সমললৈ যাওক

আয়ুৰ্বেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আয়ুৰ্বেদ (সংস্কৃত: आयुर्वेद, "জীৱন-জ্ঞান")[1] বা আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা এই ব্যৱস্থাৰ আটাইতকৈ পুৰণি গ্ৰন্থ। ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক। পৰীক্ষণমূলক আধুনিক চিকিৎসা বিজ্ঞানৰ বিপৰীতে আয়ুৰ্বেদ এক অভিজ্ঞাতালব্ধ থলুৱা চিকিৎসা জ্ঞান। মধ্যযুগত আযুৰ্বেদিক প্ৰয়োগকাৰ সকলে নানান ৰোগৰ নিৰাময়ৰ অৰ্থে ভালেমান চিকিৎসা উপযোগী আৰু অস্ত্ৰোপচাৰৰ কৌশল উদ্ভাৱন কৰিছিল।[2] বৰ্তমান ইয়াক “পৰম্পৰাগত তথা বিকল্প ঔষধি ব্যৱস্থা”ৰ এক অংশ হিচাপে গণ্য কৰা হয়।[3]

অৱশ্যে বৰ্তমান আয়ুৰ্বেদীয় ঔষধ সম্বন্ধে সুৰক্ষাজড়িত প্ৰশ্ন উত্থাপিত হৈছে। আমেৰিকাত চলোৱা দুই অধ্যয়নত ভাৰত নিৰ্মিত ২০% আয়ুৰ্বেদিক ঔষধত সীহ, পাৰা, আৰ্চেনিক আদি ভাৰী মৌলৰ বিশাক্ত পৰ্যায়ৰ উপস্থিতি ধৰা পৰিছে। আনহাতে বিষাক্ত বনৌষধিৰ প্ৰয়োগ আৰু গুণগত সা-সুবিধাৰ অভাৱ আদি অভিযোগো আয়ুৰ্বেদৰ বিৰূদ্ধে উত্থাপিত হৈছে।[4][5]

অষ্ট ভাগ

[সম্পাদনা কৰক]

মহাকাব্যিক সংস্কৃত ভাষাত আয়ুৰ্বেদক “অষ্টাংগ বিজ্ঞান” (अष्टांग) বোলা হৈছিল। সেই আঠটা ভাগ হ’ল:[6][7]

  • 'কায়া-চিকিৎসা': য’ত বিভিন্ন ছালৰ ৰোগ নিৰাময় কৰা হয়
  • 'কৌমাৰ-বৃত্ত' : য’ত শিশুৰোগ সমূহৰ নিদান থাকে
  • 'শল্য-চিকিৎসা': অস্ত্ৰোপচাৰ সমূহ এইটো বিভাগৰ অন্তৰ্গত
  • 'শালক্য-তন্ত্ৰ' : কান, নাক, ডিঙি আৰু চকুৰ চিকিৎসা এই ভাগটোৰ অন্তৰ্গত
  • 'গ্ৰহ' বা 'ভূত-বিদ্যা': এই বিভাগত মানসিক ৰোগ সমূহৰ চিকিৎসা কৰা হয়
  • 'অগাদ-তন্ত্ৰ': এই ভাগটোত শৰীৰৰ বিষাক্ত দ্ৰব্য আঁতৰ কৰাৰ নিদান দিয়া হয়
  • 'ৰসায়ন তন্ত্ৰ': ইয়াত বিভিন্ন ৰসায়নৰ পৰামৰ্শ দিয়া হয়
  • 'বাজীকৰণ তন্ত্ৰ': যৌন সমস্যা সমূহ ঐ বিভাগৰ অন্তৰ্গত

সূত্ৰ আৰু সিদ্ধান্ত

[সম্পাদনা কৰক]
বহুতো ভাৰতীয় দাৰ্শনিকে ধৰ্ম আৰু পৰম্পৰাগত ঔষধক মিহলি কৰি পেলাইছে—হিন্দুত্ব আৰু আয়ুৰ্বেদ ইয়াৰ এক উত্কৃষ্ট উদাহৰণ। চিত্ৰত দাৰ্শনিক নাগাৰ্জুনক দেখুওৱা হৈছে যিয়ে “মাধ্যমক” ধাৰণাৰ সূচনা কৰিছিল আৰু “দ্য হান্দ্ৰেড প্ৰেছক্ৰিপশ্যনছ”,”দ্য প্ৰেছিয়াছ কালেকশ্যন” আদি পুথি ৰচনা কৰিছিল।[8]
পঞ্চমহাভূত আৰু তাৰ দ্বাৰা গঠিত ত্ৰিদোষ

যিহেতু ‘’আয়ুৰ্বেদ’’ ভাৰতৰ “পৰম্পৰাগত ঔষধ”,ইয়াৰ নীতি আৰু সিদ্ধান্ত সমূহৰ বিষয়ে জানিবলৈ হয়তো প্ৰাচীন আয়ুৰ্বেদিক সাহিত্যসমূহৰ ঐতিহাসিক তথ্য বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত ঔষধ সমূহৰ বিষয়ে কৰা অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।


