূজাধিকাৰ পাব। তেওঁক বাদ দি অন্য দেৱতা ৰ পূজা কৰিলে পূজা বা কাৰ্য কোনোটোৰেই সিদ্ধি নহ’ব। অন্যহাতে ঐৰাৱতৰ অবিহনে ইন্দ্ৰই কান্দিবলৈ আৰম্ভ কৰাত ব্ৰহ্মাই পবনক পুনৰায় আদেশ কৰে যে পশ্চিম দিশে মূৰ কৰি শুই থকা কাৰোবাৰ মাথা কাটি আনি ঐৰাৱতৰ মস্তকত জোৰা লগাই দিবলৈ। পশ্চিম দিশত শুই আছিল এটা বগা হাতী। তাৰেই মাথা কাটি অনি জোৰা দিয়া হ’ল ঐৰাবতৰ দেহত। [45]

মঙ্গলকাব্যত গণেশ[সম্পাদনা কৰক]

ওড়িশাৰ মন্দিৰৰগাত খোদিত গণেশমূৰ্তি

মঙ্গলকাব্যৰ আৰম্ভণিতেই গণেশ বন্দনাৰ ৰেৱাজ দেখা যায়। শাস্ত্ৰীয় কাৰণত কোন ঠাইতে এই নিয়মৰ হীনদেড়ি ঘটা নাই। কবিকঙ্কণ মুকুন্দ চক্ৰৱৰ্তীৰ চণ্ডীমঙ্গল কাব্যৰ আদিলৈ চালে দেখা যায়ঃ

গণপতি দেবেৰ প্ৰধান
ব্যাস আদি জত কবি তোমাৰ চৰণ সেবি
প্ৰকাশিলা আগম পুৰাণ।

অপেক্ষাকৃত আধুনিক কালৰ কবি ভাৰতচন্দ্ৰ ৰায়গুণাকৰ মাৰ্জিত ৰুচিৰ ভাষাত ৰচিত অন্নদামঙ্গল কাব্যও গণেশ বন্দনাৰ দ্বাৰা আৰম্ভ কৰিছেঃ

গণেশায় নমো নমঃ আদি ব্ৰহ্ম নিৰুপম
পৰমপুৰুষ পৰাৎপৰ।
খৰ্ব্বস্থূল কলেবৰ গজমুখ লম্বোদৰ
মহাযোগী পৰম সুন্দৰ।।...
আমি চাহি এই বৰ শুন প্ৰভু গণেশ্বৰ
অন্নপূৰ্ণামঙ্গল ৰচিব।
কৃপাবলোকন কৰ বিঘ্নৰাজ বিঘ্ন হৰ
ইথে পাৰ তবে যে পাইব।।...

আৰু সেই কাব্যৰ ‘হৰগৌৰীৰ কোন্দল’ অংশত গণেশক লৈ ৰঙ্গ-ধেমালি কৰিবলৈ এৰা নাই কবিয়ে,

বড় পুত্ৰ গজমুখে চাৰি হাতে খান।
সব গুণ সিদ্ধি খেতে বাপেৰ সমান।।
ভিক্ষা মাগি খুদ কণা যা পান ঠাকুৰ।
তাহাৰ ইন্দুৰে কৰে কাটুৰ-কুটুৰ।।

শাক্ত পদাৱলীত গণেশ[সম্পাদনা কৰক]

শাক্ত পদাৱলীৰ আগমনী অংশত গণেশৰ চিত্ৰখন ঘৰৰ আদৰৰ সন্তানৰ ছবি। গণেশ-জননীৰূপী দুৰ্গা বাঙালীৰ বিশেষ প্ৰিয়। দাশৰথি ৰায়ৰ গানত পোৱা যায়ঃ

দুৰ্গাৰ কোলাত গণেশ, ২০০৭ চনত কলকাতাৰ এক থিম পূজামণ্ডপত

বসিলেন মা হেমবৰণী, হেৰম্বে ল’য়ে কোলে।
হেৰি গণেশ-জননী-ৰূপ, ৰাণী ভাসেন নয়ন-জলে।
ব্ৰহ্মাদি বালক যাৰ, গিৰি-বালিকা সেই তাৰা।
পদতলে বালক ভানু, বালক চন্দ্ৰধৰা।
বালক ভানু জিনি তনু, বালক কোলে দোলে।।
ৰাণী মনে ভাবেন- উমাৰে দেখি, কি উমাৰ কুমাৰে দেখি,
কোন্ ৰূপে সঁপিয়ে ৰাখি নয়নযুগলে।
দাশৰথি কহিছে, ৰাণী, দুই তুল্য দৰশন
হেৰ, ব্ৰহ্মময়ী আৰ ঐ ব্ৰহ্ম-ৰূপ গজানন,
ব্ৰহ্ম-কোলে ব্ৰহ্ম-ছেলে বসেছে মা বলে।। [46]

