তুকাৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সন্ত তুকাৰাম
Tukaram by Raja Ravi Varma.jpg
ৰাজা ৰবি বৰ্মাৰ তুলিকাত সন্ত তুকাৰাম
ব্যক্তিগত
জন্ম ১৫৯৮ বা ১৬০৮[1][2]
দেহু, মহাৰাষ্ট্ৰ, ভাৰত[2]
মৃত্যু ১৬৪৯ বা ১৬৫০
দেহু, মহাৰাষ্ট্ৰ, ভাৰত
ধৰ্ম হিন্দু ধৰ্ম
জনা যায় অভঙ্গ ভক্তিমূলক কবিতা,
ভক্তি আন্দোলনৰ কবি-সন্ত[3]
ধৰ্মীয় ঐতিহ্য ভাৰ্কাৰী ঐতিহ্য
ধৰ্মীয় জীৱনকাল
গুৰু বাবাজী চৈতন্য
সাহিত্যিক কৰ্ম তুকাৰাম গাথা

সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতমহাৰাষ্ট্ৰভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল।[2][3] তেওঁ সমতাবাদ, ব্যক্তিগতকৃত ভাৰ্কাৰী ভক্তবাদ ঐতিহ্যৰ অংশ আছিল।[4] তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।[4]

পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

তুকাৰামৰ পৰিয়ালটো ব্যৱসায়ৰ লগত জড়িত আছিল। সেয়ে দোকান আৰু ব্যৱসায়ীহঁতৰ হিচাপ পত্ৰ ৰখাৰ কামত নিযুক্ত হল। তুকাৰামৰ দুগৰাকী পত্নী। প্ৰথম গৰাকী পত্নীৰ নাম ৰুখমই আৰু দ্বিতীয় গৰাকীৰ নাম জিজাই। ১৬২৫ চনত বাপেকৰ মৃত্যু হোৱাত ঘৰখনৰ সকলো দায়িত্ব তুকাৰামৰ ওপৰত পৰিল। এনেদৰে কিছুদিন ভালেৰেই পাৰ হল যদিও তুকাৰামৰ উদাসীনতা আৰু অদক্ষতাৰ বাবে ঘৰখনত অভাৱে জুমুৰি দি ধৰে। তদুপৰি সেইসময়তে দেশত দুৰ্ভিক্ষই দেখা দিলে। এই আকালতে তেওঁৰ প্ৰথমা পত্নী, ডাঙৰ পুতেক আৰু মাকৰ মৃত্যু হয়। এনেবোৰ কাৰণতে তুকাৰমৰ সাংসাৰিক জীৱনো দুখময় হৈ উঠে। তেওঁৰ দ্বিতীয় পত্নীৰপৰা সদায় কটু কথা শুনিবলগীয়া হোৱাত তেওঁৰ মন তিতা কেঁহা লাগিল।

তুকাৰামে ঘৰুৱা উন্নতিৰ বাবে কেইবাবাৰো চেষ্টা কৰি চালে যদিও সফল হব নোৱাৰিলে। তেওঁ সামগ্ৰী যোগান, জলকীয়া আৰু লোণৰ ব্যৱসায় কৰাৰ বাবে চেষ্টা কৰিলেও সফল নহল। কেতিয়াবা যদি অলপ লাভো হয় সেয়া কোনো লোকৰ দুখৰ কাহিনী শুনি দান কৰি দিয়ে। এনেবোৰ কাৰণতে পত্নীৰ পৰা কটু কথা শুনি তেওঁৰ মন বিৰক্তিৰে ভৰি পৰে। সেয়ে এবাৰ মনত বেজাৰত তুকাৰাম ঘৰৰ পৰা ওলাই গ'ল আৰু ইন্দ্ৰায়নী নৈৰ উত্তৰ পিনে মামনাথ পাহাৰত ঈশ্বৰ চিন্তাত নিমগ্ন হয়। পিছত তেওঁৰ ভায়েকে গৈ বঢ়াই বুজাই-বঢ়াই ককায়েকক ওভোতাই আনে। তেতিয়াৰ পৰা তোকাৰাম ঘৰতে থাকিবলৈ লয়, কিন্তু ঘৰৰ সকলো কাম-কাজৰ প্ৰতি উদাসীন হৈ পৰে। ঘৰৰ কামত তেওঁক লগাই ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ ঘৰুৱা ব্যৱসায়ত যিসমূহ বাকী মানুহৰ পৰা আদায় কৰিবলগীয়া আছিল সেইবোৰ তুলি অনাৰ ভাৰ তেওঁৰ ওপৰত দিয়া হয়। তুকাৰমৰ সোনকালে এই কামতো তেওঁৰ বিৰাগ জন্মি এদিনাখন তেওঁ ধাৰৰ আধাখিনি কাকত পত্ৰ ভায়েকক দিলে আৰু নিজৰ পাপ্যৰ ভাগৰ কাকতখিনি পানীত উটাই দিলে।

সন্ত হিচাপে তুকাৰাম[সম্পাদনা কৰক]