এক ঐতিহাসিক ঔষধি ব্যৱস্থা হোৱাৰ পৰিপ্ৰেক্ষিতত আয়ুৰ্বেদে শৰীৰক পঞ্চমহাভূত (সংস্কৃত:महापञ्चभूत, ক্ষিতি,অপ,তেজ, মৰুত্‍ আৰু ব্যোম ) আৰু (সংস্কৃত:सप्तधातु, ৰস,ৰক্ত,মাংস,মেদ,অস্থি,মজ্জা আৰু শুক্ৰ)ৰ সমষ্টি হিচাপে গণ্য কৰে[9]

আয়ুৰ্বেদৰ মতে ত্ৰিদোষ(সংস্কৃত:दोष)ৰ সমতাই দেহৰ ভাৰসাম্য ৰক্ষা কৰে: বায়ু /বাত, পিত্ত আৰু কফ। আয়ুৰ্বেদীয় সিদ্ধান্ত মতে প্ৰতিজন মানুহৰে দেহত এই ত্ৰিদোষৰ এক নিৰ্দিষ্ট অনুপাত থাকে যিয়ে তেওঁৰ স্বাস্থ্য তথা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে। সকলোৰে দেহত এই অনুপাত বেলেগ বেলেগ আৰু সকলোৱে দেহত ইয়াৰ সমতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে।[10]


আয়ুৰ্বেদৰ মতে সকলো বস্তুতেই ২০টা মৌলিক গুণ (সংস্কৃত:गुण) লুকাই থাকে সেয়া হ’ল: গুৰু/লঘু, হিম/উষ্ণ, স্নিগ্ধ/ৰূক্ষ, মন্দ/তীক্ষ্ণ,স্থিৰ/চলন্ত, স্লক্ষ্ণ/খাৰ, বিশদা/পিচ্চিল, মৃদু/কঠিন,সূক্ষ্ম/স্থূল, সান্দ্ৰ/দ্ৰৱ।[11]

শৰীৰৰ স্ৰোত সমূহৰ যথাযথ প্ৰবাহ অক্ষুণ্ণ ৰখাটো আয়ুৰ্বেদিক ঔষধ সমূহৰ এক প্ৰধান লক্ষ্য কাৰণ স্ৰোত সমূহৰ প্ৰবাহত ব্যাঘাত জন্মিলে শৰীৰত বাত বিষ,মৃগী, , পক্ষাঘাত,পেশী বিকৃতি,বাতুলামি আদি ৰোগ সৃষ্টি হয়। স্ৰোত সমূহৰ ক্ৰিয়া অব্যাহত ৰাখিবলৈ আৰু দোষ সমূহৰ ক্ৰিয়া লাঘৱ কৰিবলৈ চিকিত্সক সকলে ঘাম নিৰ্গতক ঔষধ আৰু ভাপ ভিত্তিক চিকিৎসাৰ পৰামৰ্শ দিয়ে।[12]

হিন্দুত্ব আৰু বৌদ্ধত্বই আয়ুৰ্বেদৰ ধাৰণা সমূহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ ভিতৰত শৰীৰৰ “ভাৰসাম্য” অন্যতম যাক বৌদ্ধধৰ্মত “মাধ্যাত্মিক” বুলি জনা যায় (সংস্কৃত:माध्यात्मिक)।[13] ইয়াৰ মতে শৰীৰৰ প্ৰাকৃতিক প্ৰয়োজন সমূহ পূৰণত ব্যাঘাত জন্মোৱাতো স্বাথ্যৰ পক্ষে ক্ষতিকাৰক।[13] অৱশে মানুহক এক যুক্তিসংগত সীমা আৰু নিৰ্দিষ্ট পৰিমাপৰ ভিতৰত থাকিবলৈও সাৱধান কৰি দিয়া হৈছে।[13] উদাহৰণ স্বৰূপে, খাদ্য গ্ৰহণ,[14] নিদ্ৰা,যৌন সংগম আদি কাৰ্যত সংযমী হোৱা কথাটোত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে।[13]

চিকিৎসা পদ্ধতি

[সম্পাদনা কৰক]

আযুৰ্বেদিক প্ৰয়োগকাৰ সকলে চিকিৎসা কৰোঁতে পঞ্চইন্দ্ৰিয়ৰ পূৰ্ণ ব্যৱহাৰ কৰে।[15] আকৌ শৰীৰৰ মৃত্য ঘটাব পৰা বিন্দু সমূহ বা “মৰ্মন মৰ্ম”ৰ অধ্যয়নো অতি গুৰুত্বপূৰ্ণ বিষয়।[11] আয়ুৰ্বেদিক চিকিত্সকসকলে ব্যক্তিত্ত্ব,শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যক এটা একক বুলি ভাবে যাৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু ৰোগ চিনাক্তকৰণ তথা চিকিৎসা কাৰ্যত ই এক মৌলিক ধাৰণা।

চাফ-চিকুনতাও আয়ুৰ্বেদিক চিকিৎসাৰ এক অংশ। সদায় স্নান কৰা,দাঁত মাজা,ছালৰ যতন লোৱা,চকু পৰিষ্কাৰ কৰা আদি ইয়াৰ অন্তৰ্গত।[9]