সম্পৰ্কীয় প্ৰবন্ধ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Rao, p. 1.
  2. See:
    • Brown, p. 1. "Gaṇeśa is often said to be the most worshipped god in India."
    • Getty, p. 1. "Gaṇeśa, Lord of the Gaṇas, although among the latest deities to be admitted to the Brahmanic pantheon, was, and still is, the most universally adored of all the Hindu gods, and his image is found in practically every part of India."
  3. See:
    • Rao, p. 1.
    • Martin-Dubost, pp. 2–4.
    • Brown, p. 1.
  4. See:
    • Chapter XVII, "The Travels Abroad", in: Nagar (1992), pp. 175–187. For a review of Ganesha's geographic spread and popularity outside of India.
    • Getty, pp. 37-88, For discussion of the spread of Ganesha worship to Nepal, Chinese Turkestan, Tibet, Burma, Siam, Indo-China, Java, Bali, Borneo, China, and Japan
    • Martin-Dubost, pp. 311–320.
    • Thapan, p. 13.
    • Pal, p. x.
  5. Martin-Dubost, p. 2.
  6. See:
    • Thapan, p. 254.
    • Commentary on Gaṇapati Upaniṣad, verse 12 in Saraswati 2004, পৃষ্ঠা 80 for Ganesha's role as an eliminator of obstacles
  7. These ideas are so common that Courtright uses them in the title of his book, Ganesha: Lord of Obstacles, Lord of Beginnings. For the name Vighnesha, see: Courtright 1985, পৃষ্ঠা 156, 213
  8. Heras 1972, পৃষ্ঠা 58
  9. Getty, p. 5.
  10. Narain, A. K. "Gaṇeśa: The Idea and the Icon" in Brown 1991, পৃষ্ঠা 27
  11. For history of the development of the gāṇapatya and their relationship to the wide geographic dispersion of Ganesha worship, see: Chapter 6, "The Gāṇapatyas" in: Thapan (1997), pp. 176–213.
  12. Courtright, pp. 212–213.
  13. For an English translation of Ganesha Purana 1.46, see: Bailey, pp. 258–269.
  14. See:
    • Narain, A. K. "Gaṇeśa: A Protohistory of the Idea and the Icon". Brown, pp. 21–22.
    • Apte, p. 395.
  15. বাংলা ভাষাৰ অভিধান, প্ৰথম আৰু দ্বিতীয় খণ্ড, জ্ঞালয়্দ্ৰমোহন দাসৰ দ্বাৰা সংকলিত আৰু সম্পাদিত, সাহিত্য সংসদ, কলকাতা, ১৯৮৬ সংস্কৰণত
  16. For the derivation of the name and relationship with the gaņas, see: Martin-Dubost. p. 2.
  17. আকাদেমি বিদ্যাৰ্থী বাংলা অভিধান, পশ্চিমবঙ্গ বাংলা আকাদেমি, কলকাতা, ২০০৯
  18. 18.0 18.1 Apte, p. 395.
  19. The word gaņa is interpreted in this metaphysical sense by Bhāskararāya in his commentary on the gaṇeśasahasranāma. See in particular commentary on verse 6 including names Gaṇeśvaraḥ and Gaṇakrīḍaḥ in: Śāstri Khiste 1991, পৃষ্ঠা 7–8.
  20. See:
    • Oka 1913, পৃষ্ঠা 8 for source text of Amarakośa 1.38 as vināyako vighnarājadvaimāturagaṇādhipāḥ - apyekadantaherambalambodaragajānanāḥ.
    • Śāstri 1978 for text of Amarakośa versified as 1.1.38.
  21. Y. Krishan (Gaṇeśa:Unravelling an Enigma, p.6): "Pārvati who created an image of Gaṇeśa out of her bodily impurities but which became endowed with life after immersion in the sacred waters of the Gangā. Therefore he is said to have two mothers--Pārvati and Gangā and hence called dvaimātura and also Gāngeya."
  22. Krishan p.6
  23. Thapan, p. 20.
  24. For the history of the aṣṭavināyaka sites and a description of pilgrimage practices related to them, see: Mate, pp. 1–25.
  25. For Krishan's views on Ganesha's dual nature see his quote: "Gaṇeśa has a dual nature; as Vināyaka, as a grāmadevatā, he is vighnakartā, and as Gaṇeśa he is vighnahartā, a paurāṇic devatā." Krishan, p. viii.
  26. Martin-Dubost, p. 367.
  27. Narain, A. K. "Gaṇeśa: The Idea and the Icon". Brown, p. 25.
  28. Thapan, p. 62.
  29. ঋগ্বেদ, ২।২৩।১
  30. ঋগ্বেদ, ১০।১১২।৯
  31. Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, 1981, p.125
  32. Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, 1981, p.125-27
  33. পৌৰাণিকা (বিশ্বকোষ হিন্দুধৰ্ম), প্ৰথম খণ্ড, ফাৰ্মা কেএলএম প্ৰাইভেট লিমিটেড, কলকাতা, ২০০১ দ্ৰঃ
  34. শিৱপুৰাণ, ৩২।১৬।১৮
  35. স্কন্দপুৰাণ ১২।১৮
  36. বৃহদ্ধৰ্মপুৰাণ, ৩০।২৪
  37. ব্ৰহ্মবৈবৰ্ত পুৰাণ, ১২।২০
  38. লিঙ্গপুৰাণ, ১০৫।৪৯
  39. বৰাহপুৰাণ, ২।১৬।১৮
  40. মহাভাৰত, ১।১।৭৫
  41. গণেশ পুৰাণ, ১।৪৬।২৮
  42. 42.0 42.1 42.2 স্তবকুসুমাঞ্জলি, স্বামী গম্ভীৰানন্দ সম্পাদিত, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৬১ দ্ৰঃ
  43. ব্ৰহ্মাণ্ড পুৰাণ, ২।৩।৪২।৩৪
  44. Swami Chinmayananda. Glory of Ganesha. (Central Chinmaya Mission Trust: Bombay, 1987). pp. 121-131. Other reprint editions: 1991, 1995.
  45. ৰামায়ণ কৃত্তিবাস বিৰচিত, হৰেকৃষ্ণ মুখোপাধ্যায় সম্পাদিত, সাহিত্য সংসদ, কলকাতা, ১৯৫৭, পৃ. ৩৫-৩৬
  46. শাক্ত পদাবলী (চয়ন), অমৰেন্দ্ৰনাথ ৰায় সম্পাদিত, কলকাতা বিশ্ববিদ্যালয়, কলকাতা, ২০০২

