চৰক সংহিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

চৰক সংহিতা (সংস্কৃত: चरक संहिता) হ’ল ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ এক প্ৰাচীন গ্ৰন্থ।[1] সুশ্ৰুত সংহিতাৰে সৈতে খ্ৰীষ্ট জন্মৰ কিছু শতিকা পিছতেই ৰচিত হোৱা এই গ্ৰন্থখন এই ব্যৱস্থাৰ প্ৰতিস্থাপক।[2]

অৱশ্যে এই গ্ৰন্থ দুখনৰ প্ৰকৃত ৰচনাকাল সম্পূৰ্ণ স্পষ্ট নহয়। চৰক সংহিতাৰ ৰচনাকাল গুপ্ত যুগ বা ৩০০ৰ পৰা ৫০০ খ্ৰীষ্টাব্দৰ বুলি ঠাৱৰ কৰা হয়[3] আৰু সেইফালৰ পৰা চাবলৈ গ’লে ই সুশ্ৰুত সংহিতাৰ প্ৰায় সমসাময়িক বা তাতকৈ কিছু বছৰ পিছত ৰচিত। যিয়েই নহওঁক,চৰক সংহিতাৰ বৰ্তমান উপলব্ধ সংস্কৰণটি ১০০ খ্ৰীষ্টাপূৰ্বৰ পৰা ১০০ খ্ৰীষ্টাব্দৰ ভিতৰত ৰচিত এক গ্ৰন্থৰ ওপৰত ভিত্তি কৰি দৃধবলে সম্পাদনা কৰা এক সংস্কৰণহে। গতিকে প্ৰকৃত চৰক সংহিতা নিশ্চিতভাৱে কিছু শতিকা আগৰ কৃতি। [4]

সূচী[সম্পাদনা কৰক]

বৰ্তমানৰ চৰক সংহিতাত আঠটা স্থান আৰু সৰ্বমুঠ ১২০ টা অধ্যায় আছে। সেই আঠটা স্থান হ’ল-

  1. সুত্ৰ স্থান (৩০টা অধ্যায়), (ইয়াত ৰোগ নিৰাময়ৰ উপায়,সম্বলিত পান-ভোজন আৰু চিকিত্সকৰ দায়িত্ব সমূহৰ বিষয়ে আছে।)
  2. নিদান স্থান (৮ টা অধ্যায়), (ইয়াত আঠটা প্ৰধান ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।)
  3. বিমান স্থান (৮ টা অধ্যায়), (ইয়াত চিকিত্সা-জ্ঞান আৰু ৰোগৰ কাৰকৰ বিষয়ে আলোচনা কৰা হৈছে।)
  4. শৰীৰ স্থান (৮টা অধ্যায়), (ইয়াত গৰ্ভাধান আৰু মানুহৰ শৰীৰ-ৰচনাৰ কথা আলোচনা কৰা হৈছে।)
  5. ইন্দ্ৰিয় স্থান (১২ টা অধ্যায়),(ইয়াত ৰোগ নিৰ্ণয় আৰু ৰোগৰ পূৰ্বাভাসৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা হৈছে।)
  6. চিকিত্সা স্থান (৩০টা অধ্যায়), (ইয়াত বিশেষ চিকিত্সা সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।)
  7. কল্প স্থান (১২টা অধ্যায়), (ইয়াত সাধাৰণ চিকিত্সাৰ বিষয়ে আলোচনা কৰা হৈছে।)

আৰু

  1. সিদ্ধি স্থান (১২টা অধ্যায়), (ইয়াতো সাধাৰণ চিকিত্সাৰ বিষয়ে আলোচনা কৰা হৈছে।)

ইয়াৰে চিকিত্সা স্থানৰ ১৭টা অধ্যায় আৰু কল্প স্থান তথা সিদ্ধি স্থান সম্পূৰ্ণ ভাৱে দৃধবলৰ(পঞ্চম শতাব্দী) দ্বাৰা পিছত যোগ কৰা হৈছিল। আয়ুৰ্বেদিক প্ৰয়োগৰ সাধাৰণ আৰু মৌলিক সিদ্ধান্ত সমূহ সম্বলিত ‘‘সুত্ৰ স্থানে’’ৰে আৰম্ভ হোৱা চৰক সংহিতাৰ অনন্য বৈশিষ্ট্য সমূহ হ’ল:

  • ৰোগৰ কাৰণ আৰু নিৰাময় আৱিষ্কাৰৰ এক যুক্তিসংগত আলোচনা
  • পৰীক্ষাৰ বস্তুবাচক কৌশল
“প্ৰত্যক্ষ প্ৰমাণ আয়ুৰ্বেদৰ এক উল্লেখনীয় দিশ। সংহিতাত কোৱা হৈছে যে সকলো প্ৰমানৰ ভিতৰত প্ৰত্যক্ষ প্ৰমাণেই আটাইতকৈ বিশ্বাসযোগ্য। এই ব্যৱস্থাত কোনো ৰোগৰ এক সফল চিকিত্সা চাৰিটা কাৰকৰ ওপৰত নিৰ্ভৰশীল: চিকিত্সক,ঔষধ,শুশ্ৰুষাকাৰ আৰু ৰোগী। এজন চিকিত্সকৰ গুণ সমূহ হ’ল: প্ৰয়োজনীয় বৈজ্ঞানিক জ্ঞান, এক বহল পৰিসৰৰ অভিজ্ঞতা, ব্যৱহাৰিক দক্ষতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা; এক ঔষধৰ গুণ সমূহ হ’ল: সহজলভ্যতা, ব্যৱহাৰোপোযোগীতা,ব্যৱহাৰবহুলতা আৰু উত্কৃষ্ট দক্ষতা; শুশ্ৰুষাকাৰৰ গুণ সমূহ হ’ল: শুশ্ৰুষা কৌশল সম্বন্ধে যথাযথ জ্ঞান, ব্যৱহাৰিক দক্ষতাl, ৰোগীৰ প্ৰতি দায়বদ্ধতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ; আৰু ৰোগীৰ গুনাগুণ সমূহ হ’ল: ভাল স্মৃতিশক্তি, চিকিত্সকৰ নীতি-নিৰ্দেশনাৰ প্ৰতি সন্মান,সাহস আৰু লক্ষণসমূহ যথাযথভাৱে বৰ্ণনা কৰিব পৰা দক্ষতা।”[5]

টীকাসমূহ[সম্পাদনা কৰক]

চৰক সংহিতাৰ ওপৰত ৰচিত আটাইতকৈ উল্লেখযোগ্য পাদটীকাখন হ’ল চক্ৰপানি দত্ত(১০৬৬) ৰচিত ‘‘চৰকতাত্পৰ্যটীকা’’ বা ‘‘আয়ুৰ্বেদ দীপিকা’’। আন আন টীকাসমূহৰ ভিতৰত ভট্টৰক হৰিশ্চন্দ্ৰৰ ‘‘চৰকন্যাস’’(৬শতিকা),‘‘নিৰন্তৰপাদব্যাখ্যা’’ (৮৭৫), শিৱদাস সেনৰ ‘‘চৰকতত্ত্বপ্ৰদীপিকা’' (১৪৬০) আদি উল্লেখনীয়। এই সংহিতাৰ ওপৰত ৰচিত শেহতীয়া টীকাসমূহ হৈছে নৰসিংহ কবিৰাজৰ ‘‘চৰকতত্ত্বপ্ৰকাশ আৰু গংগাধৰ কবিৰত্নৰ জল্পকল্পতৰু (১৮৭৯)।

চৰক সংহিতাৰ মতে শুশ্ৰুষাকাৰৰ গুণ[সম্পাদনা কৰক]

"চৰকৰ মতে শুশ্ৰুষাকাৰ সকল ভাল ব্যৱহাৰ তথা বিশুদ্ধ চৰিত্ৰৰ,বুদ্ধিমান আৰু দক্ষ,দয়ালু,ৰোগীয়ে বিচৰা সকলো সুবিধা দিয়াৰ সমকক্ষ,খাদ্য তৈয়াৰ কৰাত পাকৈত,ৰোগীৰ গা আৰু হাত-মুখ ধুৱাই দিবলৈ সক্ষম,হাত-ভৰি মালিছত সিদ্ধহস্ত,ৰোগীক ডঙা-মেলা আৰু খোজকঢ়াত সহায় কৰিবলৈ সমৰ্থ,বিচনা আৰু কাপোৰ কানি পৰিস্কাৰ কৰিবলৈ উপযুক্ত জ্ঞানথকা আৰু ৰোগীৰ আৰোগ্য লাভ নোহোৱালৈ অপেক্ষা কৰি থকাৰ ইচ্ছুক তথা আদেশ লাভ কৰা কোনো কাৰ্য উপেক্ষা কৰিবলৈ অনিচ্ছুক হ’ব লাগে।" [6]

চৰক-এক ঐতিহাসিক চৰিত্ৰ[সম্পাদনা কৰক]