মূৰ মালিছ কৰিবলৈ তেল ব্যৱহাৰ কৰা হয়।

আয়ুৰ্বেদে বনৌষধিৰ প্ৰয়োগত অধিক গুৰুত্ব প্ৰদান কৰে। অৱশ্যে গাখীৰ,অস্থি আদি সামগ্ৰীবোৰ প্ৰাণীৰ পৰা আহৰণ কৰা হয়। তদুপৰি ছালফাৰ,আৰ্চেনিক,সীহ,কপাৰ ছালফেট,সোণ আদি খনিজ লৱণো চিকিৎসা কাৰ্যত ব্যৱহাৰ হয়। .[9] বনৌষধিৰ লগত খনিজ লৱণ মিহলিকৰা এইবিভাগটোক “ৰস শাস্ত্ৰ” বোলে।

কিছুমান ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰিব লগীয়া হোৱা ৰোগীক চেতনাহাৰী হিচাপে সুৰা প্ৰদান কৰা হৈছিল যদিও ইছলাম সকলৰ ভাৰত আগমনৰ পিছত অ’পিয়ামে সুৰাৰ স্থান দখল কৰে।[6] সেইদৰে ৰক্তক্ষয় ৰোধ কৰিবলৈ তেল আৰু তাৰ ব্যৱহাৰ হৈছিল।[9]

আকৌ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য আঁতৰ কৰা পদ্ধতিটোক পঞ্চকৰ্ম (সংস্কৃত:पंचकर्म‌) বোলা হয়।[16]

আয়ুৰ্বেদৰ এক প্ৰধান সিদ্ধান্ত হ’ল এয়া যে এক উত্কৃষ্ট শৰীৰ ক্ৰিয়া তন্ত্ৰ,ভাল হজম শক্তি,আৰু যথাযথ ৰেচন তন্ত্ৰই এক দীৰ্ঘ জীৱনৰ মূলমন্ত্ৰ।[11] ব্যায়াম,যোগাভ্যাস আৰু ধ্যানৰ ওপৰতো আয়ুৰ্বেদে যথেষ্ট গুৰুত্ব প্ৰদানকৰে।[17]

মানুহৰচকুত হোৱা কেটেৰেক্ট। শতিকাগৰকা সুশ্ৰুত সংহিতাতেই ইয়াৰ অস্ত্ৰোপচাৰৰ উপায় বৰ্ণনা কৰা হৈছে য’ত “জবমুখী শলাকা” নামৰ এক সঁজুলিৰ দ্বাৰা উপচাৰ কৰি পিছত গৰম পানীৰে ধুই বেণ্ডেজকৰি দিয়া হৈছিল।[18]

আয়ুৰ্বেদ প্ৰকৃততে “অথৰ্ববেদ”ৰ এক অংশ আৰু ইয়াক এক “উপবেদ” বুলি কোৱা হয়। আয়ুৰ্বেদৰ উত্পত্তি সম্বন্ধে বিভিন্ন পৌৰাণিক কথন আছে। কিছুমানৰ মতে এই জ্ঞান ব্ৰহ্মাই ধন্বন্তৰি বা দিবোদাসক দিছিল।[9][19][20] ধন্বন্তৰিক কৃষ্ণৰ অৱতাৰ তথা আয়ুৰ্বেদৰ ভগৱান হিচাপে পূজা কৰা হয়।[21] অষ্টাংগ হৃদযত উল্লেখ থকা মতে ব্ৰহ্মাই আয়ুৰ্বেদৰ জ্ঞান অশ্বিনী কুমাৰদ্বয়ক দিয়ে,অশ্বিনী কুমাৰে এয়া ইন্দ্ৰক শিকাই,ইন্দ্ৰই এই জ্ঞান অত্ৰিপুত্ৰ আত্ৰেয় পুনৰ্বসুক দিয়ে আৰু আত্ৰেয়ই অগ্নিৱেশ,ভেল আদি ছয়জন শিষ্যৰ মাজত এই জ্ঞান ভগাই দিযে।

আয়ুৰ্বেদৰ প্ৰধান আধাৰ গ্ৰন্থ হৈছে কেবাশতিকা আগতে ৰচনা কৰা তিনিখন গ্ৰন্থ-চৰক সংহিতা,সুশ্ৰুত সংহিতা আৰু বোৱাৰৰ সাঁচিপাতৰ চিকিৎসা সম্বন্ধীয় অংশ(বা “ভেদ সংহিতা)। অৱশ্যে এই পুথি সমূহৰ ৰচনাকাল বৰ বেছি স্পষ্ট নহয়। ইয়াৰ ভিতৰত চৰক সংহিতাক সৰ্বপ্ৰথম বুলি কোৱা হয়। ইয়াক চতুৰ্থ বা পঞ্চম শতিকাত লিখা হ’লেও ইয়াৰ মূল খ্ৰীষ্টপূৰ্ব ১০০ ৰ পৰা খ্ৰীষ্টাব্দ ১০০ৰ ভিতৰত লিখিত এক পুথি বুলি ভবা হয়। সুশ্ৰুত সংহিতা তৃতীয় বা চতুৰ্থ শতিকাত ৰচনা কৰা হৈছিল। . আকৌ বোৱাৰৰ সাঁচিপাত ছয় শতিকাৰ আৰম্ভণিতেই ৰচনা কৰা।[22] বোৱাৰৰ সাঁচিপাততেই প্ৰথম “সুশ্ৰুত”ৰ নাম উল্লেখ কৰা হয়।[23] ইয়াৰ ঔষধৰ বৰ্ণনা থকা অংশত মৌৰ্য যুগত ব্যৱহাৰ কৰা বিভিন্ন চিকিৎসা পদ্ধতিৰ কথা আছে যি চৰক আৰু সুশ্ৰুত সংহিতাতকৈও আগৰ।


