সমললৈ যাওক

বাত বিষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ "ৰিউমেটিজমৰ" চিকাৰ। পুৰুষৰ তুলনাত মহিলা ভূক্তভোগী হ'ল তিনিগুণ। ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়। ৰিউমেটিজম বুলিলে কমেও দুশ বিভিন্ন এনে পৰিস্থিতিক বুজায় য'ত হাঁড়ৰ গাঁঠিৰ বিষ হয় আৰু নিম্নলিখিত লক্ষণসমূহ থাকে : - গাঁঠিৰ জঠৰতা (Joint stiffness), গাঁঠি বা জোৰাবিলাক ফুলি উঠা, গাঁঠিৰ আশে-পাশে উত্তাপ হোৱা আৰু অঞ্চলটো ৰঙা পৰা, সকলো সময়তে বা পুনঃ পুনঃ বিষ অনুভৱ হোৱা, গাঁঠিৰ লৰচৰ কৰিবলৈ অসুবিধা হোৱা।

অসমীয়াত এনে সমূহ ৰোগক "বাত-বিষ" বোলে। এনে অসুখীয়া ৰোগীৰ সংক্ৰান্তত ডাক্তৰ আৰু ৰোগীৰ মুখত শুনিবলৈ পোৱা "আৰ্থাইৰ্টিচ" শব্দটোৰ উৎপত্তি গ্ৰীক 'আৰ্থ' শব্দৰ পৰা হৈছে -যাৰ মানে হ'ল গাঁঠি। আইটিচে ইনফ্লেমেচনক বুজায় -উপযুক্ত অসমীয়া প্ৰতিশব্দ মোৰ জ্ঞাত নহয়। কিন্তু ইনফ্লেমেচন হ'ল এনে এবিধ ক্ৰিয়াৰ সমষ্টি য'ত - উত্তাপ হোৱা, ফুলি উঠা,বিষ হোৱা আৰু ৰঙা পৰা দেখা যায়। উদাহৰণ স্বৰূপে টনচিলৰ ইনফ্লেমেচন হ'লে চিকিৎসকে কয় টনচিলাইটিচ। একদৰে আৰ্থাইৰ্টিচ বুলিলে হাঁড়ৰ জোৰাৰ ইনফ্লেমেচন হোৱাটো বুজিব লাগিব। আকৌ কমেও এশ বিধ আৰ্থাইৰ্টিচ চিকিৎসকসকলৰ জ্ঞাত - যেনে অষ্টিঅ' আৰ্থাইৰ্টিচ (Osteo Arthritis), ৰিউমেটইড আৰ্থাইৰ্টিচ (Rheumatoid Arthritis), চৰিয়াটিক আৰ্থাইৰ্টিচ (Psoriatic Arthritis), গাওটি আৰ্থাইৰ্টিচ (Gouty Arthritis), লুপাচ আৰ্থাইৰ্টিচ(Lupus Arthiritis), ইনফেকচিয়াচ আৰ্থাইৰ্টিচ (Infectious Arthiritis),হিমৰেজিক আৰ্থাইৰ্টিচ Haemorrhagic Arthiritis), স্পডাইল'আৰ্থপেথিজ (Spondyloarthopathies) আদি। ইয়াৰে প্ৰথম দুবিধ হ'ল 'কমন' বা সততে হোৱা।

অষ্টিঅ' আৰ্থাইৰ্টিচ আঘাত, বীজাণুৰ সংক্ৰমণ বা বৃদ্ধাৱস্থাৰ ফলত উৎপত্তি হোৱা এবিধ হাঁড়ৰ বিনাশকাৰী ৰোগ। ৰিউমেটইড আৰ্থাইৰ্টিচ হ'ল এবিধ লেকেটা(ক্ৰনিক),শৰীৰৰ বিভিন্ন প্ৰণালীক (multi-systemic illness) আক্ৰমণ কৰা ৰোগ য'ত গাঁঠিৰ কাৰ্টিলেজ বিনষ্ট হয় আৰু জোৰাটো লৰচৰ কৰিব নোৱৰাকৈ সংলগ্নহৈ পৰে। ইয়াৰ উৎপত্তিত অট'ইমিউনিটি আৰু জেনেটিক কাৰক প্ৰায় দেখা যায়। এইচ এল এ-ডি আৰ-১ আৰু এইচ এল এ-ডি আৰ-৪ ক ইয়াৰ বাবে দায়ী বুলি থাৱৰ কৰা হৈছে। অট'ইমিউনিটিক চমুকৈ আৰু সহজকৈ বুজাবলৈ এনেদৰে কব পাৰি - শৰীৰ নিজৰ কোনো এবিধ কোষক শৰীৰে বাহিৰৰ বা পৰৰ অপকাৰী তত্ত্ব বুলি ভাবি তাৰ বিপৰীতে প্ৰতিক্ৰিয়া কৰিব আৰম্ভ কৰি দিয়ে আৰু এই সংঘৰ্ষৰ ফলত শৰীৰত নানা লক্ষণে দেথা দিয়ে। আমি ভোগা বহুতবোৰ এলাৰ্জি জাতীয় ৰোগৰ কাৰণ হ'ল অট'ইমিউনিটি।