সংসাৰ বিৰাগী তুকাৰামে সদায় হৰি কীৰ্ত্তন, হৰি গুণ আৰু ভক্ত সকলৰ মাজতে ব্যস্ত থকা হল। নিজে বহুতো অভঙ্গ (ভক্তি গীত) ৰচনা কৰি ভক্তসকলক শুনাইছিল। ইয়াৰ ফলত তেওঁ যশস্যা দূৰ দূৰণিলৈ বিয়পি পৰিল। তাকে শুনি ৰামেশ্বৰ ভট্ট নামৰ এজন কন্নড় ব্ৰাহ্মণে এই বুলি অভিযোগ তুলিলে যে তুকাৰামে শূদ্ৰ হৈ শ্ৰুতিৰ ব্যাখ্যা কৰি অপৰাধ কৰিছে। তদুপৰি ঈশ্বৰ দৰ্শনৰ অপব্যাখ্যা কৰি মানুহক বিপথে পৰিচালিত কৰিছে। তেওঁ গাঁৱৰ মুখীয়াক হতুৱাই তুকাৰামক গাঁৱৰ পৰা আঁতৰি যোৱাৰ হুকুম দিয়ালে। হুকুম শুনি তুকাৰামৰ বৰ দুখ লাগিল আৰু ঢাপলি মেলি ৰামেশ্বৰ ভট্টৰ ঘৰলৈ গল আৰু ক্ষমা প্ৰাৰ্থনা মাগিলে। তেতিয়া তেতিয়া ৰামেশ্বৰ ভট্টই উত্তৰ দিলে—যদিহে ইতিমধ্যে ৰচা অভঙ্গবোৰ নৈত উটাই দিয়া আৰু ভৱিষ্যতলৈ অভঙ্গৰ ৰচনা নকৰা তেন্তে মই মোৰ পূৰ্বৰ হুকুম তুলি লম। তুকাৰাম ঘৰলৈ উভতি আহিয়ে অভঙ্গৰ টোপোলা নি ততালিকে নৈত পেলাই দিলে। তাকে দেখি তেওঁৰ পত্নীয়ে তিৰস্কাৰ কৰি কলে ধাৰৰ কাকতপত্ৰবোৰ উটাই দি তুমি স্বাৰ্থক ডুবালা, এতিয়া আকৌ অভঙ্গবোৰ পেলাই দি পৰমাৰ্থকো ডুবালা অৰ্থাৎ তোমাৰ ইহকাল আৰু পৰকাল দুয়োটাই নষ্ট হল। কথাষাৰে তুকাৰামৰ অন্তৰ চুই গল। তেওঁ নৈৰ পাৰত এটা শিলৰ ওপৰত বহিল আৰু অনাহাৰে থাকি প্ৰাণ ত্যাগ কৰিবলৈ স্থিৰ কৰিলে। তেৰ দিন ধৰি ভগৱন্তৰ ধ্যান কৰি এটোপা পানীও মুখত নিদিয়াকৈ বহি ৰল। প্ৰবাদ মতে তেৰ দিনৰ পিচত ভগৱন্তই তেওঁক দৰ্শন দিলে আৰু দেখিবলৈ পালে যে নৈত তেওঁৰ অভঙ্গৰ টোপোলাটো ওপঙি আছে। ততালিকে ভক্তসকলে নৈত জঁপিয়াই পৰি টোপোলাটো উদ্ধাৰ কৰি আনি তেওঁৰ আগত হাজিৰ কৰিলেহি। তুকাৰামৰ আনন্দ সীমা নোহোৱা হল। ইয়াৰ পিচত তেওঁ আকৌ কীৰ্তন আৰু অভঙ্গ ৰচিবলৈ ধৰিলে। এই ঘটনাৰ কথা শুনি ৰামেশ্বৰ ভট্টও তুকাৰামৰ ভক্ত হল। তুকাৰামৰ বিষয়ে ভালেমান অলৌকিক কাহিনী প্ৰচলিত হৈ আহিছে। বৰ্তমানো মহাৰাষ্ট্ৰত অতিশয় আন্তৰিকতাৰে তেওঁৰ এই গীতবোৰ গোৱা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. RD Ranade (1994), Tukaram, State University of New York Press, আই.এচ.বি.এন. 978-0791420928, pages 3-7
  2. 2.0 2.1 2.2 SG Tulpule (1992), Devotional Literature in South Asia (Editor: RS McGregor), Cambridge University Press, আই.এচ.বি.এন. 978-0521413114, page 148
  3. 3.0 3.1 Mohan Lal (1993), Encyclopedia of Indian Literature: Sasay to Zorgot, Sahitya Akademi, South Asia Books, আই.এচ.বি.এন. 978-9993154228, pages 4403-4404
  4. 4.0 4.1 Anna Schultz (2012), Singing a Hindu Nation: Marathi Devotional Performance and Nationalism, Oxford University Press, আই.এচ.বি.এন. 978-0199730834, page 26
  5. হংসৰাজ ৰহবৰ প্ৰবন্ধ সন্ত তুকাৰাম, ভাৰতৰ গৌৰৱ, (তৃতীয় ভাগ) পাব্লিকেশ্যন ডিভিজন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ, নতুন দিল্লী, প্ৰথম প্ৰকাশ, ১৯৮৫
  6. The Life and Teaching of Tukaram by J. N. Fraser & J. F. Edwards, Oriental Booksellers and publishers, London. 1922