চৰক,সুশ্ৰুত আৰু ভেদ সংহিতাৰ উপৰিও কাশ্যপ সংহিতা আৰু হৰিত সংহিতাও আয়ুৰ্বেদ সম্বন্ধীয় উল্লেখযোগ্য গ্ৰন্থ যাক সম্ভৱতঃ গুপ্ত যুগত(৬ শতিকা) লিখা হৈছিল। সপ্তম বা অষ্টম শতিকাৰ বাঘৱতো এক উল্লেখযোগ্য ৰচয়িতা আছিল।[24]

আণ্ডাৰৱুড আৰু ৰ’ডৰ মতে এই ব্যৱস্থাই জ্বৰ,কাহ,ড্ৰপছী,ডায়েৰীয়া,সেইজুৰ,টিউমাৰৰ লগতে কুষ্ঠ আদি বিভিন্ন ছালৰ ৰোগ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।[9] তদুপৰি আয়ুৰ্বেদে মধুমেহ, পাত্থৰ আদি কঠিন ৰোগ নিৰাময়ৰো উপায় উদ্ভাৱন কৰিছে। .[2][25]

প্লাষ্টিক চাৰ্জাৰি,চকু চিকিৎসা,পেটত বিন্ধা কৰি পেটত ৰস নিসৃত কৰা,শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য আঁতৰোৱা,ভঙা হাড় জোৰা লগোৱা, অৰ্শৰোগৰ চিকিৎসা, অংগচ্ছেদন,ছিজাৰিয়আন অস্ত্ৰোপছাৰ, আঘাত চিলাই কৰা আদি বিষয়তো আয়ুৰ্বেদে নিদান আগবঢ়াইছে।[9] আয়ুৰ্বেদত বৰ্ণিত বনৌষধি আৰু সা-সঁজুলিৰ প্ৰয়োগ কালক্ৰমত বিশ্ববিশ্ৰুত হৈ পৰে।[9]


অষ্টম শতিকাতেই চৰক আৰু সুশ্ৰুতৰ কৰ্মৰাজি আৰবী ভাষালৈ অনূদিত হয়। .[26]

মধ্যযুগৰ শেষৰ ফালে এই আৰবী লিখনিসমূহে য়ুৰোপ মহাদেশ স্পৰ্শ কৰে।[26] ইটালীৰ নৱজাগৰণৰ সময়ত ছিছিলিৰ ব্ৰাঙ্কা পৰিয়াল আৰু ব’ল’গ্নাৰ জেস্পাৰ টাগ্লিয়াক’জি সুশ্ৰুতৰ শল্য চিকিৎসাৰ ধৰণ সমূহৰ দ্বাৰা প্ৰভাৱিত হয়।[26]


বৰ্তমান স্থিতি

[সম্পাদনা কৰক]
হৃষিকেশত অৱস্থিত এক আয়ুৰ্বেদিক ঔষধালয়।

এক উত্সৰ মতে আশী শতাংশ ভাৰতীয় মানুহে পৰম্পৰাগত দৰৱ ব্যৱহাৰ কৰে,যি প্ৰকৃততে আয়ুৰ্বেদৰে অংশ।[27]

১৯৭০ চনত আয়ুৰ্বেদৰ মানদণ্ড উন্নত কৰিবলৈ আৰু ইয়াৰ অধ্যয়্ন তথা গৱেষণাৰ বাবে প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সংসদত ইণ্ডিয়ান মেডিকেল চেণ্ট্ৰেল কাউন্সিল আইন মনোনীত হয়।[28] বৰ্তমান ভাৰতত এশৰো অধিক মহাবিদ্যালয়ে পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধিয় ব্যৱস্থাৰ ডিগ্ৰী প্ৰদান কৰে।[17]ভাৰত চৰকাৰে বিভিন্ন মাধ্যমেৰে আয়ুৰ্বেদ বিষয়ক অধ্যয়ন আৰু শিক্ষন প্ৰক্ৰিয়াত সহযোগ কৰে আৰু পৰম্পৰাগত ঔষধক অনুষ্ঠানাধীন কৰাতসহায় কৰে যাতে প্ৰধান চহৰ সমূহত ইয়াৰ অধ্যয়ন আৰু গৱেষণা চলাব পাৰি।[29] ৰাজ্যিক পৰ্যায়ত ইয়াৰ বাবে “আয়ুষ”ৰ দৰে প্ৰতিষ্ঠান স্থাপন কৰা হৈছে।[30] বায়’পাইৰেছি প্ৰতিৰোধ কৰিবলৈ ভাৰতচৰকাৰে 2001 চনত “ট্ৰেডিশ্যনেল ন’লেজ ডিজিটেল লাইব্ৰেৰী” স্থাপন কৰে য’ত আয়ুৰ্বেদ,য়ুনানি,সিদ্ধ আদিকে ধৰি ভাৰতীয় ঔষধ ব্যৱস্থাৰ প্ৰায় ১২০০ সূত্ৰ সংৰক্ষণ কৰা[31][32] ইয়াত ৫০খন আয়ুৰ্বেদ গ্ৰন্থক ডিজিটাইজ কৰি অনলাইনত উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে।[33]