সংস্কৃত ভাষাত চৰক মানে পৰিভ্ৰমী ধাৰ্মিক শিষ্য বা গোড়া ধাৰ্মিক ব্যক্তি। আয়ুৰ্বেদ চিকিত্সাৰ পিতৃ স্বৰূপ চৰকৰ জন্ম সম্বন্ধে বহুতো ঐতিহাসিক কথন প্ৰচলিত। ইয়াৰে এটাৰ মতে, এবাৰ আয়ুৰ্বেদৰ উপাসক সৰ্পৰাজ চেচাই পৃথিৱী পৰিভ্ৰমণ কৰি থাকোতে দেখিলে যে পৃথিৱীখন বেমাৰ-আজাৰেৰে ভৰপূৰ। তাকে দেখি তেওঁ ব্যথিত হয় আৰু পৃথিৱীত থকা ৰোগ সমূহ নিৰাময়ৰ অৰ্থে এক মুনিৰ সন্তান হিচাপে জন্ম গ্ৰহণ কৰিবলৈসিদ্ধান্ত গ্ৰহণ কৰে। যিহেতু তেওঁ এক “চৰ” হিচাপে পৃথিৱী ভ্ৰমন কৰিছিল গতিকে তেওঁ চৰক হিচাপে পৰিচিত হয়। তাৰ পিছত অগ্নিৱেশকে আদি কৰি আত্ৰেয়ৰ শিষ্য সমূহৰ লিখনিৰ ওপৰত ভিত্তি কৰি এক চিকিত্সা সম্বন্ধে এক নতুন গ্ৰন্থ প্ৰণয়ন কৰে।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Meulenbeld, G. J. A History of Indian Medical Literature (Groningen, 1999--2002), vol. IA, pp. 7-180.
  2. Valiathan, M. S. (2003) The Legacy of Caraka Orient Longman ISBN 81-250-2505-7 reviewed in Current Science, Vol.85 No.7 Oct 2003, Indian Academy of Sciences seen at [1] June 1, 2006
  3. Meulenbeld, op. cit., vol. IA, pp. 130-141.
  4. Meulenbeld, op. cit., v. IA, pp. 105-115.
  5. Chattopadhyāya, D. (1982) Case for a critical analysis of the Charak Saṃhitā In Studies in the History of Science in India (Ed. D. Chattopadhyāya). Vol. 1. New Delhi: Editorial Enterprises. Pp. 209-236. cited in Tiwari, Lalit “A Summary of the Late D. Chattopadhyaya's Critique of Charaka Saṃhitā” seen at [2] June 1, 2006
  6. Wilson, Bruce in The History of Men in American Nursing without sources at www.allnurses.com, seen June 1, 2006
  7. Monier Monier-Williams (1899), s.v. caraka.

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বিশদ অধ্যয়ন[সম্পাদনা কৰক]

  • Kaviratna, A.C. and P. Sharma, tr., The Charaka Samhita 5 Vols., Indian Medical Science Series, Sri Satguru Publications, a division of Indian Books Centre, Delhi 81-7030-471-7
  • Menon, I A and H F Haberman, Dermatological writings of ancient India Medical History. 1969 October; 13(4): 387–392. seen at The Wellcome Trust Centre for the History of Medicine at University College London [3] June 1, 2006
  • Muniyal Ayurveda, Manipal, Sacitra Caraka Samhita - Volume 1, published by Muniyal Institute of Ayurveda Medical Sciences, Manipal. 2005 [4]
  • Wujastyk, Dominik, The Roots of Ayurveda (Penguin Classics, 3rd edition, 2003), pp. 1-50 gives an introduction to the Carakasaṃhitā and a modern translation of selected passages.
  • Meulenbeld, G. J. A History of Indian Medical Literature (Groningen, 1999--2002), vol. IA, pp. 7-180, gives a detailed survey of the contents of the Carakasaṃhitā and a comprehensive discussion of all historical matters related to the text, its commentators, and its later history in the Islamic world and in Tibet.
  • Sharma, P. V. Caraka-Saṃhitā: Agniveśa's Treatise Refined and annotated by Caraka and Redacted by Dṛḍhabala (text with English translation) Chaukhambha Orientalia, 1981--1994. The best modern English translation of the whole text. Volume 4 gives summaries of the commentary of Cakrapāṇidatta.
  • Sharma, R. K. & Bhagwan Dash, V. Agniveśa's Caraka Saṃhitā (Text with English Translation & Critical Exposition Based on Cakrapāṇi Datta's Āyurveda Dīpikā) Chowkhamba Sanskrit Series Office, 1976--2002. Another good English translation of the whole text, with paraphrases of the commentary of Cakrapāṇidatta.
  • Ācārya, Yādava Trivikrama (ed.) Maharṣiṇā Punarvasunopadiṣṭā, tacchiṣyeṇĀgniveśena praṇītā, CarakaDṛḍhabalābhyāṃ pratisaṃskṛtā Carakasaṃhitā, śrīCakrapāṇidattaviracitayā Āyurvedadīpikāvyākhyayā saṃvalitā Nirnaya Sagara Press, 1941. The best current edition of the Sanskrit text. Often reprinted. Online machine-readable transcription available at SARIT.info