উদ্ধৃতি সংযোগ[সম্পাদনা কৰক]

  • Agrawala, Prithvi Kumar (1978), Goddess Vināyakī: The Female Gaṇeśa, Indian Civilization Series, প্ৰকাশক Varanasi: Prithivi Prakashan 
  • Apte, Vaman Shivram (1965), The Practical Sanskrit Dictionary, প্ৰকাশক Delhi: Motilal Banarsidass Publishers, ISBN 81-208-0567-4  (fourth revised and enlarged edition).
  • Avalon, Arthur (1933), Śāradā Tilaka Tantram, Motilal Banarsidass Publishers, ISBN 81-208-1338-3  (1993 reprint edition).
  • Bailey, Greg (1995), Ganeśapurāna: Introduction, translation, notes and index, Harrassowitz, ISBN 3-447-03647-8 
  • Bhattacharyya (Editor), Haridas (1956), The Cultural Heritage of India, প্ৰকাশক Calcutta: The Ramakrishna Mission Institute of Culture  Four volumes.
  • Brown, Robert (1991), Ganesh: Studies of an Asian God, প্ৰকাশক Albany: State University of New York, ISBN 0-7914-0657-1 
  • Chinmayananda, Swami (1987). Glory of Ganesha. প্ৰকাশক Bombay: Central Chinmaya Mission Trust. 
  • Courtright, Paul B. (1985), Gaṇeśa: Lord of Obstacles, Lord of Beginnings, প্ৰকাশক New York: Oxford University Press, ISBN ISBN 0-19-505742-2 
  • Danielou, Alain (1954), The meaning of Ganapati, প্ৰকাশক Madras: The Adyar Library bulletin 
  • Doniger, Wendy (1996), Merriam-Webster's Encyclopedia of World Religions, Merriam-Webster, ISBN 0877790442 
  • Ellawala, H (1969), Social History of Early Ceylon, প্ৰকাশক Colombo: Department of Cultural Affairs .
  • Flood, Gavin (1996), An Introduction to Hinduism, প্ৰকাশক Cambridge: Cambridge University Press, ISBN 0-521-43878-0 
  • Getty, Alice (1936), Gaņeśa: A Monograph on the Elephant-Faced God (1992 reprint সম্পাদনা), প্ৰকাশক Oxford: Clarendon Press, ISBN 81-215-0377-X .
  • Grimes, John A. (1995), Ganapati: Song of the Self, SUNY Series in Religious Studies, প্ৰকাশক Albany: State University of New York Press, ISBN 0-7914-2440-5 
  • Gupta, Shakti M. (1988), Karttikeya: The Son of Shiva, প্ৰকাশক Bombay: Somaiya Publications Pvt. Ltd., ISBN 81-7039-186-5 
  • Heras, H. (1972), The Problem of Ganapati, প্ৰকাশক Delhi: Indological Book House 
  • Jansen, Eva Rudy (1993), The Book of Hindu Imagery, প্ৰকাশক Havelte, Holland: Binkey Kok Publications BV, ISBN 90-74597-07-6 
  • Khokar, Ashish; S. Saraswati (2005), Ganesha-Karttikeya, প্ৰকাশক New Delhi: Rupa and Co, ISBN 81-291-0776-7 