শ্ৰী লংকা

[সম্পাদনা কৰক]

শ্ৰী লংকাৰ পৰম্পৰাগত আয়ুৰ্বেদীয় পদ্ধতিৰ ভাৰতীয় পদ্ধতিৰ সৈতে বহুখিনিসাদৃশ্য আছে। শ্ৰী লংকাৰ আয়ুৰ্বেদিক প্ৰয়োগকাৰসকলেও দুয়োখন দেশতেই পৰিচিত সংস্কৃত ভাষাত লিখিত গ্ৰন্থই অনুসৰণ কৰে। অৱশ্যে ব্যৱহৃত বনৌষধি আদিকে ধৰি ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায়।

শ্ৰী লংকাৰ চৰকাৰে এই চিকিৎসা পদ্ধতিৰ পুনৰুদ্ধাৰ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৮০ চনত মিনিস্ত্ৰী অৱ ইণ্ডিজেনাছ মেডিছিন স্থাপন কৰে।[34] কলম্বো য়ুনিভাৰ্ছিটিৰ অধীনস্থ দ্য ইন্সটিটিউট অৱ ইণ্ডিজেনাছ মেডিছিনে আয়ুৰ্বেদিক মেডিছিন এণ্ড ছাৰ্জাৰী বিষয়ত স্নাতক,স্নাতকোত্তৰ আৰু এম.ডি. ডিগ্ৰী প্ৰদান কৰে।[35]

২০১০ চনলৈকে শ্ৰী লংকাত ৬২খন আয়ুৰ্বেদিক চিকিৎসালয় আৰু ২০৮খন কেন্দ্ৰীয় চিকিৎসা কেন্দ্ৰ আছে যিয়ে ৩ মিলিয়ন অৰ্থাত মুঠ জনসংখ্যাৰ প্ৰায় ১১ শতাংশ লোকলৈ চিকিৎসা সেৱা আগবঢ়াই| দেশখনত বৰ্তমান সৰ্বমুঠ ২০,০০০ আয়ুৰ্বেদিক প্ৰয়োগকাৰ আছে।[36][37]

শ্ৰী লংকাৰ বহু হোটেল আৰু চৰাইখানাত বিভিন্ন আয়ুৰ্বেদ বিষয়ক সুবিধা উপলব্ধ য’ত নিবাসী সকললৈ সেই সুবিধাসমূহ আগবঢ়োৱা হয়।

দক্ষিণ এছিয়াৰ বাহিৰত

[সম্পাদনা কৰক]

প্ৰাচীন তথা মধ্যযুগৰ ফচল আয়ুৰ্বেদক প্ৰায়ে উপ-আধুনিক চীনা আৰু য়ুৰোপীয় ঔষধ ব্যৱস্থাৰ সৈতে তুলনা কৰা হয়। অৱশ্যে ১৯৬০দশকৰ আৰম্ভণিৰে পৰা আয়ুৰ্বেদক বিকল্প ঔষধিয় ব্যৱস্থা হিচাপে প্ৰচাৰ কৰা হয়। বহুকেইখন দেশত বহুলভাৱে সমাদৃত হ’লেও সময়ে সময়ে এই ব্যৱস্থা বিভিন্ন বিতৰ্কতসাঙোৰ খাই আহিছে।

বৈজ্ঞানিক মতামত

[সম্পাদনা কৰক]
নিগনিৰ ওপৰত চলোৱা এক অধ্যয়নত প্ৰমাণিত হৈছে যে টাৰমিলেলিয়া অৰ্জুন গছত উদৰ ৰোগ নিৰাময় কৰিব পৰা আৰু দহন প্ৰতিৰোধ কৰিব পৰাগুণ আছে।[38]

ভাৰতত কেন্দ্ৰীয় চৰকাৰ আৰু কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদ এণ্ড সিদ্ধৰ অন্তৰ্গত ৰাষ্ট্ৰীয় গৱেষণাগাৰ সমূহৰ এক জালিকাই আয়ুৰ্বেদ সম্পৰ্কীয় পৰীক্ষা সমূহ কৰে।[39] এক বিকল্প ব্যৱস্থা হোৱা বাবে আয়ুৰ্বেদিক উত্পাদ সমূহৰ আঁতি-গুৰি মৰা বৈজ্ঞানিক পৰীক্ষা কৰা নহয়। বাত-বিষ দূৰ কৰাৰ বাবে থকা আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত চলোৱা এক প্ৰণালীবদ্ধ অধ্যয়নত ই সিমান লাভজনক নহয় বুলি কোৱা হৈছে।[40]