যি কোনো এনে হাঁড়ৰ বা গাঁঠিৰ অসুখত ভোগা ৰোগীয়ে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। সোনকালে ৰোগৰ কাৰণ চিনাক্ত কৰি উপযুক্ত চিকিৎসা দিলে হয়তো ৰোগক জটিল নোহোৱাকৈ ৰাখিব পৰা যাব। বহুতবোৰ বাত ৰোগৰ নিৰাময় সম্ভৱপৰ নহয়,কিন্তু ৰোগৰ উপশম সম্ভৱপৰ,ৰোগ বাঢ়ি নোযোৱাকৈ ৰাখিব পৰি। হয়তো দীৰ্ঘকাললৈ বা আজীৱন ঔষধ সেৱন কৰিব লগীয়া হব পাৰে। অস্ত্ৰোপচাৰ আৰু সহায়কাৰী সৰঞ্জাম যেনে কেলিপাৰ বা বিশেষভাবে নিৰ্মিত জোতা,বেল্ট আদিৰ প্ৰয়োজন হব পাৰে। কোনো এজন নিৰ্দিষ্ট চিকিৎসকৰ তত্ত্বাবধানত হয়তো থকিবলগীয়া হব পাৰে। ভালেসংখ্যক ৰোগী ফিজিঅ'থেৰাপি ব্যায়ামৰ দ্বাৰাও উপকৃত হয়।

বাত বিষত আজিকালি ব্যৱহাৰ হোৱা ঔষধৰ চমু তালিকা এনেকুৱা: NSAID নন-ষ্টেৰয়ৰেডিয়েল-এনালজেচিক-এণ্টিইনফ্লেমেটৰী ড্ৰাগছ; ষ্টেৰইডৰ খোৱা বা বেজী; DMARD ডিজিজ-মডিফায়িং-এণ্টি-ৰিউমেটইড-ড্ৰাগচ। ডিজিজ-মডিফায়িং-এণ্টি-ৰিউমেটইড-ড্ৰাগচে শৰীৰৰ ইমিউন প্ৰণালীক প্ৰভাৱিত কৰি ক্ৰিয়া কৰে। স্বৰ্ণৰ খোৱা ঔষধ বা বেজী, পেনিচিলামিন, চালফাচালাজিন, ক্লৰ'কুইন, এজ'থায়াপ্ৰিম, মেথট্ৰিকচেট, ইফিস্কিমেব জাতীয় এণ্টিটিউমাৰ ড্ৰাগচ। কোনজন ৰোগী কি দিয়া ঠিক হব চিকিৎসকে থাৱৰ কৰে। একাধিক দৰবৰ তাৰ পাৰ্শ্বক্ৰিয়াৰ হেতুকে প্ৰয়োগ সীমিত।

কিছুমান সৰু লক্ষণীয় কথা: বেচি ভাগ বাত-বিষৰ ৰোগীয়েই বতৰৰ সাল-সলনি, আনকি পূৰ্ণিমা-আমাৱস্যাৰ লগত মিলাই বিষ কম বেচি অনুভৱ কৰে। ডাৱৰীয়া আৰু শীতত বিষ সাধাৰণতে বেচি হয়। পৰিয়ালৰ লোকে আৰু চিকিৎসকে সেইমতে ৰোগীৰ অতিৰিক্ত সতৰ্কতা ল'ব লাগে। একেদৰে খাদ্যৰ ক্ষেত্ৰত চকু দিব লাগে কি কি বস্তু খালে বিষ বেচি হয় -সেইবিলাক বস্তু চিনাক্ত কৰি বাদ দিব লাগে। সাধাৰণতে কণী,গাহৰি বা ছাগলীৰ মাংস,গাখীৰ, ক্ৰিম আদিয়ে ফুড এলাৰ্জি কৰি বিষ বেচি কৰা দেখা যায়। আনহাতে ৰোগীৰ বাবে অমেগা-৩ ফেটি এচিড থকা খাদ্য উপকাৰী। সাগৰীয় টুনা আৰু চলন্ত মাছৰ উপৰিও আখৰুট,বাদাম আৰু আভাকাডো ফলত অমেগা-৩ ফেটি এচিড থাকে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
বৰ্গীকৰণ