  • Krishan, Yuvraj (1981–1982), "The Origins of Gaṇeśa", Artibus Asiae খণ্ড 43 (4): 285–301, doi:10.2307/3249845, http://links.jstor.org/sici?sici=0004-3648%281981%2F1982%2943%3A4%3C285%3ATOOG%3E2.0.CO%3B2-A, r কৰা হৈছে: 2007-09-11 
  • Krishan, Yuvraj (1999), Gaņeśa: Unravelling An Enigma, প্ৰকাশক Delhi: Motilal Banarsidass Publishers, ISBN 81-208-1413-4 
  • Krishna, Murthy, K. (1985), Mythical Animals in Indian Art, প্ৰকাশক New Delhi: Abhinav Publications, ISBN 0391032879 
  • Macdonell, Arthur Anthony (1996), A Practical Sanskrit Dictionary, Munshiram Monoharlal Publishers, ISBN 81-215-0715-4 
  • Martin-Dubost, Paul (1997), Gaņeśa: The Enchanter of the Three Worlds, প্ৰকাশক Mumbai: Project for Indian Cultural Studies, ISBN 81-900184-3-4 
  • Mate, M. S. (1988), Temples and Legends of Maharashtra, প্ৰকাশক Bombay: Bharatiya Vidya Bhavan 
  • Metcalf, Thomas R.; Metcalf, Barbara Daly, A Concise History of India 
  • Nagar, Shanti Lal (1992), The Cult of Vinayaka, প্ৰকাশক New Delhi: Intellectual Publishing House, ISBN 81-7076-043-9 
  • Oka, Krishnaji Govind (1913), The Nāmalingānuśāsana (Amarakosha) of Amarasimha: with the Commentary (Amarakoshodghāṭana) of Kshīrasvāmin, প্ৰকাশক Poona: Law Printing Press, http://ia310939.us.archive.org/1/items/namalinganusasan00amariala/namalinganusasan00amariala.pdf, r কৰা হৈছে: 2007-09-14 .
  • Pal, Pratapaditya (1995), Ganesh: The Benevolent, Marg Publications, ISBN 81-85026-31-9 
  • Ramachandra Rao, S. K. (1992), The Compendium on Gaņeśa, প্ৰকাশক Delhi: Sri Satguru Publications, ISBN 81-7030-828-3 
  • Saraswati, Swami Tattvavidananda (2004), Gaṇapati Upaniṣad, প্ৰকাশক Delhi: D. K. Printworld Ltd., ISBN 81-246-0265-4 
  • Śāstri Khiste, Baṭukanātha (1991), Gaṇeśasahasranāmastotram: mūla evaṁ srībhāskararāyakṛta ‘khadyota’ vārtika sahita, প্ৰকাশক Vārāṇasī: Prācya Prakāśana . Source text with a commentary by Bhāskararāya in Sanskrit.
  • Śāstri, Hargovinda (1978), Amarkoṣa with Hindi commentary, প্ৰকাশক Vārānasi: Chowkhambā Sanskrit Series Office 
  • Thapan, Anita Raina (1997), Understanding Gaņapati: Insights into the Dynamics of a Cult, প্ৰকাশক New Delhi: Manohar Publishers, ISBN 81-7304-195-4 
  • Wilson, H. H. (1990), Rgveda-Samhita, Text in Devanagari, English translation Notes and indices by H. H. Wilson, Ed. W.F. Webster, প্ৰকাশক New Delhi: Nag Publishers,11A/U.A. Jawaharnagar 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]