সমললৈ যাওক

চূড়াকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চূড়াকৰণৰ দৃশ্য

চূড়াকৰণ (সংস্কৃত: चूड़ाकरण) বা মুণ্ডন (সংস্কৃত: मुण्डन) হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি চূড়াকৰণ অষ্টম আচাৰ। গৰ্ভাৱস্থাত সন্তানৰ মূৰত যি চুলি উৎপন্ন হয়, সেয়া মাঙ্গলিক অনুষ্ঠানসহ ক্ষুৰাই দিয়াকে চূড়াকৰণ বুলি কোৱা হয়। হিন্দু ধৰ্মৰ বাহিৰেও জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কোনো কোনো শাখাসম্প্ৰদায়ে এই আচাৰ-অনুষ্ঠানৰ মান্যতা দিয়ে।

এই সংস্কাৰসমূহ গৰ্ভাৱস্থা, শিশুৰ জন্ম, শিক্ষা, বিবাহ ও মৃত্যুৰ সৈতে সম্পৰ্কযুক্ত। সংস্কাৰসমূহৰ সংখ্যাক লৈ বিতৰ্ক নোহোৱা নহয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে।[1] এই সমূহকেই ষোড়শ সংস্কাৰ বোলা হয়। এই সংস্কাৰসমূহ হল: গৰ্ভাধাণ, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাসন, চূড়াকৰণ, কৰ্ণভেদ, বিদ্যাৰম্ভ, উপনয়ন, বেদাৰম্ভ, কেশান্তঋতুশুদ্ধি, সমাবৰ্তন, বিবাহ আৰু অন্ত্যেষ্টি। 'চূড়াকৰণ' শব্দটো 'চূড়' আৰু 'কৰণ' শব্দৰ সন্ধিত সৃষ্টি হৈছে। চূড় বা চূড়া মানে হৈছে টিকনি[2] আৰু কৰণ মানে কাৰ্য সম্পাদন[3] অৰ্থাৎ চূড়াকৰণ মানে হৈছে টিকনি ৰখা কাৰ্য।[4]

পালনৰ সময়

[সম্পাদনা কৰক]

জন্মৰ পৰা ১বছৰ,তিনিবছৰ বা পাঁচ বছৰ বয়সত চূড়াকৰণ পতা হয়। অযুগ্ম মাহ যেনে: বহাগ, জেঠ, আহাৰ, মাঘ আৰু ফাগুন মাহত;[5] তিথি হিচাপে দ্বিতীয়া, তৃতীয়া, পঞ্চমী, সপ্তমী, দশমী, দ্বাদশী, ত্ৰয়োদশী তিথিত, নক্ষত্ৰ হিচাপে অশ্বিনী, মৃগশিৰা, পুষ্যা, শ্ৰৱণা, পুনৰ্বসু, চিত্ৰা, স্বাতী, সতভিষা, ধনিষ্ঠা, হস্তা আৰু ৰেৱতী তিথিত, লগ্ন হিচাপে শুভদৃষ্ট আৰু শুভযুক্ত ধনু, মকৰ, মীন, কন্যা, মিথুন আৰু কুম্ভ লগ্নত চূড়াকৰণ পাতিব পাৰি। জন্ম মান, জন্ম বাৰত চূড়াকৰণ পতা নহয়।

নীতি-নিয়ম

[সম্পাদনা কৰক]

সামবেদীয় নিয়ম অনুসৰি সন্তানৰ দেউতাকে পুৱা মৃতকৰ শ্ৰাদ্ধ সমাপন কৰি নাপিতৰ হতুৱাই তামৰ ক্ষুৰৰে সন্তানৰ চুলি ক্ষুৰাব লাগে। এই প্ৰক্ৰিয়াত মন্ত্ৰ সহ হোম যজ্ঞ সমাপন কৰা হয়। সন্তানৰ মাতৃয়ে সন্তানক নতুন বা চাফা কাপোৰ পিন্ধাই গিৰিয়েকৰ কাষত বহুৱাব লাগে। সন্তান আৰু দেউতাক উভয়ে জুইত হোম, ফুল, তিল, চাউল আদিৰ আহুতি দি মন্ত্ৰ যপ কৰি, ব্ৰাহ্মণক দক্ষিণা আদি দি, খুৱাই-বোৱাই চূড়াকৰণ বিধি সম্পন্ন কৰে।

বৈজ্ঞানিক ভিত্তি

[সম্পাদনা কৰক]

শিশুৰ জন্মগত চুলি ঘন বা শক্তিশালী নহয়, দেহৰ মাংস পেশীবোৰ কঠিন হৈ অহাৰ লগে লগে মূৰৰ চুলিৰ ৰন্ধ্ৰবোৰ বিভিন্ন কাৰণত বন্ধ হৈ পৰে।[উদ্ধৃতিৰ প্ৰয়োজন] সেয়ে জন্মৰ ১ৰ পৰা ৫ বছৰৰ ভিতৰত শিশুৰ চুলিবোৰ ক্ষুৰাই দিলে নতুনকৈ ঘন আৰু শক্তিশালী চুলি গজে বুলি বিশ্বাস কৰা হয়। অৱশ্যে ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ আজিলৈকে পোৱা নাযায়। মগজুৰ সুৰক্ষা আৰু সৌন্দৰ্যৰ বাবে চুলি ঘন আৰু সুন্দৰ হোৱা প্ৰয়োজন। হিন্দু ধৰ্মৰ চূড়াকৰণ বিধিত এই দৃষ্টিভংগীকেই নীতি-নিয়মৰ মাজেৰে মাংগলিক কাৰ্য হিচাপে পালন কৰাৰ প্ৰথা আছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]