আকৌ ‘’ছালভিয়া’’ৰ দুটা প্ৰজাতিৰে চলোৱা বিভিন্ন পৰীক্ষাত প্ৰমাণিত হৈছে যে ছালভিয়া লেভাণ্ডুলিফ’লিয়াই যুৱাবস্থাত শব্দ মনত ৰখাত,[41] আৰু ছালভিয়া অ’ফিছিনেলিছে আলঝেইমাৰ ৰোগৰ লক্ষণ নিৰাময়ত সহায় কৰে।[42] তদুপৰি প্ৰমাণিত হৈছে যে ৰসায়ন হিছাপে ব্যৱহৃত বহু উদ্ভিদৰ এণ্টিঅক্সিডেণ্ট গুণ আছে।[43]নীম গছৰো যথেষ্ট ঔষধি গুণ আছে।[44][45] হালধি আৰু curcuminএ কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসাত ভাল ফল দেখুৱাইছে।[46]


সুৰক্ষা

[সম্পাদনা কৰক]

ৰস শাস্ত্ৰ অৰ্থাত্ বনৌষধিৰ লগত বিভিন্ন ধাতু আৰু খনিজ দ্ৰব্য মিহলি কৰা পদ্ধতিত পাৰা,সীহ,আৰ্চেনিক আদি বিষাক্ত মৌল উপস্থিত থাকিব পাৰে।[4] বনৌষধিৰ দ্ৰব্যগুণৰ বিষাক্ত প্ৰভাৱৰ কথা প্ৰাচীন আয়ুৰ্বেদিক গ্ৰন্থসমূহত উল্লেখ আছে,কিন্তু আয়ুৰ্বেদিক প্ৰয়োগকাৰ সকলে এয়া স্বীকাৰ নকৰে আৰু বনৌষধিৰ বিষগুণ সম্বন্ধে জ্ঞান আহৰণৰ যথাযথ সমল নাই। তদুপৰি আধুনিক চিকিৎসাৰ প্ৰয়োগকাৰ আৰু আয়ুৰ্বেদিকপ্ৰয়োগকাৰ সকলৰ মাজত যথেষ্ট যোগবিচ্ছিন্নতা দেখা যায়।[47]

১৯৯০ চনত ভাৰতত আয়ুৰ্বেদিক ঔষধৰ ওপৰত চলোৱা এক সমীক্ষাত ৪১ শতাংশ ঔষধত আৰ্চেনিক আৰু ৬৪শতাংশ ঔষধত সীহ আৰু পাৰা উপস্থিতি ধৰা পৰে।[27] ২০০৪ চনত দক্ষিণ ভাৰতত নিৰ্মিত আৰু ব’ষ্টনত বিক্ৰী কৰা ২০ শতাংশ ঔষধত ভাৰী মৌলৰ বিপদ্জনক উপস্থিতি প্ৰমাণিত হয় আৰু ভৱিষ্যতে আয়ুৰ্বেদিক ঔষধত দূষিত মৌলৰ উপস্থিতি পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয়।[48] 2012 চনত য়ু.এছ.চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনে” কয় যে আয়ুৰ্বেদিকঔষধ গ্ৰহণ কৰা কিছুমান মহিলাৰ তেজত সীহ আৰু আন কিছুমান বিষাক্ত মৌলৰউপস্থিতি ধৰা পৰিছে।[49] অৱশ্যে আয়ুৰ্বেদিক প্ৰয়োগকাৰ সকলৰ মতে সংস্কাৰ,শোধন আদি ব্যৱস্থাৰ জৰিয়তে ধাতু সমূহৰ বিষগুণ কমাব পাৰি য’ত প্ৰাৰ্থনা আৰু প্ৰয়োগ কৌশল উভয়ে জড়িত হৈ[50][51]

