সমললৈ যাওক

ওঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

অসমীয়া হৰফত ওঁ-কাৰ

ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক।[1] এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে। স্বামী বিবেকানন্দৰ মতে, ওঁ-কাৰ "সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক তথা ঈশ্বৰৰো প্ৰতীক। "[2] ৰামকৃষ্ণ পৰমহংসৰ মতে, "...ওঁ মানেই 'ওঁ শিৱ', 'ওঁ কালী', 'ওঁ কৃষ্ণ' হৈছে। "[3] ওঁ-কাৰ বৌদ্ধ, জৈন, শিখ সকলেও পৱিত্ৰ জ্ঞান কৰে। এই প্ৰতীকৰ দেৱনাগৰী ৰূপ ॐ, চীনা ৰূপ 唵, আৰু তিব্বতীয় ৰূপ ༀ।[4]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ওঁ শব্দ সংস্কৃত 'অৱ' ধাতুৰ পৰা উৎপন্ন হৈছে। এই ধাতু একাধাৰে ১৯টা ভিন্ন ভিন্ন অৰ্থত ব্যৱহাৰ হয়। এই বুৎপত্তি অনুযায়ী ওঁ-কাৰ এক প্ৰকাৰৰ সৰ্বজ্ঞ শক্তি, সমগ্ৰ ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, অমংগলৰ পৰা ৰক্ষাকৰ্তা, ভক্তৰ মনোবাঞ্ছা পূৰ্ণকাৰী, অজ্ঞান নাশক তথা জ্ঞান প্ৰদাতা।[5] ওঁ-কাৰক ত্ৰ্যক্ষৰো বোলা হয়, কাৰণ ওঁ তিনটা মাত্ৰাযুক্ত – 'অ-কাৰ', 'উ-কাৰ' আৰু 'ম-কাৰ'। 'অ-কাৰ' 'আপ্তি' বা 'আদিমত্ত্ব' অৰ্থাৎ সৃষ্টিৰ প্ৰতীক। 'উ-কাৰ' 'উৎকৰ্ষ' বা 'অভেদত্ব'ৰ প্ৰতীক। 'ম-কাৰ' 'মিতি' বা 'অপীতি' অৰ্থাৎ লয়ৰ প্ৰতীক।[6] অন্য ব্যাখ্যা অনুযায়ী, ই সৃষ্টি, স্থিতি আৰু প্ৰলয় সংঘটনকাৰী ঈশ্বৰৰ প্ৰতীক।[5]

'প্ৰণৱ' শব্দৰ আক্ষৰিক অৰ্থ, 'যি উচ্চাৰণ কৰি স্তৱ কৰা হয়'। আন এটা অৰ্থ হল 'চিৰনতুন' বা 'চিৰন্তন'।[4]

বিভিন্ন ভাষাত ওঁ
সংস্কৃত , গুজৰাটী
অসমীয়া, বঙালী, ওড়িয়া[7]
আৰ্য সমাজ
তামিল[8]
কানাড়া[9]
তেলেগু[9]
মালায়ালাম [10]
গ্ৰন্থ[11]
গ্ৰন্থ[11]  
সিদ্ধম[12]
জৈন চিহ্ন
চীনা[13]
তিব্বতী[14]
বালি (ইণ্ডোনেছিয়া)[15]
জাভা (ইণ্ডোনেছিয়া)[16]

গুৰুত্ব আৰু ব্যাখ্যা

[সম্পাদনা কৰক]

