অন্নপ্ৰাসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অন্নপ্ৰাসন

অন্নপ্ৰাসন (সংস্কৃত: अन्नप्राशन, Annaprāśana, বঙালী: অন্নপ্ৰাশন) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্নখুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰ সমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাসনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।[1] সাধাৰণতে শিশুয়ে ছয়মাহৰলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহৰ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুৱাওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুৱাওৱাৰৰ আৰম্ভণিতে অন্নপ্ৰাসন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাসন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰ সমূহে ক্ৰমে গুৰুত্ব হেৰালেও অন্নপ্ৰাসন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।[1]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

সংস্কৃত ভাষাৰ অন্নপ্ৰাসন শব্দটো অন্ন আৰু প্ৰাসন এই দুটা শব্দ মিলি সৃষ্টি হৈছে। অন্ন মানে খাদ্য বা সিজোৱা চাউল আৰু প্ৰাসন মানে খুৱাই দিয়া।[2][3][4] এই অনুষ্ঠানক "প্ৰথম খাদ্য খুৱাইদিয়া"ৰ উৎসৱ হিচাপে পালন কৰা হয়।[5][1]

কাৰ্যসূচী[সম্পাদনা কৰক]

অন্নপ্ৰাসনৰ নৈবেদ্য

অন্নপ্ৰাসন সাধাৰণতে পুৰোহিতৰ পৰামৰ্শমতে উদযাপন কৰা হয়। পুৰোহিতে দিন বাৰ চাই শুভ মুহূৰ্ত নিৰ্ণয় কৰাৰ পিছত বিশেষ দিনটোত অন্নপ্ৰাসন পালন কৰা হয়।

অন্নপ্ৰাসন শিশুৰ ছয়ৰ পৰা আঠ মাহ সময়ত অনুষ্ঠিত কৰা হয়। ল'ৰাৰ বাবে যুগ্ম মাহত আৰু ছোৱালীৰ বাবে অযুগ্ম মাহত অন্নপ্ৰাসন পাতে। শিশুৰ দাঁত গজিব আৰম্ভ হওঁতে এই অনুষ্ঠান আয়োজিত কৰা নিয়ম।[6] অন্নপ্ৰাসনত পৰিয়ালৰ সকলো সদস্য, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ কৰি উদযাপন কৰা হয়।

কিছুমানে অন্নপ্ৰাসনৰ পিছত মামাভাত নামৰ অনুষ্ঠান পালন কৰে। মামাভাতত শিশুৰ মোমায়েকৰ ঘৰত ভাত খুৱাই দিয়াৰ নিয়ম। অন্নপ্ৰাসনৰ ঠিক পিছতেই মামাভাত অনুষ্ঠিত কৰা হয়। ইয়াৰ কাৰণ হৈছে অন্নপ্ৰাসন আৰু মামাভাতৰ পিছত হে শিশুৱে গোটা অহাৰ গ্ৰহণ কৰিব পাৰে।

বিশেষ ব্যৱস্থা[সম্পাদনা কৰক]

অন্নপ্ৰাসনত সোণ-ৰূপৰ উপকৰণৰ বিশেষ মহত্ব আছে। শিশুক খুৱাবলৈ ব্যৱহাৰ কৰা চামুচ আদি ৰূপৰ হলে ভাল। সেইদৰে চাউল বা চুজিৰ ক্ষীৰ, মৌ, ঘিঁউ, তুলসী আৰু গংগাজল আদি তৈয়াৰ ৰখা হয়।

মাংগলিক বিধি[সম্পাদনা কৰক]

অন্নপ্ৰাসনত মংগলচৰণৰ পৰা ৰক্ষাবিধানৰলৈকে একাদিক্ৰমে সকলো ৰীতি পালন কৰা হয়। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল:

  1. পাত্ৰপূজন
  2. অন্ন সংস্কাৰ
  3. বিশেষ আহুতি
  4. ক্ষীৰ প্ৰাসন

বৈজ্ঞানিক কাৰণ[সম্পাদনা কৰক]

শিশুৰ ৬ মাহ বয়সলৈ একমাত্ৰ মাতৃদুগ্ধৰ ওপৰতে নিৰ্ভৰশীল। ৬ মাহ বয়সৰ পিচতে শিশুক সহজে হজম হব পৰা তৰল আহাৰৰ প্ৰয়োজন হয়। বহুতে লুঠুৰি বা ভিটামিন আৰু প্ৰটিন যুক্ত কৃত্ৰিম আহাৰ খুউৱা দেখা যায়। অৱশ্যে এনে বয়সত শিশুটিয়ে হাত ভৰিৰে খেলিব পৰা হোৱা বাবে অতিৰিক্ত পোষক আহাৰৰ প্ৰয়োজন হয় । এনে শিশুক ৰসাল ফল, গোটা বা ফলা মুগ ভিজোৱা পানী, শাক পাচলী সিজোৱা পানী, পনীয়াকৈ নাৰিকলৰ গাখীৰ আদি খুৱাব লাগে। মাকৰ গাখীৰ খোৱাৰ উপৰি ক্ৰম অনুসৰি খুউৱা এনেবোৰ সুষম আহাৰে শিশুটিৰ পুষ্টিসাধন কৰে। অন্নপ্ৰাসন পিছত এবছৰ নোহোৱালৈ নাইবা ভালদৰে দাঁত নগজালৈ সহজে হজম হব পৰা শিশুৰ ৰুচীসন্মত নৰম বা তৰল আহাৰ, পাচলি মিহলোৱা খিচিৰি আদি খুউৱাটো ভাল। আজি কালি সচেতন মাক-বাপেকে শিশুৰ খাদ্যৰ বাবে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে।

চৰকাৰী আঁচনি[সম্পাদনা কৰক]

অসম চৰকাৰে প্ৰথম আহাৰ দিৱস বা অন্নপ্ৰাসন নামৰ এক আঁচনি উলিয়াইছে। শিশুক অপুষ্টিৰ পৰা সুৰক্ষিত কৰিবৰ বাবে আৰু শিশুৰ সঠিক বিকাশৰ বাবে সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে শিশুক ৬ মাহ অতিক্ৰম কৰাৰ পাছত পৰিপূৰক খাদ্য খোৱোৱা কাৰ্য্যৰ প্ৰচাৰৰ বাবে অসমৰ কিছুমান বাচনি কৰা জিলাত প্ৰথম আহাৰ দিৱস উদযাপন কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]