এনে সুৰক্ষাজনিত উদ্বেগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে নিয়্ম প্ৰৱৰ্তন কৰে যে আয়ুৰ্বেদিয় উত্পাদ সমূহৰ গাত ইয়াত থকা ধাতু সমূহৰ বিৱৰণ থাকিব লাগিব,[5] কিন্তু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰকাশ “কাৰেণ্ট চাইঞ্চ” এম.এছ.ভেলিয়াথানে লিখা মতে “উপযুক্ত নিৰীক্ষণ আৰু গৱেষণাগাৰৰ সীমিত সুবিধাই বৰ্তমান ভাৰতত আয়ুৰ্বেদিক ঔষধসমূহৰ গুণগত মান বজাই ৰখাত অসুবিধাৰ সৃষ্টি কৰিছে”।[5]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Wells, John C. (2009). Longman Pronunciation Dictionary. প্ৰকাশক London: Pearson Longman. 
  2. 2.0 2.1 Dwivedi & Dwivedi (2007)
  3. <Please add first missing authors to populate metadata.> (Fall 2005/Winter 2006). "A closer look at ayurvedic medicine". Focus on Complementary and Alternative Medicine (Bethesda, Maryland: National Center for Complementary and Alternative Medicine (NCCAM), U.S. National Institutes of Health (NIH)) খণ্ড XII (4). Archived from the original on 2006-12-09. https://web.archive.org/web/20061209114559/http://nccam.nih.gov/news/newsletter/2006_winter/ayurveda.htm। আহৰণ কৰা হৈছে: 2013-04-14. 
  4. 4.0 4.1 Saper RB; Phillips RS et al. (2008). "Lead, mercury, and arsenic in US- and Indian-manufactured ayurvedic medicines sold via the internet". JAMA খণ্ড 300 (8): 915–923. doi:10.1001/jama.300.8.915. PMID 18728265. 
  5. 5.0 5.1 5.2 Valiathan, MS (2006). "Ayurveda: putting the house in order". Current Science (Indian Academy of Sciences) খণ্ড 90 (1): 5–6. Archived from the original on 2011-06-05. https://web.archive.org/web/20110605183408/http://www.ias.ac.in/currsci/jan102006/contents.htm। আহৰণ কৰা হৈছে: 2013-04-14. 
  6. 6.0 6.1 Chopra 2003, পৃষ্ঠা 80
  7. Monier-Williams, A Sanskrit Dictionary (1899), s.v. "Āyurveda" সাঁচ:OL
  8. Clifford, Terry (2003). Tibetan Buddhist Medicine and Psychiatry. 42. Motilal Banarsidass Publications. ISBN 81-208-1784-2.
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 9.7 Underwood & Rhodes (2008)
  10. Ayyarudai, Shiva. "Your Body, Your System™". VAShiva.com. http://vashiva.com/your-body-your-system/। আহৰণ কৰা হৈছে: 19 February 2012. 
  11. 11.0 11.1 11.2 Chopra 2003, পৃষ্ঠা 76, citing Sushrutasamhita 25.36.
  12. Wujastyk, pp. XIX-XX
  13. 13.0 13.1 13.2 13.3 Wujastyk, p. XVIII
  14. Chopra 2003, পৃষ্ঠা 75
  15. Chopra 2003, পৃষ্ঠা 79
  16. Sharma, A. K. (2003). "Panchkarma Therapy in Ayurvedic Medicine". In Mishra, Lakshmi Chandra. Scientific Basis for Ayurvedic Therapies. প্ৰকাশক Boca Raton, FL: CRC Press. পৃষ্ঠা. 43. ISBN 0-8493-1366-X. 
  17. 17.0 17.1 <Please add first missing authors to populate metadata.> (2008). "Ayurveda". Encarta. Redmond, WA: Microsoft. Archived from the original on 28 October 2009. Retrieved 14 April 2013. 
  18. Finger, p. 66
  19. Singh, P.B.; Pravin S. Rana (2002). Banaras Region: A Spiritual and Cultural Guide. প্ৰকাশক Varanasi: Indica Books. পৃষ্ঠা. 31. ISBN 81-86569-24-3. 
  20. Dhanvantari. (2010). In Encyclopædia Britannica. Retrieved 4 August 2010, from Encyclopædia Britannica Online: http://www.britannica.com/EBchecked/topic/160641/Dhanvantari
  21. Srimad Bhagavatam 1.3.17. Reference: http://vedabase.com/en/sb/1/3/17
  22. The 1897 edition by A. F. R. Hoernle suggested a 4th-century date, but this was superseded by later studies, Dani, Ahmad Hasan. Indian Palaeography. (2nd edition New Delhi: Munshiram Manoharlal, 1986); Sander, Lore, "Origin and date of the Bower Manuscript, a new approach" in M. Yaldiz and W. Lobo (eds.), Investigating the Indian Arts (Berlin: Museum Fuer Indische Kunst, 1987).
  23. Wujastyk, p. XXVI
  24. Wujastyk, p. 224
  25. Lock et al., p. 836
  26. 26.0 26.1 26.2 Lock et al., p. 607
  27. 27.0 27.1 Paul I. Dargan, et al. (2008). "Heavy metal poisoning from Ayurvedic traditional medicines: an emerging problem?". Int. J. Environment and Health (Inderscience Enterprises Ltd.) খণ্ড 2 (3/4): 463–74. doi:10.1504/IJENVH.2008.020935. http://www.sactrc.org/IJEnvH203-415_Dargan%20et%20al.pdf। আহৰণ কৰা হৈছে: 2011-10-05. 
  28. Wujastyk, p. XXII
  29. Wujastyk, p. XVI
  30. "Welcome to Central Council for Research in Ayurveda and Siddha ( India )". Ccras.nic.in. http://ccras.nic.in/। আহৰণ কৰা হৈছে: 21 June 2012. 
  31. Traditional Knowledge Digital Library website.
  32. "Know Instances of Patenting on the UES of Medicinal Plants in India". PIB, Ministry of Environment and Forests. 6 May 2010. Archived from the original on 10 May 2010. http://pib.nic.in/release/release.asp?relid=61511। আহৰণ কৰা হৈছে: 22 May 2010. 