ওঁ-কাৰ ঈশ্বৰৰ সকলো নামৰ প্ৰতিনিধিস্বৰূপ তথা শ্ৰেষ্ঠ নাম।[17] বেদ, উপনিষদ, গীতা আৰু অন্যান্য হিন্দুশাস্ত্ৰ সকলোতে ওঁ-কাৰক সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰা হৈছে। অথৰ্ববেদৰ গোপথব্ৰাহ্মণৰ এটি কাহিনী অনুসৰি দেবৰাজ ইন্দ্ৰ ওঁ-কাৰৰ সহায়তাৰে দৈত্য সকলক পৰাস্ত কৰিছিল। এই কাহিনীৰ অন্তৰ্নিহিত অৰ্থ হল, ওঁ-কাৰৰ বাৰংবাৰ উচ্চাৰণত মানুহে তাৰ পাশৱ প্ৰবৃত্তি জয় কৰিবলৈ সক্ষম হয়।[5] কঠোপনিষদ মতে, ওঁ-কাৰ পৰমব্ৰহ্ম।[18] মুণ্ডক উপনিষদত ওঁ-কাৰ অৱলম্বনত ঈশ্বৰোপাসনাৰ কথা কোৱা হৈছে।[19] শ্ৰীকৃষ্ণয়ে গীতাত কৈছে, তেওঁ সকলো অক্ষৰৰ ভিতৰত ওঁ-কাৰ। মৃত্যুকালত ওঁ-কাৰৰ উচ্চাৰণে পৰম সত্য লাভ হয়।[20] পতঞ্জলিৰ যোগসূত্ৰত ওঁ-কাৰক ঈশ্বৰৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হৈছে আৰু ওঁ-কাৰৰ স্মৰণ আৰু উচ্চাৰণত সমাধি লাভ কৰা যায় বুলিও কোৱা হৈছে।

ব্যৱহাৰ

[সম্পাদনা কৰক]

ধৰ্মীয় চিহ্ন হলেও ব্যৱহাৰিক জীৱনত ওঁ-কাৰৰ প্ৰয়োগ অতি ব্যাপক। প্ৰত্যেকটি মন্ত্ৰ ওঁ-কাৰেৰে আৰম্ভ হয়। চিঠিপত্ৰৰ আৰম্ভণিতে বহুতেই ওঁ-কাৰ লিখে। মঠ- মন্দিৰ, দেৱালয়, পৱিত্ৰ স্থান প্ৰভৃতি ধৰ্মীয় স্থানৰ প্ৰতীকচিহ্ন ৰূপে ওঁ-কাৰ ব্যৱহৃত হয়। যোগ সাধনাত ইয়াৰ ব্যৱহাৰ হয়। তদুপৰি বৰ্তমান সমাজত শব্দৰে কৰা চিকিৎসা প্ৰণালীত ওঁ-কাৰ ব্যৱহাৰ হব ধৰিছে। শৰীৰত কৰা অংকন (টেটু) হিচাপেও ই জনপ্ৰিয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. তৈত্তৰীয় উপনিষদ, প্ৰথম অধ্যায়, অষ্টম অনুবাক, ১ সংখ্যক শ্লোক
  2. স্বামী বিবেকানন্দৰ বাণী আৰু ৰচনা, চতুৰ্থ খণ্ড, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৬৪, পৃ. ১১৪
  3. শ্ৰী শ্ৰী ৰামকৃষ্ণকথামৃত, অখণ্ড, শ্ৰীম -কথিত, উদ্বোধন কাৰ্যালয় , কলকাতা, ১৯৮৬-৮৭, পৃ. ৩৫৯
  4. 4.0 4.1 Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.7
  5. 5.0 5.1 5.2 Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.8
  6. মাণ্ডুক্য উপনিষদ, ৮-১১ সংখ্যক শ্লোক
  7. ଓଁ (U+0B13 & U+0B01), ওঁ (U+0993 & U+0981)
  8. ௐ (U+0BD0)
  9. 9.0 9.1 ಓಂ (U+0C93 & U+0C82)
    তেলেগু ఓం (U+0C13 & U+0C02)
  10. ഓം (U+0D13 & U+0D02)
  11. "oo m"
  12. 𑖍𑖼 (U+1158D & U+115BC)
  13. (U+5535)
  14. (U+0F00)
  15. ᬒᬁ (U+1B12 & U+1B01)
  16. ꦎꦴꦀ (U+A98E & U+A980 & U+A9B4)
  17. Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.11
  18. কঠোপনিষদ, প্ৰথম অধ্যায়, দ্বিতীয় বল্লী, ১৬ সংখ্যক শ্লোক
  19. মুণ্ডক উপনিষদ, দ্বিতীয় মুণ্ডক, দ্বিতীয় খণ্ড, ৩ সংখ্যক শ্লোক
  20. শ্ৰীমদ্ভাগবদ্গীতা, অক্ষৰব্ৰহ্মযোগ, ১-৩ সংখ্যক শ্লোকসমূহ

বহিঃসংযোগ

[সম্পাদনা কৰক]