  33. 50 Ayurveda books online Traditional Knowledge Digital Library (Govt. of India)
  34. "Ministry of Indigenous Medicine". Archived from the original on 14 December 2012. https://web.archive.org/web/20121214094513/http://www.ayurveda.gov.lk/dept.html। আহৰণ কৰা হৈছে: 2 December 2012. 
  35. "Institute of indigenous Medicine". Iim.cmb.ac.lk. http://iim.cmb.ac.lk/। আহৰণ কৰা হৈছে: 21 June 2012. 
  36. "আৰ্কাইভ কপি". Archived from the original on 2012-04-24. https://web.archive.org/web/20120424031013/http://www.indigenousmedimini.gov.lk/Downloads/Statistics%20Report%20Final%202011.%20November.pdf। আহৰণ কৰা হৈছে: 2013-04-14. 
  37. ":: Indigenous-Medicine". Indigenousmedimini.gov.lk. 14 February 1980. Archived from the original on 8 November 2011. https://web.archive.org/web/20111108121932/http://www.indigenousmedimini.gov.lk/About_us.html। আহৰণ কৰা হৈছে: 21 June 2012. 
  38. Moulisha Biswas, Kaushik Biswas, Tarun K Karan, Sanjib Bhattacharya, Ashoke K Ghosh, and Pallab K Haldar, Evaluation of analgesic and anti-inflammatory activities of Terminalia arjuna leaf, Journal of Phytology 2011, 3(1): 33–38.
  39. "Central Council for Research in Ayurveda and Siddha (Government of India)". http://www.ccras.nic.in/. 
  40. Park, J.; Ernst, E. (2005). "Ayurvedic Medicine for Rheumatoid Arthritis: A Systematic Review". Seminars in Arthritis and Rheumatism খণ্ড 34 (5): 705–713. doi:10.1016/j.semarthrit.2004.11.005. PMID 15846585. 
  41. Tildesley, N. T.; Kennedy, D. O.; Perry, E. K. et al. (2003). "Salvia lavandulaefolia (Spanish Sage) Enhances Memory in Healthy Young Volunteers". Pharmacology Biochemistry and Behavior খণ্ড 75 (3): 669–674. doi:10.1016/S0091-3057(03)00122-9. PMID 12895685. 
  42. Akhondzadeh, S.; Noroozian, M.; Mohammadi, M.; Ohadinia, S.; Jamshidi, A. H.; Khani M. (2003). "Salvia officinalis Extract in the Treatment of Patients with Mild to Moderate Alzheimer's Disease: A Double Blind, Randomized and Placebo-controlled Trial". Journal of Clinical Pharmacy and Therapeutics খণ্ড 28 (1): 53–59. doi:10.1046/j.1365-2710.2003.00463.x. PMID 12605619. 
  43. Govindarajan, R.; Vijayakumar, M.; Pushpangadan, P. (2005). "Antioxidant Approach to Disease Management and the Role of 'Rasayana' Herbs of Ayurveda". Journal of Ethnopharmacology খণ্ড 99 (2): 165–178. doi:10.1016/j.jep.2005.02.035. PMID 15894123. 
  44. Subapriya, R.; Nagini, S. (2005). "Medicinal Properties of Neem Leaves: A Review". Curr Med Chem Anticancer Agents খণ্ড 5 (2): 149–6. doi:10.2174/1568011053174828. PMID 15777222. 
  45. "Neem". Tamilnadu.com. 06 December 2012. Archived from the original on 11 April 2013. https://archive.is/20130411214144/http://tamilnadu.com/herbs/neem.html। আহৰণ কৰা হৈছে: 14 April 2013. 
  46. Mahady, GB; Pendland, SL; Yun, G; Lu, ZZ (2002). "Turmeric (Curcuma longa) and curcumin inhibit the growth of Helicobacter pylori, a group 1 carcinogen". Anticancer Res. খণ্ড 22 (6C): 4179-4181. PMID 12553052. 
  47. Urmila T; Supriya B (2008). "Pharmacovigilance of ayurvedic medicines in India". Indian Journal of Pharmacology খণ্ড 40 (S1): 10–12. http://www.bioline.org.br/request?ph08015. 
  48. Saper, R. B.; Kales SN; Paquin, J et al. (2004). "Heavy metal content of ayurveda herbal medicine products". Journal of the American Medical Association খণ্ড 292 (23): 2868–2673. doi:10.1001/jama.292.23.2868. PMID 15598918. 
  49. Ayurveda linked to lead poisoning in US women The Financial Express, Washington edition (Aug 24, 2012) (Accessed on 25 Sept 2012)
  50. Ellin, Abby (17 September 2008). "Skin deep: ancient, but how safe?". New York Times. Archived from the original on 18 September 2008. http://www.nytimes.com/2008/09/18/fashion/18skin.html। আহৰণ কৰা হৈছে: 19 September 2008. "A report in the August 27 [2008] issue of The Journal of the American Medical Association found that nearly 21 percent of 193 ayurvedic herbal supplements bought online, produced in both India and the United States, contained lead, mercury or arsenic." 
  51. Saper RB; Phillips RS; Sehgal A (August 2008). "Lead, mercury, and arsenic in US- and Indian-manufactured ayurvedic medicines sold via the internet". JAMA খণ্ড 300 (8): 915–923. doi:10.1001/jama.300.8.915. PMID 18728265. 

বিশদ অধ্যয়ন

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]